য়ুনাইতেদ নেসন্সনা ভারতনা হৌদোকপা ৱাফম অমদগী ২০২৩ বু ‘ইন্তরনেস্নেল ইয়র ওফ মিল্লেতস’ হায়না লাউথোকখি অমদি মালেম শিনবা থুংনা প্রমোত তৌখি: প্রধান মন্ত্রী
মতম-মতমগী হৈ-রা চাগদবনি, চীঞ্জাক চাবদা নিংথিনা শায়গদবনি, অফবা চীঞ্জাক মতম চানা চাগদবনি: প্রধান মন্ত্রী
অনাবা লৈত্রগা ঐখোয় হকচাঙ ফরে হায়বা য়ারোই, হকচাঙ নুংঙাইনা থম্বদা মীৎয়েঙ চঙউ: প্রধান মন্ত্রী
মাঙদা তারিবা থবক্তা পুক্নিং চঙদুনা লৈরিবা শাফুগীদমক ইশাবু শেম শাজগদবনি: প্রধান মন্ত্রী
ঐখোয় হেন্না ফবা ফীভম অমগীদমক লেপ্তনা হোৎনগদবনি, ইশাগী লান্থেং মায়োক্নগদবনি, পুক্নিং ইংথবা তমগদবনি: প্রধান মন্ত্রী
নশাবু খুদম অমা ওইহল্লু, ইকায়খুম্নবা লৌগদবা নত্তে মশানা লাকচহনগদবনি, তাল্লগা লুচিংগদবা নত্তে থবক তৌরগা লুচিংগদবনি: প্রধান মন্ত্রী
মহৈরোয়শিং রোবোত নত্তে, মহৈ মশিং তম্বা হায়বসি হীরম শুনা মশা মপুং ফাহনগদবনি, মখোয়দা মশানা হৈনজবদা চৎচনবা মনিং তমহনগদবনি: প্রধান মন্ত্রী
চাংয়েংনা পুম্নমক নত্তে, ৱাখল লৌশিং অমসুং চাংয়েং অনিসি পোৎশক অমখক্তা নত্তে: প্রধান মন্ত্রী
ইবগী হৈনবী শেমগৎকদবনি: প্রধান মন্ত্রী
মহৈরোয় খুদিংগী তোপ তোপ্পা হৈথোই শিংথোইবা থিদোকপিয়ু অমদি মখোঙ শোম্বিয়ু, অফবা ৱাখল্লোনশিং য়েংবিয়ু: প্রধান মন্ত্রী
ঐখোয় খুদিংমক্তা চপ মান্ননা পুং ২৪ ফংই, মতম হৈ-শিংনা শীজিন্নবদা পুম্নমক লৈরে: প্রধান মন্ত্রী
হৌজিক ওইরিবদুদা মীৎয়েঙ থম্মু, নখোয়গী ৱাখলদা ফাওরকপশিং নখোয়গী নক্নবা মীওইশিংদা তম্মু: প্রধান মন্ত্রী
অদোমগী অঙাংশিংবু অতৈগা চাংদম্নগনু, অদোমগী অঙাংগী অনিংবা অপাম্বদা ঙাক্লৌ পীনবা মখোয়বু নীংথিনা খঙবিয়ু, অদোমগী অঙাংগ মতিক খঙদোকপিয়ু: প্রধান মন্ত্রী
তাবা তম্মু, কাংলোন চুম্না নিংশা হোনবদা পুক্নমক লৈবনি: প্রধান মন্ত্রী
অঙাং খুদিং তোপ তোপ্পা ঙাক্তনি, মখোয়গী মঙলান খঙবিয়ু, মখোয়গী খোঙচৎ লমজিংবিয়ু, মখোয়গী ঙাক্লৌ ওইবিয়ু: প্রধান মন্ত্রী
মহৈরোয়শিং চাংদম্নবা তৌবিগনু, মীয়াম মাঙদা মহৈরোয়শিং শিথবিগনু, মখোয়বু হৈনিংহন্নবা পুক্নিং থৌগৎপিয়ু অমদি থাগৎপিয়ু: প্রধান মন্ত্রী
নশাবু শিংনজৌ, নখোয়গী মাঙলমচৎপু মায়থিবা পীয়ু, হৌজিক ওইরিবদুদা মাঙদা চঙশিল্লু: প্রধান মন্ত্রী
তাউ, হংউ, মুন্না খঙজিল্লু, শীজিন্নৌ, নশাগী চাংদম্নৌ: প্রধান মন্ত্রী
নখোৱাগীৰ মাজথিব্বুবূ খুদোংচাবাদা ওন্থোকউঃ প্ৰধান মন্ত্ৰী
তেক্নোলজি অকিবা লৈতনা হৈ-শিঙনা শিজিন্নৌ ,তেক্নোলজি মোওং চুম্ন কান্নবা মোওংড শিজিন্ন গাদবানিঃ প্ৰধান মন্ত্ৰী
ঐখোৱানা মহৌশাবূ মান্ঘান গাদবানাত্তে ,ঐখোৱানা তৌ বিমল উৎপাওইনা অকয়াবাগীৰ ফিভাম ঙাক শেন গাদবানিঅঁদি মোওং শোম্বিগাদবানিঃ এক পেড মা কে নাম অডুগুম্বাথৌশিল আমনি :প্ৰধান মন্ত্ৰী

শিক্ষাৰ্থীঃ আমি ‘পৰীক্ষা পে’ চৰ্চা’ৰ বাবে খুবেই উৎফুল্লিত হৈ আছোঁ।

খুশী: মোৰ এনে লাগিছে যেন মই আজি সপোনহে দেখি আছোঁ।

বৈভৱ: এয়া এক ডাঙৰ সৌভাগ্য যে বহুতো শিশুৱে এই কাৰ্যসূচীৰ বাবে পঞ্জীয়ন কৰিছিল আৰু আমি তেওঁলোকৰ মাজৰ একোজন আছিলোঁ।

সাই শাস্ত্ৰঃ মই আগৰবাৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ কাৰ্যসূচী দেখিছিলোঁ আৰু এই কাৰ্যসূচী এটা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল, মই এইবাৰো তেনেদৰেই হ'ব বুলি ভাবিছিলোঁ।

ইৰা শৰ্মা: কিন্তু এইবাৰ এয়া খুবেই বেলেগ ধৰণে অনুষ্ঠিত হৈছে, সম্পূৰ্ণ নতুন ৰূপত অনুষ্ঠিত হৈছে এইবাৰৰ কাৰ্যক্ৰম।

অক্ষৰা: এইবাৰ ‘সুন্দৰ নাৰ্চাৰী’ নামৰ এখন মুকলি ঠাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

এড্ৰিয়েল গুৰুং: মই ৰোমাঞ্চিত হৈ আছোঁ। মই প্ৰফুল্লিত হৈ আছোঁ, মই কেৱল ক’ম মই অতিকে উৎসাহিত হৈ আছোঁ।

অদ্বিতীয় সাদুখনঃ অৱশেষত সেই দিনটো আহি পালেহি, যেতিয়া আমি প্ৰধানমন্ত্ৰীক মুখামুখিকৈ লগ পাব পাৰিম।

এড্ৰিয়েল গুৰুং: আজি মই ইয়াত বাৰ্তালাপ কৰিবলৈ আহিছোঁ।

লোপংছাই লৱাইঃ ভাৰতৰ প্ৰধানমন্ত্ৰী।

অক্ষৰা জে নায়াৰঃ প্ৰধানমন্ত্ৰী মোদীজী, তেওঁ আহি পোৱাৰ পাছতে সকলোকে যেন এক  ইতিবাচকতাই আৱৰি ধৰিছিলহি।

সকলো শিক্ষাৰ্থী: নমস্কাৰ ছাৰ!

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ! কি হ’ল, তোমাক বেলেগকৈ বহুৱাইছে দেখোন?

 

শিক্ষাৰ্থীঃ নহয় ছাৰ!

ঋতুৰাজ নাথঃ তেখেতক দেখি সকলো ইতিবাচক আভাৰে উজলি উঠিছিল।

প্ৰধানমন্ত্ৰীঃ এওঁলোকৰ কিমানক চিনি পোৱা?

শিক্ষাৰ্থী: ছাৰ, প্ৰায় সকলোকে!

প্ৰধানমন্ত্ৰীঃ তেন্তে, সকলোকে ঘৰলৈ মাতিছানে?

শিক্ষাৰ্থী: ছাৰ, নিশ্চয় মাতিম!

প্ৰধানমন্ত্ৰীঃ হয়নে, মাতিম মানে? আগতেই মাতিব লাগিছিল।

আকাংক্ষা অশোক: আৰু তেওঁ অতি আকৰ্ষণীয় আছিল, খুবেই বেছি!

প্ৰধানমন্ত্ৰীঃ ‘মকৰ সংক্ৰান্তি’ত কি খোৱা?

সকলো শিক্ষাৰ্থী: তিল আৰু গুড়!

প্ৰধানমন্ত্ৰীঃ পিচে মাত্ৰ এটাইযে ল'ব লাগিব তেনে কোনো নিয়ম নাই। যিসকলে বেছি ভাল পায় তেওঁলোকে বেছিকৈ খাব পাৰা।

শিক্ষাৰ্থীঃ প্ৰধানমন্ত্ৰী ছাৰ, যেতিয়া আমাক ‘তিলৰ নাৰু’ যিয়েই নহওক কিয়, বিলাই আছিল, মোৰ খুবেই ভাল লাগিছিল।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকে কি কৈছিল, ‘তিল গুড় ধ্যা, নী গোড গোড’ (আৰু গুড় লওক, মিঠাকৈ কওঁক!)বুলি কৈছিল।

শিক্ষাৰ্থী: ‘তিল গুড় ধ্যা, নী গোড গোড’!

প্ৰধানমন্ত্ৰীঃ ৱাহ!

অনন্যা: কোনোবা অতিথি ঘৰলৈ আহিলে যে আমি দিওঁ, ঠিক তেনেদৰেই তেওঁলোকেও আমাক দিছিল!

প্ৰধানমন্ত্ৰীঃ কেৰালাত ইয়াক কি বুলি কয়?

শিক্ষাৰ্থী: ‘তিলৰ লাড্ডু’ বুলি কয়।

প্ৰধানমন্ত্ৰীঃ ‘তিলৰ লাড্ডু’ বুলি কয়।

শিক্ষাৰ্থীঃ তাত এয়া খুবেই কমকৈ পোৱা যায়।

 

প্ৰধানমন্ত্ৰীঃ কমকৈ পায়?

শিক্ষাৰ্থীঃ হয়!

প্ৰধানমন্ত্ৰীঃ বাৰু!

শিক্ষাৰ্থী: এনে লাগিছিল যে আমাৰ কথাও তাৰমানে কোনোবাই ভাবে।

প্ৰধানমন্ত্ৰীঃ আৰু কোনোবাই ল’ব বিচাৰিবা নেকি?

শিক্ষাৰ্থী: ছাৰ, আৰু এটা বা দুটা!

প্ৰধানমন্ত্ৰীঃ হা, এয়াহে ভাল কথা।

শিক্ষাৰ্থী: বহুত ভাল লাগিছে, ছাৰ!

প্ৰধানমন্ত্ৰীঃ হয়নেকি! বহা! বাৰু, মোক কোৱাচোন, এই তিল-গুড় খোৱাৰ বাবে কোনটো বতৰ আটাইতকৈ ভাল?

শিক্ষাৰ্থী: জাৰৰ দিনবোৰ!

প্ৰধানমন্ত্ৰীঃ কিয়নো খাওঁ?

শিক্ষাৰ্থী: ই শৰীৰ গৰম ৰাখে।

প্ৰধানমন্ত্ৰীঃ ই শৰীৰ গৰম ৰাখে, ঠিক আছে পৰিপুষ্টিৰ বিষয়ে তোমালোকে কি জানা?

শিক্ষাৰ্থী: ছাৰ, শৰীৰৰ বাবে যি খনিজ পদাৰ্থৰ প্ৰয়োজন, ছাৰ, সেইবোৰ......... (অস্পষ্ট)

প্ৰধানমন্ত্ৰীঃ নহয়, যদি এই বিষয়ে কোনো জ্ঞানেই নাথাকে, তেন্তে কি কৰিবা?

শিক্ষাৰ্থী: প্ৰকৃততে, ভাৰতত আমি বাজ্ৰাৰ প্ৰচাৰ কৰোঁ কিয়নো বাজ্ৰাবোৰ পুষ্টিৰে ভৰি থাকে।

প্ৰধানমন্ত্ৰীঃ কোনে কোনে বাজ্ৰা খাইছা? সকলোৱে নিশ্চয় খাইছা, কিন্তু এতিয়া কাৰো মনত পৰা নাই নহয়নে।

শিক্ষাৰ্থীঃ বজ্ৰা, ৰাগি, জোৱাৰ!

প্ৰধানমন্ত্ৰীঃ সকলোৱেই খায়, বাৰু বাজ্ৰাই পৃথিৱীত কি স্থান পাইছে, জানানে?

শিক্ষাৰ্থীঃ ভাৰত হৈছে সৰ্বাধিক উৎপাদনকাৰী আৰু ব্যৱহাৰকাৰী দেশ।

প্ৰধানমন্ত্ৰীঃ কিন্তু ২০২৩ চনত ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক ‘বাজ্ৰা বৰ্ষ’ হিচাপে ঘোষণা কৰিছিল আৰু বিশ্বজুৰি বাজ্ৰাৰ প্ৰচাৰ কৰিছিল, আৰু এয়া আছিল ভাৰতৰ প্ৰস্তাৱ।

ভাৰত চৰকাৰে পুষ্টি সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ আহ্বান জনাইছে। বহু ৰোগ প্ৰতিৰোধ কৰাত পুষ্টিয়ে সহায় কৰিব পাৰে, আৰু আমাৰ দেশক বাজ্ৰাক কি বুলি কওঁ, ‘ছুপাৰফুড’ বুলি কওঁ। তেন্তে তোমালোকৰ কিমানৰ ঘৰত বছৰটোত কিবা নহয় কিবা প্ৰকাৰৰ খাদ্যদ্ৰব্য বাজ্ৰাৰে তৈয়াৰ কৰা হয়?

শিক্ষাৰ্থী: ছাৰ, আমি অলপ আটাৰ সৈতে অলপ ঘেহু, অলপ জোৱাৰ আৰু বাজ্ৰা মিহলি কৰোঁ, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমাৰ দেশত দেখিছা চাগৈ কিছুমান বস্তু পৰম্পৰাত যোগ কৰা হয়। যেতিয়াই নতুন ফল লাগে বা নতুন ঋতু আহে, আমি প্ৰথমে ঈশ্বৰলৈ আগবঢ়াওঁ।

 

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু এইবোৰৰ বাবে এটা উৎসৱ অনুষ্ঠিত হয়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ এয়া সকলোতে হয়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু তাৰ পিছত ইয়াক খোৱা হয় আৰু ‘প্ৰসাদ’ বুলি কোৱা হয়!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ইয়াৰ অৰ্থ হৈছে যে বতৰৰ ফলবোৰ ভগৱানক খাবলৈয়ো প্ৰয়োজন হয়, আমিতোতো  মানুহহে। আমি বতৰৰ ফল খাব লাগে নে নালাগে?

শিক্ষাৰ্থীঃ হয় ছাৰ! আমি খাব লাগে ছাৰ!

প্ৰধানমন্ত্ৰীঃ বাৰু কোৱাচোন তোমালোকৰ কিমানজনে এই বতৰত গাজৰ চোবাই খোৱা? তোমালোকে গাজৰৰ হালৱাতো খোৱা নহয়নে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ৰস খোৱা নহয়নে, পুষ্টিৰ বাবে কি খাব লাগে জনাটো গুৰুত্বপূৰ্ণ বুলি তোমালোকে ভাবানে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কি খাব নালাগে?

শিক্ষাৰ্থী: জাংক ফুড!

প্ৰধানমন্ত্ৰীঃ জাংক ফুড!

শিক্ষাৰ্থী: তেলেতীয়া খাদ্য, ময়দা খাব নালাগে কিয়নো ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰীঃ হয় বাৰু! কেতিয়া কি খাব লাগে, কি খাব নালাগে সেয়াতো জানা, কিন্তু সেয়া কেনেকৈ খাব লাগে জানানে বাৰু? আমাৰ কিমানটা দাঁত থাকে?

শিক্ষাৰ্থী: ৩২টা!

প্ৰধানমন্ত্ৰীঃ ৩২টা! সেয়েহে কেতিয়াবা বিদ্যালয়ৰ শিক্ষকসকলেও কয়, ঘৰৰ অভিভাৱকসকলেও কয় যে ৩২ টা দাঁত আছে, সেয়েহে আমি কমেও ৩২ বাৰ চোবাব লাগে।

শিক্ষাৰ্থী: চোবাব লাগে, হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে কেনেকৈ খাব লাগে সেয়াও গুৰুত্বপূৰ্ণ।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেন্তে তোমালোকৰ মাজত কিমানজন আছা যিয়ে খোৱাৰ সময়ত কেতিয়াও গমেই নাপাই, ডাকঘৰত যেনেকৈ ভৰাই দিয়ে তেনেকৈয়ে ভৰাই দিয়ে, অথবা যদি কোনোবা বন্ধু থাকে তেন্তে তেওঁ বেছিকৈ খাই দিব বুলি ভাবি লয়!

 

শিক্ষাৰ্থী: হয়, হয়!

প্ৰধানমন্ত্ৰীঃ ঠিক আছে বাৰু, তোমালোকৰ মাজত কিমানজন আছা খোৱাৰ সময়ত পানীৰ সোৱাদ অনুভৱ কৰিছা? মানে, কিমান জনে পানীৰো সোৱাদ লোৱা, উপভোগ কৰা?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ সম্ভৱতঃ তেনে নকৰা নহয়নে বাৰু। স্কুললৈ দৌৰি দৌৰি আহা চাগৈ ন!

শিক্ষাৰ্থীঃ নহয় ছাৰ! নহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ নহয়, চোৱা, ইয়াত কিন্তু সঁচা কথা কবা দেই, তেনে নকৰিবা।

শিক্ষাৰ্থীঃ সঁচাকৈয়ে ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমি যেনেকৈ চাহত সোঁহা মাৰো ঠিক তেনেদৰে  কেতিয়াবা খোৱা পানীও খোৱাৰ চেষ্টা কৰা উচিত। আমি পানীৰ সোৱাদ অনুভৱ কৰা উচিত, গতিকে কেনেকৈ খাব লাগে, কি খাব লাগে, আৰু তৃতীয় কথাটো হ'ল কেতিয়া খাব লাগে?

শিক্ষাৰ্থীঃ ছাৰ, আমি সন্ধিয়া আচাৰ খাব নালাগে, আমি চালাড খাব নালাগে, পুৱা চালাড খোৱা ভাল।

শিক্ষাৰ্থী: প্ৰায় সাত বজাৰ আগতেই খোৱা-বোৱা কৰা উচিত। জৈন সম্প্ৰদায়ত এই কথা বাৰুকৈয়ে মানি চলা হয় কাৰণ এনেদৰে কৰিলে আমাৰ হজম প্ৰক্ৰিয়াই ভালদৰে কাম কৰে।

প্ৰধানমন্ত্ৰীঃ আমাৰ বাবেতো, দেশৰ কৃষকসকলে কেতিয়া খায়?

শিক্ষাৰ্থীঃ দুপৰীয়া, ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই কৃষকসকলক যিমান দূৰ জানো, তেওঁলোকে পুৱা প্ৰায় ৮, ৮:৩০ বজাত উদৰ পূৰাই খাই লয় আৰু তাৰ পাছত পথাৰলৈ যায়। তেওঁলোকে গোটেই দিনটো কাম কৰে। দিনটোত যদি তেওঁলোকে পথাৰত সৰু কিবা খোৱাৰ প্ৰয়োজন হয়, তেওঁলোকে কৰে, আৰু তাৰ পিছত তেওঁলোকে সন্ধিয়া প্ৰায় ৫-৬ বজাত সূৰ্যাস্তৰ আগতে খাবলৈ ঘূৰি আহে। তোমোলোকেতো চাগৈ গৈয়েই কোৱা, মই এতিয়া খেলিবলৈ যাব লাগিব বা টিভি শ্ব' চাব লাগিব বা মোৰ ‘ম'বাইল চে’ক’ কৰিবলৈ আছে আৰু তাৰ পাছত মাক চাগৈ কোৱা যে এতিয়া থৈ দিয়াচোন, মোৰ এতিয়া ভোক লগা নাই।

শিক্ষাৰ্থীঃ নাই, নহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ ৰোগৰ অনুপস্থিতিৰ অৰ্থ এইটো নহয় যে আমি স্বাস্থ্যৱান হৈ আছোঁ। আমি ইয়াক সুস্থতাৰ মাপকৰে জোখা উচিত। ভালকৈ টোপনি যায়নে নাযায়, পোষণৰ সৈতে ইয়াৰো প্ৰয়োজনীয়তা আছে, নে টোপনিয়ে বেছিকৈ ধৰে।

শিক্ষাৰ্থী: পৰীক্ষাৰ সময়ত, যেতিয়া প্ৰস্তুতিৰ সময় হয় তেতিয়া ই বেছিকৈ আমনি কৰে।

প্ৰধানমন্ত্ৰীঃ তেতিয়া টোপনি বেছি হয় নেকি?

শিক্ষাৰ্থী: হয়, আৰু পৰীক্ষাৰ পিছত একেবাৰেই নাহে।

প্ৰধানমন্ত্ৰীঃ গতিকে পুষ্টি, সুস্থতা, টোপনিৰ ক্ষেত্ৰত শৰীৰৰ সুস্থতাৰ বাবে, টোপনি অতি গুৰুত্বপূৰ্ণ, আৰু এই দুয়োটা হৈছে সমগ্ৰ চিকিৎসা বিজ্ঞানৰ কেন্দ্ৰবিন্দু যি ৰোগীৰ টোপনি কেনেকুৱা হয়, কিমান ঘণ্টা শোৱে সেই বিষয়ে সোধা প্ৰশ্নবোৰ গভীৰভাৱে অধ্যয়ন কৰে। কিন্তু তোমালোকে ভাবিব পাৰা যে এইজন প্ৰধানমন্ত্ৰীয়ে দেখোন আমাক শুবলৈ কৈছে। তোমালোকৰ কিমানজনে প্ৰতিদিনে ৰ'দলৈ গৈ ‘সূৰ্যস্নান’ কৰা?

শিক্ষাৰ্থী: ছাৰ, যেতিয়া ৰ’দ ওলাই তেতিয়া আমি স্কুলত বা ‘এচেম্বলী’ত থিয় হ'বগৈ লাগে...

প্ৰধানমন্ত্ৰীঃ অৰুণাচল, কিবা ক'ব বিচাৰিছিলা নেকি?

শিক্ষাৰ্থী: অৰুণাচল উদীয়মান সূৰ্যৰ দেশ, গতিকে প্ৰতিদিনে পুৱাই আমি সেয়া কৰোঁ!

প্ৰধানমন্ত্ৰীঃ ২ মিনিট, ৫ মিনিট, ৭ মিনিট যাৰ যিমানখিনি সুবিধা হয়, কেইটামান মুহূৰ্তৰ বাবে হ’লেও যথাসম্ভৱ মুকলি দেহত পুৱাৰ ৰ’দ পৰিবলৈ দিয়াৰ সকলোৱে অভ্যাস কৰা উচিত। এয়া এনে নহয় যে স্কুললৈ যাওতে ৰাস্তাত ৰ’দ দেখিলো হৈ যাব, এনে নহয়; পৰিকল্পনা কৰি এয়া কৰা উচিত। তোমালোকৰ মাজৰ কিমানজনে বাৰু গছৰ তলত থিয় হৈ সূৰ্য্যোদয়ৰ পিছত কমেও ১০ বাৰ গভীৰকৈ উশাহ ল'বলৈ চেষ্টা কৰা? গছৰ তলত থিয় হৈ তোমালোকৰ হাঁওফাঁৱে যিমানলৈকে পাৰে সিমানখিনিলৈকে উশাহ টানি, ফাটি যাওঁ ফটি যাওঁ হৈ যোৱালৈকে, নিয়মীয়াকৈ কৰা নে বাৰু?

শিক্ষাৰ্থীঃ ছাৰ, মই গভীৰকৈতো উশাহ নলওঁ, কিন্তু বহুখিনি স্বাচ্ছন্দ্য অনুভৱ কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰীঃ মই ক'ব বিচাৰিছো যে জীৱনত যি প্ৰগতিয়েই কৰিব নোখোজা কিয়, সকলোতে পুষ্টিৰ গুৰুত্ব থাকে। তোমালোকে কি খোৱা, কেতিয়া খোৱা, কেনেদৰে খোৱা, আৰু কিয় খোৱা সেয়া গুৰুত্বপূৰ্ণ।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ মোৰ মনত আছে যেতিয়া মই এঘৰলৈ আহাৰ খাবলৈ গৈছিলো, তেওঁলোকৰ এজন পুত্ৰই ঘেঁহু, চাউলৰ ৰুটি একেবাৰেই নাখাইছিল। হয়তো কোনোবা শিক্ষকে তেওঁক কৈছিল বা তেওঁ কৰবাত শুনিছিল যে যদি বাজ্ৰাৰ ৰুটি বা ঘেঁহুৰ ৰুটি খায়, ইয়ে তোমাৰ ছালৰ ৰং ক’লা কৰিব, সেয়ে তেওঁ কেৱল ভাতেই খাইছিল। এনেতো নহয় যে ‘গুগল গুৰু’ক সুধিহে সিদ্ধান্তবোৰ লোৱা, বাৰু কোৱাচোন আজি কি খাম?

 

 

শিক্ষাৰ্থীঃ নাই, নহয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ এনে নকৰা নহয়, বাৰু?

শিক্ষাৰ্থীঃ নাই নকৰো, ছাৰ!

প্ৰধানমন্ত্ৰীঃ বাৰু কোৱাচোন, মইতো বহু সময় ধৰি কথা কৈ আছো, তোমালোকে কি ক'ব বিচাৰিবা?

শিক্ষাৰ্থীঃ নমস্কাৰ ছাৰ! মোৰ নাম আকাংক্ষা আৰু মই কেৰালাৰ। মোৰ প্ৰশ্নটো আছিল যে...

প্ৰধানমন্ত্ৰীঃ ইমান ভাল হিন্দী কেনেকৈ ক’ব পাৰা?

শিক্ষাৰ্থীঃ কাৰণ মই সঁচাকৈয়ে হিন্দী ভাল পাওঁ।

প্ৰধানমন্ত্ৰীঃ হিন্দী শিকিবলৈ ভাল পোৱাৰ কাৰণ বিচাৰি পাইছিলনে?

শিক্ষাৰ্থীঃ নাই, মই কবিতা লিখোঁ।

প্ৰধানমন্ত্ৰীঃ আৰে বাহ! তেন্তে প্ৰথমে এটা কবিতা আবৃত্তি কৰি শুনাব লাগিব।

শিক্ষাৰ্থীঃ মোৰ যদি মনত আছে, মই গাই শুনাম বাৰু।

প্ৰধানমন্ত্ৰীঃ বাৰু বাৰু, ঠিক আছে, যিমানখিনি মনত আছে, মোৰ কিন্তু একেবাৰেই মনত নাথাকে।

শিক্ষাৰ্থীঃ ইমান কেলাহল এই বজাৰবোৰত/ ইমান কোলাহল এই আলি-পদূলিবোৰত/ কিয় তুমি নিজৰ কলমটো লৈ বহিছা এটা গজল লিখাৰ বাবে/ আৰু সেই কিতাপৰ পৃষ্ঠাটোত তুমি লিখিব কি বিচাৰিছা/ এনেনো কি আছে তোমাৰ মনত/ প্ৰশ্নৰে ভৰি থকা তোমাৰ মনটোত এক চিয়াহীয়ে হয়তো উত্তৰ লিখি আছে/ তেন্তে কিয়নো তুমি আকাশলৈ চাই থাকা/ এনেনো কি আছে এই তৰাবোৰত/ এনেনো কি আছে তোমাৰ মনত!

প্ৰধানমন্ত্ৰীঃ ৱাও! বাঃ! বাঃ!

শিক্ষাৰ্থী: বহুত বন্ধুত্বপূৰ্ণ আছিল আৰু এনে অনুভৱ হৈছিল যেন আমি আমাৰ জ্যেষ্ঠজনৰ সৈতে কথা পাতি আছোঁ।

প্ৰধানমন্ত্ৰীঃ তেন্তে তোমালোকৰ উদ্বিগ্নতানো কি?

শিক্ষাৰ্থী: উদ্বিগ্নতাবোৰ হ'ল যে যদি পৰীক্ষাত ভাল নম্বৰ নাপাওঁ, ক’বলৈ গ’লে যে আমিবোৰে পৰীক্ষাত ভাল নম্বৰ পাবই আৰু যদি আমি ভাল নম্বৰ নাপাওঁ তেন্তে আমাৰ ভৱিষ্যত ভাল নহ'ব।

প্ৰধানমন্ত্ৰীঃ ইয়াৰ উত্তৰ কি হ'ব পাৰে?

শিক্ষাৰ্থী: জীৱনত নম্বৰৰ কোনো গুৰুত্ব নাই!

প্ৰধানমন্ত্ৰীঃ বাৰু, নম্বৰৰ কোনো গুৰুত্ব নাই।

শিক্ষাৰ্থী: জ্ঞানহে গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীঃ তাৰমানে, তেনেহ’লে সকলো শিক্ষাদান অপ্ৰয়োজনীয়, আৰু পৰীক্ষাৰ কোনো প্ৰয়োজন নাই?

শিক্ষাৰ্থীঃ ছাৰ, মই ভাবো যে, এটা কথা মনত ৰাখিব লাগিব যে পৰীক্ষা আমাৰ যাত্ৰাৰ কেৱল এটা অংশহে, আমাৰ গন্তব্যস্থান কেতিয়াও নহয়।

প্ৰধানমন্ত্ৰীঃ নহয়, পিচে ঘৰততো কোনেও এই কথাটোকে বুজি নাপায়, এই কথাটোতো তোমালোকে  বুজি পাইছা।

প্ৰধানমন্ত্ৰীঃ তেন্তে কি কৰা উচিত?

শিক্ষাৰ্থীঃ ছাৰ, কঠোৰ পৰিশ্ৰম কৰি যোৱা ভাল আৰু বাকী ঈশ্বৰৰ হাতত এৰি দিয়ক।

প্ৰধানমন্ত্ৰীঃ চোৱা, তোমাৰ কথাটো শুদ্ধ, আকাংক্ষা। এয়া আমাৰ সমাজ জীৱনত দুৰ্ভাগ্যবশতঃ ই সোমাই পৰিছে যে যদি আমি স্কুলত ইমানখিনি নম্বৰ নাপাওঁ, দশমশ্ৰেণীত ইমানখিনি নম্বৰ নাপাওঁ, দ্বাদশত ইমানখিনি নাপালোঁ, তেন্তে যেন জীৱনেই ধ্বংস হৈ যাব।

 

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে তোমালোকে তোমালোকৰ মা-দেউতাকতো বুজাব নোৱাৰা, এতিয়া পৰীক্ষাৰ বাবে মাত্ৰ ২ মাহ বাকী আছে। তেওঁলোককতো ক'ব নোৱাৰা, মা, এতিয়া ভাষণ নিদিবা! তোমালোকে নিজকে প্ৰস্তুত কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে তোমালোকৰ ওপৰত চাপ আছে, সকলোৱে ক’ব যে এনে কৰা, তেনে কৰা, এনে কৰা, তেনে কৰা, এনে লাগে নহয় নে বাৰু?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোকৰ মাজত কিমানজন আছা কেতিয়াবা ক্ৰিকেট খেল হ'লে টিভিত ক্ৰিকেট খেল চোৱা, কিমানজনে চোৱা?

শিক্ষাৰ্থীঃ ছাৰ, সকলোৱে, হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, যেতিয়া তেওঁলোকে খেলে, ষ্টেডিয়ামৰ পৰা এটা শব্দ আহি থাকে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিহৰ শব্দ আহে?

শিক্ষাৰ্থীঃ ছাৰ, সমবেত জনতাই উল্লাস কৰে।

প্ৰধানমন্ত্ৰীঃ ছিক্সাৰ-ছিক্সাৰ! কোনোবাই কয় চাৰি!

শিক্ষাৰ্থী: কোনোবাই কয় ছয়!

প্ৰধানমন্ত্ৰীঃ এতিয়া বেটছমেনজনে কি কৰে, তোমালোকৰ চিঞৰ শুনে নে তেওঁ সেই বলটোত দৃষ্টি নিবদ্ধ কৰে?

শিক্ষাৰ্থী: তেওঁ বলটোত দৃষ্টি নিবদ্ধ কৰে।

প্ৰধানমন্ত্ৰীঃ যদি তেৱোঁ ইয়াৰ মাজত সোমাই পৰে, তেৱোঁ যদি ক’বলৈ লয়, আহক এটা ছয় মাৰোঁ, তেতিয়া বাৰু কি হ'ব?

শিক্ষাৰ্থীঃ তেওঁ আউট হৈ যাব।

প্ৰধানমন্ত্ৰীঃ ইয়াৰ অৰ্থ হৈছে বেটছমেনজনে সেই চাপক গুৰুত্বই নিদিয়ে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেওঁৰ সম্পূৰ্ণ মনোযোগ সেই বলটোত নিবদ্ধ থাকে। তোমালোকেও যদি এই চাপটো মনত সুমুৱাই ন’লৈ নিজৰ পঢ়া-শুনাত মনোযোগ দিয়া তেন্তে তোমালোকেও সহজেই নিজকে সেই চাপৰ পৰা আঁতৰাই আনিব পাৰিবা।

শিক্ষাৰ্থীঃ ছাৰে আমাৰ প্ৰশ্নবোৰৰ উত্তৰো দিছিল, আমাক খুউব সুন্দৰকৈ বুজাইছিলো কেনেকৈ আমি পৰীক্ষাৰ চাপ ল'ব নালাগে, তেওঁ আমাক বহু কথা শিকাইছিল।

শিক্ষাৰ্থী: যদি তোমালোকে তোমালোকৰ লক্ষ্যবোৰ জানা, তেন্তে কোনো বিভ্ৰান্তি বা কোনো কথাই তোমালোকক বাধা দিব নোৱাৰে, তোমালোকে নিজকে অনুপ্ৰাণিত কৰি ৰাখিব লাগে।

শিক্ষাৰ্থী: তেওঁ কৈছিল চাপ যেনেকুৱাই নহওঁক কিয় ইয়াক মুকলিকৈ উপভোগ কৰিব লাগে, কিন্তু ইয়াক লৈ আনকি ভাবিবও নালাগে।

প্ৰধানমন্ত্ৰীঃ সকলো সময়তে নিজকে দৃঢ় কৰা উচিত।

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ প্ৰতিবাৰেতে নিজকে প্ৰত্যাহ্বান জনাই থকা উচিত।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তুমি যদি যোৱাবাৰ ৩০ নম্বৰ পাইছিলা, তেন্তে এইবাৰ ৩৫ নম্বৰ পাব লাগিব। নিজকে প্ৰত্যাহ্বানৰ সন্মুখীন কৰাই থাকিব লাগিব; বহুলোকে তেওঁলোকৰ নিজৰ যুঁজ নিজে নকৰে, তোমালোকে কেতিয়াবা তোমালোকৰ নিজৰ যুঁজ নিজে দিয়াৰ সিদ্ধান্ত লৈছা নে বাৰু?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি নিজৰ সৈতে যুঁজিব লগা হয়, তেন্তে প্ৰথমে নিজকে নিজৰ সৈতে মিলিত কৰিব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোকে কেতিয়াবা নিজকে সুধিছানে যে মই জীৱনত কি হ'ব পাৰোঁ, কি কৰিব পাৰোঁ আৰু কিহে মোক সন্তুষ্টি প্ৰদান কৰিব? বহুসময়ত, তোমালোকে নিজকে সুধিব লাগে। এনে নহয় যে তুমি আজি পুৱা বাতৰি কাকত এখনত কিবা ভাল কথা এটা পঢ়িছা, আৰু তাৰ পাছত ভাবিছা এৰাটো এইটোৱেই দেখোন ভাল, পিছদিনা টিভিত কিবা এটা দেখিলা আৰু ভাবি ল’লা এইটোহে দেখোন ভাল; এনে নহয় কিন্তু। লাহে লাহে তোমালোকৰ মনক ক’ৰবাত স্থিৰ কৰিব লাগিব। বেছিভাগতে কি হয়, মানুহৰ মন ইফালে সিফালে ঘূৰি ফুৰে।

শিক্ষাৰ্থী: বিভ্ৰান্ত হৈ যায়।

প্ৰধানমন্ত্ৰীঃ তেতিয়াহে তোমালোকে প্ৰত্যাহ্বান কি সেয়া নিৰ্দিষ্ট কৰিব পাৰিবা, তেন্তে চেষ্টা কৰিব নে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ প্ৰধানমন্ত্ৰী ছাৰ, আপোনালৈ মোৰ এটা প্ৰশ্ন আছিল। আপুনি ইমান ডাঙৰ এগৰাকী বিশ্ব-নেতা, আপুনি বিভিন্ন পদত অধিষ্ঠিত হৈ আছে, সেয়েহে অনুগ্ৰহ কৰি নেতৃত্বৰ সৈতে সম্পৰ্কিত আৰু আমাৰ শিশুসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তেনেকুৱা দুটা বা তিনিটা কথা আমাৰ সৈতে সহভাগ কৰকচোন, ছাৰ।

প্ৰধানমন্ত্ৰীঃ বিৰাজ!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ বিহাৰৰ পৰা আহিছা আৰু ৰাজনীতিৰ বিষয়ে প্ৰশ্ন নকৰিবা, এয়া হ’বই নোৱাৰে। চোৱা, বিহাৰৰ লোকসকল অতিকে তেজস্বী হয়, আৰু কাৰোবৰ মনলৈকো আহিছেনেকি নেতৃত্বৰ কথা...

শিক্ষাৰ্থীঃ হয় ছাৰ! মোৰ মনলৈকো আহিছে। পিচে কেনেকৈ কওঁ?

প্ৰধানমন্ত্ৰীঃ কেনেকৈ কওঁ মনে? যেনেকৈয়ে কোৱা, কৈ দিয়া?

শিক্ষাৰ্থী: কেতিয়াবা কেতিয়াবা যদি শিক্ষকে আমাক শ্ৰেণীত মনোযোগ দিয়াবলৈ চেষ্টা কৰে,  মনিটৰে কৰাবলৈ চেষ্টা কৰে, ল’ৰা-ছোৱালীহঁতে কথা নুশুনে, তেনেহ'লে তেওঁলোকক বুজাবলৈ এটা উপায় আছে। এতিয়া, তেওঁতো তেওঁলোকক পোনপটীয়াকৈ কৈ দিব নোৱাৰো যে বহি থাকা, বহি থাকা, নহ'লে মই তোমালোকৰ নাম লিখি দিম, এনে কৰে যদি তেওঁলোকে আৰু জোৰে চিঞৰিব, সেয়েহে তেওঁ তাৰ বাবে আন এটা উপায় উলিয়াব, তেওঁলোকক যাতে তেওঁলোকে বুজিব পাৰে যে যে ভাই এনেকুৱা এনেকুৱা হ’ব, সেয়ে চুপচাপ বহি থাকা?

প্ৰধানমন্ত্ৰীঃ তুমি হাৰিয়ানাৰ পৰা আহিছা?

শিক্ষাৰ্থী: নহয়, মই পঞ্জাৱৰ পৰা, চণ্ডিগড়ৰ পৰা আহিছোঁ!

প্ৰধানমন্ত্ৰীঃ চণ্ডিগড়ৰ পৰা!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ নেতৃত্বৰ সংজ্ঞা যিটো হৈছে নহয়, কেৱল কুৰ্তা-পায়জামা, জেকেট পিন্ধা আৰু ডাঙৰ মঞ্চত ডাঙৰ ডাঙৰ ভাষণ দিয়াই নেতৃত্ব নহয়। যেনেকৈ তোমালোক ইমানখিনি ইয়াত গোট খাইছা, কিন্তু তোমালোকলোকৰ মাজৰ কোনো এগৰাকী নেতা হৈ গৈছা চাগৈ, কোনো কাৰণ নোহোৱাকৈয়ে তোমালোকে তেওঁক সুধিছা চাগৈ, তেওঁ ক'ব বলা, আৰু তোমালোকেও ভাবিলা যাও ব’লা ভাই যাওঁ, নিজে নিজেই কথাবোৰ হৈ গৈছে চাগৈ। তোমালোকৰ কাম তেওঁক শুধৰাবলৈ কোৱা হোৱা নাই; তোমালোকে নিজকে নিজেই এক নিদৰ্শন কৰি তুলিব লাগিব। যদি তোমালোক সময়মতে আহিব লগা হয়, চোৱা, মনিটৰে এই বুলি ক'ব যে মই মনিটৰ, তোমালোক আহি যোৱা, তেতিয়াহে মই আহিম, তেতিয়া কোনোবাই, তোমাৰ কথা কোনোবাই বাৰু শুনিব নে?

শিক্ষাৰ্থীঃ নুশুনে ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি ‘হোমৱৰ্ক’ কৰিব লগা হয়, যদি মনিটৰে ‘হোমৱৰ্ক’ কৰি দিয়ে, তেন্তে আনসকলে ভাবিব যে তুমি কাৰোবাক ক'বা, হেই তোমাৰ ‘হোমৱৰ্ক’ সম্পূৰ্ণ হোৱা নাইনেকি, ঠিক আছে মই তোমাক সহায় কৰি দিম। আহা!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ শিক্ষকে আমাক কিয় গালি দিব, ব’লা মই তোমাক সহায় কৰি দিওঁ। তুমি যেতিয়া তেওঁক সহায় কৰিবা নহয়, তেওঁৰ অসুবিধাবোৰ বুজি পাবা, কেতিয়াবা যদি কোনোবাই সুধিছা, আৰে ভাই তোমাক দেখোন অসুস্থ যেন লাগিছে, তোমাৰ জ্বৰ হৈছে নেকি, ৰাতি টোপনি ভাল হোৱা নাছিল নেকি, তেতিয়া তেওঁ ভাবিব যে এই গৰাকী মনিটৰে দোখোন মোৰ যত্ন লৈছে, মোৰ খা-খবৰ লৈছে, মোক দেখোন গালি নিদিয়ে, তুমি সন্মান খজি ল’ব নোৱাৰা...

শিক্ষাৰ্থীঃ হয় ছাৰ, হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমাক আদেশ দিব লাগিবনে!

শিক্ষাৰ্থীঃ হয় ছাৰ! হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ পিচে সেয়া কেনেকৈ হ'ব?

শিক্ষাৰ্থী: তুমি নিজকে সলনি কৰিব লাগিব!

প্ৰধানমন্ত্ৰীঃ নিজকে সলনি কৰিব লাগিব।

শিক্ষাৰ্থী: আপোনাৰ আচৰণেৰে সকলোৱে জানিব পাৰিব।

প্ৰধানমন্ত্ৰীঃ তুমি তোমাৰ আচৰণেৰে সলনি হ'বা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ নেতৃত্ব জাপি দিয়া নহয়, তোমাৰ চাৰিওফালে থকা মানুহখিনিয়ে তোমাক মানি লৈছে নেকি বাৰু, যদি তুমি জ্ঞান দিবলৈ যোৱা  কোনেও তোমাক গ্ৰহণ নকৰিব। তোমাৰ ব্যাৱহাৰক তেওঁলোকে গ্ৰহণ কৰিছে। এতিয়া ধৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে ভাষণ দি দিলা আৰু নিজেই লেতেৰা কৰি আছা...

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেতিয়া তুমি নেতা হ'ব নোৱাৰা।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ নেতা হ'বলৈ দলবদ্ধভাৱে কাম কৰিবলৈ শিকাটো অতিকে গুৰুত্বপূৰ্ণ। ধৈৰ্য্য অতি প্ৰয়োজনীয়, কেতিয়াবা কি হয় কাৰোবাক ধৰা অলপ-অচৰপ কাম কৰিবলৈ দিয়া হ’ল আৰু  তেওঁলোকে যেনিবা নকৰিলে, আমি তেওঁলোকৰ ওপৰত জঁপিয়াই পৰো।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমি তেওঁলোকক সোধো কিয় নকৰিলা? তেতিয়া কিন্তু নেতা হ'ব নোৱাৰা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি কাৰোবাক কাম কৰিবলৈ দিছা, তেন্তে তেওঁলোকৰ অসুবিধানো কি আছিল আৰু যদি কোনো নীতি গ্ৰহণ কৰা হয়, য'ত কাম, ততেই আমি থাকিম!

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মোৰ সহকৰ্মীসকলে য’তেই কিছু অভাৱ অনুভৱ কৰিব, ত’তেই মই উপস্থিত হওঁ,  তেওঁলোক অসুবিধাত পৰিছে, মই উপস্থিত হওঁগৈ, তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু পাছত তেওঁলোকে অনুভৱ কৰিব, মই, এয়াতো মই কৰিছিলো, মই নিজেই কৰিছিলোঁ। এই কথা সঁচা যে আপুনি ৮০ শতাংশ সহায় কৰিছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু তেওঁলোকে অনুভৱ কৰিব, এৰা আমি কৰিলোঁ। এইটোৱে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু এই আত্মবিশ্বাসে তোমাৰ নেতৃত্বক স্বীকৃতি দিব। তোমালোকে নিশ্চয় শৈশৱতে শুনিছিলা, শিশু এটি মেলালৈ গৈছিল, দেউতাকে শিশুটোক কৈছিল মোৰ হাতত ধৰি থাকিবা, তাৰ পাছত শিশুটোৱে ক’লে নাই নাই, আপুনি মোৰ হাতত ধৰক, তেতিয়া সকলোৱেই ভাবিব যে এইটো আকৌ কেনেকুৱা ল’ৰা, দেউতাকক কয় মোৰ হাতত ধৰি ব’লা, তাৰ পিছত শিশুটোৱে সুধিছিল, দেউতা আপুনি মোৰ হাতত ধৰিব আৰু মই আপোনাৰ হাতত ধৰিম, বহুত ডাঙৰ পাৰ্থক্য আছে। শিশুটোৱে কি কৈছে, বোলে মই আপোনাৰ হাতত ধৰিম, তেন্তে ই যিকোনো সময়তে পিছলি যাব পাৰে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিন্তু মই নিশ্চিত যে যদি তুমি মোৰ হাতত ধৰা, ই কেতিয়াও এৰাই নাযাব। এই যে বিশ্বাস, এয়া হৈছে নেতৃত্বৰ এক ডাঙৰ শক্তি, আৰু আন কিবা আছে?

শিক্ষাৰ্থীঃ মই ত্ৰিপুৰাৰ ‘পিএমচি আৰ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰীতম দাস...

প্ৰধানমন্ত্ৰীঃ ক'ত আছা?

শিক্ষাৰ্থী: বেলোনিয়া, দক্ষিণ ত্ৰিপুৰা জিলা!

প্ৰধানমন্ত্ৰীঃ তেন্তে ইয়ালৈ কেনেকৈ আহিলা?

শিক্ষাৰ্থী: মোৰ এক আগ্ৰহ আছিল, মই আপোনাক লগ কৰিব বিচাৰিছিলোঁ, কিবা জানিব বিচাৰিছিলোঁ, কিবা শিকিব বিচাৰিছিলোঁ, সেয়াই!

প্ৰধানমন্ত্ৰীঃ তোমাৰ বাছনি কেনেকৈ হ'ল, তুমি উৎকোচ দিব লগা হৈছিল নেকি?

শিক্ষাৰ্থীঃ নাই ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেন্তে কেনেকৈ হ'ল?

শিক্ষাৰ্থীঃ ছাৰ, ত্ৰিপুৰাত উৎকোচ নচলে।

প্ৰধানমন্ত্ৰীঃ নচলে নেকি?

শিক্ষাৰ্থী: মই মোৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ আৰু আপোনাৰ সৈতে মোৰ অন্তৰৰ কথা ক'বলৈ আহিছোঁ।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, মই ‘মন কী বাত’ কৰো, তুমি ‘দিল কী বাত’ কৰা।

শিক্ষাৰ্থীঃ ছাৰ, মই আপোনাক এইটো প্ৰশ্ন কৰিব খুজিছোঁ। যেনে ধৰক আমাৰ দশম বা দ্বাদশৰ ব'ৰ্ড পৰীক্ষাৰ পাছত, বা সেই সময়ছোৱাত আমাৰ যি ‘হ’বি’ থাকে, বা যদি কিবা ‘এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটী’ যেনে ধৰক মই নাচিবলৈ ভাল পাওঁ, বাগিচা কৰিবলৈ ভাল পাওঁ, ৰং কৰিবলৈ ভাল পাওঁ, কিন্তু সেই সকলোবোৰ কৰাৰ ক্ষেত্ৰত আমাৰ পৰিয়ালৰ সদস্যসকলে নিয়ন্ত্ৰণ আৰোপ কৰি দিয়ে, কিয়নো তেওঁলোকে কয় যে এইবোৰ নচলিব। আনকি ব'ৰ্ড পৰীক্ষাৰ পাছতো সেইবোৰ কৰিব নোৱাৰো, আমি কেৱল পঢ়া-শুনাতে গুৰুত্ব দিব লাগিব, কেৰিয়াৰত গুৰুত্ব দিব লাগিব, তেওঁলোকে ভাবে যে এইবোৰত হয়তো কোনো ভৱিষ্যত নাই, অধ্যয়ন কৰিলেহে কেৱল আগবাঢ়িব পৰা যাব।

প্ৰধানমন্ত্ৰীঃ তাৰমানে তুমি নাচিব জানা?

শিক্ষাৰ্থীঃ হয় ছাৰ! মোক সৰুতে শিকোৱা নাছিল, কিয়নো বহুত ভিতৰুৱা গাওঁ আছিল নহয়, সেয়ে ল'ৰাবোৰে যেতিয়া  নাচিছিল, সকলোৱে তাত কিবা বেলেগ ধৰণৰ কথা ক’বলৈ ধৰিছিল।

প্ৰধানমন্ত্ৰীঃ তুমিনো কেনেকৈ নাছা দেখুউৱাচোন!

শিক্ষাৰ্থীঃ এনেকুৱা, এনেকুৱা আৰু বঙালী লোকসকলৰ ‘ধুনুচি’ নামৰ এটি নৃত্য আছে, আৰু তাৰ পিছত এনে ধৰণৰ আন এটা নৃত্য আছে।

প্ৰধানমন্ত্ৰীঃ তেন্তে তুমি যেতিয়া নাছা, তেতিয়া কি হয়?

শিক্ষাৰ্থী: মনটো ভাল লাগে, সন্তুষ্টি লাভ কৰিব পাৰোঁ।

প্ৰধানমন্ত্ৰীঃ ভাগৰ লাগে নে ভাগৰ আঁতৰি যায়?

শিক্ষাৰ্থীঃ নহয়, ভাগৰ নাইকিয়া হয়।

প্ৰধানমন্ত্ৰীঃ ইয়াৰ অৰ্থ হৈছে তুমি মা আৰু দেউতাক বুজাব লাগিব যে যদি তুমি গোটেই দিনটো চাপত থাকা, তোমাৰ দিনটো ভালকৈ যাবনে বাৰু?

শিক্ষাৰ্থীঃ নাই নাযায়?

প্ৰধানমন্ত্ৰীঃ তুমি নাভাবানে যে অলপ ‘ৰিলেক্স’ হোৱা উচিত? ধৰি লোৱা এজনে ঘৰত এটা কুকুৰ পুহিছে, তেওঁ কুকুৰটোক ইমান ভাল পায়, তেওঁ সৰুৰ পৰা ডাঙৰ হোৱাৰ পিছত আৰু যেতিয়া তেওঁ দশম শ্ৰেণী পালেগৈ পিতৃ-মাতৃয়ে সঁকীয়াই দিলে যে এতিয়াৰে পৰা আৰু কুকুৰৰ সৈতে সময় কটাব নোৱাৰিব, আমিয়েই বাৰু কুকুৰৰ যত্ন ল’ম, তুমি তোমাৰ পঢ়াশুনাত মন দিয়া। তোমাৰ মনে ক’ব, নহয়, মন অস্থিৰ হৈ উঠিব। তোমাৰ কথা একেবাৰে সত্য, আৰু এই কথা বুজা উচিত যে আমি ‘ৰবট’ৰ দৰে জীয়াই থাকিব নোৱাৰোঁ। অৱশ্যেই আমি মানুহ, আমি কিয় অধ্যয়ন কৰোঁ? পৰৱৰ্তী শ্ৰেণীলৈ যাবলৈকে নহয়জানো।

শিক্ষাৰ্থী: হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমি প্ৰতিটো স্তৰত আমাৰ সামগ্ৰিক বিকাশৰ বাবে অধ্যয়ন কৰোঁ। যেতিয়া তুমি শিশু-মন্দিৰত আছিলা সেই সময়ত তুমি চাগৈ ভাবিছিলা, এওঁলোকে আমাক এইবোৰ কি কঠোৰ পৰিশ্ৰম কৰাই আছে, তেওঁলোকে কি শিকাইছে, মইতো মালী হ'ব নিবিচাৰো, তেওঁলোকে ফুলৰ বিষয়ে কিয় কথা পাতি আছে, আৰু সেয়েহে মই সদায় পৰীক্ষাৰ বিষয়ে আলোচনা কৰা সকলক, তেওঁলোকৰ পৰিয়ালক আৰু তেওঁলোকৰ শিক্ষকসকলক কওঁ যে যদি আপোনালোকে শিশুসকলক দেৱালৰ ভিতৰত আৱদ্ধ কৰে আৰু এক প্ৰকাৰে কিতাপৰেই কাৰাগাৰ নিৰ্মাণ কৰে। তেতিয়া শিশুসকল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে; তেওঁলোকক এখন মুকলি আকাশৰ প্ৰয়োজন। তেওঁলোকক তেওঁলোকৰ পচন্দৰ কিছুমান বস্তুৰ প্ৰয়োজন, যদি তেওঁলোকে ভাল পোৱা কামবোৰ ভালকৈ কৰিব পাৰে, তেনেহ'লে তেওঁলোকে ভালদৰে অধ্যয়নো কৰিব পাৰিব। পৰীক্ষাই জীৱনৰ সকলো, এনে অনুভূতিৰে জীয়াই থকা উচিত নহয়। যদি তুমি এই প্ৰসংগত নিজকে সৈমান কৰিব পাৰা, মই নিশ্চিত যে তুমি তোমাৰ পৰিয়াল আৰু তোমাৰ শিক্ষকসকলকো সৈমান কৰিব পাৰিবা।

প্ৰধানমন্ত্ৰীঃ বৈভৱ, তুমি কি ভাবা?

শিক্ষাৰ্থী: ছাৰ, আপুনি ঠিকেই কৈছে, মানুহৰ আগ্ৰহ নাইকিয়া হৈ যায়, আমাৰ ভিতৰত...

প্ৰধানমন্ত্ৰীঃ হয়!

শিক্ষাৰ্থী: যদি আমি কেৱল কিতাপৰ পোক হৈয়ে থাকোঁ তেন্তে আমি জীৱন যাপন কৰিব নোৱাৰিম!

প্ৰধানমন্ত্ৰীঃ তেন্তে, আমি কিতাপৰ পৰা ওলাই আহিব লাগিব নেকি?

শিক্ষাৰ্থী: আমি কিতাপ পঢ়িবই লাগিব কিয়নো সেইবোৰতো যথেষ্ট জ্ঞান আছে, কিন্তু আমি নিজৰ বাবেও সময় উলিওৱা উচিত।

প্ৰধানমন্ত্ৰীঃ কিতাপ পঢ়িব নালাগে বুলি ময়ো কোৱা নাই, বহুত পঢ়িব লাগে। আমি যিমান পাৰোঁ সিমান জ্ঞান আহৰণ কৰা উচিত, কিন্তু পৰীক্ষাই সকলো নহয়। জ্ঞান আৰু পৰীক্ষা দুটা বেলেগ বেলেগ বস্তু।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ সেয়া দুটা বেলেগ বেলেগ বস্তু।

শিক্ষাৰ্থী: তেওঁ আমাক বহু কথাত শিকালে, আমাক জীৱনৰ বিষয়ে বহুত শিকালে। পৰীক্ষাক লৈ কেনেদৰে উদ্বিগ্ন নোহোৱাকৈ থাকিব লাগে, কেনেদৰে চাপ আঁতৰাব লাগে আৰু কেনেদৰে পৰীক্ষা ভালদৰে দিব লাগে আৰু কি মূলমন্ত্ৰৰ সৈতে, তেওঁ সেই সকলোবোৰ শিকাইছে।

শিক্ষাৰ্থী: তেওঁ যথেষ্ট ইতিবাচক আৰু আমাৰ মাজতো ইতিবাচকতা সৃষ্টি কৰিছে।

শিক্ষাৰ্থীঃ তেওঁ সকলো প্ৰজন্মকে শক্তিশালী কৰি তুলিছে।

শিক্ষাৰ্থী: তেওঁ আমাক যি যি কৰিবলৈ কৈছিল সেয়া মই কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম!

প্ৰধানমন্ত্ৰীঃ বহা, বহা! হয়, হয়, সুধিব বিচাৰা গৰাকীয়ে অলপ ইয়ালৈ আহি সোধাহি!

শিক্ষাৰ্থীঃ নমস্কাৰ ছাৰ, মোৰ নাম প্ৰীতি বিশ্বাল, মই মোৰ শ্ৰেণীত বহুতো প্ৰতিভাশালী শিশুক দেখিছোঁ যিসকলে অতি পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকে সফলতা অৰ্জন নকৰে, গতিকে আপুনি তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰিব?

প্ৰধানমন্ত্ৰীঃ পৰামৰ্শ দিব নালাগে, তুমি বহা!

প্ৰধানমন্ত্ৰীঃ যদি মই তোমাক পৰামৰ্শ দিওঁ, তুমি লগে লগে ভাবিবা যে এনেকৈ কিয় কৈছো, মোৰ বিষয়ে কি ভাবিছে, মোৰ মাজত কিবা অভাৱ আছে নেকি?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ অৰ্থাৎ, মানুহ এগৰাকী মানসিকভাৱে সমস্যাজৰ্জৰ হ’লে এনে কৰি তুমি কেতিয়াও তোমাৰ বন্ধুক সহায় কৰিব নোৱাৰা। তেওঁৰ ভাল দিশবোৰ বিচাৰি উলিওৱাটো ভাল কথা হ'ব; ৫-৭ দিন কথা পাতিলে তুমি অনুভৱ কৰিব পাৰিবা যে তেওঁ ভাল গান গায়,  মনত পৰিব যে তেওঁ অতি সুন্দৰকৈ কাপোৰ-কানি পিন্ধে, কিবা নহয় কিবা এটাতো ভাল কথা থাকিবই। তাৰ পিছত তেওঁৰ সৈতে আলোচনা কৰা, তেওঁ অনুভৱ কৰিব যে তুমি তেওঁৰ প্ৰতি আগ্ৰহী, তুমি তেওঁৰ ভাল গুণবোৰ জানা। তাৰ পিছত যদি তুমি তেওঁক কোৱা যে তুমি ইমান পৰিশ্ৰম কৰা, তোমাৰ কি হয়, কি সমস্যা হয়, কেৱল তেওঁক সোধা, তেওঁ না ক'ব, মোৰ একো ভাল গুণেই নাই, মই ইয়াৰ যোগ্য নহয়, তেওঁক কোৱা মোৰ ঘৰলৈ আহিবা, একেলগে পঢ়িম আহিবা। দ্বিতীয়তে, তুমি নিশ্চয় লক্ষ্য কৰিছা যে বেছিভাগ শিক্ষকেই শিকায়, কিন্তু যেতিয়া পৰীক্ষাৰ সময় আহে তেওঁলোকে কয় প্ৰশ্নোত্তৰ লিখা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই সদায় বিশ্বাস কৰি আহিছো যে জীৱনত বয়স যিয়েই নহওঁক কিয় লিখাৰ অভ্যাস গঢ়ি তোলা উচিত। যিসকলে কবিতা লিখে, যেনেকৈ বিৰাজে আবৃত্তি কৰি শুনালে, আকাংক্ষাই যেনেকৈ কবিতা আবৃত্তি কৰি শুনালে, এই যে কবিতাবোৰ লিখে তাৰ অৰ্থ হৈছে তেওঁলোকে তেওঁলোকৰ চিন্তাবোৰ প্ৰকাশ কৰে। মোৰ মনত আছে মই আহমেদাবাদত বিদ্যালয়ৰ এগৰাকী বিষয়ববীয়াক লগ পাইছিলো। এটা শিশুৰ পিতৃ-মাতৃয়ে মোলৈ চিঠি লিখিছিল যে মোৰ সন্তানক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁকনো কিয় বহিষ্কাৰ কৰিছে? তেওঁলোকে কৈছিল যে তেওঁ বোলে মনোযোগ নিদিয়ে। আকৰ্ষণীয় কথাটো হ'ল যে পাছত সেই বিদ্যালয়খনত এটা ‘টিঙ্কাৰিং পৰীক্ষাগা’ৰ আৰম্ভ কৰা হৈছিল, আৰু সকলো আচৰিত হৈছিল যে সেই শিশুটোৱে ‘টিঙ্কাৰিং পৰীক্ষাগাৰ’ত অধিক সময় অতিবাহিত কৰিবলৈ লৈছিল, আৰু ‘ৰবটিক্স’-ৰ এক প্ৰতিযোগিতাত সেই বিদ্যালয়খনে প্ৰথম স্থান লাভ কৰিছিল। ইয়াৰ অৰ্থ হৈছে তেওঁৰ কিছু বিশেষ শক্তি আছে। সেই শক্তি চিনাক্ত কৰাটো হ’ব শিক্ষকৰ কাম। মই তোমালোকক এটা কাম কৰিবলৈ দিওঁ, কৰিবানে, আজি নিশ্চিতভাৱে কৰিবানে?

শিক্ষাৰ্থী: হয়, আমি কৰিম! হয়!

প্ৰধানমন্ত্ৰীঃ তোমালোকৰ যিমান বন্ধু আছে, শৈশৱৰ পৰা এই পৰ্যন্ত ২৫-৩০ গৰাকীক মনত পেলোৱা, তাৰ পিছত তেওঁলোকৰ সম্পূৰ্ণ নাম লিখিবলৈ চেষ্টা কৰা,  তেওঁলোকৰ দেউতাকৰ নাম লিখিবলৈ চেষ্টা কৰা, তেতিয়া দেখিবা এই সংখ্যা ১০ হ'বগৈ। তাৰ পিছত তেওঁলোকৰ দেউতাক আৰু মাকৰ নাম লিখা, পৰিয়ালৰ সকলোৰে, সম্ভৱতঃ সংখ্যাটো হ্ৰাস পাবলৈ ধৰিব। ইয়াৰ অৰ্থ হৈছে যে যিগৰাকীক তুমি আটাইতকৈ ভাল বন্ধু বুলি ভাবা তোমাৰ হাতত তেওঁৰ বিষয়েই তথ্য নাই। এনেদৰেই কথাবোৰ চলি আছে। তাৰ পিছত নিজকে এটা প্ৰশ্ন সোধা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভাই, মই ইমান দিন ধৰি বৈভৱৰ সৈতে আছোঁ, ৩ দিন ধৰি লগতে আছোঁ, বৈভৱৰনো কি গুণ আছে, মই সেইবোৰ লিখিব পাৰো নে বাৰু? তুমি যদি এই অভ্যাস বিকশিত কৰা, তোমাৰ মাজতো যিকোনো কথাত ইতিবাচকতা বিচাৰি উলিওৱা অভ্যাস গঢ় লৈ উঠিব। যদি আমি এনে কৰো, মই বিশ্বাস কৰো যে তুমি লাভান্বিত হ'বা।

শিক্ষাৰ্থী: ছাৰ, মোৰ প্ৰশ্ন হৈছে যে পৰীক্ষা কাষ চাপি অহাৰ লগে লগে শিক্ষাৰ্থীসকলে সকলোবোৰ যিমান পাৰে সোনকালে পঢ়ি অঁতোৱাৰ বাবে এক ধৰণৰ চাপ অনুভৱ কৰিবলৈ ধৰে, সেয়েহে এই সময়ছোৱাত তেওঁলোকে অধ্যয়নত অধিক গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ টোপনি, খাদ্য আৰু অন্যান্য কাম-কাজবোৰ ব্যাহত হয়। ছাৰ, আপুনি আপোনাৰ দিনটোৰ উৎপাদনশীলতা ইমান সুন্দৰকৈ পৰিচালনা কৰে, সেয়ে, আপুনি শিক্ষাৰ্থীসকলক তেওঁলোকৰ গোটেই দিনটো কেনেদৰে পৰিচালনা কৰিব পাৰে আৰু অধ্যয়ন কাৰ্যকৰীভাৱে কেনেদৰে পৰিচালনা কৰিব পাৰে সেই বিষয়ে কি পৰামৰ্শ দিব?

প্ৰধানমন্ত্ৰীঃ প্ৰথম কথাটো হ'ল সকলোৰে হাতত ২৪ ঘণ্টা সময় থাকে।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ এই কথটোতো জানা, নহয় জানো।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ কিছুমান লোকে ২৪ ঘণ্টাত খুব ভাল কাম কৰি আছে। কিছুমান লোকৰ দিনটোৰ সম্পূৰ্ণ ২৪ ঘণ্টা কাম কৰাৰ পাছতো একো হোৱা নাই যেনই লাগে।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকৰ কোনো প্ৰৱন্ধনেই নাই, তেওঁলোকে একো নুবুজেই।

শিক্ষাৰ্থীঃ হয়!

প্ৰধানমন্ত্ৰীঃ তেনেকৈয়ে যদি কোনোবা বন্ধু আহে কথা পাতিবলৈ লাগি যায়।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ যদি এটা ফোন কল আহে, তেওঁলোক আবদ্ধ হৈ যায়, তেওঁলোকে সময় কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া উপলব্ধিয়েই নকৰে। প্ৰথমতে, সকলোতকৈ আগতে আমি আমাৰ সময়ক লৈ চিন্তা কৰা উচিত। মই মোৰ সময়ৰ সৰ্বাধিক সদ্ব্যৱহাৰ কেনেদৰে কৰিব পাৰো তাক লৈ অতি সতৰ্ক হৈ থাকোঁ। মই মোৰ সময় অপচয় হ'বলৈ নিদিওঁ। ইয়াৰ অৰ্থ এইটো নহয় যে মই কেৱল সময় ব্যৱস্থাপনাৰ আধাৰত এটাৰ পিছত এটা কৈ কামবোৰ লিখি লওঁ আৰু তাৰ পিছত মই কাইলৈ তিনিটা কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লওঁ, আৰু যদি তিনিটা কাম কৰিব পাৰো, সেইকেইটা কৰিম, আৰু পিছদিনা মই সেইবোৰ কৰিলো নে নাই চিহ্নিত কৰিম। আমি আটাইতকৈ বেছি ভাল পোৱা বিষয়বোৰত তৎক্ষণাৎ সময় অতিবাহিত কৰোঁ, আৰু একেবাৰে অপছন্দ কৰা বিষয়বোৰ স্পৰ্শই নকৰোঁ।

শিক্ষাৰ্থীঃ হয় ছাৰ! সেয়া সঁচা।

প্ৰধানমন্ত্ৰীঃ প্ৰথমতে, এই অভ্যাস ওলোটাই পেলোৱা উচিত।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ প্ৰত্যাহ্বান জনোৱা উচিত, ই কি বুলি ভাবিছে, এই ভূগোলৰ মগজুত কি ভৰি আছে। এই ভূগোলটো মোৰ কবললৈ কিয় অহা নাই? মই ভূগোলক পৰাস্ত কৰিমেই, মনত এনে এক দৃঢ় সংকল্প গ্ৰহণ কৰা উচিত। গণিত, আৰে তই কি বুলি ভাবিছ, আহ, মোৰ সৈতে প্ৰতিযোগিতা কৰ, আমাৰ যুঁজ আৰম্ভ কৰিম। মনত বিজয়ী হোৱাৰ মনোভাৱ থাকিব লাগিব, পৰাজিত হোৱাৰ মানসিকতা গ্ৰহণ কৰা উচিত নহয়, নতশিৰ হোৱা উচিত নহয়।

 

শিক্ষাৰ্থী: সকলোৰে হাতত ২৪ ঘণ্টাই থাকে, কিন্তু কাৰোবাৰ সেই ২৪ ঘণ্টা যথেষ্ট উৎপাদনশীল হয়, আনহাতে আন কাৰোবাৰ আকৌ গল্প কৰোতেই অপচয় হয়, ছাৰে কোৱাৰ দৰে আমি আমাৰ সময়ৰ প্ৰৱন্ধন কৰিব লাগিব যাতে আমি আমাৰ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰো আৰু ২৪ ঘণ্টাজুৰি উৎপাদনশীল হৈ থাকিব পাৰোঁ...

শিক্ষাৰ্থীঃ প্ৰথমতে, ছাৰ আপুনি যিহেতু এটা অতি সুন্দৰ উত্তৰ দিছে, আমি হাততালি বজাম কিন্তু এটা পাকৰ সৈতে, যাক ‘ফুলৰ হাততালি’ বুলি কোৱা হয়।

প্ৰধানমন্ত্ৰীঃ এনে কিয় হয় তোমালোকে জানেনে?

শিক্ষাৰ্থীঃ ছাৰ, এয়া কাণেৰে নুশুনা বিকলাঙ্গ সকলৰ বাবে।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকে তত্ক্ষণাত এনেদৰে কৰি দেখুৱায়।

শিক্ষাৰ্থী: ছাৰ, বিভিন্ন ধাৰণা, সম্ভাৱনা আৰু প্ৰশ্ন আমাৰ মনলৈ আহি থাকে। ছাৰ, এইবোৰে পৰীক্ষাৰ সময়ত অন্যমনস্কতাৰ সৃষ্টি কৰে, গতিকে এনে পৰিস্থিতিত আমি কেনেকৈ আমাৰ মন শান্ত ৰাখিব পাৰোঁ?

প্ৰধানমন্ত্ৰীঃ চোৱা, তোমালোক অস্থিৰ হৈ থাকা বুলি মই বিশ্বাস নকৰোঁ।

শিক্ষাৰ্থীঃ ছাৰ, অলপ-অচৰপটো হওঁ, ছাৰ কাৰণ...

প্ৰধানমন্ত্ৰীঃ কাৰণ মই তোমালোকৰ আত্মবিশ্বাসৰ স্তৰ দেখিছো। আজি পুৱাৰ পৰা মই তোমালোকক চাই আছোঁ, তোমালোকৰ আত্মবিশ্বাসৰ স্তৰ আশ্চৰ্যজনক।

শিক্ষাৰ্থীঃ কিন্তু তথাপিও ছাৰ, এটা কথাতো হয় কাৰণ পৰীক্ষাবোৰযে খুবেই টান...

প্ৰধানমন্ত্ৰীঃ গতিকে ইয়াৰ অৰ্থ হৈছে তোমালোকে নিজৰ সামৰ্থ্য কিমান নাজানা আৰু তোমালোকে এইটোও ভাবা যে বন্ধুবৰ্গৰ মাজত এনেকৈ কোৱা ভাল, হয়, অলপ টান হয়, দশম শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালীয়ে ইজনে সিজনৰ সৈতে কথা পাতিব, ক'ব, কালি পঢ়িবকে নোৱাৰিলো, মোৰ টোপনি আহি গ’ল, কালি মনটো ভাল নাছিল, সকলোৱেই এনে ধৰণৰ কথা-বতৰাই পাতে। আনকি বন্ধুবৰ্গৰ সৈতে ফোনতো...

শিক্ষাৰ্থীঃ হয়!

প্ৰধানমন্ত্ৰীঃ তেন্তে ‘ফোকাছ’ কেনেকৈ হব ভাই?

প্ৰধানমন্ত্ৰীঃ আটাইতকৈ অমূল্য বস্তুটো কি?

শিক্ষাৰ্থী: এইটো মুহূৰ্ত, বৰ্তমানৰ সময়, প্ৰেজেণ্ট!

প্ৰধানমন্ত্ৰীঃ যদি সেয়া গুছি যায়, যদি এনেয়ে, অতীতলৈ, ই তোমালোকৰ হাতত নাথাকে, যদি ইয়াৰ সদ্ব্যৱহাৰ কৰিলা...

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেতিয়া ই জীৱনৰ এটা অংশ হৈ যায়, কিন্তু আমি ইয়াক কেতিয়া সদ্ব্যৱহাৰ কৰিব পাৰিম, চোৱা অতি সুন্দৰ বতাহ বলি আছে, কিন্তু তোমালোকৰ মনোযোগ সেই বতাহৰ ওপৰতনে, ফোৱাৰাটো কিমান ধুনীয়া তাৰ ওপৰত, যদি তোমালোকৰ মনোযোগ অলপ আঁতৰি যায়, তেনেতে মই ক'লো তোমালোকে হয়তো ভাবিবা, হয়তো ভাই...

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ বতাহতো আগতেও বলি আছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মনোযোগ দিয়া নাছিলা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আমি ক’ৰবাত আৰু আমাৰ মনোযোগ আন ক’ৰবাত আছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

শিক্ষাৰ্থীঃ মোৰ আপোনাৰ বাবে এটা প্ৰশ্ন আছে, ছাৰ। আজিকালি, শিক্ষাৰ্থীসকলে পঢ়ি থাকোঁতে হতাশা আৰু উদ্বেগত ভোগে, গতিকে আমি ইয়াৰ পৰা কেনেকৈ ওলাই আহিব পাৰোঁ, ছাৰ?

প্ৰধানমন্ত্ৰীঃ এই সমস্যা ক'ৰপৰা আৰম্ভ হয়? লাহে লাহে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে ঘৰত যেতিয়া কোনোবাই কথা কয়, ভাল নালাগে। আগতে, সৰু ভাইটিৰ সৈতে বহুত কথা পাতিছিলা।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ এতিয়া এনে লাগে, এইটোৱে মূৰ খাই আছে, আঁতৰি যা তই আঁতৰি যা। আগতে, স্কুলৰ পৰা দৌৰি দৌৰি আহিছিলো, আৰু স্কুলত যি যি ঘটিছিল মাক আহি সকলো বিবৰি কৈছিলোঁ।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু এতিয়া মাক নকওঁহি, কি বাৰু বাদ দিয়া। আহিলা, অলপ সময়লৈ কিতাপখন ল’লা, এৰি থ’লা, এনে আচৰণ, তোমালোকে চাগৈ দেখিছা লাহে লাহে নিজেই নিজকে আঁতৰাই আনে, আঁতৰি আঁতৰি ফুৰিবলৈ ধৰে আৰু লাহে লাহে তেওঁক হতাশাগ্ৰস্ততাত ভোগা দেখিবলৈ পোৱা যায়। মনত উদ্ভৱ হোৱা দ্বিধা অকণো সংকোচ নকৰাকৈ কাৰোবাৰ আগত মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত। যদি নকৰা আৰু মনতে সাঁচি ৰাখা তেন্তে লাহে লাহে এটা ডাঙৰ বিস্ফোৰণ হ'ব। আগতে, আমাৰ সামাজিক ব্যৱস্থাত যথেষ্ট লাভ হৈছিল। আমাৰ পৰিয়ালবোৰ নিজেই একোখন বিশ্ববিদ্যালয়ৰ দৰে আছিল। কেতিয়াবা আমি ককাদেউতাৰ লগত কিছুমান কথা মুকলিকৈ পাতি লৈছিলোঁ, কেতিয়াবা আইতাৰ সৈতে, কেতিয়াবা মাহঁতৰ ককাৰ সৈতে, কেতিয়াবা মাহঁতৰ আইতাৰ সৈতে, কেতিয়াবা ডাঙৰ দাদাৰ সৈতে, কেতিয়াবা নবৌৰ সৈতে, অৰ্থাৎ কথা পাতিবলৈ কোনোবো নহয় কোনোবাক পোৱাই গৈছিল। ঠিক যেনেকৈ প্ৰেছাৰ কুকাৰৰ হুইচেল বাজে নহয়...

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কুকাৰটো ফাটি নাযায়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ সেইদৰেই, ক’ৰবাত নহয় ক’ৰবাত এয়া তোমাৰ চাপেই হয়।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু ইফাল সিফাল কৰোতে ককাদেউতাই কয়, ‘নাই নাই ল’ৰা, তেনে নকৰিবা’।

 

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে আমি ভাবো, এয়া ঠিক কথা নহয়,  ঠিক আছে আমি এনে নকৰো।  আকৌ ককাদেউতাই কৈছিল, খুৰাই কৈছিল, ‘আৰে ভাই, পৰি যাবা, সাৱধান হোৱা’, ভাল লাগিছিল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কোনোবাই যত্ন লওক বুলি ভবাটো হৈছে মানুহৰ প্ৰকৃতি। যদি ময়ো ইয়ালৈ আহি ভাষণৰ ফুলজাৰি মাৰি দিওঁ তোমালোকে ভাবিবা যে এইজন প্ৰধানমন্ত্ৰীয়ে নিজকে কি বুলি ভাবে, কিন্তু মই যদি তোমালোকৰ গীত শুনিব বিচাৰো, মই যদি তোমালোকৰ গাঁৱৰ কথাবোৰ জানিব বিচাৰোঁ। ইয়াৰ অৰ্থ হ’ব তোমালোকেও ভাবিবা যে এওঁ দেখোন আমাৰ দৰেই। ব’লা চোন আমিও কথা পাতি লওঁ। তোমালোকে কোনো চাপ অনুভৱ নকৰিবা, হতাশাৰ আটাইতকৈ ডাঙৰ কাৰণকেইটাৰ এটা হৈছে এইটো। দ্বিতীয়তে, মোৰ প্ৰথম শিক্ষকজনৰ কথা মনত আছে, মই যেতিয়া পঢ়ি আছিলো, এনে ভাব হৈছিল যেন মোৰ যিসকল শিক্ষক আছিল তেওঁলোকে মোৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। মোৰ হাতৰ আখৰ ভাল নাছিল, কিন্তু মোৰ মনত আছে যে মোৰ শিক্ষকসকলে মোৰ হাতৰ আখৰ ভাল কৰিবলৈ ইমান কষ্ট কৰিছিল। সম্ভৱতঃ তেওঁলোকৰ হাতৰ আখৰবোৰেই আগতকৈ ভাল হৈ গৈছিল, মোৰ কিন্তু হোৱা নাছিল। কিন্তু তেওঁলোকে যে মোৰ বাবে ইমান কষ্ট কৰিছিল সেই কথাই মোক বাৰুকৈয়ে চুই গৈছিল।

শিক্ষাৰ্থীঃ ছাৰ মোৰ এটা শেষ প্ৰশ্ন আছিল।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে!

