প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মকুমাৰী সংসাৰ সাতটা প্ৰচেষ্টা আৰম্ভ কৰিছে
"আমি এক নতুন চিন্তা আৰু দৃষ্টিভংগীৰে এখন ভাৰত উদ্ভৱ হোৱা দেখিছোঁ, আৰু যাৰ সিদ্ধান্ত প্ৰগতিশীল"
"আজি, আমি এনে এক ব্যৱস্থা সৃষ্টি কৰিছো য'ত বৈষম্যৰ কোনো স্থান নাই, আমি এনে এখন সমাজ গঢ়ি তুলিছো যি সমতা আৰু সামাজিক ন্যায়ৰ ভেটিত দৃঢ়ভাৱে থিয় দিছে"
"যেতিয়া পৃথিৱীখন অন্ধকাৰৰ গভীৰ অৱস্থাত আছিল, নাৰীৰ বিষয়ে পুৰণি চিন্তাধাৰাত নিহিত আছিল, ভাৰতে মাতৃশক্তিক দেৱী হিচাপে উপাসনা কৰিছিল"
"অমৃতকালৰ এই সময়টো সপোন দেখিবলৈ নহয়, কিন্তু সাৰ পোৱা আৰু আপোনাৰ সংকল্প পূৰণ কৰা। পৰৱৰ্তী ২৫ বছৰ হৈছে ২৫ বছৰৰ কঠোৰ পৰিশ্ৰম, ত্যাগ, তপস্যা আৰু তপস্যা। এই ২৫ বছৰৰ সময়ছোৱাহৈছে আমাৰ সমাজে শ শ বছৰৰ দাসত্বত হেৰুওৱা খিনি পুনৰ প্ৰাপ্ত কৰা"
"আমি সকলোৱে দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত এটা চাকি জ্বলাব লাগিব – কৰ্তব্যৰ চাকি। একেলগে, যদি আমি দেশক কৰ্তব্যৰ পথত আগুৱাই নিওঁ, সমাজত প্ৰচলিত দুষ্টতাবোৰো আঁতৰ কৰা হ'ব আৰু দেশখন নতুন উচ্চতাত উপনীত হ'ব"
"আজি যেতিয়া আমি স্বাধীনতাৰ অমৃত মহোৎস

নমস্কাৰ, ঔম শান্তি,

অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী কিষাণ ৰেড্ডি জী, ভূপেন্দ্ৰ যাদৱ জী, অৰ্জুন ৰাম মেঘৱাল জী, পুৰষোত্তম ৰূপালা জী আৰু শ্ৰী কৈলাস চোধাৰী জী, ৰাজস্থান বিধানসভাৰ বিৰোধী নেতা শ্ৰী গুলাব চন্দ কাটাৰিয়া জী, ব্ৰহ্মকুমাৰীজ কাৰ্যবাহী সম্পাদক ৰাজযোগী মৃত্যুঞ্জয় জী, ৰাজযোগিনী ভগ্নী মোহিনী জী,  ভগ্নী চন্দ্ৰিকা জী, ব্ৰহ্মকুমাৰীৰ অন্যান্য ভগ্নীসকল আৰু সাধক-সাধিকাসকল!

কিছুমান এনে স্থান আছে, য’ত নিজৰ এক বেলেগ চেতনা আহে, শক্তিৰ এক পৃথক প্ৰবাহ আহে৷ এই শক্তি সেই মহান ব্যক্তিত্বসকলৰ থাকে, যাক তপস্যাৰ জৰিয়তে বন, পৰ্বত, পাহাৰো জাগ্ৰত হৈ উঠে, মানৱীয় প্ৰেৰণাৰ কেন্দ্ৰত পৰিণত হয়৷ মাউণ্ট আবুৰ জ্যোতিও দাদা লেখৰাজ আৰু তেওঁলোকৰ দৰে বহু সিদ্ধ ব্যক্তিত্বৰ বাবে একেৰাহে বৃদ্ধি পাই আছে৷

আজি এই পবিত্ৰ স্থানৰ পৰা ব্ৰহ্মকুমাৰী সংস্থাৰ দ্বাৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা স্বৰ্ণিম ভাৰতৰ দিশে শীৰ্ষক এক বিশাল অভিযানৰ শুভাৰম্ভ হৈছে৷ এই অনুষ্ঠানত স্বৰ্ণিম ভাৰতৰ বাবে চিন্তা আছে, সাধনাও আছে৷ ইয়াত দেশৰ বাবে প্ৰেৰণাও আছে, ব্ৰহ্মকুমাৰীসকলৰ প্ৰয়াসো আছে৷

