নতুন দিল্লীৰ দ্বাৰকাৰ ডিডিএ গ্ৰাউণ্ডত আয়োজিত দশেৰা উত্সৱত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
ইমান বিশাল সংখ্যাৰে আহি ইয়াত উপস্থিত হোৱা সংস্কৃতিপ্ৰেমী মোৰ প্ৰিয় ভাই-ভনীসকল। আপোনালোক আটাইলৈকে বি়জয়া দশমীৰ এই পবিত্ৰ মুহূৰ্তত বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।

জয় শ্ৰী ৰাম–জয় শ্ৰী ৰাম

জয় শ্ৰী ৰাম–জয় শ্ৰী ৰাম

জয় শ্ৰী ৰাম–জয় শ্ৰী ৰাম

ইমান বিশাল সংখ্যাৰে আহি ইয়াত উপস্থিত হোৱা সংস্কৃতিপ্ৰেমী মোৰ প্ৰিয় ভাই-ভনীসকল। আপোনালোক আটাইলৈকে বি়জয়া দশমীৰ এই পবিত্ৰ মুহূৰ্তত বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।

ভাৰত বাস্তৱিকতেই উত্সৱৰ দেশ। হয়তো এই ভাৰত ভূমিত বছৰৰ এনেকুৱা এটাদিন নাই, যিটো দিনত কোনোবা নহয় কোনোবা প্ৰান্তত, কোনোবা নহয় কোনোবা এটা উত্সৱ উদযাপন নকৰাকৈপাৰ হয়। বহু সহস্ৰ বছৰৰ সাংস্কৃতিক পৰম্পৰা, অনেক বীৰ-গাঁথা আৰু পৌৰাণিক কাহিনীৰে বিজড়িত ইয়াৰ জীৱন, ইতিহাসৰ ঐতিহ্যক সমৃদ্ধ কৰিব পৰা ইয়াৰ সাংস্কৃতিক বৈভৱ, এই সকলোবোৰৰ পয়োভৰত আমাৰ দেশে, উত্সৱকো সংস্কাৰৰ, শিক্ষাৰ আৰু সমূহীয়া জীৱনৰ এক নিৰন্তৰ প্ৰশিক্ষণৰ সমল কৰি তুলিছে। উত্সৱে আমাক একাত্ম কৰে, উত্সৱে আমাক নতুন পথৰ সন্ধানো দিয়ে। উত্সৱে আমাক উলাহৰে ভৰাই তোলে, উত্সৱে আহ্লাদিত কৰিও তোলে।

এই উত্সৱেই আমাক নতুন নতুন সপোন দেখাৰ বাবে সামৰ্থ্য প্ৰদান কৰে। দৰাচলতে, আমাৰ তেজত উত্সৱৰ লহৰ সদায় প্ৰৱাহিত হৈয়েই থাকে। সেয়ে ভাৰতৰ সামাজিক জীৱনৰ প্ৰাণ-তত্ব উত্সৱ বুলিয়ে আমি ক’ব পাৰো। আৰু এই উত্সৱেই প্ৰাণ-তত্ব হোৱা বাবে বহু সহস্ৰ বছৰ পুৰণি মহান পৰম্পৰা কেতিয়াও ‘ক্লাব কালচাৰ’ৰ গ্ৰাসত পৰিবলগীয়া হোৱা নাই। উত্সৱেই ইয়াৰ অভিব্যক্তি প্ৰকাশৰ উত্তম মাধ্যম হৈ আহিছে আৰু ইয়েই উত্সৱৰ সামৰ্থ্য বুলিও চিহ্নিত হৈ আহিছে।

উত্সৱৰ জৰিয়তেই প্ৰতিভাক বিচাৰি উলিওৱা, প্ৰতিভাক এক সামাজিক গৰিমা প্ৰদান কৰা, প্ৰতিভাক প্ৰদৰ্শন কৰাৰ সুযোগ দান কৰাৰ বাবে আমাৰ ইয়াত নিৰন্তৰ প্ৰয়াস অব্যাহত থাকে। কলাই হওক কিম্বা বাদ্যই হওক, অথবা গীত, নৃত্য যিয়েই নহওক কিয়, সকলো প্ৰকাৰৰ কলাই আমাৰ উত্সৱৰ সৈতে অভিন্ন ৰূপত জড়িত হৈ থাকে । আৰু এই কাৰণেই ভাৰতৰ সহস্ৰ বছৰীয়া সাংস্কৃতিক ঐতিহ্যত এই কলা সাধনাৰ সুবাদত, উত্সৱৰ মাধ্যমৰে কলা আমাৰ জীৱন-ব্যৱ্থাৰে ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰাৰ ফলত ভাৰতত‘ৰব’ত’ৰ জন্ম নহয়, বৰং আবেগ অনুভূতিৰে ভৰা মানুহৰহে জন্ম হয়। ইয়াৰ অভ্যন্তৰৰ মানৱতা, হৃদয়ৰ কৰুণা, সংবেদনা, দয়াৰ ভাৱনা, এই সকলোবোৰক শক্তি প্ৰদান কৰাৰ কাম উত্সৱৰ মাধ্যমৰেই হয়।

আৰু সেয়ে শেহতীয়া নটা দিনত আমি নৱৰাত্ৰী উদযাপন কৰিছিলো। ভাৰতৰ এনে কোনো প্ৰান্তৰ নাই য’ত নৱৰাত্ৰী উদযাপন কৰা নহয়। শক্তি সাধনাৰ পৰ্ব, শক্তি উপাসনাৰ পৰ্ব, শক্তি আৰাধনাৰ পৰ্ব, আৰু শক্তি আমাৰ ভিতৰৰ ৰিক্ততাক কম কৰাৰ বাবে, অসমৰ্থতাৰ পৰা মুক্তি পাবৰ বাবে, আমাৰ মনত বাহৰ পাতি লোৱা অনাহূত ভুল-ত্ৰুতিবোৰৰ পৰা মুক্তি পাবৰ বাবে, এই শক্তিৰ আৰাধনাই এক নতুন স্বৰূপেৰে ভিতৰখনক সামৰ্থ্যবান কৰি তোলে।
আৰু আই মাতৃক উপাসনা কৰা এইখন দেশে, শক্তিৰ আৰাধনা কৰা এইখন দেশে, পৃথিৱীৰ সকলো মাতৃ-ভগ্নী-জীয়ৰীৰ সন্মান, সকলো মাতৃ-ভগ্নীৰ গৌৰৱ অক্ষুন্ন ৰখাৰ সংকল্পকো এই শক্তি সাধনাৰ লগতে আমাৰ দায়িত্ব বুলি স্বীকাৰ কৰি লব লাগিব।

আৰু সেয়ে এইবেলিৰ ‘মন কী বাত’ কাৰ্যক্ৰমত মই কৈছিলো যে আমাৰ ইয়াত উত্সৱ যুগ-কাল অনুসৰি পৰিৱৰ্তিত হৈ থাকে। আমাৰ এইখন সমাজে গৌৰৱেৰে পৰিৱৰ্তনক স্বীকাৰ কৰি ল’ব পাৰে। আমি প্ৰত্যাহ্বানক উভতি ধৰিবও পাৰো আৰু প্ৰয়োজন সাপেক্ষে নিজকে নিজেই পৰিৱৰ্তনৰ সাঁচত পৰিৱৰ্তিত কৰি ল’বও পাৰো।

সময় থাকোতেই পৰিৱৰ্তনক স্বাগত জনোৱাত আমি সিদ্ধহস্ত। হয়তো সেইকাৰণেই কোৱা হয় যে আমাৰ ইয়াত মহাপুৰুষৰ অভাৱ কাহানিও হোৱা নাই। আমাৰ সমাজক অপ-শক্তি, অপ-সংস্কৃতিয়ে গ্ৰাস কৰিব খোজাৰ পৰতে এনে অপ-শক্তিৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে কোনোবা মহাপুৰুষৰ জন্ম হয়েই। আমাৰ সমাজক কলুষিত কৰিব খোজা, আমাৰ সমাজে মানি ল’ব খোজা অশুভ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে আমাৰ সমাজৰ ব্যক্তিয়েই যুঁজ কৰাৰ বাবে আগবাঢ়ি আহে। আৰম্ভণীতে সংঘৰ্ষ হয় যদিও সময়ান্তৰতসেইসকলেই আদৰ্শ তপস্বী, সেইসকলেই যুগ-পুৰুষ, সেইসকলেই আমাৰ প্ৰেৰণাদাতা হিচাপে মূৰ্তিমান হৈ উঠে।

আৰু সেইকাৰণেই আমি পৰিৱৰ্তনক সদায় আদৰণি জনোৱা মানুহ বুলি পৰিগণিত হৈ আহিছো। আৰু যিহেতু আমি পৰিৱৰ্তনক স্বীকাৰ কৰি লোৱা ব্যক্তি সেয়ে, এইবেলিৰ ‘মন কী বাত’ত মই কৈছিলো যে দীপাৱলীৰ নিশা আমি আই লক্ষ্মীৰ পূজা কৰো। লক্ষ্মী আইক আদৰাৰ বাবে আমি অধীৰ আগ্ৰহৰে অপেক্ষা কৰি ৰও। আমি আশা কৰো অহাটো বছৰ পৰ্যন্ত, অহাটো দীপাৱলী পৰ্যন্ত আই লক্ষ্মী যেন আমাৰ ঘৰতে থাকক, আমাৰ ঘৰত লক্ষ্মী আইৰ আশীষ অব্যাহত হৈ ৰওক—এয়াই আমাৰ মনৰ আশা।

‘মন কী বাত’ত মই কৈছিলো যে যিখন দেশত লক্ষ্মী আইৰ পূজা হয়, আমাৰ ঘৰে ঘৰে লক্ষ্মী থাকে, আমাৰ গাঁৱে গাঁৱে, পাৰাই-চুবুৰীয়ে লক্ষ্মীৰ আবাস থাকে। আমাৰ জীয়ৰী-ছোৱালীক আমি লক্ষ্মীৰ ৰূপত গ্ৰহণ কৰো। আমাৰ গাঁৱত, আমাৰ চহৰ-নগৰত, যিকেইগৰাকী ছোৱালীয়ে জীৱনত কিবা সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে, যিকেইগৰাকী ছোৱালীয়ে আনক প্ৰেৰণা দিবলৈ সক্ষম হৈছে, সেইকেইগৰাকী ছোৱালীক আমি সামূহিক কাৰ্যক্ৰম অনুষ্ঠিত কৰি সন্মানিত কৰা উচিত আৰু সেয়াই আমাৰ লক্ষ্মী পূজা হোৱা উচিত, কাৰণ তেওঁলোকেইতো আমাৰ দেশৰ বাবে লখিমীস্বৰূপা। আমি সময় অনুকূলে উত্সৱৰ স্বৰূপ পৰিৱৰ্তনক স্বীকাৰ কৰি লোৱা উচিত।

আজি পবিত্ৰ বিজয়া দশমী, আৰু আজিৰ দিনতো দেশৰ বায়ু সেনা বাহিনীৰ জন্ম দিৱসো।আমাৰ বায়ু সেনা বাহিনীয়ে শেহতীয়া প্ৰেক্ষাপটত পৰাক্ৰমৰ নতুন নতুন পৰাকাষ্ঠা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সেয়ে বিজয়া দশমীৰ উদযাপন পৰ্বত যেতিয়া আমি ভগৱান হনুমানক শ্ৰদ্ধা জনাও, তেতিয়া আমি আমাৰ বায়ু সেনা বাহিনীকো স্মৰণ কৰো আহক। বায়ু সেনা বাহিনীৰ বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁলোকৰ বাবে সাফল্য কামনা কৰো আহক।

আজি বিজয়া দশমী, আসুৰিক শক্তিৰ বিপৰীতে দেৱী শক্তিৰ বিজয়ৰ দিৱস। পিছে সময় থাকোতেই আমি আমাৰ মনৰ ভিতৰৰ আসুৰিক শক্তিক পৰাভূত কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিব লাগিব। তেতিয়াহে আমি মনৰ মাজত ৰামৰ অনুভৱ কৰিব পাৰিম। আৰু হৃদয়ত প্ৰভূ ৰামৰ অনুভৱ কৰাৰ বাবে, আমিও আমাৰ জীৱনত বিজয়া দশমী পাবৰ বাবে, বিজয়শ্ৰী আহৰণৰ সংকল্পৰ সৈতে আমাৰ অভ্যন্তৰৰ শক্তি, আমাৰ ভিতৰৰ উত্সাহক সামৰ্থ্য প্ৰদান কৰাৰ বাবে আমাৰ দুৰ্বলতাবোৰক, আমাৰ আসুৰিক প্ৰবৃত্তিবোৰক মষিমূৰ কৰাতো আমাৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত।

আজি বিজয়া দশমী আৰু মহাত্মা গান্ধীৰ ১৫০সংখ্যক জয়ন্তী উদযাপনৰ মুহূৰ্তত আমি দেশবাসীয়ে সংকল্প লও আহক—
আমি দেশৰ মংগলৰ বাবে কিবা নহয় কিবা এটা কাম এইটো বছৰত সম্পূৰ্ণকৈ কৰিমেই। যদি কোনোবাই পানী বচাব খোজে, তেন্তে সেয়াও এক সংকল্প হ’ব পাৰে। খোৱা-পাতৰ খাদ্য-দ্ৰব্য নেপেলাও বুলি ভবাটোও এক সংকল্প হ’ব পাৰে। বিজুলী বচাব খোজাটোও সংকল্প হ’ব পাৰে। দেশৰ সম্পত্তি ধ্বংস নকৰো বুলি ভবাটোও এক সংকল্প হ’ব পাৰে।
বিজয়া দশমী, মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী, গুৰু নানকজীৰ ৫৫০সংখ্যক প্ৰকাশ বৰ্ষ, সময়ৰ এনে সংযোগ খুউব কমেইহে হোৱা দেখা যায়। এই সংযোগক উপলক্ষ কৰি লৈ, ইয়াকে প্ৰেৰণাৰ সমল কৰি লৈ আমিও এনে কোনো সংকল্প গ্ৰহণ কৰো আহক—যিয়ে আমাৰ জীৱনত বিজয়ৰ ধাৰা অব্যাহত ৰাখিব।

সামূহিকতাৰ শক্তি কিমান হ’ব পাৰে! ভগৱান কৃ্ষ্ণই এটা আঙুলিৰে গোৱৰ্দ্ধন পৰ্বত উঠাইছিল নে, নে সকলো গোৱালৰ লাখুটিৰে উঠোৱা পৰ্বতখনক তেওঁ আঙুলিৰে হেঁচা দি সহযোগিতাহে আগবঢ়াইছিল!

প্ৰভু ৰামচন্দ্ৰৰ জীৱনলৈ চাওঁকচোন-সমুদ্ৰ পাৰ হৈ লংকালৈ যাব লগা আছিল, তাৰ বাবে দলং নিৰ্মাণৰ প্ৰয়োজনীয়তা আছিল, আৰু তেওঁ অৰণ্যৰ সংগীসকলক লগত লৈ সামূহিক শক্তিৰ মাধ্যমৰে সেঁতুও নিৰ্মাণ কৰিলে আৰু লংকাতো উপস্থিত হ’লগৈ। সমূহীয়া শক্তিৰ সামৰ্থ্য সিমানেই। আৰু এই উত্সৱসমূহে আমাক সমূহিক শক্তিৰ অৱকাশ দান কৰে আৰু ইয়াৰ জোৰতে আমি আমাৰ সংকল্পত সিদ্ধি লাভ কৰিব পাৰো।

প্লাষ্টিকৰ পৰা মুক্তি পোৱাৰ বাবে আমি নিজে নিজেই প্ৰয়াস কৰো আহক। আমি আমাৰ গাঁও-পাৰা-চুবুৰী সকলোকে জড়িত কৰি ‘ন ফাৰ্ষ্ট ইউজ প্লাষ্টিক’-শীৰ্ষকেৰে এক আন্দোলন গঢ়ি তোলো আহক।

 

প্ৰভু ৰামৰ বিজয়োত্সৱক যুগে যুগে ‘বিজয় পৰ্ব’ হিচাপে উদযাপন কৰি অহা হৈছে। ৰামায়ণৰ কথা মঞ্চস্থ কৰি সমাজত সংস্কাৰৰ প্ৰয়াস কৰা হয়। প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি সংস্কাৰৰ এই সংক্ৰমণ অব্যাহত আছে।

আজিও ‘দ্বাৰকা ৰামলীলা সমিতি’য়ে ৰাম-কথাৰ মঞ্চায়ণৰ জৰিয়তে এই পৰম্পৰাকে অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। মই সকলোকে অন্তঃকৰণেৰে অভিনন্দন জনাইছো। সকলোলৈকে বিজয়া দশমীৰ শুভকামনা জনাই সামৰিলো। আহক মোৰ সৈতে আকৌ এবাৰ সমস্বৰে উচ্চাৰণ কৰো—

জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম

জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম

জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.