প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো উন্নয়ন আঁচনি মহিলাৰ কল্যাণ আৰু সবলীকৰণৰ বাবে
প্ৰধানমন্ত্ৰীয়ে মহিলাসকলক সমাজত ইতিবাচক পৰিবৰ্তন অনাৰ ক্ষেত্ৰত চৰকাৰী নীতি আৰু কাৰ্যসূচীৰ বিষয়ে তেওঁলোকৰ অনুপ্ৰেৰণামূলক কাহিনীবোৰ অধিক ভাগ-বাটোৱাৰা কৰিবলৈ আহ্বান জনায়

উপস্থাপক – এতিয়া, মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা (মুখ্যমন্ত্ৰীৰ মহিলা নিয়োগ আঁচনি)ৰ নিৰ্বাচিত হিতাধিকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। প্ৰথমে পশ্চিম চম্পাৰণ জিলাৰ ৰঞ্জিতা কাজী দিদিক তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ অনুৰোধ জনালোঁ।

 

হিতাধিকাৰী (ৰঞ্জিতা কাজী) – মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ভাইয়ালৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। মোৰ নাম ৰঞ্জিতা কাজী। মই পশ্চিম চম্পাৰণ জিলাৰ বাগাহা-২ ব্লকৰ বাল্মীকি বনাঞ্চলৰ বাসিন্দা। মই জনজাতীয় সম্প্ৰদায়ৰ আৰু জীৱিকা আত্মসহায়ক গোটৰ সৈতে জড়িত। আমাৰ অঞ্চলটো জংঘলেৰে ভৰা অঞ্চল। আমাৰ অঞ্চলত কেতিয়াবা ৰাস্তা, বিদ্যুৎ, পানী, শৌচাগাৰ, শিক্ষাৰ দৰে সুবিধা হ'ব  বুলি মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। কিন্তু আজি এই সকলোবোৰ সা-সুবিধা উপলব্ধ হৈছে । ইয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ভাইয়া ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে নাৰীৰ বাবে আপুনি বহু কাম কৰিছে। আপুনি মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে, যাৰ বাবে আজি আমি চৰকাৰী চাকৰি আৰু পঞ্চায়তীৰাজৰ অনুষ্ঠানত আৰু বহু মহিলাক দেখিবলৈ পাওঁ। আপুনি ইতিমধ্যে চাইকেল আঁচনি আৰু ইউনিফৰ্ম আঁচনি ৰূপায়ণ কৰিছে। ছোৱালীবোৰে ইউনিফৰ্ম পিন্ধি চাইকেল চলাই স্কুললৈ যোৱা দেখিলে ইমান ভাল লাগে। মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া, আপুনি ৰূপায়ণ কৰা উজ্জ্বলা আঁচনিৰ অধীনত মহিলাসকলে এতিয়া কম খৰচত গেছ চিলিণ্ডাৰ লাভ কৰিছে। ইয়াৰ কাৰণে আমাৰ মহিলাসকলে আৰু ধোঁৱাৰ মাজত  খাদ্য ৰান্ধিব নালাগে। আপুনি তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লৈছে। আপোনালোকৰ আশীৰ্বাদত আজি আমি আৱাস যোজনাৰ বাবে স্থায়ী ঘৰত বসবাস কৰি আছো। মাননীয় মুখ্যমন্ত্ৰী ভাইয়া, শেহতীয়াকৈ আপুনি ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা কৰিছে,  পেঞ্চন ৪০০ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত মহিলাসকলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত মহিলাৰ একাউণ্টত ট্ৰেন্সফাৰ হৈ থকা দুই লাখ  দহ হাজাৰ টকাৰ ধনৰাশিয়েও আমাক বহুত সুখী কৰি তুলিছে, আৰু ময়ো বহুত সুখী। ১০ হাজাৰ টকা মোৰ একাউণ্টত আহিলেই তাৰে এটা পাম্প চেট কিনিম, কাৰণ মই কৃষিৰ লগত জড়িত  হৈ আছো। জোৱাৰ আৰু বজৰা খেতি কৰিম। ইয়াৰ পিছত যেতিয়া আমাৰ একাউণ্টত ২ লাখ টকা আহিব তেতিয়া মই জোৱাৰ আৰু বজৰাৰ পৰা তৈয়াৰী আটাৰ ব্যৱসায় আৰম্ভ কৰিম। ইয়াৰ দ্বাৰা স্বদেশী (স্থানীয় আত্মনিৰ্ভৰশীলতা) ধাৰণাটোও প্ৰসাৰিত হ’ব। যদি আপোনালোকৰ সমৰ্থন এনেদৰে চলি থাকে, তেতিয়া আমাৰ কৰ্মসংস্থাপন বাঢ়িব, আমি আগবাঢ়িম, আৰু আমি ‘লাখপতি দিদি’ হ’ম। আমাৰ ভনীয়েকহঁত এই সময়ত বৰ সুখী। নৱৰাত্ৰি উৎসৱৰ সমান্তৰালকৈ তেওঁলোকে মুখ্যমন্ত্ৰী ৰোজগাৰ যোজনাকো উৎসৱ হিচাপে উদযাপন কৰিছে। পশ্চিম চম্পাৰণৰ সকলো ভগ্নীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ভাইয়া ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।

 

উপস্থাপক – ধন্যবাদ দিদি। এতিয়া ভোজপুৰ জিলাৰ ৰীতা দেৱী দিদিক  তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ অনুৰোধ জনালোঁ ।

 

হিতাধিকাৰী (ৰীতা দেৱী)– মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ভাইয়া ডাঙৰীয়াক সমগ্ৰ আৰা জিলাৰ হৈ শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছো। মোৰ নাম ৰীতা দেৱী হেটে। মই আৰা জিলাৰ কইলা থানাৰ দৌলতপুৰ পঞ্চায়তৰ মহম্মদপুৰ গাঁৱৰ বাসিন্দা। ২০১৫ চনত মই এটা আত্মসহায়ক গোটৰ সদস্যা । ইয়াৰ সদস্যা হোৱাৰ পিছত প্ৰথম কিস্তিৰ ৫০০০ টকাৰে চাৰিটা ছাগলী কিনি ছাগলী পালনৰ জৰিয়তে জীৱিকা আৰম্ভ কৰিলোঁ। উপাৰ্জন কৰা ধনেৰে ৫০ টা কুকুৰা কিনি কণীৰ ব্যৱসায়ো আৰম্ভ কৰিলোঁ। আমি ১৫  টকাত কণী বিক্ৰী কৰিছিলো আৰু লাইট থকা মাছৰ বাকচ এটাত কণীৰ পৰা  পোৱালি জগাই  পোৱালিবোৰ ডাঙৰ কৰিবলৈ আৰম্ভ কৰিছিলো।  ইয়াৰ ফলত মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বহুত উন্নত হ’ল। ভাইয়া, আনকি মই লাখপতি দিদি হৈ পৰিলোঁ আৰু লগতে ড্ৰোন দিদিও হৈ পৰিলোঁ। মোৰ এনে উন্নতি উল্লেখযোগ্য। আকৌ এবাৰ আৰা জিলাৰ মহিলাসকলৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ভাইয়া ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা আৰম্ভ হোৱাৰ পিছৰে পৰা গাঁও আৰু স্থানীয় অঞ্চলত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। মহিলাসকল উৎফুল্লিত হৈ পৰিছে। কিছুমান দিদিয়ে কৈছে, আমি গৰুত বিনিয়োগ কৰিলোঁ, কোনোৱে ছাগলীত, কোনোবাই খাৰুৰ  দোকান খুলিলে। মোৰ কথা ক’বলৈ গ’লে ১০ হাজাৰ টকাৰ প্ৰথম কিস্তি  পোৱাত আৰু ১০০ টা কুকুৰা কিনিলোঁ, কাৰণ শীতকালত কণীৰ চাহিদা বাঢ়ি যায়। গতিকে আৰু ১০০ টা কুকুৰা কিনি মোৰ হাঁহ-কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰিলোঁ। ২ লাখ টকা আহিলে মই মেচিন আদি থকা  এখন হাঁহ-কুকুৰা পাম স্থাপন কৰিম, মোৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিম আৰু মোৰ জীৱিকা শক্তিশালী কৰিম। চৰকাৰী আঁচনিয়ে আমাৰ জীৱন সলনি কৰি দিছে ভাইয়া। যেনে, আগতে আমি বোকা-মাটিৰ  ঘৰত বাস কৰিছিলো, বৰষুণৰ সময়ত পানী নিগৰিছিল , কিন্তু এতিয়া আমাৰ গোটেই গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত স্থায়ী ঘৰ আছে আৰু সকলো দিদিয়ে নিজৰ ঘৰত সুখেৰে বসবাস কৰি আছে। যদি আমি শৌচাগাৰৰ কথা কওঁ তেতিয়া আগতে আমি শৌচ কৰিবলৈ পথাৰলৈ যাবলৈ ইমান লাজ অনুভৱ কৰিছিলো, কিন্তু এতিয়া গাঁৱৰ প্ৰতিটো ঘৰতে শৌচাগাৰ আছে, কোনো মহিলাই বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নল সে জল আঁচনি আৰম্ভ হোৱাৰ পৰাই আমি গাঁৱত বিশুদ্ধ খোৱাপানী পাইছো আৰু ই আমাক বহু ৰোগৰ পৰা মুক্ত কৰিছে ভাইয়া, কাৰণ আমি বিশুদ্ধ খোৱাপানী পাবলৈ আৰম্ভ কৰিলোঁ। উজ্জ্বলা গেছ আঁচনিৰ অধীনত গেছ সংযোগ পোৱাৰ পিছৰে পৰা আমি ধোঁৱাময় চৌকা  এৰি খাদ্য ৰান্ধিছো। ইয়াৰ পূৰ্বে চৌকাৰ  ধোঁৱাই চকুৰ বিষৰ সৃষ্টি কৰিছিল। এতিয়া আমি গেছত ৰান্ধো আৰু আমি  বহুত সুখী। আয়ুষ্মান হেল্থ কাৰ্ডৰ জৰিয়তে আমি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিছো। এটকাও খৰচ নহয়। ৫ লাখ টকা পৰ্যন্ত মূল্যৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া। যিহেতু আমি ১২৫ ইউনিট বিনামূলীয়া বিদ্যুৎ পাবলৈ আৰম্ভ কৰিলোঁ, এতিয়া সকলোতে পোহৰ। আগতে সন্ধিয়াৰ পূৰ্বেই  আন্ধাৰ নামিছিল। আগতে আমি ল’ৰা-ছোৱালীক লাইট সোনকালে বন্ধ কৰিবলৈ কৈছিলো, কিন্তু এতিয়া সিহঁতে চিন্তা নকৰাকৈ আৰামত পঢ়িব পাৰিছে। পোহৰৰ তলত আনন্দৰে পঢ়ে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যেতিয়া মহিলাসকলে এই আঁচনিবোৰৰ দ্বাৰা উপকৃত হয় তেতিয়া তেওঁলোকৰ সন্তানেও লাভাৱান্বিত  হয়। আগতে দিদিসকলে  বহু দূৰ খোজ কাঢ়িবলগীয়া হৈছিল যদিও এতিয়া তেওঁলোকৰ সন্তানক স্কুলৰ বাবে চাইকেল দিয়া হৈছে। ল’ৰা-ছোৱালীবোৰে ইউনিফৰ্ম পিন্ধি চাইকেল চলায়। একেটা ইউনিফৰ্ম পিন্ধা সকলো ল’ৰা-ছোৱালীয়ে যেতিয়া ৰাস্তাত একেলগে চাইকেল চলায়, তেতিয়া বৰ ধুনীয়া দেখা যায়। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাইয়া, মই নিজেই স্কুলত পঢ়ি থাকোঁতে চাইকেল এখন আৰু ইউনিফৰ্ম এখন পাইছিলোঁ। ইউনিফৰ্ম পিন্ধি চাইকেল চলাই স্কুললৈ যোৱাটো আছিল এক বিশেষ অভিজ্ঞতা। সেইবাবেই সমগ্ৰ আৰা জিলাৰ হৈ সকলো ভগ্নী-মহিলাৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু নীতিশ ভাইয়ালৈ আন্তৰিক ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। (ঘোষণা – আৰা জিলাৰ হিতাধিকাৰী ৰীতা দেৱীয়ে স্থানীয় উপভাষাত নিজৰ মতামত প্ৰকাশ কৰে,  যিটো অসমীয়ালৈ  অনুবাদ কৰা হৈছে।)

 

প্ৰধানমন্ত্ৰী– ৰীতা দিদি, আপুনি বৰ খৰকৈ কথা কয়! আৰু আপুনি সকলো আঁচনিৰ নামো উল্লেখ কৰিলে। আপুনি বৰ ভালকৈ কথা কয়, সকলো কথা বহুত ধুনীয়াকৈ বুজাই দিলে। কিমান পঢ়া-শুনা কৰিছে ৰীতা দিদি?

 

হিতাধিকাৰী (ৰীতা দেৱী) – ভাইয়া, জীৱিকা (আত্মসহায়ক গোট)ত যোগদান কৰাৰ পিছত মই পঢ়া-শুনা আৰম্ভ কৰিলোঁ। মেট্ৰিক সম্পূৰ্ণ কৰিলোঁ, তাৰ পিছত ইণ্টাৰমিডিয়েট, তাৰ পিছত বি.এ. এতিয়া মই এম.এ.ত নামভৰ্তি কৰিছো।

 

প্ৰধানমন্ত্ৰী – অ’ আচৰিত!

 

হিতাধিকাৰী (ৰীতা দেৱী) – এতিয়া মই জীৱিকাৰ জৰিয়তে পঢ়া-শুনা কৰি আছো। ভাইয়া, আগতে মই শিক্ষিত নাছিলোঁ।

 

প্ৰধানমন্ত্ৰী – ঠিক আছে, আপোনাক বহুত বহুত শুভেচ্ছা!

 

হিতাধিকাৰী (ৰীতা দেৱী) – ভাইয়া, সকলো দিদিৰ হৈ আপোনাক বহুত আশীৰ্বাদ।

 

উপস্থাপক – ধন্যবাদ, ৰীতা দেৱী দিদি। এতিয়া গয়া জিলাৰ পৰা নূৰজাহান খাতুন দিদিক তেওঁৰ অভিজ্ঞতা বৰ্ণনা  কৰিবলৈ আমন্ত্ৰণ জনাইছো।

 

হিতাধিকাৰী (নূৰজাহান খাতুন) – মাননীয় প্ৰধানমন্ত্ৰী ভাইয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ভাইয়ালৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। মোৰ নাম নূৰজাহান খাতুন। গয়া জিলাৰ বোধ গয়াৰ ঝিকটিয়া ব্লকৰ ঝিকতীয়া গাঁৱৰ বাসিন্দা। মই গুলাব জী বিকাশ আত্মসহায়ক গোটৰ সভানেত্ৰী। প্ৰথম কথা, আমি যেতিয়া শুনিলোঁ যে আমি জীৱিকাৰ বাবে ১০,০০০ টকাৰ প্ৰথম কিস্তি লাভ কৰিম, তেতিয়া সকলোৱে বহু আনন্দিত হ’ল। ঘৰ-দুৱাৰ, চুবুৰী, সমগ্ৰ গাঁওখনতে উত্তেজনা। মহিলাসকলে একেলগে বহি আলোচনা কৰি আছে যে এতিয়া তেওঁলোকে প্ৰকৃততে ইচ্ছা কৰা কামটো হাতত ল’ব পাৰিব। সকলোতে এটা আনন্দময় পৰিৱেশ দেখা গ'ল । ১০ হাজাৰ টকাৰ প্ৰথম কিস্তি পালে মোৰ টেইলাৰিং দোকানত এটা ডাঙৰ কাউণ্টাৰ সাজিবলৈ পৰিকল্পনা কৰিছো। তাত সামগ্ৰী প্ৰদৰ্শন কৰি বিক্ৰী কৰিম। ইতিমধ্যে মই এখন টেইলাৰিং দোকান চলাই আছো। আগতে মোৰ স্বামীয়ে বাহিৰত টেইলাৰিঙৰ কাম কৰিছিল, কিন্তু এতিয়া মই তেওঁক ঘূৰাই আনিছো আৰু স্বামী-স্ত্ৰী হিচাপে একেলগে আমি দোকানখন চলাইছো। ১০ জনক চাকৰিও দিছো। আগলৈ  যদি মই ২ লাখ টকাৰ কিস্তি পাওঁ , তেন্তে মই মোৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিম, অধিক মেচিন কিনিম আৰু ১০ জন লোকক নিয়োগ কৰিম। আমাৰ মুখ্যমন্ত্ৰী ভাইয়াই আমাৰ মহিলাসকলক সদায় স্মৰণ কৰি আহিছে আৰু আমাৰ উন্নতিত সহায়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে  মই ক'ব বিচাৰিছো। আগতে আমি আমাৰ পাকঘৰত চাকি আৰু তেলৰ লেম্প ব্যৱহাৰ কৰিছিলোঁ। কিন্তু যিহেতু ১২৫ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰা হৈছে, গতিকে এতিয়ালৈকে কোনো বিল পোৱা নাই৷ তাৰ পৰা ৰাহি হোৱা ধন টিউচন মাচুল আৰু শিশুৰ শিক্ষাৰ বাবে ব্যয় কৰা হৈছে। পূৰ্বে বিলৰ বোজাৰ বাবে দৰিদ্ৰ মহিলাসকলে বিদ্যুতৰ সংযোগ লোৱাৰ পৰা বিৰত আছিল। আজি মই অনুভৱ কৰোঁ যে ১০০% ঘৰত, আনকি দুখীয়া ঘৰতো বিদ্যুতৰ সংযোগ আছে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে এতিয়া ৰাতি বাল্বৰ পোহৰত পঢ়ে। ভাইয়া, আগতে যেতিয়া আমাৰ কোনো আত্মসহায়ক গোট নাছিল, তেতিয়া আমি ঘৰৰ বাহিৰত খুব কমেইহে ভৰি দিছিলো। আমি যেতিয়া প্ৰথমবাৰৰ বাবে গোটৰ কাৰ্য্যকলাপৰ বাবে ওলাই আহিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া আমাক বহুতে গালি পাৰিছিল  আৰু আনকি স্বামীৰ পৰাও মাৰপিটৰ সন্মুখীন হৈছিলো। ভয়ত আমি বেছি ওলাই যোৱা নাছিলো৷ কিন্তু আজি আমাৰ ঘৰলৈ কোনোবা, কোনো ভদ্ৰলোক বা আলহী আহিলে আমাৰ স্বামী বা পৰিয়ালৰ লোকে প্ৰথমে আমাক কয়: “বাহিৰলৈ যোৱা, কোনোবাই তোমাক  লগ কৰিবলৈ আহিছে।” এতিয়া আমি যেতিয়া খোজ দিওঁ তেতিয়া আমাৰ পৰিয়ালবোৰ এই কথা ভাবি সুখী আৰু গৌৰৱান্বিত হয় যে তেওঁলোকৰ মহিলাসকল বাহিৰত সক্ৰিয় হৈ জীৱিকাৰ ক্ষেত্ৰত কাম কৰি আছে। ময়ো  এই কামত আনন্দ অনুভৱ কৰো।  কাৰণ মই কৰ্মসংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম হৈছো আৰু আনক প্ৰশিক্ষণ দিব পাৰিছো। মোৰ স্বামী এজন অল-ৰাউণ্ড টেইলাৰ মাষ্টাৰ। ভাইয়া, আগতে মই মোৰ স্বামীক আমাৰ ঘৰৰ আচল সম্পদ বুলি গণ্য কৰিছিলোঁ। কিন্তু আজি মোৰ স্বামীয়েও মোক লাখপতি বুলি গণ্য কৰি কয় যে আমাৰ ঘৰৰ আচল ধন-সম্পত্তি মই। ভাইয়া, আমি গভীৰ দৰিদ্ৰতাৰ পৰা উঠি আহিছো। আমি আগতে খেৰৰ জুপুৰীত থাকিছিলো, কিন্তু আজি আমি আনন্দৰে বাস কৰিছো, যেন ৰাজপ্ৰসাদত। গয়া জিলাৰ সকলো মহিলাৰ হৈ মোৰ প্ৰধানমন্ত্ৰী ভাইয়া আৰু মুখ্যমন্ত্ৰী ভাইয়ালৈ আন্তৰিক শ্ৰদ্ধা আৰু আশীৰ্বাদ আগবঢ়ালো। আন্তৰিক ধন্যবাদ জনাইছো।

 

প্ৰধানমন্ত্ৰী – নূৰজাহান দিদি, আপুনি ইমান আচৰিত ধৰণে সকলো কথা বুজাই দিলে। মই বিচাৰো আপুনি  মোৰ বাবে এটা কাম কৰক।

 

হিতাধিকাৰী (নূৰজাহান খাতুন)– হয়, অৱশ্যেই।

 

প্ৰধানমন্ত্ৰী – আপুনি ইমান ভালকৈ কথাবোৰ বুজাই দিয়ে। যদি আপুনি এসপ্তাহত এদিন ৰাহি কৰি বিভিন্ন অঞ্চল বা গাঁৱলৈ গৈ ৫০–১০০ দিদিক  গোটাই তেওঁলোকক এইবোৰ কথা বুজাই দিব পাৰে, তেন্তে তেওঁলোকৰ জীৱনৰ বাবেও ই এক ডাঙৰ প্ৰেৰণা হ’ব। কাৰণ আপুনি সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰা, হৃদয়ৰ পৰা, আনকি আপোনাৰ ঘৰুৱা যাত্ৰাৰ কথাও কৈছে। মোৰ বিশ্বাস যেতিয়া আমাৰ মাতৃ আৰু ভগ্নীসকলে আপোনাৰ কথা শুনিব তেতিয়া তেওঁলোকে গভীৰভাৱে অনুপ্ৰাণিত হ'ব। আপুনি অতি সুন্দৰভাৱে কথা কৈছে। আপোনাক বহুত বহুত অভিনন্দন আৰু বহুত বহুত ধন্যবাদ।

হিতাধিকাৰী (নূৰজাহান খাতুন)– হয় ভাইয়া, মই তেওঁলোকক নিশ্চয় বুজাই দিম।

 

উপস্থাপক – ধন্যবাদ দিদি। এতিয়া অৱশেষত পুতুল দেৱী দিদিক পূৰ্ণিয়া জিলাৰ পৰা আমন্ত্ৰণ জনাইছো তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ।

 

হিতাধিকাৰী (পুতুল দেৱী)– মাননীয় প্ৰধানমন্ত্ৰী জী আৰু মাননীয় মুখ্যমন্ত্ৰী জীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। মোৰ নাম পুতুল দেৱী। মই ভৱানীপুৰৰ আৰু মই মুস্কান আত্মসহায়ক গোটৰ সম্পাদিকা। আজি মই অতি সুখী অনুভৱ কৰিছো যে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত ১০ হাজাৰ টকা  দিয়া হৈছে। আগতে মই লাডু আৰু বাটাছা (পৰম্পৰাগত মিঠাই) বিক্ৰী কৰা দোকান এখন চলাইছিলো। এতিয়া মই টিকি, বালুশাহী, জেলেবি, আৰু বৰফীও প্ৰস্তুত কৰিম। অধিক কষ্ট কৰি মই ২ লাখ টকাৰ সাহায্যও লাভ কৰিম, যাৰ দ্বাৰা মই মোৰ দোকানখন সম্প্ৰসাৰণ কৰিম আৰু অধিক কৰ্মচাৰী নিয়োগ কৰিম। লগতে আপুনি আৰম্ভ কৰা জীৱিকা বেংকৰ জৰিয়তে কম সুতৰ হাৰত ঋণ লৈ মোৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিম। মাননীয় প্ৰধানমন্ত্ৰী জীৰ স্বদেশীৰ আহ্বানক সমৰ্থন কৰি মই দেশকো  শক্তিশালী কৰিম। মই অতি সুখী যে মোৰ শাহুৰ পেঞ্চন ৪০০ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰা হৈছে, আৰু ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ সহায়ত মই অধিক সঞ্চয় কৰি মোৰ সন্তানক আৰু অধিক শিক্ষিত কৰিব পাৰিছো। আমাৰ ঘৰখন সুখেৰে ভৰাই তোলাকৈ  এনে আঁচনি অনাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী জী আৰু মাননীয় মুখ্যমন্ত্ৰী জী ডাঙৰীয়াক সমগ্ৰ পূৰ্ণিয়া জিলাবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰণাম জনাইছো। ধন্যবাদ।

 

প্ৰধানমন্ত্ৰী – পুতুল জী, পুতুল দিদি, আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ পৰাই আপুনি নিশ্চয় আৰম্ভণিতে আপোনাৰ পৰিয়ালৰ পৰা, ওচৰ-চুবুৰীয়াই  কোৱা কথাৰ পৰা, দোকানত বহি থকাৰ বাবে গাঁৱৰ মানুহে আপোনাক নিৰুৎসাহিত কৰাৰ দৰে  কিছু অসুবিধাৰ সন্মুখীন হৈছিল।

 

হিতাধিকাৰী (পুতুল দেৱী) – হয় মহাশয় । মোৰ কামত সকলোৱে হাঁহিছিল যদিও মই হাৰ নামানিলোঁ। মোৰ দৃঢ়তাৰে সৰুৰে পৰা আৰম্ভ কৰি লাড়ু আৰু বাটাছা বনালো। জীৱিকাত যোগদান কৰাৰ সময়ত মই ঋণ  লৈছিলো। মহাশয় , তেতিয়া মোৰ ঘৰো নাছিল, কিন্তু তাৰ লগে লগে মই মোৰ ঘৰটো সাজি লৈছো আৰু মই মোৰ সন্তানকো পঢ়াই আছো। আজি মোৰ সন্তানে কাটিহাৰত বিটেক কৰি আছে। চৰকাৰী শিক্ষানুষ্ঠানত নিজৰ যোগ্যতাৰ ভিত্তিত নামভৰ্তি কৰিছিল।

 

প্ৰধানমন্ত্ৰী – অ’ আচৰিত কথা, পুতুল দেৱী জী। আপুনি জেলেবিৰ কথা কৈছিল। জানেনে, আমাৰ দেশত এটা সময়ত আগতে জেলেবিক লৈ বহুত ৰাজনীতি হৈছিল?

 

হিতাধিকাৰী (পুতুল দেৱী) – হয়, হয়।

 

প্ৰধানমন্ত্ৰী – ঠিক আছে তেন্তে, বহুত বহুত ধন্যবাদ।

 

উপস্থাপক – ধন্যবাদ দিদি। এতিয়া মাননীয় প্ৰধানমন্ত্ৰী জী ডাঙৰীয়াক অনুৰোধ কৰিম যে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত ৭৫০০ কোটি টকাৰ ধন হস্তান্তৰ কৰিবলৈ ৰিম’টৰ বুটামটো টিপি দিব, যাৰ ফলত ৭৫ লাখ মহিলা হিতাধিকাৰীয়ে ১০ হাজাৰ টকাকৈ লাভ কৰি উপকৃত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Very Proud': PM Modi Hails Mirabai Chanu, Rishikanta Singh For Clinching Medals In Commonwealth Game

Media Coverage

'Very Proud': PM Modi Hails Mirabai Chanu, Rishikanta Singh For Clinching Medals In Commonwealth Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"