মই দেশৰ সংকল্পৰে সৈতে, দেশৰ সপোনবোৰৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত হোৱাৰ বাবে ব্ৰহ্মকুমাৰীজ পৰিয়ালক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ আজি এই অনুষ্ঠানত দাদী জানকী, ৰাজযোগিনী দাদী হৃদয় মোহিনী জী সোঁশৰীৰে আমাৰ মাজত উপস্থিত নাই৷ মোৰ প্ৰতি তেওঁলোকৰ যথেষ্ট স্নেহ আছিল৷ আজিৰ এই আয়োজনৰ জৰিয়তে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰা যেন অনুভৱ কৰিছো৷

বন্ধুসকল,

যেতিয়া সংকল্পৰ সৈতে সাধনা জড়িত হয়, যেতিয়া প্ৰতিগৰাকী মানৱ মাত্ৰেই আমাৰ মাতৃত্ব জড়িত হয়, নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ বাবে ‘ইন্দ ন মম’ এই ভাৱ জাগ্ৰত হ’বলৈ লয়, তেতিয়া বুজিব আমাৰ সংকল্পসমূহৰ জৰিয়তে এক নতুন কাল জন্ম হ’বলৈ গৈ আছে, এক নতুন সুৰ্যোদয় হ’বলৈ গৈছে৷ সেৱা আৰু ত্যাগৰ এই অমৃতভাৱ আজি অমৃত মহোৎসৱত নতুন ভাৰতৰ বাবে বৃদ্ধি পাই আছে৷ এই ত্যাগ আৰু কৰ্তব্যভাৱেৰে কোটি কোটি দেশবাসীয়ে আজি স্বৰ্ণিম ভাৰতৰ ভেটি ৰচনা কৰিছে৷

আমাৰ আৰু ৰাষ্ট্ৰৰ সপোন পৃথক নহয়, আমাৰ ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় সফলতা পৃথক নহয়৷ ৰাষ্ট্ৰৰ প্ৰগতিয়েই আমাৰ প্ৰগতি৷ আমিয়েই ৰাষ্ট্ৰৰ অস্তিত্ব আৰু ৰাষ্ট্ৰই আমাৰ অস্তিত্ব৷ এই ভাৱ, এই জ্ঞানে নতুন ভাৰতৰ নিৰ্মাণত আমি ভাৰতবাসীয়ে আটাইতকৈ শক্তিশালী হৈছে৷

আজি দেশে যিবোৰ কৰি আছে তাত সকলোৰে প্ৰসায় জড়িত হৈ আছে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ এয়া দেশৰ মুলমন্ত্ৰত পৰিণত হৈছে৷ বৰ্তমান আমি এক এনে ব্যৱস্থা গঢ় দিছো, য’ত ভেদভাৱৰ কোনো স্থান নাই, এনে এক সমাজ গঢ় দিছো, যি সমতা আৰু সামাজিক ন্যায়ৰ আধাৰ শক্তিশালী কৰিছে, আমি এনে এক ভাৰতৰ উত্থান প্ৰত্যক্ষ কৰিছো, যাৰ চিন্তা আৰু দৃষ্টিভংগী নতুন, যাৰ নিৰ্ণয় প্ৰগতিশীল৷

বন্ধুসকল,

ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে এই যে যেনেকুৱাই সময় আহক, যিমানেই অন্ধকাৰ আহক, ভাৰতে নিজৰ মুল চৰিত্ৰ অক্ষুণ্ণ ৰাখে৷ আমাৰ যুগ-যুগৰ ইতিহাস ইয়াৰ সাক্ষী৷ সমগ্ৰ বিশ্ব যেতিয়া অন্ধকাৰত ডুবি আছিল, মহিলাসকলক লৈ পুৰণি চিন্তাধাৰাই ঘেৰি ধৰি আছিল, তেতিয়া ভাৰতে মাতৃশক্তিৰ পূজা দেৱীৰ ৰূপত কৰিছিল৷ আমাৰ ইয়াৰ গাৰ্গী, মৈত্ৰেয়ী, অনুসূয়া, অৰুন্ধতী আৰু মদালাসাৰ দৰে বিদুষী মহিলাই সমাজত জ্ঞান দিছিল৷ জটিলতাপূৰ্ণ মধ্যকালতো এই দেশত পত্ৰাধায় আৰু মীৰাবাঈৰ দৰে মহান নাৰী আছিল৷ অমৃত মহোৎসৱত দেশৰ যি স্বাধীনতা সংগ্ৰামৰ ইতিহাস স্মৰণ কৰা হৈছে, তাতো বহু মহিলাই নিজৰ জীৱন আহুতি দিছিল৷ কিন্নুৰৰ ৰাণী চেনম্মা, মাতংগিনী হাজৰা, ৰাণী লক্ষ্মীবাঈ, বীৰাংগনা ঝলকৰী বাঈৰ পৰা আৰম্ভ কৰি সামাজিক ক্ষেত্ৰত অহল্যাবাঈ হোল্কৰ আৰু সাবিত্ৰীবাঈ ফুৰেলৈকে এই দেৱীসকলে ভাৰতৰ পৰিচয় গঢ় দিছিল৷

আজি দেশৰ লাখ লাখ মুক্তিযোদ্ধাৰ লগতে স্বাধীনতা যুঁজত নাৰীশক্তিৰ এই অৱদান স্মৰণ কৰিছে আৰু তেওঁলোকৰ সপোনবোৰ পুৰণ কৰাৰ প্ৰয়াস কৰি আছে৷ সেইবাবে আজি সৈনিক স্কুলসমূহত কন্যাসকলৰ সপোন পুৰণ হৈছে, এতিয়া দেশৰ যিকোনো ছোৱালীয়ে ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে সেনাত ভৰ্তি হৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে, মহিলাসকলৰ জীৱন আৰু কেৰিয়াৰ দুয়োটা একেলগে চলে, ইয়াৰ বাবে মাতৃৰ ভূমিকা বৃদ্ধি কৰাৰ দৰে সিদ্ধান্তও লোৱা হৈছে৷

দেশৰ গণতন্ত্ৰতো মহিলাৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে৷ ২০১৯ৰ নিৰ্বাচনত আমি দেখিছিলো যে কিদৰে পুৰুষতকৈ অধিক মহিলাই ভোটদান কৰিছিল৷আজি দেশৰ চৰকাৰৰ ডাঙৰ ডাঙৰ দায়িত্ব মহিলা মন্ত্রীসকলেই চম্ভালিছে। আটাইতকৈ গৌৰৱৰ কথা এই যে এতিয়া সমাজৰ এই পৰিৱর্তনৰ নেতৃত্ব মহিলাসকলে নিজেই লৈছে৷ শেহতীয়া পৰিসংখ্যাৰ পৰা জনা গৈছে যে ‘বেটী বঁচাও বেটী পঢ়াও’ অভিযানৰ সফলতাৰ পৰা আৰম্ভ কৰি বহু বছৰৰ পাছত দেশত স্ত্রী-পুৰুষৰ অনুপাতো উন্নত হৈছে। এই পৰিৱর্তনে স্পষ্ট সংকেত দিছে যে নতুন ভাৰত কেনে হ’ব, নতুন ভাৰত কিমান সামর্থ্যশালী হ’ব৷

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে আমাৰ ঋষি-মুনিসকলে উপনিষদত ‘তমসো মা জ্যোতির্গময়, মৃত্যোর্মা অমৃতং গময়ঃ!’ৰ প্রার্থনা কৰিছে৷ অর্থাৎ, তেওঁলোকে প্রার্থনা কৰিছে, ‘হে ঈশ্বৰ, আমাক অন্ধকাৰৰ পৰা পোহৰৰ দিশে আগুৱাই যোৱাৰ পথ দেখুওৱা, মৃত্যুৰ পৰা অমৰত্যৰ দিশত আগুৱাই যোৱাৰ পথ দেখাওক’। অমৃত আৰু অমৰত্বৰ পথ বাদ দি জ্ঞানৰ পথ প্রকাশিত নহয়৷ সেইবাবে অমৃতকালৰ এই সময়ত আমাৰ জ্ঞান, অনুসন্ধিৎসু, গৱেষণা আৰু উদ্ভাৱনৰ সময়। আমি এনে এক ভাৰত গঢ়িব লাগিব, যাৰ প্রাচীন পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে যুক্ত থাকিব, আৰু যাৰ বিস্তাৰ আধুনিকতাৰ আকাশত অনন্তগামী হ’ব। আমি নিজা সংস্কৃতি, নিজা সভ্যতা, নিজা সংস্কাৰসমূহক জীৱন্ত ৰাখিব লাগিব৷ আমাৰ আধ্যাত্মিকতাক, আমাৰ বিবিধতাক সংৰক্ষিত আৰু সংবর্ধিত কৰিব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে প্রযুক্তি, আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থাপনাক ক্রমান্বয়ে আধুনিক কৰি তুলিব লাগিব৷

দেশৰ এই প্রচেষ্টাত আপোনালোক সকলোৰে, ব্রহ্মকুমাৰীৰ দৰে আধ্যাত্মিক প্রতিষ্ঠানসমূহৰো বৃহৎ ভূমিকা আছে। মই অতিশয় আনন্দিত যে আপোনালোকে আধ্যাত্মৰ লগতে শিক্ষা, স্বাস্থ্য আৰু কৃষিৰ দৰে বিভিন্ন ক্ষেত্রত কেতবোৰ বৃহৎ উদ্যোগ হাতত লৈছে, সফলতাৰে কাম কৰি দেখুৱাইছে৷ আজি আপোনালোকে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযান আপোনালোকে আগুৱাই নিছে৷ অমৃত মহোৎসৱৰ বাবে আপোনালোকে কেতবোৰ লক্ষ্যও স্থিৰ কৰিছে৷ আপোনালোকৰ এই প্রচেষ্টাই দেশক নিশ্চিতভাৱে এক নতুন প্রাণশক্তি প্ৰদান কৰিব, নতুন শক্তি যোগাব৷

আজি দেশৰ কৃষকসকলক সমৃদ্ধ আৰু আত্মনির্ভৰ কৰি তুলিবলৈ জৈৱিক বা প্রাকৃতিক কৃষিকাৰ্যক সফল কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। খাদ্য, পানীয়, আহাৰৰ শুদ্ধতাক লৈ আমাৰ ব্রহ্মকুমাৰী ভগ্নীসকলেও ক্রমান্বয়ে সমাজক সচেতন কৰি আহিছে৷ কিন্তু উৎকৃষ্ট আহাৰৰ বাবে উৎকৃষ্ট ফচল উৎপাদনো প্রয়োজনীয়। সেইবাবে ব্রহ্মকুমাৰী নেচাৰেল ফাৰ্মিঙক প্ৰচাৰ কৰিবলৈ আৰু প্রাকৃতিক কৃষিক উৎসাহ যোগাবলৈ এক বৃহৎ প্রেৰণাশক্তি হৈ উঠিব পাৰে। কিছু গাঁৱৰ মানুহক প্রেৰণা যোগাই এনে আৰ্হিসমূহ প্ৰস্তুত কৰিব পাৰি, যিবোৰে আনক প্রেৰণা যোগাব।

সেইদৰে স্বচ্ছ শক্তি আৰু পৰিৱেশ সুৰক্ষাত ভাৰতৰ বিবিধ উদ্যোগৰ দিশত সমগ্ৰ বিশ্বই চাই গৈছে, সমগ্ৰ বিশ্বৰ ইয়াক লৈ বহু প্রত্যাশা আছে। আজি দেশত স্বচ্ছ শক্তিৰ বহু বিকল্প বিকশিত হৈছে৷ এই বিষয়তো গণ-জাগৰণৰ বাবে বৃহৎ অভিযানৰ প্রয়োজন আছে। ব্রহ্মকুমাৰীয়ে দেশত সৌৰশক্তি উৎপাদন আু ব্যৱহাৰৰ ক্ষেত্রত সকলোৰে সন্মুখত এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। দীর্ঘদিন ধৰি তেওঁলোকে নিজৰ আশ্রমৰ ৰান্ধনীঘৰত সৌৰ শক্তিৰ জৰিয়তে ৰন্ধন কাৰ্য কৰি আহিছে৷ সেয়েহে দেশৰ জনতাই যাতে অধিক পৰিমাণে সৌৰশক্তি ব্যৱহাৰ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্রতো আপোনালোকৰ সহযোগিতা যথেষ্ট কাম আহিব৷ সেইদৰে আপোনালোক সকলোৱে মিলি আত্মনির্ভৰ ভাৰত অভিযানক আৰু অধিক গতি প্রদান কৰিব পাৰে। আমি ‘ভোকেল ফৰ লোকেল’ মন্ত্রক গুৰুত্ব দি, স্থানীয় সামগ্ৰীসমূহক অগ্রাধিকাৰ দি এই অভিযানক আৰু অধিক আগুৱাই নিব পাৰো৷

বন্ধুসকল,

অমৃতকালৰ এই সময় শুই থাকি সপোন দেখাৰ নহয়, এই সময় জাগ্রত অৱস্থাত নিজৰ সংকল্প বাস্তবায়িত কৰাৰ। অহা ২৫ বছৰ আমি সকলোৰে কঠোৰ পৰিশ্রম, ত্যাগ, তপস্যাৰ ২৫ বছৰ হ’বলৈ গৈছে৷ কেইবা শ বছৰৰ দাসত্বৰ সময়ত আমাৰ সমাজে যি হেৰুৱাইছে এই ২৫ বছৰৰ সময়ছোৱাত আমি সেই সকলো আকৌ ঘুৰাই আনিব লাগিব৷ সেইবাবে স্বাধীনতাৰ এই অমৃত মহোৎসৱত আমাৰ লক্ষ্য ভৱিষ্যতক কেন্দ্র কৰিয়েই স্থিৰ কৰিব লাগিব৷

বন্ধুসকল,

আমাৰ সমাজৰ এক অদ্ভূত সামর্থ্য আছে। এয়া এনে এখন সমাজ য’ত পৌৰাণিকতাৰ আদৰ আছে আৰু নিত্য নতুনৰ আৱাহনৰ ব্যৱস্থা আছে। যদিও কোনোৱে এইকথা অস্বীকাৰ কৰিব নোৱাৰে যে সময়ৰ সৈতে কেতবোৰ কু-সংস্কাৰ, কেতবোৰ ত্রুটি-বিচ্যুতি ব্যক্তিৰ মাজত যেনে সমাজৰ মাজতো তেনেকৈয়ে আৰু দেশৰ মাজতো তেনেকৈয়ে প্রভাব বিস্তাৰ কৰে। কিন্তু যিসকল সচেতন, সেইসকলে এই ত্রুটি-বিচ্যুতি, কু-সংস্কাৰসমূহ বুজিব পাৰে, চিহ্নিত কৰিব পাৰে। তেওঁলোকেই এই ‘কু’ৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্রত সফল হয়। এনে লোকসকলেই নিজৰ জীৱনত প্রতিটো লক্ষ্য অর্জন কৰিব পাৰে। আমাৰ সমাজৰ বৈশিষ্ট্য হ’ল যে ইয়াত বিশালতাও আছে, বৈচিত্ৰও আছে আৰু হাজাৰ হাজাৰ বছৰৰ যাত্রাৰ অভিজ্ঞতাও আছে। সেইবাবে আমাৰ সমাজৰ পৰিৱর্তিত প্রতিটো যুগৰ সৈতে নিজক মানি লোৱাৰ এক স্বতন্ত্র শক্তি আছে, এক আভ্যন্তৰীণ শক্তি আছে।

আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল সমাজৰ ভিতৰৰ পৰাই বিভিন্ন সময়ত সেই সমাজক শুধৰাই দিয়াৰ দৰে সমাজ সংস্কাৰকসকলে উঠি আহিছে আৰু তেওঁলোকেই সমাজত প্ৰচলিত কু-সংস্কাৰৰ বিৰুদ্ধে মাজত মাতিছে৷ আমি এইটোও দেখিছো যে সমাজ সংস্কাৰৰ প্রাৰম্ভিক বছৰসমূহত প্রায়েই এনে মহান ব্যক্তিসকলৰ অসংখ্য লোক বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয়। বহু তিৰস্কাৰ সহ্য কৰিবলগীয়া হয়। কিন্তু এই সিদ্ধ লোকসকলে এই বিৰোধিতা আৰু তিৰস্কাৰত পিছহুহকি গৈ সমাজ সংস্কাৰৰ কামৰ পৰা নিজৰ আঁতৰাই অনা নাই৷ তেওঁলোক নিজৰ স্থিতিত অটল আছে৷ সময়ৰ লগতে সমাজেও এটা সময়ত তেওঁলোকক চিনিব পাৰে, তেওঁলোকক মান-সন্মান দিয়ে আৰু তেওঁলোকৰ শিক্ষাক গ্রহণ কৰে।

বন্ধুসকল,

প্রত্যেক যুগৰ সময়ছোৱাত মূল্যবোধৰ ভিত্তিত সমাজক সজাগ কৰি ৰখা, সমাজক দোষমুক্ত কৰি ৰখা এয়া অতিশয় অনিবার্য আৰু ক্রমান্বয়ে চলি থকা এক প্রক্রিয়া। সেই সময়ৰ প্রজন্মইও সমান দায়িত্ব পালন কৰিব লাগে৷ ব্যক্তিগতভাৱে আমি সকলোৱে, সংগঠন হিচাপেও ব্রহ্মকুমাৰীৰ দৰে লাখ লাখ সংগঠন সকলোৱে দেশত এই কাম কৰিছে। কিন্তু আমি এইটো কথাও মানি ল’ব লাগিব যে স্বাধীনতাৰ পাছত ৭৫ বছৰত আমাৰ সমাজত, আমাৰ ৰাষ্ট্রত এটা দোষ ক্রমে সকলোৰে মাজত প্রভাৱ বিস্তাৰ কৰিছে। সেই দোষটো হ’ল নিজৰ কর্তব্যসমূহৰ পৰা বিমুখ হোৱা, নিজৰ কর্তব্যসমূহক সর্বোপৰি বুলি নভৱা৷ বিগত ৭৫ বছৰত আমি কেৱল অধিকাৰৰ কথা কৈ আহিছো, অধিকাৰসমূহৰ বাবে যুঁজ কৰি আহিছো, অধিকাৰসমূহৰ বাবে সকলো প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ দি বহু সময় ব্যয় কৰিছো৷ এই অধিকাৰক লৈ যুঁজ বহু ক্ষেত্রত প্রয়োজনীয়। অলপ সময়ৰ বাবে কোনো পৰিস্থিতিত এইটো সঠিক হ’ব পাৰে, কিন্তু নিজৰ কর্তব্যসমূহক সম্পূর্ণৰূপে পাহৰি যোৱা বিষয়টোৱে ভাৰতক দুর্বল কৰাত বৃহৎ ভূমিকা পালন কৰিছে।

কর্তব্যসমূহক অগ্রাধিকাৰ নিদিয়াৰ বাবেই স্বাধীন ভাৰতে বহু মূল্যবান সময় নষ্ট কৰিছে। এই ৭৫ বছৰত কর্তব্যসমূহক দূৰত ৰখাৰ ফলতে যি ব্যৱধানৰ সৃষ্টি হৈছে, কেৱল অধিকাৰক লৈ কথা কোৱাৰ ফলত সমাজত যি অসম্পূর্ণতা দেখা গৈছে, সেয়া সম্পূর্ণ কৰিবলৈ আমি সকলোৱে মিলি অহা ২৫ বছৰত কর্তব্য সাধনাৰ মাধ্যমেৰে সেয়া পূৰণ কৰিব লাগিব৷

ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে অহা ২৫ বছৰত এটা মন্ত্র ৰচনা কৰি ভাৰতৰ প্রতিগৰাকী নাগৰিকক কর্তব্যৰ বাবে সজাগ কৰি তুলি যথেষ্ট পৰিৱর্তন আনিব পাৰে। ব্রহ্মকুমাৰীজ আৰু আপোনালোকৰ দৰে অন্য সকলো সামাজিক সংস্থাৰ প্রতি মোৰ অনুৰোধ, আপোনালোকে এই মন্ত্র ৰচনাৰ কাম নিশ্চিত কৰিব। সেই মন্ত্র হ’ল দেশৰ নাগৰিকসকলৰ মনত কর্তব্য ভাৱনাৰ প্রসাৰ। আপোনালোক সকলোৱে নিজৰ শক্তি আৰু সময় প্রতিজন মানুহৰ মনত কর্তব্যবোধ জাগ্রত কৰাৰ বাবে নিশ্চিতভাৱে নিয়োজিত কৰক আৰ ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে যিদৰে দশকৰ পাছত দশক ধৰি কর্তব্যৰ পথত আগুৱাই গৈছে, তেওঁলোকে এই কাম ভালদৰে কৰিব পাৰে। আপোনালোকেই সেইসকল লোক যিসকলে কর্তব্যৰ খাতিৰত নিজক গঢ়ি তুলিছে, নিয়মীয়াকৈ কাম কৰিছে আৰু নিয়মীয়াকৈ কর্তব্য পালন কৰিছে। সেইবাবে যি ভাৱনা লৈ আপোনালোকে নিজৰ সংস্থাত কাম কৰে, সেই কর্তব্য ভাৱনাৰ প্রসাৰ যেন সমাজৰ মাজত হয়, দেশৰ মাজত হয়, দেশৰ জনগণৰ মাজত হয়, সেয়া সুনিশ্চিত কৰক এয়াই স্বাধীনতাৰ এই অমৃত মহোৎসৱত আপোনালোকৰ ফালৰ পৰা দেশৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ হ’ব৷

আপোনালোক সকলোৱেই হয়তো এটা কাহিনী শুনিছে। এটা কোঠাত অন্ধকাৰ আছিল। তেতিয়া সেই অন্ধকাৰ দূৰ কৰাৰ বাবে মানুহে নিজৰ দৰে কৰি, নিজা পদ্ধতিৰে বিভিন্ন ধৰণে চেষ্টা কৰিছিল। কিন্তু যেতিয়া এজন বুদ্ধিমান ব্যক্তিয়ে এক ক্ষুদ্ৰ বন্তি জ্বলাই দিলে, তেতিয়া অন্ধকাৰ মুহূৰ্ততে দূৰ হৈ গ’ল। কর্তব্যৰ শক্তি এনেকুৱাই। এই শক্তি সৰু সৰু প্রচেষ্টাৰ। আমি সকলোৱে দেশৰ প্রতিজন নাগৰিকৰ হৃদয়ত এগছি বন্তি জ্বলাব লাগিব-কর্তব্যৰ বন্তি জ্বলাব লাগিব।

আমি সকলোৱে মিলি দেশক কর্তব্যৰ পথত আগুৱাই নিব লাগিব। তেতিয়াহে সমাজৰ প্ৰচলিত দোষসমূহো দূৰ হ’ব আৰু দেশেও নতুন উচ্চতাত উপনীত হ’ব৷ যিসকলে ভাৰতভূমিক ভাল পায়, যিসকলে ভাৰতভূমিক মা বুলি ভাৱে, তেওঁলোক সকলোৱেই দেশক নতুন উচ্চতাত উপনীত কৰিব বিচাৰে৷ কোটি কোটি জনগণৰ জীৱনত আনন্দ আনিব বিচাৰে৷ সেইবাবে আমিৰ প্রত্যেকেই কর্তব্য কৰাৰ প্রৱণতাত জোৰ দিব লাগিব৷

বন্ধুসকল,

আজিৰ এই কাৰ্যসূচীত আমি আন এটা বিষয় আপোনালোকক ক’ব বিচাৰো৷ আপোনালোক সকলো সাক্ষী যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতৰ ছবি বেয়া কৰিবলৈ বিভিন্ন ধৰণৰ প্রচেষ্টা চলি থাকে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে বহু প্ৰচেষ্টা চলে। আমি কেৱল এই কোৱা নাই  যে ইয়াৰ অন্তৰালত কেৱল ৰাজনীতি আছে। ৰাজনীতিৰ নাম লৈ আমি ইয়াক ক্ষুদ্ৰ কৰি দেখুৱাব নোৱাৰো, কাৰণ ইয়াত আমাৰ দেশৰ স্বার্থ জড়িত আছে। যেতিয়া আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো, তেতিয়া আমাৰ ওপৰত এই দায়িত্বও পৰিছে যে বিশ্বই যাতে ভাৰতক সঠিকভাবে জানে সেয়া সুনিশ্চিত কৰা।

এই ধৰণৰ সংস্থাসমূহ, যাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রতো বিশ্বৰ বহু দেশত উপস্থিতি শক্তিশালী, তেওঁলোকক অনুৰোধ, তেওঁলোকে যেন অন্যান্য দেশৰ লোকসকলৰ ওচৰত ভাৰতৰ সঠিক ছবি তুলি ধৰে। ভাৰত সম্পর্কে যিবোৰ গুজৱ প্ৰচাৰ হৈছে, সেইবোৰৰ সত্যতা সম্পর্কে তাৰ লোকসকলে যাতে জানিব পাৰে। তেওঁলোকক সঠিক তথ্য দি সজাগ কৰাটোও আমাৰ সকলোৰে দায়িত্ব। ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে এই কাম আগুৱাই নিয়াৰ বাবে আন এক প্রচেষ্টা গ্ৰহণ কৰিব পাৰে। যিসমূহ দেশত আপোনালোকৰ শাখা আছে, তাত আপোনালোকে এই প্ৰচেষ্টা হাতত ল’ব পাৰে যি প্রত্যেক শাখাৰ পৰা প্রতি বছৰি অতি কমেও ৫০০জন লোকে ভাৰত দর্শন কৰিবলৈ আহে৷ ভাৰতক জনাৰ বাবে আহিব আৰু এই ৫০০জনৰ মাজত যে প্রত্যেকেই প্রবাসী ভাৰতীয় হ’ব লাগিব এনে কোনো কথা নাই। এইটো চাব যাতে তেওঁলোকৰ মাজত বহুতেই যেন সেই দেশৰ নাগৰিক হয়৷ মই ভাৰতীয় বংশোদ্ভূতসকলৰ কথা কোৱা নাই। আপোনালোকে দেখিব যদি ভাৰতীয় বংশোদ্ভূত নহয় এনে লোকক আমন্ত্রণ জনাই ভাৰতলৈ আনিব পাৰে, তেওঁলোকে আমাৰ দেশক চাওক, ইয়াৰ প্রতিটো বিষয় বুজি পাওক, তেতিয়াহলে তেওঁলোকে অজানিতে ভাৰতৰ যিবোৰ ভাল, সেইবোৰ নিজৰ লগত তেওঁলোকৰ দেশলৈ নিব পাৰিব। আপোনালোকৰ এই ধৰণৰ প্রচেষ্টাত বহু পার্থক্য থাকিব পাৰে।

বন্ধুসকল,

পৰমার্থ সঞ্চয় কৰাৰ ইচ্ছা প্রত্যেকৰে মনত থাকে। কিন্তু আমি এই কথা পাহৰিলে নহ’ব যে পৰমার্থ আৰু অর্থ যেতিয়া একেলগে মিলে, তেতিয়াই সফল জীৱন, সফল সমাজ আৰু সফল ৰাষ্ট্র নির্মাণ সহজ হৈ উঠে। অর্থ আৰু পৰমার্থৰ এই সামঞ্জস্যৰ দায়িত্ব সদায় ভাৰতৰ আধ্যাত্মিক সত্ত্বাৰ বাবে আছিল। মোৰ দৃঢ় বিশ্বাস, সম্পূর্ণ ভৰসা আছে যে ভাৰতৰ আধ্যাত্মিক সত্ত্বা আপোনালোকৰ দৰে সকলো ভগ্নীয়ে এই দায়িত্ব আৰু সম্পূর্ণ পৰিপক্কতাৰে পালন কৰিব। আপোনালোকৰ এই প্রচেষ্টা দেশৰ অন্যান্য সংস্থা, অন্যান্য সংগঠনকো স্বাধীনতাৰ অমৃত মহোৎসৱত নতুন লক্ষ্য নির্ধাৰণৰ বাবে প্রেৰণা যোগাব। অমৃত মহোৎসৱৰ আচল শক্তি হ’ল দেশৰ প্রতিজন লোকৰ মন, দেশৰ মানুহৰ সমর্পণ। আপোনালোকৰ প্রচেষ্টাত ভাৰত অনাগত দিনসমূহে আৰু ক্ষিপ্ৰতাৰে স্বৰ্ণিম ভাৰত গঢ়াৰ দিশত আগুৱাই যাব।

এই বিশ্বাসেৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো!

ঔম শান্তি!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 53rd PRAGATI Meeting
August 25, 2026
PM reviews six key infrastructure projects across the Railway, Road and Power sectors
Projects reviewed span across 9 States with cumulative investment of more than ₹30,000 crore
PM says Infrastructure projects should be viewed as an integrated whole, rather than as individual sections or packages
PM calls for continuous reforms across all stages of project implementation and a proactive work culture across Ministries and States
PM says Speed must go hand-in-hand with quality
While reviewing AgriStack, PM emphasises the need to leverage the latest digital technologies including AI to derive greater value from agricultural data
On cyber fraud and ‘digital arrest’, PM stresses training, public awareness, cyber-safety education and coordinated action

Prime Minister Shri Narendra Modi chaired the 53rd meeting of PRAGATI, the ICT-enabled, multi-modal platform for Pro-Active Governance and Timely Implementation, at Seva Teerth earlier today.

During the meeting, Prime Minister reviewed six key infrastructure projects across the Railway, Road and Power sectors, spanning nine States with a cumulative cost of more than ₹30,000 crore. The projects, significant for strengthening connectivity, supporting industrial and economic activity and improving public services, were reviewed with particular emphasis on adherence to timelines, inter-agency coordination, resolution of pending issues and expeditious completion.

Prime Minister emphasised that delays in infrastructure projects have consequences beyond cost escalation, as they also postpone the benefits intended for citizens, businesses and the economy. He said that infrastructure projects should be viewed and monitored as an integrated whole, rather than as isolated sections, stretches or packages. He noted that progress in individual packages should ultimately translate into timely completion and operationalisation of the entire project. Ministries and States were therefore asked to adopt an end-to-end approach, and address critical gaps that could delay the overall commissioning and delivery of benefits. He called for fostering a proactive work culture across Ministries and State Governments, with greater ownership at every level of project implementation.

Prime Minister stressed the need to explore common utility corridors for infrastructure services, wherever feasible, particularly while planning major transport and infrastructure projects. He called upon Ministries and States to examine such integrated approaches at the planning stage itself, keeping in view their technical and economic feasibility.

Prime Minister said that speed of execution must be accompanied by uncompromising quality. He called upon Ministries, States and implementing agencies to adopt modern technologies and strengthen quality assurance and supervision at every stage.

While reviewing AgriStack under the Digital Agriculture Mission, Prime Minister emphasised the need to leverage the latest digital technologies, including Artificial Intelligence, to derive greater value from agricultural data. He stressed that the data ecosystem should be effectively utilised across the agricultural value chain, from input planning to processing, enabling more informed interventions, better targeting and data-driven decision-making. He appreciated the efforts of the States and the Central Government in building the AgriStack ecosystem and called for further strengthening its use for delivering better outcomes for farmers.

During the review of cyber fraud cases, including incidents of digital arrest, Prime Minister said that prevention must be strengthened through a sustained focus on training, awareness and education. He stressed the need for continuous and targeted public-awareness campaigns, particularly for senior citizens, youth and other vulnerable sections, to familiarise them with common fraud techniques, warning signs and safe digital practices. He also called for regular capacity-building of personnel involved so that emerging modes of cyber fraud are identified and acted upon swiftly.