"যি যুগত বিশ্বৰ বৃহৎ অৰ্থনীতিবোৰ স্তব্ধ হৈ পৰিছিল, সেই সময়তে ভাৰতে সংকটৰ পৰা নিজকে উলিয়াই আনিছে আৰু ক্ষীপ্ৰতাৰে আগবাঢ়িছে"
"আমাৰ চৰকাৰে ২০১৪ চনৰ পিছত যি নীতি প্ৰস্তুত কৰিছিল, তাৰ বাবে কেৱল প্ৰাৰম্ভিক লাভালাভৰ যত্ন লোৱাই নহয়, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰভাৱবোৰকো অগ্ৰাধিকাৰ দিছিল"
"দেশত প্ৰথমবাৰৰ বাবে দৰিদ্ৰসকলে নিৰাপত্তা আৰু সন্মান লাভ কৰিছে।"
"দেশখনে মিছন মোডত প্ৰণালীবদ্ধ কাম কৰা দেখিছে। আমি ক্ষমতাৰ মানসিকতাক সেৱাৰ মানসিকতালৈ সলনি কৰিছো, আমি দৰিদ্ৰলোকৰ কল্যাণক আমাৰ মাধ্যম কৰি তুলিছো।"
"যোৱা ৯ বছৰত দলিত, বঞ্চিত, জনজাতীয় মহিলা, দৰিদ্ৰ, মহিলা, মধ্যবিত্ত সকলোৱেই পৰিৱৰ্তনৰ ছবি দেখিছে"
"প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা হৈছে দেশৰ এক বৃহৎ জনতাৰ বাবে এক সুৰক্ষা নেটৱৰ্ক" "সংকটৰ সময়ত ভাৰতে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আৰু সফল টীকাকৰণ অভিযান চলাইছিল"
"পৰিৱৰ্তনৰ এই যাত্ৰা সমসাময়িক আৰু ভৱিষ্যবাদী"
"দুৰ্নীতিৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব"

অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে। 

বন্ধুসকল,

আপোনালোক সকলোৰে মাজত উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছোঁ। ৰিপাব্লিক টিভিয়ে অহা মাহত ৬ বছৰ সম্পূৰ্ণ কৰিব। মই আপোনাক এইবাবে অভিনন্দন জনাইছোঁ যে আপুনি আপোনাৰ নেশ্যন ফাৰ্ষ্টৰ অভিযানক বিঘ্নিত হবলৈ নিদিলে। সকলো ধৰণৰ বাধা-বিঘিন সত্বেও, আপুনি দৃঢ়তাৰে থিয় দিছে। কেতিয়াবা অৰ্ণবৰ ডিঙিৰ বিষ গৈছিল, কেতিয়াবা কিছুমান লোকে অৰ্ণবক ডিঙি চেপি ধৰাৰ চেষ্টা কৰিছিল, কিন্তু চেনেলটো বন্ধ হোৱা নাছিল। ই ভাগৰি পৰা নাছিল বা ৰৈ যোৱাও নাছিল।

বন্ধুসকল,

যেতিয়া মই ২০১৯ চনত গণৰাজ্য সন্মিলনলৈ আহিছিলো, সেই সময়ৰ বিষয়বস্তু আছিল 'ভাৰতৰ মুহূৰ্ত'। এই বিষয়বস্তুৰ পটভূমিত দেশৰ জনসাধাৰণৰ পৰা আমি  জনাদেশ লাভ কৰিছিলোঁ। বহু দশকৰ পিছত, ভাৰতৰ জনসাধাৰণে একেৰাহে দ্বিতীয়বাৰৰ বাবে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে এখন স্থিৰ চৰকাৰ গঠন কৰে। দেশবাসী নিশ্চিত আছিল যে 'ভাৰতৰ মুহূৰ্ত' আহি গৈছে। আজি, ৪ বছৰৰ পিছত, আপোনাৰ সন্মিলনৰ বিষয়বস্তু হৈছে-পৰিৱৰ্তনৰ সময়। অৰ্থাৎ, সেই পৰিৱৰ্তন লাভৰ আস্থা এতিয়া দৃশ্যমান।

বন্ধুসকল,

আজি দেশত যি পৰিৱৰ্তন হৈছে সেয়া জোখাৰ এটা উপায় হ'ল অৰ্থনীতিৰ বিকাশ আৰু সম্প্ৰসাৰণৰ গতি। ভাৰতক এক ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'বলৈ প্ৰায় ৬০ বছৰ, ৬০ বছৰ সময় লাগিছিল। ২০১৪ চনত, আমি কেনেবাকৈ ২ ট্ৰিলিয়ন ডলাৰৰ সীমাত উপনীত হৈছিলোঁ। অৰ্থাৎ সাত দশকত ২ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি। কিন্তু আজি আমাৰ চৰকাৰৰ ৯ বছৰৰ পিছত ভাৰত আজি প্ৰায় ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হৈ পৰিছে। যোৱা ন বছৰত, আমি ১০ নম্বৰ অৰ্থনীতিৰ পৰা বিশ্বৰ ৫ নম্বৰ অৰ্থনীতিত পৰিণত হৈছোঁ। আৰু এই সকলোবোৰ ১০০ বছৰৰ আটাইতকৈ ডাঙৰ সংকটৰ মাজত হৈছে। এনে এক সময় যেতিয়া বিশ্বৰ বৃহত্তম অৰ্থনীতিবোৰ আবদ্ধ হৈ আছিল, ভাৰত সংকটৰ পৰা ওলাই অহাই নাছিল, বৰং দ্ৰুত গতিত আগবাঢ়ি গৈছে। 

