Atal Tunnel will transform the lives of the people of the region: PM
Atal Tunnel symbolizes the commitment of the government to ensure that the benefits of development reach out to each and every citizen: PM
Policies now are not made on the basis of the number of votes, but the endeavour is to ensure that no Indian is left behind: PM
A new dimension is now going to be added to Lahaul-Spiti as a confluence of Dev Darshan and Buddha Darshan: PM

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ সহযোগী শ্ৰীমান ৰাজনাথ সিং জী, হিমাচল প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভঊাই জয়ৰাম ঠাকুৰ জী, কেন্দ্ৰ চৰকাৰত মোৰ সতীৰ্থ তথা এই হিমাচলৰে সন্তান অনুৰাগ ঠাকুৰ জী, হিমাচল চৰকাৰৰ মন্ত্ৰীবৃন্দ, স্থানীয় জনপ্ৰতিনিধি আৰু লাহুৱাল-স্পিটিৰ মোৰ আদৰৰ ভাই-ভনীসকল।

আজি বহু দিনৰ পিছত আপোনালোক সকলোৰে সমূখলৈ অহাৰ সৌভাগ্য হৈছে আৰু ইয়াক লৈ মই সুকী অনুভৱ কৰিছো। অটল সুৰঙ্গৰ বাবে আপোনালোক সকলোকে মই বহু বহু অভিনন্দন আৰু শুভকামনা জনাইছো।

“জুলে, দি কেহ্নিং অটল জীও তৰফে তোফা শ্যু”

বন্ধুসকল,

বহু বছৰ পূৰ্বে যেতিয়া মই ইয়াত এগৰাকী দলীয় কৰ্মকৰ্তা হিচাপে কাম কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছিলো, তেতিয়া ৰোহতাংৰ এক দীঘলীয়া যাত্ৰাৰে এই স্থানলৈ আহিছিলো। আৰু শীতকালত যেতিয়া ৰোহতাংৰ পথটো বন্ধ হৈ পৰে তেতিয়া ঔষধ, পঢ়া শুনা আৰু উপাৰ্জনৰ পথবোৰ কেনেদৰে বন্ধ হৈ পৰিছিল, সেয়া মই নিজেই দেখিছিলো, অনুভৱ কৰিছিলো।  সেই সময়ৰ মোৰ বহু সতীৰ্থ এতিয়াও সক্ৰিয় হৈ আছে। বহু সতীৰ্থ আজি আমাৰ মাত নাই।

মোৰ এতিয়াও স্পষ্টভাৱে মনত আছে যে কিন্নোৰৰ ঠাকুৰ সেন নেগী জী, তেওঁৰ সৈতে মই বহু কথা পতাৰ সুযোগ লাভ কৰিছিলো, বহু কথাই তেওঁৰ পৰা শিকাৰ, জনাৰ সুবিধা লাভ কৰিছিলো। নেগী জীয়ে এগৰাকী বিষয়াৰ ৰূপত আৰু এগৰাকী জন প্ৰতিনিধিৰ ৰূপত হিমাচলৰ যথেষ্ট সেৱা কৰি থৈ গৈছে। সম্ভৱতঃ তেওঁ ১০০ বছৰ পূৰ্ণ কৰিছিল, নে কিবা ৰৈ গ’ল। কিন্তু জীৱনৰ শেষ সময়ছোৱাতো তেওঁ ইমান সক্ৰিয় আছিল যে দেখিলেই তবধ মানিবলগীয়া। প্ৰচুৰ প্ৰাণশক্তিৰে ভৰপূৰ নেগীজীৰ ব্যক্তিত্ব আছিল চালে চকুৰোৱা। তেওঁ আছিল অনুপ্ৰেৰণাৰ স্ৰোত। তেওঁক বহু কথাই সুধিছিলো মই, বহু কথাই কৈ গৈছিল মোক, এক দীঘলীয়া ইতিহাসৰ সাক্ষা আছিল তেওঁ। এই সমগ্ৰ এলেকাটোৰ বিষয়ে জানিবলৈ বুজিবলৈ মোক যথেষ্ট সহায় কৰিছিল তেওঁ।

বন্ধুসকল,

এই এলেকাটোৰ সকলোবোৰ সমস্যা সন্দৰ্ভত অটল জীও সুপৰিচিত আছিল। এই পাহাৰ অটল জীৰ সদায়েই প্ৰিয় আছিল। আপোনালোৰ কষ্ট কম হওঁক, এইবাবেই ২০০০ চনত অটল জী যেতিয়া কল্যাণগলৈ আহিচিল তেতিয়াই তেওঁ এই সুৰঙ্গৰ কথা ঘোষণা কৰিছিল। সেই সময়ত এই সমগ্ৰ এলেকাটোত যি এক উৎসৱমুখৰ পৰিৱেশ আছিল, সেয়া মোৰ এতিয়াও মনত আছে। ইয়াৰেই সুসন্তান আছিল মহান জনসেৱক টাছি দাৱা জী, যাৰ সংকল্পও আজি দিঠকত ৰূপায়িত হৈছে। তেওঁৰ লগতে বহু সতীৰ্থৰ আসীৰ্বাদতে এয়া সম্ভৱপৰ হৈ উঠিছে।

বন্ধুসকল,

অটল টানেল বা সুৰঙ্গ নিৰ্মাণ হোৱাৰ মাত্ৰকে লাহুৱালৰ জনসাধাৰণৰ বাবে এক নতুন দিনৰ আৰম্ভণি হৈছে, পাংগীৰ জনসাধাৰণৰ জীৱনেই সলনি হ’বলৈ লৈছে। ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰঙ্গৰে এতিয়া ৪৫-৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দূৰত্ব হ্ৰাস পালে। এই এলেকাৰ মোৰ বহু বন্ধু বান্ধবীয়ে কল্পনাও কৰা নাছিল যে তেওঁলোকৰ জীৱনকালত এই সুযোগ তেওঁলোকে লাভ কৰিব। এইসকলেই সেইসকল লোক, যিয়ে শীতকালত কোনো চিকিৎসা লাভ কৰিব কৰিব বুলি ৰৈ থকা ৰোগীক কষ্ট-পীড়াত জৰ্জৰিত হোৱা দেখিছে, নিজেও সেই কষ্ট অনুভৱ কৰিছে। আজি তেওঁলোকে সন্তোষ লাভ কৰিছে যে তেওঁলোকৰ সন্তানে আজি সেই দূখ-কষ্ট-পীড়াৰে পিষ্ট সময়বোৰ দেখিবলগীয়া নহ’ব।

বন্ধুসকল,

অটল টানেল নিৰ্মান হোৱাৰ ফলত লাহুৱাল স্পিটি আৰু পাংগীৰ কৃষকেই হওঁক বা উদ্যান কৃষিৰ সৈতে জড়িত লোকসকলেই হওঁক, পশুপালক সকলেই হওঁক, শিক্ষাৰ্থীয়েই হওঁক, চাকৰি কৰা লোকসকলেই হওঁক, ব্যৱসায়ীসকলেই হওঁক, সকলো লোকৰেই লাভ হ’ব, সুবিধা হ’ব। এতিয়া লাহুৱালৰ কৃষকসকলৰ কবি, আলু আৰু মটৰ আদি নষ্ট নহ’ব আৰু সঠিক সময়ত বজাৰলৈ লৈ যাব পৰা হ’ব।

লাহুৱালৰ পৰিচয় হৈ উঠা চন্দ্ৰমুখী আলু, সেই আলুৰ সোৱাদ ময়ো লৈছো। এই চন্দ্ৰমুখী আলুৱেও এতিয়া নতুন বজাৰ লাভ কৰিব, নতুন ক্ৰেতা লাভ কৰিব। এতিয়া নতুন শাক পাচলি, নতুন ফচলেৰে এই ক্ষেত্ৰতো সেউজ অভ্যুত্থানে ক্ষীপ্ৰতা লাভ কৰিব।

লাহুৱাল স্পিটি একপ্ৰকাৰে বহু ঔষধি গছ লতিকা আৰু বহু মচলাজাতীয় উদ্ভিদ যেনে হিং, কুঠ, মনু, কালজিৰা, কাডু, কেশৰ, পতীশ আদিৰে ভৰপূৰ হৈ থাকে। এই সামগ্ৰীবোৰ কেৱল দেশতে নহয়, সমগৰ বিশ্বতে লাহুৱাল স্পিটি তথা হিমাচল তথা দেশৰে পৰিচয় হ’ব পাৰে।

অটল টানেলৰ দ্বাৰা আন এক লাভ হ’ব, সেয়া হৈছে এতিয়াৰে পৰা আপোনাৰ সন্তানক পঢ়াবৰ আপোনালোকে পলায়ন কৰিবলগীয়া নহ’ব। এই সুৰঙ্গই কেৱল যোৱাৰ বাবেই নহয়, অহাৰ বাবে পথ সুগম কৰি তুলিছে।

বন্ধুসকল,

এই সমগ্ৰ এলেকাটোত পৰ্যটনৰ অপাৰ সম্ভাৱনা লুকাই আছে। ইয়াত প্ৰকৃতিৰো অপৰিসীম কৃপা আৰু আধ্যাত্মিকতা লুকাই আছে। আস্থাৰ সৈতে জড়িত পৰ্যটনৰ বাবেও ইয়াত আছে অপাৰ সম্ভাৱনা। পৰ্যটকসকলৰ বাবে এতিয়া আৰু চন্দ্ৰতালো দূৰৈত নহয়, আৰু স্পিটি ঘাটিলৈ যোৱাটোও জটিল নহয়। তুপচিলিং গোপাই হওঁক অথবা ত্ৰিলোকীনাথেই হওঁক, দেৱদৰ্শন আৰু বৌদ্ধ দৰ্শনৰ সংগমৰ ৰূপত লাহুৱাল স্পিটিয়ে এতিয়া এক নতুন ৰূপ লাভ কৰিব। আনকি এয়া এক পথ, যাৰ যোগেদি বৈদ্ধ মঠ আৰু তিব্বতলৈ আন আন দেশলৈ প্ৰসাৰ আৰু প্ৰচাৰ সমভৱপৰ হৈ উঠিব।

স্পিটি ঘাটিত থকা দেশৰ বৌদ্ধ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ তাবো মঠলৈ বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহাৰ পথ এতিয়াৰে পৰা সুচল আৰু সুগম হৈ পৰিব। অৰ্থাৎ একপ্ৰকাৰেৰে এই সমগ্ৰ এলেকা পূৱ এছিয়াৰ লগতে বিশ্বৰ অনেক দেশৰ বৌদ্ধ অনুগামীসকলৰ বাবে এক বৃহৎ কেন্দ্ৰ হৈ পৰিব।

এই কথা নিশ্চিত যে এই সমগ্ৰ এলেকাৰ যুৱ সমাজক বহু সুযোগ সুবিধাৰ সৈতে জড়িত কৰি তুলিব। কোনোবাই যদি হোম ষ্টে চলাব, কোনোবাই গেষ্ট হাউচ চলাব পাৰিব। কোনোবাই যদি ধাবা খুলিব পাৰিব, কোনোবাই আকৌ দোকান পোহাৰ দিব পাৰিব। আনকি বহু ক্ষেত্ৰত বহু লোকে গাইড হিচাপে সংস্থাপন লাভ কৰিব পাৰিব। ইয়াৰ হস্তশিল্প, ইয়াৰ ফল, ঔষধ আদি সকলো দিশেই প্ৰগতিৰ সোপান ৰচিব পাৰিব।

বন্ধুসকল,

অটল টানেল কেন্দ্ৰ চৰকাৰৰ সেই সংকল্পৰো এক অংশ, যাৰ যোগেদি দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ ইয়াৰ লাভৰ অংশ যাব লাগে। অন্যথা, পূৰ্বৰ পৰিস্থিতিৰ এবাৰ কল্পনা কৰকচোন।

লাহুৱাল স্পিটিৰ দৰে দেশৰ বহু অংশ এনেকুৱা আছিল, যিবোৰ স্থানত বসবাস কৰা লোকসকলক বিভিন্ন সমস্যাৰ সৈতে যুঁজ কৰিবলৈ তেওঁলোকৰ ভাগ্যৰ ওপৰতে এৰি দিয়া হৈছিল। ইয়াৰ প্ৰত্যক্ষ কাৰণ এয়াই আছিল যে এই এলেকাবোৰে কিছুমান লোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা নাছিল।

বন্ধুসকল,

বিগত কেইটামান বৰ্ষত এতিয়া দেশত নতুন চিন্তাধাৰাৰে কাম চলিছে। সকলোৰে লগত, সকলোৰে বিশ্বাসেৰে, সকলোৰে বিকাশ সম্ভৱপৰ হৈছে। চৰকাৰৰ কামকাজৰ পদ্ধতিত এক বৃহৎ পৰিৱৰ্তন অনা হৈছে। কিমান ভোট আছে, সেই ধাৰণাৰ আধাৰত এতিয়া আঁচনি প্ৰস্তুত কৰা নহয়। এতিয়া প্ৰয়াস এনেধৰণৰ হয় যে যাতে আঁচনিৰ পৰা কোনো ভাৰতীয় বাদ নপৰে, পিছ পৰি নাযায়।

এই পৰিৱৰ্তনৰ এক বৃহৎ উদাহৰণ হৈছে লাহুৱাল স্পিটি। এই এলেকা হৈছে দেশৰ তেনে এক প্ৰান্ত, য’ত প্ৰতিঘৰ লোকৰ ঘৰতে নলযোগে পানীৰ ব্যৱস্থা কৰা হৈছে। জল জীৱন মিশ্যনৰ যোগেদি দেশৰ জনসাধাৰণৰ জীৱন কেনেদৰে সুচল কৰি তোলা হৈছে, এই জিলাখনেই তাৰ এঅক অনন্য প্ৰতীক।

বন্ধুসকল,

বন্ধুসকল,

আমাৰ চৰকাৰে, দলিত-পিড়ীত-শোষিত-বঞ্চিত, আদিবাসী, সকলোকে মূল সুবিধা দিয়াৰ সংকল্পৰে কাম কৰি আছে। আজি দেশৰ ১৫ কোটিতকৈও অধিক ঘৰত বিশুদ্ধ পানী, পাইপেৰে পানী প্ৰেৰণ কৰাৰ এক বৃহৎ অভিযান চলি আছে।

স্বাধীনতাৰ ইমান বছৰ পিছতো দেশৰ ১৮ হাজাৰতকৈও অধিক গাওঁ অন্ধকাৰত বসবাস কৰিবলৈ বাধ্য আছিল। আজি এই গাওঁবোৰত বিজুলীবাতিৰ ব্যৱস্তা কৰা হ’ল।

স্বাধীনতাৰ কেবা দশক পিছত আজি এই এলেকাবোৰে শৌচাগাৰৰ সুবিধা লাভ কৰিছে, কেৱল সেয়াই নহয় খাদ্য প্ৰস্তুত কৰিবৰ বাবে ৰন্ধন গেছৰো সুবিধা লাভ কৰিছে তেওঁলোকে।

এতিয়া এই কাম কৰাৰ প্ৰয়াস কৰি থকা হৈছে যে দেশৰ বিভিন্ন প্ৰত্যন্ত এলেকাত থকা লোকসকলেও যেন শ্ৰেষ্ঠতম চিকিৎসা সুবিধা লাভ কৰিব পাৰে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দৰিদ্ৰ লোকসকলক বছৰেকত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছে।

ইয়াত হিমাচল প্ৰদেশৰো ২২ লাখতকৈ অধিক দৰিদ্ৰ ভাই ভনীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এই সকলো অভিযানৰ মাধ্যমেৰে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে সংস্থাপনো বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে, যুৱক যুৱতীসকলো উপকৃত হৈছে।

বন্ধুসকল,

পুনৰ এবাৰ অটল টানেলৰ ৰূপত বিকাশৰ নতুন দ্বাৰৰ বাবে লাহুৱাল স্পিটি আৰু পাংগী ঘাটৰ আপোনালোক সকলো ভাই ভনীকেই বহু বহু অভিনন্দন জনাইছো। আৰু লগতে সকলোকে আহ্বান জনাম, দেশৰ প্ৰতিগৰাকী নাগৰিককে মই এই কথা আহ্বান জনাম যে ক’ৰোনা মহামাৰীৰ সএই জটিল সময়ছোৱাত সকলোৱেই নিজৰ লগতে পৰিয়ালৰ প্ৰতি নজৰ ৰাখক। মাস্ক ব্যৱহাৰ কৰক, হাত পৰিস্কাৰকৈ ধুঁৱক।

মোক এই ঐতিহাসিক কাৰ্যক্ৰমণিকাৰ অংশ কৰি তোলাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ কৃতজ্ঞতা ব্যক্ত কৰিছো।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%

Media Coverage

India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.