Text of PM’s Media Statement in Turkmenistan

Published By : Admin | July 11, 2015 | 15:20 IST
There is enormous potential for cooperation between India and Turkmenistan: PM
As India deepens its relations with Central Asia, Turkmenistan will play a crucial role in it: PM
India and Turkmenistan agree to combat terrorism and extremism collectively
PM appreciates President and people of Turkmenistan for the support in making #YogaDay a huge global success

His Excellency Mr President,

Members of the media,

It is a great pleasure to visit Turkmenistan. I am also delighted to see Ashgabat. It stands on a once thriving trade route since ancient times. It is now a beautiful 'Ak Shaharim' or the White City. It reflects your great vision and the nation's prosperity.

Mr. President, I am very grateful to you and the people of Turkmenistan for a very warm welcome and generous hospitality.

Our long standing and deep-rooted civilisational and cultural ties are well known. It has created a sense of familiarity and goodwill between our people. It is a strong foundation of close relations between our two countries.

India attaches great importance to this relationship. There is enormous potential for cooperation between India, a nation of 1.25 billion people with a large and rapidly growing economy, and Turkmenistan, a nation rich in resources.

As India deepens its relations with Central Asia, Turkmenistan will play a crucial role in it.

We have shared interests in a peaceful and stable Afghanistan and Central Asia. We also have common purpose in combating terrorism and extremism in our region.

Connecting South and Central Asia will open up new economic opportunities in our region and beyond.

I thank Mr. President for sharing this vision and for his strong support to the relationship.

The most significant initiative in our relationship is the TAPI Gas Pipeline. This could transform regional economic cooperation and bring prosperity along the route. We welcomed the agreements between the four countries for the pipeline. We underlined the need to implement the project quickly.

I also proposed to President that we should explore multiple options, including the additional possibility of land-sea route through Iran.

I conveyed our interest in long term investment in the energy sector in Turkmenistan. We welcome the decision by ONGC Videsh Limited to open an office in Ashgabat.

We had a very positive discussion on India's interest in investment in downstream industries, including petrochemicals and fertilizer. The Memorandum of Understanding in the fertilizer sector will enable long term arrangements for supply of fertilizers from here to India.

Connectivity is an area of priority for both countries. If we use the Iran route, Ashgabat is the first capital we would reach in Central Asia.

We are grateful for Turkmenistan’s support to India joining the Ashgabat Agreement on trade and transit. I have also proposed that Turkmenistan becomes a member of the International North South Transport Corridor.

Together with the Kazakhstan-Turkmenistan-Iran rail link, and India's proposed investment in Chahbahar Port in Iran, these initiatives will strengthen connectivity between our countries.

Training and human resource development is an important area of cooperation. India will enhance its training scholarship programme. I welcome the upgrading of the Turkmen India Industrial Training Institute in Ashgabat.

The agreements on sports and tourism will deepen the contacts between our people.

Later today, I will have the pleasure of unveiling the bust of Mahatma Gandhi. It will be a reminder of our shared commitment to the cause of a peaceful, inclusive and a just world.

I am looking forward to the inauguration of the Centre of Yoga and Traditional Medicines. It is a tribute to our cultural links. It also gives us opportunities to revive our very old tradition of fruitful cooperation in traditional medicines. I also proposed to him that Ashgabat could be developed as an International Centre for Holistic Healthcare. I offered full support for it.

The defence agreement is a reflection of our shared interest in closer security cooperation, including in combating terrorism.

I am grateful to President and the people of Turkmenistan for the support in making the International Day of Yoga on June 21 a huge global success.

I congratulated the President on the 20th anniversary of the adoption of Permanent Neutrality by Turkmenistan. India acknowledges the contributions of this policy to peace and stability in Turkmenistan and the wider region.

Again, Mr. President, this has been a short but very productive visit. I am confident that our relationship will grow in strength in the coming years.

I look forward to receiving you in India, Mr. President, in the near future.

