নমস্কাৰ, প্ৰিয় প্ৰিব্যত মস্কৱা! কাক ডেলা?

 

আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।

বন্ধুসকল,

আজি ৯ জুলাই আৰু মোৰ শপতগ্ৰহণৰ এমাহ সম্পূৰ্ণ হ'ল। ঠিক এমাহ আগতে অৰ্থাৎ ৯ জুনত তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিলো আৰু সেইদিনা মই প্ৰতিজ্ঞা কৰিছিলো। মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মোৰ তৃতীয় কাৰ্যকালত মই তিনিগুণ শক্তিৰে কাম কৰিম। তিনিগুণ বেগত কাম কৰিম। আৰু চৰকাৰৰ বহু লক্ষ্যত তিনি নম্বৰৰ অংকটোও কাকতলীয়া ঘটনাৰ দৰে৷ তৃতীয় কার্যকালত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। দৰিদ্ৰ লোকসকলৰ বাবে তিনি কোটি গৃহ নিৰ্মাণো তৃতীয় কাৰ্যকালত চৰকাৰে লক্ষ্য লৈছে। হয়তো এই শব্দটো আপোনালোকৰ বাবেও নতুন হ’ব।

ভাৰতৰ গাঁৱে গাঁৱে চলি থকা মহিলা আত্মসহায়ক গোটসমূহক আমি তেওঁলোকক শক্তিশালী কৰিব বিচাৰো, তেওঁলোকৰ দক্ষতা বিকাশ কৰিব বিচাৰো, এনেধৰণৰ বৈচিত্ৰ্যতা আনিব বিচাৰো। আমি বিচাৰো মোৰ তৃতীয় কাৰ্যকালত গাঁৱৰ দুখীয়া মহিলাসকলৰ মাজত তিনি কোটি দিদি কোটিপতি হওক। অৰ্থাৎ তেওঁলোকৰ বাৰ্ষিক আয় ১ লাখতকৈ অধিক হ’ব লাগে আৰু ই চিৰদিনৰ বাবে স্থায়ী হ’ব লাগে, যিটো এটা ডাঙৰ লক্ষ্য। কিন্তু যেতিয়া আপোনালোকৰ দৰে বন্ধু-বান্ধৱীৰ আশীৰ্বাদ পায়, তেতিয়া ডাঙৰ ডাঙৰ লক্ষ্যবোৰো সহজেই সম্পন্ন হয়। আৰু আপোনালোকে সকলোৱে জানে যে আজিৰ ভাৰতে যি লক্ষ্য নিৰ্ধাৰণ কৰে সেয়া সদায়েই সাধন কৰে। আজি ভাৰত হৈছে সেইখন দেশ যিয়ে চন্দ্ৰযানক চন্দ্ৰলৈ পঠিয়াইছিল য’ত পৃথিৱীৰ আন কোনো দেশেই যাব পৰা নাই। আজি ভাৰত হৈছে সেইখন দেশ যিয়ে বিশ্বক ডিজিটেল লেনদেনৰ আটাইতকৈ নিৰ্ভৰযোগ্য মডেল দিছে। আজি ভাৰত এনে এখন দেশ যিয়ে সামাজিক খণ্ডৰ উত্তম নীতিৰে নিজৰ নাগৰিকক সবল কৰি তুলিছে। আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম থকা দেশ। ২০১৪ চনত প্ৰথমবাৰৰ বাবে আপোনালোকে মোক দেশৰ সেৱাৰ সুযোগ দিলে। সেই সময়ত আগতে কেইশমান ষ্টাৰ্টআপ আছিল, আজি লাখ লাখ আছে। আজি ভাৰত এনে এখন দেশ যিয়ে অভিলেখ সংখ্যক পেটেণ্ট দাখিল কৰি গৱেষণা পত্ৰ প্ৰকাশ কৰি আছে আৰু এয়া মোৰ দেশৰ যুৱক-যুৱতীসকলৰ শক্তি, এয়াই তেওঁলোকৰ শক্তি আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা দেখি বিশ্বইও আচৰিত হৈছে।

বন্ধুসকল,

বিগত ১০ বছৰত দেশখনে যি গতি অৰ্জন কৰিছে, সেই গতি দেখি বিশ্ব আচৰিত হৈ পৰিছে। যেতিয়া বিশ্বৰ অন্যান্য ঠাইৰ মানুহ ভাৰতলৈ আহে...তেওঁলোকে কয়...ভাৰত সলনি হৈ আছে। আপোনালোক আহিলেও একেই অনুভৱ হয় নহয়নে? তেওঁলোকে এনেকুৱা কি দেখিছে? ভাৰতৰ সজীৱতা, ভাৰতৰ নতুন নিৰ্মাণ, তেওঁলোকে স্পষ্টকৈ চাবলৈ সক্ষম হৈছে। যেতিয়া ভাৰতে জি-২০ৰ দৰে সফল অনুষ্ঠানৰ আয়োজন কৰে, তেতিয়া বিশ্বই এক কণ্ঠেৰে কথা কয়, ভাৰত সলনি হৈ আছে। মাত্ৰ দহ বছৰত যেতিয়া ভাৰতে নিজৰ বিমানবন্দৰৰ সংখ্যা দুগুণ কৰে, তেতিয়া বিশ্বই কয় যে ভাৰত সঁচাকৈয়ে পৰিৱৰ্তন হৈছে। যেতিয়া ভাৰতে ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰে’লপথত বিদ্যুৎ সংযোগ কৰে, এই সংখ্যাটো মনত ৰাখিব, মাত্ৰ দহ বছৰৰ ভিতৰতে... তেতিয়া বিশ্বইও ভাৰতৰ শক্তি উপলব্ধি কৰে।

তেওঁলোকে অনুভৱ কৰে যে দেশ সলনি হৈছে। আজি যেতিয়া ভাৰতে ডিজিটেল পেমেণ্টৰ নতুন অভিলেখ গঢ়িছে, আজি যেতিয়া ভাৰতে এল-ৱান পইণ্টৰ পৰা সূৰ্য্যৰ চাৰিওফালে পৰিক্ৰমা সম্পূৰ্ণ কৰে...আজি যেতিয়া ভাৰতে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং নিৰ্মাণ কৰে, আজি যেতিয়া ভাৰতে বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে, তেতিয়া... বিশ্বই কয় যে ভাৰত সঁচাকৈয়ে সলনি হৈ আছে। আৰু ভাৰত কেনেকৈ সলনি হৈছে? কেনেকৈ সলনি হৈছে? ভাৰত সলনি হৈছে, কাৰণ ভাৰতে নিজৰ ১৪০ কোটি নাগৰিকৰ সম্ভাৱনাত বিশ্বাস কৰে। সমগ্ৰ বিশ্বতে বিয়পি পৰা ভাৰতীয়ৰ শক্তিক বিশ্বাস কৰে আৰু গৌৰৱ কৰে। ভাৰত সলনি হৈ আছে, কাৰণ ১৪০ কোটি ভাৰতীয়ই এতিয়া প্ৰতিজ্ঞা লৈ উন্নত দেশ হোৱাৰ সপোন পূৰণ কৰিব বিচাৰিছে। ভাৰতে কঠোৰ পৰিশ্ৰম কৰি আছে, প্ৰতিজন কৃষকে কৰি আছে, প্ৰতিজন যুৱকে কৰি আছে, প্ৰতিজন দুখীয়াই কঠোৰ পৰিশ্ৰম কৰিছে।

আজি মোৰ ভাৰতীয় ভাই-ভনীসকল পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰে। আপোনালোক সকলো ভাৰতীয়ই বুকু ফুলাই মূৰ তুলি লৈ নিজৰ মাতৃভূমিৰ সাফল্যৰ বাবে গৌৰৱ কৰে। আপোনালোকে গৌৰৱেৰে কয় যে আজি আপোনালোকৰ ভাৰতে কিমান উচ্চতাত উপনীত হৈছে। আপোনালোকৰ বিদেশী বন্ধুৰ সন্মুখত ভাৰতৰ নাম উল্লেখ হোৱাৰ লগে লগে আপোনালোকে দেশৰ কৃতিত্বৰ সম্পূৰ্ণ তালিকা এখন দিয়ে আৰু তেওঁলোকে শুনি থাকে। মই মাত্ৰ আপোনাক সুধিম যে মই কোৱা কথাখিনি সঁচা নে নহয়? আপোনালোকে তেনেকুৱা কৰে নে নকৰে? গৌৰৱ কৰে নে নহয়? বিশ্বই আপোনাক চোৱাৰ ধৰণটোও সলনি হৈছে নে নাই? ১৪০ কোটি দেশবাসীয়ে এই কাম কৰিছে। আজি ১৪০ কোটি ভাৰতীয়ই দশক দশক ধৰি চলি অহা সমস্যা সমাধানত বিশ্বাস কৰে। বন্ধুসকল, কাৰ্পেটৰ তলত বস্তুবোৰ দমন কৰি দেশ জীয়াই থকাটো গ্ৰহণযোগ্য নহয়।

