Rural India declared free from open defecation #Gandhi150 #SwachhBharat
We have to achieve the goal of eradicating single use plastic from the country by 2022: PM Modi #Gandhi150 #SwachhBharat
Inspired by Gandhi Ji's vision, we are building a clean, healthy, prosperous and strong New India: PM

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অন্যান্য সহযোগীবৃন্দ, নাইজেৰিয়া, ইণ্ডোনেছিয়া আৰু মালী চৰকাৰৰ প্ৰতিনিধিবৰ্গ, বিশ্বৰ বিভিন্ন দেশৰ মিচন মুৰব্বীসকল, দেশৰ বিভিন্ন স্থানৰ পৰা ইয়াত সমবেত হোৱা হাজাৰ হাজাৰ স্বচ্ছাগ্ৰহী, মোৰ শ্ৰদ্ধাৰ পঞ্চায়তৰ বন্ধুসকল তথা ভাই-ভনীসকল৷

মই আজিৰ ভাষণ আৰম্ব কৰাৰ পূৰ্বে সবৰমতীৰ এই প্ৰাংগনত উপস্থিত থকা সকলো পঞ্চায়তৰ জৰিয়তে দেশৰ সকলো পঞ্চায়, পৌৰ সভা, পৌৰনিগমৰ সকলো পৰিচালকবৃন্দ, ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিগত পাঁচ বছৰে একেৰাহে কঠোৰ পৰিশ্ৰম, ত্যাগ ভাৱেৰে পূজ্য বাপুৰ সপোন বাস্তৱত পৰিণত কৰিলে৷ তেওঁলোক সকলোকে মই প্ৰণাম জনাইছো৷

সবৰমতীৰ এই পবিত্ৰ ভূমিৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধী আৰু সৰলতা আৰু সদাচাৰৰ প্ৰতীক প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী জীক প্ৰণিপাত জনাইছো, তেওঁলোকৰ চৰণত শ্ৰদ্ধা নিবেদন কৰিছো৷

বন্ধুসকল, পূজ্য বাপুৰ ১৫০সংখ্যক জয়ন্তীৰ পবিত্ৰ দিনেই হওক, স্বচ্ছ ভাৰত অভিযানৰ ইমান ডাঙৰ কাৰ্যসূচীয়েই হওক, শক্তিৰ উৎসৱ নৱৰাত্ৰিও চলি আছে, চাৰিওফালে দাণ্ডিয়াৰ গুঞ্জনেই হওক; এনকুৱা ব্যতিক্ৰমী সংযোগ যথেষ্ট কম দেখা যায়৷ দেশৰ বিভিন্ন স্থানৰ পৰা আমাৰ পঞ্চায়ত কৰ্মীসকল আহিছে, আপোনালোকৰ দাণ্ডিয়া দেখাৰ সৌভাগ্য হৈছে নে? দাণ্ডিয়া চাবলৈ গৈছে নে?

বাপুৰ জয়ন্তীৰ উৎসৱ সমগ্ৰ বিশ্বই পালন কৰিছে৷ কেইদিনমান পূৰ্বে ইউএইয়ে ডাক টিকট প্ৰকাশ কৰি এই কাৰ্যসূচীক আৰু অধিক স্মৰণীয় কৰিলে৷ আজি ইয়াতো ডাক টিকট আৰু মুদ্ৰা প্ৰকাশ কৰা হৈছে৷ মই আজি বাপুৰ জন্মভূমি তথা তেওঁৰ প্ৰেৰণাস্থলী, সংকল্পস্থলীৰ পৰা সমগ্ৰ বিশ্ববাসীক অভিনন্দন আৰু শুভকামনা জনাইছো৷

ভাই-ভনীসকল, ইয়ালৈ অহাৰ পূৰ্বে সবৰমতী আশ্ৰমলৈ গৈছিলো৷ মোৰ জীৱনকালত ইয়ালৈ কেইবাবাৰো অহাৰ সৌভাগ্য হৈছে৷ প্ৰত্যেকবাৰেই মোৰ পূজ্য বাপুৰ সান্নিধ্য লাভৰ অনুভৱ গৈছে, কিন্তু আজি মই আজি তাত এক নতুন শক্তি পাইছো৷ সবৰমতী আশ্ৰমতে তেওঁ স্বচ্ছাগ্ৰহ আৰু সত্যাগ্ৰহক ব্যাপক ৰূপ দিছিল৷ এই সবৰমতীৰ পাৰতে মহাত্মা গান্ধীয়ে সত্যৰ প্ৰয়োগ কৰিছিল৷

ভাই-ভনীসকল, আজি সবৰমতীৰ এই প্ৰেৰণাস্থলী স্বচ্ছাগ্ৰহৰ এক ডাঙৰ সফলতাৰ সাক্ষী হৈ ৰৈছে৷ এয়া আমাৰ সকলোৰে বাবে আনন্দ আৰু গৌৰৱৰ সূযোগ৷ সবৰমতী নদীৰ সন্মুখভাগত এই কাৰ্যসূচীৰ আয়োজন কৰাটোৱে মোক দুগুণ আনন্দিত কৰিছে৷

বন্ধুসকল, ভাৰতৰ গ্ৰামাঞ্চলৰ লোকসকলে বৰ্তমান নিজকে মুকলি স্থানত মলত্যাগমুক্ত বুলি ঘোষণা কৰিছে৷ স্ব-ইচ্ছাৰে, স্ব-প্ৰেৰণাৰ লগতে অংশীদাৰিত্বৰে চলা স্বচ্ছ ভাৰত অভিযানৰ এয়া শক্তি আৰু সফলতাৰো গতি৷ মই প্ৰতিগৰাকী দেশবাসী, বিশেষকৈ গাঁৱত বসবাস কৰা লোকসকল, আমাৰ পঞ্চায়ত কৰ্মী, বিশাল সংখ্যক স্বচ্ছাগ্ৰহীক আজি আন্তৰিকতাৰে বহুত বহুত অভিনন্দন জনাইছো৷ আজি যিসকল স্বচ্ছাগ্ৰহীয়ে এই স্বচ্ছ ভাৰতৰ বঁটা লাভ কৰিছে, তেওঁলোককো বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল, আজি মোৰ প্ৰকৃতাৰ্থত এনেকুৱা লাগিছে যে ইতিহাসৰ আপোনা-আপুনি পুনৰাবৃত্তি হৈছে৷ যিদৰে দেশৰ স্বাধীনতাৰ বাবে বাপুৰ এক আহ্বানতে লাখ লাখ ভাৰতীয় সত্যাগ্ৰহী ৰাজপথলৈ ওলাই আহিছিল, সেইদৰে স্বচ্ছাগ্ৰহৰ বাবে কোটি কোটি দেশবাসীয়ে নিজে নিজেই সহযোগিতা আগবঢ়ালে৷ পাঁচ বছৰৰ পূৰ্বে, যেতিয়া মই লালকিল্লাৰ পৰা মই স্বচ্ছ ভাৰতৰ বাবে দেশবাসীক আহ্বান জনাইছিলো, তেতিয়া মোৰ কেৱল জনবিশ্বাস আছিল আৰু বাপুৰ চিৰযুগমীয়া বাৰ্তা আছিল৷ বাপুৱে কৈছিল যে বিশ্বত যি পৰিৱৰ্তন আপুনি দেখিব বিচাৰে, প্ৰথমে সেয়া নিজৰ মাজত কৰিব লাগিব৷

এই মন্ত্ৰৰ ওপৰত বিশ্বাস কৰি আমিও ঝাৰু উঠাই ল’লো আৰু ওলাই আহিলো৷ বয়স যিয়েই নহওক, সামাজিক আৰু আৰ্থিক স্থিতি যিয়েই নহওক, স্বচ্ছতা, গৰিমা আৰু সন্মানৰ এই যজ্ঞত সকলোৱেই অংশগ্ৰহণ কৰিলে৷

ক’ৰবাত যদি কোনো কন্যাই বিয়াৰ বাৰে শৌচালয়ৰ চৰ্ত দিলে, আনফালে শৌচালয়ক সন্মানৰ ঘৰ নাম দিলে৷ যিটো শৌচালয়ৰ কথা পাতিবলৈ কেতিয়াবা দ্বিধাবোধ হৈছিল, সেই শৌচালয়েই আজি দেশৰ ভাৱনা অপৰিহাৰ্য অংগ হৈ পৰিছে৷ বলীউদৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে স্বচ্ছতাৰ এই বৃহৎ অভিযানৰ সৈতে প্ৰত্যেকেই জড়িত হৈ পৰিল, সকলোকে প্ৰেৰণা আৰু উৎসাহিত কৰিলে৷

বন্ধুসকল, আজি আমাৰ সফলতাক লৈ বিশ্ববাসী আচৰিত হৈছে৷ সমগ্ৰ বিশ্ববাসীয়ে ইয়াৰ বাবে আমাক পুৰষ্কৃত কৰিছে, সন্মান প্ৰদান কৰিছে৷ ৬০ মাহত ৬০ কোটিতকৈ অধিক লোকক শৌচালয়ৰ সুবিধা প্ৰদান কৰা, ১১ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ কৰা, এয়া শুনি বিশ্ববাসী আচম্বিত হৈছে৷ কিন্তু মোৰ বাবে কোনো সংখ্যা, যিকোনো প্ৰশংসা, সন্মানতকৈ অধিক সন্তোষ্টি তেতিয়াহে হয়, যেতিয়া ছোৱালীসকলে কোনো চিন্তা নকৰাকৈ স্কুললৈ যোৱা দেখো৷

মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে কোটি কোটি মাতৃ, ভগ্নীয়ে এতিয়া এক অসহনীয়া কষ্ট তথা আন্ধাৰলৈ অপেক্ষা কৰাৰ পৰা মুক্ত হৈছে৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে সেই লাখ লাখ কন কন শিশুৰ জীৱন ৰক্ষা পৰিছে, যি ভীষণ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে স্বচ্ছতাৰ বাবেই দুখীয়া লোকসকলৰ চিকিৎসা ব্যয় হ্ৰাস পাইছে৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে এই অভিযানৰ জৰিয়তে গ্ৰামীণ অঞ্চল, আদিবাসী অঞ্চলত বহু লোকে সংস্থাপনৰ নতুন সূযোগ পাইছে৷ আগৰ কেৱল ৰাজমিস্ত্ৰীৰ পৰিৱৰ্তে এতিয়া ভগ্নীসকলেও ৰাণীমিস্ত্ৰী হিচাপে কাম কৰাৰ সূযোগ লাভ কৰিছে৷

ভাই-ভনীসকল, স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে জীৱনৰক্ষাতো সিদ্ধি লাভ কৰিছে আৰু জীৱনৰ উন্নতি কৰা কামো কৰিছে৷ ইউনিছেফৰ এক সমীক্ষা অনুসৰি যোৱা পাঁচ বচৰত স্বচ্ছ ভাৰতৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত ২০ লাখ কোটিতকৈ অধিক ইতিবাচক প্ৰভাৱ পৰিছে৷ ইয়াৰে ৭৫ লাখতকৈ অধিক সংস্থাপন ভাৰতত লাভ কৰিছে, য’ত অধিকাংশই গাঁৱৰ ভাই-ভনীসকলে পাইছে৷

ইমানেই নহয়, এই সন্তানসকলৰ শিক্ষাৰ স্তৰত আমাৰ উৎপাদনশীলতা, উদ্যমশীলতাৰ ইতিবাচক প্ৰভাৱ পৰিছে৷ ইয়াৰ দ্বাৰা দেশৰ ভা-ভনীসকলৰ সুৰক্ষা আৰু সবলীকৰণক দিশতো ব্যাপক পৰিৱৰ্তন আহিছে৷ গাঁও, দুখীয়া আৰু মহিলা স্বাৱলম্বন আৰু সবলীকৰণক উৎসাহিত কৰা এনে পৰিৱেশ পূজ্য মহাত্মা গান্ধীয়েও বিচাৰিছিল৷ এয়াই মহাত্মা গান্ধীৰ স্বৰাজৰ মুলমন্ত্ৰ আছিল৷ ইয়াৰ বাবেই তেওঁ নিজৰ জীৱন উচৰ্গা কৰিলে৷

বন্ধুসকল, কিন্তু এতিয়া প্ৰশ্ন হৈছে আমি যি সফলতা লাভ কৰিলো, সেয়াই যথেষ্ট নে? ইয়াৰ স্পষ্ট উত্তৰ হৈছে-আজি আমি যি সফলতা লাভ কৰিলো, সেয়া নিচেই নগণ্য৷ স্বচ্ছ ভাৰতৰ বাবে আমাৰ যাত্ৰা অব্যাহত থাকিব৷

বৰ্তমান আমি শৌচালয় নিৰ্মাণ কৰিছো, শৌচালয় ব্যৱহাৰৰ অভ্যাস গঢ়িবলৈ জনসাধাৰণক উৎসাহিত কৰিছো৷ দেশৰ বৃহৎ সংখ্য লোকৰ অভ্যাসৰ পৰিৱৰ্তন স্থায়ী কৰিব লাগিব৷ চৰকাৰেই হওক, প্ৰশাসনেই হওক, গাঁও পঞ্চায়তেই হওক, সকলোৱে শৌচালয়ৰ উচিত ব্যৱহাৰ আমি সুনিশ্চিত কৰিব লাগিব৷ যিসকল লোক এতিয়াও ইয়াৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোককো এই সুবিধাৰ সৈতে জড়িত কৰিব লাগিব৷

ভাই-ভনীসকল, চৰকাৰে বৰ্তমান যি জল-জীৱন আৰম্ভ কৰিছে, তাৰ পৰা ইয়াত সহায় হ’ব৷ নিজৰ ঘৰত, নিজৰ গাঁৱত, নিজৰ কলনিৰ পানী মজুতকৰণৰ বাবে, পানীৰ পুনৰ ব্যৱহাৰৰ বাবে আমি যি প্ৰচেষ্টাই নহওক, সেয়া কৰিব লাগে৷ যদি আমি এয়া কৰিব পাৰো, তেতিয়া শৌচালয়ৰ নিয়মীয়া আৰু স্থায়ী ব্যৱহাৰৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰিব৷ চৰকাৰে জল জীৱন অভিযানৰ বাবে চাৰে তিনি লাখ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু ইয়াত দেশবাসীৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে এয়া সম্পূৰ্ণ কৰাটো যথেষ্ট কঠিন৷

বন্ধুসকল, স্বচ্ছতা, পৰিৱেশ সুৰক্ষা আৰু জীৱ-জন্তুৰ সুৰক্ষা প্ৰদান-এই তিনিওটা বিষয় মহাত্মা গান্ধীৰ প্ৰিয় বিষয় আছিল৷ প্লাষ্টিক এই তিনিওটা ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বিপদ৷ সেয়েহে, ২০২২ চনৰ ভিতৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত হ’ব লাগিব৷ যোৱা তিনি সপ্তাহত স্বচ্ছতাই সেৱাৰ জৰিয়তে সমগ্ৰ দেশত এই অভিযানৰ যথেষ্ট গতি প্ৰদান কৰা হৈছে৷ মোক জনোৱা মতে এই সময়ছোৱাত প্ৰায় ২০ হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰা হৈছে৷ এই সময়ছোৱাত এইটোও পৰিলক্ষিত হৈছে যে প্লাষ্টিকৰ কেৰী বেগ যথেষ্ট ক্ষীপ্ৰতাৰে হ্ৰাস পাইছে৷

মই এই জানিব পাৰিছো যে আজি দেশজুৰি কোটি কোটি লোকে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰাৰ সংকল্প লৈছে৷ অৰ্থাৎ, সেইবোৰ প্লাষ্টিক, যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰো আৰু পুনৰ পেলাই দিও, সেই প্লাষ্টিকৰ পৰা আমি দেশক মুক্ত কৰিব লাগিব৷ ইয়াৰ দ্বাৰা পৰিৱেশৰো ভাল হ’ব, আমাৰ চহৰৰ পথ আৰু বৰ্জ্য পানী বাধা দিয়া সমস্যাৰ সমাধান হোৱাৰ লগতে আমাৰ পশুধন, সামুদ্ৰিক জীৱকূলৰো জীৱন ৰক্ষা হ’ব৷

ভাই-ভনীসকল, মই পুনৰ কৈছো যে আমাৰ এই আন্দোলনৰ মুলতে আটাইতকৈ ডাঙৰ কথাটো হৈছে ব্যৱহাৰৰ পৰিৱৰ্তন৷ এই পৰিৱৰ্তন আগতে নিজে নিজে হয়, সংবেদনাৰে হয়৷ এই শিক্ষা আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ পৰা পাইছো৷

দেশে যেতিয়া গম্ভীৰ খাদ্য সংকটত যুঁজিছিল, তেতিয়া শাস্ত্ৰী জীয়ে দেশবাসীক নিজৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছিল, কিন্তু ইয়াৰ আৰম্ভণি কৰিছিল পৰিয়ালৰ পৰা৷ স্বচ্ছতাৰ এই যাত্ৰাও আমাৰ বাবে এক পথ, য’ত আগুৱাই গৈ আমি এক লক্ষ্যত উপনীত হ’ম৷

ভাই-ভনীসকল, বৰ্তমান সমগ্ৰ বিশ্বই স্বচ্ছ ভাৰত অভিযানৰ আমাৰ এই ব্যৱস্থাপনাক শিকিব বিচাৰে, সেইবোৰ গ্ৰহণ কৰিব বিচাৰে৷ কেইদিনমান পূৰ্বে আমেৰিকাত যেতিয়া ভাৰতক গ্ল’ৱেল গোলকীপাৰ বঁটাৰে সন্মানিত কৰিছিল, তেতিয়া ভাৰতৰ এই সফলতা সমগ্ৰ বিশ্বত জনাজাত হৈ পৰে৷ মই সংযুক্ত ৰাষ্ট্ৰতো এইটো কৈছিলো যে ভাৰতে ইয়াৰ অভিজ্ঞতাসমূহ অন্য দেশৰ সৈতে শ্বেয়াৰ কৰিবলৈ সদায় প্ৰস্তুত৷ আজি নাইজেৰিয়া, ইণ্ডোনেছিয়া আৰু মালী চৰকাৰৰ প্ৰতিনিধি আমাৰ মাজত আছে৷ ভাৰতে আপোনালোকক স্বচ্ছতা, অনাময়ৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ পালে সুখী হ’ব৷

বন্ধুসকল, মহাম্তা গান্ধীয়ে সত্য, অহিংসা, স্বাৱলম্বন ইত্যাদি চিন্তাধাৰাৰ জৰিয়তে দেশক পথ দেখুৱাইছিল৷ আজি আমি সেই পথেৰে আগুৱাই স্বচ্ছ, স্বাস্থ্য, সমৃদ্ধ আৰু শক্তিশালী নতুন ভাৰত নিৰ্মাণত ব্ৰতী আছো৷ পূজ্য বাপুয়ে স্বচ্ছতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল৷ স্বচ্ছতাৰ সাধক হিচাপে দেশৰ গ্ৰামীণ ক্ষেত্ৰই বৰ্তমান তেওঁক স্বচ্ছ ভাৰতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাইছে৷ গান্ধীজীয়ে স্বাস্থ্যক প্ৰকৃত ধন হিচাপে গণ্য কৰিছিল আৰু দেশৰ সকলো নাগৰিক সুস্থ হৈ থকাটো বিচাৰিছিল৷ আমি যোগ দিৱস, আয়ুষ্মান ভাৰত, ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে এই চিন্তাধাৰাক দেশত ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰি আছো৷ গান্ধীজীয়ে বসুধৈৱ কুটুম্বকমত বিশ্বাস কৰিছিল৷

এতিয়া ভাৰতে নিজৰ নতুন যোজনা আৰু পৰিৱেশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে বিশ্বক বিভিন্ন প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজাত সহায় কৰি আহিছে৷ আত্মনিৰ্ভৰ, আত্মবিশ্বাসেৰে এক ভাৰত গঢ়াক সপোন আছিল বাপুৰ৷ বৰ্তমান আমি মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়াৰ জৰিয়তে এই সপোনবোৰে বাস্তৱ কৰাৰ কাম লাগি আছো৷

গান্ধীজীৰ এনে এখন ভাৰত গঢ়াৰ সংকল্প আছিল, য’ত প্ৰতিখন গাঁও স্বাৱলম্বী হয়৷ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজৰ জৰিয়তে আমি এই সংকল্পও সিদ্ধি কৰাৰ দিশত আগুৱাই নিছো৷

গান্ধীজীয়ে সমাজৰ প্ৰান্তীয় ব্যক্তিগৰাকীৰ বাবে প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা কয়৷ আমি বৰ্তমান উজ্জ্বলা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জন-ধন যোজনা, সৌভাগ্য যোজনা, স্বচ্ছ ভাৰতৰ দৰে যোজনাৰ শুভাৰম্ভ কৰি তেওঁৰ এই মন্ত্ৰক এক ব্যৱস্থালৈ পৰিণত কৰিলো৷

পূজ্য বাপুয়ে কাৰিকৰী দিশত জৰিয়তে নাগৰিকৰ জীৱন সৰল কৰাৰ কথা কৈছিল৷ আমি, আধাৰ, প্ৰত্যক্ষ লাভ হস্তান্তৰ, ডিজিটেল ইণ্ডিয়া, ভীম এপ, ডিজি লকাৰৰ জৰিয়তে দেশবাসীৰ জীৱন সহজ কৰাৰ প্ৰয়াস কৰিছো৷

বন্ধুসকল, মহাত্মা গান্ধীয়ে কৈছিল যে তেওঁলোকৰ ভাৰতৰ উত্থান এইবাবে বিচাৰে, কিয়নো সমগ্ৰ বিশ্বই ইয়াৰদ্বাৰা লাভান্বিত হয়৷ গান্ধীজীয়ে স্পষ্টকৈ কৈছিল যে ৰাষ্ট্ৰবাদী অবিহনে আন্তঃৰাষ্ট্ৰীয়বাদী হ’ব নোৱাৰি৷ অৰ্থাৎ আমি আমাৰ সমস্যাৱলী নিজেই সমাধান কৰিব লাগিব, তেতিয়াহে আমি বিশ্বক সহায় কৰিব পাৰিম৷ এই ৰাষ্ট্ৰবাদী চিন্তাৰেই বৰ্তমান ভাৰত আগবাঢ়ি আছে৷

বাপুৰ সপোনৰ ভাৰত-নতুন ভাৰত নিৰ্মাণ হৈছে৷

বাপুৰ সপোনৰ ভাৰত হৈছে-য’ত স্বচ্ছ, সুৰক্ষিত পৰিৱেশ৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী ব্যক্তি সুস্থ, ফিট হ’ব৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী মাতৃ-প্ৰতিগৰাকী শিশু পুষ্টিসম্পন্ন৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী নাগৰিকে সুৰক্ষিত অনুভৱ কৰিব৷

বাপুৰ সপোনৰ ভাৰত- যি ভেদভাৱ মুক্ত, সদ্ভাৱযুক্ত হ’ব৷

বাপুৰ সপোনৰ ভাৰত-যি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই আদৰ্শৰে চলিব৷ বাপুৰ ৰাষ্ট্ৰবাদৰ এই উপাদানসমূহ বিশ্বৰ আদৰ্শৰ বাবে উপযোগী হ’ব, প্ৰেৰণাৰ কাৰক হ’ব৷

আহক, জাতিৰ পিতাৰ মূল্যবোধক প্ৰতিষ্ঠা কৰাৰ বাবে, মানৱতাৰ ভালৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই, ৰাষ্ট্ৰবাদৰ প্ৰতিটো সংকল্প সিদ্ধি কৰাৰ সংকল্প লও৷

মই আজি দেশৰ এক ব্যক্তি, এক সংকল্পৰ আহ্বান জনাইছো৷ আপোনালেকে যি সংকল্পই নলওক কিয়, সেয়া যাতে দেশৰ কামত আহে৷ দেশৰ, সমাজৰ, দুখীয়া লোকসকলৰ ভালৰ বাবে সংকল্প লওক৷ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এই যে এটা সংকল্প লওক আৰু নিজক কৰ্তব্যসমূহৰ বিষয়ে ভাৱক, ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্বৰ কথা ভাৱক৷

কৰ্তব্যৰ পথত চলি ১৩০ কোটি প্ৰয়াস, ১৩০ কোটি সংকল্পৰ শক্তিৰে দেশৰ কিমান কিবা-কিবি কৰিব পাৰি৷ আজিৰ পৰা আৰম্ভ কৰি অহা এবছৰলৈকে আমি একেৰাহে এই দিশত কাম কৰিব লাগিব৷ এবছৰ কাম কৰিলেই যদি আমাৰ জীৱনৰ নতুন গতি লয়, এয়া আমাৰ জীৱনশৈলী হয়, এয়াই আমাৰ কৃতজ্ঞ ৰাষ্ট্ৰৰ বাপুৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব৷
এই আহ্বানৰ লগতে আৰু এটা কথা যোগ দিৱ বিচাৰিছো যে এই সফলতা কোনো চৰকাৰৰ সফলতা নহয়৷

এই যি সফলতা অৰ্জন কৰা হৈছে, সেয়া কোনো প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ সফলতা নহয়৷

এই যি সফলতা লাভ কৰা হৈছে, সেয়া ১৩০ কোটি নাগৰিকৰ পুৰুষাৰ্থৰ বাবে লাভ কৰা হৈছে৷ সমাজৰ জ্যেষ্ঠসকসে সময়ে সময়ে নেতৃত্ব দিলে, মাগদৰ্শন কৰিলে তাৰ বাবে হৈছে৷ মই লক্ষ কৰিছো বিগত পাঁচ বছৰে সংবাদমাধ্যমে এই বিষয়টো সম্পূৰ্ণৰূপে আগুৱাই নিলে, ইতিবাচক সহায় কৰিলে, দেশত পৰিৱেশ গঢ় দিয়াত সংবাদমাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে৷

আজি মই সেই সকলোকে, যিসকলে এই কাম কৰিলে, ১৩০ কোটি দেশবাসীক আদৰপূৰ্বক প্ৰণাম জনাইছো, মই তেওঁলোকক ধন্যবাদ জনাইছো, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷

ইমানতে মই মোৰ ভাষণৰ সামৰণী মাৰিছো৷ মোৰ সৈতে আপোনালোকে কওক-
মই ক’ম মহাত্মা গান্ধী, আপোনালোক সকলোৱে দুয়োখন হাত ওপৰলৈ কৰি ক’ব–অমৰ হওক, অমৰ হওক৷

মহাত্মা গান্ধী–অমৰ হওক

মহাত্মা গান্ধী–অমৰ হওক

মহাত্মা গান্ধী–অমৰ হওক

পুনৰ বাৰ সমগ্ৰ দেশবাসীক এক ডাঙৰ সংকল্প সিদ্ধি কৰা বাবে বহুত বহুত অভিনন্দন জনাইছো৷

মোৰ সৈতে কওক-

ভাৰত মাতা কী–জয়

ভাৰত মাতা কী–জয়

ভাৰত মাতা কী–জয়
বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Rare to see a policy land so correctly and so rapidly': Ather CEO Tarun Mehta hails RDI fund

Media Coverage

'Rare to see a policy land so correctly and so rapidly': Ather CEO Tarun Mehta hails RDI fund
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting respect for nature and environmental stewardship
July 30, 2026

The Prime Minister, Shri Narendra Modi, said that respect for nature, the environment and the entire creation lies at the very core of our existence. He called upon everyone to participate, with a spirit of gratitude and selfless service towards nature, in building a healthy, prosperous and strong nation.

The Prime Minister shared a Sanskrit Subhashitam-

“शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”

The Subhashitam conveys that May Dyuloka and the Earth, which have been revered since the beginning of creation, always be auspicious for us. May the intermediate space between the Earth and the Sun be beneficial and enlightening for our lives. May all medicinal herbs and forest plants provide us with health, nourishment, and happiness. May the all-pervading and victorious Lord of all worlds ever grant us welfare, peace, and prosperity.

The Prime Minister wrote on X;

“प्रकृति, पर्यावरण और समस्त सृष्टि का सम्मान हमारे अस्तित्व के मूल में है। आइए, हम इनके प्रति पूरी कृतज्ञता और सेवाभाव के साथ एक स्वस्थ, समृद्ध और सशक्त राष्ट्र के निर्माण में सहभागी बनें।

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”