“Hackathon is a learning opportunity for me too and I eagerly look forward to it”
“India of 21st century is moving forward with the mantra of ‘Jai Jawan, Jai Kisan, Jai Vigyan and Jai Anusandhan’”
“Today we are at a turning point in time, where every effort of ours will strengthen the foundation of the India of the next thousand years”
“The world is confident that in India it will find low-cost, quality, sustainable and scalable solutions to global challenges”
“Understand the uniqueness of the current time as many factors have come together”
“Our Chandrayaan mission has increased the expectations of the world manifold”
“Through Smart India Hackathon, the youth power of the country is extracting the Amrit of solutions for developed India”

বন্ধুসকল,

সঁচাকৈয়ে, আপোনালোক সকলোৰে লগত কথা পাতি মোৰ বহুত ভাল লাগিল। মই সুখী যে দেশৰ নৱপ্ৰজন্মই, দেশৰ সন্মুখত থকা সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে দিনে-নিশাই কাম কৰি আছে। পূৰ্বতে যিবোৰ হেকাথন হৈছিল, তাৰ পৰা পোৱা সমাধানসমূহ অতি ফলপ্ৰসূ হৈছে। হেকাথনত অংশগ্ৰহণ কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে নিজাকৈ ষ্টাৰ্টআপো আৰম্ভ কৰিছে। এই ষ্টাৰ্টআপসমূহে, এই সমাধানসমূহে চৰকাৰ আৰু সমাজ দুয়োটাকে সহায় কৰি আছে। আজি এই হেকাথনত অংশগ্ৰহণ কৰা দল আৰু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইটোৱেই এক ডাঙৰ প্ৰেৰণা।

 

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰত আজি জয় জোৱান, জয় কিষাণ, জয় জ্ঞান আৰু জয় অনুসন্ধান মন্ত্ৰত আগবাঢ়িছে। একো হ’বই নোৱাৰে, এইটো সলনি হ’বই নোৱাৰে, এই চিন্তাৰ পৰা এতিয়া প্ৰতিজন ভাৰতীয় ওলাই আহিছে। এই নতুন চিন্তাৰ বাবেই যোৱা ১০ বছৰত ভাৰত দশম স্থানৰ পৰা ৫ম স্থানৰ অৰ্থনীতিত পৰিণত হৈছে। আজি ভাৰতৰ ইউ পি আইৰ ডংকা সমগ্ৰ বিশ্বতে শুনা গৈছে। কৰোণা মহাসংকটৰ সময়ত ভাৰতে মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ কৰিছিল। ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ টিকাকৰণৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে আৰু বিশ্বৰ কেইবা ডজন দেশক ভেকচিন প্ৰদান কৰে।

 

বন্ধুসকল,

আজি ইয়াত যুৱ উদ্ভাৱক আৰু বিভিন্ন ডমেইনৰ পেছাদাৰীসকল উপস্থিত আছে। আপোনালোক সকলোৱে সময়ৰ গুৰুত্ব বুজি পায়, নিৰ্দিষ্ট সময়ত লক্ষ্যত উপনীত হোৱাৰ অৰ্থ বুজি পায়। আজি আমি সময়ৰ এনে এক টাৰ্নিং পইণ্টত উপনীত হৈছোঁ, য’ত আমাৰ প্ৰতিটো প্ৰচেষ্টাই আগন্তুক এহেজাৰ বছৰৰ ভাৰতৰ ভেটি সুদৃঢ় কৰিব। আপোনালোকে এই অনন্য সময়ক বুজি পাওক। এই সময় অনন্য এইকাৰণেই কিয়নো বহু কাৰক একত্ৰিত হৈছে। আজি ভাৰত বিশ্বৰ সবাতোকৈ কম বয়সীয়া দেশৰ এখন। আজি ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰতিভা পুল আছে। আজি ভাৰতত এখন সুস্থিৰ আৰু শক্তিশালী চৰকাৰ আছে। আজি ভাৰতৰ অৰ্থনীতি অভিলেখ গতিত বৃদ্ধি পাইছে। আজি ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত অভূতপূৰ্ব গুৰুত্ব দিয়া হৈছে।

 

বন্ধুসকল,

এয়া সেই সময় যেতিয়া প্ৰযুক্তি আমাৰ জীৱনৰ এটা ডাঙৰ অংশ হৈ পৰিছে। আমাৰ সকলোৰে জীৱনত প্ৰযুক্তিৰ যি প্ৰভাৱ আজি আছে সেয়া আগতে কেতিয়াও নাছিল। স্থিতি এনেকুৱা যে এটা প্ৰযুক্তিৰ সৈতে আমি সম্পূৰ্ণৰূপে সহজ হ'বলৈ নাপাৱেঁই, তেতিয়ালৈকে ইয়াৰ এটা উন্নীত সংস্কৰণ আহি যায়। সেয়েহে আপোনালোকৰ দৰে যুৱ উদ্ভাৱকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

স্বাধীনতাৰ অমৃত কাল অৰ্থাৎ আগন্তুক ২৫ বছৰ দেশৰ লগতে আপোনালোকৰ জীৱনৰ যাত্ৰাও, এফালে এই সময় ২০৪৭ চনৰ যাত্ৰা আৰু আনফালে আপোনালোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ বছৰসমূহৰ যাত্ৰা, দুয়োটা একেলগে। ভাৰতক বিকশিত কৰিবলৈ আমি সকলোৱে মিলি কাম কৰিব লাগিব। আৰু ইয়াত আপোনালোক সকলোৰে আটাইতকৈ ডাঙৰ লক্ষ্য হ’ব লাগে – ভাৰতৰ আত্মনিৰ্ভৰশীলতা। আমাৰ ভাৰত কেনেকৈ স্বাৱলম্বী হ’ব পাৰে? আপোনালোকৰ উদ্দেশ্য হ’ব লাগে যাতে ভাৰতে কোনো প্ৰযুক্তি আমদানি কৰিব নালাগে, কোনো প্ৰযুক্তিৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এতিয়া প্ৰতিৰক্ষা খণ্ডৰ দৰে। আজি ভাৰতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰি আছে। কিন্তু এতিয়াও প্ৰতিৰক্ষা প্ৰযুক্তিৰ সৈতে জড়িত বহু কথা আছে যিবোৰ আমি আমদানি কৰিব লাগে। একেদৰে আমাৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আমি অৰ্ধপৰিবাহী আৰু চিপ প্ৰযুক্তিৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল হ’ব লাগিব। কোৱাণ্টাম প্ৰযুক্তি আৰু হাইড্ৰজেন শক্তিৰ দৰে খণ্ডতো ভাৰতৰ আকাংক্ষা অতি উচ্চ। চৰকাৰে এনে সকলো খণ্ডকে বিশেষ গুৰুত্ব দি একবিংশ শতিকাৰ আধুনিক পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ সফলতা নিৰ্ভৰ কৰে আপোনালোক যুৱক-যুৱতীসকলৰ সফলতাৰ ওপৰত।

 

বন্ধুসকল,

আজি গোটেই পৃথিৱীৰ দৃষ্টি আপোনালোকৰ দৰে ডেকা মনৰ ওপৰত নিবদ্ধ হৈ আছে। বিশ্ব আত্মবিশ্বাসী যে ভাৰতত ই বিশ্বজনীন প্ৰত্যাহ্বানৰ কম খৰচী, মানসম্পন্ন, বহনক্ষম আৰু স্কেলেবল সমাধান বিচাৰি পাব। আমাৰ চন্দ্ৰযান অভিযানে বিশ্ববাসীৰ আশা বহুগুণে বৃদ্ধি কৰিছে। আপোনালোকে এই আশাবোৰ মনত ৰাখি বিভিন্ন খণ্ডত নতুন প্ৰযুক্তি উদ্ভাৱন কৰিব লাগিব। আপোনালোকে দেশৰ আধুনিক প্ৰয়োজনীয়তাক মনত ৰাখি নিজৰ দিশ নিৰ্ধাৰণ কৰিব লাগিব।

 

বন্ধুসকল,

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ লক্ষ্য, দেশৰ সমস্যা সমাধান আৰু সমাধানৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি, এনে এক শৃংখলক আগুৱাই লৈ গৈছে। স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ জৰিয়তে দেশৰ যুৱ শক্তিয়ে বিকশিত ভাৰতৰ বাবে সমাধানৰ অমৃত উলিয়াই আনিছে। আপোনালোক সকলোৰে ওপৰত, দেশৰ যুৱ শক্তিৰ ওপৰত মোৰ অটুট বিশ্বাস আছে। আপোনালোকে যিকোনো সমস্যা চাওক, যিকোনো সমাধান বিচাৰি উলিয়াওক, যিকোনো উদ্ভাৱন কৰক, আপোনালোকে বিকশিত ভাৰতৰ সংকল্প, আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সদায় মনত ৰাখিব লাগিব। আপোনালোকে যিয়েই নকৰক কিয়, সেয়াই শ্ৰেষ্ঠ হ’ব লাগে। আপোনালোকে এনে কাম কৰিব লাগিব যে পৃথিৱীয়ে আপোনালোকক অনুসৰণ কৰে। আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন!

 

বহুত বহুত ধন্যবাদ !

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"