People engaged in pisciculture will benefit largely from Pradhan Mantri Matsya Sampada Yojana: PM
It is our aim that in the next 3-4 years we double our production and give fisheries sector a boost: PM Modi
PMMSY will pave the path for a renewed White revolution (dairy sector) and Sweet revolution (apiculture sector), says PM

ৰাইজ আপোনালোক আটাইলৈকে প্ৰণাম!

দেশৰ বাবে, বিহাৰৰ বাবে, গাঁৱৰ জীৱনক স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ বাবে আৰু ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে, মত্স্য উত্পাদন, দুগ্ধ উত্পাদন, পশুপালন, আৰু কৃষক্ষেত্ৰ উন্নয়ণৰ বাবে পঢ়া-শুনা আৰু গৱেষণাৰে জড়িত বিভিন্ন বিষয়ৰ বাবে বহু কোটি টকাৰ পুঁজি নিয়োজিত হ’ব লগা যোজনাৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হ’ল। এই কাৰ্যকৰ্মৰ বাবে মই বিহাৰৰ ভাতৃ-ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো।

বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান জী, মুখ্যমন্ত্ৰী শ্ৰীমান নীতীশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰীমান গিৰিৰাজ সিং জী, কৈলাস চৌধুৰী জী, প্ৰতাপ চন্দ্ৰ সাৰংগী জী, সঞ্জীৱ বলিয়ান জী, বিহাৰৰ উপ মুখ্য মন্ত্ৰী ভাই সুশীল জী, বিহাৰ বিধানসভাৰ অধ্যক্ষ শ্ৰীমান বিজয় চৌধুৰী জী, ৰাজ্য মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকল, সাংসদসকল, বিধায়কসকল আৰু মোৰ প্ৰিয় বন্ধুসকল,

বন্ধুসকল, আজি যিমানবোৰ আঁচনিৰ কাম আৰম্ভ কৰা হৈছে ইয়াৰ অন্তৰালৰ উদ্দেশ্য হৈছে একৈশ শতিকাৰ নতুন ভাৰতক, আত্মনিৰ্ভৰ ভাৰতক শক্তিৱন্ত কৰি তুলিব পৰাকৈ আমাৰ গাঁওসমূহক গঢ়ি তোলা। এইটো শতিকাত ‘নীল বিপ্লৱ’ অৰ্থাত মত্স্য উত্পাদনৰে জড়িত কাম-কাজ, ‘শ্বেত বিপ্লৱ’ অৰ্থাত্ দুগ্ধ উত্পাদনৰে জড়িত কাম-কাজ, ‘মিঠা বিপ্লৱ’ অৰ্থাত্ মৌ উত্পাদনৰে জড়িত কাম-কাজৰ জৰিয়তে আমাৰ গাঁওসমূহক আৰু অধিক সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ প্ৰয়াস কৰা। ‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’খনকো এই উদ্দেশ্য সন্মুখত ৰাখিয়েই যুগুতাই উলিওৱা হৈছে। আজি দেশৰ ২১খন ৰাজ্যত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে। আগন্তুক ৪-৫বছৰত আঁচনিখনৰ ৰূপায়ণৰ বাবে ২০ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। ইয়াৰ ভিতৰত আজি ১৭০০ কোটি টকাৰ পুঁজিৰে আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে। এই পুঁজিৰে বিহাৰৰ পাটনা, পুৰ্ণিয়া, সীতামঢ়ি, মধেপুৰা, কিষাণগঞ্জ, আৰু সমষ্টিপুৰত বিভিন্ন কাৰ্যক্ৰমৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হৈছে। ইয়াৰ জৰিয়তে মত্স্য উত্পাদকসকলে নতুন আন্তঃগাঁথনি, আধুনিক উপকৰণ আদি লাভ কৰিব আৰু মত্স্য বিপণনৰ বাবে নতুন বজাৰো উপলব্ধ কৰিব পাৰিব। ইয়াৰ জৰিয়তে কৃষিৰ উপৰি অন্য ব্যৱস্থাৰে আয় কৰাৰ পথো প্ৰশস্থ হ’ব।

বন্ধুসকল, দেশৰ সকলো প্ৰান্তৰ, বিশেষকৈ সাগৰ আৰু নৈপৰীয়া এলেকাসমূহত মাছৰ উত্পাদন আৰু বেহা-বেপাৰক লক্ষ্যত লৈ দেশত প্ৰথমবাৰৰ বাবে ইমান বিস্তৃত পৰিসৰৰ আঁচনি প্ৰণয়ন কৰা হৈছে। এই ক্ষেত্ৰত স্বাধীনতাৰ পৰৱৰ্তী সময়ত যিমান পৰিমাণৰ পুঁজি নিয়োজিত হৈছিল তাতোকৈয়ো অধিক পৰিমাণৰ ধন ‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’ত নিয়োজিত কৰা হৈছে।

দেশত মাছৰ উত্পাদনৰ লগতে বেহা-বেপাৰকে ধৰি অন্যান্য কাম-কাজ চোৱা-চিতা কৰাৰ বাবে পৃথক মন্ত্ৰালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰাও মত্স্য পালনৰে জড়িত আমাৰ মাছুৱৈ ভাইসকল বহু পৰিমাণে উপকৃত হ’ব পাৰিব। আগন্তুক ৩-৪ বছৰৰ ভিতৰত মাছৰ ৰপ্টানীৰ পৰিমাণ দুগুণলৈ বৃদ্ধিৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত কেৱল মীনপালন ক্ষেত্ৰতে বহু লাখ কৰ্মসংস্থানৰ দিহা ওলাব।

প্ৰিয় বন্ধুসকল, মাছ পালনৰ বাবে বিস্তৃত পৰিসৰত পৰিষ্কাৰ পানীৰ ভাণ্ডাৰ থকাটো প্ৰয়োজন হয়। ইয়াৰ বাবে গংগাজীক নিৰ্মল কৰাৰ বাবে অব্যাহত থকা কামেও বিশেষ সহায় আগবঢ়াব। গংগাজীৰ আশ-পাশৰ এলেকাসমূহত নদী-পৰিবহণ ব্যৱস্থাৰে জড়িত কাম-কাজ অব্যাহত ৰখা হৈছে আৰু ইয়াৰ লাভো মীনপালনৰে জড়িতসকলে উপলব্ধ কৰিব পাৰিব। এইবাৰ ১৫আগষ্টত ঘোষণা কৰা ‘মিছন ডলফিন প্ৰকল্প’ৰ পৰাও মীন পালন খণ্ডই লাভ আদায় কৰিব পাৰিব। অৰ্থাত্ এয়া অতিৰিক্ত ভাবে উপলব্ধ হোৱা লাভ। আমাৰ নীতীশজী এই আঁচনিক লৈ খুবেই উত্সাহিত হৈ উঠিছে বুলি মই জানিব পাৰিছো। আৰু এতিয়া মোৰ বিশ্বাস দৃঢ় হৈছে যে যেতিয়া গংগাত ডলফিনৰ সংখ্যা বাঢ়বলৈ ল’ব তাৰ লাভ কেৱল গংগাপৰীয়াসকলেও  নাপাব বৰং এই লাভৰে সকলোৱেই উপকৃত হ’ব পাৰিব।

বন্ধুসকল, নীতীশজীৰ নেতৃত্বত বিহাৰৰ গাঁৱে গাঁৱে পানীৰ যোগান নিশ্চিত কৰাৰ বাবে ব্যাপক হাৰত আৰু প্ৰশংসনীয় ভাবে কাম অব্যাহত আছে। ৪-৫ বছৰৰ আগতে বিহাৰৰ মাত্ৰ ২ শতাংশ ঘৰলৈহে বিশুদ্ধ খোৱা পানীৰ যোগান সম্ভৱ হৈছিল। পিচে, আজি সেই হাৰ ৭০শতাংশলৈ বৃদ্ধি পাইছে। আজিৰ তাৰিখত ৰাজ্যখনৰ প্ৰায় ডেৰ কোটি গৃহস্থীয়ে এতিয়া বিশুদ্ধ খোৱা পানীৰ যোগান লাভ কৰিবলৈ সমৰ্থ হৈছে। নীতীশজীৰ এই প্ৰয়াসে এতিয়া ‘জল জীৱন মিছন’ৰ পৰাও সহযোগিতা লাভ কৰিব পাৰিছে। মোক দিয়া তথ্য অনুসৰি ক’ৰোনাৰ সংকটৰ মাজতো বিহাৰত প্ৰয়া ৬০লাখ ঘৰলৈ নল সংযোজিত পানীৰ যোগান নিশ্চিত কৰাৰ কাম সম্পূৰ্ণ কৰা হৈছিল। নিসন্দেহে এয়া এক বৃহত্ সাফল্য। যিসময়ত মহামাৰীৰ সংকটে সকলো কাম-কাজ স্থবিৰ কৰি তুলিছিল তাৰ মাজতো আমাৰ গাঁও অঞ্চলত এক ধৰণৰ আত্মবিশ্বাসে যে কাম কৰি আছিল তাৰ উত্কৃষ্ট উদাহৰণ এই কাৰ্যক্ৰমৰ সফল ৰূপায়ণ।

বন্ধুসকল, এইখিনি সময়ত অন্ন উত্পাদনেই হওক, কিম্বা ফল-মূলৰ উত্পাদন, গাখীৰৰ উত্পাদনকে ধৰি প্ৰায় সকলো বস্তুৰে উত্পাদনী প্ৰক্ৰিয়া অব্যাহত থকাই নহয় বৰং বহুবোৰ সামগ্ৰীৰ উত্পাদনে অভিলেখো ৰচনা কৰিবলৈ সক্ষম হৈছিল। ইফালে চৰকাৰৰ লগতে দুগ্ধ উদ্যোগেও সংকটৰ মাজৰ এইখিনি সময়ত অভিলেখ পৰিমাণে সামগ্ৰী ক্ৰয় কৰি ৰাইজক সকাহ দিবলৈ সক্ষম হৈছিল। ‘পিএম কিষাণ সন্মান নিধি’ৰ দ্বাৰা দেশৰ ১০ কোটিৰো অধিক কৃষকক তেওঁলোকৰ বেংক একাউণ্টৰ মাধ্যমেৰে পোণপতীয়াকৈ ধন উপলব্ধ কৰোৱা হৈছিল। ইয়াৰ প্ৰায় ৭৫ লাখ কৃষক আমাৰ বিহাৰৰ আছিল। বন্ধুসকল, যেতিয়াৰ পৰা এই যোজনা আৰম্ভ কৰা হৈছিল তেতিয়াৰ পৰা বিহাৰৰ কৃষকৰ বেংক একাউণ্টত প্ৰায় ৬ হাজাৰ কোটি টকা পৰিমাণৰ পুঁজি চৰকাৰৰ তৰফৰ পৰা জমা কৰা হৈছে। এনেদৰে গ্ৰহণ কৰা বহুবোৰ পদক্ষেপৰ সুবাদতে বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনাৰ মহাসংকটৰ পৰা আমি আমাৰ গাঁওবাসীক সকাহ দিবলৈ সক্ষম হ’ব পাৰিছো। এই কাম এই বাবেও প্ৰশংসনীয় যে ক’ৰোনাৰ লগতে এইখিনি সময়ত বিহাৰৰ জনসাধাৰণে বানৰ সংহাৰৰো সন্মুখীন হ’বলগীয়া হৈছিল।

বন্ধুসকল, ক’ৰোনাৰ সমান্তৰালকৈ বৰষুণ আৰু বানে বিহাৰ আৰু ইয়াৰ সমীপবৰ্তী অঞ্চলসমূহত যি এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই কথা নিশ্চয় সকলোৱে ভালকৈয়ে উপলব্ধি কৰিব পাৰিছে।  ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে বানপীড়িতৰ উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল। বিনামূলীয়া ৰেচন সামগ্ৰী আৰু ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ যোজনা’ৰ লাভ বিহাৰৰ  সংকটপীড়িতই লাভ কৰক, বাহিৰৰ পৰা প্ৰব্ৰজিত হৈ অহা শ্ৰমিকসকলে এই সুবিধা উপলব্ধ কৰক তাৰ বাবে সকলো ধৰণৰ পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছিল। এই কথা নিশ্চিত কৰাৰ বাবেই বিনামূলীয় ৰেচন যোজনাৰ ম্যাদ জুন মাহৰ পিচত দীপাৱলী আৰু ষথ্ পূজা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল।

বন্ধুসকল, ক’ৰোনা সংকটৰ বলি হৈ চহৰাঞ্চলৰ পৰা গাঁৱলৈ উভতি আহিবলগীয়া হোৱা বহু শ্ৰমিক বন্ধুৱে এতিয়া পশুপালনৰ বৃত্তি গ্ৰহণ কৰিছে। কেন্দ্ৰ আৰু বিহাৰ চৰকাৰৰ বহুকেইখন আঁচনিৰ পৰা তেওঁলোকে ভালকৈয়ে সুবিধা আদায় কৰিব পাৰিছে। মই এইসকল বন্ধুক ক’ম যে আপোনালোকে আজি যি পথ গ্ৰহণ কৰিছে তাৰ ভৱিষ্যত নিতান্ত উজ্জ্বল। মোৰ এইষাৰ কথা আপোনালোকে লিখি ৰাখিব পাৰে, যে আপোনাকে আজি যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভৱিষ্যত সঁচাকৈয়ে উজ্জ্বল হ’ব। দেশৰ দুগ্ধ উত্পাদন উদ্যোগে বিস্তাৰ লাভ কৰক তাৰ বাবে চৰকাৰে সদায়ে প্ৰয়াস কৰি আহিছে। গাখীৰৰে নতুন নতুন খাদ্য দ্ৰব্য প্ৰস্তুত হওক, নতুন উদ্ভাৱনৰ জৰিয়তে এই উদ্যোগৰ শ্ৰীবৃদ্ধি হওক, যাৰ ফলত আমাৰ কৃষকসকল উপকৃত হ’ব, আমাৰ গো-পালকসকল উপকৃত হ’ব, তেওঁলোকৰ স্বাস্থ্য উন্নত হ’ব আৰু সামগ্ৰিক ভাবে তেওঁলোকৰ জীৱন স্বাচ্ছ্ন্দ্যপূৰ্ণ হৈ উঠক।

এই লক্ষ্যত উপনীত হোৱাৰ বাবেই আজি দেশৰ ৫০ কোটিৰো অধিক পশুধনক খুড়া ফঁটা, মুখত ঘাঁ লগাৰ দৰে বেমাৰৰ পৰা মুক্ত কৰাৰ বাবে বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ অভিযান চলোৱা হৈছে। পশুধনক উন্নত খাদ্যদ্ৰব্য প্ৰদান কৰিব পৰাকৈ বহুকেইখন আঁচনি ৰূপায়ণৰে প্ৰয়াস অব্যাহত ৰখা হৈছে। দেশত উন্নত প্ৰজাতিৰ পশুধনৰ বিকাশৰ বাবে ‘মিছন গোকূল’ কাৰ্যক্ৰম চলাই থকা হৈছে। এবছৰৰ পূৰ্বেই দেশ জুৰি কৃত্ৰিম গৰ্ভধাৰণ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছিল, যাৰ এটা পৰ্যায় আজি সম্পূৰ্ণ হৈছে।

বন্ধুসকল, বিহাৰ এতিয়া উন্নত প্ৰজাতিৰ পশুধন বিকাশৰ ক্ষেত্ৰত দেশৰ এক অগ্ৰণী কেন্দ্ৰত পৰিণত হৈছে। ‘গোকূল মিছন’ৰ জৰিয়তে আজি পুৰ্ণিয়া, পাটনা, বাৰাউনীত আজি আধুনিক সা-সুবিধা সম্বলিত আন্ত-গাঁথনি নিৰ্মিত হৈছে, যাৰ সুবাদত দুগ্ধ উদ্যোগ ক্ষেত্ৰত বিহাৰৰ স্থিতি আৰু অধিক শক্তিশালী হৈ উঠিব। পুৰ্ণিয়াত যিটো কেন্দ্ৰ স্থাপিত হৈছে সেই কেন্দ্ৰ দেশৰ ভিতৰতে অন্যতম বৃহত্ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত কেৱল বিহাৰৰে নহয় বৰঞ্চ সমগ্ৰ পূব ভাৰতৰ এক বিস্তৃত প্ৰান্তই লাভ আদায় কৰিব পাৰিব। এই কেন্দ্ৰত ‘বছৌৰ’ আৰু ‘ৰে’ড পুৰ্ণিয়া’ৰ দৰে দেশীয় প্ৰজাতিৰ বীজৰ বিকাশ আৰু সংৰক্ষণৰো অধিক সুবিধা হ’ব।

বন্ধুসকল,

“এগো গায় সামান্যত: এক সাল মে’ এক বাচ্চা দেৱেলী। লেকিন আই–ভিএফ টকনিক সে এক গায়কী মদদ সে এক সাল মে’ অনেক বাচ্চা প্ৰয়োগশালা মে হো ৰহল বা। হমাৰা লক্ষ্য ই টকনিক কে গাঁৱ গাঁৱ তক পহুঁছাৱে বা।“

বন্ধুসকল,

পশুধনৰ ভাল সঁচৰ লগতে সিহঁতৰ ভালকৈ চোৱা-চিতা কৰাটোও খুবেই জৰুৰী কথা আৰু ইয়াৰ বাবে বৈজ্ঞানিক দিহা পৰামৰ্শসমূহ অৱগত হোৱাটো নিতান্তই প্ৰয়োজনীয় কথা। ইয়াৰ বাবেও বিগত বছৰবোৰত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে প্ৰয়াস কৰি থকা হৈছে। এই উপলক্ষেই আজি ‘ই-গোপালা’ শীৰ্ষক এটা ‘এপ্’-ৰ শুভাৰম্ভ কৰা হৈছে। এই ‘এপ্’-ৰ জৰিয়তে গো-পালকসকলে উন্নত প্ৰজাতিৰ পশুধন নিৰ্বাচন কৰাত সহযোগিতা লাভ কৰাৰ লগতে তেওঁলোক মধ্যভোগী দালালৰ গ্ৰাসৰ পৰাও মুক্ত হব পাৰিব। এই ‘এপ্’-ত পশুধনৰ লালন-পালন, ৰোগ নিৰাময়কে ধৰি যাৱতীয় সকলো ধৰণৰ তথ্য উপলব্ধ হ’ব। কেৱল সেয়াই নহয় এই ‘এপ্’-ক ‘পশু আধাৰ’ৰেও সংযুক্ত কৰাৰ দিহা কৰা হৈছে।  যেতিয়া এই কাম সম্পূৰ্ণ হৈ উঠিব তেতিয়া ‘ই-গোপালা এপ্’-ত পশুধনৰ নম্বৰটো দিলেই সেইটো পশুধনৰ বিষয়ে সবিশেষ জানিব পৰা যাব। ইয়াৰ ফলত গো-পালকসকলে পশুধন কিনা-বেচা কৰাত সনমুখীন হৈ অহা সমস্যাবোৰো নোহোৱা হৈ পৰিব।

বন্ধুসকল, কৃষিয়েই হওক কিম্বা, পশুপালনেই হওক, মত্স্য উত্পাদনেই হওক, এই সকলোবোৰৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা বৈজ্ঞানিক পদ্ধতিসমূহক আদৰি ল’ব পৰাকৈ গাঁও অঞ্চলত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাতো নিতান্তই আৱশ্যক।  বিহাৰ এনেয়েও কৃষি সম্পৰ্কীয় পঢ়া-শুনা তথা গৱেষণাৰ অগ্ৰণী কেন্দ্ৰ হিচাপে পৰিগণিত হৈয়ে আহিছে। দিল্লীত ‘পুছা’ৰ কথা প্ৰায়েই শুনিবলৈ পাওঁ। পিচে, বহুতেই হয়তো নাজানে যে দিল্লীত দৰাচলতে আচল ‘পুছা’ নাপায় বৰং আচল ‘পুছা’ দৰাচলতে বিহাৰৰ সমষ্টিপুৰতহে পোৱা যায়। ইয়াত উপলব্ধ হোৱা বিধ ক’বলৈ গ’লে সেইবিধৰ যঁজা ভাইহে।

বন্ধুসকল, পৰাধীনতাৰ কালতে বিহাৰৰ সমষ্টিপুৰৰ ‘পুছা’ত কৃষি গৱেষণা কেন্দ্ৰ মুকলি কৰা হৈছিল। স্বাধীনতাৰ পৰৱৰ্তি কালত ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু জননায়ক কৰ্পুৰী ঠাকুৰৰ দৰে দিগগজ নেতাই এই পৰম্পৰাক আগবঢ়াই নিছিল। এই প্ৰয়াসৰ পৰা প্ৰেৰণা লৈয়ে ২০১৬ চনত ‘ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়’ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনিৰ পৰা পাঠ্যক্ৰম আদিৰ বহু বিস্তাৰ আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছিল।সেইদৰে মতিহাৰীৰ ‘কৃষি আৰু বনানীকৰণ মহাবিদ্যালয়’, পুছাৰ ‘স্কুল অব এগ্ৰি বিজনেছ এণ্ড ৰুৰেল মেনেজমেণ্ট’ আদিৰ ক্ষেত্ৰতো আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল, কৃষি ক্ষেত্ৰত আধুনিক ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ৫-৬বছৰত দেশত এক বৃহত্ অভিযান অব্যাহত ৰখা হৈছে। ৬ বছৰৰ আগতে দেশত মাত্ৰ এখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আছিল, কিন্তু আজি দেশত ৩-৩খন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আছে। বিহাৰত প্ৰতি বছৰে অহা বানৰ প্ৰকোপৰ পৰা জনতাক সুৰক্ষা দিয়াৰ বাবে উপায় উলিয়াবলৈ ‘মহাত্মা গান্ধী  গৱেষণা কেন্দ্ৰ’ স্থাপন কৰা হৈছে। সেইদৰে মতিপুৰত মত্স্য উত্পাদনৰে জড়িত আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, মতিহাৰীত পশুপালন, কৃষি আৰু দুগ্ধ উত্পাদন বিকাশ কেন্দ্ৰৰ দৰে অনেক সংস্থানৰ কাম-কাজ আৰম্ভ কৰা হৈছে।

বন্ধুসকল, ভাৰতে এতিয়া এনে এক স্থিতিৰ দিশে আগবাঢ়িছে যে এতিয়া গাঁৱৰ কাষতে ‘ক্লাষ্টাৰ’ নিৰ্মাণ কৰা হ’ব, য’ত খাদ্য সংসাধন উদ্যোগ স্থাপন হ’ব, তাৰ কাষতে এই উদ্যোগ সম্পৰ্কীয় গৱেষণা প্ৰতিষ্ঠানো স্থাপন কৰা হ’ব। এই কাৰ্যক্ৰমে ‘জয় কিষাণ’, ‘জয় বিজ্ঞান’ আৰু ‘জয় অনুসন্ধান’-ৰ বাবে আমি দেখা সপোন সাৰ্থক কৰি তুলিব বুলি আমি ন-দি ক’ব পাৰো।

বন্ধুসকল, বিহাৰৰ যুৱক-যুৱতী, বিশেষকৈ আমাৰ ভগ্নীসকলে প্ৰথমৰ পৰাই যোগদান দি অহাৰ কথা ক’বলৈ পাই মোৰ ভাল লাগিছে। ‘স্ত্ৰীবিধি ধান’ৰ খেতিয়েই হওক কিম্বা ‘লীজ’ত লৈ শাক-পাচলীৰ খেতি কৰাই হওক, ‘অজ্জোলা’কে ধৰি অন্য জৈৱিক সাৰৰ প্ৰয়োগেই হওক অথবা কৃষি উপকৰণৰে জড়িত ভাড়াতীয়া প্ৰতিষ্ঠানেই হওক, বিহাৰৰ স্ত্ৰী শক্তিয়ে সদায়ে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সদায়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। পুৰ্ণিয়া জিলাৰ মাকৈৰ ব্যৱসায়ৰে জড়িত ‘আৰণ্যক এফপিঅ’’, দুগ্ধ উত্পাদক প্ৰতিষ্ঠান ‘কৌশিকী মিল্ক প্ৰডিউচাৰ কম্পেনী’ আদি প্ৰতিষ্ঠান আমাৰ মহিলা সকলে প্ৰশংসনীয় ৰূপত পৰিচালনা কৰি আহিছে।

বন্ধুসকল, বিহাৰৰ গাঁওসমূহক, দেশৰ গাঁওসমূহক আত্মনিৰ্ভৰ ভাৰতৰ প্ৰাণকেন্দ্ৰ কৰি গঢ়ি তোলাৰ বাবে আমাৰ প্ৰয়াস নিৰন্তৰ চলি আছে। এই প্ৰয়াসত বিহাৰৰ পৰিশ্ৰমী বন্ধুসকলৰ সহযোগিতা নিতান্তই গুৰুত্বপূৰ্ণ হ’ব আৰু আপোনালোকৰ পৰা দেশে সদায়ে অধিক আশা কৰি আহিছে। বিহাৰৰ লোকে দেশতেই হওক, কিম্বা বিদেশতেই হওক, নিজৰ পৰিশ্ৰম, নিজৰ প্ৰতিভাৰে দক্ষতা প্ৰতিপন্ন কৰি আহিছে। মোৰ দৃঢ় বিশ্বাস আছে, বিহাৰ ৰাইজে বিহাৰক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ বাবে দেখা সপোন দিঠক কৰাৰ বাবে এই একেধৰণেই প্ৰয়াসৰত হ’ব। উন্নয়ণী আঁচনিৰ শুভাৰম্ভ হোৱাৰ বাবে মই পুনৰবাৰ আপোনাসৱক বহুত বহুত অভিনন্দন জনাইছো আৰু লগতে আপোনালোকক এক অনুৰোধো জনাব খুজিছো, আপোনালোকে মুখত ‘মাস্ক’ আৰু দুইগজৰ ব্যৱধান ৰখাৰ বিধি নিতান্তই পালন কৰি থকাৰ অভ্যাস অব্যাহত ৰাখিব। সুৰক্ষিত থাকক, সুস্থ হৈ থাকক।

ঘৰৰ বয়োজ্যেষ্ঠসকলক ভালকৈ শুশ্ৰূষা কৰক, এয়া খুবেই প্ৰয়োজনীয়। ক’ৰোনাক তুচ্ছজ্ঞান নকৰিব আৰু সকলো নাগৰিকে সামাজিক ব্যৱধান অৱশ্যে মানি চলি ক’ৰোনাক পৰাভুত কৰাৰ অংগীকাৰ কৰক। কিয়নো ক’ৰোনাৰ প্ৰতিষেধক যেতিয়া আহিব আহিব, কিন্তু ক’ৰোনাক ৰুধিবলৈ, ক’ৰোনাৰ পৰা সাৰি থাকিবলৈ সামাজিক ব্যৱধান বিধিয়েই উত্তম উপায়। সেয়ে ‘মাস্ক পৰিধান কৰক’, ‘সঘনাই হাত ধোৱাৰ অভ্যাস অটুত ৰাখক, য’তে-ত’তে থুঁ পেলোৱাৰ অভ্যাস পৰিত্যাগ কৰক, বয়োজ্যেষ্ঠসকলৰ পৰিচৰ্যা কৰক। আপোনালোকৰ মাজলৈ আহিবলৈ পায় মই নিতান্তই সুখ অনুভৱ কৰিছো আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ লগতে আমাৰ গিৰিৰাজ জীকে ধৰি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।