শিক্ষাৰ্থী: অভিভাৱকৰ হেঁচাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে বহু সময়ত তেওঁলোকৰ মন নথকা স্বত্বেও ‘কেৰিয়াৰ’ বা পাঠ্যক্ৰম পচন্দ কৰিবলৈ বাধ্য হয়, গতিকে সেই শিক্ষাৰ্থীসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ অনুভূতিক আঘাত নকৰাকৈ কেনেকৈ ‘কেৰিয়াৰ’ বা ‘স্ট্ৰীম’ অনুসৰণ কৰিব পাৰিব?

প্ৰধানমন্ত্ৰীঃ এয়া সঁচা যে পিতৃ-মাতৃসকলৰ প্ৰত্যাশা থাকে, কিন্তু সেয়া নহ’লেই যে তেওঁলোকে মনত দুখ পাই যায়  ঠিক তেনে নহয়, তেওঁলোকে আশা কৰে যে মোৰ সন্তান এনে হোৱা উচিত, মোৰ সন্তানে এনে কৰা উচিত, আৰু ইয়াৰ কাৰণো থাকে, এয়া তেওঁলোকৰ নিজৰ চিন্তা নহয়, বহু সময়ত তেওঁলোকে আনৰ সন্তানক দেখেযে, তেতিয়াই তেওঁলোকৰ অহিমিকাত লাগি যায়, আৰে, মোৰ সম্পৰ্কীয় ভাইৰ ল’ৰাটোৱে দেখোন ইমানখিনি কৰিব পাৰিছে, মোৰটোৱেহে সিমানখিনি কৰিব পৰা নাই।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে তেওঁলোকৰ সামাজিক স্থিতি তেওঁলোকৰ বাবে বাধা হৈ পৰে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ গতিকে অভিভাৱকসকলৰ প্ৰতি মোৰ পৰামৰ্শ হৈছে যে অনুগ্ৰহ কৰি আপোনালোকৰ সন্তানহঁতক আপোনালোকে আৰ্হি হিচাপে সকলোতে থিয় কৰাই নিদিব। আপোনালোকে আপোনালোকৰ সন্তানসকলক ভাল পাওঁক, তেওঁলোকৰ যি শক্তি আছে সেয়া গ্ৰহণ কৰক; পৃথিৱীত এনে কোনো ব্যক্তি নাই যাৰ কিবা এটা গুণ নাথাকে। মই এইমাত্ৰ উল্লেখ কৰাৰ দৰে, সেই ল’ৰাটোক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিবলৈ লোৱা হৈছিল, কিন্তু তেওঁ ‘ৰবট’ নিৰ্মাণত এক নম্বৰ হৈ গৈছিল। স্কুলত খেলা-ধূলাত যিকেইটা ল’ৰা-ছোৱালী খুবেই ভাল, তোমালোকে শচীন তেণ্ডুলকাৰৰ দৰে ইমান ডাঙৰ নাম শুনিছা নিশ্চয়, তেওঁ তেওঁৰ পঢ়া-শুনাৰ কথা নিজেই কয়, ‘এয়া মোৰ বিষয়েই নাছিল, মোৰ পঢ়া-শুনাত বিশেষ আগ্ৰহ নাছিলেই’, কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ মাজত সেই সম্ভাৱনা দেখিছিল, তেওঁৰ শিক্ষকে সেয়া প্ৰত্যক্ষ কৰিছিল, আৰু তেওঁৰ জীৱন সলনি হৈ গৈছিল। কোনোবাই মোক এবাৰ সুধিছিল যে যদি আপুনি প্ৰধানমন্ত্ৰী নহ’লহেতেন, বৰং এজন মন্ত্ৰী হ’লহেতেন, আৰু কোনোবাই আপোনাক যদি কোনো এটা বিভাগ ল'বলৈ ক’লেহেতেন, আপুনি কোনটো বিভাগ পছন্দ কৰিলেহেতেন? মই উত্তৰ দিছিলো যে মই ‘দক্ষতা বিকাশ’ বিভাগটো ল’লোহেতেন।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ দক্ষতাৰ শক্তি অপৰিসীম হয়, আমি দক্ষতাত বিশেষ গুৰুত্ব দিব লাগে, আৰু যদি অভিভাৱকসকলে দেখে যে তেওঁলোকৰ সন্তানে পঢ়া-শুনাত ভাল কৰা নাই, তেন্তে শিশুটোৰ আন কি সামৰ্থ্য আছে সেয়া চিনাক্ত কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সেই অনুসৰি শিশুটিক সেইফাললৈ ঢাল খুৱাই নিব লাগে, তেনেহ'লে মই বিশ্বাস কৰোঁ যে এই চাপ হ্ৰাস পাই যাব।

শিক্ষাৰ্থীঃ প্ৰধানমন্ত্ৰী মোদীয়ে অভিভাৱকসকলক এটা বাৰ্তাও দিছিল যে তেওঁলোকে শিশুসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নালাগে। শিশুৱে পিতৃ-মাতৃৰ পৰা শিকিব লাগে, আৰু অভিভাৱকে তেওঁলোকৰ সন্তানসকলক বুজি পাব লাগে। পাৰস্পৰিক বুজাবুজি থাকিব লাগে।

প্ৰধানমন্ত্ৰীঃ তালৈ যাব লাগিব, অলপ অলপকৈ সকলো কাষ চাপি আহা, বহুত দূৰে-দূৰে আছা। ‘মেডিটোশ্যন’ কৰিব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ এতিয়া ‘মেডিটোশ্যন’ক নিজৰ সৰল ভাষাত ক’ম, তেন্তে কি বুলি ক’ম, ‘ধ্যান কেন্দ্ৰীত কৰা’।

শিক্ষাৰ্থী: ‘ধ্যান কেন্দ্ৰীত কৰা’!

প্ৰধানমন্ত্ৰীঃ চোৱা, এতিয়া এই ফোৱাৰাটো চলি আছে, এক মুহূৰ্তৰ বাবে ইয়াৰ শব্দ শুনা, ইয়াত তোমালোকে কিবা গান শুনিছা নেকি বাৰু?

শিক্ষাৰ্থী: মোৰ ছাৰৰ আটাইতকৈ ভাল লগা কথাটো আছিল প্ৰধানমন্ত্ৰী ছাৰে যেতিয়া সকলোকে ধ্যান কৰিবলৈ কৈছিল, বিশেষকৈ যেতিয়া তেওঁ ফোৱাৰাটো পৰ্যবেক্ষণ কৰিবলৈ কৈছিল আৰু তোমালোকৰ মনত কি চলি আছে সেয়াও লক্ষ্য কৰিবলৈ কৈছিল।

প্ৰধানমন্ত্ৰীঃ চৰাইবোৰৰ কলকলনি শুনিছিলানে?

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ কেনে লাগিছিল?

শিক্ষাৰ্থীঃ খুব ভাল লাগিছিল ছাৰ!

প্ৰধানমন্ত্ৰীঃ পাঁচটা শব্দ একেলগে আহিছিল চাগৈ। কোনটো মাত ক'ৰ পৰা আহিছে, কাৰ মাত আহিছে তোমালোকে বাৰু চিনাক্ত কৰিছিলানে? যদি তোমালোকে এনে কৰিছিলা, তোমালোকৰ মনোযোগ কেন্দ্ৰীভূত হৈছিল। ইয়াৰ যি শক্তি আছিল, ইয়াৰ সৈতে তোমালোকে নিজকে সংযুক্ত কৰিছিলা। যেনেকৈ বৈভৱে মোক এইমাত্ৰ সুধিছিল, যথেষ্ট উদ্বেগে ঘেৰি ধৰে, ইয়াৰ প্ৰতিকাৰ কি? ‘ব্ৰীডিং’!

শিক্ষাৰ্থীঃ ছাৰ, প্ৰাণায়াম!

প্ৰধানমন্ত্ৰীঃ হয়, প্ৰাণায়ামে বহুত কাম কৰে। এক বেলেগ ধৰণৰ শক্তি উৎপন্ন কৰে। যেতিয়া তোমালোকে উশাহ লোৱাৰ সময়ত এনে অনুভৱ কৰা যে শীতল বতাহ ভিতৰলৈ সোমাই গৈছে আৰু গৰম বতাহ ওলাই আহিছে। তোমালোকে কোনটো নাকেৰে উশাহ লৈ আছা পৰীক্ষা কৰাচোন।

শিক্ষাৰ্থীঃ সোঁ নাকেৰে!

প্ৰধানমন্ত্ৰীঃ দুয়োটা নাকেৰে বতাহ অহা নাই যদি আনটোৰ দেখোন বেয়া লাগিব। এতিয়া ধৰি লোৱা তুমি সোঁফালৰ পৰা বাওঁফাললৈ যাব লাগে, তুমি তাক ‘অৰ্ডাৰ’ দিবা নেকি, আৰু ই সন্মত হৈ যাবনে?

শিক্ষাৰ্থী: নাযায়!

প্ৰধানমন্ত্ৰীঃ তাৰ এটা কৌশল আছে, তোমালোকৰ যদি সোঁফালে চলি আছে, তেন্তে বাওঁফলৰ দাঁতখিনি দবাই দিয়া আৰু এনেদৰে এফালে আঙুলিৰে হেঁচা দিয়া। চোৱাচোন, উশাহ আগতে এইফালে চলিছিল, এতিয়া ই লাহে লাহে এইফাললৈ গৈছে।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰী: ৫ ছেকেণ্ডতে শৰীৰৰ ওপৰত তোমালোকৰ নিয়ন্ত্ৰণ আহি গ’ল।

শিক্ষাৰ্থীঃ হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ দুয়োটা নাকৰে আমাৰ উশাহ-নিশাহ চলা উচিত। সমান-সমান হোৱা উচিত, তেন্তে তোমালোকে এনেকৈয়ে হাত, স্কুলৰ শিক্ষকে কয় যে এনেকৈ হাত ভিতৰলৈ নি খাপ খুৱাই বহি যোৱা, এতিয়া উশাহ লোৱা। চোৱা, দুয়োটা নাকেৰেই আৰম্ভ হৈ গ’ল।

শিক্ষাৰ্থীঃ হয় ছাৰ, হয় ছাৰ, হয় ছাৰ!

প্ৰধানমন্ত্ৰীঃ মই কৈছো, এইটো সঁচাকৈয়ে ঘটিবলৈ লৈছে।

শিক্ষাৰ্থীঃ ছাৰ, এইটো সঁচাকৈয়ে হৈ আছে।


ছাত্ৰঃ ছাৰ, যেতিয়া তেওঁ ইয়ালৈ আহিছিল, তেওঁ আমাক ধ্যানৰ বিষয়ে কৈছিল, আমি খুব ভাল অনুভৱ কৰিছিলোঁ আৰু আমাৰ সকলো উদ্বিগ্নতা আঁতৰি গৈছিল।

শিক্ষাৰ্থী: ছাৰ যেতিয়া ইয়ালৈ আহিছিল, তেওঁ আমাক ‘মেডিটেশ্যন’ৰ বিষয়ে কৈছিল, আৰু আমাৰ খুব ভাল লাগিছিল, আৰু আমাৰ যি উদ্বেগ-উদ্বিগ্নতা আছিল সকলোবোৰ আঁতৰি গৈছিল।

শিক্ষাৰ্থী: তেওঁ আমাক ধ্যান কৰিবলৈ শিকাইছিল। যাৰ জৰিয়তে আমি আমাৰ মনক চাপমুক্ত কৰি তোলো, তেওঁ আমাক এইটোও কৈছিল যে আমি কেনেদৰে আমাৰ উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমি সিমানখিনি চাপ ল'ব নালাগে। চাপ যিয়েই নহওঁক কিয় ইয়াক মুকলিকৈ উপভোগ কৰক, আনকি ইয়াক লৈ চিন্তাও নকৰিব।

প্ৰধানমন্ত্ৰীঃ বাৰু, এটা কাম কৰা, সকলোবোৰ কাষ চাপি আহা! আহা আজি আমাৰ গুৰুকুল আছে!

শিক্ষাৰ্থীঃ ছাৰ, আমি পুৱা ‘লাফ্টাৰ থেৰাপী’ও কৰিছিলো।

প্ৰধানমন্ত্ৰীঃ হয়  নেকি! বাঃ! কোনে আটাইতকৈ বেছি হাঁহিছিলা?

শিক্ষাৰ্থীঃ ছাৰ, সকলোৱে!

প্ৰধানমন্ত্ৰীঃ কি শিকাইছিল? কোনোবাই মোক দেখুওৱাচোন!

শিক্ষাৰ্থীঃ হা-হা! হো-হো! হা-হা! হো-হো! হা-হা! হো-হো! হা-হা! হো-হো!

প্ৰধানমন্ত্ৰীঃ ঘৰলৈ গৈ পৰিয়ালৰ সৈতে এইবোৰ কৰিবাগৈনে, তেন্তে তেওঁলোকে কি ক'ব? যে তোমালোক পাগল হৈ উভতি আহিছা। এটা কাম কৰিবা, ঘৰত সকলোকে একত্ৰিত কৰি কৰিবা। ইয়াৰ আনন্দৰ নিজা এক শক্তি আছে, আৰু ঘৰত তিনি দিনৰ ভিতৰত পাৰ্থক্য দেখিবলৈ পাবা, পৰিৱেশ সলনি হৈ যাব।

শিক্ষাৰ্থীঃ আমি ভাবিছিলো যে এইবাৰো যোৱাবাৰৰ দৰেই হ'ব, যোৱাবাৰ প্ৰধানমন্ত্ৰী মঞ্চত আছিল আৰু আন ল’ৰা-ছোৱালীহঁত তলত আছিল, আমি ভাবিছিলো যে এনেকুৱাই কিবা এটা হ'ব। তেনেকুৱা নহ’ল, আজি তেওঁ একেবাৰে বন্ধুৰ দৰে কথা পাতিছিল, আমি আনকি ভবাই নাছিলো যে ভাৰতৰ প্ৰধানমন্ত্ৰী ইয়াত আছে।

শিক্ষাৰ্থীঃ মোৰ নাম যুক্তা মুখী, ছাৰ!

প্ৰধানমন্ত্ৰীঃ ক'ৰ পৰা আহিছা, বেটা?

শিক্ষাৰ্থীঃ ছত্তীশগড়ৰ পৰা!

প্ৰধানমন্ত্ৰীঃ ছত্তীশগড়ৰ পৰা!

শিক্ষাৰ্থীঃ হয় ছাৰ, মই সুধিব বিচাৰিছিলো যে আমি কেনেকৈ সৰু সৰু সাফল্যতে সুখী হ’ব পাৰিম? কাৰণ মই সকলো কথাতে বাৰুকৈয়ে নেতিবাচক হৈ পৰো!

প্ৰধানমন্ত্ৰীঃ তুমি নিজেই ভাবানে নে আনে ক’লে তুমি নেতিবাচক হৈ যোৱা, কোনটো কাৰণে?

শিক্ষাৰ্থী: মই ভাবিছিলো যে মই দশম শ্ৰেণীত ৯৫% পাম, কিন্তু মই ৯৩% হে পাইছিলো, মই ২% কমকৈ পাইছিলো, আৰু মই তাকে লৈ অতিকে হতাশাগ্ৰস্ত হৈ পৰিছিলোঁ।

প্ৰধানমন্ত্ৰীঃ চোৱা বেটা, মই ইয়াক সফলতা বুলিহে বিবেচনা কৰিম। লক্ষ্যটো এনে এক বস্তু হ'ব লাগে যিটো উপনীত হোৱা সীমাৰ ভিতৰত থাকে, কিন্তু সহজে পাব পৰা নহয়, সেয়ে প্ৰথমতেতো মই তোমাক অভিনন্দন জনাইছো যে তুমি তোমাৰ সামৰ্থ্যতকৈ দুটা পইণ্টৰ অধিক লক্ষ্য নিৰ্ধাৰণ কৰিছিলা। এয়া বেয়া নহয়, আৰু তুমি ৯০, আৰু চাবাচোন পিচৰবাৰ যদি ৯৭ ৰ লক্ষ্য নিৰ্ধাৰণ কৰা  তুমি ৯৫ আনিবই পাৰিবা। তোমাৰ গৌৰৱ এইটোৱেই যে তুমি ৯৭ নহয়, ৯৯ নহয়, ১০০ নহয়, বৰং ৯৫ ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলা, তাৰমানে তোমাৰ নিজৰ সামৰ্থ্যৰ ওপৰত ভৰসা আছিল। একেটা বস্তুক তুমি বেলেগ ধৰণেও চাব পাৰা।

শিক্ষাৰ্থী: ছাৰ, পৰীক্ষাৰ সময়ত, বহুতো শিক্ষাৰ্থীয়ে ব'ৰ্ড পৰীক্ষালৈ ভয় কৰে, ছাৰ, আৰু তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন নলয়, ছাৰ।

প্ৰধানমন্ত্ৰীঃ প্ৰথম কথাটো হ'ল এইযে সমস্যাটো, ইয়াৰ বাবে শিক্ষাৰ্থীসকল কম। সকলোতকৈ প্ৰথম দোষটো হ’ল তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ, তেওঁ ভাল শিল্পী হ’ব বিচাৰে, তেওঁ ভালকৈ আঁকিব বিচাৰে, কিন্তু তেওঁলোকে কয় নহয়, তুমি অভিযন্তাহে হ'ব লাগিব, তুমি চিকিৎসকহে হ'ব লাগিব।

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আৰু ইয়াৰ বাবেই তেওঁলোকৰ জীৱন সদায় চাপত থাকিবলগীয়া হয়, সেয়েহে প্ৰথমে মই অভিভাৱক আৰু পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সন্তানসকলক বুজিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকক জানিবলৈ, তেওঁলোকৰ আকাংক্ষাবোৰক বুজিবলৈ, তেওঁলোকৰ সামৰ্থ্যক বুজিবলৈ, তেওঁলোক কি কৰিবলৈ সক্ষম নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰক, আৰু যদি সম্ভৱ হয়, তেওঁলোকক সহায় কৰক। যদি আপনালোকে দেখে যে তেওঁলোকৰ খেলা-ধূলাৰ প্ৰতি আগ্ৰহ আছে, তেন্তে তেওঁলোকক এখন খেল প্ৰতিযোগিতা চাবলৈ লৈ যাওঁক, তেওঁলোক অনুপ্ৰাণিত হ'ব। দ্বিতীয়তে, শিক্ষকসকলেও বিদ্যালয়ত এনে এক পৰিৱেশ সৃষ্টি কৰে য'ত চাৰিটা ভাল শিশুক সদায় প্ৰশংসা কৰা হয়, আনহাতে বাকীসকলক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হয়, শেহৰ বেঞ্চত বহিবলৈ কোৱা হয়, আৰু কোৱা হয় ‘তোৰ কোনো কাম নাই’। এনেবোৰ কথাই তেওঁলোকক হতাশ কৰে। শিক্ষাৰ্থীসকলক ইজনক সিজনৰ সৈতে তুলনা নকৰিবলৈকো মই শিক্ষকসকলক অনুৰোধ জনাইছোঁ। অনুগ্ৰহ কৰি শিক্ষাৰ্থীসকলক সকলোৰে আগত দাবী-ধমকি দিয়াটো বন্ধ কৰক; যদি আপোনাৰ কিবা ক'বলৈ আছে, তেওঁলোকক একাষৰীয়াকৈ নি কওঁক, 'চোৱা, তুমি বহুত ভাল, অতি পৰিশ্ৰমীও, কেৱল ইয়াৰ প্ৰতি অলপ মনোযোগ দিয়া,' আৰু শিক্ষাৰ্থীসকলেও ভাবিব লাগিব, 'ময়ো কষ্ট কৰা উচিত, ভালতকৈয়ো ভাল ফলাফল পোৱাৰ বাবে চেষ্টা কৰা উচিত, যোৱাবাৰতকৈ ভাল কৰা উচিত, আৰু মোৰ বন্ধুবৰ্গৰ সন্মুখতো ভাল প্ৰদৰ্শন কৰি দেখুৱাম।' এয়াই কিন্তু জীৱন নহয়; মই লক্ষ্য কৰি আছোঁ যে তুমি তোমাৰ নিজৰ পৃথিৱীখনতে সোমাই থকা যেন লাগিছে, মুকলিকৈ মিলামিচা কৰা নাই যেন লাগিছে।

শিক্ষাৰ্থী: বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষাৰ্থী হিচাপে মই মোৰ কনিষ্ঠসকলক তেওঁলোকৰ টেষ্ট, পৰীক্ষা বা সেয়া লাগিলে সাংস্কৃতিক, সাহিত্য প্ৰতিযোগিতাই হওঁক, অনুপ্ৰাণিত কৰিবলৈ বেছিভাগ সময় অতিবাহিত কৰোঁ, কিন্তু মই প্ৰায়েই অনুভৱ কৰোঁ যে মই নিজকেহে অনুপ্ৰাণিত কৰিব নোৱাৰো।

প্ৰধানমন্ত্ৰীঃ তুমি কেতিয়াও নিজকে নিজেই অকলশৰীয়া নকৰিবা। তুমি নিজেই নিজৰ বাবে বহুত চিন্তা কৰা। তুমি কাৰো সৈতে সহভাগ নকৰা; অনুপ্ৰাণিত কৰিবলৈ কোনো ব্যক্তিৰ প্ৰয়োজন হয়। সেয়া তোমাৰ পৰিয়ালৰ কোনোবাও হ'ব পাৰে, তোমাৰ জ্যেষ্ঠসকলৰ মাজৰ কোনোবাও হ'ব পাৰে, অথবা নিজকে নিজেই প্ৰত্যাহ্বান জনাব পাৰা, ধৰা আজি ১০ কিলোমিটাৰ চাইকেল চলাম। অৰুণাচলৰ পাহাৰত হ’লেও ১০ কিলোমিটাৰ চলামেই, আজি এইখনি কৰি সম্পূৰ্ণ কৰিছো বুলি গোটেই দিনটো উপভোগ কৰা। তোমাৰ আত্মবিশ্বাস বাঢ়িব। এইবোৰ সৰু সৰু সম্পৰীক্ষণ, নিজকে নিজই পৰাজিত কৰা। বৰ্তমানক এনেদৰে যাপন কৰা যাতে আমাৰ অতীত পৰাজিত হয়।

শিক্ষাৰ্থী: তেওঁ এটা কথা কৈছিল যে আত্ম-লক্ষ্য নিৰ্দ্ধাৰণ কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ, নিজকে নিজেই অনুপ্ৰেৰিত কৰি ৰাখিব লাগে আৰু নিজকে অনুপ্ৰাণিত কৰি ৰাখিবলৈ তোমালোকে বহুতো কথা অনুসৰণ কৰিব পাৰা, যেনে নিজৰ বাবে অৰ্জন কৰিব পৰা সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰা আৰু যেতিয়া সেই লক্ষ্যবোৰ প্ৰাপ্ত কৰিবা, সদায়ে নিজকে পুৰস্কৃত কৰিব পাৰা। এনেদৰে, তেওঁ মোক বহুতো কথাৰে অনুপ্ৰাণিত কৰিছিল।

শিক্ষাৰ্থীঃ ছাৰ, আপোনাৰ ‘মটিভেটৰ’ কোন?

প্ৰধানমন্ত্ৰীঃ মোৰ ‘মটিভেটৰ’ হৈছা তোমালোক সকল, যেনেকৈ অজয়ে গীত লিখিছে, 'পৰীক্ষা পে’ চৰ্চা' শীৰ্ষক কিতাপখন মই বাৰু লিখিছিলোঁ, কিন্তু অজয়ৰ দৰে কোনোবাই তেওঁৰ গাঁৱত বহি ইয়াক তেওঁৰ কবিতাত আকাৰ দিছে, যাৰ ফলত মই অনুভৱ কৰিছো যে মই এই কামটো অধিক ভালকৈ কৰা উচিত। যদি আমি আমাৰ চাৰিওফালে চাওঁ, আমাক অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুতো বস্তুৱেই থাকে দেখোন।

শিক্ষাৰ্থী: মনন-চিন্তনক নিজৰ জীৱনত সমাহিত কৰিব লাগে, পিচে, আমি প্ৰথমে বিষয়টো শুনো, বুজি পাওঁ, কিন্তু ইয়াক জীৱনত সমাহিত কৰিব নোৱাৰো।

প্ৰধানমন্ত্ৰীঃ তুমি শুনিলা, তাৰ পিছত চিন্তা কৰিলা, তেন্তে কি কথা চিন্তা কৰিলা? তুমি তেওঁৰ শব্দৰ, তেওঁৰ পাঠৰ বিষয়ে চিন্তা কৰিলা। যদি কোনোবাই কয় যে পুৱা সোনকালে উঠিব লাগে, মই চিন্তা কৰিলো, হয়, পুৱা সোনকালে উঠাৰ বহুতো লাভ আছে। তাৰ পিছত মই পুনৰ শুই গ'লো, গতিকে মই ইয়াক কেনেকৈ জীৱনত সমাহিত কৰিম? যি শুনিছিলো তাক আকাৰ দিবলৈ মই কি নিজকে এটা পৰীক্ষাগাৰ কৰি সেই কথা বিশ্লেষণ কৰাৰ চেষ্টা কৰিছিলোঁ নে বাৰু? যদি মই এনে কৰিলোহেতেন, মই ইয়াক জীৱনত সমাহিত কৰিব পাৰিলোহেতেন। বেছিভাগ লোকেই নিজৰ সৈতে নিজে প্ৰতিযোগিতাত অৱতীৰ্ণ নহয়, আনৰ সৈতে কিন্তু প্ৰতিযোগিতা কৰে; তেওঁলোকে কেৱল তেওঁলোকৰ সৈতেহে প্ৰতিযোগিতা কৰে যিসকল নিজতকৈ দুৰ্বল, আৰু তাৰ পিছত তেওঁলোকে জঁপিয়াই থাকে, চোৱা, তেওঁতো ৩০হে পালে, তেওঁ যথেষ্ট কঠোৰ পৰিশ্ৰমো কৰিছিল, মই কিন্তু ৩৫ পালো। আৰু যিসকলে নিজৰ সৈতে নিজে প্ৰতিযোগিতা কৰে তেওঁলোকে কেতিয়াও আত্মবিশ্বাস নেহেৰুৱায়।

শিক্ষাৰ্থী: এনে এজন ব্যক্তি আছে যি এই পৃথিৱীখনৰ বাবেই এগছি বন্তি হৈ উঠিছে, এজন মানুহ আছে যি দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰে, আনৰ সুখৰ বাবে নিজৰ দুখ-কষ্টক শক্তিলৈ পৰিৱৰ্তন কৰিছে। এনে এজন ব্যক্তি আছে যি আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, যি আমাক শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিছে, আমাৰ সৈতে বাৰ্তালাপ কৰিছে আৰু আনন্দিত কৰিছে, তেওঁ হৈছে আমাৰ প্ৰিয় শ্ৰী নৰেন্দ্ৰ মোদী জী। ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰীঃ ধন্যবাদ, বেটা, ধন্যবাদ!

শিক্ষাৰ্থীঃ ছাৰ, আপোনালৈ মোৰ প্ৰশ্ন হৈছে যে যেতিয়াই আমি পৰীক্ষা দিবলৈ যাওঁ, মোৰ মনত সদায় এই চিন্তা থাকে যে যদি মই বিফল হওঁ, মই ইয়াৰ পৰিণামৰ বিষয়ে নিৰন্তৰ চিন্তা কৰোঁ। আমি কেনেকৈ বিফলতাৰ ভয়ক এৰাই চলিব পাৰিম?

প্ৰধানমন্ত্ৰীঃ বিদ্যালয়ত, দশম মান, দ্বাদশ মানতযে ৪০%, ৩০% শিক্ষাৰ্থী বিফল হয়, তেওঁলোকৰ কি হয়?

শিক্ষাৰ্থী: তেওঁলোকে পুনৰ চেষ্টা কৰে।

প্ৰধানমন্ত্ৰীঃ যদি তেওঁলোক পুনৰাই বিফল হয় তেন্তে?

প্ৰধানমন্ত্ৰীঃ চোৱা, জীৱন স্তব্ধ হৈ নপৰে। তুমি সিদ্ধান্ত ল'ব লাগিব যে তুমি জীৱনত সফল হ'ব বিচাৰা নে কিতাপত সফল হ'ব বিচাৰা। জীৱনত সফল হোৱাৰ এটা উপায় হ'ল তোমাৰ সকলো বিফলতাক তোমাৰ শিক্ষক কৰা। তোমালোকে জানা যে ক্ৰিকেট খেলবোৰযে হয়, সেইবোৰৰ গোটেই দিনটোৰ ‘ফুটেজ’ থাকে, সকলো খেলুৱৈয়ে বহি সেইবোৰ চায়, তেওঁলোকে কি ভুল কৰিছিল সেইবোৰ চায়, আৰু তাৰ পিছত তেওঁলোকে কি শুধৰণি কৰিব লাগে তাৰ সিদ্ধান্ত লয়। তোমালোকেও বাৰু তোমালোকৰ বিফলতাবোৰক শিক্ষকলৈ পৰিৱৰ্তন কৰিব পাৰিবানে? দ্বিতীয়তে কেৱল পৰীক্ষাই জীৱন নহয়; ইয়াক সমগ্ৰতাৰে চোৱা উচিত। এতিয়া যদি তুমি বিশেষভাৱে সক্ষম ব্যক্তি এগৰাকীৰ জীৱন সুক্ষ্মভাৱে লক্ষ্য কৰা তেন্তে দেখিবা ঈশ্বৰে তেওঁলোকক কিছুমান বস্তু দিয়া নাই। কিন্তু ঈশ্বৰে তেওঁলোকক কিছুমান অসাধাৰণ গুণ দিছে যিবোৰ তেওঁলোকৰ জীৱনৰ সম্বল হৈ উঠে, শক্তি হৈ উঠে। অৱশ্যে আমাৰ ভিতৰতো ঈশ্বৰে কেতবোৰ ত্ৰুটি আৰু কেতবোৰ বিশেষ বৈশিষ্ট্য দিছে।

শিক্ষাৰ্থীঃ হয়, ছাৰ!

প্ৰধানমন্ত্ৰীঃ সেই বিশেষ বৈশিষ্ট্যবোৰক আৰু উন্নত কৰিব পাৰিলেই  তেতিয়া আৰু কোনেও নুসুধিব তোমাৰ ডিগ্ৰী কি, তুমি ক'ত পঢ়িছিল, তুমি দশম শ্ৰেণীত কিমান নম্বৰ পাইছিলা; কোনেও নুসুধিব, আৰু সেয়েহে প্ৰয়াস এনে হ'ব লাগে যে নম্বৰবোৰে কথা ক’ব নে জীৱনে কথা ক’ব?

শিক্ষাৰ্থীঃ জীৱনে, ছাৰ!

প্ৰধানমন্ত্ৰীঃ তেন্তে জীৱনে কথা ক'ব লাগে।

শিক্ষাৰ্থীঃ মই অজয়, মই ‘আৰোহী মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ৰ ছাত্ৰ। আজিকালি, প্ৰযুক্তি যথেষ্ট বৃদ্ধি পাইছে, কিন্তু বহু সময় আমি ইয়াক অত্যাধিকভাৱে ব্যৱহাৰ কৰোঁ, গতিকে ছাৰ, মই বিচাৰো যে আমি কেনেকৈ প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰিব পাৰিম সেই বিষয়ে আপুনি আমাক মাৰ্গদৰ্শন কৰক?

প্ৰধানমন্ত্ৰীঃ প্ৰথম কথাটো হ'ল আমি সকলো ভাগ্যৱান আৰু তোমালোক সকল বিশেষভাৱে সৌভাগ্যৱান। তোমালোক এনে এটা যুগত ডাঙৰ-দীঘল হৈছা য'ত প্ৰযুক্তিৰ ইমান বিশাল বিস্তাৰ, প্ৰভাৱ আৰু ব্যৱহাৰ হৈছে, আৰু সেয়েহে প্ৰযুক্তিৰ পৰা আঁতৰি ফুৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু তুমি সিদ্ধান্ত ল'ব লাগিব যে, মই ৰীল চাই থাকিম নে নাই, সেয়াই বুজি নেকি, মই এই বস্তুটোৰ প্ৰতিহে আগ্ৰহী, তেন্তে তাকেই ভালকৈ নিৰীক্ষণ কৰো, তাৰেই বিশ্লেষণ কৰো, তেন্তে প্ৰযুক্তি এক শক্তি হৈ উঠিব। প্ৰযুক্তিক ধুমুহা বুলি নাভাবিবা; ই এক ডাঙৰ ঘূৰ্ণীবতাহ নহয় যিয়ে তোমাক তললৈ পেলাই দিব। তুমি ধৰি লোৱা উচিত যে যিসকলে গৱেষণা কৰি আছে, উদ্ভাৱন কৰিছে, আৰু প্ৰযুক্তিক আগবঢ়াই আছে তেওঁলোকে তোমালোকৰ কল্যাণৰ বাবেহে এয়া কৰি আছে, আৰু প্ৰযুক্তি বুজি পোৱা আৰু ইয়াক অনুকূলভাৱে ব্যৱহাৰ কৰাটো আমাৰ প্ৰয়াস হ'ব লাগিব।

শিক্ষাৰ্থীঃ ছাৰ, মোৰ এটা প্ৰশ্ন আছে। ছাৰ, কোনো এটা কাম ভালকৈ কৰিবলৈ আমি কেনেকৈ আমাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিম?

প্ৰধানমন্ত্ৰীঃ আমি নিৰন্তৰ ভাৱে আমাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ প্ৰয়াস কৰা উচিত, আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াসৰ প্ৰথম চৰ্ত হৈছে কালিতকৈ আজি ভাল কৰা।

শিক্ষাৰ্থী: আমাৰ পৰিয়ালে, ছাৰ, আমাক আমাৰ ভালৰ বাবে কয় যে আমি এই আঁচনি লোৱা উচিত, তুমি এই বিষয়টো জনা উচিত, তুমি ইয়াৰ বাবে যোগ্য, আমি কি কৰা উচিত? আমি তেওঁলোকৰ কথা শুনিব লাগিব নে আমি নিজৰ কথা শুনিব লাগিব?

প্ৰধানমন্ত্ৰীঃ তেওঁলোকৰ কথা শুনা উচিত আৰু তেওঁলোককো সৈমান কৰা উচিত। তুমি যেতিয়া তেওঁলোকক সুধিবা, 'হয়, এয়া এটা ভাল ধাৰণা, মই এইটোকে কৰা ভাল নহয়জানো? এতিয়া কোৱাচোন কেনেকৈ কৰো, এইবোৰ ক’ত পোৱা যাব, মোক তোমালোকে কেনেকৈ সহায় কৰিব পাৰিবা?' তাৰ পিছত তুমি বিনয়ৰে কোৱা যে মই এনে বুলি শুনিছিলো, এনেকৈ কৰিলে কেনে হয়,  আৰু তেওঁলোকেও লাহে লাহে কথাবোৰ ভাবিবলৈ ল’ব।

শিক্ষাৰ্থী: মোৰ প্ৰশ্ন শুনাৰ বাবে, মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে, আৰু মোক বহুতো কথা শিকোৱাৰ বাবে, শান্ত হৈ থাকিবলৈ আৰু ইতিবাচকতা বৰ্তাই ৰখাৰ বাবে, নেতিবাচক চিন্তাবোৰ মনলৈ ননাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ, মোৰ খুব ভাল লাগিছে, আপোনাক বহুত বহুত ধন্যবাদ!

শিক্ষাৰ্থীঃ আজিকালি, বহু শিক্ষাৰ্থীয়ে পৰীক্ষাৰ সময়ত এটা সমস্যাৰ সন্মুখীন হয় যে তেওঁলোকে তেওঁলোকৰ প্ৰশ্নকাকত সময়মতে শেষ কৰিব নোৱাৰে বা ইয়াৰ বাবে তেওঁলোক অতি উদ্বিগ্ন হবলগীয়া হয়, তেওঁলোকৰ ওপৰত যথেষ্ট চাপ সৃষ্টি হয় ছাৰ, গতিকে ছাৰ তেওঁলোকে সেই চাপ আৰু পৰিস্থিতিৰে কেনেদৰে মোকাবিলা কৰিব লাগে?

প্ৰধানমন্ত্ৰীঃ প্ৰথম পদক্ষেপটো হ'ল তোমাকৰ ওচৰত পুৰণি পৰীক্ষাৰ প্ৰশ্নকাকত থাকে। তোমালোকে সেইবোৰৰ যথেষ্ট অনুশীলন কৰা উচিত; যদি তোমালোকে অনুশীলন কৰিছা, প্ৰয়াস কৰিবা যে মই কম শব্দত উত্তৰ লিখিম, যি মোৰ সময় বচাব। তাৰ পিছত দ্বিতীয়বাৰ, তৃতীয়বাৰ, আৰু শেষত, অলপ পৰিশ্ৰমৰ প্ৰয়োজন হোৱা প্ৰশ্নবোৰৰ বাবে, য'ত মই ভাবিব লাগিব, হৈ যায় যদি ঠিক আছে। নহ’ল যদি, এৰি দিম। কেতিয়াবা কি হয় যে আমি যি নাজানো তাকে লৈ আবদ্ধ হৈ পৰোঁ, আৰু তাৰ পিছত আমাৰ সময় শেষ হৈ যায়। কেতিয়াবা আকৌ উত্তৰটো জানো বাবেই আমি বেছিকৈ লিখোঁ, আমি দীঘলীয়া উত্তৰ লিখোঁ, আৰু ইয়াত যথেষ্ট সময় খৰছ কৰি পেলাওঁ। ইয়াৰ এটা সমাধান হ'ল অনুশীলন কৰা।

শিক্ষাৰ্থীঃ মই ‘পিভিআৰ বালিকা অনগতি পাঠশালা’ত দশম শ্ৰেণীত পঢ়ি আছোঁ। মই অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছোঁ আৰু এই ধুনীয়া অৰণ্যখনত আপোনাৰ সৈতে থাকিবলৈ পোৱাটো আমাৰ ভাগ্য, আৰু মই আপোনাক এইটো প্ৰশ্ন সুধিব বিচাৰো: আমি যেতিয়া আজিকালি কিতাপত পঢ়ি থাকোঁ, আমি জানিব পাৰিছো যে বতৰৰ পৰিস্থিতি সলনি হৈছে, আমি ইয়াৰ বাবে কিবা কৰিব পাৰোঁনে বাৰু?

প্ৰধানমন্ত্ৰীঃ তুমি এটা ভাল প্ৰশ্ন সুধিছা আৰু মই আনন্দিত যে মোৰ দেশৰ সন্তানসকলো জলবায়ুক লৈ চিন্তিত হৈছে। পৃথিৱীৰ বেছিভাগ বিকাশেই এক উপভোক্তাবাদী সংস্কৃতিক উৎসাহিত কৰিছে। এয়া সকলো মোৰ, মই ইয়াক মোৰ সুখৰ বাবে ব্যৱহাৰ কৰিব লাগিব। যদি মোক ভাল আচবাবৰ প্ৰয়োজন হয়, মই ২০০ বছৰীয়া পুৰণি গছ এডালকে কাটি দিম। মই যিমানেই কয়লা জ্বলাব নালাগক কিয় মই ২৪ ঘণ্টাই বিজুলি জ্বলাম। তেওঁলোকে প্ৰকৃতিৰ আটাইতকৈ বেছি ক্ষতি কৰিছে। আমাৰ সংস্কৃতি এনে নহয় যিয়ে প্ৰকৃতিক শোষণ কৰে; ‘মিছন লাইফ’ নামৰ মোৰ এটা অভিযান আছে, ‘এলআইএফই-পৰিৱেশৰ বাবে জীৱনশৈলী’, সেয়েহে মই কওঁ যে আমাৰ জীৱনশৈলী এনেকুৱা হ'ব লাগে যাতে ই প্ৰকৃতিক সুৰক্ষিত কৰে আৰু ইয়াক প্ৰতিপালন কৰে। আমাৰ দেশত, অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলক এইটোও শিকায় যে যেতিয়া আপুনি বিচনাৰ পৰা নামি পুৱা মাটিত ভৰি দিওঁ, প্ৰথমে পৃথিৱী মাতৃৰ ওচৰত ক্ষমা বিচাৰে, 'হে আই, মই তোমাক দুখ দিছোঁ।' আজিও আমাৰ ইয়াত গছ-গছনিৰ উপাসনা কৰোঁ। তেওঁলোকৰ বাবে উৎসৱ আছে, আমি নদীক মাতৃ হিচাপে গণ্য কৰোঁ, সেয়েহে আমি এই সকলো মূল্যবোধক লৈ গৌৰৱ কৰা উচিত। তোমালোকে নিশ্চয় দেখিছা যে ভাৰতে বৰ্তমান 'এক পেড় মা কে নাম' নামৰ এটা গুৰুত্বপূৰ্ণ অভিযান চলাই আছে। চোৱা, এয়া দুগৰাকী মাতৃৰ কথা, এগৰাকী যিয়ে আমাক জন্ম দিছে আৰু এগৰাকী যি আমাক জীৱন দিছে, সেয়েহে আমি আমাৰ মাতৃৰ স্মৃতিত গছ ৰোপণ কৰিব লাগিব আৰু চাব লাগিব যে মোৰ মাৰ স্মৃতি ইয়াৰ সৈতে সম্পৰ্কিত, সেয়েহে এই গছজোপা যিকোনো পৰিস্থিতিতে বাঢ়িব লাগিব, ইয়াৰ যত্ন লোৱা উচিত। ইয়াৰ পৰা কি হ'ব যে বৃহৎ সংখ্যক লোকে গছ আৰু উদ্ভিদ ৰোপণ কৰিব, এক আত্মীয়তা থাকিব, স্বত্বাধিকাৰিত্ব থাকিব, আৰু প্ৰকৃতি সুৰক্ষিত হ'ব।

শিক্ষাৰ্থী: যিহেতু প্ৰকৃতি হৈছে আমাৰ জীৱনত এক ভূমিকা পালন কৰা এক মহান অংশ, আমি গছবোৰৰ সৈতে কথা পাতিব লাগে আৰু সেইবোৰে আমাক যথেষ্ট উপকৃত কৰে, সেয়েহে আমি প্ৰকৃতি সংৰক্ষণক উদগণি যোগোৱা উচিত।

প্ৰধানমন্ত্ৰীঃ সকলো আহিছানে বাৰু, নিজৰ নিজৰ গছপুলি ৰোৱাৰ বাবে, ঠিক আছে সকলোৱে গছপুলি ৰোপণ কৰাহঁত। ঠিক যেনেদৰে এই গছপুলিবোৰ ৰোপণ কৰা হৈছে, সেইবোৰত পানী দিয়াৰ পদ্ধতি কি? এটা উপায় হ'ল ইয়াৰ কাষত মাটিৰ কলহ একোটা পাতি ৰাখিবা আৰু কলহটো পানীৰে ভৰ্তি কৰি থ’বা; মাহত এবাৰ পানী ভৰালেই  গছপুলিবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিব আৰু ইয়াৰ বাবে নিচেই কম পানীৰ প্ৰয়োজন হ'ব। এই কামটোৰ সকলো ঠাইতে অনুশীলন কৰা উচিত। ঠিক আছে, সকলোকে অভিনন্দন!

শিক্ষাৰ্থীঃ ধন্যবাদ, ছাৰ!

শিক্ষাৰ্থীঃ ছাৰ, ইয়াত উপস্থিত থকাৰ বাবে আৰু আমাৰ বাবে এই আশ্চৰ্যকৰ সুযোগ দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।

প্ৰধানমন্ত্ৰীঃ বাৰু, আজি তোমালোক সকলোৱে আটাইতকৈ বেছি মনত ৰখা কথাটো কি?

শিক্ষাৰ্থী: ছাৰ, পৰিৱেশৰ কথাটো!

প্ৰধানমন্ত্ৰীঃ পৰিৱেশ!

শিক্ষাৰ্থীঃ হয় ছাৰ! ছাৰ, আপুনি আমাক বহুত অনুপ্ৰাণিত কৰিলে। গোটেই দিনটো স্মৰণীয় হৈ ৰ'ব; এতিয়া পৰীক্ষাৰ বাবে আমাৰ কোনো উদ্বিগ্নতাই নাই।

প্ৰধানমন্ত্ৰীঃ পৰীক্ষাৰ কোনো উদ্বিগ্নতা নাই, এতিয়া যদি নম্বৰ কমকৈ পোৱা!

শিক্ষাৰ্থী: আপুনি ঠিকেই কৈছে যে জীৱনতহে সফল হোৱা উচিত।

শিক্ষাৰ্থীঃ ছাৰ, এতিয়া পৰীক্ষাই আমাক ভয় কৰিবলৈ ধৰিব।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, তোমালোক সকলোকে বহুত ধন্যবাদ!

শিক্ষাৰ্থীঃ ধন্যবাদ, ছাৰ!

প্ৰধানমন্ত্ৰীঃ আৰু এতিয়া, ঘৰত ‘দাদাগিৰি’ নকৰিবা। এতিয়াতো আমাৰ এটা পোনপটীয়া পৰিচয় হৈ গৈছে। শিক্ষকক আকৌ ভয় নুখুৱাবা!

শিক্ষাৰ্থীঃ নাই, ছাৰ! বিদায়, ছাৰ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Urban India's consumer confidence rebounds in July, retains top global spot: Report

Media Coverage

Urban India's consumer confidence rebounds in July, retains top global spot: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”