"মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে"
"মেঘালয় প্ৰতিভাশালী শিল্পীৰে পৰিপূৰ্ণ আৰু শ্বিলং চেম্বাৰ কয়ৰে ইয়াক নতুন শিখৰলৈ নিছে"
"মেঘালয়ৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিক লৈ দেশখনৰ যথেষ্ট আশা আছে"
"মেঘালয়ৰ ভগ্নীসকলে বাঁহ বয়ন কলাক পুনৰুজ্জীৱিত আৰু ইয়াৰ কঠোৰ-পৰিশ্ৰমী কৃষকসকলে জৈৱিক ৰাজ্য হিচাপে মেঘালয়ৰ পৰিচয়ক শক্তিশালী কৰিছে"

নমস্কাৰ!

 মেঘালয় প্রতিষ্ঠাৰ স্বর্ণ জয়ন্তী উদযাপন অনুষ্ঠান উপলক্ষে সমগ্ৰ ৰাজ্যবাসীক অভিনন্দন জনাইছো। মেঘালয় ৰাজ্য প্রতিষ্ঠা আৰু বিকাশত যিসকলে অৱদান আগবঢ়াইছিল আজি মই তেওঁলোকক প্রশংসা কৰিছো। এতিয়াৰে পৰা ৫০ বছৰ পূৰ্বে মেঘালয় ৰাজ্য প্রতিষ্ঠাৰ বাবে যিসকল বিশিষ্ট ব্যক্তিয়ে সমর্থন জনাইছিল, তেওঁৰ ভিতৰত একাংশ ব্যক্তি আজি এই অনুষ্ঠানত উপস্থিত আছে৷ মই তেওঁলোককো প্রণাম জনাইছো!

বন্ধুসকল,

মোৰ কেইবাবাৰো মেঘালয় ভ্ৰমণৰ সৌভাগ্য হৈছে। প্রধানমন্ত্রী হিচাপে সেৱা কৰাৰ দায়িত্ব যেতিয়া আপোনালোকে মোক দিছিল, তেতিয়া মই প্রথমবাৰ উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ শিলঙলৈ গৈছিলো৷ ৩-৪ দশকৰ পাছত শিলঙৰ পৰিষদীয় বৈঠকত প্রধানমন্ত্রী হিচাপে অংশগ্রহণৰ অভিজ্ঞতা এতিয়াও পাহৰা নাই৷ মই অতিশয় আনন্দিত যে বিগত ৫০ বছৰত মেঘালয়বাসীয়ে প্রকৃতিৰ সৈতে নিজৰ পৰিচয় আৰু অধিক নিবিড় কৰিছে৷ মেঘালয়ে প্রকৃতিৰ বিভিন্ন ৰূপেৰে ভৰপুৰ শোভা, জান-জুৰি, স্বচ্ছতা আৰু অপৰূপ পৰিৱেশৰ লগতে নিজৰ অনন্য ঐতিহ্যৰ যোগসূত্র গঢ়ি তুলি দেশ-বিদেশত অত্যন্ত আকর্ষণীয় হৈ পৰিছে।

 মেঘালয়ে প্রকৃতি আৰু অগ্রগতি, সংৰক্ষণ আৰু পৰিস্থিতিতন্ত্ৰৰ বিশিষ্টতা ধৰি ৰাখি বিশ্বৰ বাবে গুৰুত্বপূর্ণ বার্তা দিছে। খাচী, গাৰো আৰু জয়ন্তীয়া সম্প্রদায়ৰ আমাৰ ভাই-ভনীসকল প্রকৃতি আৰু পৰিৱেশ সংৰক্ষণত নিঃসন্দেহে কৃতিত্বৰ অধিকাৰী। এই সম্প্রদায়ৰ লোকসকল প্রকৃতিৰ সৈতে জীৱনৰ সম্প্রীতি বজাই ৰাখিবলৈ উৎসাহিত কৰিছে, ইয়াৰ লগতে উদ্যোগ আৰু সংগীতৰ ক্ষেত্রত অসামান্য অৱদান আগবঢ়াইছে৷ হুইচিলিং গাঁৱৰ ঐতিহ্য প্রকৃতিৰ সৈতে আমাৰ চিৰন্তন নিবিড় সম্পর্কক দাঙি ধৰে৷ মেঘালয়ৰ প্রতিখন গাঁৱেই নিজা নিজা সমৃদ্ধ পৰম্পৰা আছে।

প্রতিভাবান শিল্পীৰে সমৃদ্ধ মেঘালয়ে ৰাজ্যৰ শ্বিলং চেম্বাৰ কঁইৰ এই ঐতিহ্যক এক নতুন পৰিচয় দি উচ্চতাৰ শিখৰত উপনীত কৰাইছে। উদ্যোগৰ সমান্তৰালভাৱে ৰাজ্যৰ যুৱ সম্প্রদায়ৰ প্রতিভাই দেশৰ ক্রীড়া ক্ষেত্রতো গৌৰৱান্বিত কৰিছে। দেশে যিসময়ত ক্রীড়া ক্ষেত্রত মহাশক্তিধৰ হৈ উঠাৰ দিশে গতি কৰিছে, সেই সময়ত ৰাজ্যখনৰ সমৃদ্ধ ক্রীড়া সংস্কৃতিৰ পৰা আমাৰ বহু প্রত্যাশা আছে। ৰাজ্যৰ ভগ্নীসকলে এফালে যেতিয়া বাঁহ আৰু বেত শিল্পৰ পুনৰুজ্জীৱিতকৰণ ঘটাইছে, আনফালে কঠোৰ পৰিশ্রমী কৃষকসকলে জৈৱিক কৃষি-কাৰ্যত মেঘালয়ক সুকীয়া পৰিচয় দিছে৷ ৰাজ্যখনৰ গোণ্ডেন স্পাইচ আৰু লাকাডং হালধিৰ কৃষি এতিয়া সমগ্ৰ বিশ্বত অতি জনপ্রিয় হৈ পৰিছে।

 বন্ধুসকল,

 কেন্দ্রীয় চৰকাৰে বিগত সাত বছৰত মেঘালয়ৰ উন্নয়নক ত্বৰান্বিত কৰিবলৈ আন্তৰিক প্রচেষ্টা হাতত লৈছে। ৰাজ্যখনত পথ, ৰে’ল আৰু বিমান যোগাযোগ ব্যৱস্থাক আৰু অধিক উন্নত কৰিবলৈ কেন্দ্রীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেশ-বিদেশত স্থানীয় কৃষিজাত সামগ্ৰীৰ বিপণন আৰু অধিক অগ্রাধিকাৰ দিয়া হৈছে। মুখ্যমন্ত্রী কনৰাড চাংমাৰ সুদক্ষ নেতৃত্বত সকলো কেন্দ্রীয় আঁচনিৰ সা-সুবিধা যাতে দ্রুতগতিত জনসাধাৰণৰ ওচৰ পাই, সেয়া সুনিশ্চিত কৰা হৈছে। ৰাজ্যখনত প্রধানমন্ত্রী গ্রামীণ চড়ক যোজনা আৰু ৰাষ্ট্ৰীয় জীৱিকা মিচনৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। জল জীৱন মিচন কাৰ্যসূচী আৰম্ভ হোৱাৰ ফলত ৰাজ্যখনত নলসংযোগী পানীৰ সীমা ৩৩ শতাংশ হৈছে। ২০১৯চনলৈকে বিগত তিনি বছৰত ৰাজ্যখনত কেৱল এক শতাংশ পৰিয়ালে নলযোগে পানীৰ সুবিধা পাইছিল। দেশত যিসময়ত ব্যাপকভাবে চৰকাৰী সা-সুবিধা প্ৰদানত ড্রোন প্রযুক্তি কামত লগাইছে, তেনে সময়ত এই প্রযুক্তিক কামত লগাই ক’ৰোনা ভেকচিন যোগানত মেঘালয় দেশৰ প্রথমখন ৰাজ্য হিচাপে পৰিগণিত হয়৷ এয়াই পৰিৱর্তিত মেঘালয়ৰ প্রকৃত চবি৷

 ভাই-ভনীসকল,

 মেঘালয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে, যদিও এতিয়াও বহুত কৰিবলগীয়া আছে। পর্যটন আৰু জৈৱিক পদ্ধতিৰে কৃষি-কাৰ্যৰ সমান্তৰালভাৱে ৰাজ্যত নতুন নতুন ক্ষেত্রৰ বিকাশত পদক্ষেপ গ্রহণৰ প্রয়োজনীয়তা আছে। সকলো প্রচেষ্টাত মই আপোনালোকৰ কাষত আছো৷ আপোনালোকে যি লক্ষ্য স্থিৰ কৰিছে, সেয়া পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিম৷ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

 ধন্যবাদ, খুবলেই শিবুন, মিথলা,

 জয় হিন্দ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bihar’s famous food products make a mark at BRICS Summit

Media Coverage

Bihar’s famous food products make a mark at BRICS Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”