“Well-informed, better-informed society should be the goal for all of us, let us all work together for this”
“Agradoot has always kept the national interest paramount”
“Central and state governments are working together to reduce the difficulties of people of Assam during floods”
“Indian language journalism has played a key role in Indian tradition, culture, freedom struggle and the development journey”
“People's movements protected the cultural heritage and Assamese pride, now Assam is writing a new development story with the help of public participation”
“How can intellectual space remain limited among a few people who know a particular language”

অসমৰ শক্তিমান মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মন্ত্ৰী শ্ৰী অতুল বৰা জী, কেশব মহন্ত জী, পীযুষ হাজৰিকা জী, গোল্ডেন জুবিলি চেলিব্ৰেচন কমিটিৰ অধ্যক্ষ ডাঃ দয়ানন্দ পাঠক জী, অগ্ৰদূতৰ চীফ এডিটৰ তথা কলমেৰে ইমান দীঘলীয়া সময় ধৰি যিজনে তপস্যা কৰিছে, সাধনা কৰিছে, সেইজন কনকসেন ডেকা জী, অন্য মহানুভৱ, দেৱী আৰু সজ্জন,

 

অসমীয়া ভাষাত উত্তৰ পূবৰ শক্তিশালী কণ্ঠ, দৈনিক অগ্ৰদূতৰ সৈতে জড়িত সকলো বন্ধু, সাংবাদিক, কৰ্মচাৰী আৰু পাঠকক ৫০ বছৰ- পাঁচ দশকৰ সোণালী যাত্ৰাৰ বাবে মই বহুত বহুত অভিনন্দন জনাইছো, বহুত বহুত শুভকামনা জনাইছো। অনাগত সময়ত অগ্ৰদূতে নতুন উচ্চতা স্পৰ্শ কৰক, ভাই প্ৰাঞ্জল আৰু যুৱ টীমক মই ইয়াৰ বাবে শুভকামনা জনাইছো।

 

এই সমাৰোহৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাছনিও নিজে নিজেই অদ্ভুত সংযোগ। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কাব্য আৰু ৰচনাৰ মাধ্যমত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছিল। সেই মূল্যকে দৈনিক অগ্ৰদূতেও নিজৰ সাংবাদিকতাৰে সমৃদ্ধ কৰিছে। দেশত সদ্ভাৱৰ, একতাৰ, বন্তি জ্বলাই ৰখাত আপোনালোকৰ কাকতে সাংবাদিকতাৰ মাধ্যমত বৃহৎ ভূমিকা পালন কৰিছে।

 

ডেকা জীৰ মাৰ্গদৰ্শনত দৈনিক অগ্ৰদূতে সদায়েই ৰাষ্ট্ৰহিতক সৰ্বোপৰি ৰাখিছে। ইমাৰ্জেঞ্চীৰ সময়তো যেতিয়া গণতন্ত্ৰৰ ওপৰত সবাতোকৈ ডাঙৰ আক্ৰমণ হয়, তেতিয়াও দৈনিক অগ্ৰদূত আৰু ডেকা জীয়ে সাংবাদিকতাৰ প্ৰমূল্যৰ ক্ষেত্ৰত আপোচ কৰা নাই। তেওঁ কেৱল অসমতে ভাৰতীয়তাৰে ওতঃপ্ৰোত সাংবাদিকতাক শক্তিশালী কৰা নাই, বৰং মূল্য আধাৰিত সাংবাদিকতাৰ বাবে এটা নতুন প্ৰজন্মও প্ৰস্তুত কৰে।

 

স্বাধীনতাৰ ৭৫তম বৰ্ষত দৈনিক অগ্ৰদূতৰ সোণালী জয়ন্তী সমাৰোহ কেৱল এটা পৰ্যায়ত গৈ উপনীত হোৱা নহয়, বৰং এয়া স্বাধীনতাৰ অমৃত কালত সাংবাদিকতাৰ বাবে, ৰাষ্ট্ৰীয় কৰ্তব্যৰ বাবে প্ৰেৰণাও।

 

বন্ধুসকল,

 

যোৱা কিছু দিনৰ পৰা অসম বানৰ ৰূপত ডাঙৰ প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীনো হৈ আছে। অসমৰ বহু জিলাত সাধাৰণ জীৱন বহুত প্ৰভাৱিত হৈছে। হিমন্ত জী আৰু তেওঁৰ টীমে সাহায্য আৰু উদ্ধাৰৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰি আছে। মোৰো সময়ে সময়ে তাক লৈ তাৰ বহু মানুহৰ সৈতে কথা-বতৰা হৈ আছে। মুখ্যমন্ত্ৰী জীৰে কথা-বতৰা হৈ আছে। মই আজি অসমৰ মানুহক, অগ্ৰদূতৰ পাঠকসকলক এই ভৰষা দিছো যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লগ হৈ, তেওঁলোকৰ সংকট কম কৰাত লাগি আছে।

 

বন্ধুসকল,

 

ভাৰতৰ পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু বিকাশ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ ভূমিকা অগ্ৰণী হৈ আছে। অসম তো সাংবাদিকতাৰ ক্ষেত্ৰত বহুত জাগ্ৰত ক্ষেত্ৰ। আজিৰ পৰা প্ৰায় দেৰশ বছৰৰ আগতেই অসমীয়াত সাংবাদিকতা আৰম্ভ হৈছিল আৰু যি সময়ৰ লগে লগে সমৃদ্ধ হৈ থাকিল। অসমে এনেকুৱা বহু সাংবাদিক, এনেকুৱা বহু সম্পাদক দেশক দিছে, যি ভাষিক সাংবাদিকতাক নতুন পৰিসৰ দিছে। আজিও এই সাংবাদিকতাই সাধাৰণ লোকক চৰকাৰ আৰু সফলতাক সংযুক্ত কৰাত বহুত ডাঙৰ সেৱা কৰি আছে।

বন্ধুসকল,

 

দৈনিক অগ্ৰদূতৰ যোৱা ৫০ বছৰৰ যাত্ৰাই অসমত হোৱা পৰিৱৰ্তনৰ কাহিনী শুনায়। জন আন্দোলনে এই পৰিৱৰ্তনক সাকাৰ কৰাত বিশেষ ভূমিকা পালন কৰিছে। জন আন্দোলনে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু অসমীয়া গৌৰৱৰ ৰক্ষা কৰিছে। আৰু এতিয়া জন অংশগ্ৰহণৰ জৰিয়তে অসমে বিকাশৰ নতুন গাঁথা লিখি আছে।

 

বন্ধুসকল,

 

ভাৰতৰ এই সমাজত গণতন্ত্ৰ এইবাবেই নিহিত আছে কিয়নো ইয়াত আলোচনাৰে, চিন্তাৰে, প্ৰতিটো মতভেদ দূৰ কৰাৰ পথ আছে। যেতিয়া সংবাদ হয়, তেতিয়া সমাধান ওলায়। সংবাদেৰেই সম্ভাৱনাৰ বিস্তাৰ হয়। সেয়ে ভাৰতীয় গণতন্ত্ৰত জ্ঞানৰ প্ৰৱাহৰ লগতে তথ্যৰ প্ৰৱাহো অবিৰত বৈ থাকিল আৰু নিৰন্তৰ বৈ আছে। অগ্ৰদূতো এই পৰম্পৰাক আগবঢ়াই নিয়াৰ মহত্বপূৰ্ণ মাধ্যম হৈ আছে।

 

বন্ধুসকল,

 

আজিৰ পৃথিৱীত আমি য'তেই নাথাকো, আমাৰ মাতৃভাষাত ওলোৱা কাকতে আমাক ঘৰৰ সৈতে সংযুক্ত হোৱাৰ অনুভৱ কৰায়। আপোনালোকেও জানে যে অসমীয়া ভাষাত ছপা হোৱা দৈনিক অগ্ৰদূত সপ্তাহত দুবাৰ ছপা হৈছিল। তাৰ পৰা আৰম্ভ হোৱা ইয়াৰ যাত্ৰা প্ৰথমে দৈনিক কাকত হোৱালৈকে যায় আৰু এতিয়া ই ই-পেপাৰৰ ৰূপত অনলাইনো আছে। পৃথিৱীৰ যিকোনো প্ৰান্তত থাকিও আপুনি অসমৰ খবৰৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে, অসমৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে।

 

এই কাকতখনৰ বিকাশ যাত্ৰাত আমাৰ দেশৰ পৰিৱৰ্তন আৰু ডিজিটেল বিকাশৰ ৰেঙনি দেখা যায়। ডিজিটেল ইণ্ডিয়া আজি লোকেল কানেক্টৰ শক্তিশালী মাধ্যম হৈ পৰিছে। আজি যিজন লোকে অনলাইন কাকত পঢ়ে, তেওঁ অনলাইন পেমেণ্টো কৰিব জানে। দৈনিক অগ্ৰদূত আৰু আমাৰ মিডিয়া অসম আৰু দেশৰ এই পৰিৱৰ্তনৰ সাক্ষী হৈ আছে।

 

বন্ধুসকল,

 

স্বাধীনতাৰ ৭৫ বছৰ যি সময়ত আমি সম্পূৰ্ণ কৰি আছো, সেই সময়ত এটা প্ৰশ্ন আমি জৰুৰ সুধিব লাগে। Intellectual space কোনো বিশেষ ভাষাক জনা কিছুসংখ্যক লোকৰ মাজতে কিয় সীমিত থাকিব লাগে? এই প্ৰশ্ন কেৱল আৱেগৰ নহয়, বৰং বিজ্ঞান সন্মত যুক্তিৰো। আপুনি অলপ ভাবক, যোৱা ৩টা ঔদ্যোগিক ক্ৰান্তিত ভাৰতে ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত পিছপৰি কিয় থাকিল? যিহেতু ভাৰতৰ ওচৰত জ্ঞানৰ, জনাৰ-বুজাৰ, নতুন চিন্তা কৰাৰ, নতুন কৰাৰ পৰম্পৰা শতিকাজুৰি চলি আহিছে।

 

ইয়াৰ এটা ডাঙৰ কাৰণ এইটো যে আমাৰ এই সম্পদ ভাৰতীয় ভাষাত আছিল। দাসত্বৰ দীঘলীয়া কালখণ্ডত ভাৰতীয় ভাষাৰ বিস্তাৰক বাধা দিয়া হ'ল, আৰু আধুনিক জ্ঞান-বিজ্ঞান, গৱেষণাক এটা-দুটা ভাষাত সীমিত কৰি দিয়া হ'ল। ভাৰতৰ বহুত ডাঙৰ বৰ্গৰ সেই ভাষালৈকে, সেই জ্ঞানলৈকে প্ৰাপ্তিয়েই নাছিল। অৰ্থাৎ বুদ্ধিমত্তাৰ, বিশেষীকৰণৰ পৰিসৰ নিৰন্তৰ সংক্ষিপ্ত হৈ গ'ল। যাৰ ফলত আৱিস্কাৰ আৰু উদ্ভাৱনৰ কামো সীমিত হৈ গ'ল।

 

২১শ শতিকাত যেতিয়া পৃথিৱী চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ দিশত অগ্ৰসৰ হৈ আছে তেতিয়া ভাৰতৰ ওচৰত পৃথিৱীক নেতৃত্ব দিয়াৰ বহুত ডাঙৰ সুযোগ আছে। এই সুযোগ আমাৰ ডেটা পাৱাৰৰ বাবে আছে, ডিজিটেল ইনক্লুজ্যনৰ কাৰণে আছে। যিকোনো ভাৰতীয়ই best information, best knowledge, best skill আৰু best opportunityৰ পৰা কেৱল ভাষাৰ কাৰণে বঞ্চিত হৈ নাথাকক, এয়া আমাৰ প্ৰয়াস।

 

সেয়ে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতীয় ভাষাত পঢ়াক উৎসাহিত কৰিছো। মাতৃভাষাত পঢ়া এই ছাত্ৰ-ছাত্ৰী কাইলৈ যি বৃত্তিতেই যাওক লাগে, তেওঁৰ নিজৰ ঠাইৰ প্ৰয়োজন আৰু নিজৰ মানুহৰ আকাংক্ষাৰ উপলব্ধি থাকিব। ইয়াৰ লগতে এতিয়া আমাৰ প্ৰয়াস আছে যে ভাৰতীয় ভাষাত পৃথিৱীৰ উন্নত কণ্টেণ্ট উপলব্ধ হওক। ইয়াৰ বাবে national language translation missionৰ ওপৰত আমি কাম কৰি আছো।

 

প্ৰয়াস কৰা হৈছে যে ইণ্টাৰনেট, জ্ঞানৰ, তথ্যৰ বহুত ডাঙৰ ভাণ্ডাৰ, তাক প্ৰতিজন ভাৰতীয়ই নিজৰ ভাষাত প্ৰয়োগ কৰিব পাৰক। দুদিন পূৰ্বে ইয়াৰ বাবে ভাষীনী প্লেটফর্ম লঞ্চ কৰা হৈছে। এয়া ভাৰতীয় ভাষাৰ Unified Language Interface, প্ৰতিজন ভাৰতীয়ক ইণ্টাৰনেটৰ সৈতে সহজেই সংযুক্ত কৰাৰ প্ৰয়াস। যাতে তেওঁলোক তথ্যৰ, জ্ঞানৰ এই আধুনিক স্ৰোতৰ সৈতে, চৰকাৰৰ সৈতে, চৰকাৰী সুবিধাৰ সৈতে সহজেই নিজৰ ভাষাৰে সংযুক্ত হ'ব পাৰে, সংবাদ কৰিব পাৰে।

 

ইণ্টাৰনেটক কোটি কোটি ভাৰতীয়ক নিজৰ ভাষাত উপলব্ধ কৰোৱা সামাজিক আৰু অৰ্থনৈতিক, সকলো পদক্ষেপতকৈ মহত্বপূৰ্ণ। সকলোতকৈ ডাঙৰ কথা হৈছে ই এক ভাৰত, শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিবলৈ, দেশৰ বেলেগ বেলেগ ৰাজ্যৰ সৈতে সংযুক্ত হ'বলৈ, ফুৰা-চকা কৰিবলৈ আৰু সংস্কৃতিক বুজিবলৈ ই বহুত ডাঙৰ সহায় কৰিব।

 

বন্ধুসকল,

 

অসম সহিতে সমগ্ৰ উত্তৰ পূব পৰ্যটন, সংস্কৃতি আৰু জৈৱবৈচিত্ৰ্যৰ দিশত বহুত সমৃদ্ধ। তথাপিও এতিয়ালৈকে এই সমগ্ৰ ক্ষেত্ৰখন সিমান explore হোৱা নাই। অসমৰ ওচৰত ভাষা, গীত-সংগীতৰ ৰূপত যি সমৃদ্ধ ঐতিহ্য আছে, সেয়া দেশ আৰু বিশ্বলৈকে গৈ পাব লাগে। যোৱা ৮ বছৰৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ পূবক আধুনিক কানেক্টিভিটি হিচাপে সংযুক্ত কৰাৰ অভূতপূৰ্ব প্ৰয়াস চলি আছে। ইয়াৰ ফলত অসমৰ, উত্তৰ-পূবৰ, ভাৰতৰ বিকাশত অংশগ্ৰহণ অহৰহ বাঢ়ি আছে। এতিয়া ভাষাৰ দিশতো এই ক্ষেত্ৰখন ডিজিটেল কানেক্ট হ'লে অসমৰ সংস্কৃতি, জনজাতীয় পৰম্পৰা আৰু পৰ্যটন বহুত লাভবান হ'ব।

 

বন্ধুসকল,

 

সেয়ে মোৰ অগ্ৰদূতৰ দৰে দেশৰ সকলো ভাষাৰ সাংবাদিকতা কৰা সংস্থানৰ প্ৰতি বিশেষ নিবেদন থাকিব যে ডিজিটেল ইণ্ডিয়াৰ এনেকুৱা প্ৰতিটো প্ৰয়াসৰ প্ৰতি নিজৰ পাঠকসকলক সজাগ কৰক। ভাৰতৰ tech futureক সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ সকলোৰে প্ৰয়াসৰ প্ৰয়োজন। স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযানত আমাৰ মিডিয়াই যি সকাৰাত্মক ভূমিকা পালন কৰিলে, তাৰ সমগ্ৰ দেশ আৰু বিশ্বত আজিও প্ৰশংসা হয়। এনেকৈয়ে, অমৃত মহোৎসৱত দেশৰ সংকল্পতো আপোনালোক ভাগীদাৰ হৈ ইয়াক এটা গতি দিয়ক, নতুন শক্তি দিয়ক।

 

অসমত জল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্বৰ সৈতে আপোনালোক ভালদৰে পৰিচিত। এই দিশতে দেশে এই সময়ত অমৃত সৰোবৰ অভিযানক আগবঢ়াই আছে। দেশে প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰৰ বাবে কাম কৰি আছে। ইয়াত সম্পূৰ্ণ বিশ্বাস আছে যে অগ্ৰদূতৰ মাধ্যমত অসমৰ কোনো নাগৰিক এনেকুৱা নহ'ব যি ইয়াৰ সৈতে সংযুক্ত নহ'ব, সকলোৰে প্ৰয়াসে নতুন গতি দিব পাৰে।

 

এনেকৈয়ে, স্বাধীনতাৰ সংগ্ৰামত অসমৰ স্থানীয় লোকৰ, আমাৰ আদিবাসী সমাজৰ ইমান ডাঙৰ যোগদান আছে। এটা সংবাদ সংস্থানৰ ৰূপত এই গৌৰৱশালী অতীতক প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱাত আপোনালোকে ডাঙৰ ভূমিকা পালন কৰিব পাৰে। মোৰ বিশ্বাস আছে যে অগ্ৰদূতে সমাজৰ এই সকাৰাত্মক প্ৰয়াসক শক্তি দিয়াৰ নিজৰ কৰ্তব্য যাক যোৱা ৫০ বছৰ ধৰি পালন কৰি আহিছে, অনাগত বহু দশকলৈও পালন কৰিব, এনেকুৱা মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অসমৰ মানুহ আৰু অসমৰ সংস্কৃতিৰ বিকাশত সি নেতা হিচাপে কাম কৰি থাকিব।

 

Well informed, better informed societyহে আমাৰ সকলোৰে কাম্য হওক, আমি সকলোৱেই মিলি ইয়াৰ বাবে কাম কৰো, এই সদিচ্ছাৰে এবাৰ আকৌ আপোনালোকক সোণালী যাত্ৰাৰ অভিনন্দন আৰু উন্নত ভৱিষ্যতৰ বহুত বহুত শুভকামনা!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi offers prayers at Arulmigu Subramaniyaswamy Temple, Thirupparankundram in Madurai
March 01, 2026

The Prime Minister, Shri Narendra Modi, visited and offered prayers at the Arulmigu Subramaniyaswamy Temple in Thirupparankundram, Madurai today.

During his visit to the sacred temple, the Prime Minister sought blessings for the peace, prosperity, and well-being of all citizens. The Prime Minister expressed his hope that Lord Murugan would continue to guide us with strength, courage, and wisdom.

The Prime Minister shared his sentiments with the invocation, "Vetrivel Muruganukku Arogara!"

The Prime Minister Shared on X:

"Vetrivel Muruganukku Arogara!

Prayed at the Arulmigu Subramaniyaswamy Temple, Thirupparankundram, Madurai.

Sought blessings for peace, prosperity and the well-being of all. May Lord Murugan always guide us with strength, courage and wisdom."