এই কঠিন সময়ত কোনো পৰিয়াল যাতে ভোকাতুৰে নাথাকে, সেয়া চোৱাটো আমাৰ কর্তব্যঃ প্রধানমন্ত্রী
প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি হিতাধিকাৰীলৈ আৰু দুমাহৰ বিনামূলীয়া খাদ্য-সামগ্ৰী, কেন্দ্রই এই আঁচনিৰ বাবে ২৬ হাজাৰ কোটিতকৈ অধিক টকাৰ ব্যয় কৰিছেঃ প্রধানমন্ত্রী
সকলো কেন্দ্রীয় নীতি আৰু উদ্যোগৰ মূল কেন্দ্রত আছে গাঁওসমূহঃ প্রধানমন্ত্রী
কেন্দ্রীয় চৰকাৰে পঞ্চায়তসমূহৰ বাবে ২.২৫ লাখ কোটি টকা আৱণ্টন কৰিছে, যাৰফলত পঞ্চায়তসমূহৰ কাম-কাজত আৰু অধিক স্বচ্ছতা আহিবঃ প্রধানমন্ত্রী

অনুষ্ঠানত মোৰ সৈতে সংযুক্ত হোৱা পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ জী, ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, অৰুণাচলপ্ৰদেশ, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, হাৰিয়ানা উপ-মুখ্যমন্ত্ৰী, ৰাজ্যসমূহৰ পঞ্চায়তীৰাজ মন্ত্ৰী, গ্ৰামীণ বিকাশ মন্ত্ৰী, সমগ্ৰ দেশৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গ

নৰেন্দ্ৰ সিং তোমৰ জীয়ে কৈছে যে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় ৫ কোটি লোকে নাম পঞ্জীয়ন কৰিছে৷ ইমানসংখ্যক লোকে এই অুনুষ্ঠানত অংশগ্ৰহণ কৰাটোৱে প্ৰকৃতাৰ্থত গাঁৱৰ বিকাশৰ ক্ষেত্ৰত যি পদক্ষেপ লোৱা হৈছে, তাত শক্তি যোগায়৷ এই পাঁচ কোটি লোকক মোৰ সশ্ৰদ্ধ নমস্কাৰ৷

ভাই-ভনীসসকল,

পঞ্চায়তীৰাজ দিৱসৰ এই দিনটো গ্ৰামীণ ভাৰতৰ নৱনিৰ্মাণৰ সংকল্পসমূহক দোঁহৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ৷ এই দিনটো আমাৰ গাঁও পঞ্চায়তসমূহৰ যোগদান আৰু তেওঁলোকৰ অসাধাৰণ কাম-কাজ চোৱা, বুজি পোৱা আৰু সেইবোৰৰ প্ৰশংসা কৰাৰো দিন৷

এতিয়া মই গাঁৱৰ বিকাশৰ ক্ষেত্ৰত প্ৰশংসনীয় কৰা কৰা পঞ্চায়তসমূহক সন্মান জনোৱা, তেওঁলোকক বঁটা প্ৰদান কৰাৰ সুযোগ হৈছে৷ মই আপোনালোক সকলোকে ‘পঞ্চায়তীৰাজ দিৱস’ৰ বহুত বহত শুভকামনা জনাইছো৷ শেহতীয়াভাৱে কেইবাখনো ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সম্পন্ন হৈছে আৰু বহু ঠাই চলি আছে, সেইবোৰে আমাৰ সৈতে আজি বহুত নতুন বন্ধুও আছে৷ মই সকলো নতুন জনপ্ৰতিনিধিক বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

আজি গাঁও আৰু দুখীয়া লোকসকলে তেওঁলোকৰ ঘৰৰ আইনী দস্তাৱেজ দিবলগীয়া ডাঙৰ আৰু গুৰুত্বপূৰ্ণ যোজনা ‘স্বামীত্ব যোজনা’ৰ সমগ্ৰ দেশত ৰূপায়ণ কৰা হৈছে৷ বিগত বৰ্ষত যিবোৰ স্থানত এই যোজনা আৰম্ভ কৰা হৈছিল, তাৰ বহু বন্ধুক সম্পত্তি কাৰ্ড প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবেও এই কামত সৈতে জড়িত আৰু সময়মতে কাম আগবঢ়োৱাৰ প্ৰয়াস কৰা সকলোকে মই বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷ স্বামিত্ব যোজনাই গাঁও আৰু দুখীয়া লোকসকলৰ আত্মবিশ্বাস, পৰস্পৰৰ বিশ্বাস আৰু বিকাশক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ বাবেও মই সমগ্ৰ দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷

বন্ধুসকল,

এবছৰৰ পূৰ্বে যেতিয়া আমি পঞ্চায়তী ৰাজ দিৱসত একেলগ হৈছিলো, তেতিয়া সমগ্ৰ দেশে ক’ৰোনাৰে মোকাবিলা কৰি আছিল৷ তেতিয়া মই আপোনালোক সকলোকে আহ্বান জনাইছিলো যে আপোনালোকে ক’ৰোনাক গাঁৱত সোমোৱাৰ পৰা ৰোধ কৰা নিজৰ ভূমিকা পালন কৰক৷ আপোনালোক সকলোকে অতি সুকলমে, কেৱল ক’ৰোনাক গাঁৱত সোমোৱাতে প্ৰতিৰোধ কৰা নাই, বৰঞ্চ গাঁওসমূহত সজাগতা বৃদ্ধিতো বৃহৎ ভূমিকা পালন কৰিলে৷ এই বৰ্ষতো আমাৰ সন্মুখত যি প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বান আগতকৈ অধিক, কিয়নো গাঁৱলৈ এই সংক্ৰমণ কোনো কাৰণতে হ’বলৈ দিব নালাগিব, তাক প্ৰতিৰোধ কৰিবই লাগিব৷

বিগত বৰ্ষত আপোনালোকে যিদৰে পৰিশ্ৰম কৰিলে, দেশৰ গাঁওসমূহে যি নেতৃত্ব প্ৰদান কৰিলে, সেই কাম এইবাৰো আপোনালোকে অধিক আগ্ৰহেৰে, নিয়মানুৱৰ্তিতাৰে আৰু অধিক লোকক লগত লৈ কৰক, সফলতা নিশ্চয় পাব৷ কাৰণ যোৱাবাৰ আপোনালোকেৰ কৰিছিল, এতিয়া এবছৰৰ অভিজ্ঞতা আছে৷ সংকটৰ সম্পৰ্কে অধিক জ্ঞান আছে, সংকটৰ পৰা ৰক্ষা পোৱাৰ পথ সম্পৰ্কে জ্ঞান আছে৷ সেইবাবে মোৰ বিশ্বাস যে মোৰ দেশৰ, মোৰ গাঁৱৰ সকলোৱে, গাঁৱৰ নেতৃত্ব প্ৰদান কৰা লোকসকলে, গাঁৱত ক’ৰোনাৰ প্ৰৱেশ কৰাটো ৰোধ কৰিবলৈ সফল হ’ব আৰু বহুত উত্তম ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব৷ যিসমূহ গাইডলাইন সময়ে সময়ে জাৰি কৰা হয়, সেইবোৰ সম্পূৰ্ণ পালন কৰাটো সুনিশ্চিত কৰিব লাগিব৷

এইবাৰ আমাৰ ওচৰত ভেকচিনৰ এক সুৰক্ষা কৱচ আছে৷ সেইবাবে আমি সকলো সাৱধানতা পালন কৰি এইটো সুনিশ্চিত কৰিব লাগিব যে গাঁৱৰ সকলো ব্যক্তিয়ে ভেকচিনৰ দুয়োটা ড’জ লয়৷ ভাৰতৰ চৰকাৰে এতিয়া ৪৫ বছৰ বয়সৰ ওপৰত সকলো ব্যক্তিক বিনামূলীয়া টিকাকৰণ কৰি আছে, ভাৰতৰ সকলো ৰাজ্যত কৰি আছে৷ এতিয়া ১মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকসকলক টিকাকৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ আপোনালোক সকলোৰে সহযোগত এই টিকাকৰণ অভিযান সফল হ’ব৷

বন্ধুসকল,

এই জটিল সময়ত কোনো পৰিয়াল যাতে ভোকত নাথাকে, দুখীয়াসকলৰ ঘৰৰ চৌকা জ্বলে, সেয়াও আমাৰ দায়িত্ব, কালি ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদানৰ যোজনা পুনৰ আৰম্ভ কৰিছে৷ মে’ আৰু জুন মাহত দেশৰ প্ৰতিগৰাকী দুখীয়া লোকে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিব৷ ইয়াৰ লাভ ৮০ কোটিতকৈ অধিক নাগৰিকে পাব৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ২৬হাজাৰ কোটিতকৈ অধিক টকা ব্যয় হ’ব৷

বন্ধুসকল,

এই খাদ্য সামগ্ৰী দুখীয়া লোকসকলৰ, দেশৰ৷ সকলো অন্ন সঠিকভাৱে সেইসমূহ পৰিয়ালৰ ওচৰত তাৎক্ষণিকভাৱে যাতে পায়, সেয়া সুনিশ্চিত কৰাটো আমাৰ সকলোৰে কাম আৰু মোৰ বিশ্বাস যে ৰাজ্য চৰকাৰ আৰু পঞ্চায়তসমূহে আমাৰ সৈতে দায়িত্ব পালন কৰিব৷

বন্ধুসকল,

গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিৰ হিচাপে আপোনালোকৰ ভূমিকা গণতন্ত্ৰ শক্তিশালী কৰা আৰু গাঁৱৰ আশা-আকাংক্ষাসমূহ পুৰণ কৰা৷ আমাৰ গাঁও, ভাৰতৰ বিকাশ আৰু আত্মনিৰ্ভৰতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ৷ পূজ্য মহাত্মা গান্ধীয়ে কৈছিল-“মোৰ মতে আত্মনিৰ্ভৰতা হৈছে এনে গাঁও যি নিজৰ মৌলিক প্ৰয়োজনসমূহ পুৰণ কৰাৰ বাবে আত্মনিৰ্ভৰ হয়৷ কিন্তু আত্মনিৰ্ভৰ হোৱাৰ অৰ্থ এইটো নহয় যে নিজৰ সীমাতে আমি বান্ধ খাই থাকিম৷” পূজ্য বাপুৰ চিন্তাধাৰা কিমান স্পষ্ট আছিল, অৰ্থাৎ আমি নতুন নতুন সুযোগ, নতুন সম্ভাৱনাসমূহৰ সন্ধান কৰি নিজৰ গাঁৱৰ বিকাশৰ পথত আগুৱাই নিব লাগিব৷

বন্ধুসকল,

বিগত বৰ্ষত যি ৬খন ৰাজ্যত স্বামীত্ব যোজনা আৰম্ভ হৈছিল, তাত এবছৰৰ ভিতৰত ইয়াৰ প্ৰভাৱ পৰিস্ফুট হৈছে৷ স্বামিত্ব যোজনাত দ্ৰোণৰ জৰিয়তে সম্পূৰ্ণ গাঁৱৰ, সম্পত্তিৰ সমীক্ষা কৰা হয় আৰু যাৰ যিমান ভূমি আছে, তাৰ ভিত্তিত সম্পত্তি কাৰ্ড প্ৰদান কৰা হয়৷ কিছু সময়ৰ পূৰ্বে ৫হাজাৰ গাঁৱত ৪লাখতকৈ অদিক সম্পত্তিৰ মালিকক ‘ই-সম্পত্তি কাৰ্ড’ প্ৰদান কৰা হৈছে৷ স্বামিত্ব যোজনাৰ বাবে আজি গাঁওসমূহত এক নতুন আত্মবিশ্বাস ঘুৰি আহিছে, সুৰক্ষা ভাৱ জাগ্ৰত হৈছে৷

গাঁৱৰ নক্সা, নিজৰ সম্পত্তিৰ দস্তাৱেজ যেতিয়া হাতত থাকে, তেতিয়া বিভিন্ন প্ৰকাৰৰ আশংকা নিঃশেষ হৈ যায়৷ ইয়াৰ দ্বাৰা গাঁৱৰ ভূমি-সম্পত্তিৰ ক্ষেত্ৰত হোৱা সংঘৰ্ষ কম হয়, ক’ৰবাত ক’ৰবাত পৰিয়ালৰ মাজৰ কাজিয়া নাইকিয়া হৈছে৷ দুখীয়া-দলিত লোকসকলৰ শোষণৰ সম্ভাৱনাও হ্ৰাস পাইছে, দুৰ্নীতিৰ এক ডাঙৰ পথ বন্ধ হৈছে৷ কৰ্ট-কাছাৰীৰ গোছৰ বন্ধ হৈছে৷ যিসকল লোকে নিজৰ ভূমিৰ কাগজ পাইছে, তেওঁলোকে বেংকৰ পৰাও সহজতে ঋণ লাভ কৰিছে৷

বন্ধুসকল,

স্বামিত্ব যোজনাৰ আন এটা বিশেষ কথা আছে৷ এই যোজনাত দ্ৰোণৰ সমীক্ষাৰ পাছত সকলো গাঁৱৰত এক সম্পূৰ্ণ নক্সা ভূমিৰ সম্পূৰ্ণ হিচাপ-নিকাচৰ এক গ্ৰন্থও প্ৰস্তুত কৰা হয়৷ ইয়াৰ দ্বাৰা পঞ্চায়তসমূহৰ গাঁৱৰ বিকাশৰ কামসমূহ এক দীঘলীয়া চিন্তাধাৰাৰে, এক ভিজন হিচাপে, ব্যৱস্থাপক ধৰণে কৰাটো এই নক্সা, মেপে যথেষ্ট কাম দিয়ে৷ মই সকলো পঞ্চায়তকৰ্মীক আহ্বান জনাও যে ইয়াক অতি দায়িত্ব সহকাৰে গাঁওসমূহৰ উন্নয়নৰ স্বাৰ্থত আগুৱাই নিয়ক৷

এফালৰ পৰা দুখীয়া লোকসকলৰ সুৰক্ষা, গ্ৰাম্য অর্থনীতি আৰু গাঁৱত পৰিকল্পিত উন্নয়ন, এইবোৰৰ স্ব-নিধি প্রকল্প নিশ্চিত কৰা হৈছে। মই দেশৰ সকলো ৰাজ্যক অনুৰোধ কৰিম ছার্ভে অৱ ইণ্ডিয়াৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰৰ কাম যিমান পাৰি ক্ষিপ্ৰতাৰে সম্পন্ন কৰক৷ ইয়াৰ বাবে কেইবাখনো ৰাজ্যৰ ভূমি আইনো সংশোধন কৰা দৰকাৰ। মই ৰাজ্যসমূহ পৰামর্শ দিও যে  গাঁৱৰ ঘৰৰ দলিল প্ৰস্তত কৰাৰ পাছত যদি কোনো ব্যক্তিয়ে বেংকৰ পৰা ঋণ ল’ব বিচাৰে, তাত যাতে কোনো বাধাৰ সৃষ্টি নহয়, সেইটো সুনিশ্চিত কৰিব লাগিব৷ মই বেংকসমূহৰ ওচৰত আবেদন জনাও যে তেওঁলোকে সম্পত্তি কাৰ্ডৰ এক ফৰমেট প্ৰস্তুত কৰক, যি বেংকৰ পৰা ঋণ লোৱাৰ বাবে গ্রহণযোগ্য হয়। সকলো পঞ্চায়তৰ প্রতিনিধিয়ে স্থানীয় প্রশাসনৰ সৈতে মিলি কাম কৰিব লাগিব আৰু গাঁওবাসীৰ সঠিক তথ্য যোগান ধৰিব লাগিব।

