বৰ্ষাকালীন অধিৱেশন দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, আমাৰ সামূহিক সাফল্যৰ এয়া এক প্ৰকৃত উদযাপনঃ প্ৰধানমন্ত্ৰী
বিশ্বই ভাৰতৰ সামৰিক সামৰ্থ্যৰ শক্তি প্ৰত্যক্ষ কৰিছে; অপাৰেচন সিন্দুৰত ভাৰতীয় সেনাই আত্মগোপন কৰি থকা সন্ত্ৰাসবাদৰ আঁৰৰ মূল ষড়যন্ত্রকাৰীসকলক ধ্বংস কৰি তেওঁলোকৰ লক্ষ্যত ১০০ শতাংশই উপনীত হৈছিল ঃ প্ৰধানমন্ত্ৰী
ভাৰতে বহু হিংসাত্মক প্ৰত্যাহ্বান সহ্য কৰি আহিছে, সেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদ, কিন্তু আজি নক্সালবাদ আৰু মাওবাদৰ প্ৰভাৱ দ্ৰুতগতিত হ্ৰাস পাইছে; বোমা-বাৰুদ আৰু বন্দুকৰ ওপৰত সংবিধানে প্ৰাধান্য লাভ কৰিছে। অতীতৰ ৰঙা কৰিডৰবোৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সেউজ অঞ্চললৈ ৰূপান্তৰিত হৈছেঃ প্ৰধানমন্ত্ৰী
বহু দেশত ইউ.পি.আয়ে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে ডিজিটেল ইণ্ডিয়াই বিশ্বজুৰি লহৰ তুলিছে, ই ফিনটেকৰ জগতত এটা স্বীকৃত নাম হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
পহলগামৰ নৃশংস গণহত্যাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল আৰু সন্ত্ৰাসবাদ তথা ইয়াৰ কেন্দ্ৰবিন্দুৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল; দলীয় সীমাৰ ঊৰ্ধ্বত সমগ্ৰ ভাৰতৰ প্ৰতিনিধিসকলে পাকিস্তানৰ ভূমিকা উদঙাই দিবলৈ একত্ৰিত হৈছিলঃ প্ৰধানমন্ত্ৰ
তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই বৃদ্ধিয়ে আগন্তুক দিনত ভাৰতৰ অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব

নমস্কাৰ বন্ধুসকল!

বৰ্ষাকালীন অধিৱেশনলৈ মই সংবাদ মাধ্যমৰ সকলো সদস্যকে স্বাগতম জনাইছো।

 

বন্ধুসকল,

বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হব।

 

বন্ধুসকল,

এই বৰ্ষাকালীন অধিৱেশন দেশৰ বাবে এক অপৰিসীম গৌৰৱৰ বিষয়। এই অধিৱেশন নিজেই দেশৰ বাবে বিজয়োৎসৱ উদযাপন। এতিয়া মই কওঁ যে এই অধিৱেশনখন ৰাষ্ট্ৰীয় গৌৰৱ আৰু বিজয়ৰ উদযাপন, ইয়াৰ মুখ্য কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন প্ৰতিজন ভাৰতীয়ৰ বাবে এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত। ই হৈছে এক সফল যাত্ৰাযিয়ে ৰাষ্ট্ৰখনক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি নতুন উৎসাহ আৰু উত্তেজনাৰে ভৰাই তুলিছে। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সংসদেই দেশৰ নাগৰিকসকলৰ সৈতে এই কৃতিত্ব উদযাপন কৰিবলৈ ঐক্যবদ্ধ কণ্ঠস্বৰেৰে যোগদান কৰিব। এই একত্ৰিত প্ৰশংসা ভাৰতৰ আগন্তুক মহাকাশ অভিযানৰ বাবে এক অনুপ্ৰেৰণা আৰু উৎসাহ হিচাপেও কাম কৰিব, যাৰ লক্ষ্য হৈছে অধিক উচ্চতাত উপনীত হোৱা।

 

বন্ধুসকল,

এই বৰ্ষাকালীন অধিৱেশন সঁচাকৈয়ে বিজয়ৰ উদযাপন। সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক ক্ষমতাৰ শক্তি প্ৰত্যক্ষ কৰিছে। অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ১০০ শতাংশ সফলতাৰে নিজৰ লক্ষ্যত উপনীত হৈছিল। মাত্ৰ ২২ মিনিটৰ ভিতৰতে এই অভিযানে শত্ৰুৰ ভূখণ্ডত নিজৰ লক্ষ্যস্থানত ধ্বংস কৰিছিল। মই বিহাৰত এটা অনুষ্ঠানত এই কথা ঘোষণা কৰিছিলো, আৰু আমাৰ সশস্ত্ৰ বাহিনীয়ে অতি কম সময়ৰ ভিতৰতে ইয়াক সম্পূৰ্ণ কৰিছিল। আমাৰ 'মেড ইন ইণ্ডিয়াসামৰিক শক্তিৰ নতুন ৰূপটোৱে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজিকালি, যেতিয়াই মই বিশ্বৰ নেতাসকলক সাক্ষাৎ কৰোঁ, ভাৰতত বিকশিত হোৱা থলুৱা প্ৰতিৰক্ষা সঁজুলিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যেতিয়া সংসদে এই অধিৱেশনত একত্ৰিত কণ্ঠেৰে বিজয়ৰ ভাৱনা প্ৰকাশ কৰে, ই আমাৰ সশস্ত্ৰ বাহিনীক অধিক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিব। ই দেশৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব আৰু প্ৰতিৰক্ষা খণ্ডত গৱেষণা, উদ্ভাৱন আৰু উৎপাদনক উৎসাহিত কৰিব। 'মেড ইন ইণ্ডিয়াপ্ৰতিৰক্ষা সঁজুলিয়ে অধিক গতি লাভ কৰিব, যাৰ ফলত আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হ"ব।

 

বন্ধুসকল,

এই দশকটোক এনে এক সময় হিচাপে বৰ্ণনা কৰিব পাৰি য"ত শান্তি আৰু প্ৰগতি একেলগে আগবাঢ়িছে। আমি প্ৰতিটো পদক্ষেপেৰে উন্নয়নৰ অভিজ্ঞতা লাভ কৰিছো। দেশে স্বাধীনতাৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ হিংসাৰ সন্মুখীন হৈছেসেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদ। ইয়াৰে কিছুমান সমস্যা হয়তো আগতে আৰু কিছুমান পিছত উদ্ভৱ হৈছিল। অৱশ্যে, আজি নক্সালবাদ আৰু মাওবাদৰ প্ৰভাৱিত ক্ষেত্ৰ দ্ৰুতগতিত হ্ৰাস পাইছে। মাওবাদ আৰু নক্সালবাদক ইয়াৰ মূলৰ পৰা উৎখাত কৰাৰ দৃঢ় সংকল্পৰ সৈতে, আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে দ্ৰুতগতিত আৰু নতুন আত্মবিশ্বাসেৰে সফলতাৰ দিশে আগবাঢ়িছে। মই গৌৰৱেৰে ক"ব পাৰো যে এসময়ত সমগ্ৰ দেশৰ নক্সাল প্ৰভাৱিত শ শ জিলাই এতিয়া স্বাধীনতাৰ উশাহ লৈছে। আমি এই কথাত গৌৰৱবোধ কৰো যে আমাৰ সংবিধানে বোমা, বন্দুক আৰু পিষ্টলৰ ওপৰত জয়লাভ কৰিছেআমাৰ সংবিধান বিজয়ী হৈছে। এইটো স্পষ্ট যে এসময়ত ৰেড কৰিডৰ হিচাপে চিহ্নিত অঞ্চলবোৰ এতিয়া সেউজ বিকাশৰ অঞ্চললৈ ৰূপান্তৰিত হৈছে, যি ৰাষ্ট্ৰৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ প্ৰতীক।

 

বন্ধুসকল,

দেশৰ সেৱা আৰু ইয়াৰ কল্যাণৰ বাবে এই সদনত প্ৰৱেশ কৰা প্ৰতিজন সন্মানীয় সাংসদৰ বাবে ইটোৰ পাছত ঘটা সিটো ঘটনাই গৌৰৱৰ মুহূৰ্ত হিচাপে কাম কৰে। আৰু সংসদৰ এই অধিৱেশনত, প্ৰতিজন সাংসদৰ পৰা, প্ৰতিটো ৰাজনৈতিক দলৰ পৰা সমগ্ৰ দেশে এই গৌৰৱৰ কাহিনী শুনিব।

 

বন্ধুসকল,

২০১৪ চনত যেতিয়া আপোনালোকে আমাক দায়িত্ব ন্যস্ত কৰিছিল, তেতিয়া দেশখনে এনে এটা পৰ্যায়ৰ মাজেৰে পাৰ হৈছিল য"ত ইয়াক "ফ্ৰেজাইল-ফাইভঅৰ্থনীতিৰ ভিতৰত গণনা কৰা হৈছিল। ২০১৪ চনৰ আগতে আমি বিশ্ব অৰ্থনীতিত দশম স্থানত আছিলো। আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। আজি ২৫ কোটি দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে ব্যাপকভাৱে প্ৰশংসা কৰিছে। দেশত ২০১৪ চনৰ আগেয়ে এটা সময় আছিল, যেতিয়া মুদ্ৰাস্ফীতিৰ হাৰ দুটা অংকৰ আছিল। আজি, মুদ্ৰাস্ফীতি প্ৰায় ২ শতাংশলৈ হ্ৰাস হোৱাৰ লগে লগে, ই সাধাৰণ মানুহৰ বাবে সকাহ আৰু আৰাম কঢ়িয়াই আনিছে। উচ্চ বিকাশৰ সৈতে নিম্ন মুদ্ৰাস্ফীতিয়ে এক সুস্থ আৰু প্ৰগতিশীল উন্নয়নমূলক যাত্ৰাক প্ৰতিফলিত কৰে।

 

বন্ধুসকল,

এতিয়া ডিজিটেল ইণ্ডিয়া আৰু ইউপিআই.ৰ জৰিয়তে ভাৰতৰ নতুন সামৰ্থ্যসমূহ বিশ্বই প্ৰত্যক্ষ কৰিছে আৰু স্বীকৃতি দিছে, যিয়ে সমগ্ৰ বিশ্বত যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে। ইউপিআই.য়ে ফিনটেক জগতত নিজৰ বাবে এক পৃথক পৰিচয় গঢ়ি তুলিছে। ভাৰতে এতিয়া বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিছে।

 

বন্ধুসকল,

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ এখন গোলকীয় সন্মিলন অনুষ্ঠিত হৈছিল, য"ত ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। আইএলঅ'ৰ মতে, ভাৰতৰ ৯০ কোটিৰো অধিক লোকক এতিয়া সামাজিক সুৰক্ষাৰ অধীনত সামৰি লোৱা হৈছেযিটো নিজেই এক বৃহৎ সাফল্য। একেদৰে, বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক সাধাৰণতে বাৰিষাকালত দেখা দিয়া চকুৰ ৰোগ ট্ৰেকোমাৰ পৰা মুক্ত বুলি ঘোষণা কৰিছে। জনস্বাস্থ্যৰ ক্ষেত্ৰত এয়া ভাৰতৰ বাবে আন এক গুৰুত্বপূৰ্ণ কৃতিত্ব।

 

বন্ধুসকল,

পহলগামত সংঘটিত নৃশংস হত্যাকাণ্ড, অত্যাচাৰ আৰু গণহত্যাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মূল ষড়যন্ত্ৰকাৰীসকলৰ প্ৰতি মনোযোগ ঘূৰি আহিছিল। সেই মুহূৰ্তত দলীয় স্বাৰ্থ একাষৰীয়াকৈ থৈ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত কাম কৰি, বেছিভাগ ৰাজনৈতিক দল আৰু ৰাজ্যৰ প্ৰতিনিধিয়ে বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল আৰু সন্ত্ৰাসবাদৰ কেন্দ্ৰ পাকিস্তানক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ বাবে এক সফল প্ৰচাৰৰ নেতৃত্ব দিছিল। আজি মই জাতীয় স্বাৰ্থত কৰা এই গুৰুত্বপূৰ্ণ কামৰ বাবে সেই সকলো সাংসদ আৰু ৰাজনৈতিক দলক প্ৰশংসা কৰিব বিচাৰিছো। তেওঁলোকৰ প্ৰচেষ্টাই দেশত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছিল। বিশ্বই ভাৰতৰ দৃষ্টিভংগী শুনা আৰু গ্ৰহণ কৰাৰ বাবে দুৱাৰ মুকলি কৰি দিছিল। ইয়াৰ বাবে আমাৰ সাংসদ আৰু ৰাজনৈতিক দলসমূহক প্ৰশংসা কৰাটো মই মোৰ সৌভাগ্য বুলি বিবেচনা কৰোঁ।

 

বন্ধুসকল,

আমি জানো কেনেকৈ একতাৰ মনোভাৱ আৰু সামূহিক কণ্ঠই দেশক অতি উৎসাহেৰে ভৰাই তোলে। বিজয়ৰ এই উদযাপন বৰ্ষাকালীন অধিৱেশনতো একে মনোভাৱেৰে প্ৰতিফলিত হ"-ই আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিক প্ৰশংসা কৰিব, দেশৰ ক্ষমতাক গৌৰৱান্বিত কৰিব, আৰু ১৪০ কোটি ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ এক নতুন উৎস হিচাপে কাম কৰিব। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমি সকলোৱে একেলগে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব লাগিব আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিক প্ৰশংসা কৰিব লাগিব। আজি মই দেশৰ জনসাধাৰণক আৰু সকলো ৰাজনৈতিক দলক ক"ব লাগিব যে ৰাষ্ট্ৰই একতাৰ শক্তি আৰু এক সামূহিক কণ্ঠস্বৰৰ শক্তি প্ৰত্যক্ষ কৰিছে। সংসদৰ সন্মানীয় সদস্যসকলেও সদনৰ ভিতৰত এই মনোভাৱ শক্তিশালী কৰিব আৰু ইয়াক আগুৱাই নিব লাগিব। মই এই বাস্তৱতাক স্বীকাৰ কৰো যে ৰাজনৈতিক দলবোৰ বেলেগ বেলেগপ্ৰত্যেকৰে নিজৰ কাৰ্যসূচী আছে, নিজৰ ভূমিকা আছেকিন্তু মই এই সত্যটোও স্বীকাৰ কৰোঁঃ যদিও মনবোৰ দলীয় স্বাৰ্থত মিলিত নহয়, তথাপি তেওঁলোকে জাতীয় স্বাৰ্থত একত্ৰিত হ'ব লাগিব। এই মনোভাবেৰে, বহুতো গুৰুত্বপূৰ্ণ বিধেয়কযি ৰাষ্ট্ৰৰ উন্নয়নৰ যাত্ৰাক শক্তিশালী কৰিব, দেশৰ প্ৰগতি আগুৱাই নিব, আৰু ইয়াৰ নাগৰিকসকলক সবলীকৰণ কৰিবএই বৰ্ষাকালীন অধিৱেশনৰ বাবে প্ৰস্তাৱ কৰা হৈছে। মই আত্মবিশ্বাসী যে সদনে বিশদ আলোচনা অনুষ্ঠিত কৰিব আৰু সেইবোৰ গৃহীত কৰিব।

 

অৰ্থপূৰ্ণ আৰু গঠনমূলক বিতৰ্কৰ বাবে সংসদৰ সকলো সন্মানীয় সদস্যক মোৰ শুভেচ্ছা জনালোঁ।

 

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership