৮৫০০টা জন ঔষধি কেন্দ্ৰ কেৱল চৰকাৰী দোকান নহয়, সেইবিলাক সাধাৰণ লোকক সমাধান দিয়া ঠাইত দ্ৰুত গতিত পৰিণত হৈছে
এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।
"আমি সিদ্ধান্ত লৈছো যে বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধা মাছুল চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত লোৱা হ'ব"

নমস্কাৰ!

মোৰ বাবে এয়া এক আনন্দৰ কথা যে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সৈতে আজি মনবিনিময়ৰ সুযোগ পাইছো। আমাৰ এই অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। একাংশ সতীৰ্থক আজি সন্মানিত কৰিবলৈ পাই চৰকাৰে সৌভাগ্য অনুভৱ কৰিছে। জন ঔষধি দিৱসত মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

জন ঔষধি কেন্দ্ৰই শৰীৰক কেৱল সুস্থ কৰি ৰখাই নহয়, ই মানুহৰ উদ্বিগ্নতাও হ্ৰাস কৰে। লগতে, ই জনসাধাৰণৰ ধন ৰাহি কৰি তেওঁলোকক সকাহ প্ৰদান কৰে। আপুনি যদি চলিত বিত্তীয় বৰ্ষৰ পৰিসংখ্যালৈ মন কৰে, তেতিয়া জানিব যে জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ৮০০ কোটিৰো অধিক মূল্যৰ ঔষধ বিক্ৰী হৈছে।

ইয়াৰ অৰ্থ এয়ে যে মধ্যবিত্ত শ্ৰেণীৰ লোকে জন ঔষধি কেন্দ্ৰৰ মাধ্যমেৰে কেৱল মাত্ৰ চলিত বিত্তীয় বৰ্ষতে ৫,০০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। আপোনালোকে এইমাত্ৰ ভিডিঅ’টোত দেখিলে যে সৰ্বমুঠ ১৩,০০০ কোটি টকা এতিয়ালৈকে ৰাহি হৈছে। যোৱা বছৰতকৈ এই ৰাহিৰ পৰিমাণ বেছি। কৰোনা মহামাৰীৰ সময়ত জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে ১৩,০০০ কোটি ৰাহি কৰাটো বৃহত সকাহৰ কথা।

দেশত এতিয়া ৮,৫০০ৰো অধিক জন ঔষধি কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহ কেৱল চৰকাৰী ভাণ্ডাৰ নহয়, ই সাধাৰণ লোকৰ বাবে এক সমাধান কেন্দ্ৰ হৈ পৰিছে। এই কেন্দ্ৰসমূহত মহিলাৰ বাবে ছেনিটাৰী নেপকিন মাত্ৰ একাত উপলব্ধ। ২১ কোটিৰো অধিক ছেনিটাৰী নেপকিন বিক্ৰীয়ে এইটো প্ৰমাণ কৰে যে জন ঔষধি কেন্দ্ৰই যথেষ্টসংখ্যক মহিলাৰ জীৱন-যাপন সৰল কৰিছে।

বন্ধুসকল,

আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ৫০কোটিৰো অধিক লোক পঞ্জীভুক্ত হৈছে। আঁচনিখন মুকলি হোৱাৰে পৰা তিনি কোটিৰো অধিক লোক ইয়াৰদ্বাৰা উপকৃত হৈছে। তেওঁলোকে হস্পিতালত বিনামূলীয়া চিকিতসাসেৱা লাভ কৰিছে। এই আঁচনি নাথাকিলে, আমাৰ দৰিদ্ৰ ভাই-বন্ধুসকলে প্ৰায় ৭০,০০০ কোটি টকা ব্যয় কৰিব লগা হ’লহেতেন।

বন্ধুসকল,

বিশ্বৰ অধিকাংশ আগশাৰীৰ দেশৰ নাগৰিকে কৰোনাৰ সময়ছোৱাত ভেকচিন গ্ৰহণৰ বাবে হাজাৰ টকা খৰচ কৰিবলগীয়া হৈছে। কিন্তু আমি প্ৰথম দিনাৰ পৰাই চেষ্টা কৰিছো যাতে ভাৰতৰ নাগৰিকে ভেকচিনৰ বাবে এটাও ব্যয় কৰিব লগা নহয়। দেশৰ নাগৰিকক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমাৰ চৰকাৰে ৩০,০০০ কোটিৰো অদিক ধন ব্যয় কৰিছে।

আপোনালোকে নিশ্চয় মন কৰিছে যে চৰকাৰে কিছুদিন পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ শিশুসকলক উপকৃত কৰিব। আমি সিদ্ধান্ত লৈছো যে ব্যক্তিগত মেডিকেল কলেজত ৫০ শতাংশ আসনৰ মাছুল চৰকাৰী মেডিকেল কলেজৰ সমান হ’ব। ব্যক্তিগত মেডিকেল কলেজে ইয়াতকৈ অধিক মাচুল আদায় কৰিব নোৱাৰিব। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ শিশুৰ বাবে প্ৰায় ২,৫০০ কোটি টকা ৰাহি হ’ব।

ভাই আৰু ভনীসকল,

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে স্বাস্থ্য আন্তঃগাথনি সৱল কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিছে। স্বাধীনতাৰ বহু দশক পিছলৈ দেশত মাত্ৰ এখন এইমছ আছিল, কিন্তু আজি দেশত এইমছৰ সংখ্যা ২২খনলৈ বৃদ্ধি পাইছে। আমাৰ লক্ষ্য হ’ল দেশৰ প্ৰতিখন জিলাত অতি কমেও এখন মেডিকেল কলেজ স্থাপন কৰা। এতিয়া প্ৰতি বছৰে দেশৰ মেডিকেল প্ৰতিষ্ঠানৰ পৰা ১.৫লাখ নতুন ডক্টৰে ডিগ্ৰী লাভ কৰি আছে। এই পৰিসংখ্যাই দেশৰ স্বাস্থ্য সেৱা খণ্ডক নতুন গতি দিছে।

ভাৰতৰ সকলো নাগৰিকে যাতে সন্মানজনক জীৱনৰ অধিকাৰী হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ নীতিৰে আগবাঢ়িছে। মই নিশ্চিত যে আমাৰ জন ঔষধি কেন্দ্ৰই এই নীতিৰ সৈতে সমাজক শক্তিশালী কৰাত অৰিহণা আগবঢ়াব। পুনৰ এবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi