“এবছৰৰ ভিতৰত ‘ভাৰতত বিনিয়োগ কিয়’ৰ পৰা ‘ভাৰতত বিনিয়োগ কিয় নহয়’লৈ প্ৰশ্নটো সলনি হৈছে”
“ভাৰতৰ সামৰ্থ্যৰ সৈতে নিজৰ সপোন মিলাই দিয়াসকলক ভাৰতে নিৰাশ নকৰে”
“গণতন্ত্ৰ, জনগাঁথনি আৰু লভ্যাংশই ভাৰতৰ ব্যৱসায় দুগুণ আৰু তিনিগুণ বৃদ্ধি কৰিব”
“স্বাস্থ্য হওক, কৃষি হওক বা লজিষ্টিক হওক, ভাৰতে স্মাৰ্ট প্ৰযুক্তি ব্যৱহাৰৰ দৃষ্টিভংগীৰ দিশত কাম কৰি আছে”
“বিশ্বক এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজন। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰতকৈ অধিক বিশ্বাসযোগ্য অংশীদাৰ কোন হ’ব পাৰে”
ইয়াত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হৈছে যিয়ে ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ বাবে এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কল্পনা কৰিছে।
তেওঁ লগতে কয়, "ভাৰতৰ অৰ্ধপৰিবাহী দৃষ্টিভংগীত আমাক এক মূল্যৱান অংশীদাৰ বুলি গণ্য কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ।"

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, ৰাজীৱ চন্দ্ৰশেখৰ জী, আমাৰ বন্ধু উদ্যোগী সঞ্জয় মেহৰোত্ৰা জী, শ্ৰীযুত ইয়ং লিউ, অজিত মনোচা জী, অনিল আগৰৱাল জী, অনিৰুদ্ধ দেৱগন জী, শ্ৰীযুত মাৰ্ক পেপাৰমাষ্টাৰ, প্ৰভু ৰাজা জী, আৰু উপস্থিত সুধীবৃন্দ!

এই সন্মিলনত বহু চিনাকি মুখ দেখিবলৈ পাইছো। প্ৰথমবাৰৰ বাবে লগ পোৱা কিছুমান মানুহকো দেখিবলৈ পাইছো। এই প্ৰগ্ৰেমটো এটা ছফ্টৱেৰৰ দৰে, যিটোক আপডেট কৰাৰ প্ৰয়োজন। উদ্যোগ, বিশেষজ্ঞ, আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে সম্পৰ্কও এই ছেমিকন ইণ্ডিয়াৰ জৰিয়তে আপডেট কৰা হৈছে। আৰু মোৰ বিশ্বাস যে আমাৰ সম্পৰ্কৰ সমন্বয়ৰ বাবেও এইটো অতি গুৰুত্বপূৰ্ণ। ভাৰত আৰু বিদেশৰ বহু কোম্পানী ছেমিকন ইণ্ডিয়ালৈ আহিছে। আমাৰ ষ্টাৰ্ট আপ সমূহেও আজি আমাৰ লগত যোগদান কৰিছে। ছেমিকন ইণ্ডিয়ালৈ আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো। ছেমিকণৰ যোগেদি মই মাত্ৰ সেই প্ৰদৰ্শনীখন দেখিলোঁ, যিয়ে এই ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ধৰণৰ প্ৰতিফলন ঘটায়, আৰু নতুন নতুন মানুহৰ সংযোগ ঘটায়, সতেজ উদ্যমেৰে অহা নতুন কোম্পানীবোৰক উৎসাহিত কৰে, লগতে নতুন সামগ্ৰীৰো পৰিচয় কৰায়। মই ইয়াত অলপ সময়হে কটাব পাৰিলোঁ যদিও মোৰ এক সুন্দৰ অভিজ্ঞতা হ’ল। মই সকলোকে, বিশেষকৈ গুজৰাটৰ নৱপ্ৰজন্মক আহ্বান জনাম যে কিছুদিনৰ বাবে চলি থকা এই প্ৰদৰ্শনীখন চাবলৈ আহক। নতুন প্ৰযুক্তিয়ে পৃথিৱীত সৃষ্টি কৰা শক্তিৰ বিষয়ে বুজিবলৈ আৰু জানিবলৈ চেষ্টা কৰক।

 

বন্ধুসকল,
আমি সকলোৱে যোৱা বছৰ ছেমিকন ইণ্ডিয়াৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিছিলো। আৰু সেই সময়ত আলোচনা হৈছিল যে ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডত কিয় বিনিয়োগ কৰিব লাগে। মানুহে সুধিছিল- "Why Invest?" এতিয়া আমি এবছৰৰ পিছত লগ হৈছো আৰু প্ৰশ্নটো সলনি হৈছে। এতিয়া মানুহে সুধিছে, "Why NOT Invest?" আৰু কেৱল প্ৰশ্নটোৱেই সলনি হোৱাই নহয়, দিশবোৰো সলনি হৈছে। আৰু আপোনালোক সকলোৰে প্ৰচেষ্টাই এই দিশ সলনি কৰিছে। সেইবাবেই ইয়াত উপস্থিত থকা সকলো কোম্পানীকে এই আত্মবিশ্বাস দেখুৱাই এই পদক্ষেপ লোৱাৰ বাবে অভিনন্দন জনাইছো। আপুনি আপোনাৰ ভৱিষ্যত ভাৰতৰ আকাংক্ষাৰ সৈতে সংযোগ কৰিছে। আপুনি আপোনাৰ সপোনক ভাৰতৰ সম্ভাৱনাৰ সৈতে সংযুক্ত কৰিছে। আৰু ভাৰতে কাকো নিৰাশ নকৰে। একবিংশ শতিকাৰ ভাৰতত আপোনাৰ বাবে সুযোগ আছে। ভাৰতৰ গণতন্ত্ৰ, ভাৰতৰ জনগাঁথনি, আৰু ভাৰতৰ পৰা লাভ কৰা লভ্যাংশই আপোনাৰ ব্যৱসায় দুগুণ আৰু তিনিগুণ বৃদ্ধি কৰিব।

বন্ধুসকল,
আপোনালোকৰ এই উদ্যোগত মূৰে’ৰ আইনখনৰ কথা বহুত কোৱা হয়। ইয়াৰ সবিশেষ নাজানো যদিও, মই জানো যে ইয়াৰ মূলতে আছে ‘অনবদ্য বিকাশ’। আমাৰ ইয়াত এটা কথা আছে - ‘দিন দুনি ৰাত চৌগুনি তাৰক্কি কৰনা’ অৰ্থাৎ ক্ষীপ্ৰতাৰে আগুৱাই যোৱা। আৰু এইটোও তেনেধৰণৰেই কথা। আজি আমি ভাৰতৰ ডিজিটেল খণ্ড, ইলেক্ট্ৰনিকছ উৎপাদন খণ্ডতো একে ‘অনবদ্য বিকাশ’ৰ সাক্ষী হৈ আছো। কেইবছৰমান আগতে ভাৰত এই খণ্ডৰ এক উদীয়মান অংশীদাৰ আছিল। আজি বিশ্বব্যাপী ইলেক্ট্ৰনিকছ উৎপাদনত আমাৰ অংশীদাৰিত্ব বহুগুণে বৃদ্ধি পাইছে। ২০১৪ চনত ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন ৩০ বিলিয়ন ডলাৰৰ কম আছিল। আজি ই ১০০ বিলিয়ন ডলাৰো অতিক্ৰম কৰিলে। ভাৰতৰ পৰা ইলেক্ট্ৰনিকছ ৰপ্তানিও মাত্ৰ দুবছৰৰ ভিতৰত দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতত নিৰ্মিত মোবাইল ফোনৰ ৰপ্তানিও এতিয়া দুগুণ বৃদ্ধি পাইছে। এসময়ত মোবাইল ফোন আমদানি কৰা দেশখনে এতিয়া বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ মোবাইল ফোন নিৰ্মাণ আৰু ৰপ্তানি কৰিছে।

 

বন্ধুসকল,
কিছুমান খণ্ডত আমাৰ বৃদ্ধি মূৰেৰ আইন প্ৰজেক্টতকৈও বেছি। ২০১৪ চনৰ আগতে ভাৰতত মাত্ৰ ২ টা মোবাইল মেনুফেকচাৰিং ইউনিট আছিল। আজি ইয়াৰ সংখ্যা ২০০ৰো অধিক হৈছে। যদি আমি ব্ৰডবেণ্ড সংযোগৰ কথা কওঁ, তেন্তে ২০১৪ চনত ভাৰতত ৬ কোটি ব্যৱহাৰকাৰী আছিল। আজি ইয়াৰ সংখ্যাও ৮০ কোটিতকৈও বৃদ্ধি পাইছে। ২০১৪ চনত ভাৰতত ২৫ কোটি ইণ্টাৰনেট সংযোগ আছিল। আজি এই সংখ্যাও ৮৫ কোটিতকৈও অধিক হৈছে। এই পৰিসংখ্যাই কেৱল ভাৰতৰ সফলতাকে প্ৰতিফলিত কৰাই নহয়, প্ৰতিটো পৰিসংখ্যা আপোনাৰ উদ্যোগৰ ক্ৰমবৰ্ধমান ব্যৱসায়িক সম্ভাৱনাৰ সূচক হৈ পৰিছে। ‘অনবদ্য বিকাশ’ৰ লক্ষ্যৰে অৰ্ধপৰিবাহী উদ্যোগটোৱে যিদৰে আগবাঢ়িছে, ভাৰতে ইয়াক লাভ কৰাত মুখ্য ভূমিকা পালন কৰিছে।


বন্ধুসকল,
আজি বিশ্বই চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সাক্ষী হৈ পৰিছে, আৰু সেয়া হৈছে - 'উদ্যোগ ৪.০'। যেতিয়াই বিশ্বই এনে কোনো ঔদ্যোগিক বিপ্লৱৰ মাজেৰে পাৰ হৈ আহিছে, তেতিয়াই ইয়াৰ ভেটি হৈ আহিছে এটা বা আন এটা অঞ্চলৰ জনসাধাৰণৰ আকাংক্ষা। পূৰ্বৰ ঔদ্যোগিক বিপ্লৱ আৰু আমেৰিকান সপোনৰ মাজত এই সম্পৰ্ক আছিল। আজি চতুৰ্থ ঔদ্যোগিক বিপ্লৱ আৰু ভাৰতীয় আকাংক্ষাৰ মাজতো একেই সম্পৰ্ক দেখিছোঁ। আজি ভাৰতীয় আকাংক্ষাই ভাৰতৰ উন্নয়নক আগুৱাই লৈ গৈছে। আজি ভাৰত বিশ্বৰ সেইখন দেশ য’ত চৰম দৰিদ্ৰতাৰ দ্রুতগতিত অন্ত পৰিছে৷ আজি ভাৰত হৈছে পৃথিৱীৰ সেইখন দেশ য'ত নব্য মধ্যবিত্ত শ্ৰেণী দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতৰ জনসাধাৰণ কেৱল টেক ফ্ৰেণ্ডলী নহয়, প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰতো ক্ষীপ্ৰ।

আজি ভাৰতত সহজাত তথ্য, প্ৰতিখন গাঁৱলৈ যোৱা মানসম্পন্ন ডিজিটেল আন্তঃগাঁথনি, আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানে ডিজিটেল সামগ্ৰীৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি কৰিছে। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি কৃষি আৰু লজিষ্টিকলৈকে ভাৰতে স্মাৰ্ট প্ৰযুক্তিৰ ব্যৱহাৰৰ সৈতে জড়িত এক বৃহৎ দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছে। আমাৰ ইয়াত বিপুল জনসংখ্যা আছে, যিয়ে হয়তো ঘৰুৱা মৌলিক সঁজুলি ব্যৱহাৰ কৰা নাছিল, কিন্তু এতিয়া পোনপটীয়াকৈ আন্তঃসংযোগী স্মাৰ্ট ডিভাইচ ব্যৱহাৰ কৰিবলৈ ওলাইছে। ভাৰতত এনেকুৱা যুৱক-যুৱতীৰ বিশাল জনসংখ্যা আছে যিয়ে হয়তো কেতিয়াও বেচিক বাইক ব্যৱহাৰ কৰা নাছিল যদিও এতিয়া স্মাৰ্ট ইলেক্ট্ৰিক মবিলিটি ব্যৱহাৰ কৰিবলৈ ওলাইছে।

ভাৰতৰ ক্ৰমবৰ্ধমান নব্য-মধ্যবিত্ত শ্ৰেণীটো ভাৰতীয় আকাংক্ষাৰ শক্তিকেন্দ্ৰ হৈয়েই আছে। ভাৰতৰ এই পৰিসৰৰ বজাৰ এখনৰ বাবে আপুনি এটা চিপমেকিং ইক’চিষ্টেম গঢ়ি তুলিব লাগিব যিখন সম্ভাৱনাৰে ভৰা। আৰু মোৰ বিশ্বাস, যিয়েই এই দিশত দ্ৰুতগতিত আগবাঢ়িব তেওঁ প্ৰথম গতিৰ সুবিধা লাভ কৰাটো নিশ্চিত।

 

বন্ধুসকল,
মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাৰ্শ্বক্ৰিয়াৰ মাজেৰে আপোনালোক সকলোৱে ভুক্তভোগী হৈ উঠিছে। ভাৰতেও উপলব্ধি কৰিছে যে অৰ্ধপৰিবাহী কেৱল আমাৰ প্ৰয়োজনীয়তা নহয়। আজি বিশ্বক এটা বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য চিপ যোগান শৃংখলৰ প্ৰয়োজনো। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰতকৈ ভাল বিশ্বাসযোগ্য অংশীদাৰ কোন হ’ব পাৰে? মই সুখী যে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা অহৰহ বাঢ়িছে। আৰু এই আস্থা কিয়? আজি বিনিয়োগকাৰীৰ ভাৰতৰ ওপৰত আস্থা আছে কাৰণ ভাৰতৰ এখন সুস্থিৰ, দায়িত্বশীল, আৰু সংস্কাৰমুখী চৰকাৰ আছে। ভাৰতৰ ওপৰত উদ্যোগটোৰ আস্থা আছে কাৰণ আজি প্ৰতিটো খণ্ডতে আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত হৈছে। ভাৰতৰ ওপৰত টেক খণ্ডৰ আস্থা আছে কাৰণ ইয়াত প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। আৰু, আজি অৰ্ধপৰিবাহী উদ্যোগে ভাৰতৰ ওপৰত আস্থা ৰাখিছে কাৰণ আমাৰ ওচৰত এক বৃহৎ প্ৰতিভাৰ পুল আছে, দক্ষ অভিযন্তা আৰু ডিজাইনাৰ। বিশ্বৰ আটাইতকৈ সজীৱ আৰু ঐক্যবদ্ধ বজাৰৰ অংশ হ’ব বিচৰা যিকোনো ব্যক্তিৰ ভাৰতৰ প্ৰতি আস্থা আছে। আমি যেতিয়া আপোনাক ‘মেক ইন ইণ্ডিয়া’ বুলি কওঁ, তেতিয়া ইয়াৰ অৰ্থ এইটোও যে আহক আমি ভাৰতৰ বাবে বনাওঁ আৰু বিশ্বৰ বাবে Make কৰো।

 

বন্ধুসকল,
ভাৰতে নিজৰ বিশ্বব্যাপী দায়িত্ব অতি ভালদৰে বুজি পায়। সেয়েহে অংশীদাৰ দেশসমূহৰ সৈতে মিলি আমি এক বিস্তৃত ৰোডমেপৰ কাম কৰি আছো। সেইবাবেই আমি ভাৰতত এক সজীৱ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে আমাৰ সকলো প্ৰচেষ্টা চলাইছো। শেহতীয়াকৈ আমি ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযানত অনুমোদন জনাইছো। সংসদতো উত্থাপন হ’বলৈ গৈ আছে ৰাষ্ট্ৰীয় গৱেষণা ন্যাস বিধেয়ক। এতিয়া আমি আমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমতো পৰিৱৰ্তন কৰি অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছো। ভাৰতত ৩০০ৰো অধিক এনে বৃহৎ মহাবিদ্যালয় চিনাক্ত কৰা হৈছে, য’ত অৰ্ধপৰিবাহীৰ পাঠ্যক্ৰম উপলব্ধ হ’ব। আমাৰ ‘চিপছ টু ষ্টাৰ্টআপছ’ প্ৰগ্ৰেমে অভিযন্তাসকলক সহায় কৰিব। অনুমান কৰা হৈছে যে আগন্তুক ৫ বছৰত আমাৰ দেশত এক লাখতকৈ অধিক ডিজাইন ইঞ্জিনিয়াৰ উৎপাদন হ’বলৈ গৈ আছে। ভাৰতৰ ক্ৰমবৰ্ধমান ‘ষ্টাৰ্ট-আপ ইক’চিষ্টেমে’ অৰ্ধপৰিবাহী খণ্ডকো শক্তিশালী কৰিবলৈ গৈ আছে। ছেমিকন ইণ্ডিয়াৰ সকলো অংশগ্ৰহণকাৰীৰ বাবে এই দিশসমূহে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ গৈ আছে।

বন্ধুসকল, আপোনালোক সকলোৱে কণ্ডাক্টৰ আৰু ইনচুলেটৰৰ পাৰ্থক্যৰ বিষয়ে বহুত ভালদৰেই জানে। শক্তি পৰিবাহীৰ মাজেৰে পাৰ হ’ব পাৰে কিন্তু ইনচুলেটৰৰ মাজেৰে নহয়। ভাৰতে অৰ্ধপৰিবাহী উদ্যোগৰ বাবে এটা ভাল শক্তি পৰিবাহী হ’বলৈ প্ৰতিটো ‘চেকবক্স’ত টিক মাৰিছে। এই খণ্ডৰ বাবে বিদ্যুতৰ প্ৰয়োজন। যোৱা দশকত আমাৰ সৌৰশক্তিৰ স্থাপন ক্ষমতা ২০ গুণতকৈও অধিক বৃদ্ধি পাইছে। আমি এই দশকৰ শেষৰ ফালে ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। সৌৰ পিভি মডিউল, সেউজ হাইড্ৰজেন, ইলেক্ট্ৰ’লাইজাৰ উৎপাদনৰ বাবে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতত চলি থকা নীতি সংস্কাৰে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ বিকাশতো ইতিবাচক প্ৰভাৱ পেলাব। নতুন উৎপাদন উদ্যোগৰ বাবেও আমি কেইবাটাও কৰ ৰেহাই ঘোষণা কৰিছো। আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বনিম্ন কৰ্পৰেট কৰ থকা দেশসমূহৰ ভিতৰত অন্যতম। আমি কৰ প্ৰক্ৰিয়াটোক মুখহীন আৰু নিৰৱচ্ছিন্ন কৰি তুলিছো। ব্যৱসায় কৰাত সহজতাৰ বাটত অহা বহুতো প্ৰাচীন আইন আৰু অনুসৰণ আমি আঁতৰাই পেলাইছো। অৰ্ধপৰিবাহী উদ্যোগকো বিশেষ প্ৰৰোচনা প্ৰদান কৰিছে চৰকাৰে। এই সিদ্ধান্তসমূহ, এই নীতিসমূহৰ প্ৰতিফলন ভাৰতে অৰ্ধপৰিবাহী উদ্যোগৰ বাবে ৰেড কাৰ্পেট স্থাপন কৰিছে। ভাৰত সংস্কাৰৰ পথত আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ বাবে অধিক নতুন সুযোগৰ সৃষ্টি হ’ব। ভাৰত অৰ্ধপৰিবাহী বিনিয়োগৰ বাবে এক উৎকৃষ্ট পৰিবাহীলৈ পৰিণত হৈছে।

বন্ধুসকল,
এই প্ৰচেষ্টাসমূহৰ মাজতে ভাৰতে বিশ্বব্যাপী যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ প্ৰতিও সচেতন। কেঁচামাল, প্ৰশিক্ষিত জনশক্তি, আৰু যন্ত্ৰপাতিৰ সম্পৰ্কে আপোনালোকৰ আশা আমি বুজি পাওঁ। সেইবাবেই আমি আপোনালোকৰ সৈতে একেলগে কাম কৰিবলৈ পাই ইমানেই উৎসাহিত হৈছো। ব্যক্তিগত খেলুৱৈৰ সৈতে আমি যি খণ্ডত ঘনিষ্ঠভাৱে কাম কৰিছো, সেই খণ্ডই নতুন উচ্চতা লাভ কৰিছে। মহাকাশ খণ্ডই হওক বা ভূ-স্থানীয় খণ্ডই হওক, আমি সকলোতে উৎকৃষ্ট ফলাফল পাইছো। আপোনাৰ হয়তো মনত আছে যে যোৱা বছৰ ছেমিকনৰ সময়ত চৰকাৰে অৰ্ধপৰিবাহী উদ্যোগৰ খেলুৱৈসকলৰ পৰা পৰামৰ্শ বিচাৰিছিল। এই পৰামৰ্শসমূহৰ ভিত্তিত চৰকাৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত প্ৰৰোচনা বৃদ্ধি কৰা হৈছে। এতিয়া প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক ভাৰতত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা স্থাপনৰ বাবে পঞ্চাশ শতাংশ আৰ্থিক সাহায্য দিয়া হ’ব। দেশৰ অৰ্ধপৰিবাহী খণ্ডৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ আমি অদম্যভাৱে নীতি সংস্কাৰ চলাই আছো।

বন্ধুসকল,

জি-২০ৰ ৰাষ্ট্ৰপতি হিচাপে ভাৰতে উদ্ভাৱন কৰা বিষয়বস্তু হৈছে ‘এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত’। ভাৰতক অৰ্ধপৰিবাহী নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আঁৰৰ আমাৰ আত্মাও এইটোৱেই। ভাৰতৰ দক্ষতা, ভাৰতৰ সামৰ্থ্য, ভাৰতৰ সামৰ্থ্যই সমগ্ৰ বিশ্বক উপকৃত হোৱা উচিত; ভাৰতে সেইটোৱেই কামনা কৰে। আমি ভাৰতৰ গ্ল’বেল গুডৰ সম্ভাৱনা বৃদ্ধি কৰিব বিচাৰো আৰু এখন উন্নত বিশ্বৰ বাবে। আপোনাৰ অংশগ্ৰহণ, আপোনাৰ পৰামৰ্শ, আৰু আপোনাৰ চিন্তাধাৰা অতি আদৰণীয়। প্ৰতিটো খোজতে আপোনালোকৰ লগত থিয় দিছে ভাৰত চৰকাৰ। এই ছেমিকন শীৰ্ষ সন্মিলনৰ বাবে আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছো, আৰু এটা সুযোগ আছে। মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলোঁ যে এই সময় কেৱল দেশৰ বাবেই নহয়, বিশ্বৰ বাবেও উপযুক্ত সময়। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা! ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Oman, India’s Gulf 'n' West Asia Gateway

Media Coverage

Oman, India’s Gulf 'n' West Asia Gateway
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of renowned writer Vinod Kumar Shukla ji
December 23, 2025

The Prime Minister, Shri Narendra Modi has condoled passing of renowned writer and Jnanpith Awardee Vinod Kumar Shukla ji. Shri Modi stated that he will always be remembered for his invaluable contribution to the world of Hindi literature.

The Prime Minister posted on X:

"ज्ञानपीठ पुरस्कार से सम्मानित प्रख्यात लेखक विनोद कुमार शुक्ल जी के निधन से अत्यंत दुख हुआ है। हिन्दी साहित्य जगत में अपने अमूल्य योगदान के लिए वे हमेशा स्मरणीय रहेंगे। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और प्रशंसकों के साथ हैं। ओम शांति।"