Thank you.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot

Media Coverage

India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
August 12, 2026
আজি আমি শ্ৰী ৰামনাথ কোবিন্দজীৰ আত্মজীৱনী উন্মোচন কৰাৰ সুযোগ লাভ কৰিছো, এই কাৰ্যসূচীৰ অংশ হ’বলৈ পাই মই সুখীঃ প্ৰধানমন্ত্ৰী
তেওঁৰ যাত্ৰাই ৰাজহুৱা সেৱা আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে উৎসর্গীকৃত জীৱনক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
কোবিন্দজীৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক, মোৰ প্ৰতি তেওঁৰ বিশেষ মৰম আৰু ভালপোৱা মোৰ আটাইতকৈ ডাঙৰ সম্পদঃ প্ৰধানমন্ত্ৰী
মহাত্মা গান্ধী, বাবাচাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেই এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছিল, য’ত আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলে শীৰ্ষস্থান লাভ কৰাৰ সুযোগ পাব পাৰেঃ প্ৰধানমন্ত্ৰী
কোবিন্দজীৰ দৰে ব্যক্তিসকলে কেৱল নিজৰ অধ্যৱসায় আৰু সক্ষমতাৰ জৰিয়তে নিজৰ জীৱন সলনি কৰাই নহয়, বৰং তেওঁলোকে শতিকা পুৰণি সপোন আৰু দৃষ্টিভংগী বাস্তৱায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ ‘এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন’ বিষয়ত কাম কৰি আছে, ইয়াৰ সংকল্পই গণতন্ত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী

আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়া, লোকসভাৰ মাননীয় অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, শ্ৰীমতী সবিতা কোবিন্দ দেৱী আৰু সভাগৃহত উপস্থিত সকলো জ্যেষ্ঠ প্ৰতিনিধি— সকলোৰে নাম হয়তো মই পৃথকে ল'ব পৰা নাই, কিন্তু এই সমাৱেশটো এটি পৰিয়ালৰ মিলনৰ দৰে অনুভৱ হৈছে আৰু ই মোক অপৰিসীম আনন্দ প্ৰদান কৰিছে।

ভাই-ভনীসকল,

আজি এক ভব্য অনুষ্ঠানত শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ আত্মজীৱনী উন্মোচন কৰা হৈছে। মই অত্যন্ত আনন্দিত যে এই অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাৰ সৌভাগ্য মোৰো হৈছে। কোবিন্দ ডাঙৰীয়াৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে; তেওঁক অতি ওচৰৰ পৰা জনাৰ, ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মাৰ্গদৰ্শন লাভ কৰাৰ আৰু এইবোৰৰ সমান্তৰালভাৱে মোৰ প্ৰতি তেওঁৰ যি বিশেষ স্নেহ আৰু উষ্ম আদৰ আছিল, ই মোৰ জীৱনৰ এক অমূল্য সম্পদ। তেওঁৰ জীৱনক মই যিদৰে উপলব্ধি কৰিছোঁ আৰু তেওঁৰ সামৰ্থ্যক যিদৰে প্ৰত্যক্ষ কৰিছোঁ, তাৰ পৰা মই সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰোঁ যে শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ এই আত্মজীৱনী ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় সমাজৰ বাবে এক অক্ষয় ঐতিহ্য হৈ পৰিব। তেওঁৰ জীৱন যাত্ৰা, সমাজ আৰু ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান, এই বিষয়ে মই বহুত কথা ক'ব পাৰোঁ, কিন্তু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেৱল এক ‘আভাস’হে দিব পাৰি। গ্ৰন্থখনৰ প্ৰকৃত সুফল লাভ কৰিবলৈ আপোনালোকে সমগ্ৰ কিতাপখন মনোযোগেৰে পঢ়া উচিত।

বন্ধুসকল,

কোবিন্দ ডাঙৰীয়াৰ জীৱন যাত্ৰাৰ কথা তেওঁৰ নিজৰ মুখেৰে জনা, তেওঁৰ লিখনী আৰু অভিজ্ঞতাবোৰ পঢ়া আদিবোৰে নতুন প্ৰজন্মক বহু কথা শিকাৰ সুযোগ দিব। মই শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াক এই আত্মজীৱনীখনৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

কোবিন্দ ডাঙৰীয়াই তেওঁৰ পুথিখনৰ অতি যথোপযুক্ত নামাকৰণ কৰিছে— “Triumph of the Indian Republic: My Life, My Struggles” (ভাৰতীয় গণৰাজ্যৰ জয়যাত্ৰা: মোৰ জীৱন, মোৰ সংগ্ৰাম)। ইয়াৰ অৰ্থ হ’ল, জীৱন আৰু ইয়াৰ সংগ্ৰামবোৰ ব্যক্তিগত হ’ব পাৰে, কিন্তু সেই সংগ্ৰামৰ পৰা অহা সাফল্যসমূহ ভাৰত গণৰাজ্যৰ, ভাৰতীয় গণতন্ত্ৰৰ।

বন্ধুসকল,

আমি প্ৰায়ে দেখা পাওঁ যে মানুহৰ স্বভাৱ এনেকুৱা, সফলতাত নিজক কৃতিত্ব দিয়ে আৰু বিপদ-সমস্যাৰ সময়ত সমাজক দোষাৰোপ কৰে। কিন্তু হৃদয় যেতিয়া উদাৰ হয়, যেতিয়া ভাৰতীয় মূল্যবোধ অন্তৰত থাকে, তেতিয়া মানুহে সমাজৰ ভুল-ত্ৰুটি বিচাৰি সময় নষ্ট নকৰে। তেওঁ ধনাত্মক দিশটোতহে মনোনিবেশ কৰে আৰু নিজৰ সফলতাত সমাজকো সমানেই অংশীদাৰ বুলি গণ্য কৰে। কোবিন্দ ডাঙৰীয়াৰ আত্মজীৱনী আৰু ইয়াৰ পাতনিও ইয়াৰে উৎকৃষ্ট উদাহৰণ। তেওঁৰ জীৱনলৈ চাওক, কানপুৰ দেহাতৰ অতি সাধাৰণ পৰিয়াল এটাত তেওঁ জন্মগ্ৰহণ কৰিছিল। গ্ৰীষ্মকালৰ এদিনাখন কেনেকৈ তেওঁলোকৰ ঘৰত জুই লাগিছিল, সেই কথা তেওঁ কিতাপখনত বৰ্ণনা কৰিছে। নিজৰ নিৰাপত্তাৰ কথা পাহৰি তেওঁৰ মাকে ঘৰুৱা বস্তুবোৰ বচাবলৈ চেষ্টা কৰিছিল। এক সাধাৰণ পৰিয়ালৰ মাতৃৰ বাবেপ্ৰতিটো বস্তুৱেই সন্তানক ডাঙৰ-দীঘল কৰাৰ সম্বল। সেই প্ৰচেষ্টাতে মাক জুইৰ মাজত আবদ্ধ হৈ পৰে আৰু তেওঁৰ কৰুণ মৃত্যু হয়। ভাবি চাওক, ইমান কম বয়সতে এইদৰে মাকক হেৰুওৱাটো কিমান কষ্টকৰ আৰু যন্ত্ৰণাদায়ক আছিল। মই ভাগ্যৱান আছিলোঁ যে মোৰ মা ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকি মোক আশীৰ্বাদ দিছিল। তথাপিও, আজিও মই তেওঁৰ অভাৱ অনুভৱ কৰোঁ।

বন্ধুসকল,

এই হৃদয়বিদাৰক ঘটনাই যিকোনো মানুহকে ভাঙি পেলাব পাৰিলেহেঁতেন, কিন্তু ই কোবিন্দ ডাঙৰীয়াক আৰু অধিক শক্তিশালী কৰি তুলিলে। চুবুৰীয়া এগৰাকী মাকে তেওঁক প্ৰতিপালন কৰাত সহায় কৰিছিল। ইয়াৰ পৰাই তেওঁ সামাজিক ঐক্য আৰু সমন্বয়ৰ শক্তি বুজি পাইছিল। এই ঘটনাৰ পিছত তেওঁৰ পিতৃৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিল। পিতৃয়ে যিদৰে পৰিয়ালটো চম্ভালিছিল আৰু সন্তানক সংস্কাৰ দিছিল, সেয়েহে কোবিন্দ ডাঙৰীয়াই তেওঁৰ পিতৃক নিজৰ নায়ক বুলি গণ্য কৰে।

বন্ধুসকল,

শৈশৱৰ এই সমগ্ৰ সংগ্ৰামৰ মাজতে কোবিন্দ ডাঙৰীয়াই শিক্ষাকেই নিজক শক্তিশালী কৰাৰ পথ হিচাপে বাছি লৈছিল। তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল, সম্পদৰ অভাৱক কেতিয়াও নিজৰ দুৰ্বলতা হ’বলৈ দিয়া নাছিল। আৰু তেওঁ এনে এক উচ্চতাত উপনীত হ’ল যিটো সেই সময়ত মানুহে কল্পনাই কৰিব পৰা নাছিল, তেওঁ ভাৰতৰ দৰে বিশাল দেশৰ ৰাষ্ট্ৰপতি হ’ল।

বন্ধুসকল,

এনে এক সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পিছতো কোবিন্দ ডাঙৰীয়াৰ বিনম্ৰ ব্যক্তিত্ব আৰু সৰলতা অপৰিৱৰ্তিত হৈ ৰ’ল। মোৰ মনত আছে, প্ৰধানমন্ত্ৰী হিচাপে যেতিয়া মই তেওঁক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, তেওঁ শিষ্টাচাৰ বা প্ৰট'কলৰ ঊৰ্ধ্বত গৈ কাম কৰিছিল। প্ৰধানমন্ত্ৰীক বিদায় জনাবলৈ তেওঁ নিজে গাড়ীৰ দৰ্জাৰ কাষলৈকে আহিছিল। মই তেওঁক এনে নকৰিবলৈ অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁ শেষলৈকে নিজৰ সৌজন্য আৰু নম্ৰতা এৰা নাছিল। ৰাষ্ট্ৰপতি হোৱাৰ পিছতো যেতিয়া তেওঁ নিজৰ গাঁও 'পৰৌণখ'লৈ গৈছিল, তেওঁ নিজৰ শিক্ষকসকলৰ ভৰি চুই আশীৰ্বাদ লৈছিল। গাঁৱৰ মাটিক প্ৰণাম জনাই সাধাৰণ ৰাইজক ধন্যবাদ জনাইছিল। সমগ্ৰ দেশে সেই আৱেগিক দৃশ্য প্ৰত্যক্ষ কৰিছিল। তেওঁৰ আচৰণে বিশ্বৰ সন্মুখত ভাৰতীয় মূল্যবোধৰ এনে এক ছবি দাঙি ধৰিছিল যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে।

বন্ধুসকল,

শ শ বছৰজোৰা দাসত্বৰ দিনবোৰত আমাৰ দেশে অৰ্থনৈতিক আৰু সামাজিকভাবে বহু বস্তু হেৰুৱালে। আমাৰ পূৰ্বপুৰুষসকলে শতিকা ধৰি সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, বাবাচাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে—এনে বহু মহান ব্যক্তিয়ে এক নতুন ভাৰতৰ স্বপ্ন দেখিছিল, য’ত একেবাৰে দৰিদ্ৰ আৰু বঞ্চিতজনেও সৰ্বোচ্চ শিখৰত উপনীত হ’ব পাৰে। কোবিন্দ ডাঙৰীয়াৰ দৰে ব্যক্তিত্বসকলে নিজৰ পৰিশ্ৰম আৰু যোগ্যতাৰে কেৱল নিজৰ জীৱন সলনি কৰাই নহয়, সেই শতিকাপুৰণি সপোন আৰু দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। এই দিশত আমাৰ প্ৰচেষ্টা নিৰন্তৰ অব্যাহত আছে। ভৱিষ্যতে আমাক কোবিন্দ ডাঙৰীয়াৰ দৰে এনে বহু যুৱক-যুৱতীৰ প্ৰয়োজন, যিসকল বিপদে ভাঙি পেলাব নোৱাৰে, যিসকল সমস্যাৰ সন্মুখত হতাশ নহয়, বৰঞ্চ কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো লক্ষ্য সহজ কৰি তোলাৰ সাহস ৰাখে। এই পৰিৱৰ্তনে এক শক্তিশালী ভাৰত গঢ়াৰ সংকল্প পূৰণ কৰিব। ইয়াৰ পৰাই আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতৰ পথ প্ৰশস্ত হ’ব।

বন্ধুসকল,

এনে যুৱ শক্তি গঢ়ি তোলাৰ বাবে কোবিন্দ ডাঙৰীয়াৰ আত্মজীৱনী এক গুৰুত্বপূৰ্ণ প্ৰেৰণাৰ উৎস হ’ব পাৰে।

বন্ধুসকল,

আত্মজীৱনীখনত কোবিন্দ ডাঙৰীয়াই মোৰাৰজী দেশাই ডাঙৰীয়াৰ সৈতে লাভ কৰা অভিজ্ঞতাৰ কথাও বিশদভাৱে বৰ্ণনা কৰিছে। তেওঁৰ অন্তৰত যি দেশসেৱাৰ ভাব আছিল, মোৰাৰজী ভাইৰ সৈতে কাম কৰি যি শিক্ষা আৰু পথ তেওঁ লাভ কৰিছিল— কোবিন্দ ডাঙৰীয়াই ৰাজনীতি আৰু সমাজসেৱাক নিজৰ সংকল্পৰ পথ কৰি লৈছিল। তেওঁ সদায় নিজৰ কৰ্তব্যৰ প্ৰতি উৎসৰ্গিত হৈ ৰ’ল। সেৱাকেই তেওঁ নিজৰ মূল লক্ষ্য কৰি লৈছিল। সংসদত তেওঁৰ কাৰ্যকাল ইয়াৰ জলন্ত প্ৰমাণ। ৰাজ্যপাল হিচাপেও তেওঁ এক অনন্য উদাহৰণ দাঙি ধৰিছিল। ৰাষ্ট্ৰপতি হিচাপেও আমি একেই সমৰ্পণ প্ৰত্যক্ষ কৰিছিলোঁ। ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ পদৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ বিশ্ৰাম লোৱা নাই। তেওঁ আজিও 'এক দেশ, এক নিৰ্বাচন'ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কাম কৰি আছে। তেওঁ সমগ্ৰ দেশবাসীক জাগ্ৰত কৰি তুলিছে। ই এনে এক বিষয় যাৰ সমাধানে ভাৰতীয় গণতন্ত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে। মই বিশ্বাস কৰোঁ কোবিন্দ ডাঙৰীয়াৰ সমৰ্পণ আৰু সেৱাভাৱৰ পৰা দেশবাসীয়ে বহু কথা শিকিব পাৰে।

বন্ধুসকল,

সামাজিক জীৱনত সক্ৰিয় হৈ থাকি আত্মজীৱনীৰ বাবে সময় উলিওৱাটো অত্যন্ত কঠিন কাম। কোবিন্দ ডাঙৰীয়াই আমাৰ সকলোৰে বাবে এই কামটো কৰিছে, কাৰণ তেওঁৰ জীৱনত এনে বহু কথা সোমাই আছে য’ত দৰিদ্ৰ আৰু বঞ্চিত পটভূমিৰ মানুহে নিজৰ জীৱনৰ প্ৰতিফলন দেখিবলৈ পাব। কঠিন পৰিস্থিতিতো এটা সাধাৰণ পৰিয়ালে কেনেকৈ জীৱনৰ পৱিত্ৰতা আৰু সততাৰ সৈতে আপোচ নকৰে; কেনেকৈ সেই আদৰ্শবোৰ পিছলৈ আমাৰ জীৱনৰ ভেটি হৈ পৰে; কেনেকৈ দুৰ্যোগৰ দিনৰ মূল্যবোধে সমগ্ৰ জীৱন আমাক পোহৰ দিয়ে; আৰু কেনেকৈ এই পৱিত্ৰতাই আমাক ৰাষ্ট্ৰসেৱাৰ শক্তি প্ৰদান কৰে, বিভিন্ন পদবীত দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে কোবিন্দ ডাঙৰীয়াই সমাজক ধাৰাবাহিকভাৱে এই প্ৰেৰণা যোগাই আহিছে।

বন্ধুসকল,

মোৰ দৃঢ় বিশ্বাস যে কোবিন্দ ডাঙৰীয়াৰ এই আত্মজীৱনীয়ে কেৱল তেওঁৰ জীৱনৰ স্মৃতিসমূহেই নহয়, আমাৰ গণতন্ত্ৰৰো বহু গুৰুত্বপূৰ্ণ স্মৃতি সযতনে সংৰক্ষণ কৰি ৰাখিব। মই পুনৰবাৰ তেওঁৰ এই আত্মজীৱনীৰ বাবে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বিশেষকৈ নতুন প্ৰজন্মক আহ্বান জনাওঁ— এইটো হ'ল ৰিলছৰ যুগ, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকসকলে আপোনালোকক ইতস্ততঃ বিচলিত কৰে। এই হ্ৰস্ব পথ বা 'শ্বৰ্টকাট'ৰ যুগতো এটা কথা সদায় মনত ৰাখিব। ৰে’লৱে ষ্টেচনবোৰত লিখা থাকে— কিছুমান মানুহে উৰণ সেতু বা ব্ৰীজ ব্যৱহাৰ কৰাৰ সলনি ৰে’ল লাইনৰ ওপৰেৰে জাপ মাৰি পাৰ হয়। তাত লিখা থাকে: Shortcut will cut you short (চুটি ৰাস্তাই আপোনাৰ জীৱন চুটি কৰি দিব পাৰে)। আনকি আপোনালোকে যদি চুটি পথেৰেও যাব বিচাৰে, তথাপিও মই যুৱপ্ৰজন্মক অনুৰোধ কৰোঁ, আপোনালোকে যাক প্ৰশংসা কৰে, তেওঁলোকৰ আত্মজীৱনী পঢ়ক। আত্মজীৱনীয়ে ইতিহাসৰ ঘটনাবোৰক এক ভিন্ন দৃষ্টিকোণৰ পৰা বুজি পোৱাৰ সুযোগ দিয়ে। এইবোৰ ইতিহাসৰ নিচেই কাষৰ। সেয়েহে মই বিচাৰোঁ কোবিন্দ ডাঙৰীয়াৰ এই প্ৰচেষ্টাই যাতে ভৱিষ্যত প্ৰজন্মক, বিশেষকৈ যুৱ সমাজক উপকৃত কৰে।