হিমাচল প্ৰদেশ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয় মহোদয়, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ মহোদয়, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী প্ৰহ্লাদ পেটেল মহোদয়, অনুৰাগ ঠাকুৰ মহোদয়, নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ মহোদয়, ইউএইৰ ভাৰতৰ ৰাষ্ট্ৰদূত আহমেদ আল্বানা, উদ্যোগজগতৰ মহান সতীৰ্থ, ইয়াত উপস্থিত অন্য মহানুভৱ তথা মোৰ প্ৰিয় বন্ধুসকল!!!

এয়া কল্পনা নহয়, সত্য, অভুতপূৰ্ব, অদভূত, আপোনালোকক অভিনন্দন৷ এয়া হিমাচল প্ৰদেশৰ এক বক্তব্য, সমগ্ৰ দেশৰ, সমগ্ৰ বিশ্বৰ যে আমিও কঁকালত টঙালি বান্ধিছো৷

আজি হিমাচলে কৈছে- হয়, আমি উপস্থিত হৈছো!!! সেইবাবে সকলোতকৈ প্ৰথমে হিমাচল প্ৰদেশ চৰকাৰ, জয়ৰাম মহোদয় আৰু তেওঁৰ দলক মা জ্বালাজীৰ সান্নিধ্যত এই আয়োজনৰ বাবে অশেষ অভিনন্দন জনাইছো৷

বন্ধুসকল, আজি আমি এনে এক স্থানত একত্ৰিত হৈছো য’ত প্ৰতিটো প্ৰান্তত শক্তিয়ে বাস কৰিছে, য’লৈ আহি এক নতুন শক্তি লাভ হৈছে৷ দেৱ, দেৱী, ঋষি, তপস্যীয়ে এই স্থানক দিব্যতাও প্ৰদান কৰিছে আৰু প্ৰাকৃতিক সম্পদৰ আশীৰ্বাদো বৰ্ষণ কৰিছে৷ এই বাতাবৰণত মই আপোনালোক সকলো সম্পদ সৃষ্টি কৰ্তাক স্বাগতম জনাই আনন্দ লাভ কৰিছো৷

ভাতৃ আৰু ভগ্নীসকল, পূৰ্বে এই ধৰণৰ বিনিয়োগকাৰীৰ সন্মিলন দেশৰ কিছু বিশেষ ৰাজ্যতহে অনুষ্ঠিত হৈছিল৷ ইয়াত এনে অনেক সহযোগী উপস্থিত আছে যিসকলে পূৰ্বৰ স্থিতি প্ৰত্যক্ষ কৰিছে৷ কিন্তু এতিয়া স্থিতি পৰিৱৰ্তন হৈছে আৰু ইয়াৰ সাক্ষী হ’ল হিমাচল প্ৰদেশত অনুষ্ঠিত হোৱা এই সন্মিলন৷ এতিয়া ৰাজ্যসমূহত ব্যৱসায়ক আকৰ্ষিত কৰাৰ বাবে, বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে এক নতুন প্ৰবাহৰ সূচনা হৈছে৷

বন্ধুসকল, কিছু দশক পূৰ্বে আমাৰ দেশৰ স্থিতি এনে আছিল যে কোনখন ৰাজ্যই অধিক অনুষ্ঠান কৰিব, কোনে অধিক সাহায্য দিব, কোনে কৰ ৰেহাই দিব, কোনে বিদ্যুৎ মাচুল ৰেহাই দিব, কোনে মাটি সস্তাত বিক্ৰী কৰিব, এনেধৰণৰ প্ৰতিযোগিতা চলিছিল৷ অভিজ্ঞতাই এয়েই কয় যে এই ধৰণৰ প্ৰতিযোগিতাই আকাংক্ষিত পৰিণাম প্ৰদান নকৰে৷ তেতিয়া বিনিয়োগকাৰীও এই অপেক্ষাত আছিল যে এতিয়া কোন ৰাজ্যই অধিকতম সাহায্য প্ৰদান কৰিব৷ সেইবাবে বিনিয়োগকাৰীসকলো এখন নিৰ্দিষ্ট ৰাজ্যত হে বিনিয়োগৰ বাবে উৎসুক হৈ আছিল৷ তেওঁলোকেও ভাবিছিল যে ৫%ৰ ৰেহাই কিয় লও, হ’ব পাৰে আগলৈ ১০% অথবা ১৫%ৰ ৰেহাই লাভো পাব পাৰো৷

কিন্তু বন্ধুসকল, বিগত কেইটামান বৰ্ষত এই স্থিতিৰ আমূল পৰিৱৰ্তন হোৱাই মই সন্তোষ লাভ কৰিছো৷ এতিয়া ৰাজ্য চৰকাৰেও বুজি পাইছে যে সাহায্যৰ প্ৰতিযোগিতাই ৰাজ্যৰো কল্যাণ নকৰে আৰু উদ্যোগৰো কল্যাণ নকৰে৷

বন্ধুসকল, বিনিয়োগকাৰীসকলৰ বাবে এয়া আৱশ্যক যে তেওঁলোকে যাতে উপযুক্ত পৰিবেশতন্ত্ৰ লাভ কৰিব পাৰে, আৰক্ষীৰাজৰ পৰা মুক্তি লাভ কৰিব পাৰে, প্ৰতিটো পদক্ষেপত যাতে চৰকাৰৰ পাৰ্মিট ৰাজৰ চিকাৰ হ’বলগীয়া নহয়৷ এতিয়া চৰকাৰে এই পৰিবেশতন্ত্ৰ স্থাপনৰ প্ৰতিযোগিতাত আগবাঢ়িছে, ব্যৱস্থা সৰল কৰিছে, আইন পৰিৱৰ্তন কৰিছে, অপ্ৰয়োজনীয় নীতি বিলোপন কৰিছে৷ ৰাজ্যসমূহত এই প্ৰতিযোগিতা যিমানেই বৃদ্ধি পাব সিমানেই আমাৰ উদ্যোগেও বিশ্ব দৰবাৰত প্ৰতিযোগিতাৰ বাবে সামৰ্থ হ’ব৷

দ্বিতীয়তে উদ্যোগসমূহৰ সৈতে প্ৰতিযোগিতা কৰাৰ ক্ষমতা বৃদ্ধি হ’ব৷ ইয়াৰ জৰিয়তে ৰাজ্যসমূহৰ লাভ হ’ব, ৰাজ্যবাসীৰ লাভ হ’ব, দেশবাসীৰ লাভ হ’ব আৰু হিন্দুস্তান দ্ৰুত গতিত অগ্ৰসৰ হ’ব৷

বন্ধুসকল, উদ্যোগ জগতেও পাৰদৰ্শী তথা পৰিচ্ছন্ন ব্যৱস্থাক পচন্দ কৰে৷ অপ্ৰয়োজনীয় নিয়ম, চৰকাৰৰ অধিক হস্তক্ষেপে উদ্যোগ জগতৰ গতি হ্ৰাস কৰে৷ মই সুখী যে এই চিন্তা-ধাৰাৰ সৈতে হিমাচল প্ৰদেশৰ চৰকাৰেও অনেক নতুন সাহায্য লৈছে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, উপযুক্ত দিশত চৰকাৰেও কাম কৰি আছে৷ ইয়াত একক খিৰিকী ক্লীয়াৰেন্স ব্যৱস্থাৰ প্ৰচলনেই হওক, ভূমি আৱণ্টনক স্বচ্ছ কৰাই হওক অথবা ক্ষেত্ৰভিত্তিক উদ্যোগ নীতিৰ গঠনেই হওক, এই পদক্ষেপসমূহে ইয়াৰ অনুকূল পৰিবেশত ব্যৱসায়িক অনুকূলো কৰি তুলিছে৷

বন্ধুসকল, ইয়াত উদ্যোগ জগতৰ মহান মহান লোক উপস্থিত আছে৷ আপোনালোক সকলোৱে, উদ্যোগজগতৰ অন্য সতীৰ্থসকলেও এই কথা ভালদৰে জানে যে যেতিয়া উদ্যোগৰ পৃথক পৃথক ইউনিটে ভাল ফলাফল প্ৰদান কৰে তেতিয়া উদ্যোগটোৰো ফলাফল স্বয়ং উন্নত হৈ পৰে৷ সেইবাবে কিছুমান ৰাজ্যই যেতিয়া ভাল ফলাফল প্ৰদান কৰে তেতিয়া ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ ওপৰতো পৰে৷ হিমাচলৰ দৰে অনেক ৰাজ্যত হোৱা পৰিৱৰ্তনৰ ফলতেই আজি ভাৰতৰ পৰিচয় পূৰ্বতকৈও অধিক উন্নত ব্যৱসায়িক অনুকূল লক্ষ্যস্থান হিচাপে চিহ্নিত হৈছে৷

বন্ধুসকল, আজি ভাৰতত বিকাশৰ বাহন নতুন চিন্তা, নতুন পদক্ষেপৰ সৈতে চাৰিটা চকাত চলিবলৈ ধৰিছে৷ এটা চকা সমাজৰ যি প্ৰত্যাশী হয়৷ এটা চকা চৰকাৰৰ যি নতুন ভাৰতৰ বাবে উৎসাহমূলক, এটা চকা উদ্যোগৰ যি সাহসিক আৰু এটা চকা জ্ঞান যি বিনিময়যোগ্য৷ এইদৰে এই চাৰিটা চকাত আমি দ্ৰুত গতিত ধাৱমান হৈছো৷

আজি চৰকাৰে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া ভাৰতৰ হিতাৰ্থে, ভাৰতীয় সমাজৰ আকাংক্ষা অনুসাৰে গ্ৰহণ কৰিছে৷ আজি চৰকাৰে দুখীয়াৰ ঘৰ, স্বাস্থ্য, দক্ষতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে বিনিয়োগ আৰু স্ব-নিয়োজনৰো ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷

আজি যিমান গুৰুত্ব সেৱা প্ৰদানত কৰা হৈছে, তেনে গুৰুত্ব ব্যৱসায়ৰ পৰিবেশ সংশোধনতো কৰা হৈছে৷ ইয়াৰ ফলাফল আপোনালোকৰ সন্মুখত আছে৷ ২০১৪ চনৰ পৰা ২০১৯ চনৰ মাজত ভাৰতে ইজ অব্ ডুয়িং বিজনেছ মূল্যাংকনত ৭৯টা স্থান আগুৱাইছে৷ এইবাৰো আমি বিশ্বৰ শীৰ্ষ দহ প্ৰদৰ্শনকাৰীৰ মাজত স্থান লাভ কৰিছো৷ এই বৰ্ষত আমি এক নতুন পেৰামিটাৰত দ্ৰুত সংশোধন কৰিছো৷ যোৱা বছৰ আমি ১০ৰ ভিতৰত ৬টা ইণ্ডিকেটৰত সংশোধন কৰি সফলতা লাভ কৰিছো৷ এইবাৰ দেউলীয়াৰ ক্ষেত্ৰত ভাৰতে এক বৃহৎ জাঁপ মাৰিবলৈ সক্ষম হৈছে৷ এই শাখাত আমি ৫০ত কৈও অধিক স্থানৰ সফলতা লাভ কৰিছো৷

বন্ধুসকল, এই মূল্যাংকন সংশোধনৰ অৰ্থ কেৱল সংখ্যাৰ ফেৰবদলেই নহয়৷ এই মূল্যাংকন সংশোধনৰ অৰ্থ হ’ল যে আমাৰ চৰকাৰে ভূমিলৈ গৈ, ভূমিৰ প্ৰয়োজনীয়তা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে, নীতি প্ৰস্তুত কৰিছে৷ ইয়াত যিসকল লোক বহি আছে তেওঁলোকে জানে যে কিদৰে পূৰ্বে অনুমতিৰ বাবে মাহজুৰি অপেক্ষা কৰিবলগীয়া হৈছিল, কেনে প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হৈছিল৷

বন্ধুসকল, এয়া কেৱল মূল্যাংকনৰ সংশোধনেই নহয় বৰঞ্চ ভাৰতত ব্যৱসায় কৰাৰ প্ৰক্ৰিয়াসমূহৰ এক নৱজাগৰণস্বৰূপ আৰু এই নৱজাগৰণত বছৰে বছৰে আমি নতুন পৰিকাঠামো সংযোজন কৰি আছো, নতুন সংশোধন কৰি আছো৷ আজিৰ বিশ্বজনীন পৰিবেশত ভাৰতে যদি শক্তিশালী ভূমিকাত অৱতীৰ্ণ হ’ব পাৰিছে তাৰ কাৰণটো হ’ল আমি আমাৰ অৰ্থব্যৱস্থাৰ মৌলিক ভেঁটি দুৰ্বল হ’বলৈ দিয়া নাই৷

আমি মেক্ৰ’-অৰ্থনীতিত নিজৰ প্ৰতিশ্ৰুতি নিৰন্তৰে বৰ্তাই ৰাখিছো আৰু বিত্তীয় অনুশাসনো কঠোৰভাৱে পালন কৰিছো৷ আজি যেতিয়া বিশ্ব অৰ্থনীতি কাৰ্যকলাপ ৩ শতাংশৰ তললৈ অৱনমিত হৈছে, সেই সময়ত ভাৰতে ৫ শতাংশতকৈও অধিক গতিৰে আগবাঢ়িছে৷ অলপতে প্ৰকাশ হোৱা এটা প্ৰতিবেদনত ভাৰতে আগন্তুক মাহকেইটাত দ্ৰুত গতিৰে ধাৱমান হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

বন্ধুসকল, আমাৰ মন নিষ্ঠাপূৰ্ণ তথা সংবেদনশীলো৷ আমাৰ সিদ্ধান্তসমূহ শক্তিশালী আৰু লক্ষ্যও শক্তিশালী৷ কোনেও কল্পনা কৰিব পৰা নাছিল যে ভাৰততো জিএছটি প্ৰণয়ন হ’ব৷ আমি এয়া কৰি দেখুৱালো৷ দেউলীয়া হোৱাৰ স্থিতিত দেশৰ উদ্যোগসমূহৰ ওচৰত কোনো স্পষ্ট প্ৰস্থান পথ নাছিল৷

আজি Insolvency and Bankruptcy Code – IBC কেৱল এক সত্যই নহয় বৰঞ্চ ওলমি ৰোৱা লক্ষ কোটি পৰিমাণৰ টকা ঘূৰি অহাৰ পথো প্ৰশস্ত হৈছে৷ বেংকিং সংশোধনী যি বৰ্ষজুৰি ওলমি আছিল..৷ এই দিশতো দ্ৰুত গতিৰে, উদ্দীপনাৰ সৈতে আমাৰ চৰকাৰ আগবাঢ়িছে৷ কালিয়েই আমি দেশৰ মধ্যবিত্ত পৰিয়ালসকলৰ প্ৰতি ধ্যান ৰাখি এক ডাঙৰ সিদ্ধান্ত লৈছো৷ এই সিদ্ধান্তৰ জৰিয়তে চাৰে চাৰি লাখতকৈও অধিক পৰিয়ালে, নিজৰ ঘৰৰ সপোনক, তেওঁলোকৰ বৰ্ষজুৰি আধৰুৱা হৈ থকা সপোন পূৰণ কৰিবলৈ সুবিধা পাব৷ আৰু এই উদ্দেশ্যৰ সৈতে আমি দেশক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷

আমাৰ চৰকাৰে চৰকাৰী প্ৰক্ৰিয়াসমূহৰ ডি-বটল-নেকিঙত গুৰুত্ব প্ৰদান কৰিছে, আন্তঃবিভাগীয় সমন্বয়ক গুৰুত্ব প্ৰদান কৰিছে, সময় সীমাত সিদ্ধান্ত গ্ৰহণ কৰিছে৷

আমি কৰ প্ৰশাসনক প্ৰতিদ্বন্ধীতামূলত আৰু স্বচ্ছ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছো৷ এই পৰিপ্ৰেক্ষিতত ঔদ্যোগিক কৰৰ সৈতে জড়িত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো৷ আজি ভাৰত বিশ্বৰ সবাতোকৈ কম ঔদ্যোগিক কৰ ব্যৱস্থা থকা দেশসমূহৰ ভিতৰত অন্যতম৷ এই বৰ্ষত অক্টোবৰৰ পিছত যিমানবোৰ নতুন ঘৰুৱা উদ্যোগ মুকলি হৈছে তেওঁলোকৰ বাবে ঔদ্যোগিক কৰ হ্ৰাস কৰি ১৫ শতাংশ কৰা হৈছে৷

বন্ধুসকল, যোৱা মাহত ই-মূল্যায়ন আঁচনি প্ৰণয়ন কৰা হৈছে৷ অৰ্থাৎ কৰ ব্যৱস্থাত এতিয়া মানৱ হস্তক্ষেপ হ্ৰাস কৰা হ’ব৷ ইয়াৰ জৰিয়তে পূৰ্বতকৈও অধিক প্ৰণালী স্বচ্ছতা হ’ব আৰু কৰৰ সৈতে জড়িত বিষয়সমূহৰো দ্ৰুত সমাধান হ’ব৷

বন্ধুসকল, ৫ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্য কেৱল চৰকাৰৰেই নহয়৷ এই লক্ষ্য দেশৰ প্ৰতিখন ৰাজ্যৰ সহযোগীৰ দ্বাৰা লাভ হ’ব৷ আমাৰ ইয়াত প্ৰতিখন ৰাজ্যত অনেক সম্ভাৱনা আছে, ৰাজ্যৰ প্ৰতিখন জিলাত অনেক সম্ভাৱনা আছে৷ এই সম্ভাৱনাৰ যিমান লাভ চৰকাৰ, আমাৰ উদ্যোগ জগত, লঘূ উদ্যোগ, আমাৰ সেৱা খণ্ডই গ্ৰহণ কৰিব, সিমানেই দ্ৰুততাৰে আমি আগবাঢ়িম৷

ভাতৃ আৰু ভগ্নীসকল, সম্ভাৱনাই যেতিয়া নীতিৰ সহযোগিতা লাভ কৰে তেতিয়া দক্ষতাও বৃদ্ধি হয়৷ এই দক্ষতাই উন্নতি কঢ়িয়াই আনে৷ অৰ্থাৎ জিলাসমূহৰ, ৰাজ্যসমূহৰ, দেশৰ উন্নতি আন্তঃসংযোজিত৷ মই আপোনালোকক আৰু এটা উদাহৰণ দিছো৷ এই উদাহৰণত আন্তঃৰাষ্ট্ৰীয় মূল্যাংকনো আছে, সম্ভাৱনীয়তাও আছে৷ আৰু হিমাচলৰ বাবে এয়া অধিক গুৰুত্বপূৰ্ণ৷ হিমাচল প্ৰদেশৰ বাবে আজি আমি যি পৰ্যটন খণ্ডৰ মূল্যায়ন কৰিছো তাৰ প্ৰত্যক্ষ লাভ হিমাচলে লাভ কৰিব৷

বন্ধুসকল, ২০১৩ চনত ভাৰত বিশ্ব অৰ্থনৈতিক মঞ্চৰ ভ্ৰমণ আৰু পৰ্যটন প্ৰতিদ্বন্ধী সূচাংকত ৬৫ নম্বৰত আছিল৷ আজি আমি ৩৪ নম্বৰত আছো৷ এই পৰিৱৰ্তন কিদৰে আহিল? পাঁচ বছৰ পূৰ্বে ভাৰতলৈ মুঠ ৭০-৭৫ লাখ বিদেশী পৰ্যটক আহিছিল৷ যোৱা বছৰত এই সংখ্যাই ১ কোটিৰ সীমা স্পৰ্শ কৰিছে৷ এই বৃদ্ধি কিদৰে হ’ল?

বন্ধুসকল, ২০১৪ চনত ভাৰতত পৰ্যটন খণ্ডৰ দ্বাৰা ১ লাখ ২০ হাজাৰ কোটি টকাৰ বিদেশী মুদ্ৰাৰ উপাৰ্জন হৈছিল৷ যোৱা বছৰত এই বিদেশী মুদ্ৰা বৃদ্ধি হৈ প্ৰায় ২ লাখ কোটি টকাৰ সীমা স্পৰ্শ কৰিছিল৷ এই পৰিৱৰ্তন কিদৰে হ’ল?

