Let our motto be Yoga for peace, harmony and progress: PM Modi
Yoga transcends the barriers of age, colour, caste, community, thought, sect, rich or poor, state and border: PM Modi
Yoga is both ancient and modern. It is constant and evolving: PM Modi

মঞ্চত বিৰাজমান ৰাজ্যপাল দ্ৰোপদী মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ঝাৰখণ্ডৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল৷

আপোনালোক সকলোকে, সমগ্ৰ দেশ আৰু বিশ্বক আন্তৰ্জাতিক যোগ দিৱসৰ অলেখ শুভকামনা যাচিছো৷

আজি এই প্ৰভাত তাৰা ময়দানৰ পৰা সমূহ দেশবাসীলৈ সুপ্ৰভাতম জনাইছো৷ আৰু আজি এই প্ৰভাত তাৰা ময়দান বিশ্বৰ মানচিত্ৰত নিশ্চয়কৈ উজ্বলি উঠিছে৷ এই গৌৰৱ আজি ঝাৰখণ্ডই লাভ কৰিছে৷ আজি দেশ আৰু বিশ্বৰ অনেক স্থানত লক্ষাধিক লোক যোগ দিৱস পালন কৰাৰ বাবে বিভিন্ন স্থানত সমবেত হৈছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷

বিশ্বৰ যোগৰ প্ৰসাৰণৰ বাবে সংবাদ মাধ্যমৰ আমাৰ সহযোগী, ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত লোকসমূহে যি উল্লেখযোগ্য ভূমিকা পালন কৰিছে, সেয়াও অধিক গুৰুত্বপূৰ্ণ, মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ৷

বন্ধুসকল, ঝাৰখণ্ডত যোগ দিৱসলৈ অহাটো মোৰ বাবে এক সুখদ অনুভূতি৷ আপোনালোকৰ বহুতেই ৰাতিপুৱাতেই ঘৰৰ পৰা ওলাই ইয়ালৈ আহিছে, মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ৷ বহুতৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যে পঞ্চম যোগ দিৱস পালন কৰিবলৈ, আপোনালোকৰ সৈতে যোগ দিৱস পালন কৰিবলৈ মই ৰাঁচীলৈ কিয় আহিছো৷

ভাতৃ আৰু ভগ্নীসকল, ৰাঁচীৰ সৈতে মোৰ আপোনত্ব আছেই, কিন্তু আজি মই ৰাঁচীলৈ অহাৰ তিনিটা ডাঙৰ কাৰণ আছে৷ প্ৰথমটো হ’ল- ঝাৰখণ্ড অৰ্থাৎ ই হ’ল বন প্ৰদেশ৷ প্ৰকৃতিৰ অতি নিকটতম আৰু যোগ তথা প্ৰকৃতিৰ সামঞ্জস্যতাই মানুহক এক অনন্য অনুভৱ প্ৰদান কৰে৷ দ্বিতীয়টো ডাঙৰ কাৰণ হ’ল ৰাঁচী আৰু স্বাস্থ্যৰ সম্বন্ধ এতিয়া ইতিহাসত খোদিত হৈছে৷ যোৱা বছৰৰ ২৩ ছেপ্টেম্বৰ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত ইয়াত ৰাঁচীৰ পৰা আমি আয়ুষ্মান ভাৰত যোজনাৰ শুভাৰম্ভ কৰিছিলো৷ আজি বিশ্বৰ সবাতোকৈ বৃহৎ স্বাস্থ্য সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনা অতি কম সময়তে দুখীয়াৰ বাবে বৃহৎ সম্বল হিচাপে পৰিচিত হৈছে৷ ভাৰতীয়সকলৰ আয়ুষ্মান হিচাপে গঢ়ি তোলাত যোগৰ যি মহত্ব, তাৰ সৈতে আমি ভালদৰেই পৰিচিত, সেয়ে আজি মই ৰাঁচীলৈ বিশেষভাৱে আহিছো৷

ভাতৃ আৰু ভগ্নীসকল, এতিয়া যোগ অভিযানক মই আৰু আমি সকলোৱে মিলি এক অন্য পৰ্যায়লৈ লৈ যাব লাগিব আৰু ৰাঁচীলৈ অহাৰ মোৰ তৃতীয়টো ডাঙৰ কাৰণ এয়াই৷

বন্ধুসকল, যোগ আমাৰ দেশত প্ৰাচীন কালৰে পৰাই আছে, ই আমাৰ সংস্কৃতিৰ অভিন্ন অংগ৷ ইয়াত ঝাৰখণ্ডত যি ‘ছও নৃত্য’ হয়, তাতো আসন আৰু মুদ্ৰা প্ৰদৰ্শিত কৰা হয়৷ কিন্তু এয়াও সত্য যে আধুনিক যোগৰ যি যাত্ৰা, সেয়া দেশৰ গ্ৰামাঞ্চল আৰু আদিবাসী অঞ্চলতো সেইদৰে প্ৰৱেশ কৰা নাই, যিদৰে প্ৰৱেশ কৰিব লাগিছিল৷ এতিয়া মই আৰু আমি সকলোৱে মিলি আধুনিক যোগৰ যাত্ৰাক চহৰৰ পৰা গাঁৱলৈ, জংগললৈ, দূৰ-সুদূৰৰ অন্তিমজন মানুহলৈ লৈ যাব লাগিব৷ দুখীয়া আৰু আদিবাসীৰ ঘৰলৈ যোগাভ্যাস নিব লাগিব৷ মই যোগক দুখীয়া আৰু আদিবাসীৰ জীৱনৰ অভিন্ন অংগ কৰি তুলিব লাগিব যি ৰোগত অধিক কষ্ট পায়৷ এই ৰোগেই দুখীয়াক আৰু অধিক দুখীয়া কৰি তোলে৷ সেইবাবে এনে সময়ত যেতিয়া দেশত দুখীয়া কম হোৱাৰ গতি বৃদ্ধি পাইছে, তেওঁলোকৰ বাবেও যোগ অতিশয় গুৰুত্বপূৰ্ণ যি দুখীয়া অৱস্থাৰ পৰা বাহিৰলৈ ওলাইছে৷ তেওঁলোকৰ জীৱনত যোগাভ্যাসক অন্তৰ্ভুক্ত কৰি তেওঁলোকক ৰোগ আৰু দৰিদ্ৰতাৰ চক্ৰান্তৰ পৰা উদ্ধাৰ কৰিব লাগিব৷

বন্ধুসকল, কেৱল সুবিধাসমূহৰ দ্বাৰা জীৱন সহজ কৰি তোলা যথেষ্ট নহয়৷ দৰৱ আৰু অস্ত্ৰোপচাৰৰ সমাধানেই পৰ্যাপ্ত নহয়৷ আজি পৰিৱৰ্তিত সময়ত ৰোগৰ পৰা ৰক্ষা কৰাৰ উপৰিও কল্যাণৰ প্ৰতিও অধিক গুৰুত্ব প্ৰদান কৰা আৱশ্যক৷ এই শক্তি আমি যোগৰ পৰা লাভ কৰো৷ এই ভাৱনা যোগৰ, প্ৰাচীন ভাৰতীয় দৰ্শনৰো৷ যোগ কেৱল এয়াই নহয় যে কেৱল আধা ঘণ্টা ভূমিত অথবা মেজত অভ্যাস কৰিলো; যোগ হ’ল অনুশাসন, সমৰ্পণ, আৰু ইয়াৰ পালন সমগ্ৰ জীৱনজুৰি কৰিব লাগিব৷ যোগ-আয়ু, বৰ্ণ, জাতি, সম্প্ৰদায়, মত, পন্থ, ধনী, দুখীয়া, প্ৰান্ত, সীমাৰো ঊৰ্ধত৷ যোগ সকলোৰে হয় আৰু সকলো যোগৰ৷

বন্ধুসকল, বিগত পাঁচ বছৰত যোগক স্বাস্থ্য আৰু কল্যাণৰ সৈতে জড়িত কৰি আমাৰ চৰকাৰে ইয়াক প্ৰতিৰোধাত্মক স্বাস্থ্য সেৱাৰ স্তম্ভ শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে৷ আজি আমি এয়া ক’ব পাৰো যে ভাৰতত যোগৰ প্ৰতি সজাগতা প্ৰতিটো কোণলৈ, প্ৰতিটো বৰ্গলৈ প্ৰদান কৰিব লাগিব- ড্ৰয়িংৰূমৰ পৰা বেডৰূমলৈ, চহৰৰ পাৰ্কৰ পৰা আৰম্ভ কৰি ক্ৰীড়া প্ৰাংগনলৈ, চুবুৰীৰ পৰা কল্যাণ কেন্দ্ৰলৈ আজি চাৰিওফালে যোগৰ অনুভৱ কৰিব পৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া মই দেখা পাঁও যে যুৱ প্ৰজন্মই আমাৰ এই প্ৰাচীন পদ্ধতিক আধুনিকতাৰ সৈতে জড়িত কৰি প্ৰচাৰিত আৰু প্ৰসাৰিত কৰে তেতিয়া অধিক সন্তোষ পাঁও৷ যুৱ প্ৰজন্মৰ উদ্ভাৱনী আৰু সৃজনীমূলক শক্তিৰ দ্বাৰা যোগ পূৰ্বতকৈও অধিক লোকপ্ৰিয় হৈছে, জীৱন্ত হৈছে৷

বন্ধুসকল, আজি এই উপলক্ষে যোগৰ উত্তৰণ আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ ঘোষণা কৰা হৈছে৷ এদল জুৰীয়ে ইয়াৰ নিৰ্ণয় কৰিছে আৰু সমগ্ৰ বিশ্ব অন্বেষণ কৰি এওঁলোকে ইয়াক সন্ধান কৰিছে৷

যিসকল বন্ধুৱে এই পুৰষ্কাৰ পাইছে, মই তেওঁলোকৰ তপস্যা আৰু যোগৰ প্ৰতি তেওঁলোকৰ সমৰ্পণক প্ৰশংসা কৰিছো৷

বন্ধুসকল, এই বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয় হ’ল ‘হৃদয়ৰ বাবে যোগাভ্যাস’৷ হৃদয়ৰ শুশ্ৰূষা আজি সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান হৈ উঠিছে৷ ভাৰতত বিগত দুই-আঢ়ৈ দশকত হৃদয়ৰ সৈতে জড়িত ৰোগ বহুগুণে বৃদ্ধি হৈছে৷ দুখৰ কথা এয়েই যে অতি কম বয়সতে যুৱ প্ৰজন্মৰ মাজতো হৃদৰোগে দেখা দিছে৷ এনে অৱস্থাত হৃদয়ৰ শুশ্ৰূষা সজাগতাৰ সৈতে যোগকো প্ৰতিৰোধী অথবা চিকিৎসাৰ অংশ হিচাপে গঢ়ি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে৷

মই ইয়াৰে স্থানীয় যোগ আশ্ৰমসকলক যোগ প্ৰসাৰ কৰাৰ বাবে আহ্বান জনাইছো৷ সেয়া লাগিলে দেওঘৰৰ সিখ্যা পীঠযোগৰ আশ্ৰমেই হওক, ৰাঁচীৰ যোগদা সৎসংগ সখা মঠেই হওক অথবা অন্য সংস্থাই হওক; তেওঁলোকে এই বৰ্ষত হৃদৰোগ শুশ্ৰূষা সজাগতাক বিষয় হিচাপে লৈ অনুষ্ঠানৰ আয়োজন কৰক৷

আৰু বন্ধুসকল, যেতিয়াই স্বাস্থ্য উত্তম হয় তেতিয়া জীৱনত এক নতুন উচ্চতা প্ৰাপ্তিৰ আকাংক্ষা হয়৷ অৱসাদত ভাগৰি পৰা শৰীৰৰ দ্বাৰা, ভংগুৰ মনৰ দ্বাৰা সপোনো সজাব নোৱাৰি, আকাংক্ষাকো বাস্তৱায়িত কৰিব নোৱাৰি৷ যেতিয়াই আমি উত্তম স্বাস্থ্যৰ কথা কও, কিছু কথা পানী, পোষণ, পৰিবেশ, পৰিশ্ৰম-এই চাৰিটা বিষয়- খোৱাৰ বাবে বিশুদ্ধ পানী, আৱশ্যকতা অনুসৰি পোষণ প্ৰাপ্তি, পৰিবেশৰ প্ৰতি স্বচ্ছতা-বায়ু পৰিবেশেই হওক, যিকোনো কথাই হওক, আৰু পৰিশ্ৰম জীৱনৰ এক অংশ৷ সেয়ে উত্তম স্বাস্থ্যৰ বাবে এই চাৰিটা ‘প’ই পৰিণাম প্ৰদান কৰে৷

বন্ধুসকল, আজি সমগ্ৰ বিশ্বৰ যোগ দিৱস উদযাপন কৰিবলৈ সমবেত হোৱা লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছো৷ সূৰ্যৰ প্ৰথম পোহৰক যোগাভ্যাসেৰে আদৰণি জনোৱাটো এক সুন্দৰ দৃশ্য৷ মই আপোনালোক সকলোকে যোগাভ্যাসক আপোনালোকৰ দৈনিক কাৰ্যসূচীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো৷ যোগ প্ৰাচীনো হয় আৰু আধুনিকো৷ ই ধ্ৰুৱক আৰু পৰিৱৰ্তনশীলো৷ শতিকাজুৰি যোগৰ মূল ভাৱাৰ্থ একেই আছে- স্বাস্থ্যৱান শৰীৰ, স্থিৰ মন, অখণ্ডতা৷ যোগে জ্ঞান, কৰ্ম অথবা ভক্তি প্ৰদান কৰে৷ যোগে ব্যক্তিবিশেষক উন্নত চিন্তাধাৰা প্ৰদান কৰে৷

বন্ধুসকল, যোগাভ্যাসৰ গুৰুত্ব পূৰ্বতকৈও বেছি হৈছে৷ আমি এনেকুৱা সময়ত জীৱন-যাপন কৰিছো য’ত জীৱনশৈলীত ৰোগ বৃদ্ধি হৈছে আৰু উদ্বিগ্নতাও বৃদ্ধি হৈছে৷ তাৰোপৰি ইয়াৰ লগতে দৈনন্দিন ব্যস্তসূচীয়েও ইয়াত অৰিহণা যোগাইছে৷ কম বয়সীয়া পুৰুষ তথা মহিলাসকলে সামগ্ৰী অপব্যৱহাৰ, মাদক দ্ৰব্যৰ প্ৰতি আসক্তি, ডায়েবেটিছ আদিৰ প্ৰতি আসক্ত হোৱা ঘটনাই মোক দুখ দিয়ে৷

যোগে এই সমস্যাসমূহৰ সমাধান প্ৰদান কৰে৷ যোগে সমাজত মানুহৰ মাজত একতাৰ ভাৱ বৃদ্ধি কৰে আৰু ই আমাৰ সমাজৰ বিভিন্ন প্ৰত্যাহ্বান ৰোধ কৰিব পাৰে৷

বন্ধুসকল, যোগৰ সৈতে শান্তি, সদভাৱ আদিও সংবদ্ধ হৈ আছে৷ ৫ম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে আমাৰ যোগৰ বিষয়বস্তু হওক শান্তি, সদভাৱ আৰু সমৃদ্ধি৷

