Unveils model of National Memorial dedicated to Netaji to be built on Netaji Subhas Chandra Bose Dweep
“When history is being made, the future generations not just remember, assess and evaluate it, but also find constant inspiration from it”
“This day will be remembered by future generations as a significant chapter in the Azadi Ka Amrit Kaal”
“The voices of unprecedented passion along with immense pain are still heard from the cells of the Cellular Jail today”
“From Bengal to Delhi to Andaman, every part of the country salutes and cherishes the legacy of Netaji”
“The grand statue of Netaji in front of our democratic institutions and Kartavya Path reminds us of our duties.”
“Like the sea connects different islands, the feeling of 'Ek Bharat, Shreshtha Bharat' unites every child of Mother India”
“It is the duty of the country that the soldiers who dedicated themselves to national defence should be widely recognized along with the contributions of the army”
“Now people are coming to Andaman and Nicobar Islands to know and live the history”

নমস্কাৰ!

এই কাৰ্যসূচীত উপস্থিত দেশৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত ভাই শ্বাহ, আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল, প্ৰতিৰক্ষা মুৰব্বী, আমাৰ তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান, আন্দামান আৰু নিকোবৰ কমাণ্ডৰ কমাণ্ড-ইন-চীফ, সকলো বিষয়া, পৰম বীৰ চক্ৰ লাভ কৰা বীৰ সেনাৰ পৰিয়ালৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰমহিলাসকল!

আজি নেতাজী সুভাষৰ জন্ম বাৰ্ষিকী। দেশে এই দিনটোক ‘পৰাক্ৰম দিৱস’ হিচাপে উদযাপন কৰিছে। পৰাক্ৰম দিৱস উপলক্ষে সকলো দেশবাসীলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি পৰাক্ৰম দিৱসত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৰচনা হৈছে এক নতুন ইতিহাস। আৰু যেতিয়া ইতিহাস ৰচনা হয়, তেতিয়া আগন্তুক শতিকাবোৰেও ইয়াক মনত পেলায়, মূল্যায়ন কৰে আৰু ইয়াৰ পৰা প্ৰেৰণা লাভ কৰি থাকে। আজি আন্দামান আৰু নিকোবৰ ২১টা দ্বীপৰ নামকৰণ কৰা হৈছে। এই ২১টা দ্বীপ এতিয়া পৰম বীৰ চক্ৰ বিজয়ীৰ নামেৰে পৰিচিত হ’ব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাসস্থান এই দ্বীপটোত আজি তেওঁৰ জীৱন আৰু অৱদানৰ প্ৰতি উৎসৰ্গিত প্ৰেৰণাস্থলী স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰা হৈছে। অনাগত প্ৰজন্মই এই দিনটোক স্বাধীনতাৰ সোণালী যুগৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে মনত ৰাখিব। নেতাজীৰ এই স্মৃতিসৌধ, শ্বহীদ আৰু বীৰ জোৱানৰ নামত এই দ্বীপবোৰ আমাৰ যুৱ প্ৰজন্মৰ বাবে, আগন্তুক প্ৰজন্মৰ বাবে চিৰন্তন প্ৰেৰণাৰ স্থান হৈ পৰিব। ইয়াৰ বাবে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ জনসাধাৰণৰ লগতে সকলো দেশবাসীক অভিনন্দন জনাইছো। নেতাজী সুভাষ আৰু পৰমবীৰ চক্ৰ বিজয়ী যোদ্ধাসকলৰ ওচৰত শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

ভাই-ভনীসকল,

এই আন্দামান ভূমিত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ উত্তোলন কৰা হৈছিল। এই ভূমিত প্ৰথম স্বাধীন ভাৰত চৰকাৰ গঠন হৈছিল। ইয়াৰ লগতে বীৰ সাৱৰকাৰ আৰু তেওঁৰ দৰে অগণন বীৰসকলে এই আন্দামান ভূমিতে দেশৰ বাবে তপস্যা আৰু বলিদানৰ শিখৰ স্পৰ্শ কৰিছিল। অপৰিসীম যন্ত্ৰণাৰ লগতে সেই অভূতপূৰ্ব আবেগৰ কণ্ঠ আজিও চেলুলাৰ জেলৰ কোঠাৰ পৰা শুনা যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বাধীনতা সংগ্ৰামৰ সেই স্মৃতিবোৰৰ পৰিৱৰ্তে দাসত্বৰ প্ৰতীকবোৰৰ লগত আন্দামানৰ পৰিচয় জড়িত হৈ পৰিছিল। আনকি আমাৰ দ্বীপবোৰৰ নামতো দাসত্বৰ চাপ আছিল। মোৰ সৌভাগ্য যে চাৰি-পাঁচ বছৰ আগতে প’ৰ্ট ব্লেয়াৰলৈ যোৱাৰ সময়ত মূল দ্বীপ তিনিটাক ভাৰতীয় নাম দিয়াৰ সুযোগ পাইছিলোঁ। আজি ৰছ দ্বীপ নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত পৰিণত হৈছে। হেভলক আৰু নীল দ্বীপ ক্ৰমে স্বৰাজ আৰু শ্বহীদ দ্বীপত পৰিণত হৈছে। আমোদজনক কথাটো হ’ল স্বৰাজ আৰু শ্বহীদ নামটো নেতাজীয়ে নিজেই দিছিল। স্বাধীনতাৰ পিছতো এই নামটোক গুৰুত্ব দিয়া হোৱা নাছিল। আজাদ হিন্দ ফৌজ চৰকাৰে যেতিয়া ৭৫ বছৰ সম্পূৰ্ণ কৰিলে তেতিয়া আমাৰ চৰকাৰে এই নামবোৰ পুনৰ প্ৰৱৰ্তন কৰিলে।

বন্ধুসকল,

আজি একবিংশ শতিকাৰ ভাৰত এই কথাৰ সাক্ষী যে স্বাধীনতাৰ পাছত পাহৰি যোৱা সেই একেজন নেতাজীক দেশখনে প্ৰতি মুহূৰ্ততে স্মৰণ কৰি আছে। আজি আকাশলংঘী ত্ৰিৰঙে আজাদ হিন্দ ফৌজৰ শক্তিৰ প্ৰশংসা কৰিছে য’ৰ পৰা নেতাজীয়ে আন্দামানত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ উত্তোলন কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহিলে, সাগৰৰ পাৰত ত্ৰিৰঙীক লৰচৰ কৰা দেখিলেই তেওঁলোকৰ হৃদয় দেশপ্ৰেমেৰে ভৰি পৰে। এতিয়া আন্দামানত তেওঁৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া সংগ্ৰহালয় আৰু স্মৃতিসৌধটোৱে আন্দামান ভ্ৰমণক আৰু অধিক স্মৰণীয় কৰি তুলিব। নেতাজীৰ সৈতে জড়িত তেনে এটা সংগ্ৰহালয়ো ২০১৯ চনত দিল্লীৰ লালকিল্লাত উদ্বোধন কৰা হৈছিল।আজি সেই সংগ্ৰহালয়ে লালকিল্লা ভ্ৰমণ কৰা লোকসকলৰ বাবে প্ৰেৰণাৰ স্থান হিচাপে কাম কৰে। একেদৰে তেওঁৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত বংগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰি দেশবাসীয়ে উদযাপন কৰে এই দিৱসটো অতি আড়ম্বৰেৰে। তেওঁৰ জন্ম বাৰ্ষিকী পৰক্ৰম দিৱাস হিচাপে ঘোষণা কৰা হয়। অৰ্থাৎ বংগৰ পৰা দিল্লী আৰু আন্দামানলৈকে দেশৰ এনে কোনো অংশ নাই যিয়ে নেতাজীক প্ৰণাম নিদিয়ে আৰু তেওঁৰ উত্তৰাধিকাৰক লালন-পালন নকৰে।

বন্ধুসকল,

নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত বহু প্ৰকল্প দেশত যোৱা আঠ-৯ বছৰত গ্ৰহণ কৰা হৈছে যিবোৰ স্বাধীনতাৰ লগে লগে কৰিব লাগিছিল। কিন্তু সেই সময়ত সেয়া নহ’ল। ১৯৪৩ চনত দেশৰ এটা অংশত স্বাধীন ভাৰতৰ প্ৰথম চৰকাৰ গঠন হৈছিল আৰু এতিয়া সেই অনুষ্ঠান উদযাপন কৰি দেশে গৌৰৱ অনুভৱ কৰিছে। আজাদ হিন্দ চৰকাৰ গঠনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে লালকিল্লাত পতাকা উত্তোলন কৰি নেতাজীক প্ৰণাম জনায়। দশক দশক ধৰি নেতাজীৰ জীৱনৰ সৈতে জড়িত ফাইলসমূহ গোপনীয়তামুক্ত কৰাৰ দাবী আছিল। এই ক্ষেত্ৰত দেশে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছিল। আজি আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু কাৰ্তব্য পথৰ সন্মুখত নেতাজী বসুৰ ভৱিষ্যৎ প্ৰতিমূৰ্তিয়ে আমাক আমাৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিছে। মই ভাবো এইবোৰ কাম বহু আগতেই দেশৰ স্বাৰ্থত কৰা উচিত আছিল। কাৰণ, যিবোৰ দেশে নিজৰ বীৰসকলক সময়ত জনসাধাৰণৰ সৈতে সংলগ্ন কৰি ৰাখিছিল, ভাগ-বতৰা কৰা আৰু সক্ষম আদৰ্শৰ সৃষ্টি কৰিছিল, সেইবোৰ দেশ উন্নয়ন আৰু জাতি গঠনৰ দৌৰত বহু আগবাঢ়ি গৈছিল। সেয়ে ভাৰতে স্বাধীনতাৰ ‘অমৃত কাল’ত সকলো শক্তিৰে একেই কাম কৰি আছে।

বন্ধুসকল,

আজি ২১টা দ্বীপৰ নাম সলনি কৰাৰ ক্ষেত্ৰতো গুৰুতৰ বাৰ্তা লুকাই আছে। এই বাৰ্তাটোৱেই হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মা। এইটোৱেই হৈছে ‘দেশৰ বাবে কৰা বলিদানৰ অমৰত্বৰ বাৰ্তা’। ‘বায়ম অমৃত্স্য পুত্ৰ’ ভাৰতীয় সেনাৰ অনন্য বীৰত্ব আৰু বীৰত্বৰ বাৰ্তা। এই দ্বীপসমূহ যাৰ নামেৰে পৰিচিত হ’ব পৰম বীৰ চক্ৰ বঁটা বিজয়ী ২১ গৰাকীয়ে মাতৃভূমিৰ প্ৰতিটো কণাকে নিজৰ বুলি গণ্য কৰিছিল। ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে সকলো ত্যাগ কৰিছিল। ভাৰতীয় সেনাৰ সেই সাহসী জোৱানসকল বিভিন্ন ৰাজ্যৰ, বিভিন্ন ভাষা, উপভাষা কোৱা আৰু দেশৰ বিভিন্ন জীৱনশৈলীৰে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু, মা ভাৰতীৰ সেৱা আৰু মাতৃভূমিৰ প্ৰতি অদম্য ভক্তিই তেওঁলোকক একত্ৰিত কৰি এক কৰি তুলিলে। তেওঁলোকৰ আছিল মাথোঁ এটা লক্ষ্য, এটা পথ, এটা উদ্দেশ্য আৰু সম্পূৰ্ণ সমৰ্পণ।

বন্ধুসকল,

যেনেকৈ সাগৰখনে বিভিন্ন দ্বীপক সংযোগ কৰে, ঠিক তেনেদৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ অনুভূতিয়ে ভাৰত মাতৃৰ প্ৰতিটো সন্তানক একত্ৰিত কৰে। মেজৰ সোমনাথ শৰ্মা, পিৰু সিং, মেজৰ শৈতন সিঙৰ পৰা আৰম্ভ কৰি কেপ্তেইন মনোজ পাণ্ডে, সুবেদাৰ জোগিন্দৰ সিং আৰু লেন্স নাইক এলবাৰ্ট এক্কা, বীৰ আব্দুল হামিদ আৰু মেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ পৰা আৰম্ভ কৰি ২১ জন পৰম বীৰলৈকে সকলোৰে এটাই সংকল্প আছিল-জাতি প্ৰথম! ভাৰত প্ৰথম! এই সংকল্প এতিয়া এই দ্বীপসমূহৰ নামত চিৰদিনৰ বাবে অমৰ হৈ পৰিছে। কাৰ্গিল যুদ্ধৰ সময়ত ‘য়েহ দিল মাংগে ম’ৰ’ বুলি ধ্বনি দিয়া কেপ্তেইন বিক্ৰম বাত্ৰাৰ নামতো আন্দামানৰ এটা পাহাৰ উচৰ্গা কৰা হৈছে।

ভাই-ভনীসকল,

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নাম সলনি কৰাটো সেই পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ প্ৰতি কেৱল শ্ৰদ্ধাঞ্জলি নহয়, ভাৰতীয় বাহিনীৰ বাবেও এক সন্মান। দেশৰ প্ৰতিটো কণিকাক সুৰক্ষা দিবলৈ দেশৰ বাহিনী পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, দূৰ-দূৰৈ, সেয়া সাগৰেই হওক বা পাহাৰেই হওক, নিৰ্জন বা দুৰ্গম অঞ্চল হওক, মোতায়েন কৰা হৈছে। আমাৰ সশস্ত্ৰ বাহিনীয়ে স্বাধীনতাৰ পিছত অতি সোনকালে যুদ্ধৰ সন্মুখীন হ’বলগীয়া হৈছিল। আমাৰ বাহিনীয়ে প্ৰতিটো উপলক্ষে, প্ৰতিটো ফ্ৰণ্টতে নিজৰ বীৰত্ব প্ৰমাণ কৰিছে। এই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অভিযানত নিজকে উৎসৰ্গা কৰা সৈনিক আৰু সেনাৰ অৱদানক স্বীকৃতি দিয়াটো দেশৰ কৰ্তব্য আছিল। আজি দেশে সেই কৰ্তব্য আৰু দায়িত্ব পালনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। আজি সৈনিক আৰু সেনাৰ নামত দেশক স্বীকৃতি দিয়া হৈছে।

বন্ধুসকল,

আন্দামান এনে এখন ভূমি য’ত পানী, প্ৰকৃতি, পৰিৱেশ, সাহস, পৰম্পৰা, পৰ্যটন, জ্ঞানলাভৰ পৰা আৰম্ভ কৰি প্ৰেৰণালৈকে সকলো আছে। দেশৰ কোনজন ব্যক্তিয়ে আন্দামানলৈ আহিব নিবিচাৰিব? আন্দামানৰ সম্ভাৱনা বৃহৎ, ইয়াত অপৰিসীম সুযোগ আছে। আমি এই সুযোগ আৰু সম্ভাৱনাক চিনি পাব লাগিব। দেশে বিগত আঠ বছৰত এই দিশত অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৰ’নাৰ জোকাৰণিৰ পিছতো এই প্ৰচেষ্টাৰ ফল এতিয়া পৰ্যটন খণ্ডত দেখা গৈছে। ২০২২ চনত আন্দামান ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা ২০১৪ চনৰ পৰা প্ৰায় দুগুণ বৃদ্ধি পাইছে।পৰ্যটকৰ সংখ্যা দুগুণ হোৱাৰ লগে লগে পৰ্যটনৰ সৈতে জড়িত কৰ্মসংস্থাপনও বৃদ্ধি পাইছে। ইয়াৰ লগতে বছৰ বছৰ ধৰি আন এক বৃহৎ পৰিৱৰ্তন ঘটিছে। আগৰ মানুহে আন্দামানলৈ আহিছিল কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু বিলৰ বাবে। কিন্তু, এতিয়া এই পৰিচয়টোও সম্প্ৰসাৰিত হৈ আহিছে। এতিয়া আন্দামানৰ সৈতে জড়িত স্বাধীনতাৰ ইতিহাসক লৈ কৌতুহল বাঢ়িছে। এতিয়া মানুহবোৰো ইয়ালৈ আহিছে ইতিহাস জানিবলৈ আৰু জীয়াই থাকিবলৈ। লগতে আন্দামান আৰু নিকোবৰ দ্বীপক আমাৰ চহকী জনজাতীয় পৰম্পৰাৰ সৈতে চিনাক্ত কৰা হৈছে। নিজৰ ঐতিহ্যৰ প্ৰতি গৌৰৱ অনুভৱে এই পৰম্পৰাৰ প্ৰতিও আকৰ্ষণৰ সৃষ্টি কৰিছে। এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত আৰু সেনাৰ বীৰত্বক সন্মান জনোৱা স্মৃতিসৌধে ইয়ালৈ আহিবলৈ ইচ্ছুক দেশবাসীৰ মাজত এক নতুন কৌতুহলৰ সৃষ্টি কৰিব। অদূৰ ভৱিষ্যতে ইয়াত অসীম পৰ্যটনৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

বিশেষকৈ বিকৃত মতাদৰ্শগত ৰাজনীতিৰ বাবে দশক দশক ধৰি হীনমন্যতা আৰু পূৰ্বৰ চৰকাৰসমূহৰ ওপৰত আত্মবিশ্বাসৰ অভাৱৰ বাবে দেশৰ সম্ভাৱনাক সদায় তুচ্ছজ্ঞান কৰা হৈছিল। আমাৰ হিমালয় ৰাজ্যই হওক, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যই হওক, অথবা আন্দামান আৰু নিকোবৰৰ দৰে সাগৰীয় দ্বীপ অঞ্চলেই হওক, এইবোৰক দুৰ্গম, দুৰ্গম আৰু অপ্রাসংগিক অঞ্চল হিচাপে গণ্য কৰা হৈছিল। এনে মানসিকতাৰ বাবে দশক দশক ধৰি এনে ক্ষেত্ৰসমূহ অৱহেলিত হৈ পৰিছিল আৰু ইয়াৰ উন্নয়নক আওকাণ কৰা হৈছিল। আন্দামান-নিকোবৰ দ্বীপপুঞ্জো ইয়াৰ সাক্ষী হৈ আহিছে। পৃথিৱীৰ বিভিন্ন দেশৰ উন্নত দ্বীপসমূহৰ আকাৰ আমাৰ আন্দামান আৰু নিকোবৰতকৈ কম। ছিংগাপুৰ হওক, মালদ্বীপ হওক, ছিচেলছ হওক, সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে এই দেশসমূহ পৰ্যটকৰ এক বিশাল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই দেশবোৰলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে পৰ্যটন আৰু ব্যৱসায়ৰ সুবিধাৰ বাবে। ভাৰতৰ দ্বীপবোৰতো একেধৰণৰ সম্ভাৱনা আছে। আমিও পৃথিৱীখনক বহুত দিব পাৰো, কিন্তু ইয়াৰ আগতে কেতিয়াও যত্ন লোৱা হোৱা নাছিল। পৰিস্থিতি এনেকুৱা আছিল যে দেশত দ্বীপ আৰু দ্বীপপুঞ্জৰ কোনো হিচাপও ৰখা হোৱা নাছিল। এতিয়া দেশ এই দিশত আগবাঢ়িছে। এতিয়া প্ৰাকৃতিক ভাৰসাম্য আৰু আধুনিক সম্পদক একেলগে আগুৱাই লৈ যোৱা হৈছে দেশত। আমি ‘ছাবমেৰিন অপটিকেল ফাইবাৰ’ৰ জৰিয়তে আন্দামানক দ্ৰুত ইন্টাৰনেটৰ সৈতে সংযোগ কৰা প্ৰকল্পটো আৰম্ভ কৰিলোঁ। এতিয়া দেশৰ বাকী অংশৰ দৰে আন্দামানতো দ্ৰুত ইন্টাৰনেট উপলব্ধ। ডিজিটেল পেমেণ্ট আৰু অন্যান্য ডিজিটেল সেৱাও ইয়াত দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। আন্দামান ভ্ৰমণলৈ অহা পৰ্যটকসকলেও ইয়াৰ দ্বাৰা উপকৃত হৈছে।

বন্ধুসকল,

আগতে আন্দামান আৰু নিকোবৰে স্বাধীনতা সংগ্ৰামৰ এক নতুন দিশ দিছিল। একেদৰে এই অঞ্চলটোৱেও ভৱিষ্যতে দেশৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিব। মোৰ বিশ্বাস আমি এনে এখন ভাৰত গঢ়িম যি সক্ষম আৰু আধুনিক উন্নয়নৰ উচ্চতা স্পৰ্শ কৰিব। এই কামনাৰে মই আকৌ এবাৰ নেতাজী সুভাস আৰু আমাৰ সকলো বীৰ জোৱানৰ চৰণত প্ৰণাম জনাইছো। সকলোকে পৰক্ৰম দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ! বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”