Jhunjhunu: PM Narendra Modi launches expansion of Beti Bachao, Beti Padhao movement and National nutrition Mission
PM Narendra Modi strongly pitches for treating daughters and sons as equal
Daughters are not burden, they are our pride: PM Narendra Modi

ইয়াত উপস্থিত মোৰ আই মাতৃ, ভাই-ভনী আৰু যুৱ বন্ধুসকল,
আজি ৮ মাৰ্চ, সমগ্ৰ বিশ্বই আজিৰ দিনটোত বিগত ১০০ বছৰৰো অধিক কাল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি আহিছে৷ কিন্তু আজি সমগ্ৰ ভাৰত ঝুনঝুনুৰ সৈতে জড়িত হৈ পৰিল৷ দেশৰ প্ৰতিটো স্থানতে প্ৰযুক্তিৰ সহায়ত ঝুনঝুনুৰ এই দৃশ্য ৰাইজে দেখিবলৈ পাইছে৷

মই ঝুনঝুনুলৈ এনেয়েই অহা নাই, চিন্তা-চৰ্চা কৰিয়েই আহিছো, আৰু সম্ভৱতঃ মই অহা নাই, মোক আপোনালোকৰ এক শক্তিয়ে টানি আনিছে ইয়ালৈ৷ আপোনালোকে মোক ইয়ালৈ আহিবলৈ বাধ্য কৰি তুলিছে৷ আৰু বাধ্যবাধকতা আছিল এয়াই যে আপোনালোকে ‘বেটি বচাও বেটি পঢ়াও’ অভিযানক এনে ভাৱে আগবঢ়াই নিছে, এই জিলাখনে এই অভিযানক এনে ভাৱে আগুৱাই নিছে, প্ৰতিটো পৰিয়ালে এনে প্ৰসংশনীয় কাম কৰিছে যে স্বাভাৱিকতেই মোৰ মনে কৈছে যে ঝুনঝুনুলৈ এবাৰ গৈ অহাই শ্ৰেয়৷

কিছুসময় পূৰ্বে বসুন্ধৰা জীয়ে বৰ্ণনা কৰি কৈছিল, এই ভুমিৰ মহত্ব, কেনেদৰে এই ভুমিক বীৰ ভুমি বুলি কোৱা হয়, এই ভুমিৰ শক্তি কিমান; সেয়া লাগিলে সমাজ সেৱাই হওঁক, শিক্ষাৰ কামেই হওঁক, দান-পূণ্যৰ কামেই হওঁক, অথবা দেশৰ বাবে প্ৰাণাহুতি দিয়াৰ ক্ষেত্ৰতেই হওঁক, এই জিলাই প্ৰমাণ কৰি দেখুৱাইছে – যুদ্ধই হওঁক অথবা আকালেই হওঁক, ঝুনঝুনুৱে কেতিয়াও শিৰনত নকৰে, কেৱল যুঁজিব জানে৷ আৰু এইবাবেই ঝুনঝুনুৰ মাটিৰ পৰা আজি যি কাম কৰিবলৈ লোৱা হৈছে, সমগ্ৰ দেশে ঝুনঝুনুৰ পৰা প্ৰেৰণা লাভ কৰিব, সমগ্ৰ দেশে ইয়াৰ পৰা এক নৱশক্তি লাভ কৰিব৷

বেটি বচাও বেটি পঢ়াও – এই অভিযানে সফলতা পালে অন্তৰত কিবা এটা সন্তুষ্টি পোৱা যায়, এনে লাগে যেন কিছু ক্ষেত্ৰ সংশোধন হৈ পৰিছে৷ কিন্তু কেতিয়াবা মনত বৰ কষ্ট হয়৷ কষ্ট ইয়াক লৈ হয় যে যিখন দেশৰ মহান সংস্কৃতি, যিখন দেশৰ মহান পৰম্পৰা, যিখন দেশৰ শাস্ত্ৰত মহানতকৈও মহান কথা লিখা আছে, যিখন দেশত আছে বেদৰ পৰা বিবেকানন্দলৈ – প্ৰতিটো দিশতে আছে অত্যুত্তমতা, কিন্তু এনে কি কাৰণ আছে যাৰ বাবে আজিও আমি এতিয়াও নিজৰ ঘৰতেই আমাৰ কন্যাক বচাবৰ বাবে হাতযোৰ কৰিবলগীয়া হৈছে, মানুহক বুজাবলগীয়া হৈছে, তাৰ বাবে পৃথকে বাজেটৰ পৰা ধন খৰচ কৰিবলগীয়া হৈছে!

মই বুজো যে যিকোনো এখন সমাজৰ বাবেই ইয়াতকৈ পীড়াদায়ক একো হ’ব নোৱাৰে৷ আৰু কেবাদশক ধৰি এক বিকৃত মানসিকতাৰ বাবে, এক ভ্ৰান্ত ধাৰণাৰ বাবে, সামাজিক কুসংস্কাৰৰ বাবে আমি কন্যা সন্তানকেই ত্যাগ কৰাৰ পথ বাচি লৈ আহিছো৷ যেতিয়া শুনা যায় যে হেজাৰ পুত্ৰৰ মাজত ৮০০ কন্যা আছে, বা ৮৫০ আছে, অথবা ৯০০ আছে, তেতিয়া এই সমাজৰ কি দুৰ্দশা হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ স্ত্ৰী-পুৰুষৰ সমানতাৰেহে সমাজৰ চক্ৰ চলে, সমাজে গতি লাভ কৰে৷

আমি কেবাদশক ধৰি ছোৱালী বা কন্যা সন্তান বাৰণ কৰি আহিছো, হত্যা কৰি আহিছো৷ ইয়াৰ বাবেই সমাজত ভাৰসাম্য নাইকিয়া হৈ পৰিছে৷ মই জানো যে মাত্ৰ এটা প্ৰজন্মই এই সমস্যা সমাধান কৰিব নোৱাৰে৷ চাৰি-পাচটা প্ৰজন্মৰ কুসংস্কাৰৰ ফল এতিয়া একগোট হৈছে৷ পুৰণি যি ঘাটি হৈ গৈছে সেই ঘাটি আঁতৰ কৰিবৰ বাবে সময়ৰ প্ৰয়োজন হ’ব, সেয়া আমি সকলোৱেই জানো৷ কিন্তু আমি এতিয়াতো অন্ততঃ এই কথা থিৰাং কৰি লওঁ যে পুত্ৰ যিমান থাকিব, পুত্ৰীও থাকিব সমানেই৷ পুত্ৰই যিমান পালন-পোষন পাব সমানে পাব পুত্ৰীয়েও৷ পুত্ৰ-কন্যা হ’ব সমান, এই ভাৱকেই লৈ যদিহে আমি আগবাঢ়ো তেন্তে চাৰি-পাচ-ছটা প্ৰজন্মত আমি যি ভুল কৰিলো, সেয়া সম্ভৱতঃ আমি দুই-তিনিটা প্ৰজন্মৰ মাজেৰেই শুধৰণি কৰি তুলিব পাৰিম৷ কিন্তু তাৰ প্ৰথমটো চৰ্ত হ’ব – এতিয়া যি সন্তান জন্ম পাব তাত যেন কোনো অসন্তুলন নাথাকে৷

 

মোৰ বাবে আনন্দৰ কথা এয়ে যে আজি যিসমূহ জিলাক সন্মানিত কৰাৰ সুযোগ মই লাভ কৰিছো সেই প্ৰথম দহখন জিলাই এই কাম অতি সুন্দৰভাৱে পালন কৰিছে৷ নতুনকৈ জন্মলাভ কৰা পুত্ৰ সন্তানৰ সমানেই কন্যা সন্তানৰ ভাৰসাম্য ৰক্ষা কৰাত তেওঁলোক আজি সফল হৈছে৷ আজি যাক সন্মানিত কৰাৰ সুযোগ লাভ কৰিছো সেই জিলাসমূহক, সেই ৰাজ্যসমূহক, সেই দলটোক মই অশেষ অভিনন্দন জনাইছো৷ তেওঁলোকে এই পৱিত্ৰ কামটোক নিজৰ জিম্মাত লৈ সুন্দৰভাৱে ফলপ্ৰসূ ৰূপ দিছে৷

আৰু মই সকলো চৰকাৰী বিষয়া কৰ্মচাৰী, চৰকাৰৰ আমাৰ সতীৰ্থ, দেশৰ ৰাজ্য চৰকাৰসমূহকো অনুৰোধ কৰো যে ইয়াক আমি এক জন আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব, আৰু সকলোৱে ইয়াত যেন সহায়ৰ হাত আগবঢ়ায়৷ যেতিয়ালৈকে দেশৰ প্ৰতিটো পৰিয়ালে ইয়াত হাত উজান নিদিয়ে, যেতিয়ালৈকে ঘৰৰ শাহু-শহুৰে হাত উজান নিদিব তেতিয়ালৈকে এই কাম সম্পন্ন হৈ উঠোতে আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু যদিহে শাহু বা Mother-in-law সকলে কন্যা সন্তানৰ পোষকতা কৰে বা এবাৰলৈ হ’লেও কৈ দিয়ে যে ঘৰত আমাক কন্যা সন্তান লাগে, তেন্তে কাৰোৰেই ইমান ক্ষমতা নাই যে সেই কন্যা সন্তানৰ লগত কোনো অন্যায় কৰিব পাৰে৷ আৰু এইবাবেই আমি এক সামাজিক আন্দোলন গঢ়ি তুলিব পাৰিব লাগিব, আমি এই আন্দোলনক জন আন্দোলনৰ পৰ্যায়লৈ লৈ যাব লাগিব৷

 

ভাৰত চৰকাৰে দুবছৰ পূৰ্বে হাৰিয়ানা (য’ত পুৰুষ-মহিলাৰ অনুপাত চিন্তাজনক আছিল) ত এক বৃহৎ প্ৰত্যাহ্বান স্বীকাৰ কৰি আৰম্ভ কৰিছিল বিশেষ কাৰ্যসূচী৷ হাৰিয়ানালৈ গৈ এনে এক কথা কোৱাটো খুবেই কঠিন কাম আছিল৷ মোৰ বিষয়াসকলে মোক পৰামৰ্শ দিছিল যে তাত পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে তালৈ গ’লে আৰু কিবা নতুন সমস্যাৰহে সৃষ্টি হোৱাৰ আশংকা আছে৷ মই কলো যে য’তেই সৰ্বাধিক সমস্যা আছে, তাৰ পৰাই আমি আৰম্ভ কৰিম৷ আৰু আজি মই হাৰিয়ানাক অভিনন্দন জনাইছো, কিয়নো তেওঁলোকে বিগত দুটা বছৰত সামগ্ৰিক পৰিস্থিতিত ইমানেই সংশোধন আনিছে যে দেখি তবধ মানিবলগীয়া৷

জন্মৰ সময়ত কন্যা শিশুৰ সংখ্যা যি হাৰত বৃদ্ধি পাইছে সেয়া দেখিলেই নিজৰ মাজতে এক অনন্য বিশ্বাস, এক নতুন আশাৰ জন্ম হয়৷ আৰু আজি এই যে বিগত দুটা বছৰৰ অনুভৱ, তাত যি সফলতা আমি দেখিবলৈ পাইছো, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ৮ মাৰ্চ, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰত চৰকাৰে এতিয়া সেই আঁচনি কেৱল ১৬০-১৬১ জিলাতেই সীমাবদ্ধ নাৰাখি দেশৰ প্ৰতিখন জিলাতেই ইয়াক ৰূপায়ন কৰাৰ ঘোষণা কৰিছে৷ ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ পৰিস্থিতি উন্নত হৈ পৰিব, আৰু কেনেদৰে উন্নত হ’ব তাৰ বাবেও পৃথকে কাম কৰা হ’ব৷
আমি নিজে নিজকে সুধিব লাগিব৷ এই যে সাতাম পুৰণি ধাৰণা, যে কন্যাক কেতিয়াবা কেতিয়াবা পৰিয়ালৰ বোজা যেন লাগে৷ কিন্তু এতিয়া আমাৰ অভিজ্ঞতাই, আমাৰ অনুভৱে, প্ৰতিটো ঘটনাই কৈ যায় যে কন্যা পৰিয়ালৰ বোজা নহয়, বৰং মান-সন্মান-যশস্যাৰ ভেটিহে কন্যা৷

ভাৰততেই আপুনি চাওঁকচোন, কৃত্ৰিম উপগ্ৰহৰ কথা লওঁক, মহাকাশলৈ যোৱাৰ কথাই লওঁক, আমি শুনো যে আজি কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰা হৈছে, আজি মহাকাশ যান প্ৰেৰণ কৰা হৈছে, আৰু তাৰ পিছত যেতিয়া আমি ভালদৰে চাওঁ তেতিয়া দেখো যে আমাৰ দেশৰেই তিনিগৰাকী মহিলা বৈজ্ঞানিকে মহাকাশ প্ৰযুক্তিত ইমানেই প্ৰসিদ্ধি লাভ কৰিছে যে বিশ্বখ্যাত হৈ পৰিছে, তেতিয়াহে অনুভৱ হয় কন্যাৰ শক্তি৷ যেতিয়া ঝুনঝুনুৰ এগৰাকী কন্যাই যুদ্ধ বিমান চলাই বুলি অনুভৱ কৰো তেতিয়াহে ভালকৈ অনুভৱ হয় কন্যাৰ শক্তি৷ অলিম্পিকত যেতিয়া ভাৰতলৈ স্বৰ্ণ পদক আহে আমি উৎফুল্লিত হওঁ, আৰু যেতিয়া গম পাওঁ যে সেই পদক অনাগৰাকীও এগৰাকী কন্যা, তেতিয়াই আমাৰ বুকু গৰ্বান্বিত হৈ উঠে যে আমাৰ কন্যাই বিশ্বত নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

আৰু যিসকল লোকে এই কথা মানে যে পুত্ৰ হ’লেহে বৃদ্ধকালত তেওঁলোকক চাব পাৰিব, সেই পৰিস্থিতি এতিয়া সলনি হৈছে৷ মই এনে পৰিয়ালো দেখিছো যে যি বৃদ্ধ মাক-দেউতাকৰ চাৰিজনকৈ পুত্ৰসন্তান আছে, তেওঁলোকৰ প্ৰত্যেকৰেই নিজা নিজা প্ৰাসাদোপম ঘৰ আছে, বাহন ইত্যাদিও আছে, অথচ তেনে অৱস্থাতো বৃদ্ধ মাক-দেউতাকে সময় পাৰ কৰিবলগীয়া হৈছে বৃদ্ধাশ্ৰমত, আনহাতে মই এনে পৰিয়ালো মই দেখিছো যাৰ পৰিয়ালত এটিয়েই মাথো সন্তান, কন্যা সন্তান, যিয়ে মাক-দেউতাকৰ কষ্ট নহ’বলৈকেই দিনে ৰাতিয়ে মেহনত কৰিছে, চাকৰি কৰিছে, ব্যৱসায় চম্ভালিছে, আনকি বিবাহপাশত আবদ্ধ হোৱাৰো চিন্তা নকৰাকৈ ৰৈ গৈছে, যাতে বৃদ্ধাৱস্থাত মাক-দেউতাকে কষ্ট পাব নালাগে, এনেদৰে নিজৰ জীৱন পৰ্যন্ত মাক-দেউতাকৰ বাবে উৎসৰ্গা কৰা কন্যাও দেখিছো মই৷

আৰু এইবাবেই, সমাজত যি ধাৰণা চলি আছে, যি বিকৃত মানসিকতাই আমাৰ পৰিয়ালবোৰত শিপাইছে, সেই বিকৃতিৰ পৰা আমি বাহিৰ ওলাই আহিব লাগিব, আৰু ইয়াক আমি এক সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব, তাৰ বাবে আমি অৱদান আগবঢ়াব লাগিব৷ এয়া আমাৰ সকলোৰে দায়িত্ব৷ সফলতা-বিফলতাৰ বাবে কোনোৱে যদি চৰকাৰক দোষ দি থাকিবলৈ বিচাৰিছে তেন্তে সেয়া হৈ থাকিবলৈ দিয়ক, পিছে এইক্ষেত্ৰত সফলতাৰ আধাৰ হৈ উঠিব পাৰে কেৱল দেশৰ প্ৰতিটো পৰিয়ালৰে সঠিক সংকল্পহে, আৰু সেইবাবেই পুত্ৰ-পুত্ৰী একে সমান, কন্যা সন্তানৰ বাবে গৌৰৱৰ ভাৱ, এইসমূহ আমাৰ মন-মগজুত সোমাই থাকিব লাগে, আৰু যেতিয়ালৈকে এই কথা আমাৰ মনত সোমাই নাথাকিব, তেতিয়ালৈকে মাতৃৰ কোঁচতেই কন্যা সন্তান হত্যা হৈ গৈয়েই থাকিব৷

 

১৮ শতিকাত কন্যা শিশু জন্ম পালে তেওঁলোকক গাখীৰত ডুবোৱা এক পৰম্পৰা আছিল, এই পৰম্পৰা অনুসৰি এটা ডাঙৰ বাচনত গাখীৰ লৈ তাত কন্যা শিশুটিক জুবুৰিয়াই ধুওঁৱা প্ৰথা আছিল৷ পিছে কেতিয়াবা মোৰ এনে লাগে যে আমি আজি ২১ শতিকাৰ লোক হৈও ১৮ শতিকাৰ লোকসকলতকৈ যেন নীচ কাম কৰি আছো৷ কিয়নো, তেতিয়া অৰ্থাৎ ১৮ শতিকাত অন্ততঃ কন্যা সন্তান জন্ম দিয়াৰ অধিকাৰ আছিল, সন্তানটিয়ে অন্ততঃ মাকৰ মুখ বা মাকে কন্যাটিৰ মুখ চোৱাৰ সৌভাগ্য ঘটিছিল, এই ধৰাত সেই কন্যাই কিছুপৰ হ’লেও উশাহ লোৱাৰ সুযোগ লাভ কৰিছিল, অৱশ্যে পিছত সেই মহাপাপ কৰি কৰি সমাজৰ আটাইতকৈ ঘৃণণীয় কামটো কৰি পেলোৱা হৈছিল৷
কিন্তু আজিৰ সমাজত কি হৈছে, পূৰ্বতকৈও ভয়াবহ হৈ পৰিছে পৰিস্থিতি, যে মাকৰ পেটতেই সন্তান হত্যা কৰি দিয়া হৈছে, আধুনিক বিজ্ঞানৰ সহায়েৰে মাকৰ পেটতেই কন্যা সন্তান হত্যা কৰিবলৈ লোৱা হৈছে, মাকেও সন্তানৰ মুখ নেদেখে, সন্তানেও মাকৰ মুখ নেদেখাকৈয়ে সংসাৰৰ পৰা বিদায় ল’বলগীয়া হৈছে৷ মই যিমান বুজো যে ইয়াতকৈ ঘৃণণীয় পাপ কাম আৰু বিশ্বত একো থাকিব নোৱাৰে৷ যেতিয়ালৈকে আমি মানি নল’ম যে আমাৰ কন্যা আমাৰ মান সন্মান যশস্যাৰ আধাৰ, তেতিয়ালৈকে আমাৰ মন-মগজুৰ পৰা এই বিকৃত মানসিকতা ওলাই নাযাব৷

আজি ইয়াত যিসকলৰ কন্যা সন্তান জন্ম পাইছে সেইসকল মাতৃৰ সৌভাগ্য হৈছে তেওঁলোকৰ কন্যাৰ মুখবোৰ চাবলৈ৷ তেওঁলোকৰ মুখত আনন্দৰ বন্যা৷ মই তেওঁলোকক সুধিছো যে আপোনালোকে জানেনে যে আপোনাৰ ছোৱালী জন্মাৰ বাবে মিঠাই বিতৰণ কৰা হৈছে? তেওঁলোকে ক’লে, সেয়া অৱশ্যে নাজানো, কিন্তু আমাৰ ছোৱালী জন্মাৰ বাবে আমাৰ সমগ্ৰ অঞ্চলটোত মিঠাই বিলাইছিলো আৰু এক আনন্দমুখৰ মুহুৰ্ত পাৰ কৰিছিলো৷

আমি এই পৰিস্থিতি সলনি কৰিব লাগিব আৰু এই পৰিবৰ্তনৰ বাবে যিবোৰ গুৰুত্বপূৰ্ণ কাম চৰকাৰৰ দ্বাৰা হৈ আছে তাৰ অধীনতেই আজি এই আঁচনিক সমগ্ৰ দেশতে আমি বিস্তাৰ কৰিবলৈ লৈছো৷

তাৰ পিছতেই – আজি আন এক আঁচনিও মুকলি কৰা হৈছে, সেয়া হৈছে পোষণ অভিযান, ৰাষ্ট্ৰীয় পোষণ অভিযান৷ এতিয়া কোনোবাই যদি প্ৰধানমন্ত্ৰীক ভৰ্ৎসনা কৰিবলৈ বিচাৰে, গালি দিবলৈ বিচাৰে, সমালোচনা কৰিবলৈ বিচাৰে, বেয়া কৰিবলৈ বিচাৰে, তেওঁলোকক মোৰ এটাই প্ৰাৰ্থনা আপোনালোকে যিমানবাৰেই প্ৰধানমন্ত্ৰীৰ বেয়া কৰে, বেয়া আলোচনা কৰে, ভাল আলোচনা কৰে, প্ৰতিবাৰেই যেন মনলৈ প্ৰধানমন্ত্ৰীহে আহে, কোনো নৰেন্দ্ৰ মোদী নহয়৷ আপোনালোকে প্ৰধানমন্ত্ৰী শব্দ শুনা মাত্ৰকে পোষণ অভিযান দেখা পাব লাগে৷ চাওঁক কেনেদৰে এই অভিযান ঘৰে ঘৰে প্ৰৱেশ কৰে৷
আমাৰ ইয়াত ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক – তেওঁলোকৰ শৰীৰৰ যি বিকাশ হ’ব লাগে সেয়া বাধাগ্ৰস্থ হয়৷ কেতিয়াবা জন্মৰ সময়ত শিশুৰ দেহৰ ওজন যথেষ্ট কম হয়, য’ত অজ্ঞতাই অতি গুৰুতৰ ভুমিকা পালন কৰে৷ আমি এই সমস্যাৰ পৰিসৰৰ পৰা ওলাই আহিব লাগিব৷ আৰু মই পুনৰ ক’ম যে এয়া কেৱল চৰকাৰী বাজেটেৰে হোৱা কাম নহয়৷ এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ই এক জন-আন্দোলনৰ ৰূপ ল’ব৷ তাৰ বাবে জনসাধাৰণক শিক্ষিত কৰি তোলা হৈছে, বুজোৱা হৈছে, তেওঁলোকৰ মাহাত্ম্যৰ প্ৰতি লক্ষ্য ৰখা হৈছে৷

কু-পোষণৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে কোনো কাম হোৱা নাছিল, এনে নহয়৷ প্ৰতিখন চৰকাৰেই কিবা নহয় কিবা আঁচনি গ্ৰহণ কৰি আহিছে৷ কিন্তু দেখা গৈছে যে আমাৰ দেহত যিমান পৰিমাণৰ কেল’ৰিৰ প্ৰয়োজন সিমান পৰিমাণ আমাৰ পেটলৈ গ’লেহে মানুহ কু-পোষণৰ পৰা মুক্তি লাভ কৰিব৷ কিন্তু মোৰ অনুভৱ তথা অভিজ্ঞতাই কয় যে কেৱল আহাৰ সঠিক হ’লেই সমস্যাৰ সমাধান নহ’ব৷ এই সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো সঠিক কৰি তুলিব লাগিব৷ খাদ্য ভাল হ’লেও, তাত যদি পানী ঠিক নহয় তেন্তে যিমানেই খালেও তাত কু-পোষণৰ পৰিস্থিতি শুধৰণি নহ’ব৷

বহু কম লোকেই হয়তো জানে যে বাল্য বিবাহো কুপোষিত শিশুৰ বাবে অন্যতম গুৰুতৰ কাৰণ৷ কম বয়সতেই বিয়া হোৱা, সন্তান জন্ম দিয়া কেৱল মাতৃগৰাকীৰ শৰীৰৰ বাবেই ক্ষতিকাৰক নহয়, বৰঞ্চ জন্ম পাবলগীয়া শিশুটিৰ শৰীৰৰ বাবেও অত্যন্ত শংকাপূৰ্ণ৷ আৰু এইবাবেই জীৱনৰ সৈতে জড়িত যিমানবোৰ দিশ আছে যেনে, অসুখ হোৱাৰ সময়ত ঔষধ গ্ৰহণ, জন্মৰ লগে লগে মাতৃদুগ্ধ পানৰ সৌভাগ্য ইত্যাদি সুচাৰু ৰূপে পালন কৰা উচিত৷ পুৰণি দিনৰ লোকসকলে কয় যে জন্মৰ লগে লগে মাকৰ গাখীৰ খুৱাব নালাগে৷ পিছে এয়া সম্পূৰ্ণ ভুল৷ শিশু জন্মাৰ পিছতে যদিহে মাতৃদুগ্ধ পান কৰিবলৈ পায় তেন্তে সেই শিশুৱে পোষণৰ সময়ত দেহৰ বিকাশত জটিলতা কমি আহে৷ মাতৃদুগ্ধৰ এয়াই শক্তি আছে, পিছে আমি ইয়াকো বাৰণ কৰি পেলাও৷

এইবাবেই মাকক যেতিয়া স্বীকাৰ কৰিব, পূৰ্ণ ৰূপত গ্ৰহণ কৰিব, তেওঁলোকৰ মাহাত্ম্যক বুজি পাব, তেতিয়াহে যেতিয়া মাকে তেওঁলোকক চোৱা-চিতা কৰিব, তেতিয়া তেওঁলোকৰ কোলাত থকা শিশু কেতিয়াও কুপোষণৰ বলি হ’ব নোৱাৰিব৷
Nutrition বা পৰিপুষ্টিৰ চিন্তা কৰাটোও এক গুৰুত্বপূৰ্ণ কাম৷ কেতিয়াবা কেতিয়াবা চৰকাৰেও বিভিন্ন ভেকচিন দিয়া কাৰ্যসূচী গ্ৰহণ কৰে৷ কিন্তু সেই স্বাস্থ্য কেন্দ্ৰত যিমানেই সেৱা-সুবিধা নাথাকক কিয়, বাজেট নাথাকক কিয়, বিষয়া কৰ্মচাৰী নাথাকক কিয়, আমি তালৈকে নাযাওঁৱেই৷ আৰু তাৰেই পৰিণাম হৈছে শিশুসকল কিবা নহয় কিবা ৰোগত আক্ৰান্ত হয়৷

আপোনালোকে এতিয়া যিখন ছবি দেখুৱালে তাত হাত নুধুৱাকৈ খাদ্য খোৱাৰ কিছু পৰিণতিৰ কথা কোৱা হৈছে, এক অনুমান যে যিবোৰ শিশু দেশত মৃত্যু হয় সেই শিশুসকলৰ ভিতৰত ৩০ ৰ পৰা ৪০% শিশুৰ কিন্তু হাত নুধুৱাকৈ খাদ্য খোৱাৰ অভ্যাস আছে আৰু ইয়াৰ ফলতে দেহত নানা ৰকমৰ বেমাৰ আদিয়ে লগ দিয়াৰ ফলতেই শিশুৰ মৃত্যু হয়৷ পিছে এতিয়া এইটো অভ্যাস কোনে সৃষ্টি কৰি দিব যে শিশুক বা কেঁচুৱাক যিহেতু মাকে আহাৰ খুৱায় গতিকে মাকৰ হাত পৰিস্কাৰ হ’ব লাগে আৰু শিশুৱে যদি কিবা খাদ্য নিজৰ মুখলৈ নিয়ে তেন্তে শিশুটিৰ হাতো পৰিস্কাৰ হৈ থাকিব লাগে, এই কথা কোনে শিকাব?

এই কাম আমাৰ দেশৰ উজ্জ্বল ভৱিষ্যৎৰ বাবে, আমাৰ শিশুহঁতৰ জীৱন সুন্দৰ কৰি তুলিবৰ বাবে আমি দায়িত্ব সহকাৰে কৰিব লাগিব৷ আৰু সেইবাবেই আমি এই আঁচনিক এক অভিযান বা মিছন হিচাপে গ্ৰহণ কৰিব লাগিব, আৰু বিশৃংখল হৈ থকা আটাইবোৰ আঁচনিক একত্ৰিত কৰিব লাগিব, সেয়া লাগিলে পানীৰ সমস্যাই হওঁক বা ঔষধৰ সমস্যাই হওঁক বা পৰম্পৰাৰ জটিলতাসমূহেই হওঁক৷ আমি কেতিয়াবা দেখো যে স্কুলীয়া শিশুৰ মনতো কেতিয়াবা এক infirmity complex এ দেখা দিয়ে, কিন্তু কিহৰ বাবে ই দেখা দিয়ে? যদিহে সেই স্কুলখনত পাচটা শিশু ওখ আৰু বাকীবোৰ চাপৰ হয়, তেতিয়া তেওঁলোকৰ মনতো সেই ওখ শিশুকেইটাৰ দৰে হ’বলৈ মন যায়৷ আৰু তাৰ পিছত গছৰ ডালতেই হওঁক বা অইন ঠাইতেই হওঁক ওলমি দি ভাবে যে এতিয়া ওখ হৈছে, এই ঘটনা আপোনালোকৰ মাজতো হয়তো বহুতৰ ক্ষেত্ৰতেই ঘটিছে৷ সকলোৱেই ভাৱে যে মোৰো উচ্চতা অলপ বেছি হোৱা হ’লে! কিন্তু আমি বিজ্ঞানসন্মতভাৱে এই দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ নকৰো৷

আজি আমাৰ দেশৰ লোকসকলৰ বয়স হিচাপে যি উচ্চতা থাকিব লাগিছিল সেয়া নাই৷ আমাৰ শিশুসকল সুস্থ হওঁক, সবল হওঁক, দেহৰ ওজন বাঢ়ক, উচ্চতা বাঢ়ক, এই আটাইবোৰ বিষয়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এক holistic approach ৰে ২০২২ চনত, অৰ্থাৎ যেতিয়া আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ যেতিয়া পূৰ্ণ হ’ব, তেতিয়া সমগ্ৰ বিশ্বৰ সমূখত পোষণৰ ক্ষেত্ৰত আমি গৰ্বেৰে ক’ব পাৰিম যে আমি আমাৰ লক্ষ্যত উপনীত হ’লো৷ আৰু আমাৰ শিশুসকলক দেখিলেই সেই গৰ্ববোধ হ’ব লাগিব, তেনে পৰিস্থিতি আমি সৃষ্টি কৰিব পাৰিব লাগিব৷

প্ৰায় ৯০০০ কোটি টকা ব্যয়সাপেক্ষে এই যোজনাৰ কাম আগবঢ়োৱা হ’ব৷ নিম্ন পৰ্যায়ত আশাকৰ্মীসকলেই হওঁক, গাওঁ পৰ্যায়ত স্বেচ্ছাসেৱকসকলেই হওঁক, তেওঁলোকৰ হাততো প্ৰযুক্তিৰ সম্বল থাকিব, তেওঁলোকে নিয়মিতভাৱে নিজৰ নিজৰ তথ্যসমূহ সংগ্ৰহ কৰিব পাৰিব৷ তাত কোনো কম-বেছ হ’লেই ওপৰ মহললৈ সকলোৰে দৃষ্টিগোচৰ হ’ব৷ সমস্যাৰ সমাধান কেনেদৰে হ’ব সেই দিশবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰি চোৱা হ’ব৷ কেতিয়াবা আঠমাহলৈ এটি শিশুৰ বিকাশ সুন্দৰ ভাৱে হৈ থাকে, ওজনো সঠিক থাকে, তাৰ পিছতেই বাৰিষা আহে আৰু বাৰিষাৰ লগে লগে আহে বিভিন্ন বেমাৰ৷ হঠাতে বহু শিশুৰ শাৰীৰিক অৱস্থা নিম্নগামী হয় আৰু আপুনি বিগত আঠমাহে কৰা পৰিশ্ৰম মাত্ৰ এটা মাহতেই তললৈ নামি যায়৷ গতিকে ই এক অত্যন্ত প্ৰত্যাহ্বানমূলক কাম, কিন্তু এই প্ৰত্যাহ্বানমূলক কাম হ’লেও ইয়াক আমি পূৰ কৰিব লাগিব৷ আৰু মোৰ বিশ্বাস আছে যে আমি যি সংকল্প লৈছো সেই সংকল্পৰ দ্বাৰাই এই প্ৰত্যাহ্বান ওফৰাই আমি সফল হ’ব পাৰিম৷
মিছন ইন্দ্ৰধনুষৰ জৰিয়তে টীকাকৰণৰ কামলৈও আহিছে ক্ষীপ্ৰতা আৰু আমাৰ চেষ্টা থাকিব যে বছৰটোৰ শেষলৈ ৯০ শতাংশ টীকাকৰণৰ কাম আমি সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হ’ম৷

ইফালে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত গৰ্ভৱতী মাতৃসকললৈ ৬০০০ কৈ টকা দিয়াৰো ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ গৰ্ভাৱস্থাত যাতে তেওঁলোকে কোনো চিন্তা কৰিবলগীয়া নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনহাতে স্বচ্ছ ভাৰত অভিযানৰ সৈতে প্ৰায় ২৩ লাখ মহিলা জড়িত হোৱা দিশটোৱেও যথেষ্ট গুৰুত্ব বহন কৰিছে৷
এইদৰেই ঘৰত খৰিৰে চৌকা জ্বলাই মায়ে এদিনতে ৪০০ চিগাৰেটৰ ধোঁৱা দেহৰ ভিৰতলৈ লৈ যায়৷ আমি ইয়াৰ পৰা মুক্তি দিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা কাম আৰম্ভ কৰিছো৷ আৰু বিনামূলীয়াকৈ গেছৰ সংযোগ প্ৰদান কৰাৰ ফলতেই আজি দেশৰ প্ৰায় চাৰে তিনিকোটি পৰিয়ালক চৌকাৰ ধোঁৱাৰ পৰা মুক্ত কৰোৱাৰ কাম কৰা হৈছে৷ অনাগত দিনবোৰতো বিকাশৰ এই যাত্ৰা আগুৱাই লৈ গৈ, আজি যি আঁচনি আৰম্ভ হৈছে সেই আঁচনিক আৰু ক্ষীপ্ৰতাৰে আগুৱাই নি দেশক শক্তিশালী ৰূপত গঢ় দিব লাগিব৷ আমাৰ শিশুসকল যদিহে শক্তিশালী হয় তেন্তে স্বাভাৱিকতেই আমাৰ দেশৰ ভৱিষ্যতো শক্তিশালী হৈ পৰিব৷

এই সংকল্পৰেই আপোনালোক সকলোৱেই এই জন-আন্দোলনৰ সৈতে জড়িত হওঁক৷ মই দেশবাসীক সেয়েই আহ্বান জনাইছো৷ এই কাম মানৱতাবাদী কাম, এই কাম ভৱিষ্যৎ প্ৰজন্মৰ কাম, আপোনালোক সকলোৱেই আমাৰ সৈতে সহযোগ আগবঢ়াওঁক৷

পূৰ্ণ শক্তিৰে মোৰ লগত কওঁক –

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to former Prime Minister Chandra Shekhar on his birth anniversary
April 17, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to former Prime Minister, Shri Chandra Shekhar on his birth anniversary.

The Prime Minister noted that this year marks the beginning of Chandra Shekhar Ji’s 100th birth anniversary and said it is an occasion to reiterate the commitment to realising his vision for a prosperous and just India.

Recalling his legacy, the Prime Minister said that Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. He highlighted that firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, Chandra Shekhar Ji brought simplicity and clarity to public life.

The Prime Minister also recalled the instances when he had the opportunity to meet Chandra Shekhar Ji and exchange perspectives for the development of the nation.

The Prime Minister called upon the youth of India to read more about the thoughts and efforts of Chandra Shekhar Ji towards India’s progress.

In a X post, Shri Modi said;

“Tributes to former Prime Minister Chandra Shekhar Ji on his birth anniversary. This year marks the start of his 100th birth anniversary and is a time to reiterate our commitment to realising his vision for a prosperous and just India. Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. Firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, he brought simplicity and clarity to public life. I recall the instances when I had the opportunity to meet him and exchange perspectives for the development of our nation. I call upon the youth of India to read more about his thoughts and efforts towards India’s progress.”