ভাতৃ আৰু ভগ্নীসকল, আন্তৰ্জাতিক যোগ দিৱসৰ আৰম্ভণীৰ পিছতে আমি অনেক পদক্ষেপ গ্ৰহণ কৰিলো যাৰ লাভ আজি আমি দেখিবলৈ পাইছো৷ ভৱিষ্যতক প্ৰত্যক্ষ কৰি আমি যোগক প্ৰত্যেক ব্যক্তিৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ সদভাৱৰ বাবে নিৰন্তৰে কাম কৰিব লাগিব৷ ইয়াৰ বাবে যোগৰ সৈতে জড়িত সাধক, শিক্ষক আৰু সংগঠনসমূহৰ ভূমিকা বৃদ্ধি হ’ব৷ যোগক কোটি কোটি লোকৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ মানৱ সম্পদ প্ৰস্তুত কৰা, মানৱ সম্পদৰ বিকাশ কৰাটোও অতিশয় প্ৰয়োজনীয়৷ এয়া তেতিয়াহে সম্ভৱ যেতিয়া আমি যোগৰ সৈতে জড়িত গুণগতমান আৰু সংস্থাসমূহক বিকশিত কৰিম৷ আৰু সেইবাবে আমাৰ চৰকাৰে এই চিন্তাৰ সৈতে অগ্ৰসৰ হৈছে৷

বন্ধুসকল, আজি আমাৰ যোগক সমগ্ৰ বিশ্বই আকোৱালি লৈছে আৰু আমি যোগৰ সৈতে জড়িত গৱেষণাতো গুৰুত্ব প্ৰদান কৰিব লাগিব৷ যিদৰে আমাৰ ফোনৰ ছফ্টৱেৰ নিৰন্তৰে আপডেট হয় ঠিক সেইদৰে আমিও যোগৰ বিষয়ে বিশ্ববাসীক জনাব লাগিব৷ ইয়াৰ বাবে প্ৰয়োজনীয় হ’ল যে যোগক যাতে কোনো সীমাৱদ্ধতাৰ মাজত বান্ধি ৰখা নহয়৷ যোগৰ চিকিৎসা, ফিজিঅ’থেৰাপী, কৃত্ৰিম বুদ্ধিমতা আদিৰ সৈতে জড়িত কৰিব লাগিব৷ এয়াই নহয়, আমি যোগৰ সৈতে জড়িত ব্যক্তিগত সংস্থাসমূহকো উৎসাহিত কৰিব লাগিব, তেতিয়াহে আমি যোগৰ প্ৰচাৰ কৰিব পাৰিম৷

আমাৰ চৰকাৰে এই আৱশ্যকতাসমূহ অনুধাৱন কৰি এনেকুৱা অনেক ক্ষেত্ৰত কাম কৰি আছে৷

মই আপোনালোকৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে পুনৰবাৰ আম্তৰ্জাতিক যোগদিৱসৰ অনেক শুভকামনা প্ৰদান কৰিছো৷ আৰু মই আশা কৰিছো যে আপোনালোক সকলোৱে, ইয়াত আজি যিসকলে যোগচৰ্চা কৰিব, তেওঁলোকে অধিক কৰিব নালাগে, ইমানেই কৰক, কিন্তু ক্ৰমান্বয়ে ইয়াৰ পৰিসৰ বৃদ্ধি কৰক৷ আপোনাৰ জীৱনত চমকপ্ৰদ লাভ দেখিবলৈ পাব৷

মই পুনৰবাৰ আপোনালোকৰ উত্তম স্বাস্থ্যৰ বাবে শান্তি, সদভাৱ আৰু সমন্বয়যুক্ত জীৱনৰ বাবে অশেষ শুভকামনা জনাইছো৷

আহক, এতিয়া আমি যোগাভ্যাস আৰম্ভ কৰো৷

মই ঝাৰখণ্ডৰ চৰকাৰকো ধন্যবাদ জনাব খুজিছো কিয়নো তেওঁলোকে ইমান কম সময়ত এক বৃহৎ আয়োজন কৰিছে৷ প্ৰথমে এওঁলোকেও গম পোৱা নাছিল, দুসপ্তাহ পূৰ্বেই নতুন চৰকাৰ গঠন হোৱাৰ পিছত ৰাঁচীত এনে কাৰ্যসূচীৰ আয়োজন কৰাৰ বিচাৰ মনলৈ আহিল৷ কিন্তু ইমান কম সময়ত ঝাৰখণ্ডবাসীয়ে যি অদ্ভুত কাম কৰি দেখুৱালে, তাৰবাবে মই আপোনালোকক, চৰকাৰকো অশেষ শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump