বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহ্বান ডাঙৰীয়া, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী পীয়ুষ গোয়েল ডাঙৰীয়া, শ্ৰী ৰবিশঙ্কৰ প্ৰসাদ ডাঙৰীয়া, শ্ৰী গিৰিৰাজ সিং ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, শ্ৰীমতী দেৱশ্ৰী চৌধুৰী ডাঙৰীয়া, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদী ডাঙৰীয়া, অন্যান্য মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল আৰু ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আমাৰ এই অনুষ্ঠানৰ সৈতে জড়িত হোৱা আমাৰ বিহাৰৰ ভাই ভনীসকল।

 

বন্ধুসকল, আজি বিহাৰত ৰে’ল যোগাযোগৰ ক্ষেত্ৰ এক ইতিহাস ৰচিত হ’ল। কোচি মহাসেতু আৰু কিউল ব্ৰীজে সমান্তৰালকৈ বিহাৰত ৰে’ল যাতায়াত ৰে’ল পথৰ বৈদ্যুতীকৰণ আৰু ৰে’লৱেত মেক-ইন-ইণ্ডিয়াক উৎসাহ প্ৰদান কৰা, নতুন কৰ্মসংস্থান সৃষ্টিকাৰী এক ডজন প্ৰকল্পৰ আজি উদ্বোধন তথা শিলান্যাস হ’ল। প্ৰায় ৩,০০০ কোটি টকাৰ এই প্ৰকল্পসমূহৰ মাধ্যমেৰে বিহাৰৰ ৰে’ল নেটৱৰ্ক যিমান শক্তিশালী হৈছে, পশ্চিমবঙ্গ আৰু পূৱ ভাৰতৰ ৰে’ল যোগাযোগ ব্যৱস্থাও ইয়াৰ মাধ্যমেৰে শক্তিশালী হ’ব। বিহাৰৰ উপৰি পূৱ ভাৰতৰ কোটি কোটি ৰে’লযাত্ৰীৰ এই নতুন আৰু আধুনিক সেৱাবোৰৰ বাবে বহু বহু শুভেচ্ছা জনাইছো।

 

বন্ধুসকল, গঙ্গা, কোচি আৰু সোণ নদীৰ শাখা প্ৰশাখাই বিঢৌত কৰা এই বিহাৰৰ বহু অংশ, এই নদীবোৰৰ বাবেই পৰস্পৰে পৰস্পৰৰ পৰা বিচ্ছিন্ন। বিহাৰৰ প্ৰায় প্ৰত্যেক অংশৰ লোকসকলে এই প্ৰবাহমান নদীবোৰৰ বাবেই এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ যথেষ্ট দীঘলীয়া বাট অতিক্ৰম কৰিবলগীয়া হয়। নীতিশ জীয়ে যেতিয়া ৰে’লমন্ত্ৰী হিচাপে দায়িত্ব চম্ভালি আছিল, যেতিয়া ৰামবিলাস পাছোৱান জী ৰে’লমন্ত্ৰীৰ দায়িত্বত আছিল, তেওঁলোক প্ৰত্যেকেই এই সমস্যা দূৰ কৰাৰ বাবে বহু চেষ্টা কৰিছিল। কিন্তু তাৰ পিছত এক দীৰ্ঘসময় ধৰি এই লক্ষ্যৰে কাম কৰা হোৱা নাছিল। ফলত বিহাৰৰ কোটি কোটি জনসাধাৰণৰ এই সমস্যাৰ সমাধান অনাৰ এক নতুন সংকল্প লৈ আমি আগুৱাই আহিছো। বিগত ৫/৬ বছৰত ইটোৰ পিছত সিটো সমস্যা সমাধানৰ মাধ্যমেৰে আমি দ্ৰুতগতিৰে আগুৱাই আহিছো।

 

বন্ধুসকল, চাৰিবছৰ পূৰ্বে উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত সংযোগ সৃষ্টিকাৰী দুটা মহাসেতুৰ কাম এটা পাটনাত, আৰু আনটো মুঙ্গৰেত আৰম্ভ কৰা হৈছিল। এই দুটা সেতুৰ উদ্বোধনৰ পিছৰে পৰাই উত্তৰ বিহাৰ আৰু দক্ষিণ বিহাৰৰ মাজত জনগণৰ যাতায়াত আৰু সহজ হৈ পৰিছে। বিশেষকৈ উত্তৰ বিহাৰৰ বিস্তীৰ্ণ অঞ্চল, যি কেবাদশক ধৰি উন্নয়নৰ অগ্ৰগতিৰ পৰা বঞ্চিত হৈ আহিছিল, সেই অঞ্চলবোৰৰ উন্নয়নত এতিয়া নতুন গতি আহিছে। আজি মিথিলা আৰু কোচি অঞ্চলৰ মাজত সংযোগ ৰক্ষাকাৰী এক মহাসেতু আৰু সুপৌল-আসনপুৰ কুপহা ৰে’লপথটোও বিহাৰবাসীৰ সেৱাত সমৰ্পন কৰা হ’ল।

 

সমান্তৰালকৈ প্ৰায় চাৰে আঠ দশক পূৰ্বে এক ভয়ানক ভূমিকম্পই মিথিলা আৰু কোচিক পৃথক কৰি দিছিল। আজি ইমান দিন পিছত আমি পুনৰ এবাৰ এই দুটা অঞ্চলক এই মহাসেঁতুৰ মাধ্যমেৰে সংযোজিত কৰিবলৈ সক্ষম হৈছো। তাতে আকৌ ক’ৰোনাৰ দৰে বিশ্বব্যাপী মহামাৰীৰ মাজতে। আমাক কোৱা হৈছে যে ইয়াৰ শেষ পৰ্যায়ৰ কামত অন্যান্য ৰাজ্যৰ পৰা উভতি অহা প্ৰব্ৰজক শ্ৰমিকসকলেও সহায়ৰ হাত আগবঢ়াইছে। উল্লেখ্য যে এই মহাসেঁতু আৰু এই প্ৰকল্প আছিল শ্ৰদ্ধেয় অটলজী আৰু নীতিশ বাবুৰ স্বপ্নৰ প্ৰকল্প। ২০০৩ চনত যেতিয়া নীতিশ জী ৰে’লমন্ত্ৰী আছিল আৰু অটলজী প্ৰধানমন্ত্ৰী আছিল, তেতিয়াই নতুন কোচি ৰে’ললাইন প্ৰকল্পৰ পৰিকল্পনা ৰচিত হৈছিল। ইয়াৰ মূল উদ্দেশ্যই আছিল মিথিলা আৰু কোচিৰ জনগণৰ সমস্যা দূৰ কৰা। এই চিন্তা লৈয়েই ২০০৩ চনত অটলজীয়ে এই প্ৰকল্পৰ শিলান্যাস কৰিছিল। কিন্তু তাৰ পিছৰ বছৰতেই অটলজীৰ চৰকাৰ শাসনৰ পৰা আঁতৰি যায়। তাৰ পিছত কোচি ৰে’ল লাইন প্ৰকল্পৰ গতিও তেনেদৰেই অধোমুখী হৈ পৰে।

 

চৰকাৰৰ মনত যদি মিথিলা অঞ্চলৰ বাবে কোনো চিন্তা থাকিলহেতেন, যদি বিহাৰৰ জনগণৰ সমস্যাক লৈ কোনো চিন্তা থাকিলহেতেন, তেন্তে কোচি ৰে’ল লাইন প্ৰকল্পৰ কাম দ্ৰুত গতিত সম্পন্ন হ’লহেতেন। ইয়াৰ মাজতে ৰে’ল মন্ত্ৰালয় কাৰ কাৰ হাতত আছিল আৰু কাৰ চৰকাৰ আছিল সেই বিষয়ে মই বিস্তাৰিতভাৱে আজি ক’বলৈ বিচৰা নাই। কিন্তু সত্য কথা এইটোৱেই, যি গতিত কাম চলিছিল, যদি ২০০৪ চনৰ পিছত সেই গতিতেই কাম হ’লহেতেন, তেতিয়া আজিৰ এই দিন নাজানো কেতিয়া আহিলহেতেন। আৰু কিমান বছৰ লাগিতহেতেন, কিমান দশক লাগিলহেতেন, হয়তো এই প্ৰজন্ম পাৰ হৈয়েই গ’লহেতেন। কিন্তু আমি এতিয়া দৃঢ় নিশ্চয়তাৰে সৈতে এই কামত জঁপিয়াই পৰিছো। আৰু যিতিয়া চৰকাৰৰ দৃঢ় নিশ্চয়তা থাকে আৰু নীতিশ জীৰ দৰে লোকে যেতিয়া সহযোগিতাৰ হাত আগবঢ়াই দিয়ে তেতিয়া কি কৰা সম্ভৱ নহয়! মাটি ধৰি ৰখাৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সুপৌল-আসনপুৰ কুপহা ৰুটৰ কাম সম্পূৰ্ণ কৰা হৈছে। ২০১৭ চনত যি ভয়ংকৰ বান আহিছিল, সেই সময়ত এই প্ৰকল্পৰ যথেষ্টখিনি ক্ষতি হৈছিল, তৎসত্বেও এই কাম সম্পূৰ্ণ কৰা হৈছে। অৱশেষত এই কোচি মহাসেঁতু আৰু এই সুপৌল-আসনপুৰ কুপহা ৰুট আজি বিহাৰৰ জনগণৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে।

আজি কোচি মহাসেঁতুৰ মাজেৰে সুপৌল-আসনপুৰ কুপহাৰ মাজেৰে ৰে’ল সেৱাও আৰম্ভ হোৱাৰ ফলত সুপৌল, অৰৰিয়া আৰু ছহৰছা জিলাৰ লোকসকলৰ বাবে যথেষ্ট লাভ হ’ব। কেৱল সেয়াই নহয়, ইয়াৰ মাধ্যমেৰে উত্তৰ-পূৱ ভাৰতৰ বন্ধুসকলৰ বাবে এক বিকল্প ৰে’লপথো সৃষ্টি হৈ পৰিব। কোচি আৰু মিথিলা অঞ্চলৰ বাবে এই মহাসেঁতুৰ সুবিধা যিমান আনন্দৰ বিষয়, তাৰ সমান্তৰালকৈ এই সমগ্ৰ এলেকাটোৱে ব্যৱসায় বাণিজ্য, উদ্যোগ আৰু কৰ্মসংস্থানকো উজ্জ্বীৱিত কৰি তুলিব।

