মহামহিম,

ভদ্ৰলোকসকল,

 

১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি পুটিনক অভিনন্দন জনাইছোঁ।

আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।

যোৱা প্ৰায় দুটা দশকত ব্ৰিকছে একাধিক মাইলৰ খুঁটি অৰ্জন কৰিছে। মই নিশ্চিত যে অনাগত সময়তো এই সংস্থাটোৱে বৈশ্বিক প্ৰত্যাহ্বানৰাজিৰ সন্মুখীন হ’বলৈ অধিক ফলপ্ৰসূ মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিব।

নিউ ডেভেলপমেন্ট বেংকৰ অধ্যক্ষা মহামহিম ডিলমা ৰাউছেফকো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

যোৱা দহ বছৰত এই বেংকটোৱে গ্ল’বেল চাউথৰ দেশসমূহৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে এক গুৰুত্বপূৰ্ণ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতত জিআইএফটি বা গুজৰাট আন্তঃৰাষ্ট্ৰীয় ফিন টেক চিটিৰ লগতে আফ্ৰিকা আৰু ৰাছিয়াত আঞ্চলিক কেন্দ্ৰ মুকলি হোৱাৰ ফলত এই বেংকৰ কাৰ্য্যকলাপৰ বৰ্ধন ঘটিব। আৰু, প্ৰায় ৩৫ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিত অনুমোদন জনোৱা হৈছে। চাহিদা-চালিত নীতিৰ ভিত্তিত এনডিবিয়ে কাম কৰি যাব লাগে। আৰু, বেংকটোৰ সম্প্ৰসাৰণৰ সময়তে দীৰ্ঘম্যাদী বিত্তীয় বহনক্ষমতা, সুস্থ ঋণ ৰেটিং আৰু বজাৰত প্ৰৱেশ নিশ্চিতকৰণ অগ্ৰাধিকাৰ হৈ থাকিব লাগে।

বন্ধুসকল,

নতুন সম্প্ৰসাৰিত ৰূপেৰে ব্ৰিকছে ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰো অধিক মূল্যৰ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে। ব্ৰিকছ ব্যৱসায়িক পৰিষদ আৰু ব্ৰিকছ মহিলা ব্যৱসায়িক মিত্ৰতাই আমাৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

এইবাৰ ব্ৰিকছত বিশ্ব বাণিজ্য সংস্থাৰ (WTO) সংস্কাৰ সাধন, কৃষিৰ ক্ষেত্ৰত বাণিজ্যৰ সুবিধা, স্থিতিস্থাপক যোগান শৃংখল, ই-কমাৰ্চ আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ ওপৰত যি ঐক্যমতত উপনীত হোৱা গৈছে, সেই কাৰ্য্যই আমাৰ অৰ্থনৈতিক সহযোগিতাক সুদৃঢ় কৰিব। এই সকলোবোৰ পদক্ষেপৰ মাজত আমি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ স্বাৰ্থতো গুৰুত্ব প্ৰদান কৰা উচিত।

মই আনন্দিত যে ২০২১ত ভাৰতৰ অধ্যক্ষতাৰ সময়ত প্ৰস্তাৱিত ব্ৰিকছ ষ্টাৰ্টআপ ফ’ৰাম এইবাৰ মুকলি কৰা হ’ব। ভাৰতে গ্ৰহণ কৰা ৰেলৱে ৰিচাৰ্চ নেটৱৰ্কৰ পদক্ষেপে ব্ৰিকছ দেশসমূহৰ মাজত লজিষ্টিক আৰু যোগান শৃংখলৰ সংযোগ বৃদ্ধিৰ ক্ষেত্ৰতো এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এই বছৰ ব্ৰিকছ দেশসমূহে ইউনিড’ৰ সহযোগত উদ্যোগ ৪.০ৰ বাবে দক্ষ কৰ্মশক্তি সাজুকৰণৰ বাবে যি সহমতত উপনীত হৈছে, সেয়া যথেষ্ট উল্লেখযোগ্য কথা।

২০২২ত আৰম্ভ হোৱা ব্ৰিকছ ভেকচিন আৰএণ্ডডি চেন্টাৰে সকলো দেশতে স্বাস্থ্য সুৰক্ষা বৃদ্ধিত সহায় কৰিছে। ডিজিটেল স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সফল অভিজ্ঞতা ব্ৰিকছৰ অংশীদাৰসকলৰ সৈতে ভাগ-বতৰা কৰিবলৈ পালে আমি আনন্দিত হ’ম।

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তন আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।

ৰাছিয়াৰ অধ্যক্ষতাত ব্ৰিকছ যি মুক্ত কাৰ্বন বজাৰ অংশীদাৰিত্বৰ বাবে সহমতত উপনীত হৈছে, সেয়া আদৰণীয়। ভাৰততো সেউজ বিকাশ, জলবায়ু স্থিতিস্থাপক আন্তঃগাঁথনি আৰু সেউজ পৰিৱৰ্তনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সঁচাকৈয়ে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, মিছন লাইফ অৰ্থাৎ পৰিবেশৰ বাবে জীৱনশৈলী, এক পেড় মা কে নাম বা মাতৃৰ নামত এজোপা গছ আদি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

যোৱা বছৰ চিঅ’পি-২৮ৰ সময়ত আমি গ্ৰীন ক্ৰেডিট নামৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিলোঁ। মই ব্ৰিকছৰ অংশীদাৰসকলক এই পদক্ষেপসমূহত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।

ব্ৰিকছৰ সকলো দেশতে আন্তঃগাঁথনি নিৰ্মাণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

 

ভাৰতত বহু-মডেল সংযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ অৰ্থে আমি গতি-শক্তি পৰ্টেল নামৰ এটা ডিজিটেল প্লেটফৰ্ম স্থাপন কৰিছোঁ। ইয়াৰ ফলত সংহত আন্তঃগাঁথনি উন্নয়ন পৰিকল্পনা আৰু ৰূপায়ণত সহায়ক হৈছে তথা লজিষ্টিক ব্যয় হ্ৰাস পাইছে।

আমি আমাৰ অভিজ্ঞতা আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিব পাৰিলে সুখী হ’ম।

বন্ধুসকল,

ব্ৰিকছ দেশসমূহৰ মাজত বিত্তীয় সংহতি বৃদ্ধিৰ প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ।

স্থানীয় মুদ্ৰাৰ ব্যৱসায় আৰু সীমা অতিক্ৰম কৰি মসৃণ ধন পৰিশোধে আমাৰ অৰ্থনৈতিক সহযোগিতাক সুদৃঢ় কৰিব। ভাৰতে প্ৰস্তুত কৰা ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ (UPI) এক বৃহৎ সফলতাৰ কাহিনী আৰু বহু দেশত ইয়াৰ অভিযোজনা কৰা হৈছে।

যোৱা বছৰ মহামহিম শ্বেখ মহম্মদৰ সৈতে মিলি ইউএইতো ইয়াক মুকলি কৰা হৈছিল। এই ক্ষেত্ৰত আমি ব্ৰিকছৰ আন দেশসমূহৰ সৈতেও সহযোগিতা কৰিব পাৰোঁ।

বন্ধুসকল,

ব্ৰিকছৰ অধীনত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

আমাৰ বৈচিত্ৰ্য আৰু বহুমেৰুত্বৰ ওপৰত আমাৰ দৃঢ় বিশ্বাসেই হৈছে আমাৰ শক্তি। আমাৰ এই শক্তি আৰু মানৱতাৰ প্ৰতি আমাৰ সহভাজিত বিশ্বাসে আগন্তুক প্ৰজন্মৰ বাবে এক সমৃদ্ধিশালী আৰু উজ্জ্বল ভৱিষ্যতক এক অৰ্থপূৰ্ণ ৰূপ প্ৰদানত সহায় কৰিব।

আজিৰ অতি গুৰুত্বপূৰ্ণ আৰু মূল্যৱান আলোচনাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।

ব্ৰিকছৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ৰাষ্ট্ৰপতি লুলালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্ৰিকছত আপোনাৰ অধ্যক্ষতাৰ সফলতাৰ বাবে ভাৰতে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব।

আকৌ এবাৰ ৰাষ্ট্ৰপতি পুটিন আৰু সকলো নেতাকে বহু-বহু ধন্যবাদ জনাইছোঁ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”