মহামহিম প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলাম জী,

শ্ৰীমতী বীণা ৰামগুলাম জী,

উপ-প্ৰধানমন্ত্ৰী পল বেৰেংগাৰ জী,

মৰিচাছৰ সন্মানীয় মন্ত্ৰীসকল,

বিশিষ্ট ভাতৃ-ভগ্নীসকল,

নমস্কাৰ আৰু শুভেচ্ছা আপোনালোক সকলোলৈ!

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

প্ৰধানমন্ত্ৰী মহোদয়,

মৰিচাছৰ জনসাধাৰণে আপোনাক চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে বাছি লৈছে। যোৱা বছৰ ভাৰতৰ জনসাধাৰণে মোক একেৰাহে তৃতীয়বাৰৰ বাবে তেওঁলোকৰ সেৱা কৰিবলৈ বাছি লৈছিল। আৰু মই ইয়াক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰো, এই কাৰ্যকালত নিজৰ দৰে এজন জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাৰ সৈতে কাম কৰাৰ সুযোগ পোৱাটো। ভাৰত-মৰিচাছৰ সম্পৰ্কক অধিক উচ্চতালৈ লৈ যোৱাৰ মহান সৌভাগ্য আমাৰ আছে। ভাৰত আৰু মৰিচাছৰ অংশীদাৰিত্ব কেৱল আমাৰ ঐতিহাসিক সম্পৰ্কতে সীমাবদ্ধ নহয়। ইয়াৰ ভিত্তি হৈছে ভাগ-বাটোৱাৰা কৰা মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু উজ্জ্বল ভৱিষ্যতৰ এক উমৈহতীয়া দৃষ্টিভংগী। আপোনালোকৰ নেতৃত্বই সদায় আমাৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আহিছে আৰু শক্তিশালী কৰি আহিছে। এই নেতৃত্বৰ অধীনত আমাৰ অংশীদাৰিত্ব সকলো ক্ষেত্ৰতে শক্তিশালী আৰু সম্প্ৰসাৰণ অব্যাহত আছে। মৰিচাছৰ উন্নয়ন যাত্ৰাৰ এক বিশ্বাসযোগ্য আৰু মূল্যৱান অংশীদাৰ হিচাপে ভাৰতে গৌৰৱ অনুভৱ কৰে। আমি একেলগে এনে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত কাম কৰি আছো, যিয়ে মৰিচাছৰ প্ৰতিটো চুকতে অগ্ৰগতিৰ এক অমলিন চিন ৰাখিছে। সামৰ্থ্য বিকাশ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ ফলাফল চৰকাৰী আৰু ব্যক্তিগত খণ্ড দুয়োটাতে স্পষ্ট হৈ পৰিছে। প্ৰতিটো প্ৰত্যাহ্বানমূলক মুহূৰ্ততে, সেয়া প্ৰাকৃতিক দুৰ্যোগেই হওক বা ক’ভিড মহামাৰীয়েই হওক, আমি পৰিয়ালৰ দৰে একেলগে থিয় দিছো। আজি আমাৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কই এক ব্যাপক অংশীদাৰিত্বৰ ৰূপ লৈছে।

বন্ধুসকল,

মৰিচাছ আমাৰ ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ এক মূল অংশীদাৰ। শেষবাৰৰ বাবে মৰিচাছ ভ্ৰমণৰ সময়ত মই Vision SAGAR ৰ বিষয়ে শ্বেয়াৰ কৰিছিলো। ই আঞ্চলিক উন্নয়ন, নিৰাপত্তা আৰু ভাগ-বাটোৱাৰা সমৃদ্ধিক ইয়াৰ মূল স্থানত ৰাখে। আমি দৃঢ় বিশ্বাসী যে গ্ল’বেল ছাউথৰ দেশসমূহে একত্ৰিত হৈ একেস্বৰে কথা ক’ব লাগিব। এই মনোভাৱেৰে আমি জি-২০ৰ সভাপতিত্বৰ সময়ত গ্ল’বেল চাউথক কেন্দ্ৰীয় কেন্দ্ৰবিন্দু হিচাপে অগ্ৰাধিকাৰ দিলো আৰু আমি মৰিচাছক বিশেষ অতিথি হিচাপে যোগদান কৰিবলৈ মাতিলো।
 

বন্ধুসকল,

মই আগতেও কৈছো যে পৃথিৱীৰ যদি ভাৰতৰ ওপৰত অধিকাৰ থকা এখন দেশ আছে তেন্তে সেয়া হ’ল মৰিচাছ৷ আমাৰ সম্পৰ্কৰ কোনো সীমা নাই। আমাৰ সম্পৰ্কৰ প্ৰতি আমাৰ আশা আৰু আকাংক্ষাৰ কোনো সীমা নাই। ভৱিষ্যতেও আমি আমাৰ জনসাধাৰণৰ সমৃদ্ধি আৰু সমগ্ৰ অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তাৰ বাবে সহযোগিতা অব্যাহত ৰাখিম। এই মনোভাৱেৰে আহক আমি একত্ৰিত হৈ প্ৰধানমন্ত্ৰী ড নবীনচন্দ্ৰ ৰামগুলাম আৰু শ্ৰীমতী বীণাজীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে মৰিচাছবাসীৰ সমৃদ্ধি তথা ভাৰত আৰু মৰিচাছৰ শক্তিশালী বন্ধুত্ব কামনা কৰিলো।
 

জয় হিন্দ!

মৰিচাছ দীৰ্ঘজীৱী হওঁক!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership