The central value of Indian civilisation is Seva or service: PM
‘Sevo Paramo Dharmah’ is the ethos that has sustained India through centuries of changes and challenges, giving our civilisation its inner strength: PM
Sri Sathya Sai Baba placed Seva at the very heart of human life: PM
Sri Sathya Sai Baba transformed spirituality into a tool for social service and human welfare: PM
Let us resolve to further strengthen the spirit of Vocal for Local; to build a Viksit Bharat, we must empower our local economy: PM

সাই-ৰাম!

সকলো বিশিষ্ট ব্যক্তিকে সম্ভাষণ জনাইছোঁ।

মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!

বন্ধুসকল,

আজি এই পবিত্ৰ পুট্টপৰ্থীৰ ভূমিত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। মই ক্ষন্তেক পূৰ্বে বাবাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সুযোগ লাভ কৰিছিলোঁ। তেওঁৰ চৰণত প্ৰণাম জনাই আশীৰ্বাদ গ্ৰহণে মোৰ অন্তৰখন সদায় আৱেগেৰে ভৰাই তোলে।

বন্ধুসকল,

শ্ৰী সত্য সাই বাবাৰ এই জন্ম শতবাৰ্ষিকী কেৱল আমাৰ প্ৰজন্মৰ বাবে উদযাপনেই নহয়; বৰঞ্চ এয়া এক ঐশ্বৰিক আশীৰ্বাদো। যদিও তেওঁ কায়িক ৰূপত আমাৰ মাজত আৰু নাই, তথাপিও তেওঁৰ শিক্ষা, তেওঁৰ প্ৰেম আৰু সেৱাৰ মনোভাৱে লক্ষ-লক্ষ লোকক পথ-প্ৰদৰ্শন কৰি আহিছে ৷ ১৪০ খনৰো অধিক দেশৰ লাখ-লাখ লোকৰ জীৱন নতুন পোহৰ, নতুন দিশ আৰু নতুন সংকল্পৰে আগবাঢ়িছে।

 

বন্ধুসকল,

শ্ৰী সত্য সাই বাবাৰ জীৱন পৰিক্ৰমাত "বসুধৈৱ কুটুম্বকম"ৰ প্ৰতিফলন ঘটিছিল। সেয়েহে তেওঁৰ জন্ম শতবাৰ্ষিকী আমাৰ বাবে সৰ্বজনীন প্ৰেম, শান্তি আৰু সেৱাৰ এক বৃহৎ উৎসৱত পৰিণত হৈছে। আমাৰ চৰকাৰৰ সৌভাগ্য যে এই উপলক্ষে এটি স্মাৰক ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰা হৈছে। এই মুদ্ৰা আৰু ডাক টিকটে তেওঁৰ সেৱাকে প্ৰতিফলিত কৰে। এই শুভ অনুষ্ঠান উপলক্ষে সমগ্ৰ বিশ্বৰে সকলো ভক্ত, সহসেৱক, অনুগামী সকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ভাৰতীয় সভ্যতাৰ কেন্দ্ৰীয় প্ৰমূল্য হৈছে সেৱা। আমাৰ সকলো বৈচিত্ৰ্যময় আধ্যাত্মিক আৰু দাৰ্শনিক পৰম্পৰাই আমাক শেষত এটা আদৰ্শলৈকে লৈ যায়। ভক্তি, জ্ঞান বা কৰ্মৰ পথত যাওঁক, প্ৰত্যেকেই সেৱাৰ সৈতে সংযুক্ত। সকলো সত্তাত বিদ্যমান ঐশ্বৰিক সেৱা অবিহনে ভক্তি কি? জ্ঞানে যদি আনৰ প্ৰতি মমতা জাগ্ৰত নকৰে তেন্তে কি? নিজৰ কামক সমাজৰ সেৱা হিচাপে আগবঢ়োৱাৰ মনোভাৱ নহ’লে কৰ্ম কি? সেৱা পৰম ধৰ্মঃ যি হৈছে শতিকাজুৰি পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানৰ মাজেৰে ভাৰতক বৰ্তাই ৰখা নীতি-নিয়ম। আমাৰ সভ্যতাক ই অভ্যন্তৰীণ শক্তি প্ৰদান কৰিছে। আমাৰ একাধিক মহান সন্ত আৰু সংস্কাৰকসকলে এই কালজয়ী বাৰ্তাক নিজৰ সময়ৰ লগত খাপ খোৱাকৈ আগবঢ়াই আনিছিল। শ্ৰী সত্য সাই বাবাই সেৱাক মানৱ জীৱনৰ বুকুত স্থান দিছিল। তেওঁ প্ৰায়ে কৈছিল, “লাভ অল চাৰ্ভ অল”। তেওঁৰ বাবে সেৱা আছিল কৰ্মত প্ৰেম। শিক্ষা, স্বাস্থ্যসেৱা, গ্ৰামোন্নয়ন আৰু এনে একাধিক ক্ষেত্ৰত তেওঁৰ প্ৰতিষ্ঠানসমূহে এই দৰ্শনৰ জীৱন্ত প্ৰমাণ হিচাপে থিয় দিছে। তেওঁলোকে দেখুৱাইছে যে আধ্যাত্মিকতা আৰু সেৱা পৃথক নহয়, বৰঞ্চ একেটা সত্যৰে ভিন্ন প্ৰকাশ।

তদুপৰি কোনোৱে কায়িকভাৱে উপস্থিত হৈ ৰাইজক অনুপ্ৰাণিত কৰাটো অস্বাভাৱিক নহয়। কিন্তু বাবা কায়িকভাৱে আমাৰ ওচৰত নথকা সত্ত্বেও বাবাই স্থাপন কৰা প্ৰতিষ্ঠানসমূহৰ সেৱাৰ কাৰ্য্যকলাপ দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ পৰা দেখা যায় যে সঁচা অৰ্থত মহান আত্মাৰ প্ৰভাৱ সময়ৰ লগে-লগে কমি নাযায়, প্ৰকৃততে এয়া বাঢ়িহে যায়।

বন্ধুসকল,

শ্ৰী সত্য সাই বাবাৰ বাৰ্তা কেৱল গ্ৰন্থ, ধৰ্মধ্বনি, আশ্ৰমতে সীমাবদ্ধ নহয় ৷ তেওঁৰ শিক্ষাৰ প্ৰভাৱ জনতাৰ মাজত সু-স্পষ্ট। আজি ভাৰতৰ চহৰৰ পৰা সৰু-সৰু গাঁওলৈকে, বিদ্যালয়ৰ পৰা জনজাতীয় বসতিস্থললৈকে সংস্কৃতি, শিক্ষা, চিকিৎসা সেৱাৰ এক উল্লেখযোগ্য প্ৰবাহ দেখা গৈছে। বাবাৰ লাখ-লাখ অনুগামী এই কৰ্মত নিয়োজিত হৈ আছে। মানৱতাৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱা; এয়াই বাবাৰ অনুগামীসকলৰ পৰম আদৰ্শ। তেওঁ আমাৰ বাবে এনে একাধিক ধাৰণা থৈ গৈছিল যিয়ে মমতা, কৰ্তব্য, অনুশাসন, জীৱন দৰ্শনৰ সাৰমৰ্মক সামৰি লৈছে। তেওঁ কৈছিল, "হেল্প এভাৰ, হাৰ্ট নেভাৰ, টক লেছ, ৱৰ্ক ম'ৰ।" শ্ৰী সত্য সাই বাবাৰ এই জীৱন নীতি আজিও আমাৰ সকলোৰে মাজত অনুৰণিত।

 

বন্ধুসকল,

সাই বাবাই আধ্যাত্মিকতাক সমাজ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিছিল। তেওঁ ইয়াক নিস্বাৰ্থ সেৱা, চৰিত্ৰ গঠন আৰু প্ৰমূল্যবোধ-আধাৰিত শিক্ষাৰ সৈতে সংযুক্ত কৰিছিল। তেওঁ নিজৰ ক্ষমতাক কোনো মতাদৰ্শৰ মাজতে সীমাবদ্ধ নাৰাখিছিল। তেওঁ দৰিদ্ৰ নাৰায়ণক সহায় কৰিছিল আৰু তেওঁলোকৰ দুখ-কষ্ট লাঘৱ কৰাৰ বাবে কাম কৰিছিল। বাবাৰ সেৱা দলৰ লগতে গুজৰাটৰ ভূমিকম্পৰ পিছত ক্ষতিগ্ৰস্তসকলক সকাহ দিয়াৰ ক্ষেত্ৰত আগভাগ লোৱা সকলো সেৱা-মনোভাৱী লোকৰ কথা মোৰ মনত আছে। তেওঁৰ অনুগামীসকলে দিনে-নিশাই নিষ্ঠা সহকাৰে সেৱাত নিয়োজিত হৈ থাকিছিল। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ প্ৰদান, অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা, মানসিক তথা সামাজিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

বন্ধুসকল,

এবাৰ মাত্ৰ দৰ্শনতে কাৰোবাৰ হৃদয় গলি যোৱা আৰু তেওঁলোকৰ জীৱনৰ গতিপথ সলনি কৰা মাত্ৰেকে সেই ব্যক্তিজনৰ মহানতা প্ৰকাশ পায়। ইয়াত আজিৰ এই অনুষ্ঠানত আমাৰ মাজৰ বহুতেই সত্য সাই বাবাৰ বাৰ্তাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছে আৰু তেওঁলোকৰ সমগ্ৰ জীৱন ৰূপান্তৰিত হৈছে।

বন্ধুসকল,

মই সন্তোষ পাইছোঁ যে শ্ৰী সত্য সাই বাবাৰ পৰা অনুপ্ৰাণিত হৈ সাই কেন্দ্ৰীয় ন্যাস আৰু ইয়াৰ সংযুক্ত সংস্থাসমূহে সেৱাক এক সংগঠিত, প্ৰতিষ্ঠানিক আৰু দীৰ্ঘম্যাদী ব্যৱস্থা হিচাপে প্ৰচাৰ কৰি আহিছে। আজি আমাৰ সন্মুখত এয়া এক কাৰ্য্যকৰী আৰ্হি হিচাপে দৃশ্যমান হৈছে। আপোনালোক সকলোৱে পানী, গৃহ নিৰ্মাণ, স্বাস্থ্যসেৱা, পুষ্টি, দুৰ্য্যোগ সাহায্য আৰু স্বচ্ছ শক্তিৰ দৰে ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰি আছে। আপোনাসৱৰ কিছুমান সেৱাৰ পদক্ষেপ সম্পৰ্কে বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ। উদাহৰণস্বৰূপে, ৰায়ালাছিমাত খোৱাপানীৰ গুৰুতৰ সংকট হওঁতে ন্যাসে ৩,০০০ কিমিৰো অধিক পাইপলাইন স্থাপন কৰিছিল। ওড়িশাত বানপীড়িত গৃহস্থীৰ বাবে এহাজাৰ গৃহ নিৰ্মাণ কৰা হৈছিল। পোন-প্ৰথমবাৰৰ বাবে শ্ৰী সত্য সাই চিকিৎসালয়লৈ যোৱা দৰিদ্ৰ পৰিয়ালসমূহে বিলিং কাউন্টাৰ নথকা দেখি প্ৰায়ে স্তম্ভিত হৈ পৰিছিল। ইয়াত যদিও চিকিৎসা বিনামূলীয়া, তথাপিও ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

 

বন্ধুসকল,

কেৱল আজিয়েই ২০ হাজাৰৰো অধিক কন্যাৰ নামত সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট খোলা হৈছে। ইয়াৰ ফলত তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত হৈছে।

বন্ধুসকল,

ভাৰত চৰকাৰে ১০ বছৰ পূৰ্বে কন্যাৰ শিক্ষা গ্ৰহণ কাৰ্য্য আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ সুনিশ্চিতকৰণেৰে সুকন্যা সমৃদ্ধি যোজনাৰ শুভাৰম্ভ কৰিছিল। এইখন দেশৰ অন্যতম সন্মানীয় আঁচনি, ইয়াৰ সৰ্বোচ্চ সুতৰ হাৰ ৮.২ % ৷ আজিলৈকে দেশজুৰি ৪০ নিযুতৰো অধিক ছোৱালীৰ একাউন্ট সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত মুকলি কৰা হৈছে। আপোনাসৱে জানিবলৈ পাই আনন্দিত হ'ব যে এই বেংক একাউন্টসমূহত ৩.২৫ লাখ কোটিৰো অধিক টকা জমা হৈছে। ইয়াত ২০ হাজাৰ সুকন্যা সমৃদ্ধি একাউন্ট খুলি শ্ৰী সত্য সাই পৰিয়ালে এক প্ৰশংসনীয় প্ৰচেষ্টা গ্ৰহণ কৰিছে। মই কাশীৰ সাংসদ। সেয়েহে তাৰো এটা উদাহৰণ দাঙি ধৰিব খুজিছোঁ। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত আমি তাত ২৭ হাজাৰ ছোৱালীৰ বাবে সুকন্যা সমৃদ্ধি একাউন্ট খুলিছিলোঁ আৰু প্ৰতিগৰাকী ছোৱালীৰ বেংক একাউন্টলৈ ৩০০ টকাকৈ হস্তান্তৰ কৰা হৈছিল। ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণ আৰু এটি উন্নত ভৱিষ্যৎ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সুকন্যা সমৃদ্ধি যোজনাই উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

বন্ধুসকল,

বিগত ১১ বছৰত দেশত অসংখ্য আঁচনিৰ শুভাৰম্ভ কৰা হৈছে, যিসমূহ আঁচনিয়ে নাগৰিকৰ সামাজিক সুৰক্ষাৰ আৱৰণক যথেষ্ট সুদৃঢ় কৰিছে। একেদৰে দৰিদ্ৰ লোক আৰু বঞ্চিতসকলক ক্ৰমাগতভাৱে সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ আনিছে। ২০১৪-ত দেশৰ মাত্ৰ ২৫০ নিযুত লোকহে সামাজিক সুৰক্ষাৰ অধীনত আছিল। আজি মই পৰম সন্তোষেৰে আৰু বাবাৰ চৰণত অৱস্থানেৰে ক’ব খুজিছোঁ যে এই পৰিসংখ্যা এতিয়া প্ৰায় ১ বিলিয়ন হৈছে। দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে আৰু সামাজিক সুৰক্ষা প্ৰদানৰ বাবে ভাৰতৰ আঁচনিসমূহৰ সম্পৰ্কে সকলো আন্তঃৰাষ্ট্ৰীয় মঞ্চতে আলোচনা কৰা হৈছে, আনকি বিদেশতো।

বন্ধুসকল,

মই আজি গো দান কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰাৰ সুযোগ পালোঁ। দৰিদ্ৰ কৃষক পৰিয়াললৈ ১০০ গাই আগবঢ়াইছে ন্যাসে। আমাৰ পৰম্পৰাত গাইক জীৱন, সমৃদ্ধি, মমতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই গাইসমূহে উক্ত পৰিয়ালসমূহৰ অৰ্থনৈতিক, পুষ্টি আৰু সামাজিক সুস্থিৰতাত অৰিহণা যোগাব।

 

বন্ধুসকল,

গো সুৰক্ষাৰ জৰিয়তে সমৃদ্ধিৰ বাৰ্তা দেশৰ লগতে বহিঃৰাষ্ট্ৰৰ চুকে-কোণে বিয়পি পৰিছে। কেইবছৰমান পূৰ্বে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত বাৰাণসীত ৪৮০ ৰো অধিক গীৰ গাই বিতৰণ কৰা হৈছিল ৷ মোৰ এটা নিয়ম আছিলঃ এইসমূহৰ প্ৰথম পোৱালিটো ঘূৰাই আনি আন এটা পৰিয়ালক দিয়া হৈছিল। তেনেকৈয়ে আজি বাৰাণসীত গীৰ গাই আৰু পোৱালিৰ সংখ্যা প্ৰায় ১,৭০০ হ'ল। আৰু আমি তাত এটা পৰম্পৰা আৰম্ভ কৰিছোঁঃ তাত বিতৰণ কৰা গাইৰ পৰা জন্ম হোৱা মাইকী পোৱালিবোৰ আন অঞ্চলৰ কৃষকক বিনামূলীয়াকৈ প্ৰদান কৰা হয়। সেয়ে ইয়াৰ সংখ্যাও বাঢ়িছে। মোৰ মনত আছে, ৭-৮ বছৰ পূৰ্বে আফ্ৰিকা ভ্ৰমণৰ সময়ত মই তাৰ এখন গাঁও ভ্ৰমণ কৰিছিলোঁ আৰু ভাৰতৰ পৰা নিয়া ২০০ গীৰ গাই উপহাৰস্বৰূপে প্ৰদান কৰিছিলোঁ। তাতো এটা প্ৰথা আছিল। এই পৰম্পৰা অনুসৰি গাইৰ পৰা জন্ম হোৱা প্ৰথম মাইকী পোৱালিটো ওচৰৰ পৰিয়াল এটাক দান কৰা হৈছিল। এই প্ৰথাই তাত পুষ্টি, দুগ্ধ উৎপাদন, আয় আৰু সামাজিক ঐক্য বৃদ্ধি কৰিছে।

বন্ধুসকল,

ব্ৰাজিলে ভাৰতৰ গীৰ আৰু কাংকৰেজ জাতকো গ্ৰহণ কৰি আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক ব্যৱস্থাপনাৰে লালন-পালন কৰিছে। আজি এইসমূহ অধিক দুগ্ধ উৎপাদনৰ উৎস হৈ পৰিছে। এই সকলোবোৰ উদাহৰণে প্ৰমাণ কৰে যে যেতিয়া পৰম্পৰা, দয়া আৰু বৈজ্ঞানিক চিন্তাধাৰা একেলগে আগবাঢ়ি যায়, তেতিয়া গাই কেৱল বিশ্বাসৰ প্ৰতীকেই নহয়, বৰঞ্চ সবলীকৰণ, পুষ্টি আৰু অৰ্থনৈতিক প্ৰগতিৰ মাধ্যম হৈ পৰে। আৰু মই আনন্দিত যে আপোনাসৱেও ইয়াত এই পৰম্পৰাক ইমান সু উদ্দেশ্যেৰে আগবঢ়াই লৈ নিছে।

 

বন্ধুসকল,

আজি দেশখন কৰ্তব্যবোধেৰে এখনি উন্নত ভাৰতৰ অভিমুখে ধাৱমান হৈছে। এই লক্ষ্যত উপনীত হ’বলৈ নাগৰিকৰ অংশগ্ৰহণ কাৰ্য্য অতিশয় প্ৰয়োজনীয়। আৰু সত্য সাই বাবাৰ এই জন্ম শতবাৰ্ষিকী আমাৰ বাবে এক বৃহৎ প্ৰেৰণা। মই আহ্বান জনাব খুজিছোঁ যে এই বছৰ আমি বিশেষকৈ ভকেল ফৰ লোকেল মন্ত্ৰক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আহক। এখনি উন্নত ভাৰত গঢ়িবলৈ আমি স্থানীয় অৰ্থনীতিক প্ৰসাৰিত কৰিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰা মাত্ৰেকে আমি এটা পৰিয়াল, এটা ক্ষুদ্ৰ উদ্যোগ আৰু স্থানীয় যোগান শৃংখলক প্ৰত্যক্ষভাৱে শক্তিশালী কৰি তোলোঁ। ইয়াৰ জৰিয়তে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ পথো প্ৰশস্ত হ’ব।

 

বন্ধুসকল,

আপোনালোক সকলোৱে শ্ৰী সত্য সাই বাবাৰ পৰা অনুপ্ৰাণিত হৈ নিৰন্তৰভাৱে ৰাষ্ট্ৰ – নিৰ্মাণ কাৰ্য্যত অৰিহণা যোগাই আহিছে। এই পবিত্ৰ ভূমি সঁচাকৈয়ে এক উল্লেখযোগ্য শক্তিৰ অধিকাৰী। প্ৰতিজন অনুগামীৰ কথাত মমতা, চিন্তাত শান্তি আৰু কৰ্মত সেৱাৰ মনোভাৱ স্পষ্ট হৈ পৰে। মোৰ বিশ্বাস যে যি স্থানতেই বঞ্চনা বা দুখ-কষ্টই দেখা দিব, সেই স্থানতেই আপোনাসৱে একেদৰেই আশা আৰু পোহৰ হিচাপে থিয় দিব। এই মনোভাৱেৰেই মই সত্য সাই পৰিয়াল, সকলো প্ৰতিষ্ঠান, সকলো সেৱা দল আৰু সমগ্ৰ দেশ তথা বিশ্বৰ সকলো ভক্তক প্ৰেম, শান্তি, সেৱাৰ এই যজ্ঞক আগবঢ়াই নিবলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ। সাই-ৰাম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মাৰ্চ 2026
March 06, 2026

New India's Rise: Record Enterprise Growth, Women's Financial Leap, and Rural Revival Under PM Modi