আজি ১৪০ কোটি ভাৰতীয়ই প্ৰতিটো ক্ষেত্ৰতে আগৰণুৱা হোৱাৰ প্ৰস্তুতিত ব্যস্ত। আপোনালোকেও দেখিছে, আমি কেৱল আমাৰ অৰ্থনীতিক ক’ভিড সংকটৰ পৰা উলিয়াই অনাই নহয়... ভাৰতে ইয়াৰ অৰ্থনীতিও বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে গঢ়ি তুলিলে। আমি কেৱল আমাৰ আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰাই নহয়, বিশ্ব মানদণ্ডৰ মাইলৰ খুঁটিও সৃষ্টি কৰিছো। আমি কেৱল আমাৰ স্বাস্থ্য সেৱাৰ উন্নতি কৰাই নহয়, দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিক বিনামূলীয়া চিকিৎসাৰ সুবিধাও প্ৰদান কৰিছো আৰু আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুষ্মান ভাৰত চলাইছো। এইখনেই হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ আঁচনি। এই সকলোবোৰ কেনেকৈ হৈছে বন্ধুসকল? কাৰ দ্বাৰা? মই আকৌ কওঁ এয়া হৈছে ১৪০ কোটি দেশবাসীৰ দ্বাৰা। তেওঁলোকে সপোন দেখে, সংকল্প লয় আৰু সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। আমাৰ নাগৰিকৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আনুগত্যৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে।

 

বন্ধুসকল,

ভাৰতৰ এই পৰিৱৰ্তন কেৱল ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ কথা নহয়। এই পৰিৱৰ্তন দেশৰ প্ৰতিজন নাগৰিক আৰু প্ৰতিজন যুৱকৰ আত্মবিশ্বাসতো দেখা যায়। আৰু আপোনালোকে জানে যে সফলতাৰ প্ৰথম পদক্ষেপ হ’ল আপোনালোকৰ আত্মবিশ্বাস। ২০১৪ চনৰ আগতে আমি হতাশাত ডুব গৈছিলোঁ। হতাশা আৰু নিৰাশাই আমাক আগুৰি ধৰিছিল। আজি দেশখন আত্মবিশ্বাসেৰে ভৰি পৰিছে। যদি একে ৰোগত আক্ৰান্ত দুজন ৰোগী চিকিৎসালয়ত থাকে, চিকিৎসকসকলো সমানে সক্ষম, কিন্তু এজন হতাশাত ভোগা ৰোগী আৰু আনজন আত্মবিশ্বাসেৰে ভৰা ৰোগী, তেন্তে আপোনালোকে নিশ্চয় আত্মবিশ্বাসেৰে ভৰা ৰোগী এজন সুস্থ হৈ উঠা দেখিছে কেইসপ্তাহমানৰ ভিতৰতে চিকিৎসালয়ৰ পৰা ওলাই আহে। হতাশাত ভুগি থকা ৰোগীজনক আন কোনোবাই তুলি লৈ কঢ়িয়াই নিব লগা হৈছে। আজি দেশখন আত্মবিশ্বাসেৰে ভৰা আৰু ই ভাৰতৰ সৰ্ববৃহৎ পুঞ্জী।

আপোনালোকেও শেহতীয়াকৈ টি-টুৱেণ্টি বিশ্বকাপত সেই জয় উদযাপন কৰিছিল। মই নিশ্চিত যে ইয়াতো আপোনালোকে নিশ্চয় সেই জয় উদযাপন কৰিছিল। কৰিছিল নে নাই? আপোনালোকৰ গৌৰৱ অনুভৱ হৈছিল নে নাই? বিশ্বকাপ জয়ৰ বাস্তৱ কাহিনীও হৈছে জয়ৰ যাত্ৰা। আজিৰ যুৱক-যুৱতী আৰু আজিৰ যুৱ ভাৰতে শেষ বল আৰু শেষ মুহূৰ্তলৈকে হাৰ নামানে আৰু পৰাজয় মানি ল’বলৈ সাজু নোহোৱাসকলৰ ভৰিত বিজয়ে চুমা খায়। এই আৱেগ কেৱল ক্ৰিকেটতে সীমাবদ্ধ নহয়, আন খেলতো দেখা যায়। বিগত বছৰবোৰত আমাৰ খেলুৱৈসকলে প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াইছে। এইবাৰো ভাৰতৰ পৰা পেৰিছ অলিম্পিকলৈ এটা বৃহৎ দল প্ৰেৰণ কৰিছো। আপোনালোকে দেখিব... সমগ্ৰ দলটোৱে, সকলো খেলুৱৈয়ে কেনেকৈ নিজৰ শক্তি দেখুৱাব। ভাৰতৰ যুৱ শক্তিৰ এই আস্থা ভাৰতৰ প্ৰকৃত পুঁঞ্জী। আৰু এই যুৱ শক্তিয়ে একবিংশ শতিকাত ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ আটাইতকৈ ডাঙৰ সম্ভাৱনা দেখুৱাইছে।

বন্ধুসকল,

নিৰ্বাচনী পৰিবেশটো চাগে চাইছে আৰু লগতে টিভিতো কেনে চলি আছে সেয়াও চাইছে। কোনে কি কৈছে, কোনে কি কৰি আছে।

বন্ধুসকল,

নিৰ্বাচনৰ সময়ত মই কৈছিলোঁ যে বিগত ১০ বছৰত ভাৰতে যি উন্নয়ন সাধন কৰিছে সেয়া মাত্ৰ এটা ট্ৰেইলাৰ। আগন্তুক ১০ বছৰ আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পাব। ছেমিকণ্ডাক্টৰৰ পৰা ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং, গ্ৰীণ হাইড্ৰজেনৰ পৰা বৈদ্যুতিক বাহন আৰু বিশ্বমানৰ  নিৰ্মাণলৈকে ভাৰতৰ নতুন গতিবেগে বিশ্বৰ উন্নয়নৰ অধ্যায় লিখিব আৰু এই কথা মই অতি দায়িত্বশীলতাৰে কৈছো, বিশ্বৰ উন্নয়ন। আজি ভাৰতে বিশ্ব অৰ্থনীতিৰ বৃদ্ধিত ১৫ শতাংশ অৰিহণা যোগাইছে। আগন্তুক সময়ত ইয়াৰ আৰু অধিক সম্প্ৰসাৰণ নিশ্চিত। গোলকীয় দৰিদ্ৰতাৰ পৰা জলবায়ু পৰিৱৰ্তনলৈকে প্ৰতিটো প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত ভাৰত আগৰণুৱা হ’ব আৰু প্ৰতিটো প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাটো মোৰ ডি এন এত আছে।

বন্ধুসকল,

মই সুখী, এই যি মৰম স্নেহ, যেতিয়া দেশবাসীৰ পৰা দূৰত থকাৰ অনুভৱ নহয়, মনত যি চিন্তা চলি থাকে, সেই একে চিন্তাই যেতিয়া ৰাইজৰ মনত চলি থাকে, তেতিয়া অপৰিসীম শক্তিৰ সৃষ্টি হয় বন্ধুসকল।

সেইটোৱেই দেখিছোঁ বন্ধুসকল।

 

বন্ধুসকল,

মই সুখী যে ভাৰত আৰু ৰাছিয়াই কান্ধত কান্ধ মিলাই গ্ল’বেল প্ৰস্পেৰিটিক নতুন শক্তি প্ৰদান কৰিছে। ইয়াত উপস্থিত থকা আপোনালোক সকলোৱে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক নতুন উচ্চতা প্ৰদান কৰিছে। আপোনালোকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰে ৰাছিয়াৰ সমাজলৈ অৰিহণা যোগাইছে।

বন্ধুসকল,

ভাৰত আৰু ৰাছিয়াৰ অনন্য সম্পৰ্কক মই দশক দশক ধৰি প্ৰশংসা কৰি আহিছো। ৰাছিয়া শব্দটো শুনি... প্ৰতিজন ভাৰতীয়ৰ মনলৈ অহা প্ৰথম শব্দ... সুখ-দুখত ভাৰতৰ সংগী... ভাৰতৰ বিশ্বাসযোগ্য বন্ধু। আমাৰ ৰাছিয়ান বন্ধুসকলে ইয়াক দ্ৰুজবা বুলি কয় আৰু আমি ইয়াক হিন্দীত দোস্তি বুলি কওঁ। ৰাছিয়াত শীতকালত তাপমাত্ৰা যিমানেই মাইনাছলৈ নামি নাযাওক কিয়... ভাৰত-ৰাছিয়াৰ বন্ধুত্ব সদায় এটা প্লাছ, উষ্ণতাৰে ভৰা। এই সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ শক্তিশালী ভেটিৰ ওপৰত গঢ় লৈ উঠিছে। আৰু সেই গীতটো এসময়ত ইয়াৰ প্ৰতিটো ঘৰতে গোৱা হৈছিল। লাল টুপী ৰাছিয়ান, এতিয়াও? তথাপি? দিল হায় হিন্দুস্তানী...এই গীতটি হয়তো পুৰণি, কিন্তু আৱেগবোৰ চিৰসেউজ। পুৰণি কালত ৰাজ কাপুৰ ডাঙৰীয়া, মিথুন দা, এনে শিল্পীয়ে ভাৰত আৰু ৰাছিয়াৰ মাজত সাংস্কৃতিক বন্ধুত্বক শক্তিশালী কৰি তুলিছিল... আমাৰ চিনেমাই ভাৰত-ৰাছিয়াৰ সম্পৰ্কক আগুৱাই লৈ গৈছিল... আৰু আজি আপোনালোক সকলোৰে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক নতুন উচ্চতা দিয়া হৈছে। আমাৰ সম্পৰ্কৰ শক্তি বহুবাৰ পৰীক্ষা কৰা হৈছে। আৰু প্ৰতিবাৰেই আমাৰ বন্ধুত্ব বহুত শক্তিশালী হৈ উঠিছে।

বন্ধুসকল,

ভাৰত আৰু ৰাছিয়াৰ এই বন্ধুত্বৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ নেতৃত্বক বিশেষভাৱে শলাগ ল’ম। দুটা দশকৰো অধিক সময় ধৰি এই অংশীদাৰিত্বক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ এক বৃহৎ কাম কৰিছে। যোৱা ১০ বছৰৰ ভিতৰত ষষ্ঠবাৰৰ বাবে ৰাছিয়ালৈ আহিছো। আৰু এই বছৰবোৰত আমি ইজনে সিজনক ১৭ বাৰ লগ পাইছো। এই সকলোবোৰ সভাই বিশ্বাস আৰু সন্মান বৃদ্ধি কৰি আহিছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকল যেতিয়া সংঘাতত আবদ্ধ হৈ পৰিছিল, তেতিয়া ৰাষ্ট্ৰপতি পুটিনে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাত আমাক সহায় কৰিছিল। ইয়াৰ বাবে মই পুনৰবাৰ ৰাছিয়াৰ জনসাধাৰণ আৰু মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল,

আজি আমাৰ বহু সংখ্যক যুৱক-যুৱতী ৰাছিয়ালৈ পঢ়া-শুনা কৰিবলৈ আহে। মোক কোৱা হৈছে যে বিভিন্ন ৰাজ্যৰ সংঘও আছে। ইয়াৰ বাবে প্ৰতিখন ৰাজ্যৰ উৎসৱ, খাদ্য, ভাষা, উপভাষা, গীত আৰু সংগীতৰ বৈচিত্ৰ্যও ইয়াতে ৰৈ গৈছে। ইয়াত আপোনালোকে হোলীৰ পৰা দীপাৱলীলৈকে প্ৰতিটো উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰে। ভাৰতৰ স্বাধীনতা দিৱসো ইয়াত উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। আৰু আশা কৰিছো এইবাৰ ১৫ আগষ্ট আৰু অধিক আচৰিত হ’ব লাগে। যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসতো ইয়াত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল। আৰু এটা কথা দেখি মোৰ আৰু ভাল লাগে। ইয়াত আমাৰ ৰাছিয়ান বন্ধুসকলেও আপোনালোকৰ সৈতে এই উৎসৱসমূহ সমান উৎসাহেৰে উদযাপন কৰে। এই জনগোষ্ঠীৰ পৰা মানুহ সংযোগ কৰাটো চৰকাৰৰ পৰিসৰৰ বহু ওপৰত আৰু ই এক বিশাল শক্তিও।

আৰু বন্ধুসকল,

এই ইতিবাচকতাৰ মাজতে মই আপোনালোকৰ লগত আন এটা ভাল খবৰও শ্বেয়াৰ কৰিব বিচাৰিছো। আপোনালোকে নিশ্চয় ভাবিছে যে কি ভাল খবৰ আহিল। কাজান আৰু ইয়েকাটেৰিনবাৰ্গত দুটা নতুন ৰাষ্ট্ৰদূতৰ কাৰ্যালয় মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত অহা-যোৱা আৰু ব্যৱসায়-বাণিজ্য সহজ হৈ পৰিব।

 

বন্ধুসকল,

অষ্ট্ৰাখানত থকা ইণ্ডিয়া হাউছো আমাৰ সম্পৰ্কৰ প্ৰতীক। সপ্তদশ শতিকাত গুজৰাটৰ পৰা ব্যৱসায়ীসকলে তাত বসতি স্থাপন কৰিছিল। মই যেতিয়া গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই তালৈ গৈছিলো। দুবছৰ পূৰ্বে উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ পৰাও প্ৰথমটো বাণিজ্যিক চালান ইয়াত উপস্থিত হৈছিল। এই কৰিডৰে মুম্বাই আৰু বন্দৰ চহৰ অষ্ট্ৰাখানক সংযোগ কৰে। এতিয়া আমি চেন্নাই-ভ্লাডিভষ্টক ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰৰ কামো কৰি আছো। আমাৰ দুয়োখন দেশেই সভ্যতাৰ গংগা-ভল্গা সংলাপৰ জৰিয়তে পৰস্পৰক পুনৰ আৱিষ্কাৰ কৰি আছে।

বন্ধুসকল,

২০১৫ চনত ইয়ালৈ অহাৰ সময়ত মই কৈছিলোঁ যে একবিংশ শতিকা ভাৰতৰ হ’ব৷ তেতিয়া মই কৈ আছিলো, আজি বিশ্বই কৈছে। এই বিষয়ত এতিয়া বিশ্বৰ সকলো বিশেষজ্ঞৰ মাজত কোনো বিতৰ্ক নাই। সকলোৱে কয় যে একবিংশ শতিকা ভাৰতৰ শতিকা। আজি বিশ্বৰ বন্ধু হিচাপে ভাৰতে বিশ্বক নতুন আত্মবিশ্বাস দিছে। ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্যই সমগ্ৰ বিশ্বক সুস্থিৰতা আৰু সমৃদ্ধিৰ আশাৰ সঞ্চাৰ কৰিছে। ভাৰতক নিউ ইমাৰ্জিং মাল্টিপোলাৰ ৱৰ্ল্ড অৰ্ডাৰত এক শক্তিশালী স্তম্ভ হিচাপে দেখা গৈছে। ভাৰতে যেতিয়া শান্তি, আলোচনা আৰু কূটনীতিৰ কথা কয়, তেতিয়া সমগ্ৰ বিশ্বই শুনি থাকে। যেতিয়াই পৃথিৱীত সংকট আহি পৰে, তেতিয়াই ভাৰত প্ৰথম স্থান পোৱা দেশ হিচাপে পৰিগণিত হয়। আৰু বিশ্বৰ আশা পূৰণৰ বাবে ভাৰতে কোনো ত্ৰুটি নাৰাখে। দীৰ্ঘদিন ধৰি বিশ্বই ইনফ্লুয়েন্স অৰিয়েণ্টেড গ্ল’বেল অৰ্ডাৰ দেখি আহিছে। আজিৰ পৃথিৱীত ইনফ্লুৱেঞ্চ নহয়, কনফ্লুৱেঞ্চৰ প্ৰয়োজন। সমাগম আৰু সংগম পূজা কৰা ভাৰততকৈ এই বাৰ্তা কোনে ভালকৈ বুজিব পাৰে? কোনে দিব পাৰে?

বন্ধুসকল,

আপোনালোক সকলো ৰাছিয়াত ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ। ইয়াত মিছনত বহি থকাসকল এম্বেছাদৰ নহয় বা মিছনৰ বাহিৰত থকাসকলো এম্বেছাদৰ নহয়। আপোনালোকে ৰাছিয়া আৰু ভাৰতৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি যাওক।

 

বন্ধুসকল,

৬০ বছৰৰ পাছত ভাৰতত তৃতীয়বাৰৰ বাবে চৰকাৰ নিৰ্বাচিত হোৱাটো সঁচাকৈয়ে এক ডাঙৰ কথা। কিন্তু এই নিৰ্বাচনত সকলোৰে মনোযোগ আৰু কেমেৰা মোদীৰ ওপৰত কেন্দ্ৰিত আছিল, যাৰ বাবে আন বহু গুৰুত্বপূৰ্ণ ঘটনাৰ প্ৰতি ৰাইজে গুৰুত্ব নিদিলে। উদাহৰণস্বৰূপে, এই নিৰ্বাচনৰ সময়ত চাৰিখন ৰাজ্যতো নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ আৰু ওড়িশাকে ধৰি এই চাৰিখন ৰাজ্যত এন ডি এ একক সংখ্যাগৰিষ্ঠাতে জয়লাভ কৰে। আৰু এতিয়াই মহাপ্ৰভু জগন্নাথ জীৰ ৰথযাত্ৰা চলি আছে, জয় জগন্নাথ। ওড়িশাই এক বৃহৎ বিপ্লৱৰ সূচনা কৰিছে আৰু সেইবাবেই আজি আপোনালোকৰ মাজলৈ ওড়িয়া গামোচা পিন্ধি আহিছো।

বন্ধুসকল,

মহাপ্ৰভু জগন্নাথ জীৰ আশীৰ্বাদ আপোনালোক সকলোৰে ওপৰত বৰ্ষণ হওক, সকলো সুস্থ হৈ থাকক, সমৃদ্ধিশালী হৈ থাকক...এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! আৰু এয়াই অমৰ প্ৰেমৰ কাহিনী বন্ধুসকল। ই দিনক দিনে বৃদ্ধি পাই থাকিব, ই সপোনক সংকল্পলৈ ৰূপান্তৰিত কৰি থাকিব আৰু আমাৰ কষ্টৰে প্ৰতিটো সংকল্প পূৰণ হ’ব। এই আত্মবিশ্বাসেৰে আকৌ এবাৰ আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ লগত সমস্বৰে কওক...

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

আপোনাক সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
What's in a name? Pakistan boxer's hate for 'Narendra'

Media Coverage

What's in a name? Pakistan boxer's hate for 'Narendra'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to release the Autobiography of Former President Shri Ram Nath Kovind on 12 August
August 11, 2026
Title of the Autobiography: “Triumph of the Indian Republic: My Life, My Struggles”

Prime Minister Shri Narendra Modi will release the autobiography of former President of India, Shri Ram Nath Kovind, titled “Triumph of the Indian Republic: My Life, My Struggles”, on 12 August, 2026, at 9:30 AM at Vigyan Bhavan, New Delhi. Prime Minister will also address the gathering on the occasion.

The release of the autobiography by the Prime Minister will mark a significant occasion celebrating the life and contributions of one of India’s most distinguished public figures. The autobiography offers a deeply personal account of Shri Ram Nath Kovind’s remarkable life journey, tracing his experiences, struggles and achievements from his early years to his distinguished public life and eventual service as the 14th President of India. The book provides insights into the values, experiences and circumstances that shaped his journey and public service.