"হিতাধিকাৰীসকলে চৰকাৰৰ পিছে পিছে দৌৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে হিতাধিকাৰীসকলৰ ওচৰলৈ যাব লাগিব"
"বিকশিত ভাৰত সংকল্প যাত্ৰা মোৰ বাবে এক পৰীক্ষা। আকাংক্ষিত ফলাফল প্ৰাপ্ত হৈছেনে নাই সেয়া মই মানুহৰ পৰা শুনিব বিচাৰো"
"সফল আঁচনিসমূহে নাগৰিকসকলৰ মাজত মালিকীস্বত্বৰ অনুভূতি জাগ্ৰত কৰে"
"এবাৰ বিকশিত ভাৰতৰ বীজ ৰোপণ কৰাৰ পিছত, পৰৱৰ্তী ২৫ বছৰৰ ফলাফল আমাৰ ভৱিষ্যত প্ৰজন্মই লাভ কৰিব"
"বিকশিত ভাৰত, সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ"

চৰকাৰৰ সৈতে সম্পৰ্কিত আৰু ৰাজনৈতিক আৰু সামাজিক কামৰ সৈতে জড়িত দেশৰ সকলো লোকে এই ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ সফল কৰিবলৈ সময় দিছে, যাত্ৰাত অংশগ্ৰহণ কৰিছে, সেয়েহে ইয়াৰ এজন সংসদ সদস্য হিচাপে ময়ো এই কাৰ্যসূচীত সময় দিয়া উচিত। গতিকে মই আজি এজন সাংসদ হিচাপে ইয়ালৈ আহিছোঁ, আপোনালোকৰ সেৱক হিচাপে, কেৱল আপোনালোকৰ এজন হিচাপে অংশগ্ৰহণ কৰিবলৈ আহিছোঁ।

আমাৰ দেশত বহুতো চৰকাৰ আহিল, বহুতো আঁচনিও যুগুতোৱা হ’ল, বহু কথা কোৱা হ’ল, বহুত ডাঙৰ ডাঙৰ কথাও কোৱা হ’ল আৰু এই সকলোবোৰৰ পৰা যি অভিজ্ঞতা হৈছে, যি সাৰাংশ হৈছে, মই অনুভৱ কৰো যে যিটো কথাত দেশে আটাইতকৈ গুৰুত্ব দিবলগীয়া আছিল, সেইটো হৈছে চৰকাৰে যিবোৰ আঁচনি যুগুতাই, যাৰ বাবে যুগুতাই, যি কামৰ বাবে যুগুতাই সেয়া সঠিক সময়ত, কোনো সমস্যা নোহোৱাকৈ আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ কাষত উপলব্ধ হোৱাটো।  যদি ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ কথাকে কওঁ, তেন্তে যিসকলৰ একোটা তেনেই সামান্য ঘৰ আছিল, জুপুৰী আছিল, কেঁচামাটিৰ ঘৰ আছিল, তেওঁলোকৰ ঘৰবোৰ নিৰ্মাণ কৰিব লাগিছিল। আৰু তাৰ বাবে তেওঁলোকে চৰকাৰৰ ওচৰলৈ তাঁত-বাতি কৰাৰ প্ৰয়োজন নাছিল, চৰকাৰেহে সন্মুখলৈ গৈ কাম কৰা উচিত আছিল। আৰু যিহেতু আপোনালোকে মোক এই কামটোৰ দায়িত্ব দিছে, এতিয়ালৈকে প্ৰায় ৪ কোটি পৰিয়ালে পকীঘৰ পাইছে। কিন্তু তথাপিও ইয়াৰ মাজতো একাংশ বাদ পৰি যোৱাৰ খবৰ পাওঁ, গাওঁবোৰত নিশ্চয়কৈ কোনোবা বাদ পৰি ৰৈছে, সেয়েহে আমি সিদ্ধান্ত লৈছো যে আমি আকৌ এবাৰ সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে গৈ চৰকাৰৰ আঁচনিসমূহৰ লাভৰ ভাগ যিসকলে পাইছে তেওঁলোকেনো কি কি পাইছে, কেনেকৈ পাইছে সেই কথাৰ সম্ভেদ লোৱা ভাল, নহয়নে বাৰু? সেয়া পাওতে কোনো সমস্যাৰতো সন্মুখীন হ’বলগীয়া হোৱা নাই, কোনো উৎকোচতো দিব লগা হোৱা নাছিল, যিমান দিম বুলি কোৱা হৈছিল সিমানখিনি পাইছেনে নে কম পাইছে। এবাৰ গ’লে ইয়াৰ হিচাপ-কিতাপো হৈ যাব। গতিকে এই ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ হৈছে এক প্ৰকাৰে মোৰ পৰীক্ষা, মই কি কৈছিলো আৰু মই কি কাম কৰি আছিলো তাৰ পৰীক্ষা, মই আপোনালোকৰ মুখৰ পৰা শুনিব বিচাৰিছো, আৰু মই সমগ্ৰ দেশৰ পৰা শুনিব বিচাৰিছো। কামবোৰ মই বিচৰা ধৰণে হৈছে নে নাই। যিসকল ব্যক্তিৰ বাবে কামবোৰ কৰিব লাগিছিল, সেয়া ঘটিছে নে নাই, সেয়া কৰা হৈছে নে নাই। অলপ আগতে মই কিছু সংখ্যক বন্ধুক লগ পাইছিলো, যিসকলে ‘আয়ুষ্মান কাৰ্ড’ৰ সুবিধা গ্ৰহণ কৰি গুৰুতৰ ৰোগৰ চিকিৎসা লাভ কৰিছে, কোনোবা হয়তো দুৰ্ঘটনাত পতিত হৈছিল, তেওঁলোকৰ হাত ভৰি ভাঙিছিল, তাৰ পিছত তেওঁলোক চিকিৎসালয়লৈ গৈছিল, মই তেওঁলোকক সুধিছিলো, তেতিয়া তেওঁলোকে কৈছিল যে “চাহিব, ইমানবোৰ খৰচ আমি ক'ৰ পৰা কৰিলোহেঁতেন, তেনেকৈয়ে জীৱন পাত কৰিলোহেঁতেন। কিন্তু যেতিয়া ‘আয়ুষ্মান কাৰ্ড’খন আহিল, সাহস পাই গ’লো, অস্ত্ৰোপচাৰ কৰালো, এতিয়া শৰীৰে কাম কৰি আছে”। এতিয়া মইতো ইয়াৰ পৰা আশীৰ্বাদ পাইছোঁৱেই, বৰঞ্চ চৰকাৰৰ বাবুসকলে, বিষয়াসকলে, যিসকলে আঁচনিখন ‘ফাইল’ত আগবঢ়ায়, তেওঁলোকে ভাল পৰিকল্পনা কৰে আৰু টকা প্ৰেৰণ কৰে, কিন্তু তেওঁলোকৰ কাম তাতে সম্পূৰ্ণ হয়, যে ৫০জন লোকে পাব লাগিছিল, তেওঁলোকে পাইছে।  ১০০ জন মানুহে পাব লাগিছিল, তেওঁলোকে পাইছে, এক হাজাৰ গাঁৱলৈ যাব লাগিছিল, গৈছে। কিন্তু, তেওঁলোকে যেতিয়া শুনিবলৈ পায় যে তেওঁলোকে কাম কৰা ‘ফাইল’টোৰ বাবে কাশীৰ অমুক চুবুৰীৰ, অমুক ব্যক্তিৰ জীৱন ৰক্ষা পৰিছিল, তেতিয়া যিগৰাকী বিষয়াই কামটো কৰিছিল তেওঁৰ কাম কৰাৰ উৎসাহ বহুগুণে বৃদ্ধি পায়। তেওঁ সন্তুষ্টি লাভ কৰে, যেতিয়া তেওঁ কাগজ-পত্ৰত কাম কৰি থাকে তেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁ চৰকাৰী কাম কৰি আছে। কিন্তু যেতিয়া কোনোবাই সেই কামৰ সুবিধা লাভ কৰে, যেতিয়া তেওঁ নিজেই সেই কথা প্ৰত্যক্ষ কৰে, নিজে শুনিবলৈ পায়, তেতিয়া তেওঁৰ কাম কৰাৰ বাবে উৎসাহ বাঢ়ি যায়। আৰু সেয়েহে মই দেখিছোঁ যে ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ য'লৈকে গৈছে, সেই সেই অঞ্চলত চৰকাৰী বিষয়াসকলৰ ওপৰত ইমান ইতিবাচক প্ৰভাৱ পৰিছে যে তেওঁলোকে তেওঁলোকৰ কামক লৈ সন্তুষ্ট অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। এইযে যোজনাখন তৈয়াৰ কৰা হৈছিল, ময়োতো ফাইল যুগুতাইছিলো, তাৰ বাবেই ‘জীৱন জ্যোতি’ আঁচনিৰ বিবাহৰ টকা এগৰাকী দৰিদ্ৰ বিধৱাৰ ঘৰত উপস্থিত হৈছিলহি, তেন্তে, তেওঁৰ সমস্যাজৰ্জৰ জীৱনত ইমান ডাঙৰ সহায় হৈছিল, তেতিয়া তেওঁ অনুভৱ কৰে যে বাঃ, মই কিমান ডাঙৰ কাম কৰিলো। যেতিয়া এজন চৰকাৰী কৰ্মচাৰীয়ে এই কথা শুনে, তেতিয়া তেওঁ জীৱনত এক নতুন ধৰণৰ সন্তুষ্টি লাভ কৰে।

 

এই ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ৰ জৰিয়তে যি ঘটিছে সেয়া বুজি পোৱা লোক খুব কমেইহে আছে। এই কামৰ সৈতে জড়িত বাবুসকলে যেতিয়া শুনে, ময়ো যেতিয়া সোঁশৰীৰে শুনিছো,  শুনিছো যে ‘মোদী জী মোৰ স্বামীৰ মৃত্যু হৈছিল, হঠাতে মই খবৰ পালো যে ২ লাখ টকা পাইছো, কথাটো শুনি ভাল লাগিছিল’। কোনোবা ভনীয়ে কয় যে ‘সৰুৰে পৰাই আমি ধোঁৱাৰ মাজতেই জীৱন পাত কৰিছিলোঁ, গেছ আহিল, জীৱন সলনি হৈ গ’ল’। তাতোকৈয়ো ডাঙৰ কথাটো হ’ল, ভনীয়ে কোৱা আটাইতকৈ ডাঙৰ কথাটো হ'ল, তেওঁ ক’লে- ‘ধনী আৰু দুখীয়াৰ মাজৰ পাৰ্থক্য নোহোৱা হ’ল’। ‘গৰিবী হাটা’ও শ্লোগান দিয়াটো এটা কথা, কিন্তু যেতিয়া কোনাবা এজন দুখীয়া লোকে কয় যে তেওঁৰ ঘৰলৈ গেছ ষ্টোভ অহাৰ লগে লগে দুখীয়া আৰু ধনীৰ মাজৰ পাৰ্থক্য নোহোৱা হ’ল।

তেওঁ যেতিয়া কয় যে ‘মই এটা পকী ঘৰত থাকিবলৈ গৈছিলো, মোৰ আত্মবিশ্বাস ইমানেই বাঢ়িছিল যে মোৰ ল'ৰা-ছোৱালীয়ে স্কুল আৰু কলেজত তেওঁলোকৰ বন্ধুবৰ্গৰ সন্মুখত সন্মান সহকাৰে থিয় হ'ব পৰা হৈছিল’। তেওঁলোকে জুপুৰীত বাস কৰিছিল, ল’ৰা-ছোৱালীহঁতে লাজ অনুভৱ কৰিছিল, কেঁচাঘৰত বাস কৰিছিল, ল’ৰা-ছোৱালীহঁতে লাজ পাইছিল, মূৰ তুলি থাকিবলৈ অসুবিধা পাইছিল, আত্মবিশ্বাস নাছিল, পকীঘৰ পোৱাৰ লগে লগে কেৱল দেৱালেই নহয়, পকী চাদেই নহয়, বৰঞ্চ জীৱনটো আত্মবিশ্বাসেৰে ভৰি উঠিছিল। এতিয়া দূৰৰ পৰা ঘৰটো চাই জনা নাযায়, চেকখন বেংকৰ পৰা গৈছে, সেয়েহে জনা নাযায়, যেতিয়া আপুনি সেই হিতাধিকাৰীজনৰ মুখৰ পৰা শুনিব নহয়, তেতিয়া গম পোৱা যায় যে জীৱন আশীৰ্বাদপ্ৰাপ্ত হৈছে, কাৰোবাৰ জীৱনলৈ পৰিৱৰ্তন আহিছে।

এতিয়া মই চাই আছিলো, আমাৰ গুপ্তা জীয়ে দেখোন কথা কোৱা বন্ধই নকৰা হ’ল? তেওঁৰ মনটো ইমান উৎসাহেৰে ভৰি পৰিছিল যে তেওঁ ইমানবোৰ আঁচনিৰ সুবিধা পাইছে, যদি কোনোবাই বেংকৰ পৰা ১০ হাজাৰ টকা পায়, তেওঁ মাহাজনৰ পৰা পইচা ল’বলৈ গৈ উশাহ বন্ধ হ’বলগীয়া হয়, যদি বেঙ্কে সন্মুখৰ পৰা টকা দিয়েহি, তেতিয়া তেওঁৰ আত্মবিশ্বাস বাঢ়ি যায়, এইখন মোৰ দেশ, এয়া মোৰ বেংক। আৰু মই বিচাৰো যে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰক যে এই ৰে’লপথটো মোৰ, এই চিকিৎসালয়খন মোৰ, এই বিষয়া আৰু কাৰ্যালয় সকলো মোৰ, এইখন মোৰ দেশ। যেতিয়া এই অনুভৱ জাগিব তেতিয়া দেশৰ বাবে কিবা কৰাৰ আকাংক্ষাও উদ্ভৱ হ’ব। আৰু সেইকাৰণেই এই প্ৰচেষ্টাৰ বীজ ৰোপণ কৰা হৈছে। বীজটো হৈছে যে আমাৰ পিতৃ-মাতৃহঁতে ইমানবোৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল, আমিও জীৱনত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল, কিন্তু আমি আমাৰ ল'ৰা-ছোৱালীক আৰু সমস্যা জৰ্জৰিত হৈ জীয়াই থাকিবলৈ বাধ্য কৰা উচিত নহ’ব। কোনো অভিভাৱকে নিবিচাৰে যে তেওঁৰ সন্তানে একেটা অগ্নিপৰীক্ষাৰ মাজেৰে পাৰ হওক। তেওঁলোকে নিজে পঢ়িব নোৱাৰিব পাৰে, অশিক্ষিত হৈ থাকিব পাৰে, কিন্তু কোনো অভিভাৱকে নিবিচাৰে যে তেওঁলোকৰ সন্তানসকলো অশিক্ষিত হৈ থাকক। আৰু যেতিয়া তেওঁ এই আঁচনিসমূহৰ বিষয়ে সকলো তথ্য জানিবলৈ পায়, তেওঁ অনুভৱ কৰে যে এয়াই সময়, এয়াই সময়, আমিও কিবা কৰা উচিত। আৰু যেতিয়া ১৪০ কোটি লোকে অনুভৱ কৰে যে এয়াই সময়, তেতিয়াতো দেশখন আগবাঢ়িবই।

 

দেশখনে কেনেকৈ স্বাধীনতা লাভ কৰিলে, সমগ্ৰ দেশতে এক পৰিৱেশ সৃষ্টি হ'ল, কিছুমানে যঁতৰত সুতা কাটিবলৈ লৈছিল আৰু কোনোবাই সুধিছিল, আপুনিনো যঁতৰত সুতা কাটিছে কিয়? তেওঁ কৈছিল যে স্বাধীনতাৰ বাবে, কোনোবাই পঢ়া-শুনা এৰি ভাৰত মাতাৰ জয়গান কৰি ওলাই গৈছিল, আৰক্ষীৰ লাঠিৰ কোব খাইছিল, মানুহে সুধিছিল, আপুনিনো কিয় মাৰ খাই ফুৰিছে? তেওঁ বোলে দেশৰ স্বাধীনতাৰ বাবে। কোনোবাই বৃদ্ধসকলক সেৱা আগবঢ়াইছিল, কোনোবাই সুধিছিল, "আপুনিনো কি কৰি আছে?" কোৱা নাছিল নে, এয়া স্বাধীনতাৰ বাবে কৰি আছো বুলি। কোনোবাই খাদী পিন্ধিছিল, কিয় পিন্ধিছিল? স্বাধীনতাৰ বাবে। ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে ক'বলৈ আৰম্ভ কৰিছিল যে মই স্বাধীনতাৰ বাবে কাম কৰি আছোঁ, যদি উপবাসো কৰিছিল তেতিয়াও স্বাধীনতাৰ বাবে, কঠোৰ পৰিশ্ৰম কৰিলেও স্বাধীনতাৰ বাবে, শিশুসকলক পঢ়ালেও স্বাধীনতাৰ বাবে, ছাফাই কৰাৰ কাম কৰিলেও স্বাধীনতাৰ বাবে, টাকুৰী ঘূৰালেও স্বাধীনতাৰ বাবে, স্বাধীনতাৰ জ্বৰে এনেকৈ কঁপাইছিলযে প্ৰতিগৰাকী ব্যক্তিৰ মনত আত্মবিশ্বাসৰ জন্ম হৈ গৈছিল, ব্ৰিটিছসকল পলাবলৈ বাধ্য হ’ব লগা হৈছিল।

 

দেশখনে থিয়দঙা দিলে। যদি আমি ১৪০ কোটি দেশবাসীয়ে এই মনোভাৱৰে উদ্বুদ্ধ হওঁ, এৰা এতিয়াই, এতিয়াই আমি দেশক আগুৱাই নিব লাগিব, এনেয়ে থাকিলে নহ’ব। সকলোৰে জীৱন সলনি হ'ব লাগিব, সকলোৰে শক্তিৰ সন্মান হ’ব লাগিব, সামৰ্থ্যৰ সদ্ব্যৱহাৰ হ’ব লাগিব, তাৰ বাবে দেশ আগবাঢ়িব লাগিব। এবাৰ যদি এই বীজ মনত সিঁচি লোৱা যায় তেন্তে আগন্তুক ২৫টা বছৰততো এনে বটবৃক্ষ হৈ উঠিব যে ২০৪৭ চনত ই এক উন্নত ভাৰতত পৰিণত হ'ব। আৰু শিশুসকলে ফল পাবলৈ ধৰিব। এই বটবৃক্ষৰ ছাঁ আপোনালোকৰেই সন্তানসকলক দিয়া হ'ব আৰু সেয়েহে উন্নত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিগৰাকী নাগৰিকৰ মনোভাৱ এক হ’ব লাগিব, মন এক হ’ব লাগিব আৰু সংকল্প এক হ’ব লাগিব, আৰু যদি মন এক হৈ যায় তেন্তে গন্তব্য কিন্তু বেছি দূৰত নহয়। আৰু এই ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ এক প্ৰকাৰে, দেশৰ কাম, ই কোনো ৰাজনৈতিক দলৰ কাম নহয় আৰু মই বিশ্বাস কৰোঁ যে যিজনেই এই কাম কৰিব নহয়, তেওঁ খুব পবিত্ৰ কাম কৰিব, যিসকলে দূৰৰ পৰা চাই আছে, যিসকলে বাতৰি কাকতত পঢ়ি আছে, তেওঁলোকে বুজিব লাগে যে গাড়ীখনে তেওঁলোকক এৰি থৈ আগবাঢ়ি গৈছে।  তেওঁলোকেহে এই সুযোগ হাতচাৰা কৰিছে। মই দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰোঁ, কিন্তু আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই যথেষ্ট উৎসাহিত হৈছো, মই অত্যন্ত সুখী যে মই আজি ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ৰ অংশ হ’ব পৰিছো। ময়ো সন্তুষ্টি লভিম যে হয় ময়ো এই কামটো কৰিছো। আপোনালোকৰ প্ৰত্যেকেই কৰা উচিত। পৰৱৰ্তী গাওঁখনত, যাত্ৰা য'লৈকে যাব, আপোনালোকৰ যি চহৰৰ ৱাৰ্ডলৈ যাব, এক বিশাল আদৰণি হ’ব লাগিব, সকলোৱেই আহিব লাগিব, সকলোৱেই শুনিব লাগিব, আঁচনিবোৰৰ সুবিধা ল'বলৈ আগবাঢ়ি আহিব লাগিব আৰু যিসকলে আঁচনিসমূহৰ সুবিধা লাভ কৰিছে তেওঁলোকে আত্মবিশ্বাসেৰে এই বিষয়ে ক'ব লাগিব। ভাল কথা এটা কোৱাটোৱেও মঙ্গলময় পৰিৱেশৰ সৃষ্টি কৰে। আৰু সেয়েহে মই বিচাৰো যে ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ এটা ডাঙৰ সপোন, এটা ডাঙৰ সংকল্প আৰু আমি আমাৰ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এই সংকল্পটো সিদ্ধ কৰিব লাগিব। মোৰ খুব ভাল লাগিছে, মই সকলোকে লগ পোৱাৰ সুযোগ পাইছো, মই আপোনালোকৰ পৰাও শুনিবলৈ সুযোগ পাইছো, পিচে আমি সকলোৱে চেষ্টা কৰিম, আৰু এই যাত্ৰাটোক অধিক সফল কৰোঁ আহক। দেশবাসীৰ মনত আৱেগ সৃষ্টি কৰক, আত্মবিশ্বাস সৃষ্টি কৰক। আৰু আমি দেখিছোঁ যে ঘৰত যেতিয়া টকা-পইচা নোহোৱা হয়, যেতিয়া অসুবিধাৰ মাজেৰে জীয়াই থাকিবলগীয়া হয়, তেতিয়া বহুতো কাম কৰিব নোৱাৰা হয়, ইচ্ছা কৰিলেও কৰিব নোৱাৰা হয়, ল’ৰা-ছোৱালীলৈ ভাল কাপোৰ-কানি দুটামান আনিবলৈ মন কৰিলেও আনিব নোৱাৰা হয়, কিয়? পইচা কম হয় বাবে! যিদৰে ঘৰত হয় নহয়, দেশতো তেনেই হয়, দেশৰ হাততো ধন থাকিব লাগে, যদি ধন থাকে, তেনেহ'লে প্ৰতিগৰাকী নাগৰিকৰে ইচ্ছা পূৰণ কৰিব পাৰি। আজি ৪ কোটি দৰিদ্ৰ লোকে ঘৰ পাইছে, যিসকল বাদ পৰি ৰৈছে, মোদীয়ে তেওঁলোককো আগলৈ দিয়াৰ নিশ্চয়তা দিছে। যিসকলে ‘আয়ুষ্মান কাৰ্ড’ পাইছে তেওঁলোকে বিনামূলীয়া ঔষধ পাইছে। যিসকলক ‘গেছ ষ্টোভ’ৰ প্ৰয়োজন আছিল, চৰকাৰে ৰাজসাহায্য দিও ‘গেছ ষ্টোভ’ কিয় দি আছে? চৰকাৰৰ দিয়াৰ ক্ষমতা আছে। যদি ভাৰত ২৫ বছৰৰ ভিতৰত বিকশিত হৈ উঠে নহয়, তেন্তে এইবোৰ সমস্যাৰ কোনো চিহ্নই নাথাকিবগৈ, ইয়াৰ কোনো চিহ্নই নাথাকিব, আমি সমস্যাৰ পৰা মুক্ত হৈ যাম।

 

 

আৰু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই পথটো হৈছে- ‘বিকশিত ভাৰত’ৰ সংকল্প পূৰণ কৰা। আৰু সেয়েহে মই কাশীবাসীক বিশ্বাস দিছো যে আপোনালোকৰ সেৱক হিচাপে, আপোনালোকৰ সাংসদ হিচাপে মই কাম কৰিম, কিন্তু আপোনালোকে মোক দেশৰ কাম প্ৰদান কৰিছে, সেইটোতো মহাদেৱৰ আশীৰ্বাদত মই কেতিয়াও পিছ পৰি নাথাকিম। মহাদেৱে আমাৰ সকলোকে আশীৰ্বাদ কৰক আৰু এই যাত্ৰা আমাৰ কাশীত যথেষ্ট সফল হওক, সোপা-ঢিলা নহওক। কাৰ্যক্ৰমত প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়েই অংশগ্ৰহণ কৰক। এঘণ্টা, দুঘণ্টা, যি পাৰে কাৰ্যসূচীৰ অংশ হওক, ইয়াৰ বাবে আপোনালোক সকলোৱে সহযোগ আগবঢ়াওক আৰু বিকশিত ভাৰতৰ সংকল্পক আৰু শক্তিশালী কৰক, আপোনালোকক আটাইকে বহুত বহুত ধন্যবাদ। 

নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in factory explosion in Nagpur, Maharashtra
March 01, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister has expressed deep distress over the explosion at a factory in Nagpur, Maharashtra.

Extending his condolences to the families of the deceased, the Prime Minister also prayed for the speedy recovery of the injured. The Prime Minister further affirmed that the local administration is assisting those affected.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister Shared on X;

"The explosion at a factory in Nagpur, Maharashtra, is deeply distressing. My condolences to the families of the deceased. I pray for the speedy recovery of the injured. The local administration is assisting those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000"