বন্ধুসকল,

আপোনাসৱে প্ৰায়ে নীতি নিৰ্ধাৰকসকলৰ পৰা এটা কথা শুনিছে- ফাৰ্ষ্ট অৰ্ডাৰ ইমপেক্ট। অৰ্থাৎ যিকোনো আঁচনিৰ প্ৰথম আৰু স্বাভাৱিক ফলাফল। ফাৰ্ষ্ট অৰ্ডাৰ ইমপেক্ট হৈছে আঁচনিখনৰ প্ৰথম লক্ষ্য, আৰু ইয়াৰ প্ৰভাৱ কম সময়ৰ ভিতৰতে দেখা যায়। কিন্তু প্ৰতিটো নীতিৰ দ্বিতীয় আৰু তৃতীয় ক্ৰমৰ প্ৰভাৱো আছে। সেইবোৰৰ প্ৰভাৱ গভীৰ, সুদূৰপ্ৰসাৰী, প্ৰকাশ পাবলৈ সময় লাগে। ইয়াৰ তুলনামূলক অধ্যয়ন কৰিবলৈ, বিতংভাৱে বুজিবলৈ, আমি কেইবা দশক পিছলৈ যাব লাগিব। টিভিৰ দুনিয়াৰ লোকসকলে দুখন খিৰিকী চলায়- অতীতৰ আৰু এতিয়াৰ। ময়ো আজি একেধৰণৰ কিছু কৰিম। গতিকে প্ৰথমে অতীতৰ কথা পাতোঁ আহক।

বন্ধুসকল,

স্বাধীনতাৰ পিছত গৃহীত লাইচেঞ্চ ৰাজৰ অৰ্থনৈতিক নীতিত চৰকাৰ নিজেই নিয়ন্ত্ৰক হৈ পৰিছিল। প্ৰতিযোগিতা নাইকিয়া কৰা হৈছিল, ব্যক্তিগত উদ্যোগ, এম.এছ.এম.ই.সমূহক বিকাশ হ'বলৈ দিয়া হোৱা নাছিল। ইয়াৰ প্ৰথম নেতিবাচক প্ৰভাৱটো আছিল যে আমি আন দেশতকৈ পিছ পৰি আছিলো, আমি অধিক দৰিদ্ৰ হৈ পৰিছিলো। সেই নীতিবোৰৰ দ্বিতীয় ক্ৰমৰ প্ৰভাৱ আৰু বেয়া আছিল। বিশ্বৰ তুলাত ভাৰতৰ ব্যৱহাৰ বৃদ্ধি যথেষ্ট কম আছিল। ইয়াৰ ফলত, উৎপাদন খণ্ড দুৰ্বল হৈ পৰে আৰু আমি বিনিয়োগৰ সুযোগ হেৰুৱাইছিলোঁ। ইয়াৰ তৃতীয় প্ৰভাৱটো হ'ল ভাৰতত উদ্ভাৱনৰ পৰিৱেশ বিকশিত কৰিব পৰা নগ'ল। এনে পৰিস্থিতিত, অধিক উদ্ভাৱনমূলক উদ্যোগ সৃষ্টি হোৱা নাছিল, বা অধিক বেচৰকাৰী কৰ্মসংস্থাপন সৃষ্টি হোৱা নাছিল। যুৱকসকলে কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ হবলৈ ধৰিছিল। তেতিয়া দেশৰ বহুতো প্ৰতিভাই কামৰ পৰিৱেশৰ অভাৱত দেশ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এই সকলোবোৰ সেই চৰকাৰী নীতিবোৰৰ তৃতীয় অৰ্ডাৰৰ প্ৰভাৱ আছিল। সেই নীতিবোৰৰ প্ৰভাৱেই দেশৰ উদ্ভাৱন, কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ সামৰ্থ্যক চূৰ্ণ-বিচূৰ্ণ কৰিছিল।

বন্ধুসকল,

এতিয়া ৰিপাব্লিক টিভিৰ দৰ্শকসকলে নিশ্চিতভাৱে জানিব বিচাৰিব যে মই আপোনাসৱক কি ক'বলৈ গৈ আছো। ২০১৪ চনৰ পিছত, আমাৰ চৰকাৰে যি নীতি প্ৰস্তুত কৰিছে, সেইবোৰত কেৱল প্ৰাৰম্ভিক লাভালাভবোৰৰ বিষয়তেই নজৰ দিয়া হোৱা নাছিল, দ্বিতীয় আৰু তৃতীয় অৰ্ডাৰৰ প্ৰভাৱকো অগ্ৰাধিকাৰ দিয়া হৈছিল। আপোনাসৱৰ মনত থাকিব পাৰে, ২০১৯ চনৰ এই ৰিপাব্লিক ছামিটত মই কৈছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি ৫ বছৰত ১.৫ কোটি পৰিয়ালক ঘৰ দিছো। এতিয়া এই সংখ্যা ৩.৫ কোটিতকৈও অধিক লৈ বৃদ্ধি পাইছে। ইয়াৰে বেছিভাগ ঘৰৰ মালিক আমাৰ মাতৃ আৰু ভগ্নীসকল। আপোনাসৱে জানে যে আজি প্ৰতিটো ঘৰৰ মূল্য লাখ লাখ টকা। অৰ্থাৎ মই অত্যন্ত সন্তুষ্টিৰে কওঁ যে আজি কোটি কোটি দৰিদ্ৰ ভগ্নী, লাখপতি দিদি হৈ পৰিছে। সম্ভৱতঃ ইয়াতকৈ ডাঙৰ ৰক্ষা বন্ধন থাকিব নোৱাৰে। এইটো প্ৰথম প্ৰভাৱ আছিল। ইয়াৰ দ্বিতীয় ফলাফলটো হ'ল যে এই আঁচনিয়ে গাওঁবোৰত লাখ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছিল। আৰু আপোনাসৱে জানে যে যেতিয়া কাৰোবাৰ নিজা ঘৰ, পকী ঘৰ থাকে, তেওঁৰ আত্মবিশ্বাস কিমান বৃদ্ধি হয়, তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণৰ ক্ষমতা কিমান বৃদ্ধি হয়। তেওঁৰ সপোনবোৰে আকাশ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাই দেশৰ দৰিদ্ৰ লোকসকলৰ আত্মবিশ্বাসক এক নতুন উচ্চতালৈ লৈ গৈছে।

বন্ধুসকল,

কেইদিনমান আগতে, মুদ্ৰা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ হৈছিল। ক্ষুদ্ৰ উদ্যোগীসকলক বিত্তীয় সহায় আগবঢ়াবলৈ এই আঁচনিখন আৰম্ভ কৰা হৈছিল। মুদ্ৰা আঁচনিৰ অধীনত ৪০ কোটিতকৈও অধিক ঋণ প্ৰদান কৰা হৈছে, যাৰ ভিতৰত প্ৰায় ৭০শতাংশ মহিলা। এই আঁচনিৰ প্ৰথম প্ৰভাৱ আত্মকৰ্মসংস্থাপন বৃদ্ধিৰ ৰূপত আমাৰ সন্মুখত ৰৈছে। মুদ্ৰা যোজনা হওঁক, মহিলাৰ বাবে জন ধন একাউণ্ট খোলাই হওঁক বা আত্ম-সহায়ক গোটসমূহক উৎসাহিত কৰাই হওঁক, আজি আমি এই আঁচনিসমূহৰ সৈতে দেশত এক বৃহত্ সামাজিক পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ। এই আঁচনিসমূহে আজি পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাসকলৰ এক শক্তিশালী ভূমিকা প্ৰতিষ্ঠা কৰিছে। এতিয়া অধিক সংখ্যক মহিলা চাকৰি সৃষ্টিকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে, যাৰ ফলত দেশৰ বৰ্ধিত অৰ্থনীতি শক্তিশালী হৈছে।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী স্বামীত্ব যোজনাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় অৰ্ডাৰৰ প্ৰভাৱ আপেনাসৱে পৃথকে দেখিব পাৰে। ইয়াৰ অধীনত, শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি দৰিদ্ৰ লোকসকলক সম্পত্তি কাৰ্ড প্ৰদান কৰা হৈছে, যিয়ে তেওঁলোকক সম্পত্তি সুৰক্ষাৰ আশ্বাস দিছে। এই আঁচনিৰ প্ৰভাৱ ড্ৰোন খণ্ডত দেখা যায়। য'ত চাহিদা আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা নিৰন্তৰ বৃদ্ধি হৈ আছে। প্ৰধানমন্ত্ৰী স্বামীত্ব যোজনা আৰম্ভ হোৱাৰ প্ৰায় আঢ়ৈ বছৰ হ'ল, ই বেছিদিন আগতে হোৱা নাই, কিন্তু ইয়াৰ সামাজিক প্ৰভাৱো দেখা পোৱা আৰম্ভ হৈছে। সম্পত্তি কাৰ্ড পোৱাৰ পিছত পাৰস্পৰিক বিবাদৰ সম্ভাৱনা হ্ৰাস হৈছে। এইটোৱে আমাৰ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত ক্ৰমান্বয়ে বৰ্ধিত চাপ হ্ৰাস কৰিব। ইয়াৰ ফলত গাঁৱৰ যিসকলে সম্পত্তিৰ কাগজ-পত্ৰ পাইছে তেওঁলোকৰ বাবে বেংকৰ পৰা সাহায্য লাভ কৰা সহজ হৈ পৰিছে। গাঁৱত এই সম্পত্তিবোৰৰ মূল্যও বৃদ্ধি পাইছে। 

বন্ধুসকল,

মোৰ প্ৰথম অৰ্ডাৰ, দ্বিতীয় অৰ্ডাৰ আৰু তৃতীয় অৰ্ডাৰৰ প্ৰভাৱৰ ইমানবোৰ কেছ ষ্টাডী আছে যে আপোনাসৱৰ টিভিৰ ৰানডাউন অনিয়মীয়া হৈ পৰিব আৰু ইয়াত যথেষ্ট সময় ব্যয় হ'ব। ডিবিটি হওঁক, দৰিদ্ৰ লোকসকলক বিদ্যুৎ, পানী, শৌচালয়ৰ দৰে সুবিধা প্ৰদান কৰাৰ আঁচনিয়েই হওঁক, এই সকলোবোৰে তৃণমূল স্তৰত এক বিপ্লৱ আনিছে। এই আঁচনিবোৰে আনকি দেশৰ দৰিদ্ৰতম লোকসকলকো সন্মান আৰু নিৰাপত্তাৰ অনুভূতি প্ৰদান কৰিছে। দেশত প্ৰথমবাৰৰ বাবে দৰিদ্ৰ সকলেও নিৰাপত্তা আৰু মৰ্যাদা লাভ কৰিছে। যিসকলক দশক দশক ধৰি উপলব্ধি কৰোৱা হৈছিল যে তেওঁলোক দেশৰ উন্নয়নৰ বাবে বোজা, তেওঁলোকে আজি দেশৰ উন্নয়নক ত্বৰাণ্বিত কৰিছে। যেতিয়া চৰকাৰে এই আঁচনিবোৰ আৰম্ভ কৰিছিল, কিছুমান লোকে আমাক উপহাস কৰিছিল। কিন্তু আজি এই আঁচনিসমূহে ভাৰতৰ দ্ৰুত বিকাশক গতি প্ৰদান কৰিছে, এই আঁচনিসমূহ উন্নত ভাৰত গঢ়াৰ আধাৰ হৈ পৰিছে।

বন্ধুসকল,

যোৱা ৯ বছৰ ধৰি, দৰিদ্ৰ, দলিত, বঞ্চিত, পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, সকলোৱে তেওঁলোকৰ জীৱনত এক স্পষ্ট পৰিৱৰ্তন অনুভৱ কৰিছে। আজি দেশত এক অতি প্ৰণালীবদ্ধ দৃষ্টিভংগীৰে কাম কৰা হৈছে, মিছন মোডত কাম কৰা হৈছে। আমি ক্ষমতাৰ মানসিকতাও সলনি কৰিছোঁ। আমি সেৱাৰ মানসিকতা লৈ আহিছোঁ। আমি দৰিদ্ৰ লোকৰ কল্যাণক আমাৰ মাধ্যম কৰিছোঁ। তোষণৰ পৰিৱৰ্তে  আমি সন্তুষ্টিক আমাৰ আধাৰ কৰিছোঁ। এই পদ্ধতিয়ে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে এক প্ৰতিৰক্ষামূলক ঢাল সৃষ্টি কৰিছে। এই প্ৰতিৰক্ষামূলক ঢালখনে দেশৰ দৰিদ্ৰ লোকসকলক অধিক দৰিদ্ৰ হোৱাত বাধা দিছে। আপোনালোকৰ খুব কম লোকেই জানিব যে আয়ুষ্মান যোজনাৰ ফলত দেশৰ দৰিদ্ৰ লোকসকলৰ ৮০ হাজাৰ কোটি টকা খৰচ হোৱাৰ পৰা ৰক্ষা পৰিছে। যদি এই আঁচনিখন নাথাকে, দৰিদ্ৰ সকলে তেওঁলোকৰ নিজৰ পকেটৰ পৰা একে পৰিমাণৰ ধন ব্যয় কৰিব লাগিব। কল্পনা কৰক, আমি বহুতো দৰিদ্ৰ লোকক দৰিদ্ৰ হোৱাৰ পৰা ৰক্ষা কৰিছোঁ। ইয়েই একমাত্ৰ পৰিকল্পনা নহয় যি সংকটৰ সময়ত কাম কৰে। কিন্তু প্ৰথমবাৰৰ বাবে, কোটি কোটি পৰিয়ালে সস্তীয়া ঔষধ, বিনামূলীয়া টিকাকৰণ, বিনামূলীয়া ডায়েলাইচিছ, দুৰ্ঘটনা বীমা, জীৱন বীমাৰ সুবিধা লাভ কৰিছে। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা হৈছে দেশৰ বহু বৃহৎ জনসংখ্যাৰ বাবে আন এক প্ৰতিৰক্ষামূলক ঢাল। এই আঁচনিখনে কৰোনাৰ সংকটৰ সময়ত কোনো দৰিদ্ৰ লোককেই খালী পেটে শুবলৈ দিয়া নাছিল। আজি চৰকাৰে এই খাদ্য আঁচনিৰ বাবে ৪ লাখ কোটি টকা ব্যয় কৰিছে। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড হওঁক বা আমাৰ জেএএম ট্ৰিনিটি হওঁক, এই সকলোবোৰ প্ৰতিৰক্ষামূলক ঢালৰ অংশ। আজি, আটাইতকৈ দৰিদ্ৰ লোকসকলে বিশ্বাস কৰিছে যে তেওঁলোকৰ বাবে যি প্ৰাপ্য সেয়া তেওঁলোকে নিশ্চিতভাৱে পাব। আৰু মই বিশ্বাস কৰোঁ যে এইটো প্ৰকৃত অৰ্থত সামাজিক ন্যায়। এনে বহুতো আঁচনি আছে, ভাৰতৰ পৰা দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত সেইবোৰে যথেষ্ট প্ৰভাৱ পেলাইছে। আপোনাসৱে কিছু সময় আগতে আইএমএফৰ প্ৰতিবেদন এখন দেখা পাইছে। এই প্ৰতিবেদনে দেখুৱাইছে যে এনে আঁচনিৰ ফলত, মহামাৰী সত্বেও, ভাৰতত অত্যাধিক দৰিদ্ৰতা নিৰ্মূল হোৱাৰ পথত আছে আৰু এয়াই হৈছে পৰিৱৰ্তন, অন্যথা পৰিৱৰ্তন কি?

বন্ধুসকল,

আপোনাসৱৰ মনত থাকিব পাৰে, মই সংসদত এমজিএনৰেগাক কংগ্ৰেছ চৰকাৰৰ বিফলতাৰ স্মাৰক হিচাপে চিনাক্ত কৰিছিলোঁ। ২০১৪ চনৰ আগতে, এমজিএনৰেগা সম্পৰ্কে বহুতো অভিযোগ আছিল। তেতিয়া চৰকাৰে এটা সমীক্ষা চলাইছিল। সমীক্ষাটোৱে প্ৰকাশ কৰিছিল যে বহু ঠাইত, এদিনৰ কামৰ পৰিৱৰ্তে ৩০ দিনলৈকে উপস্থিত থকা দেখুওৱা হৈছে। অৰ্থাৎ, আন কোনোবাই টকাখিনি হজম কৰি আছিল। ইয়াত কোনে হেৰুৱাইছিল? দৰিদ্ৰ লোকসকলে, শ্ৰমিকসকলে। আজিও, যদি আপোনাসৱে গাওঁবোৰলৈ যায় আৰু সোধে যে ২০১৪ চনৰ আগতে এমজিএনৰেগা-ত কোনটো প্ৰকল্প নিৰ্মাণ কৰা হৈছে, যিটো আজিও চলি আছে, তেন্তে আপোনাসৱে বেছি দেখা নাপাব। আগতে, এমজিএনৰেগা-ত অৰ্থ ব্যয় কৰাৰ সময়ত স্থায়ী সম্পদ বিকাশৰ ওপৰত খুব কম গুৰুত্ব দিয়া হৈছিল। আমি এই পৰিস্থিতি সলনি কৰিলোঁ। আমি এমজিএনৰেগাৰ বাজেট বৃদ্ধি কৰাৰ লগতে স্বচ্ছতাও বৃদ্ধি কৰিছোঁ। আমি পোনপটীয়াকৈ বেংক একাউণ্টলৈ টকা পঠোৱা আৰম্ভ কৰিছিলোঁ আৰু গাঁৱৰ বাবে সম্পদো সৃষ্টি কৰিছিলোঁ। ২০১৪ চনৰ পিছত, এমজিএনৰেগা-ৰ অধীনত, দৰিদ্ৰৰ বাবে কুঁৱা, খাল, গৰুৰ ছাউনিৰ পকী ঘৰ, এনে ধৰণৰ লাখ লাখ কাম কৰা হৈছে। আজি, বেছিভাগ এমজিএনৰেগাৰ ধন ১৫ দিনৰ ভিতৰত পৰিশোধ কৰা হয়। ৯০ শতাংশতকৈও অধিক এমজিএনৰেগা কৰ্মীৰ আধাৰ কাৰ্ড এতিয়া সংযুক্ত কৰা হৈছে। ইয়াৰ ফলত জব কাৰ্ডত জালিয়াতি হ্ৰাস পাইছে। আৰু মই আপোনাসৱক আন এখন ছবি দেখুৱাম। এমজিএনৰেগা-ত জালিয়াতি বন্ধ হোৱাৰ ফলত, ৪০ হাজাৰ কোটি টকা ভুল হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিছে। এতিয়া এমজিএনৰেগা-ৰ ধন কঠোৰ পৰিশ্ৰম কৰা দৰিদ্ৰ শ্ৰমিকৰ হাতলৈ গৈ আছে। আমাৰ চৰকাৰে দৰিদ্ৰসকলৰ প্ৰতি কৰা অন্যায়ৰ পৰিসমাপ্তি ঘটাইছে। 

বন্ধুসকল,

পৰিৱৰ্তনৰ এই যাত্ৰা যিদৰে সমসাময়িক সেইদৰে ভৱিষ্যতমুখীও। আমি আহিবলগীয়া বহু দশকৰ বাবে প্ৰস্তুতি চলাই আছোঁ। অতীতত যি প্ৰযুক্তি আহিছিল, ই বহু দশক বা বছৰৰ পিছতহে ভাৰতত উপনীত হৈছিল। যোৱা ৯ বছৰত, ভাৰতেও এই প্ৰৱণতা সলনি কৰিছে। ভাৰতে একেলগে তিনিটা বস্তু আৰম্ভ কৰিছিল। প্ৰথমতে, আমি প্ৰযুক্তি সম্পৰ্কীয় খণ্ডবোৰক চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিছোঁ। দ্বিতীয়তে, আমি ভাৰতৰ প্ৰয়োজনীয়তা অনুসৰি ভাৰতত প্ৰযুক্তি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। তৃতীয়তে, আমি ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত এক মিছন মোড পদ্ধতি গ্ৰহণ কৰিছোঁ। আজি আপোনাসৱে দেখিছে যে দেশত কিমান দ্ৰুতগতিত ৫জি আৰম্ভ হৈছে। আমি পৃথিৱীৰ দ্ৰুততম গতিত আগবাঢ়িছোঁ। ৫জিক লৈ ভাৰতে যি গতি দেখুৱাইছে, ভাৰতে যিধৰণে নিজৰ প্ৰযুক্তি বিকাশ কৰিছে, সেয়া সমগ্ৰ বিশ্বতে আলোচিত হৈছে।

বন্ধুসকল,

কৰোনা যুগত ভেকছিনৰ বিষয়টো কোনেও পাহৰিব নোৱাৰে। পুৰণি চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ লোকসকলে মেড ইন ইণ্ডিয়া ভেকছিনৰ প্ৰয়োজনীয়তাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তেওঁলোকৰ মতে আন দেশবোৰে ভেকচিন প্ৰস্তুত কৰি আছে আৰু তেওঁলোকে আমাক এদিন নহয় এদিন ভেকছিন দিব। কিন্তু সংকটৰ সময়তো ভাৰতে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছিল আৰু ফলাফল আমাৰ সন্মুখত । আৰু বন্ধুসকল, আজি আপোনালোক বহুত সুখী। কিন্তু সেই পৰিস্থিতিৰ কথা কল্পনা কৰক যেতিয়া আমি সিদ্ধান্ত লবলগীয়া হৈছিল। আপুনি নিজকে সেই ঠাইত কল্পনা কৰক যেতিয়া বিশ্বই আমাৰ ভেকছিন লওক বুলি কৈছে, মানুহে কৈছে যে ভেকছিন অবিহনে সমস্যা হব, আমি মৰি যাম। সম্পাদকীয়, টিভি বিতৰ্ক সকলোতে বিপদৰ কথা চৰ্চিত হৈছিল। তেওঁলোকে ভেকছিন অনাৰ বাবে চিৎকাৰ কৰিছিল। বন্ধুসকল, মই দেশৰ বাবে এক বৃহৎ ৰাজনৈতিক মূলধন ৰিস্ক হিচাপে লৈছিলোঁ। অন্যথা, মই কব পাৰিলোহঁতেন যে আমি ৰাজকোষ ব্যৱহাৰ কৰা উচিত আৰু ভেকচিনবোৰ আমদানি কৰা উচিত । জনসাধাৰণক এবাৰ ভেকচিন দিয়ক, বাতৰি কাকতত এটা বিজ্ঞাপন দিয়ক, আৰু ই শেষ হ'ব। কিন্তু আমি সেই পথটো বাছনি কৰা নাছিলো, বন্ধুসকল। আমি অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ কাৰ্যকৰী ভেকছিন প্ৰস্তুত কৰিছোঁ। আমি দ্ৰুত গতিত বিশ্বৰ সৰ্ববৃহৎ, আটাইতকৈ সফল ভেকছিন অভিযান চলাইছিলোঁ। আৰু আপোনাসৱৰ মনত থাকিব পাৰে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীত, ভাৰতত কোভিডৰ সংক্ৰমণ আৰম্ভ হৈছিল আৰু ভাৰতে মে মাহত ভেকছিনৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছিল। ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা ভাবিয়েই আমি আগৰ পৰাই পৰিকল্পনা কৰিছিলোঁ। আৰু এই সময়তেই কিছুমান মানুহে মেড ইন ইণ্ডিয়া ভেকছিন অস্বীকাৰ কৰাত ব্যস্ত আছিল। কিধৰণৰ শব্দ ব্যৱহাৰ কৰা হৈছিল মই নাজানো। মই নাজানো, এইটো কাৰ চাপ আছিল। বিদেশী ভেকছিন আমদানিৰ বাবে এই লোকসকলে কি স্বাৰ্থপৰতাৰে ওকালতি কৰিছিল মই নাজানো।

বন্ধুসকল,

আমাৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ বিষয়েও আজি সমগ্ৰ বিশ্বতে আলোচনা কৰা হৈছে। মই অলপতে জি-২০ সন্মিলনৰ বাবে বালিলৈ গৈছিলোঁ। ডিজিটেল ইণ্ডিয়াৰ বিৱৰণ জানিবলৈ চেষ্টা নকৰা কোনো দেশ নাই, ইমান ডাঙৰ আলোচনা হৈছে। এসময়ত ডিজিটেল ইণ্ডিয়াক পথচ্যুত কৰাৰ চেষ্টাও কৰা হৈছিল। প্ৰথমতে, দেশখন ডাটা বনাম আটা বিতৰ্কত লিপ্ত হৈছিল। আৰু এই টিভি মিডিয়াৰ লোকসকলে এইবোৰ যথেষ্ট উপভোগ কৰে, দুটা শব্দ লৈ আহে-ডাটাৰ প্ৰয়োজন নে ময়দাৰ প্ৰয়োজন। তেওঁলোকে জনধন-আধাৰ-ম'বাইলৰ ত্ৰিমূৰ্তি বন্ধ কৰিবলৈ সংসদৰ পৰা আদালতলৈ কি কি চেষ্টা কৰা নাছিল। ২০১৬ চনত, যেতিয়া মই দেশবাসীক কৈছিলোঁ যে মই আপোনাসৱৰ বেংক আপোনাসৱৰ হাতৰ মুঠিত ৰাখিম। আপোনাসৱৰ হাতৰ মুঠিত আপোনাসৱৰ বেংক থাকিব। তেতিয়া এই মানুহবোৰে মোক উপহাস কৰিছিল। কিছুমান ছদ্ম বুদ্ধিজীৱীয়ে সুধিছিল, মোদীজী, মোক কওঁক, দৰিদ্ৰসকলে কেনেকৈ আলু আৰু বিলাহী ডিজিটেলভাৱে ক্ৰয় কৰিব? আৰু এই লোকসকলে পিছত কি কৈছিল, হেই, দৰিদ্ৰলোকৰ ভাগ্যত আলু আৰু বিলাহী ক'ত আছে? এইবোৰ এনেকুৱা মানুহ। তেওঁলোকে আনকি কয় যে গাওঁবোৰত মেলা অনুষ্ঠিত হয়, মেলাত মানুহে কেনেদৰে ডিজিটেল পৰিশোধ কৰিব? আজি, আপোনাসৱে দেখিছে, আপোনাসৱৰ ফিল্ম চিটিত চাহৰ দোকানৰ পৰা লিট্টি-চোখে কাৰ্টলৈকে ডিজিটেল পৰিশোধ কৰা হৈছে নে নাই? আজি ভাৰত হৈছে সেই দেশবোৰৰ ভিতৰত য'ত ডিজিটেল পৰিশোধ আটাইতকৈ বেছি হৈ আছে, বিশ্বৰ তুলনাত। 

বন্ধুসকল,

আপোনাসৱে নিশ্চয় আচৰিত হৈছে যে চৰকাৰে কিয় ইমান কাম কৰি আছে বা তৃণমূল পৰ্যায়ৰ মানুহে ইয়াৰ সুফল লাভ কৰিছেনে নাই। তথাপিও কিছুমান মানুহ আছে, যিসকলৰ মোদীৰ সৈতে সমস্যা আছে। সংবাদ মাধ্যমে তেওঁলোকক অনুসৰণ কৰে আৰু আজি মই ৰিপাব্লিক টিভিৰ দৰ্শকসকলক ইয়াৰ কাৰণ ক'ব বিচাৰো। এই অসন্তুষ্টি, এই হুলস্থূল হৈছে কাৰণ মোদীয়ে কিছুমান লোকৰ ক'লা ধনৰ পথ চিৰদিনৰ বাবে বন্ধ কৰি দিছে। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত কোনো অৰ্ধ-হৃদয়, বিচ্ছিন্ন দৃষ্টিভংগী নাই। এতিয়া এক সমন্বিত, প্ৰতিষ্ঠানিক দৃষ্টিভংগী আছে। এয়াই আমাৰ প্ৰতিশ্ৰুতি। এতিয়া মোক কওঁক, যিসকল ব্যক্তিৰ ক'লা ধন বন্ধ কৰা হৈছে তেওঁলোকে মোক গালি দিব নে নিদিয়ে? তেওঁলোকে তেওঁলোকৰ লেখাত বিষ ফুটাই তোলে।

আপোনাসৱে জানি আচৰিত হ'ব যে জেএএম ট্ৰিনিটিৰ বাবে, চৰকাৰী আঁচনিৰ প্ৰায় ১০ কোটি ভুৱা হিতাধিকাৰীক বাদ দিয়া হৈছে। প্ৰায় ১০ কোটি ভুৱা হিতাধিকাৰীক আঁতৰ কৰা হৈছে। এই ১০ কোটি লোক আছিল যিসকলে চৰকাৰৰ সুবিধা লৈছিল, কিন্তু এই ১০ কোটি লোক যিসকলৰ কেতিয়াও জন্মই হোৱা নাছিল কিন্তু তেওঁলোকৰ নামত চৰকাৰী ধন প্ৰেৰণ কৰা হৈছিল। কল্পনা কৰক, কংগ্ৰেছ চৰকাৰে ইমান বৃহত্ সংখ্যক ভুৱা হিতাধিকাৰীৰ নামত ধন প্ৰেৰণ কৰিছিল, যি দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানাৰ মুঠ জনসংখ্যাতকৈ অধিক আছিল। যদিহে আমাৰ চৰকাৰে এই ভুৱা ১০ কোটি নামবোৰ প্ৰণালীৰ পৰা আঁতৰাই নিদিলেহেঁতেন, পৰিস্থিতি অতি ভয়াৱহ হলহেতেন। এই কৃতিত্ব অৰ্জন কৰা ইমান সহজ কথা নাছিল, মোৰ বন্ধুসকল। ইয়াৰ বাবে, প্ৰথম আধাৰটোক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল। মিছন মোডত ৪৫ কোটিতকৈও অধিক জন ধন বেংক একাউণ্ট খোলা হৈছিল। এতিয়ালৈকে, ডিবিটিৰ জৰিয়তে কোটি কোটি হিতাধিকাৰীলৈ ২৮ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, কোনো মধ্যস্থতাকাৰী নাই, কোনো কাট কোম্পানী নাই, ক'লা ধন ৰখা লোকৰ সৈতে কোনো সম্পৰ্ক নাই আৰু ডিবিটিৰ অৰ্থ হৈছে ডিবিটি অৰ্থাৎ কমিছন বন্ধ, লিকেজ বন্ধ। এই এটা প্ৰণালীয়ে ডজন ডজন আঁচনি আৰু কাৰ্যসূচীলৈ স্বচ্ছতা আহিছে।

বন্ধুসকল,

চৰকাৰী ক্ৰয় আমাৰ দেশত দুৰ্নীতিৰ এটা মুখ্য উৎস আছিল। কিন্তু এতিয়া ইয়াতো এটা পৰিৱৰ্তন হৈছে। চৰকাৰী ক্ৰয় এতিয়া সম্পূৰ্ণৰূপে GeM-অৰ্থাৎ চৰকাৰী ই-মাৰ্কেটপ্লেচ পৰ্টেলত হয়। বাতৰি কাকতবোৰ কৰ সম্পৰ্কীয় ব্যৱস্থাৰ সমস্যাৰ বাতৰিৰে ভৰি আছিল । আমি কি উপায় উলিয়াইছিলোঁ? আমি প্ৰণালীটো মুখহীন কৰি তুলিছিলো। এই ব্যৱস্থা কৰা হৈছিল যাতে কৰ বিষয়া আৰু কৰদাতাই মুখামুখি নহয়। এতিয়া জিএছটিৰ দৰে প্ৰণালীয়েও ক'লা ধনৰ পথ বন্ধ কৰি দিছে। যেতিয়া এনে সৎ কাম কৰা হয়, তেতিয়া কিছুমান লোকৰ সমস্যা হোৱাটো স্বাভাৱিক আৰু যাৰ কোনো সমস্যা আছে, তেওঁলোকে ৰাস্তাৰ লোকসকলক দুৰ্ব্যৱহাৰ কৰিব নেকি? বন্ধুসকল, এই কাৰণেই দুৰ্নীতিৰ এই প্ৰতিনিধিসকল বিচলিত হয়, যিকোনো কাম কৰি তেওঁলোকে পুনৰ দেশৰ সৎ ব্যৱস্থা ধ্বংস কৰিব বিচাৰে।

বন্ধুসকল,

যদি তেওঁলোকৰ যুঁজ মাত্ৰ এজন ব্যক্তি মোদীৰ সৈতে হ'লহেঁতেন, তেওঁলোকে বহু আগতে সফল হ'লহেঁতেন। কিন্তু তেওঁলোকে তেওঁলোকৰ ষড়যন্ত্ৰত সফল হ'বলৈ সক্ষম নহয় কিয়নো তেওঁলোকে নাজানে যে তেওঁলোকে সাধাৰণ ভাৰতীয়ৰ বিৰুদ্ধে যুঁজ দি আছে, তেওঁলোকৰ বিৰুদ্ধে থিয় দিছে। তেওঁলোকে যিমানেই দুৰ্নীতিগ্ৰস্ত লোকৰ মিত্ৰতা নকৰক কিয়, সকলো দুৰ্নীতিগ্ৰস্ত একেখন মঞ্চত নাহক কিয়, পৰিয়ালৰ সকলো নেতা একে ঠাইলৈ নাহক কিয়, কিন্তু মোদীয়ে তেওঁৰ পথৰ পৰা উভতি নাহে। দুৰ্নীতি আৰু স্বজনপোষণৰ বিৰুদ্ধে মোৰ যুঁজ অব্যাহত থাকিব মোৰ বন্ধুসকল, দেশক এইবোৰৰ পৰা মুক্ত কৰিবলৈ মই এজন দৃঢ় প্ৰতিজ্ঞ ব্যক্তি, মোক আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন।

বন্ধুসকল,

স্বাধীনতাৰ এই অমৃত কাল আমাৰ সকলোৰে প্ৰচেষ্টাৰ । যেতিয়া প্ৰতিজন ভাৰতীয়ৰ শক্তি আৰু কঠোৰ পৰিশ্ৰম প্ৰয়োগ কৰা হ'ব, তেতিয়া আমি যিমান সোনকালে সম্ভৱ এখন উন্নত ভাৰতৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ম। মই নিশ্চিত যে ৰিপাব্লিক নেটৱৰ্কে এই চেতনাক আৰু শক্তিশালী কৰি তুলিব আৰু এতিয়া অৰ্ণবে কৈছে যে তেওঁ বিশ্বব্যাপী গৈছে, গতিকে ভাৰতৰ কণ্ঠই এক নতুন শক্তি লাভ কৰিব। মই তেওঁলোকক শুভকামনা জনাইছোঁ আৰু সততাৰ সৈতে চলা দেশবাসীৰ সংখ্যা বৃদ্ধি পাইছে, আৰু ই হৈছে এক বিশাল ভাৰতৰ গেৰাণ্টি, বন্ধুসকল। মোৰ দেশবাসীয়েই হৈছে এক বিশাল ভাৰতৰ গেৰাণ্টি, মই আপোনাসৱক আশ্বাস দিওঁ, তাতেই মোৰ বিশ্বাস । আপোনাসৱক পুনৰ এবাৰ বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi commissions three indigenously designed and built naval ships – INS Dunagiri, INS Sanshodhak and INS Agray
June 21, 2026
INS Agray, INS Dunagiri, and INS Sanshodhak have been inducted into the Indian Navy: PM
Today, 21 June is also celebrated as World Hydrography Day, And it is a truly remarkable coincidence that on this very day we have commissioned India's most advanced hydrography ship, INS Sandhayak: PM
The country whose maritime strength is robust,its economic and strategic influence will be equally robust; And India understands this reality well, India is preparing itself for this: PM
The journey from INS Vikrant to today is not merely the journey of new warships; It is the journey of India's growing self-reliance, today, INS Agray, INS Dunagiri, and INS Sanshodhak are giving new momentum to that very journey: PM
India has begun to move forward with a new vision for the shipbuilding sector; Special steps have been taken to enhance domestic construction capacity: PM
Shipbuilding, ship repair, and MRO are being viewed as part of a major national mission: PM
India has always regarded the ocean as a medium of cooperation, but India also knows that strength is essential to safeguard peace; Security is necessary to protect prosperity and self-reliance is imperative for building the future: PM
Today, INS Agray, INS Dunagiri, and INS Sanshodhak have joined the Indian Navy as symbols of this very spirit: PM

Prime Minister, Shri Narendra Modi, today commissioned three indigenously designed and built naval ships - INS Dunagiri, an advanced stealth frigate, INS Sanshodhak, a survey vessel (large) and INS Agray, an anti-submarine warfare shallow water craft, at Syama Prasad Mookerjee Port, Kolkata, West Bengal. These inductions will significantly bolster the nation’s operational capabilities, enhance maritime domain awareness, and strengthen the security of our coastal waters against geopolitical threats. All three ships were designed by the Indian Navy’s Warship Design Bureau and constructed in Kolkata by Garden Reach Shipbuilders & Engineers (GRSE), with extensive participation by Indian industry, including more than 200 MSMEs. With an indigenous content of over 75 percent, these ships are also a testament to India’s commitment to Aatmanirbharta.

Addressing the gathering, the Prime Minister noted that the occasion coincides with the International Day of Yoga being celebrated across the world and expressed happiness at having the opportunity to visit the historic land of Bengal, which has played a pivotal role in shaping India's intellectual, cultural and national renaissance and has connected India with the world through maritime routes for centuries. “The event represented an important milestone in the journey towards an Aatmanirbhar Bharat, a secure India and a developed India”, Shri Modi noted. He pointed out that June 21 is also observed globally as World Hydrography Day and described it as a remarkable coincidence that India's most advanced hydrographic survey vessel, INS Sanshodhak, is commissioned on the same day. Congratulating the Indian Navy, scientists, engineers, workers and all citizens of the country, Shri Modi said the achievement reflected India's growing technological and maritime capabilities. “No nation can emerge as a major power without strong maritime capabilities. Development, security and prosperity are closely linked to the oceans. Most of the world's trade moves through sea routes, while vast global data networks operate beneath the oceans”, Shi Modi stated while emphasizing the importance of maritime strength in the modern world. He further noted that critical minerals, deep-sea resources and future sources of energy will increasingly be connected to the maritime domain. Therefore, he said, a nation's economic and strategic influence is directly linked to the strength of its maritime sector.

Shri Modi stated that India fully understands this reality and is preparing itself accordingly. “The commissioning of the three naval platforms stands as testimony to the country's growing capabilities and skills”, he remarked. Recalling the commissioning of INS Vikrant, he said that it had marked the beginning of a new chapter in India's maritime journey and announced India's growing naval strength to the world. He noted that the journey from INS Vikrant to the commissioning of INS Agray, INS Dunagiri and INS Sanshodhak is not merely a story of new warships but also a reflection of India's increasing self-reliance. “All three vessels symbolize India's commitment to indigenous design, manufacturing and innovation. Designed and built in India, the vessels showcase the talent of Indian industries, the expertise of Indian engineers and the hard work of Indian workers”, Shri Modi underscored.

Shri Modi asserted that India does not wish to remain merely a buyer in the defence sector. “The strength of the nation's military cannot be measured by its dependence on global markets but by its ability to become self-reliant. India seeks to become a producer and a manufacturer, because nations that manufacture become decisive players on the global stage”, he added. Highlighting recent achievements, the Prime Minister noted that more than 40 indigenously built warships and submarines have been inducted into the Indian Navy over the past few years. He remarked that nearly every few weeks the Navy has received a new capability, while 45 major naval platforms are currently under construction. These figures, he said, are not merely statistics but indicators of India's industrial capacity and future potential.

Underlining the immense employment-generating potential of the maritime sector, Shri Modi said, “The Government views the maritime sector not as an isolated industry but as a major engine of employment and economic growth for a developed India. A modern ship requires large quantities of steel, electronics, machinery and thousands of components, creating opportunities across extensive industrial supply chains”. Referring to the three commissioned vessels, he noted that more than 200 MSMEs contributed to their construction, generating substantial employment and economic activity across the country.

Shri Modi stated that the time has come for India to enter the next phase of maritime development, and the Government has adopted a new vision for the shipbuilding sector and has introduced several policy reforms in recent years to enhance domestic manufacturing capabilities. “The ₹70,000 crore incentive package announced for the shipping sector is not merely an economic measure but an investment in India's maritime future and industrial expansion. Initiatives such as Sagarmala reflect this comprehensive vision and are helping reduce logistics costs, accelerate industrial growth and create new opportunities in coastal regions” he stated.

Reflecting on India's transformation in the defence sector, Shri Modi observed that there was a time when India was counted among the world's largest defence importers, creating both strategic and security challenges. Following the formation of the Government in 2014, he said, a determined effort was made to change this situation through major policy reforms and a strong emphasis on self-reliance in defence manufacturing. “These efforts have opened new opportunities in defence design, manufacturing and exports. While India's total defence production stood at around ₹40,000 crore in 2014, it has now risen to nearly ₹1.8 lakh crore, demonstrating the significant progress made towards building a strong, self-reliant and globally competitive defence industry”, he remarked. Shri Modi emphasized that the progress made over the past twelve years demonstrates how transformative change becomes possible when policies are clear, direction is correct, and all stakeholders work together with a shared commitment towards national development.

Referring to India's rich maritime heritage, the Prime Minister said that the name of West Bengal naturally comes to mind whenever the country's maritime legacy is discussed. He observed that Bengal has historically played a crucial role in India's maritime connections with the world. The waters of the Hooghly River, he said, have witnessed changing chapters of history, the growth of trade, and new journeys of development. He also noted that the port bears the name of Dr. Syama Prasad Mookerjee, the son of Bengal and India's first Minister for Industry, making the occasion even more significant. “West Bengal is poised to become a major hub for India's Blue Economy, maritime manufacturing, logistics and coastal development in the years ahead”, Shri Modi stated.

Shri Modi reiterated that India has always viewed the oceans as a medium for cooperation and connectivity. “Security is indispensable for protecting prosperity, while self-reliance is necessary for building the future. INS Agray, INS Dunagiri and INS Sanshodhak embody these very ideals and symbolize a nation that is increasingly aware of its capabilities, confident in its strengths and determined to move forward with renewed energy and purpose in the twenty-first century” he emphasised.

Concluding his address, the Prime Minister extended his best wishes to all personnel of the Indian Navy, scientists, engineers, workers and all citizens for their contribution to these achievements and expressed confidence that India's maritime and defence sectors would continue to strengthen the nation's security, prosperity and global standing.