মঞ্চত বিৰাজমান আমাৰ দেশৰ বৈদেশিক মন্ত্ৰী তথা দেশৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী ভগ্নী সুষমা স্বৰাজজী, জেনেৰেল বি.কে. সিং, বিনয় সহস্ৰবুদ্ধেজী আৰু বিশ্বৰ অনেক দেশৰ পৰা উপস্থিত হোৱা সমূহ মহানুভৱক মই আন্তৰিক স্বাগতম জনাইছো৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰূপত মই আপোনালোকক স্বাগতম জনাইছো লগতে কালি আপোনালোকে যি স্থানলৈ গৈছিল সেই উত্তৰ প্ৰদেশৰ লোকসভাৰ প্ৰতিনিধি হিচাপেও মই বিশেষৰূপত আপোনালোকক আদৰেৰে স্বাগতম জনাইছো৷

আমাৰ দেশত হিন্দু পৰম্পৰাত এক প্ৰবাদ আছে যে যদি কোনোবাই তীৰ্থযাত্ৰা কৰি আহে আৰু কোনোবাই তেওঁক নমস্কাৰ জনালে সেই তীৰ্থযাত্ৰীজনৰ পূণ্যৰ কিছু অংশ নমস্কাৰ জনোৱা গৰাকীয়েও লাভ কৰে৷ আপোনালোকে এই অমূল্য সাংস্কৃতিক ঐতিহ্যৰ তীৰ্থযাত্ৰা কৰি আহিছে আৰু আজি আপোনালোকক দৰ্শন কৰাৰ মই সৌভাগ্য লাভ কৰিছো৷ আপোনালোকে যি পূণ্য অৰ্জন কৰি আহিছে তাৰে সামান্য অংশ মইও অৰ্জন কৰাৰ সুবিধা লাভ কৰিছো৷

আপোনালোক মোতকৈ অধিক ভাগ্যশালী কিয়নো এইবাৰ মই কুম্ভলৈ এই পৰ্যন্ত যাব পৰা নাই আৰু আপোনালোকে ইতিমধ্যে ভ্ৰমণ কৰি আহিলে৷ কিন্তু কাইলৈ মই যাম৷ কুম্ভৰ এনেকুৱা এখন মেলা নাই যলৈ মই যোৱা নাই, কাইলৈও মই যাম৷

কুম্ভৰ মেলালৈ যি পৰ্যন্ত যোৱা নহয় তেতিয়ালৈ ইয়াৰ বিষয়ে অনুধাৱন কৰিব নোৱাৰি৷ ই ঐতিহাসিকভাৱে সহস্ৰ বৰ্ষজুৰি নিৰ্দিষ্ট সময় আৰু তাৰিখত অনুষ্ঠিত হৈ আহিছে৷ কোনো আমন্ত্ৰণী পত্ৰ নাথাকে, কোনো অতিথি নাথাকে, কোনো উদ্যোক্তা নাথাকে৷ তথাপিও মা গংগাৰ চৰণত আৰু যতেই কুম্ভ হয় তালৈ দেশ আৰু বিশ্বৰ তীৰ্থযাত্ৰীসমূহ উপস্থিত হয়৷ এয়া অসাধাৰণ কাৰ্য, কোনো ধৰণৰ কাগজ, চিঠি, পত্ৰ অবিহনে সহস্ৰ বৰ্ষজুৰি ইয়ালৈ তীৰ্থযাত্ৰীসকল আহে৷

আৰু যি কুম্ভ প্ৰত্যক্ষ কৰি আপোনালোক শিহৰিত হৈছে, আপোনালোকৰ মন স্পৰ্শ কৰিছে, কিন্তু আপোনালোকে গম পায় যে এয়া অৰ্ধ কুম্ভহে, অৰ্ধ কুম্ভৰেই যদি এয়া শক্তি তেন্তে পূৰ্ণ কুম্ভ হ’লে ইয়াৰ শক্তি কিমান হ’ব আপোনালোকে অনুমান কৰিব পাৰে৷

সাংস্কৃতিক ৰূপত ভাৰতত ঐক্যক বহু গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই সমাগমে এক প্ৰকাৰে আধ্যাত্মিক প্ৰেৰণা প্ৰদান কৰাৰ লগতে সামাজিক সংশোধনীৰ আন্দোলনৰ অংশ হৈ পৰিছে৷ এক প্ৰকাৰে এয়া সেই সময়ৰ পঞ্চায়তৰ দৰে৷ পুৰণি সময়ত যিমানবোৰ গণতান্ত্ৰিক পৰিকাঠামো আছিল, সামাজিক জীৱনত কাম কৰা আধ্যাত্মিক নেতাই হওক, সামাজিক নেতাই হওক, শৈক্ষিক বিষয়াই হওক, তিনি বছৰলৈ নিজৰ নিজৰ ক্ষেত্ৰত ভ্ৰমণ কৰিছিল, ভ্ৰমণ কৰিছিল, জনতাৰ সৈতে কাম কৰিছিল আৰু তিনিবছৰত এবাৰ অৰ্ধ কুম্ভ যেতিয়া হৈছিল তেতিয়া তাত সকলোৱে বহি ৪০-৪৫ দিনলৈ বিচাৰ-বিমৰ্শ কৰিছিল, হিন্দুস্তানৰ চুকে-কোণে কি চলি আছিল সেই বিষয়ে আলোচনা কৰিছিল৷ তাত বিভিন্ন বিষয়ৰ ওপৰত সিদ্ধান্ত লৈছিল৷ আৰু ১২ বছৰত এবাৰ সম্পূৰ্ণ ১২ বছৰৰ পুনৰীক্ষণ কৰা হৈছিল, সমাজক কেনেধৰণৰ নিৰ্দেশনাৰ প্ৰয়োজন, সমাজত কেনেধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন, ঊৰ্ধৰ পৰা তললৈ তথ্য প্ৰদান কৰা হৈছিল আৰু সামাজিক, ৰাজনৈতিক, ধৰ্মীয় নেতা তথা ৰজা-মহাৰজাকে ধৰি তালৈ আহিছিল আৰু বিভিন্ন চিন্তাৰ পিছত ১২ বছৰৰ ৰোডমেপ নিৰ্মাণ কৰিছিল আৰু প্ৰতি তিনি বছৰত তাৰ পুনৰীক্ষণ কৰা হৈছিল৷

এয়া নিজৰ মাজতেই এক ডাঙৰ কথা যি বিশ্বৰ সন্মুখত কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল৷ আপোনালোকে এইবাৰো দেখিছে যে এই কুম্ভ মেলাত কিবা নহয় কিবা এটা সামাজিক বাৰ্তা প্ৰকাশ হৈছে৷ ইয়াত সৰ্বসাধাৰণৰ ভালৰ বাবে বাৰ্তা প্ৰচাৰ হৈছে৷ আৰু ইয়াত আপোনালোকে কোনো ভেদ-ভাৱ প্ৰত্যক্ষ কৰা নাই৷ সকলোৱে গংগাৰ অধিকাৰী, সকলোৱে গংগাত স্নান কৰিব পাৰে৷ নিজৰ আস্থা অনুসৰি কাৰ্য-কলাপ কৰিব পাৰে৷

বিশ্বৰ জনতাই শান্তিৰ সন্ধানত অগ্ৰসৰ হোৱা হেতুকে ভাৰত পৰ্যটনৰ এক লক্ষ্য স্থান হিচাপে গঢ় লৈ উঠিছে৷ সকলোৱে ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ মাজৰ পৰা কিছু সময় নিজৰ বাবে কটাব বিচাৰে৷ ধন, বৈভৱ, সমৃদ্ধি, সুন্দৰ হোটেল, এই সকলোবোৰে তেওঁলোকৰ জীৱনক প্ৰভাৱিতহে কৰিব পাৰে, প্ৰেৰণা প্ৰদান কৰিব নোৱাৰে, তেওঁলোকে কৃত্ৰিম পৃথিৱীৰ পৰা ঊৰ্ধলৈ উঠিছে৷ তেওঁলোকে এতিয়া প্ৰেৰণাদায়ী পৃথিৱীৰ সন্ধানত ওলাই আহিছে৷

আৰু আপোনালোকে কুম্ভলৈ আহি অনুভৱ কৰিছে যে পাৰ্থিৱ সম্পত্তি নোহোৱাকৈও অন্তৰ্মনৰ আনন্দক কিদৰে সন্ধান কৰিব পাৰি, সংযোজিত কৰিব পাৰি আৰু তাৰ দ্বাৰা কিদৰে জীৱনৰ পথ নিৰ্ধাৰণ কৰিব পাৰি৷ সেয়া আপোনালোকে ভালদৰেই অনুধাৱন কৰিছে৷ আৰু মোৰ বিশ্বাস যে যেতিয়া আপোনালোকে নিজৰ দেশলৈ উভতি যাব তেতিয়া তাৰে জনতাই আপোনালোকক সুধিব যে কি কাৰণত এখন নদীত স্নান কৰাৰ বাবে আপোনালোকে ইমান খৰচ কৰি তালৈ গৈছে, বহুলোক আচৰিত হ’ব যে ইয়াত দৰাচলতে আছে কি? কিন্তু আপোনালোকে যেতিয়া নিজে এই দৃশ্য পৰিলক্ষিত কৰিব তেতিয়াহে মেকশ্বিফ্ট ব্যৱস্থাপনাত ভাৰতৰ আনুষ্ঠানিক সামৰ্থৰ বিষয়ে অনুধাৱন কৰিব পাৰিব৷ এয়া আপোনালোকে অনুভৱ কৰিছে৷

মোক কোৱা হৈছে যে দৈনিক তাতে সহস্ৰাধিক সংখ্যাত হেৰুওৱা ব্যক্তি অথবা হেৰুওৱা শিশুৰ তথ্য তথ্যকেন্দ্ৰত প্ৰদান কৰা হৈছিল৷ কাৰণ তালৈ কোটি সংখ্যক লোক আহে আৰু শিশু অথবা বৃদ্ধ ব্যক্তি হেৰুওৱাৰ দৰে ঘটনা ঘটে৷ ইমান ভীৰত গমো পোৱা নাযায়৷ তাত ইমান সুন্দৰ ব্যৱস্থা কৰা হৈছে যে হেৰুওৱা ব্যক্তিৰ তথ্য পোৱাৰ পিছত এঘণ্টা বা দুঘণ্টাৰ ভিতৰতে পৰিয়ালৰ সৈতে লগ কৰাই দিয়া হয়৷ কোনোবাই কল্পনা কৰিব পাৰেনে?

প্ৰতিদিনে গংগাৰ তীৰত এক প্ৰকাৰে ইউৰোপৰ এখন দেশ একত্ৰিত হয় আৰু নিতৌ এই ব্যৱস্থাৰ মেকশ্বিফ্ট ব্যৱস্থাপনা মেনেজমেণ্টৰ শিক্ষাৰ্থীৰ বাবে কেছ ষ্টাডিৰ বিষয় হৈ পৰে৷ ইমান বৃহৎ সংখ্যাত জনসাধাৰণে নিজৰ ধৰণে ইয়ালৈ আহিছে, নিজৰ স্বভাৱ, ভাষাক লৈ আহিছে৷ কিন্তু এটা ব্যৱস্থাৰ দ্বাৰাই সকলোকে চম্ভালি লোৱা হৈছে আৰু সকলোৰে আশা-আকাংক্ষা পূৰণ কৰা হৈছে৷ এয়া নিজৰ মাজতেই মেনেজমেণ্ট বিশ্বৰ বাবে এক বৃহৎ ঘটনা হিচাপে বিবেচিত হৈছে৷

আৰু বিশ্বৰ ধ্যান এইফালে আহিছে আৰু মই ভাৰতৰ বৈদেশিক মন্ত্যালয়ক, বিশেষকৈ সুষমাজীক আন্তৰিক অভিনন্দন জনাইছো৷ এই যি কুম্ভ মেলা অৰ্থাৎ এটা কাম..যিয়ে ভাবিছিল যে হয়…হয় ভাই…ঠিক লোক ইয়ালৈ আহে..যায় কিন্তু ইয়াৰ এক সামাজিক স্বৰূপ আছে৷ ইয়াৰ এক ব্যৱস্থাপনা প্ৰত্যাশা আছে, ইয়াত আধুনিকতা আছে, প্ৰযুক্তি আছে, ব্যৱস্থা আছে আৰু শ্ৰদ্ধাও আছে, সাংস্কৃতিক চেতনাও আছে৷

এই অদ্ভুত মিলনৰ কাৰ্যসূচী বিশ্বৰ জনতাই যেতিয়া আজি প্ৰত্যক্ষ কৰিছে আৰু ভাৰতে প্ৰথমবাৰলৈ এনে প্ৰয়াস কৰিছে৷ আপোনালোকে ইয়ালৈ আহি আমাৰ এই প্ৰয়াসক সাফল্যমণ্ডিত কৰি তুলিছে৷ তাৰবাবে আপোনালোক অভিনন্দনৰ পাত্ৰ৷ আপোনালোকক অশেষ ধন্যবাদ প্ৰদান কৰিছো৷

ভাৰতত যি সাংস্কৃতিক ঐতিহ্য আছে, বিশ্বক আকৰ্ষিত কৰাৰ অভুতপূৰ্ব সামৰ্থ আছে, তাৰ প্ৰতি আমি প্ৰতিশ্ৰুতিবদ্ধ৷ এই প্ৰকাৰৰ যোজনাৰ দ্বাৰা আমি বিশ্বক ভাৰতৰ এই মহান ঐতিহ্যৰ সৈতে জড়িত কৰিব বিচাৰিছো৷

আৰু মোৰ বিশ্বাস যে বিশ্বই আধুনিক ভাৰতক চিনাক্ত কৰিব পাৰিব আৰু অমূল্য ঐতিহ্যৰ দ্বাৰাও ভাৰতক বিশ্বৰ সৈতে পৰিচিত কৰোৱাৰ প্ৰয়াস কৰিব৷ কেইদিন মানৰ পিছতে আমাৰ ইয়াত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ যিদৰে কুম্ভ মেলাৰ ব্যৱস্থাপনা, মেকশ্বিফ্ট ব্যৱস্থাপনা, প্ৰযুক্তি এই সকলোবোৰ এক আকৰ্ষণৰ কেন্দ্ৰ, ঠিক সেইদৰে ৮০০ মিলিয়ন লোকে ভোটদান কৰিব, নিৰপেক্ষভাৱে ভোটদান কৰিব৷ এই ব্যৱস্থাপনাৰ দ্বাৰা বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচন হিচাপে বিবেচিত হ’ব৷ বিশ্বৰ সবাতোকৈ বৃহৎ…আৰু মোৰতো এয়া প্ৰয়াস হ’ব…মইতো নিৰ্বাচন আয়োগকো কৈছো যে বিশ্বৰ প্ৰতিখন দেশে যাতে ভাৰতৰ নিৰ্বাচন পৰ্যটনৰ বাবে আহে…ভাৰতৰ পৰ্যটন প্ৰত্যক্ষ কৰক আৰু কেৱল ভোটিঙৰ দিনাই নহয়…মাৰ্চ মাহতো আহক, কোনোবা মাৰ্চৰ দ্বিতীয় সপ্তাহতো আহক, কোনোবা মাৰ্চৰ তৃতীয় সপ্তাহত আহক, কোনোবা এপ্ৰিলত আহক, কোনোবা মে’ মাহত আহক, বিশ্বৰ সমূহ প্ৰতিনিধি ইয়ালৈ আহি ভাৰতৰ গণতন্ত্ৰ কিমান ডাঙৰ সেয়া প্ৰত্যক্ষ কৰক৷

ভাৰতৰ গাঁৱত বহি থকা ব্যক্তি এজনে কিদৰে দেশৰ বিভিন্ন কথাৰ খবৰ ৰাখে, কিদৰে দেশৰ সম্বন্ধত নিৰ্ণয় প্ৰদান কৰে৷ বিশ্বৰ বাবে ভাৰতৰ নিৰ্বাচন এক আচৰিত বস্তু৷ যদি মোৰ কুম্ভতেই ইমান শক্তি আছে যিয়ে ব্যৱস্থাপনা সামৰ্থ প্ৰদৰ্শিত কৰিব পাৰে তেন্তে মোৰ দেশৰ নিৰ্বাচনৰ ৰচনা, নিৰ্বাচনৰ আয়োজন আৰু ইমান বৃহৎ গণতান্ত্ৰিক অংশগ্ৰহণ৷ বিশ্বত গণতন্ত্ৰত বিশ্বাস ৰখা লোকেও ইয়াৰ পৰা প্ৰেৰণা পায়৷ আৰু যিবোৰ স্থানত গণতন্ত্ৰ এতিয়াও স্থাপিত হোৱা নাই তেওঁলোকৰ বাবেও ই প্ৰেৰণাৰ বিষয়৷ মই বিচাৰিম যে মোৰ দেশৰ নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰক, বৈদেশিক মন্ত্ৰ্যালয়েও সহায় কৰক৷ আৰু সমগ্ৰ বিশ্বৰ বিশ্ববিদ্যালয়, সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, সমগ্ৰ বিশ্বৰ গণতন্ত্ৰই কেইদিনমানৰ পিছত গণতন্ত্ৰৰ যি কুম্ভ অনুষ্ঠিত হ’ব সেয়া প্ৰত্যক্ষ কৰক৷ ভাৰতৰ জনসাধাৰণৰ গণতন্ত্ৰৰ প্ৰতি যি প্ৰতিশ্ৰুতি, ভাৰতৰ জনসাধাৰণৰ মানৱীয় মূল্যৰ প্ৰতি যি প্ৰতিশ্ৰুতি সেয়া নিজৰ চকুৰে প্ৰত্যক্ষ কৰক আৰু বিশ্বক এই বাৰ্তা প্ৰদান কৰক যে ভাৰতক লৈ আমি যি ভাবো, যি শুনো সেয়া নিজ চকুৰে দেখিছো, প্ৰকৃত হিন্দুস্তান দেখিছো, সামৰ্থৱান হিন্দুস্তান দেখিছো৷

আপোনালোকে যেতিয়া অক্ষয়ৱট প্ৰত্যক্ষ কৰিছে, ভাৰতৰ জনসাধাৰণৰ বাবে অক্ষয়ৱট অতিশয় শ্ৰদ্ধাৰ বস্তু৷ কিন্তু মানি লওক যে সেই শ্ৰদ্ধাৰ সৈতে আপুনি পৰিচিত নহয়, তথাপিও আপুনি গম পাব যে দেশ কিমান প্ৰকৃতিপ্ৰেমী৷ সহস্ৰবৰ্ষৰ পৰা এক বৃক্ষৰ প্ৰতি আস্থা ৰখা সেই সমাজে তৰু-বনতো পৰমাত্মাক বিচাৰি পায় আৰু সেই সমাজক কোনোবাই বুজি পালে জলবায়ু পৰিৱৰ্তন অথবা গোলকীয় উষ্ণতাৰ সমস্যাৰ বিষয়ে যুঁজিব প্ৰয়োজন নহ’লহেঁতেন৷ সেয়া কেৱল এক বৃক্ষ দৰ্শন নাছিল, ভাৰতৰ জনতাই সেই কিংবদন্তীৰ বিষয়ে জানে, কিন্তু যিসকলে এই কিংবদন্তীৰ বিষয়ে নাজানে তেওঁলোকেও বুজি পাব যে আমি তৰু-বনতো পৰমাত্মা দেখা পাওঁ৷ আৰু প্ৰকৃতিৰ সৈতে সহবাস কৰাত অভ্যস্ত৷ সহজীৱনৰ সৈতে প্ৰকৃতিৰ প্ৰতি অপাৰ শ্ৰদ্ধা প্ৰদৰ্শন মানৱ জাতিৰ বাবে অতিশয় অনিবাৰ্য৷ আজিৰ প্ৰকৃতিৰ সৈতে সংঘৰ্ষৰ বাবে মানৱ জাতি সংকটত পৰিছে৷ ইয়াৰ পৰা ওলোৱাৰ পথো আমাৰ এই মহান পৰম্পৰাই প্ৰদান কৰিছে৷ সেয়া লাগিলে অক্ষয়ৱটৰ দৰ্শনেই হওক, নদীৰ প্ৰতি শ্ৰদ্ধাই হওক, আপ-টু-ডেট ব্যৱস্থাপনাই হওক৷ সকলোফালৰ পৰা ই বিশ্বৰ বাবে এক কেছ ষ্টাডিৰ বিষয়বস্তু৷ এনে গুৰুত্বপূৰ্ণ অৱকাশত আপোনালোকে ইয়ালৈ অহাটো মোৰ বাবে অতিশয় গৌৰৱৰ কথা, আনন্দৰ কথা৷

মই পুনৰবাৰ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো আৰু যিমান সময় আপোনালোকে ইয়াতে কটালে, আপোনালোকে নিশ্চয় ভাৰতক জনাৰ বাবে, বুজাৰ বাবে সেই সময়ৰ ব্যৱহাৰ কৰিব আৰু নিজৰ দেশলৈ গৈ বিশ্বক এই বাৰ্তা প্ৰদান কৰিব যে আপোনালোকে যি শুনিছে সেই হিন্দুস্তান অন্য৷ হিন্দুস্তান তাতকৈও অধিক, আপোনালোকে যি হিন্দুস্তানক জানে সেয়া পুৰণি৷ এই হিন্দুস্তানৰেই অনাগত দিনত মানৱ জাতিক দিশ নিৰ্দেশিত কৰাৰ ক্ষমতা আছে৷ আপোনালোকে প্ৰকৃতাৰ্থতেই ভাৰতৰ এই মহান পৰম্পৰাৰ ৰাষ্ট্ৰদূত হৈ ঘৰলৈ উভতি যাব৷ আপোনালোকলৈ এয়াই মোৰ শুভকামনা৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘A New Example...’: Indian Railways Builds Pedestrian Subway Under Ahmedabad Track In Just 8 Hours

Media Coverage

‘A New Example...’: Indian Railways Builds Pedestrian Subway Under Ahmedabad Track In Just 8 Hours
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”