স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয় এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী
আজি চেন্নাইৰ ভাৰতীয় তেল নিগমৰ লুব ব্লেণ্ডিং প্ৰকল্পটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছে, এয়া বিশ্বৰ অন্যতম বৃহৎ সুবিধাঃ প্ৰধানমন্ত্ৰী
আমি আজি ৩৭০ কিমি দৈৰ্ঘ্যৰ গ্ৰামীণ পথ উদ্বোধন কৰিছো, সামগ্ৰিকভাৱে প্ৰতিটো পথেই গ্ৰাম্য অৰ্থনীতিক সমৃদ্ধ কৰে আৰু ইজ অৱ লিভিঙৰ বৰ্ধন ঘটায়ঃ প্ৰধানমন্ত্ৰী
একাধিক নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰা হৈছে, যিয়ে পৰ্যটন, স্থানীয় অৰ্থনীতিৰ বৰ্ধন ঘটাব আৰু যুৱক-যুৱতীসকলৰ বাবে বহু চাকৰিৰ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী
আমাৰ লক্ষ্য হৈছে এখনি বিকশিত ভাৰতৰ বাবে এখনি বিকশিত তামিলনাডু গঢ়াঃ প্ৰধানমন্ত্ৰী

শ্ৰী পীয়ূষ গোৱেল জী, ডঃ এল. মুৰুগান জী, শ্ৰী এদাপ্পাদি কে. পলানিস্বামী, শ্ৰী নৈনাৰ নগেন্দ্ৰন, শ্ৰী থাংগম টেন্নাৰছু, মোৰ তামিল ভাই-ভনীসকল, বনাক্কম!

বন্ধুসকল,

বিস্ময় চহৰ তিৰুচিত উপস্থিত হৈ মোৰ ভাল লাগিছে।

আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।

 

বন্ধুসকল,

ভাৰত পেট্ৰলিয়ামৰ চিটি গেছ বিতৰণ নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰি মই সন্তোষ লভিছো। ইয়াত প্ৰায় তিনি হাজাৰ সাতশ কোটি টকা বিনিয়োগ কৰা হৈছে। এই নেটৱৰ্কে তামিলনাডুৰ নীলগিৰি আৰু ইৰোড জিলাক সামৰি লৈছে। ইয়াৰ জৰিয়তে প্ৰায় ৯ লাখ গৃহস্থী আৰু শতাধিক বাণিজ্যিক সংস্থাক পাইপেৰে প্ৰাকৃতিক গেছ যোগান ধৰা হ’ব। পাইপেৰে গেছ পোনপটীয়াকৈ গৃহস্থীসমূহলৈ যাব, ইয়াৰ ফলত ইজ অৱ লিভিঙৰ বৰ্ধন ঘটিব। একেদৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব। প্ৰাকৃতিক গেছ হৈছে পৰিবেশ অনুকূল ইন্ধন যিয়ে বায়ু প্ৰদূষণ হ্ৰাস কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মোক কোৱা হৈছে যে মাত্ৰ আঠ বছৰৰ ভিতৰত এই প্ৰকল্পৰ ইতিবাচক পাৰিপাৰ্শ্বিক প্ৰভাৱ চাৰি কোটি গছপুলি ৰোপণৰ দৰেই হ’ব!

বন্ধুসকল,

আজি চেন্নাইৰ ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ লুব ব্লেণ্ডিং প্ৰকল্পটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হৈছে। আপোনাসৱে জানিবলৈ পাই গৌৰৱ অনুভৱ কৰিব যে এইটো বিশ্বৰ অন্যতম বৃহৎ সুবিধা। এই প্ৰকল্পই তামিলনাডু আৰু বাহিৰৰ বহু গুৰুত্বপূৰ্ণ উদ্যোগৰ চাহিদা পূৰণ কৰিব। স্থানীয়ভাৱে লুব্ৰিকেন্টৰ উৎপাদন বৃদ্ধিৰ ফলত আমদানিও হ্ৰাস পাব আৰু ৰাষ্ট্ৰৰ ধনো ৰাহি হ’ব।

 

বন্ধুসকল,

আজি আমি তিনিশ সত্তৰ কিমি দৈৰ্ঘ্যৰ গ্ৰামীণ পথ উদ্বোধন কৰিছো। এই কাম প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কৰা হৈছে। এই প্ৰতিটো পথ কেৱল ফিজিকিলে আন্তঃগাঁথনিয়েই নহয়। ইয়াৰ জৰিয়তে ৰোগীসকলেও উন্নত স্বাস্থ্যসেৱা লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে সুচলতাৰে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব পাৰে। কৃষকসকলে ভিন্ন ঠাইলৈ গৈ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে বা সামগ্ৰী ক্ৰয় কৰি আনিব পাৰে। সামগ্ৰিকভাৱে প্ৰতিটো পথেই গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰে আৰু ইজ অৱ লিভিঙৰ বৰ্ধন ঘটায়।

বন্ধুসকল,

মই যোৱা বছৰ গংগাইকুণ্ড চোলপুৰমত আদি তিৰুৱতিৰাই উৎসৱত অংশগ্ৰহণ কৰি আনন্দিত হৈছিলো। সম্ৰাট ৰাজেন্দ্ৰ চোলৰ বিশাল মন্দিৰ নিৰ্মাণৰ আৰম্ভণিৰ হাজাৰ বছৰ আমি উদযাপন কৰিছো। ইউনেস্ক’ৰ স্বীকৃতিপ্ৰাপ্ত এই স্থানে সমগ্ৰ বিশ্বৰ পৰ্যটক সকলক আকৰ্ষিত কৰি আহিছে। আজি আমি ইয়াত এটা গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। বৰ্তমানৰ ঘাইপথটো মন্দিৰৰ অতি ওচৰেদি পাৰ হৈ যোৱাৰ ফলত তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ সুৰক্ষাক লৈ চিন্তাৰ উদ্বেগ ঘটিছে। সেয়েহে নতুন বাইপাছ নিৰ্মাণৰ লগে-লগে বাহনৰ সংখ্যা হ্ৰাস পাব। ইয়াৰ অৰ্থ হ’ল সকলোৰে বাবে উন্নত সুৰক্ষা নিশ্চিত কৰা।

 

বন্ধুসকল,

যোৱা সপ্তাহত মাদুৰাইত আমি অমৃত ভাৰত কাৰ্য্যসূচীৰ অধীনত আঠটা আধুনিকীকৃত আৰু পুনৰ উন্নীতকৃত ষ্টেচন উদ্বোধন কৰিছিলো। আজি একাধিক নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰা হৈছে। এইসমূহে নাগেৰকইল, কইম্বাটুৰ, ৰামেশ্বৰম, তিৰুনেলভেলী, ময়লাদুথুৰাই, কৰৈক্কুডী আদি ঠাইক আন-আন অঞ্চলৰ সৈতে সংযোগ কৰিব। এই নতুন ৰেল সেৱাই পৰ্যটনৰ বৰ্ধন ঘটাব, স্থানীয় অৰ্থনীতিক উদ্দীপনা যোগাব আৰু যুৱ প্ৰজন্মৰ বাবে বহু চাকৰিৰ সৃষ্টি কৰিব। আমাৰ লক্ষ্য হৈছে এখনি বিকশিত ভাৰতৰ বাবে এখনি বিকশিত তামিলনাডু গঢ়ি তোলা। কেন্দ্ৰীয় চৰকাৰ তামিলনাডুৰ জনসাধাৰণৰ কল্যাণৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ হৈ আছে। ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে আমি দিনে-নিশাই কাম কৰি আছো আৰু আগলৈও কাম কৰি যাম।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight