শান্ত-সৌম্য পৰিবেশ আৰু উদ্যমৰ বাবে পৰিচিত ছিকিমত দ্ৰুত অগ্ৰগতি দেখা গৈছে : প্ৰধানমন্ত্ৰী
গোটেই বাটটোত মই লক্ষ্য কৰা এটা ভাল কথা হৈছে ছিকিমৰ ৰাস্তা-ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা: প্ৰধানমন্ত্ৰী
চকুৱে নেদেখালৈকে কোনো জাবৰ নাই,বতাহতো পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰাস্তাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ছিকিমৰ জনসাধাৰণ, প্ৰকৃতিৰ প্ৰকৃত ৰক্ষক, ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ: প্ৰধানমন্ত্ৰী
আমি ছিকিমত সংযোগ আৰু আন্তঃগাঁথনিৰ বিষয়ত সৰ্বাধিক গুৰুত্ব দিছো; শেহতীয়া বছৰবোৰত ইয়াত শ শ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে, প্ৰতিখন গাঁওক পথৰ সৈতে সংযোগ কৰাৰ কাম দ্ৰুতগতিত আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
ছিকিমৰ বাবে সম্ভাৱনাৰ আন এক বিশাল দিগন্ত ক্ৰীড়াত নিহিত হৈ আছে;ইয়াৰ যুৱক-যুৱতীসকলে বিশাল মঞ্চত নিজৰ সামৰ্থ্য আৰু প্ৰতিভা প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে এয়া নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যে শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনিৰ সমান্তৰালভাৱে মানুহে যাতে সুলভ মূল্যৰ চিকিৎসাও লাভ কৰে: প্ৰধানমন্ত্ৰী
ইয়াৰ পূৰ্বে আমি দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ আয়ুষ্মান কাৰ্ড প্ৰদান কৰিছিলোঁ; এতিয়া এই সুবিধা ৭০ বছৰ আৰু ততোধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰিত কৰা হৈছে, ঔষধ অতি সুলভ মূল্যত জন ঔষধি কেন্দ্ৰত পোৱা যায় : প্ৰধানমন্ত্ৰী
ছিকিমৰ জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ আৰ্হিয়ে সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছে : প্ৰধানমন্ত্ৰী
ছিকিমৰ জীৱনশৈলী আৰু ছিকিমৰ সংকল্প আজি দেশৰ দৃষ্টিভংগীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

সোণালী জয়ন্তী উপলক্ষে ছিকিমৰ সকলো জনসাধাৰণক বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা, নমস্তে, তাশি দিলে!

খাম-ৰি-মো! আপোনালোক কেনে আছে?

বন্ধুসকল,

কালি বিয়লি মই গেংটকত উপস্থিত হৈছো আৰু ইয়ালৈ অহাৰ পূৰ্বে মই বংগৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছিলো। ইয়ালৈ অহাৰ লগে লগে মই এক নতুন অনুভৱ, এক নতুন আনন্দ, চাৰিওফালে এক উৎসৱৰ পৰিবেশ অনুভৱ কৰিছো, মোৰ হৃদয় আনন্দৰে ভৰি পৰিছে। ৰাতিৰ বৰষুণ, তাৰ পিছত পুৱাৰ ঠাণ্ডা আৰু মনোমোহা সূৰ্য্যৰ কিৰণ, ছিকিমৰ ৰং অনন্য।

 

বন্ধুসকল,

পূবৰ স্বৰ্গ ছিকিম, অৰ্কিডৰ বাগিচা ছিকিম, ইয়াৰ সৌন্দৰ্য অতুলনীয়, ইয়াত শান্তি, আধ্যাত্মিক আনন্দ বিৰাজমান, এই অভিজ্ঞতাৰ বাবে মই সৌভাগ্যশালী। আজি মই ইয়াৰ অৰ্কিড চাবলৈও গৈছিলো। মই তাত মোক দিয়া সময়তকৈ অধিক সময় অতিবাহিত কৰিছো। মই সমগ্ৰ দেশৰ পৰা অহা পৰ্যটকসকলক, প্ৰকৃতিপ্ৰেমীসকলক কওঁ, যদি তেওঁলোকে ছিকিমৰ অৰ্কিড দেখা নাই, তেন্তে তেওঁলোকে একোৱেই দেখা নাই। মই বিশ্বাস কৰো যে এইবাৰ পৰ্যটকসকলে ছিকিমৰ পৰ্যটনৰ পৰিসংখ্যা ভংগ কৰিব। অৰ্কিডত মই প্ৰকৃতিৰ ৰং প্ৰত্যক্ষ কৰিছো, ইয়াৰ আনন্দ, মোৰ মন এতিয়াও সজীৱ হৈ আছে।

বন্ধুসকল,

আজি আমি ছিকিমৰ ৫০ বছৰীয়া যাত্ৰা উদযাপন কৰাৰ সুযোগ লাভ কৰিছো। যেতিয়া এনে অনুষ্ঠান ঐতিহ্যমণ্ডিত হয় আৰু এনে এক ঐশ্বৰিক পৰিবেশত উদযাপন কৰা হয়, তেতিয়া ইয়াৰ বিশালতা বহুগুণে বৃদ্ধি পায়। পালজোৰৰ এই ষ্টেডিয়ামখন আজি সেই একেই বিস্ময়কৰ আভাৰে ভৰি পৰিছে। ইয়াত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত শিল্পীসকলে মনোমোহা প্ৰদৰ্শন কৰিছিল। ছিকিমৰ জনসাধাৰণৰ উৎসাহে আকাশ আৰু পৰ্বতত প্ৰকৃতিৰ সুন্দৰ ৰঙক প্ৰতিফলিত কৰিছে। এনে লাগিছিল যেন প্ৰকৃতি আৰু সংস্কৃতি একেলগে প্ৰাণৱন্ত হৈ পৰিছে। এই স্মৃতিবোৰ সদায়ে মোৰ হৃদয়ত থাকিব। নৃত্য পৰিচালনা কৰা, গান গোৱা সকলোকে মই অভিনন্দন জনাইছো আৰু আজিৰ কাৰ্যসূচীক মই টিভি, সংবাদ মাধ্যম আৰু দূৰদৰ্শনৰ জৰিয়তে দেশক বাৰে বাৰে দেখুৱাব বিচাৰো। যেতিয়া দেশৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ভাষাবাদ, প্ৰাদেশিকতাবাদ, উচ্চ-নিম্ন আৰু বৈষম্য নিৰন্তৰভাৱে পৰীক্ষা কৰা হৈছে, আজি ছিকিমে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে। এই ক্ষুদ্ৰ কাৰ্যসূচীত ৰাজ্যখনে সমগ্ৰ ভাৰতক নিজৰ চকুৰ সন্মুখত দাঙি ধৰিছে। আৰু এতিয়াও ৰাজ্যখনে য’ত অৱস্থান ল’ব বিচাৰিছে, মই দেখিছো, সেয়া হৈছে সমগ্ৰ ভাৰত। যিয়ে যিখন প্ৰদেশৰ, তেনেই পৰিবেশ, গুজৰাটৰ মানুহে গুজৰাটী পোছাক পিন্ধি বহি আছে। আপোনালোকে সঁচাকৈয়ে হৃদয় জয় কৰিছে। ইয়ে কেৱল মোদীৰ হৃদয় জয় কৰা নাই, বৰঞ্চ আজি সমগ্ৰ ভাৰতৰেই হৃদয় জয় কৰিছে। এয়া হৈছে ভাৰত ভক্তি, এয়া হৈছে দেশ ভক্তি। ই নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিছে। আপোনালোকক বহুত অভিনন্দন।

বন্ধুসকল,

মই ছিকিমলৈ আহি অতি আনন্দিত হৈছো, কিয়নো যোৱা বাৰ মই বেয়া বতৰৰ বাবে আহিব পৰা নাছিলো। মই বাগডোগ্ৰাৰ পৰা আপোনাৰ সৈতে অনলাইনযোগে যোগাযোগ কৰিবলগীয়া হৈছিল। মই আপোনালোকক সাক্ষাৎ কৰিব নোৱাৰিম, সেয়া কেনেকৈ হ’ব পাৰে? আৰু যেতিয়াই প্ৰেম সিং জীয়ে মোক লগ পাইছিল, মোৰ ইমানেই বেয়া লাগিছিল যে আপোনালোকে ইমান কঠোৰ পৰিশ্ৰম কৰা সত্ত্বেও মই আহিব নোৱাৰিলো আৰু সেয়েহে মই অপেক্ষা কৰি আছিলো, আজি এই সুযোগৰ জৰিয়তে সেই অপেক্ষাও অন্ত পৰিল।

 

বন্ধুসকল,

ছিকিমৰ জনসাধাৰণক সাক্ষাৎ কৰি মই সদায় বিশেষ সান্ত্বনা লাভ কৰো। আপোনালোকৰ কোমলতা, আপোনালোকৰ সৰলতা, আপোনালোকৰ মুখত থকা হাঁহি অতি সুন্দৰ। ইয়ালৈ অহাৰ পূৰ্বেও মই ছিকিমৰ বহু প্ৰতিভাৱান লোকক লগ পাইছিলো। মই ছিকিমৰ বিশিষ্ট ব্যক্তি, পদ্ম সন্মান বিজয়ী, শিল্পী আৰু ফুটবল খেলুৱৈসকলৰ সৈতেও বিভিন্ন বিষয়ত কথা পাতিছো।

বন্ধুসকল,

কালি সন্ধিয়াৰ ৰোড শ্ব’টো মই এতিয়াও পাহৰা নাই আৰু সম্ভৱতঃ কেতিয়াও পাহৰিব নোৱাৰিম। আমাৰ হাতত আমাৰ সুন্দৰ ত্ৰিৰংগা। ভাৰত মাতাৰ নিৰন্তৰ জয়ধ্বনি আৰু বন্দে মাতৰম জপ কৰি সমগ্ৰ পৰিবেশ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ছবিৰে ৰঙীন হৈ পৰিছিল। গঞ্জু লামাৰ দুৱাৰৰ পৰা লোকভৱনৰ পথছোৱালৈ, ছিকিমৰ ভাই-ভনীসকলে যিধৰণে তেওঁলোকৰ মৰম যাচিছিল, যিধৰণে সকলো নৃগোষ্ঠীয় সম্প্ৰদায়ে আদৰণি জনাইছিল, প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব পোছাক আছিল, নিজস্ব সংগীত আছিল, নিজস্ব পৰম্পৰা আছিল, ইয়ে সমগ্ৰ পৰিবেশক এক বৃহৎ উৎসৱত পৰিণত কৰিছিল। এই দৃশ্যটো প্ৰকৃতিৰ কোলাৰ ভিন্নৰঙী ফুলৰ দৰে আছিল। মোৰ মাতৃ-ভগ্নী, শিশু আৰু বয়োজ্যেষ্ঠসকলেও আশীৰ্বাদ দিবলৈ আহিছিল আৰু সমগ্ৰ পথছোৱাত মই প্ৰত্যক্ষ কৰা আটাইতকৈ ভাল দিশবোৰৰ ভিতৰত এটা আছিল ছিকিমৰ পথবোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সকলোৰে অভিবাদন। দূৰ-দূৰণিলৈ কোনো প্ৰদূষণ নাই, বতাহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পথত পৰিষ্কাৰ-পৰিচ্ছন্নতা, ছিকিমৰ জনসাধাৰণ প্ৰকৃতিৰ দৃঢ় ৰক্ষক, ব্ৰেণ্ড এম্বেছাদৰ। মই পুনৰ দেশবাসীক কওঁ, ছিকিমলৈ আহক। ছিকিমক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা হৈছে।

ভাই-ভনীসকল,

কালিৰ ৰোড শ্ব’টোৰ বাবে মই আপোনালোক সকলোকে আৰু সকলো শিল্পীকে আন্তৰিক ধন্যবাদ জনাইছো আৰু এতিয়া আজিৰ এই অনুষ্ঠানৰ বাবেও মই আপোনালোকক অভিনন্দন জনাইছো। ৫০ বছৰৰ এই গুৰুত্বপূৰ্ণ যাত্ৰাৰ এই উদযাপনৰ বাবে মই ছিকিমৰ জনসাধাৰণ আৰু সকলো দেশবাসীক অভিনন্দন জনাইছো। মই আপোনালোকক আশ্বাস দিছো- আপোনালোকৰ প্ৰেম, আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদৰ এই ঋণ পৰিশোধ কৰিবলৈ মই কোনোধৰণৰ ত্ৰুটি নাৰাখো।

 

বন্ধুসকল,

ছিকিমলৈ কৰা যাত্ৰা হৈছে মানৱীয় মূল্যবোধৰ এক যাত্ৰা। ই হৈছে বিকাশ আৰু উত্তৰাধিকাৰৰ যাত্ৰা। ছিক্কিমীসকলৰ বহু প্ৰজন্মই এই যাত্ৰা অব্যাহত ৰাখিছে। বিগত ৫০ বছৰত ছিকিমক আগবাঢ়ি লৈ যোৱা লোকসকলে এই পৰ্য্যায়ত উপনীত কৰাইছে, আজি মই সকলোকে মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা অভিনন্দন জনাইছো। তেওঁলোকে যি সময়ত যিটো কৰিব লাগিছিল, সেয়া কৰিছিল আৰু  ছিকিমক দিছিল। এতিয়া দায়িত্ব আমাৰ ওপৰত, আপোনালোকৰ ওপৰত। মোৰ বন্ধু প্ৰেম সিং জীৰ নেতৃত্বত ছিকিম চৰকাৰে ছিকিমৰ ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে। আমাৰ বাবে ছিকিম, উত্তৰ-পূব কেৱল দেশৰ এক গুৰুত্বপূৰ্ণ অংশই নহয়, ই হৈছে ভাৰতৰ ‘অষ্টলক্ষ্মী’। উত্তৰ-পূব হৈছে ভাৰতৰ ‘অষ্টলক্ষ্মী’। সেয়েহে আমি কেৱল ‘এক্ট ইষ্ট’ নীতিৰ ওপৰত কাম কৰাই নহয়, আমি উত্তৰ-পূবৰ বাবে ‘এক্ট ফাষ্ট’ৰ সংকল্পও লৈছো। আৰু সেয়েহে ‘এক্ট ইষ্ট’, ‘এক্ট ফাষ্ট’। আজিও ইয়াত হাজাৰ হাজাৰ কোটি টকাৰ ৩০ টাতকৈও অধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আছে পথ, শক্তি, পৰ্যটন, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন প্ৰকল্প। ২০২৩ চনৰ পিছত উত্তৰ ছিকিমৰ অঞ্চলসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহকো বিবেচনা কৰা হৈছে। য’ত সংযোগ প্ৰভাৱিত হৈছে, তাত ইয়াক পুনৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

আমাৰ ছিকিমৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ পৰ্যটন অৰ্থনীতি। ছিকিমৰ এলেকা দেশৰ মুঠ এলেকাৰ এক শতাংশতকৈও কম, কিন্তু দেশৰ ফুলৰ বৈচিত্ৰ্যৰ ২৫ শতাংশতকৈও অধিক আমাৰ ছিকিমতেই পোৱা যায়। ইয়াত প্ৰায় ৫০০ প্ৰজাতিৰ চৰাই, প্ৰায় ৭০০ প্ৰজাতিৰ পখিলা, সুন্দৰ অৰণ্য আৱৰণ, কাঞ্চনজংঘাৰ বিস্ময়কৰ আকৰ্ষণ আদি আছে। সেয়েহে সকলোৱে বাৰে বাৰে ছিকিমলৈ আহিব বিচাৰে।

বন্ধুসকল,

অধিকসংখ্যক লোকৰ উপাৰ্জন ছিকিমৰ পৰ্যটনৰ সৈতে জড়িত। যেতিয়া ৰাজ্য এখনৰ আন্তঃগাঁথনি উন্নত হয়, পৰ্যটন কেৱল তেতিয়াহে বৃদ্ধি পায়। সেয়েহে আমি ছিকিমৰ যোগাযোগ আৰু ইয়াৰ আন্তঃগাঁথনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছো। বিগত বছৰবোৰত ইয়াত শ শ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে। গাঁও সংযোগী পথসমূহৰ কাম দ্ৰুতগতিত চলি আছে। আধুনিক আন্তঃগাঁথনি, যি আগতে অকল্পনীয় আছিল, এতিয়া বাস্তৱত পৰিণত হৈছে। বাগডোগ্ৰাৰ পৰা গেংটকলৈ এক্সপ্ৰেছৱে’, ছেভোক-ৰংপো ৰে’ল লাইন নিৰ্মাণ, এই প্ৰকল্পবোৰ ছিকিমক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ এক মাধ্যম হৈ পৰিছে। ইয়াত নতুন ৰাষ্ট্ৰীয় ঘাইপথো নিৰ্মাণ কৰা হৈছে। গেংটকৰ দৰে চহৰত ৰিং ৰোডৰ দৰে প্ৰকল্পসমূহ ভৱিষ্যতৰ বাবে অত্যাৱশ্যকীয়। এই দিশতো কাম চলি আছে।

 

ভাই-ভনীসকল,

বিজেপি চৰকাৰে আজি যি কৰি আছে সেয়া পূৰ্বেও কৰাৰ থল আছিল, কিন্তু কংগ্ৰেছ চৰকাৰে সদায় ছিকিমৰ উন্নয়নক পিছলৈ ঠেলি দিছিল। ছেভোক-ৰংপো ৰে’ল লাইনৰ উদাহৰণেই লোৱা যাওক- এই প্ৰকল্পটো ২০০৮-২০০৯ত অনুমোদিত হৈছিল, কিন্তু কামটো কাগজে-পত্ৰই ৰৈ গৈছিল, ফাইলতেই পৰি আছিল। বিজেপি চৰকাৰ কেন্দ্ৰলৈ অহাৰ পিছত উন্নয়নে পুনৰ গতি লাভ কৰিছে। ছিকিমত পোনপ্ৰথমবাৰৰ বাবে ৰে’ল উপস্থিত হ’বলৈ গৈ আছে।

বন্ধুসকল,

পৰ্যটনৰ প্ৰসাৰৰ বাবে আমাক নতুন ধাৰণাৰো প্ৰয়োজন। আজি আমি এই চিন্তাধাৰাৰে কাম কৰি আছো। ভালেঢুংগা, য়েন-য়েং আৰু পেলিঙত ৰোপৱে’ নিৰ্মাণ ইয়াৰ এটা উদাহৰণ। ভালেঢুংগাত স্কাইৱাক নিৰ্মাণ কৰা হৈছে। আৰু এতিয়া সিংহাশোৰ দলংখনত এখন গ্লাছ ডেক স্কাইৱাক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। নাথুলা আৰু নামালীৰ দৰে ঠাইত সীমান্তৰ অভিজ্ঞতা উন্নত কৰাৰ বাবেও কাম কৰি থকা হৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাত আপোনালোকৰ জীৱন সৰল হ’ব, ছিকিমলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব আৰু আপোনালোকৰ উপাৰ্জনো বৃদ্ধি হ’ব। মই সদায় সমগ্ৰ দেশৰ পৰ্যটকসকলক আহ্বান জনাওঁ। আপোনালোক ভ্ৰমণলৈ যায়, দুঃসাহসিক পৰ্যটনলৈ যায়, পৰিবেশ পৰ্যটনলৈ যায়, কিন্তু আপুনি য’তেই যায়, তাত থলুৱা সামগ্ৰী থাকে, আপোনাৰ ভ্ৰমণ বাজেটৰ ৫ শতাংশ তাৰ পৰা কিবা এটা ক্ৰয় কৰাটো বাধ্যতামূলক হ’ব লাগে। লোকেল ফৰ ভোকেল ইয়াৰ পৰাই আৰম্ভ হয়। আপোনালোক য’তেই যাওঁক তাৰেই খাদ্য খাওক, য’তেই যাওঁক তাৰেই বস্তু কিনক, সেইবোৰ স্মৃতি হিচাপে লৈ যাওঁক। যাতে দূৰৰ পাহাৰত বাস কৰা সৰু সৰু গোটবোৰে, যিসকলৰ ভালেসংখ্যক মোৰ ওচৰলৈ আহিছে, আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে, সমগ্ৰ দেশৰ লোকে সেইসমূহ ক্ৰয় কৰা উচিত আৰু ই নিয়োগৰ সুযোগো বৃদ্ধি কৰিব।

 

বন্ধুসকল,

ছিকিমত পৰিৱেশ-সুস্থতা পৰ্যটনৰো যথেষ্ট সুযোগ আছে, আমি ইয়াৰ প্ৰসাৰো কৰি আছো। স্থানীয় লোকসকলে পৰ্যটনৰ পৰা অধিক উপাৰ্জন লাভ কৰে, ইয়াৰ বাবে ১০০০ টা হোমষ্টেও নিৰ্মাণ কৰা হৈছে। দুঃসাহসিক পৰ্যটনৰ বাবেও আন্তঃগাঁথনি উন্নত কৰা কৰা হৈছে।

বন্ধুসকল,

ছিকিমৰ বাবে সম্ভাৱনাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে ক্ৰীড়া। ইয়াত এনে যুৱক-যুৱতী আছে, যিসকলে ক্ৰীড়াৰ বৃহৎ বৃহৎ মঞ্চত নিজৰ সামৰ্থ্য আৰু প্ৰতিভা প্ৰমাণ কৰিছে। ইয়াৰ পৰা ফুটবল, বক্সিং, আৰ্চাৰী, খেলুৱৈসকলে ছিকিম আৰু দেশৰ নাম উজ্জ্বল কৰি তুলিছে।

বন্ধুসকল,

আমি এই প্ৰতিভাসমূহৰ প্ৰসাৰৰ বাবে ‘খেলো ইণ্ডিয়া’ আৰু ‘ফিট ইণ্ডিয়া’ৰ দৰে আন্দোলন চলাই আছো। ইয়াৰ ৰাজ্যিক ক্ৰীড়া একাডেমীও পুনৰুজ্জীৱিত কৰা হৈছে। ছিকিম প্ৰিমিয়াৰ লীগৰ দৰে ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰসাৰ কৰা হৈছে, যাতে সৰ্বাধিক সংখ্যক খেলুৱৈয়ে খেলাৰ সুযোগ পায়, তেওঁলোকৰ খেল উন্নত হয়।

বন্ধুসকল,

তদুপৰি জছলাল প্ৰধানৰ নামত এখন অত্যাধুনিক বক্সিং একাডেমী স্থাপনৰ প্ৰস্তাৱ আছে। সংহত ক্ৰীড়া আৰু সাংস্কৃতিক গাঁৱৰ দৰে প্ৰকল্পসমূহেও অগ্ৰগতি লাভ কৰিছে। ই ছিকিমৰ যুৱক-যুৱতীসকলক উন্নত সুবিধা প্ৰদান কৰিব আৰু তেওঁলোকে নিজৰ খেলত উন্নত প্ৰদৰ্শনৰ সুবিধা লাভ কৰিব।

বন্ধুসকল,

আজি উদ্বোধন কৰা আৰু আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও ডাঙৰ প্ৰকল্প আছে। এটা সময় আছিল যেতিয়া ছিকিম আৰু উত্তৰ-পূবক কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণৰূপে উপেক্ষা কৰিছিল। ইয়াৰ স্বাস্থ্য সেৱা অতি সীমিত আছিল। এই কাৰণেই পৰ্যটকসকলে ইয়ালৈ আহিবলৈ দ্বিধাবোধ কৰিছিল, কিন্তু আজি সেই প্ৰত্যাহ্বানৰো অন্ত পৰিছে। বৰ্তমান ছিকিমত প্ৰায় ২০০ টা আয়ুষ্মান আৰোগ্য মন্দিৰ কাৰ্যক্ষম হৈ আছে। আজি ইয়াত ৪ খন জিলা চিকিৎসালয়, তৃতীয় পৰ্যায়ৰ চিকিৎসা কেন্দ্ৰ, স্বাস্থ্য যতন কেন্দ্ৰ আছে, ইয়াত আয়ুষ সুবিধাৰ পৰা হাজাৰ হাজাৰ লোক উপকৃত হৈছে। ড্ৰেজং নামগ্যাল ছোৱা ৰিগপা চিকিৎসালয় উদ্বোধনৰ পিছত ছিকিমৰ স্বাস্থ্যসেৱা ব্যৱস্থা আৰু অধিক উন্নত হ’ব।

 

 

ভাই-ভনীসকল,

স্বাস্থ্য আন্তঃগাঁথনিৰ লগতে মানুহে সুলভ মূল্যৰ চিকিৎসাও লাভ কৰে, আমাৰ চৰকাৰো ইয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে আমি দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড দিছিলো। এতিয়া এই সুবিধা ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো বৃদ্ধ লোকক প্ৰদান কৰা হৈছে। লগতে জনঔষধি কেন্দ্ৰসমূহত অতি কম দৰত ঔষধো উপলব্ধ। এই প্ৰচেষ্টাৰ ফলত ইয়াৰ লোকসকলৰ জীৱন সহজ হৈ পৰিছে আৰু আপোনালোকৰ চিকিৎসা ব্যয়ো হ্ৰাস পাইছে।

বন্ধুসকল,

আজি অৰ্থনৈতিক প্ৰগতি আৰু সম্পদৰ বাবে বিশ্বৰ দৃষ্টিভংগী দ্ৰুতগতিত সলনি হৈ আছে। আজি বিশ্বই বহনক্ষম জীৱনশৈলীৰ কথা কৈ আছে। আজি বিশ্বই পৰিষ্কাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি জৈৱিক খাদ্যক অগ্ৰাধিকাৰ দিয়া হৈছে। মই সুখী যে আমাৰ উত্তৰ-পূব আৰু ছিকিম এই ভৱিষ্যতৰ বিকাশৰ প্ৰধান কেন্দ্ৰ। ছিকিমে সমগ্ৰ দেশক পথ দেখুৱাইছে। ১০ বছৰ পূৰ্বে ছিকিমে ২০১৬ চনত সমগ্ৰ ৰাজ্যখনক জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰিছিল। আমাৰ ডেমাজং কেৱল ধান উৎপাদনৰ বাবেই নহয়, ই এতিয়া জৈৱিক চাউলৰ বাবেও জনাজাত। ডাঙৰ ইলাচী, আদা, হালধি, এভাকাডো, কিৱি আদি এনে বহুতো সামগ্ৰী দেশ আৰু বিশ্বৰ বজাৰত প্ৰৱেশ কৰিছে। ছিকিমত শ শ প্ৰজাতিৰ ঔষধি উদ্ভিদো পোৱা যায়। এইটো স্থানীয় লোকসকলৰ উপাৰ্জন বৃদ্ধিৰ এটা উপায় হৈ পৰিছে।

বন্ধুসকল,

ছিকিমৰ জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ আৰ্হি সমগ্ৰ দেশৰ বাবে এক অনুপ্ৰেৰণা। ছিকিমৰ জীৱনশৈলী, ছিকিমৰ সংকল্প, আজি দেশৰ দৃষ্টিভংগীৰ অংশ হৈ পৰিছে। প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে ইয়াত জৈৱিক প্ৰক্ৰিয়াকৰণ প্ৰকল্পও আৰম্ভ কৰা হৈছে। ই কৃষকসকলক বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ সুযোগ প্ৰদান কৰিছে।

বন্ধুসকল,

ছিকিমৰ আত্মসহায়ক গোট আৰু মহিলাসকলে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমূহীয়া বজাৰত উপনীত হোৱা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ ক্ষেত্ৰত ডিজিটেল ইণ্ডিয়াই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ‘স্বয়ম ছিকিম’ৰ দৰে মঞ্চসমূহে আজি এই মহিলাসকলক সবলীকৰণ কৰিছে।

 

বন্ধুসকল,

পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত ছিকিমৰ প্ৰচুৰ সম্ভাৱনা আছে। আমি ইয়াত পৰিবেশ সংৰক্ষণৰ লগতে ছিকিমৰ এই সম্ভাৱনাৰ অধিক ব্যৱহাৰ কৰিব লাগিব। মই জানো, পৰিবেশ সুৰক্ষা ছিকিমৰ জনসাধাৰণৰ এইটোৱেই প্ৰকৃতি। যেতিয়া দেশে ‘এক পেড় মা কে নাম’ৰ উদ্যম আৰম্ভ কৰিছিল, তেতিয়া ছিকিমৰ জনসাধাৰণে কৰ্তব্যৰ ভাৱনাৰে আগবাঢ়ি আহিছিল আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি ‘মেৰোৰুখ মেৰো সন্ততি’ উদ্যমো চলাই আছে। ইয়াৰ অধীনত প্ৰতিটো শিশুৰ জন্মৰ সময়ত ১০৮ টা গছপুলি ৰোপণ কৰা হয়। মই ভাবো যে এই পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক অনুপ্ৰেৰণা। আমি আমাৰ পৰিবেশগত প্ৰচেষ্টা অধিক আন্তৰিকতাৰে বৃদ্ধি কৰিব লাগিব। এইটো আমাৰ পৰম্পৰা, যাক আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব লাগিব।

বন্ধুসকল,

ছিকিম অধিক দ্ৰুত গতিত আগবাঢ়ি যাওক, উন্নত ভাৰতৰ সপোনক গতি দিয়ক, আমি ইয়াৰ বাবে সমন্বয়েৰে কাম কৰিব লাগিব। আমি ছিকিমক নতুন শিখৰলৈ লৈ যাব বিচাৰো। এই সংকল্পৰ সৈতে মই আকৌ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু আমি ৫০ বছৰীয়া যাত্ৰাৰ দুটা পৰ্যায় সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া

ছিকিমে ১০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব, তেতিয়া কি কৰিব? ছিকিমৰ ৭৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ সময়ত কি কৰিব? আৰু দেশৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, বিকশিত ভাৰত ২০৪৭ৰ সপোনৰ বাবে আমি আজিৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি সংকল্পৰে আগবাঢ়ি যাও আহক। এই ভাৱনাৰে মই পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। বহুত বহুত ধন্যবাদ। মোৰ সৈতে কওঁক

 

বন্ধুসকল,

পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত ছিকিমৰ প্ৰচুৰ সম্ভাৱনা আছে। আমি ইয়াত পৰিবেশ সংৰক্ষণৰ লগতে ছিকিমৰ এই সম্ভাৱনাৰ অধিক ব্যৱহাৰ কৰিব লাগিব। মই জানো, পৰিবেশ সুৰক্ষা ছিকিমৰ জনসাধাৰণৰ এইটোৱেই প্ৰকৃতি। যেতিয়া দেশে ‘এক পেড় মা কে নাম’ৰ উদ্যম আৰম্ভ কৰিছিল, তেতিয়া ছিকিমৰ জনসাধাৰণে কৰ্তব্যৰ ভাৱনাৰে আগবাঢ়ি আহিছিল আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি ‘মেৰোৰুখ মেৰো সন্ততি’ উদ্যমো চলাই আছে। ইয়াৰ অধীনত প্ৰতিটো শিশুৰ জন্মৰ সময়ত ১০৮ টা গছপুলি ৰোপণ কৰা হয়। মই ভাবো যে এই পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক অনুপ্ৰেৰণা। আমি আমাৰ পৰিবেশগত প্ৰচেষ্টা অধিক আন্তৰিকতাৰে বৃদ্ধি কৰিব লাগিব। এইটো আমাৰ পৰম্পৰা, যাক আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব লাগিব।

 

বন্ধুসকল,

ছিকিম অধিক দ্ৰুত গতিত আগবাঢ়ি যাওক, উন্নত ভাৰতৰ সপোনক গতি দিয়ক, আমি ইয়াৰ বাবে সমন্বয়েৰে কাম কৰিব লাগিব। আমি ছিকিমক নতুন শিখৰলৈ লৈ যাব বিচাৰো। এই সংকল্পৰ সৈতে মই আকৌ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু আমি ৫০ বছৰীয়া যাত্ৰাৰ দুটা পৰ্যায় সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া

ছিকিমে ১০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব, তেতিয়া কি কৰিব? ছিকিমৰ ৭৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ সময়ত কি কৰিব? আৰু দেশৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, বিকশিত ভাৰত ২০৪৭ৰ সপোনৰ বাবে আমি আজিৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি সংকল্পৰে আগবাঢ়ি যাও আহক। এই ভাৱনাৰে মই পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। বহুত বহুত ধন্যবাদ। মোৰ সৈতে কওঁক

 

ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়।

বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম

বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম

বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম

বন্দে মাতৰম

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bihar’s famous food products make a mark at BRICS Summit

Media Coverage

Bihar’s famous food products make a mark at BRICS Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”