বন্ধুসকল
আমাৰ দেশৰ অগ্রগতি আৰু সংস্কৃতিৰ উন্নয়নত আমাৰ গাঁওসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে। সেইবাবেই আজি দেশৰ প্রতিটো নীতি আৰু প্রতিটো প্ৰচেষ্টা গাঁওসমূহক কেন্দ্র কৰি আগুৱাই গৈছে। আমি নিশ্চিত কৰিব লাগিব যে আধুনিক ভাৰতৰ গাঁওসমূহ সক্ষম হওক, স্বাবলম্বী হওক। সেই বাবে পঞ্চায়তৰ ভূমিকা বিস্তাৰ কৰা হৈছে, পঞ্চায়তসমূহক নতুন অধিকাৰ দিয়া হৈছে। পঞ্চায়তসমূহক ডিজিটেল কৰাৰ বাবে, প্ৰতিখন গাঁৱক ফাইবাৰ নেটেৰে যুক্ত কৰাৰ কামো দ্রুতগতিত চলিছে।
প্ৰতিটো ঘৰে বিশুদ্ধ খোৱাপানী লাভ কৰিব পৰাকৈ 'জল জীৱন মিশনৰ' দৰে এক ডাঙৰ প্রকল্পৰ দায়িত্ব পঞ্চায়তসমূহক দিয়া হৈছে। এয়া সচাকৈয়ে এক বিশাল কাম যি আমি আপোনালোকৰ দায়িত্বত, আপোনালোকৰ অংশগ্রহণৰ জৰিয়তে আগুৱাই নিছো৷ গাঁৱত কর্মসংস্থাপনৰ পৰা আৰম্ভ কৰি দুখীয়া লোকসকলৰ পকী গৃহ নিৰ্মাণ কৰালৈকে কেন্দ্রীয় চৰকাৰে যিবোৰ অভিযান চলাইছে, সেয়া কেবল গাঁও পঞ্চায়তৰ জৰিয়তে আগুৱাই গৈছে। গাঁৱৰ উন্নয়নৰ বাবে অগ্রাধিকাৰ নির্ধাৰণ কৰা হওক, সেই সম্পর্কে সিদ্ধান্ত লোৱা হওক, এই ক্ষেত্ৰতো পঞ্চায়তৰ ভূমিকা বিস্তাৰ কৰা হৈছে। আপোনালোকে নিজৰ গাঁও সম্পর্কে চিন্তা কৰক, গাঁৱৰ চাহিদা আৰু প্রত্যাশা অনুসৰি উন্নয়নৰ গতি বৃদ্ধি কৰক, ইয়াৰ বাবে দেশেও আপোনালোকৰ পৰা বহু প্রত্যাশা কৰিছে আৰু আপোনালোকক সুযোগো দিছে৷ আনকি গাঁৱৰ ব্যয় সম্পর্কিত অনেক ক্ষমতা পোনপটীয়াভাৱে পঞ্চায়তসমূহকে দিয়া হৈছে। সৰু সৰু প্রয়োজনেৰ বাবে আপোনালোকে যাতে চৰকাৰী বিভাগসমূহলৈ একেবাৰে নোযোৱাকৈ হয়, সেই প্ৰচেষ্টাও লোৱা হৈছে। যেনেকৈ আদি ইয়াত দিয়া নগদ পুৰষ্কাৰসমূহ পোনপটীয়াকৈ পঞ্চায়তৰ বেংক একাউণ্টত জমা কৰা হ’ব৷

 

বন্ধুসকল,
ভাৰত চৰকাৰে আঢ়ৈ লাখ কোটিতকৈও অধিক টকা গাঁও পঞ্চায়তসমূহৰ হাতত দিছে। ইয়াৰ পূৰ্বে কেতিয়াও ইমান বৃহৎ ধনৰাশি পঞ্চায়তসমূহক দিয়া হোৱা নাছিল৷ এই ধনৰ জৰিয়তে গাঁৱত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত কামসমূহক অগ্রাধিকাৰ দিয়া উচিত, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ উদ্যোগ গ্রহণ আৰু স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে প্রচুৰ চেষ্টা কৰা উচিত। কিন্তু য’ত গাঁৱৰ উন্নয়নৰ বাবে ইমান টকা আৱণ্টন কৰা হৈছে, য’ত ইমান কাম হ’ব, তেতিয়া গাঁওবাসীয়েও আশা কৰিব যে প্রত্যেক কামত স্বচ্ছতা যেন বজাই থাকে। আপোনালোকৰ ওচৰত এই প্রত্যাশা থাকিব আৰু সেয়া পূৰণ কৰাটো আপোনালোকৰে দায়িত্ব। সেইবাবে পঞ্চায়তীৰাজ মন্ত্ৰালয়ক ‘ই-গাঁও স্বৰাজ’ ৰ মাধ্যমেৰে অর্থ আদান-প্রদানৰ অনলাইন ব্যৱস্থা কৰিছে।যি অর্থ প্রদান কৰা হ’ব, সেয়া পাবলিক ফিনান্স মেনেজমেণ্ট ছিষ্টেম(পিএফএমএছ)ৰ মাধ্যমে হ’ব৷। একদৰে ব্যয় স্বচ্ছতা আৰু দায়িত্ব নিশ্চিত কৰিবলৈ অনলাইন অডিটৰৰো ব্যৱস্থা কৰা হৈছে। মই আনন্দিত যে বহু পঞ্চায়তে এই ব্যৱস্থাত যোগদান কৰিছে। মই দেশৰ সকলো পঞ্চায়তৰ মুৰব্বীসকলক অনুৰোধ কৰিম যে যদি আপোনালোকে পঞ্চায়তৰ এই ব্যৱস্থাৰ সৈতে এতিয়াও যুক্ত হোৱা নাই, তেতিয়া হ’লে যিমান পাৰি সোনকালে যুক্ত হওক৷

বন্ধুসকল,
এই বছৰ আমি স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষৰ্ষপূৰ্তিত প্রৱেশ কৰিবলৈ গৈ আছো। আমাৰ সন্মুখত বহু সমস্যা আছে, সেয়াও উন্নয়নৰ চকা আমাৰ দ্রুত গতিত আগুৱাই নিব লাগিব৷ আপোনালোকেও নিজৰ গাঁৱৰ উন্নয়নৰ লক্ষ্যসমূহ স্থিৰ কৰক আৰু নির্ধাৰিত সময়ৰ ভিতৰত সেইবোৰ সম্পন্ন কৰক। যেনে, গাঁওসভাত আপোৱালোকে পৰিচ্ছন্নতা, জল সংৰক্ষণ, পুষ্টি, টিকা, শিক্ষা সম্পৰ্কীয় অভিযান শুৰু কৰিব পাৰে। আপোনালোকৰ গাঁৱৰ ঘৰসমূহ পানী সংৰক্ষণক লৈ লক্ষ্য স্থিৰ কৰিব পাৰে৷ আপোনালোকৰ গাঁৱত ভূগর্ভস্থ জলৰ স্তৰ কিদৰে ববৃদ্ধি কৰিব পৰাযায় তাৰ বাবে আপুনি লক্ষ্য নির্ধাৰণ কৰিব পাৰে৷ ৰাসায়নিক সাৰমুক্ত কৃষিকৰ্মই হওক, ৰাসায়নিক সাৰ বা কম পানীত হোৱা ফছসৰ দিশত গাঁৱক ধাৱিত কৰাই হওক, প্রতি টোপাল পানীত অধিক ফচল, কিদৰে এটোপাল পানীৰ পৰা ফচল উৎপাদন কৰিব পাৰে আপোনালোকে সেই ক্ষেত্ৰত কাম কৰিব পাৰে৷ গাঁৱৰ সকলো শিশু আৰু বিশেষকৈ গাঁৱৰ কন্যাসকল যাতে স্কুললৈ যায়, কোনেও আধাতে পঢ়া-শুনা সামৰিব লগীয়া নহয়, আপোনালোকে যুটীয়াভাবে এই দায়িত্ব পালন কৰিব লাগিব। গাঁও পঞ্চাতেত কিদৰে দৰিদ্র শিশুৰ অনলাইন শিক্ষাত তেওঁলোকক সহায় কৰিব পাৰে, সেই বিষয়তো আপোনালোকে অৱশ্যই চেষ্টা কৰা উচিত। 'মিচন অন্ত্যোদয়া সমীক্ষা'ৰ অধীনত গাঁৱৰ যিবোৰ প্রয়োজন আৰু তেওঁলোকৰ যিবোৰ সমস্যা আছে, সেয়া স্থিৰ কৰি প্ৰতিখন গাঁও পঞ্চায়তে সেইবোৰ দূৰ কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব।
এনে পৰিস্থিতিত পঞ্চায়তসমূহৰ মন্ত্র হোৱা উচিত - 'ঔষধো, অনুশাসনো '। মোৰ বিশ্বাস ক’ৰোনাৰ যুদ্ধত প্রথমে ভাৰতৰ গাঁওসমূহে বিজয়ী হৈ আহিছে, আমাৰ ভাৰতৰ নেতৃত্ব বিজয়ী হোৱাৰ দিশে গতি কৰিছে, আমাৰ ভাৰতৰ গাঁৱৰ অতি দৰিদ্র নাগৰিকসকল, গাঁৱৰ সকলো নাগৰিক মিলি বিজয়ী হ’ব৷ গাঁওবাসীৰ এই সাফল্যই দেশ আৰু বিশ্বক পথ দেখুৱাব..সেইবোৰ হৈছে আমাৰ আপোনালোকৰ প্রতি ভৰসা, বিশ্বাস আৰু যোৱা বছৰৰ অভিজ্ঞতা। মোৰ সম্পূ্ৰ্ণ বিশ্বাস আছে যে আপোনালোকে সেইবোৰ মানি চলিব৷ অতি আদৰেৰ পালন কৰিব, এয়াও আপোনালোকৰ বিশেষত্ব। আপোনালোকৰ কোনো যাতে বাদ নপৰে, সেয়া ভাৱক, কোনেও যাতে বেয়া নাপায়, তাকো ভাবক৷
আপোনালোক ক’ৰোনাৰ বিৰুদ্ধে এই যুঁজত শীঘ্ৰে জয়লাভ হওক, আপোনালোকৰ গাঁওসমূহ ক’ৰোনামুক্ত হওক, তাত আপোনালোক সফল হওক, এই বিশ্বাসেৰে মই পুনৰবাৰ আপোনালোকৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people of Goa on Goa Statehood Day
May 30, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the people of Goa on the occasion of Goa Statehood Day.

The Prime Minister said that Goa is widely known for its vibrant culture, rich heritage, natural beauty and warm-hearted people.

The Prime Minister noted that the occasion is an opportunity to remember with gratitude all those who worked tirelessly for the progress and identity of Goa.

The Prime Minister expressed hope that Goa will continue to prosper and play an important role in building a Viksit Bharat.

Shri Modi also prayed for the good health and prosperity of every Goan.

The Prime Minister wrote on X;

“Greetings to the people of Goa on the special occasion of Goa Statehood Day. Goa’s vibrant culture, rich heritage, natural beauty and warm-hearted people are widely known. This day is also an opportunity to remember with gratitude all those who worked tirelessly for its progress and identity. May Goa continue to prosper and play an important role in building a Viksit Bharat. Praying for the good health and prosperity of every Goan.”