 

বন্ধুসকল, বিহাৰৰ জনসাধাৰণে এই কথা খুব ভালদৰেই জানে যে বৰ্তমান নিৰ্মিলীৰ পৰা ছৰাইগড় পৰ্যন্ত ৰে’লপথেৰে যাত্ৰা কৰিলে প্ৰায় ৩০০ কিলোমিটাৰ অতিক্ৰম কৰিব লাগে। সেয়েহে দ্বাৰভাঙ্গা-সমস্তিপুৰ-খগড়িয়া-মানছী-চহৰছা আদিৰ মাজেৰে যাব লাগে। এতিয়া সেইদিন আৰু দূৰৈত নাই, যেতিয়া বিহাৰৰ জনসাধাৰণে আৰু এই ৩০০ কিলোমিটাৰ অতিক্ৰম কৰিবলগীয়া নহ’ব। ৩০০ কিলোমিটাৰৰ এই দূৰত্ব মাত্ৰ ২২ কিলোমিটাৰ পাৰ হৈয়েই অতিক্ৰম কৰিব পাৰিব। ৮ ঘন্টাৰ ৰে’লযাত্ৰা মাত্ৰ আধাঘণ্টাতে সম্পূৰ্ণ কৰিব পৰা যাব। অৰ্থাৎ যাত্ৰা পথৰ দূৰত্ব আৰু সময় বচোৱাৰ সমান্তৰালকৈ এই প্ৰকল্পৰ সাফল্যই বিহাৰৰ জনতাৰ বহু ধনো ৰাহি কৰিব।

 

বন্ধুসকল, কোচি মহাসেঁতুৰ দৰেই কিউল নদীত নতুন ৰে’ল ইলেকট্ৰ’নিক ইন্টাৰলকিং সেৱা আৰম্ভ হোৱাৰ ফলত এই সমগ্ৰ পথত ৰে’ল সেৱা আৰু গতি দুয়োটাই বৃদ্ধি পাব। এই নতুন ৰে’লসেঁতু নিৰ্মাণৰ ফলত ঝাঁঝাঁৰ পৰা পণ্ডিত দীনদয়াল উপাধ্যায় জংছন পৰ্যন্ত মুখ্য লাইনত এতিয়া ৰে’লবোৰে ঘন্টাত ১০০ পৰা ১২৫ কিলোমিটাৰ বেগেৰে যাব পাৰিব। ইলেকট্ৰ’নিক ইন্টাৰলকিং আৰম্ভ হোৱাত হাওৰা-দিল্লী মেইন লাইনত ৰে’লবোৰৰ অহা-যোৱা যথেষ্ট সহজ হ’ব। অনাৱশ্যক পলম হোৱাৰ পৰা মুক্তি পোৱা যাব আৰু ৰে’ল যাত্ৰা পূৰ্বৰ তুলনাত যথেষ্ট নিৰাপদ হ’ব।

 

বন্ধুসকল, বিগত ৬ বছৰত ভাৰতীয় ৰে’লে নতুন ভাৰতৰ আকাঙ্খাবোৰ আৰু আত্মনিৰ্ভৰ ভাৰতৰ প্ৰত্যাশাবোৰৰ কথা ভাবি নতুনভাৱে সংস্কাৰ কৰাৰ চেষ্টা কৰা হৈছে। আজি ভাৰতীয় ৰে’ল পূৰ্বৰ তুলনাত যথেষ্ট পৰিচ্ছন্ন। আজি ভাৰতীয় ৰে’লৰ ব্ৰডগজ ৰে’ল নেটৱৰ্কক মানুহবিহীন লেভেল ক্ৰছিংৰ পৰা মুক্ত কৰি পূৰ্বৰ তুলনাত যথেষ্ট নিৰাপদ কৰা হৈছে। আজি ভাৰতীয় ৰে’লৰ গতি বহু ক্ষীপ্ৰ হৈছে। আজি আত্মনিৰ্ভৰতা আৰু আধুনিকতাৰ প্ৰতীক, “বন্দে ভাৰত”- ৰ দৰে ভাৰতত নিৰ্মিত ৰে’লবোৰে ৰে’ল নেটৱৰ্কৰ অংশ হৈ উঠিছে। আজি ভাৰতৰ যিবোৰ অঞ্চলত ৰে’ল নাছিল, সেই অঞ্চলবোৰক নেটৱৰ্কৰ সৈতে জড়িত কৰাৰ বাবে, ৰে’লপথৰ প্ৰশস্তিকৰণ আৰু বৈদ্যুতিকৰণৰ ব্যৱস্থাই দ্ৰুতগতিত বিস্তাৰ লাভ কৰিছে।

 

বন্ধুসকল, ৰে’লৱেৰ আধুনিকীকৰণৰ এই ব্যাপক প্ৰচেষ্টাৰ দ্বাৰা আটাইতকৈ বেচি লাভৱান হ’ব বিহাৰ আৰু তাৰ লগতে সমগ্ৰ দেশ। বিগত কবাবছৰ ধৰি মেক-ইন-ইণ্ডিয়াক উৎসাহ যোগাবৰ বাবে মাধেপুৰাত ইলেক্ট্ৰিক ল’ক’ ফেক্টৰী আৰু মঢ়ৌৰাত ডিজেল ল’ক’ ফেক্টৰী স্থাপন কৰা হৈছে। এই দুটা প্ৰকল্পৰ মাধ্যমেৰে বিহাৰত প্ৰায় ৪৪,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। এই কথা শুনি প্ৰত্যেক বিহাৰবাসী গৰ্বিত হ’ব যে আজি বিহাৰ ১২,০০০ হৰ্ছপাৱাৰ আটাইতকৈ শক্তিশালী বিদ্যুৎ ইঞ্জিন নিৰ্মাণ হৈছে। বাৰাউনীত বিদ্যুৎচালিত ইঞ্জিনবোৰৰ মেৰামতি আৰু চোৱাচিতা কৰিবৰ বাবে বিহাৰত প্ৰথম ল’ক’ শ্বেডোৱে কাম কৰিবলৈ আৰম্ভ কৰিছে। বিহাৰৰ বাবে আৰু এক বৃহৎ খবৰ হ’ল যে আজি বিহাৰত ৰে’ল নেটৱৰ্কৰ প্ৰায় ৯০ শতাংশ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈ গৈছে। বিগত ৬ বছৰেই বিহাৰত ৩,০০০ কিলোমিটাৰতকৈও অধিক ৰে’লপথৰ বৈদ্যুতিকীকৰণ হৈছে। আজি ইয়াৰ সৈতে আৰু ৫ টি প্ৰকল্প যুক্ত হৈ আছো।

বন্ধুসকল, বিহাৰত যিধৰণৰ পৰিস্থিতি আছিল তেনেস্থলত ৰে’লৱেই জনগণৰ বাবে যাতায়াতৰ এক বৃহৎ উপায় আছিল। আজি বিহাৰৰ ৰে’লৱেৰ পৰিস্থিতি শুধৰাবলৈ কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আজি বিহাৰত যিমান দ্ৰুতগতিত ৰে’লৱে নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম চলিছে তাৰ পৰিপ্ৰেক্ষিতত আমি এক তথ্য দিবলৈ বিচাৰিছো। ২০১৪ চনৰ পূৰ্বৱৰ্তী ৫ বছৰত বিহাৰত প্ৰায় ৩২৫ কিলোমিটাৰ ৰে’ল লাইন স্থাপিত হৈছে। সহজ শব্দ যদি কওঁ, ২০১৪ ৰ পূৰ্বে ৫ বছৰত মাত্ৰ ৩২৫ কিলোমিটাৰ নতুন ৰে’ললাইন স্থাপন কৰা হৈছিল। ২০১৪ চনৰ পিছত, ৫ বছৰত বিহাৰত প্ৰায় ৭০০ কিলোমিটাৰ ৰে’ললাইন স্থাপিত হৈছে। অৰ্থাৎ প্ৰায় দুগুণতকৈও অধিক নতুন ৰে’ললাইন গঢ়ি উঠিছে। এতিয়া প্ৰায় ১,০০০ কিলোমিটাৰ নতুন ৰে’ললাইনৰ কাম ক্ষীপ্ৰতাৰে আগবাঢ়িছে। আজি হাজিপুৰ-ঘৌছবৰ-বৈশালী সংযোগী নতুন ৰে’ললাইন আৰম্ভ হোৱাৰ বাবে বৈশালীনগৰ, দিল্লী আৰু পাটনাৰ পৰাও প্ৰত্যক্ষ ৰে’ল সেৱাৰ সৈতে সংযোজিত হ’ব। এই সেৱাৰ মাধ্যমেৰে এই অঞ্চলৰ পৰ্যটন শিল্প যথেষ্ট শক্তিশালী হ’ব। আমাৰ যুৱ বন্ধুসকলেও নতুন কৰ্মসংস্থানৰ সুবিধা লাভ কৰিব। এনেদৰে ইছলামপুৰ-নটেছৰ নতুন ৰে’ল লাইনৰ মাধ্যমেৰেও জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল এই নতুন সেৱাৰ দ্বাৰা লাভৱান্বিত হ’ব।

বন্ধুসকল, আজি দেশত মালবাহী আৰু যাত্ৰীবাহী উভয়ৰ বাবে পৃথকে পৃথকে ট্ৰেক নিৰ্মাণ কৰাৰ ব্যাপক ব্যৱস্থা অৰ্থাৎ ডেডিকেটেট ফ্ৰেইট কৰিড’ৰ বৃদ্ধিৰ ক্ষেত্ৰতো দ্ৰুতগতিত কাম কৰি থকা হৈছে। ইয়াৰ মাজতে বিহাৰৰ প্ৰায় আঢ়ৈইশ কিলোমিটাৰ দীঘল ডেডিকেটেট ফ্ৰেইট কৰিড’ৰ নিৰ্মাণ হৈছে, যিটো অতি ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ কাম চলি আছে। এই ব্যৱস্থাৰ মাধ্যমেৰে ৰে’লবোৰৰ অহা যোৱাৰ সমস্যাৰ সমান্তৰালকৈ পণ্য পৰিবহণৰ ক্ষেত্ৰতো যথেষ্ট সময় ৰাহি হৈছে।

 

বন্ধুসকল, যিধৰণেৰে ক’ৰোনাৰ এই সংকটকালত ৰে’লৱেৰ কাম চলি আছে, যিধৰণেৰে ৰে’লৱেই কাম সম্পাদন কৰিছে তাৰ বাবে মই আজি ভাৰতীয় ৰে’লৰ লাখ লাখ কৰ্মচাৰী বন্ধুসকলক বিশেষ ধন্যবাদ জনাইছো। দেশৰ লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক শ্ৰমিক স্পেচিয়েল ৰে’লৰ মাধ্যমেৰে নিৰাপদে ঘৰলৈ প্ৰেৰণ কৰিবৰ বাবে দিনে নিশাই কাম কৰিছে। স্থানীয় স্তৰত শ্ৰমিকসকলৰ কৰ্মসংস্থানৰ ক্ষেত্ৰতো ৰে’লৱেই বৃহৎ ভুমিকা পালন কৰিছে। ক’ৰোনাৰ সময়ছোৱাত ভাৰতীয় ৰে’লৰ যাত্ৰী সেৱা কিছু সময়ৰ বাবে থমকি ৰৈছিল যদিও ৰে’লক সুৰক্ষিত আৰু আধুনিক কৰি তোলাৰ কাম দ্ৰুত গতিত অগ্ৰসৰ হৈছে। দেশৰ প্ৰথম “কিষান ৰে’ল”, অৰ্থাৎ ৰে’ল লাইনত চলমান কোল্ড ষ্টোৰেজো বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মাজত এই ক’ৰোনাৰ সময়ছোৱাতে আৰম্ভ কৰা হৈছে।

বন্ধুসকল, যদিও এই কাৰ্যসূচীটো ৰে’লৱেৰ, কিন্তু ৰে’লৱেৰ সমান্তৰালকৈ ই জনসাধাৰণৰ জীৱনযাত্ৰাক সহজ কৰি তোলাৰ বিবিধ প্ৰচেষ্টাৰ আয়োজন স্বৰূপ। সেইবাবে মই আপোনালোকৰ সমূখত আজি আন এটি বিষয় তুলি ধৰিবলৈ বিচাৰিছো, যিটো বিহাৰৰ জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে জড়িত। নীতিশজীৰ নেতৃত্বত চৰকাৰ গঠনৰ পূৰ্বলৈকে বিহাৰত মাত্ৰ আঙুলিৰ মূৰত লেখিব পৰা দুই-এখন মেডিকেল কলেজ আছিল। ইয়াৰ ফলত বিহাৰৰ ৰোগীসকল কঠিন সমস্যাৰ সমূখীন হোৱাৰ সমান্তৰালকৈ এই ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীসকলে চিকিৎসা বিজ্ঞান পঢ়িবৰ বাবে আন ৰাজ্যলৈ যাবলগীয়া হৈছিল। আজি বিহাৰত ১৫ খনৰো অধিক মেডিকেল কলেজ হৈছে। ইয়াৰ মাজতে বেছিভাগেই মাত্ৰ কেইটামান বছৰৰ ভিতৰত স্তাপিত হৈছে। মাত্ৰ কেইটামান দিন পূৰ্বে বিহাৰত এখন নতুন এইমছ স্থাপনৰ প্ৰকল্পতো মঞ্জুৰি দিয়া হৈছে। এই এইমছ নিৰ্মাণ হ’ব দ্বাৰভাঙ্গা জিলাত। এই নতুন এইমছত ৭৫০ খন বিচনাৰে নতুন হাস্পতাল গঢ়ি উঠাৰ লগতে ইয়াৰ মাজতে এমবিবিএছৰ ১০০ খন আৰু নাৰ্ছিংৰ ৬০ খন আসনো থাকিব। দ্বাৰভাঙ্গাত এই এইমছ গঢ়ি উঠিলে ইয়াৰ মাধ্যমেৰে হাজাৰ হাজাৰ নতুন কৰ্ম সংস্থানো সৃষ্টি হ’ব।

বন্ধুসকল, দেশৰ কৃষকসকলৰ কল্যাণৰ লক্ষ্যৰে কৃষি সংস্কাৰৰ লক্ষ্যৰে  কালিৰ দিনটো দেশৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন ছিল। কালি বিশ্বকৰ্মা পূজাৰ দিনটোতেই লোকসভাত ঐতিহাসিক কৃষি সংস্কাৰ আইন গৃহীত হৈছে। এই আইনৰ মাধ্যমেৰে আমাৰ অন্নদাতা কৃষকসকলক বহু বন্ধনৰ পৰা মুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। স্বাধীনতাৰ পিছত এই প্ৰথমবাৰৰ বাবে কৃষকসকলৰ কৃষি কাৰ্যত এক নতুন স্বাধীনতা আনি দিয়াৰ কাম আৰম্ভ হ’ল। তেওঁলোকক স্বাধীন কৰা হ’ল। এই সংস্কাৰৰ মাধ্যমেৰে কৃষকসকলৰ নিজস্ব উৎপাদিত ফচল বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰু অধিক বিকল্প সৃষ্টি হ’ব, আৰু অধিক সুযোগ আহিব। আইনখন গৃহীত হোৱাৰ বাবে মই সমগ্ৰ দেশৰে কৃষকসকলৰ বহু বহু শুভেচ্ছা যাঁচিছো। কৃষক আৰু গ্ৰাহকৰ মাজত যি দালাল থাকে, যিসকলে কৃষকৰ ৰোজগাৰৰ এক বৃহৎ অংশ নিজৰ পকেটত সুমুৱায়, তেওঁলোকৰ হাতৰ পৰা ৰক্ষা কৰিবৰ বাবে এই আইন প্ৰণয়ন কৰাটো অত্যন্ত জৰুৰী আছিল। এই আইনে কৃষকসকলক এক ৰক্ষাকবচ প্ৰদান কৰিছে। কিন্তু কিছু লোক, যিসকলে দশকৰ পিছত দশক ধৰি ক্ষমতা ভোগ কৰি আছিল, দেশত ৰাজত্ব কৰিছিলে, তেওঁলোকে কৃষকসকলক পুনৰ এই সংক্ৰান্তত বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে। তেওঁলোকে কৃষকসকলক মিছা কথা কোৱা আৰম্ভ কৰিছে।

 

বন্ধুসকল, নিৰ্বাচনৰ সময়ত কৃষকসকলক প্ৰভাৱিত কৰিবৰ বাবে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়, আনকি লিখিতভাবেই কয়। নিজৰ ইস্তাহাৰত সেইবোৰ ঘোষণা লিপিবদ্ধ থাকে। কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে সেয়া পাহৰি যায়। আৰু আজি যেতিয়া সেই বিষয়টোৱেই এনডিএ চৰকাৰে কৰিছে, যি ইমান দশক দশক ধৰি দেশ শাসনকাৰী ৰাজনৈতিক দলৰ ইস্তাহাৰতে সীমাবদ্ধ আছিল, সেইটোৱেই যেতিয়া আমাৰ চৰকাৰে কৃষকসকলৰ হিতৰ বাবে সমৰ্পন কৰিছে, তেতিয়া তেওঁলোকেই বিভিন্নধৰণে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। যি এপিএমচি আইন আনি তেওঁলোকে ৰাজনীতি কৰিছিল, কৃষি বজাৰৰ বিভিন্ন ব্যৱস্থাৰ পৰিবৰ্তনৰ যিসকলে বিৰোধিতা কৰিছে, সেই পৰিবৰ্তনৰ কথা তেওঁলোকে নিজৰ ইস্তাহাৰত বাৰে বাৰে লিখিছে। কিন্তু এতিয়া যেতিয়া এনডিএ চৰকাৰে এই পৰিৱৰ্তন আনিছে তেতিয়া তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে, গুজব উলিয়াইছে, কৃষকসকলক বিভ্ৰান্ত কৰাৰ পথত নামি পৰিছে। কেনেদৰে বিৰোধিতা কৰিছে তাৰ উদাহৰণ ইটোৰ পিছত সিটোকৈ ওলাই আহিছে। কিন্তু তেওঁলোকে এই কথা পাহৰি গৈছে যে দেশৰ কৃষকসকল আজি কিমান জাগ্ৰত। এই কথা দেখিবলৈ পোৱা গৈছে যে কৃষকসকলে যে ন ন সুযোগ লাভ কৰিছে, কিছু লোকৰ সেয়া পচন্দ হোৱা নাই। কৃষকসকল এয়াই দেখিছে যে তেওঁলোকে এই সময়ত দালালবোৰৰ কাষলৈ ঢপলিয়াইছে।

 

বন্ধুসকল, ইয়াৰ পূৰ্বে ন্যূনতম সহায়ক মূল্যক লৈও বহু ডাঙৰ ডাঙৰ কথা কৈছিল, কিন্তু কেতিয়াও নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। কৃষকসকলক তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে সেইবোৰ পূৰণ নকৰিলে বাবেই সেইখিনি আজি বৰ্তমানৰ এনডিএ চৰকাৰে পূৰণ কৰি দিছে। এতিয়া এক অপপ্ৰচাৰ চলোৱা হৈছে যে চৰকাৰে কৃষকসকলক ন্যূনতম সহায়ক মূল্যৰ লাভৰ পৰা বঞ্চিত কৰিব। তেওঁলোকে আৰু মনে সজা কথা উলিয়াইছে যে কৃষকসকলৰ পৰা চৰকাৰে এতিয়াৰে পৰা আৰু ধান, গম নিকিনে। এয়া সম্পূৰ্ণ মিছা কথা, ভুল কথা, তেওঁলোকে কৃষকসকলক ভ্ৰমিত কৰিছে, প্ৰবঞ্চনা কৰিছে। আমাৰ চৰকাৰে কৃষকসকলক ন্যূনতম সহায়ক মূল্যৰ মাধ্যমেৰে কৃষকসকলক যথোচিত মূল্য প্ৰদানৰ ক্ষেত্ৰত দায়বদ্ধ। সেয়া পূৰবেও আছিল, আজিও আছে, আৰু ভৱিষ্যতেও থাকিব। চৰকাৰী ক্ৰয় পূৰ্বৰ দৰেই বাহাল থাকিব। কোনো ব্যক্তিয়ে নিজৰ উৎপাদিত ফচল, সেয়া যিয়েই উৎপাদন নকৰক কিয়, বিশ্বৰ যিকোনো স্থানতে সেয়া বিক্ৰী কৰিব পাৰে, য’তেই ইচ্ছা সেয়া বিক্ৰী কৰিব পাৰে। তেওঁলোকে যদি কাপোৰ প্ৰস্তুত কৰে, সেই কাপোৰ তেওঁলোকে য’তেই ইচ্ছা তাতেই বিক্ৰী কৰিব পাৰিব। তেওঁলোকে যদি বাচন প্ৰস্তুত কৰে, সেই বাচন তেওঁলোকে য’তেই ইচ্চা তাতেই বিক্ৰী কৰিব পাৰিব। যিসকলে জোতা প্ৰস্তুত কৰে তেওঁলোকেও য’তেই ইচ্ছা তাতেই বিক্ৰী কৰিব পাৰিব। কেৱল আমাৰ কৃষক ভাই-ভনীসকলক এই অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছিল, তেওঁলোকক দালালবোৰৰ মাধ্যমেৰে ফচল বিক্ৰী কৰিবলৈ বাধ্য কৰা হৈছে। এতিয়া নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত ফচল দেশৰ যিকোনো বজাৰত নিজৰ পছন্দ অনুসৰি দামত বিক্ৰী কৰিব পাৰিব। এই ব্যৱস্থাই  আমাৰ সমবায়বোৰ, কৃষি উৎপাদক সংঘ এফপিঅ’বোৰ আৰু বিহাৰত প্ৰচলিত জীৱিকাৰ দৰে মহিলা আত্মসহায়ক গোটবোৰৰ বাবেও এক সোণালী সুযোগ কঢ়িয়াই আনিছে।

 

বন্ধুসকল, নীতিশজীও এই অনুষ্ঠানে উপস্থিত আছে। তেওঁ বালদৰেই বুজে যে এপিএমচি আইনৰ বাবে কৃষকসকলৰ কি কি ক্ষতি হৈছিল। সেইবাবেই বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত নিজৰ শাসনকালতে তেওঁ বিহাৰৰ পৰা এই আইনক আঁতৰাইছিল। যি কাম বিহাৰে কৰি দেখুৱাইছিল, আজি সেই পথেই সমগ্ৰ দেশে অনুকৰণ কৰিছে।

 

বন্ধুসকল, কৃষকসকলৰ বাবে বিগত ৬ বছৰত এনডিএ চৰকাৰৰ নেতৃত্বত যিমানবোৰ কাম কৰা হৈছে তাৰ পূৰ্বে এনেধৰণে কাম কেতিয়াও হোৱা নাছিল। কৃষকসকলৰ প্ৰতিটো সমস্যা বুজি লৈ সেইবোৰৰ সমাধানৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ চেষ্টা চলাইছে। দেশৰ কৃষকসকলে বীজ ক্ৰয় কৰা, সাৰ ক্ৰয় কৰাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়োজনবোৰ বাস্তৱায়িত কৰিবৰ বাবে যাতে কাৰো পৰা ঋণ ল’বলগীয়া নহয়, এই কথা চিন্তা কৰিয়েই প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ মাধ্যমেৰে ইতিমধ্যেই দেশৰ ১০ কোটি কৃষকৰ বেংক একাউন্টত প্ৰায় ১ লাখ কোটি টকা প্ৰত্যক্ষভাৱে জমা কৰা হৈছে, ইয়াৰ মাজত নাছিল কোনো দালাল। কৃষকসকলৰ পানীৰ সমস্যা আঁতৰ কৰিবৰ বাবে দশকৰ পিছত দশক ধৰি অসম্পূৰ্ণ হৈ থকা জলসিঞ্চন প্ৰকল্পবোৰ সম্পূৰ্ণ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ মাধ্যমেৰে প্ৰায় ১ লাখ কোটি টকা খৰচ কৰা হৈছে। যেনে ইউৰিয়া, যাৰ বাবে দীঘল দীঘল শাৰী পাতিবলগীয়া হৈছিল, যি কৃষকৰ খেতিপথাৰলৈ কম আৰু বক্ৰপথেৰে কাৰখানাবোৰলৈ বেছিকৈ গৈছিল এতিয়া সেই ইউৰিয়াক ১০০ শতাংশ নিম-কোটিং কৰি কৃষকৰ হাতলৈ প্ৰেৰণ কৰা হৈছে। আজি দেশত বৃহৎ স্তৰত কোল্ড ষ্টোৰেজৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে, খাদ্য প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত প্ৰকল্পবোৰত বিপুল পৰিমাণত বিনিয়োগ কৰা হৈছে। ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি গঠন কৰা হৈছে। কৃষকসকলৰ পশুধনক অসুস্থতাৰ পৰা ৰক্ষা কৰিবৰ বাবে সমগ্ৰ দেশতে অভিযান চলোৱা হৈছে। মৎস্য উৎপাদন বৃদ্ধিৰ বাবে, কুকুৰা পালনত উৎসাহ দিবৰ বাবে, মৌৰ উৎপাদন বৃদ্ধিৰ বাবে, দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে, কৃষকৰ আয় বদ্ধিৰ বাবে, অতিৰিক্ত বিকল্প প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি গৈছে।

 

বন্ধুসকল, আমি আজি দেশৰ কৃষকসকলক অতি বিনয়েৰে নিজৰ কথা ক’বলৈ বিচাৰিছো, স্পষ্ট এক বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছো। আপোনালোক বিভ্ৰান্ত নহ’ব। এই মানুহবোৰৰ পৰা দেশৰ কৃষকসকল সতৰ্ক হৈ থাকিব লাগিব। এওলোকৰ পৰা জনগণ সাৱধান থাকিব লাগিব। যিসকলে দশক দশক ধৰি দেশ শাসনৰ ক্ষমতাত আছিল আৰু আজি কৃষকক মিছা কথাৰে ঠগিব বিচাৰিছে, তেওঁলোকে কৃষকক ৰক্ষাৰ বাবে আজি ঢাক-ঢোল বজাইছে। কিন্তু প্ৰকৃততে তেওঁলোকে কৃষকসকলক আৰু বেছি বন্ধনেৰে বান্ধি ৰাখিবলৈ বিচাৰিছে। তেওঁলোকে দালালবোৰৰ স্বাৰ্থ ঠিকেই দেখিছে, তেওঁলোকে কৃষকসকলৰ ৰোজগাৰক মাজপথতেই লুন্ঠন কৰাতো তেওঁলোকক সঙ্গ দিছে। কৃষকসকলৰ উৎপাদিত পণ্য দেশৰ যিকোনো স্থানতে, যিকোনো লোককে বিক্ৰী কৰাৰ স্বাধীনতা প্ৰদান এক ঐতিহাসিক পদক্ষেপ। একবিংশ শতিকাৰ ভাৰতৰ কৃষক বন্ধনৰ মাজত থকা কৃষক নহয়, তেওঁলোকে মুক্তমনেৰে নিজৰ কাম কৰি যাব। য’তেই মন যায় তাতেই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। য’তেই বেছি মূল্য পাব তাতেই বিক্ৰী কৰিব, কোনো দালাললৈ অপেক্ষা কৰি নাথাকিব আৰু নিজৰ ফচলৰ লগতে নিজৰ আয় বৃদ্ধি কৰিব। এয়া আজি দেশৰ প্ৰয়োজন আৰু সময়ৰো দাবী।

 

বন্ধুসকল, কৃষকৰ পৰা আৰম্ভ কৰি মহিলা, যুৱক-যুৱতী প্ৰত্যেকৰে জীৱনক দেশৰ বিকাশৰ স্বাৰ্থেত সবলীকৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আজি যিমানবোৰ প্ৰকল্প জাতিৰ উদ্দেশ্যে সমৰ্পণ কৰা হ’ল সেইবোৰ এনে দায়িত্বৰেই একো একোটি অংশ। আমাৰ দৃঢ় বিশ্বাস, আজি যিবোৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস হ’ল, সেইবোৰ বিহাৰৰ জনগণ, ইয়াৰ যুৱ সমাজ, ইয়াৰ মহিলাসকলৰ বাবে অত্যন্ত লাভদায়ক হ’ব।

 

বন্ধুসকল, ক’ৰোনাৰ এই সংকটকালত আমি সকলোৱেই যথেষ্ট সাৱধানে থাকিব লাগিব। সামান্য অৱহেলাই আপোনালোকৰ লগতে আপোনাৰ প্ৰিয়জনৰ বহু বেছি ক্ষতি কৰি দিব পাৰে। সেইবাবে মই বিহাৰৰ জনসাধাৰণৰ সমূখত, দেশবাসীৰ সমূখত মোৰ অনুৰোধ আকৌ এবাৰ ৰাখিবলৈ বিচাৰিছো। আপোনালোকে অৱশ্যেই মাস্ক পিন্ধিব আৰু সঠিকভাৱে পিন্ধিব, দুই গজৰ দূৰত্ব সদায়েই ৰাখিব, এইবোৰ পালন কৰিব, ভিৰ এৰাই চলিব, নিজেও ভিৰ নকৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা, আপোনাৰ ইমিউনিটি বৃদ্ধিৰ বাবে আৰোগ্য সেঁতুত যিদৰে কোৱা হৈছে ঠিক তেনেদৰে নিয়মিতভাৱে কুহুমীয়া পানী খাই থাকিব, নিয়মিতভাৱে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব, সকলোৱেই সতৰ্ক হৈ থাকিব, নিৰাপদে থাকিব, সুস্থ হৈ থাকিব!!

 

আপোনালোকৰ পৰিয়াল সুস্থ থাকক এই কামনাৰে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাই সামৰিছো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with King of Bahrain
March 20, 2026
PM Conveys Eid Greetings and Condemns Attacks on Energy and Civilian Infrastructure

Prime Minister Shri Narendra Modi held a fruitful discussion today with His Majesty King Hamad Bin Isa Al Khalifa, the King of Bahrain, to exchange festive greetings and address regional security concerns.

The Prime Minister spoke with His Majesty King Hamad Bin Isa Al Khalifa and conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain. During the conversation, both leaders discussed the current situation in the West Asian region. PM Modi condemned attacks on the energy and civilian infrastructure, underscoring their adverse impact on global food, fuel, and fertilizer security. Shri Modi reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure. The Prime Minister further expressed his gratitude to His Majesty for his continued support for the well-being of the Indian community in Bahrain.

The Prime Minister wrote on X:

"Had a fruitful discussion with the King of Bahrain, His Majesty King Hamad Bin Isa Al Khalifa. Conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain.

We discussed the current situation in the West Asian region. Condemned attacks on the energy and civilian infrastructure in the region, underscoring their adverse impact on global food, fuel and fertilizer security.

Reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure.

Thanked His Majesty for his continued support for the well-being of the Indian community in Bahrain."