“তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট দাখিল কৰাটো দেশবাসীয়ে এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে”
“এই বাজেটখনে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব”
“দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত থাকি সংসদৰ মৰ্যাদাপূৰ্ণ মঞ্চৰ ব্যৱহাৰ কৰি দেশৰ প্ৰতি দায়বদ্ধ হওক”
“২০২৯ চনলৈকে একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে দেশ, ইয়াৰ দুখীয়া, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকল”
“নিৰ্বাচিত চৰকাৰ আৰু ইয়াৰ প্ৰধানমন্ত্ৰীক মুখ বন্ধ কৰাসকলৰ গণতান্ত্ৰিক পৰম্পৰাত কোনো স্থান নাই”
“প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যসকলক আগবাঢ়ি আহি নিজৰ মতামত দাঙি ধৰিবলৈ দিয়ক”
‘এই সদন ৰাজনৈতিক দলৰ বাবে নহয়, এই সদন দেশৰ বাবেহে। ইয়াৰ উদ্দেশ্য সাংসদসকলক সেৱা আগবঢ়োৱা নহয় বৰঞ্চ ভাৰতৰ ১৪০ কোটি নাগৰিকক সেৱা আগবঢ়োৱাহে”

আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ৷ এই পবিত্ৰ দিনটোত এক গুৰুত্বপূৰ্ণ অধিৱেশন আৰম্ভ হৈছে আৰু শাওনৰ এই প্ৰথম সোমবাৰ উপলক্ষে দেশবাসীক বহুত বহুত শুভকামনা জনাইছোঁ৷

বন্ধুসকল,

ভাৰতৰ গণতন্ত্ৰৰ গৌৰৱময় যাত্ৰাত এইটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে মই প্ৰত্যক্ষ কৰিছোঁ৷ মোৰ ব্যক্তিগত আৰু আমাৰ সকলো সহকৰ্মীৰ বাবে অতি গৌৰৱৰ বিষয় যে প্ৰায় ৬০ বছৰৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে এখন চৰকাৰ পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছে আৰু তৃতীয় ইনিংছৰ প্ৰথম বাজেট দাখিল কৰাৰ সৌভাগ্য লাভ কৰিছে এইটো এটা ডাঙৰ লক্ষণ ভাৰতৰ গণতন্ত্ৰৰ গৌৰৱ দেশখনে ইয়াক এক মৰ্যাদাপূৰ্ণ অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে৷ এয়া বাজেট অধিবেশন। মই দেশবাসীক যি নিশ্চয়তা দি আহিছো তাক ক্ৰমান্বয়ে কাৰ্যকৰী কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িছো। এই বাজেট অমৃতকালৰ এক গুৰুত্বপূৰ্ণ বাজেট। আমি ৫ বছৰৰ সুযোগ পাইছো, আজিৰ বাজেটেও সেই ৫ বছৰৰ কামৰ দিশ নিৰ্ণয় কৰিব আৰু এই বাজেটখন যথেষ্ট শক্তিশালী হ’ব যাতে ২০৪৭ চনত আমাৰ উন্নত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব, যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব। আমি কাইলৈ ​​শক্তিশালী আধাৰৰ বাজেট লৈ দেশবাসীৰ সন্মুখত হাজিৰ হ’ম।  দেশবাসীৰ বাবে গৌৰৱৰ বিষয় এই যে বৃহৎ অর্থনীতিৰ দেশসমূহৰ ভিতৰত ভাৰত সর্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে৷ আমি  যোৱা ৩ বছৰত অবিৰতভাৱে ৮ শতাংশ বৃদ্ধিৰে আগুৱাই গৈছো৷ আজি ভাৰতত ইতিবাচক দৃষ্টিভংগী, বিনিয়োগ আৰু প্ৰদৰ্শন এক প্ৰকাৰে সুযোগৰ শিখৰত আছে। এইটো সঁচাকৈয়ে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

 

বন্ধুসকল,

দেশৰ সকলো সাংসদৰ লগত কথা পাতিছো, তেওঁলোক যি দলৰেই নহওক কিয়। আজি মই দৃঢ়তাৰে ক’ব বিচাৰিছো যে আমি যোৱা জানুৱাৰী মাহৰ পৰা যিমান ক্ষমতা যুঁজিছো, এই ক্ষমতাৰে যিমান যুদ্ধ কৰিব লাগিছিল সিমান যুদ্ধ কৰিছো আৰু জনসাধাৰণক ক’বলগীয়া কথাবোৰ আমি কৈছো। কোনোবাই বাট দেখুৱাবলৈ চেষ্টা কৰিছিল, কোনোবাই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এতিয়া সেই সময়সীমা অন্ত পৰিল, দেশবাসীয়ে তেওঁলোকৰ সিদ্ধান্ত দিছে। এতিয়া সকলো নিৰ্বাচিত সাংসদৰ কৰ্তব্য, সকলো ৰাজনৈতিক দলৰ বিশেষ দায়িত্ব যে আমি দলৰ বাবে যিমান যুঁজিবলগীয়া হৈছিল, এতিয়া আগন্তুক ৫ বছৰৰ বাবে আমি দেশৰ বাবে যুঁজিব লাগিব, আমি দেশৰ বাবে সংগ্ৰাম কৰিব লাগিব আৰু আমি সম্ভ্ৰান্ত হৈ যুঁজিব লাগিব। লগতে সকলো ৰাজনৈতিক দলকে জনাব বিচাৰিছো যে আমি দলৰ ঊৰ্ধ্বত থাকি কেৱল দেশৰ বাবে নিজকে সমৰ্পিত কৰি আগন্তুক চাৰি বা চাৰে চাৰি বছৰলৈ সংসদৰ এই মৰ্যাদাপূৰ্ণ মঞ্চখন ব্যৱহাৰ কৰিম।

 

২০২৯ চনৰ জানুৱাৰী মাহত যেতিয়া নিৰ্বাচনী বছৰ হ’ব, তাৰ পিছত ফিল্ডত যাওক, যদি আপুনি সদনটোও ব্যৱহাৰ কৰিব বিচাৰে তেন্তে কৰক। সেই ৬ মাহৰ বাবে যি খেল খেলিব বিচাৰে, খেলক। কিন্তু তেতিয়ালৈকে আমি দেশ, দেশৰ দৰিদ্ৰ, দেশৰ কৃষক, দেশৰ যুৱক-যুৱতী, মহিলা সকলক তেওঁলোকৰ সম্ভাৱনাৰ বাবে, সৱলীকৰণৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণৰ এক গণ আন্দোলন সৃষ্টি কৰি ২০৪৭ চনৰ সপোন পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম৷ আজি মই অতি দুখেৰে ক'ব লগা হৈছে যে ২০১৪ চনৰ পিছত ৫ বছৰৰ বাবে একাংশ সাংসদ আহিল, ১০ বছৰৰ বাবে কিছু সাংসদে সুযোগ পালে। কিন্তু এনে বহু সাংসদ আছিল যিয়ে নিজৰ অঞ্চলৰ কথা ক’বলৈ সুযোগ নাপালে, নিজৰ ধাৰণাৰে সংসদক ধন্য কৰাৰ সুযোগ নাপালে, কাৰণ কিছুমান দলৰ নেতিবাচক ৰাজনীতিয়ে দেশৰ সংসদৰ গুৰুত্বপূৰ্ণ সময়চোৱাক এক প্ৰকাৰৰ তেওঁলোকৰ ৰাজনৈতিক ব্যৰ্থতাৰ প্ৰতিফলন ঢাকিবলৈ অপব্যৱহাৰ কৰিলে৷ সকলো দলকে আহ্বান জনাইছো যে তেওঁলোকক এটা সুযোগ দিয়ক, অন্ততঃ যিসকলে প্ৰথমবাৰৰ বাবে সদনলৈ আহিছে, বৃহৎ সংখ্যক আমাৰ সন্মানীয় সাংসদ আছে আৰু সকলো দলতে আছে, তেওঁলোকে আলোচনাত নিজৰ মতামত প্ৰকাশ কৰক। যিমান পাৰি সিমান মানুহক আগবাঢ়ি অহাৰ সুযোগ দিয়ক। আৰু আপোনালোকে নিশ্চয় দেখিছে যে নতুন সংসদ গঠনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনত দেশবাসীয়ে ১৪০ কোটি দেশবাসীৰ সংখ্যাগৰিষ্ঠতাৰে সেৱা আগবঢ়াবলৈ জনাদেশ দিয়া চৰকাৰখনৰ কণ্ঠ দমন কৰাৰ অগণতান্ত্ৰিক প্ৰয়াস কৰা হৈছিল। দেশৰ প্ৰধানমন্ত্ৰীক ডেৰ-দুই ঘণ্টা ডিঙি চেপি ধৰিবলৈ, তেওঁৰ মাত বন্ধ কৰিবলৈ, তেওঁৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰাসকলৰ গণতান্ত্ৰিক পৰম্পৰাত কোনো স্থান থাকিব নোৱাৰে। আৰু এই সকলোবোৰৰ বাবে কোনো অনুশোচনা নাই, হৃদয়ত অলপো দুখ নাই।

 

আজি মই দৃঢ়তাৰে ক’ব বিচাৰিছো যে দেশবাসীয়ে আমাক ইয়ালৈ পঠিয়াইছে দেশৰ বাবে, দলৰ বাবে নহয়। এই সদন দলৰ বাবে নহয়, এই সদন দেশৰ বাবে। এই সদন কেৱল সাংসদৰ সংখ্যাতে সীমাবদ্ধ নহয়, ইয়াৰ উদ্দেশ্য হৈছে বিপুল সংখ্যক ১৪০ কোটি দেশবাসীৰ বাবে। মোৰ বিশ্বাস আমাৰ সকলো সন্মানীয় সাংসদে সম্পূৰ্ণ প্ৰস্তুতিৰে আলোচনা সফল কৰিব, যিমানেই বিৰোধী মতামত নাথাকক কিয়, বিৰোধী মতামত বেয়া নহয়, নেতিবাচক চিন্তাহে বেয়া। চিন্তাৰ সীমা য’ত শেষ হয়, দেশক নেতিবাচকতাৰ প্ৰয়োজন নাই, আমি আগবাঢ়িব লাগিব এটা মতাদৰ্শ, প্ৰগতিৰ মতাদৰ্শ, উন্নয়নৰ মতাদৰ্শ, দেশক নতুন উচ্চতালৈ লৈ যোৱা মতাদৰ্শৰে। মই আন্তৰিকতাৰে আশা কৰিছো যে আমি ভাৰতৰ সাধাৰণ মানুহৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে এই গণতন্ত্ৰৰ মন্দিৰক ইতিবাচকভাৱে ব্যৱহাৰ কৰিম।

 

বন্ধুসকল আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships