আগালেগা দ্বীপত ছটা সম্প্ৰদায় উন্নয়ন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ
‘মৰিচাছ ভাৰতৰ এক অভিন্ন বন্ধু। আজি উদ্বোধন কৰা প্ৰকল্পসমূহে আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব”
“মৰিচাছ আমাৰ ‘চুবুৰীয়া প্ৰথম নীতি’ৰ এক গুৰুত্বপূৰ্ণ কাৰক”
“ভাৰত সদায়েই ইয়াৰ বন্ধু দেশ মৰিচাছৰ প্ৰথম সঁহাৰিদাতা”
“সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু মৰিচাছ প্ৰাকৃতিক অংশীদাৰ”
‘আমাৰ জন ঔষধি পদক্ষেপত যোগদান কৰা প্ৰথমখন দেশ হ’ব মৰিচাছ। ইয়াৰ লগে লগে মৰিচাছৰ জনসাধাৰণে উন্নত মানৰ মেড-ইন-ইণ্ডিয়া জেনেৰিক ঔষধৰ সুবিধা লাভ কৰিব”

মহামান্য প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, মৰিচাছ কেবিনেটৰ উপস্থিত সদস্যগণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আগালেগাৰ জনসাধাৰণ আৰু সকলো সহকৰ্মী,

 

নমস্কাৰ!

যোৱা ছয় মাহত প্ৰধানমন্ত্ৰী জগনাথ আৰু মোৰ মাজত এইখন পঞ্চম বৈঠক। ই ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত, শক্তিশালী আৰু অনন্য অংশীদাৰিত্বৰ প্ৰমাণ। মৰিচাছ আমাৰ প্ৰতিবেশী প্ৰথম নীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ "সাগৰ" দৃষ্টিভংগীৰ অধীনত মৰিচাছ হল আমাৰ বিশেষ অংশীদাৰ। গ্লোবেল চাউথৰ সদস্য হিচাপে, আমাৰ একেধৰণৰ অগ্ৰাধিকাৰ আছে। যোৱা দহ বছৰত আমাৰ সম্পৰ্কই অভূতপূৰ্ব গতি লাভ কৰিছে। সহযোগিতাৰ ক্ষেত্ৰত আমি নতুন উচ্চতা অতিক্ৰম কৰিছোঁ। সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কক নতুন ৰূপ দিয়া হৈছে। আমাৰ দুয়ো দেশৰ লোকসকল ইতিমধ্যে ভাষা আৰু সংস্কৃতিৰ সোণালী সূতাৰ দ্বাৰা সংযুক্ত হৈ আছে। মাত্ৰ কেইদিনমান আগতে, আমি ইউপিআই আৰু ৰুপে কাৰ্ডৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে আধুনিক ডিজিটেল সংযোগ প্ৰদান কৰিছো।

 

বন্ধুসকল,

আমাৰ কৌশলগত সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে উন্নয়নৰ অংশীদাৰিত্ব। আমাৰ উন্নয়নমূলক অংশীদাৰিত্ব মৰিচাছৰ অগ্ৰাধিকাৰৰ ওপৰত আধাৰিত। মৰিচাছৰ ইইজেড সুৰক্ষাৰ প্ৰয়োজনীয়তাই হওঁক বা স্বাস্থ্য সুৰক্ষাই হওঁক, ভাৰতে সদায় মৰিচাছৰ প্ৰয়োজনীয়তাক সন্মান জনাই আহিছে। কোভিড মহামাৰীৰ সংকটেই হওঁক বা তেল প্ৰদূষণেই হওখ, ভাৰতে সদায়ে ইয়াৰ বন্ধু মৰিচাছৰ প্ৰথম সঁহাৰি হৈ আহিছে। আমাৰ প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে মৰিচাছৰ সাধাৰণ মানুহৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন অনা। যোৱা ১০বছৰত, মৰিচাছৰ লোকসকলৰ বাবে প্ৰায় এক হাজাৰ নিযুত ডলাৰ ক্ৰেডিট লাইন আৰু ৪০০নিযুত ডলাৰ সাহায্য প্ৰদান কৰা হৈছে। মেট্ৰ' লাইন উন্নয়ন, সামূহিক উন্নয়ন প্ৰকল্প, সামাজিক আৱাস, ইএনটি চিকিৎসালয়, অসামৰিক সেৱা মহাবিদ্যালয় আৰু ক্ৰীড়া কমপ্লেক্সৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি প্ৰকল্পত অংশগ্ৰহণৰ সৌভাগ্য হৈছে মৰিচাছৰ।

 

বন্ধুসকল,

আমাৰ উন্নয়নমূলক অংশীদাৰিত্বৰ বাবে আজিৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে। মই অত্যন্ত সুখী যে ২০১৫ চনত আগালেগাৰ জনসাধাৰণৰ বিকাশৰ বাবে দিয়া প্ৰতিশ্ৰুতি মই আজি পূৰণ হোৱা দেখিছো। ভাৰতত, আজিকালি ইয়াক "মোদীৰ গেৰাণ্টিবুলি কোৱা হৈছে। মই নিশ্চিত যে আমি যুটীয়াভাৱে সমৰ্পিত কৰা সুবিধাবোৰে জীৱনধাৰণৰ সহজতাক আৰু শক্তিশালী কৰিব। মৰিচাছৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত য়োগাযোগ বৃদ্ধি পাব। মূল ভূখণ্ডৰ পৰা প্ৰশাসনিক সহযোগিতা সহজ হ'ব। সামাজিক আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হব। চিকিৎসাৰ বাবে জৰুৰীকালীন স্থানান্তৰ আৰু বিদ্যালয়ৰ শিশুসকলৰ বাবে যাতায়াত মসৃণ হ'ব।

 

বন্ধুসকল,

ভাৰত মহাসাগৰ অঞ্চলত কেইবাটাও পৰম্পৰাগত আৰু অ-পৰম্পৰাগত প্ৰত্যাহ্বানৰ উদ্ভৱ হৈছে। এই সকলোবোৰ প্ৰত্যাহ্বানেই আমাৰ অৰ্থনীতিক প্ৰভাৱিত কৰে। এইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ, সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু মৰিচাছ স্বাভাৱিক অংশীদাৰ। ভাৰত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা, সমৃদ্ধি আৰু স্থিৰতা সুনিশ্চিত কৰাৰ বাবে আমি সক্ৰিয়ভাৱে কাম কৰি আছো। আমি একচেটিয়া অৰ্থনৈতিক ক্ষেত্ৰৰ নিৰীক্ষণ, যুটীয়া টহল, হাইড্ৰ'গ্ৰাফী, আৰু মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্যৰ দৰে সকলো ক্ষেত্ৰত একেলগে সহযোগিতা কৰি আছো। আজি আগালেগাত এয়াৰষ্ট্ৰিপ আৰু জেটি মুকলি হোৱাৰ ফলত আমাৰ সহযোগিতা আৰু অধিক বৃদ্ধি পাব। ই মৰিচাছৰ নীলা অৰ্থনীতিকো শক্তিশালী কৰিব।

 

বন্ধুসকল,

মৰিচাছত জন ঔষধি কেন্দ্ৰ খোলাৰ সিদ্ধান্ত লোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী জগনাথজীক প্ৰশংসা কৰিছোঁ। মৰিচাছ হ'ব আমাৰ জন ঔষধি কৰ্মসূচীত যোগদান কৰা প্ৰথমখন দেশ। ইয়াৰ ফলত, মৰিচাছৰ লোকসকলে ভাৰতত তৈয়াৰ কৰা উন্নত মানদণ্ডৰ জেনেৰিক ঔষধৰ সুবিধা লাভ কৰিব। মহামান্য, প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, আপোনাৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু গতিশীল নেতৃত্বৰ বাবে মই আপোনাক অভিনন্দন জনাইছোঁ। মই নিশ্চিত যে আমি একেলগে ভাৰত-মৰিচাছ সম্পৰ্কক অনাগত সময়ত নতুন শিখৰলৈ লৈ যাম। মই আপোনাক আকৌ এবাৰ বহুত ধন্যবাদ জনাইছোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”