বন্ধুসকল, আমি পৰ্যটন খণ্ডৰ সম্ভাৱনীয়তাক বুজিলো, ভ্ৰমণ আৰু পৰ্যটন খণ্ডত নীতি নিৰ্ধাৰণ কৰিলো, ডজন সংখ্যক দেশত ই-ভিছাৰ সুবিধা প্ৰদান কৰিলো আৰু ইয়াৰ পৰিণাম এয়েই হ’ল যে দক্ষতা বৃদ্ধি হ’ল, মূল্যাংকন বৃদ্ধি হ’ল৷

বন্ধুসকল, আজি ভাৰতত পৰ্যটনক এক পেকেজৰ দ্বাৰা প্ৰচাৰ কৰা হৈছে৷ প্ৰকৃতিয়েই হওক, অভিযানেই হওক, তীৰ্থস্থানেই হওক, চিকিৎসায়েই হওক, পৰিবেশতন্ত্ৰই হওক, সকলো প্ৰকাৰৰ পৰ্যটনৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছো৷ আৰু হিমাচলৰ এই ক্ষেত্ৰত অপাৰ সম্ভাৱনা আছে৷ এনে সুন্দৰ আয়োজন আজি ইয়াত হৈছে৷ সেইবাবে সন্মিলন পৰ্যটনৰ সম্ভাৱনা মই ইয়াত প্ৰত্যক্ষ কৰিবলৈ পাইছো৷ এই সম্ভাৱনীয়তা অনুধাৱন কৰিব পাৰিলে উন্নয়ন আমাৰ পৰা যথেষ্ট দূৰৈত নাথাকিব৷

বন্ধুসকল, অলপতে ইয়াত যি কফী টেবুল কিতাপখন উন্মোচন হৈছে অথবা যি চলচ্চিত্ৰ দেখুওৱা হৈছে, তাত হিমাচলৰ সম্ভাৱনীয়তাক বিস্তৃতি প্ৰদান কৰা হৈছে৷ মোৰ মনত আছে, যেতিয়া মই সোলনলৈ গৈছিলো, এনে বহু ব’ৰ্ড দেখা পাইছিলো যে- কাঠফুলাৰ চহৰলৈ আপোনাক স্বাগতম৷ এইদৰে লাহোল-স্পীতিৰ আলু, কল্লুৰ শ্ব’ল, কাংগড়াৰ পেইণ্টিঙো বিখ্যাত৷ কিন্তু বাহিৰৰ পৰা অহা লোকে এইবিষয়ে কমেইহে জানে৷ প্ৰত্যেক জিলাক চিহ্নিত কৰিব পৰা এই সামগ্ৰীসমূহৰ কিদৰে প্ৰচাৰ কৰা যায়, এই সম্পৰ্কে নতুন ধৰণে চিন্তা কৰাৰ আৱশ্যকতা আছে৷ সেইবাবে মইও এইদৰে ক’ম যে হিমাচলৰ সম্ভাৱনীয়তা এতিয়াও অচ্যুত হৈ আছে৷

এতিয়া চিন্তা কৰক, হিমাচলত আইআইটি আছে, ত্ৰিপল আইটি আছে, এনআইটি আছে, চিপেট আছে, আইআইএফটিৰ কাম চলি আছে৷ এই ক্ষেত্ৰত ইয়াত প্ৰযুক্তিৰ প্ৰসাৰণৰ সম্ভাৱনা আছে৷ ইয়াৰ আপেল, নাচপতি, প্লামৰ দৰে ফলসমূহৰ পৰা আৰম্ভ কৰি বিলাহী, কাঠফুলা, ছিমলা জলকীয়াৰ দৰে শাক-পাচলিসমূহৰ চাহিদা আছে৷ সেইবাবে ইয়াৰ খাদ্য, খাদ্য সংসাধন কৃষি আৰু ফাৰ্মা খণ্ডত অভুতপূৰ্ব সম্ভাৱনীয়তা আছে৷

বন্ধুসকল, ইয়াত অতীজৰেপৰা জৈৱিক কৃষি কৰি অহা হৈছে৷ দেশৰ এনেকুৱা ফাৰ্মা উদ্যোগ বোধহয় নাই যি হিমাচলৰ পৰা ঔষধ প্ৰস্তুত কৰা নাই৷ এই খণ্ডৰ প্ৰসাৰণৰ বাবে ইয়াত অনেক সম্ভাৱনা আছে৷

হয় মই জানো যে এই অপাৰ সম্ভাৱনাৰ পিছতো পূৰ্বে হিমাচলত এক ব্যৱধান অনুভূত হৈছিল৷ এই ব্যৱধান আছিল গুণগত আন্তঃগাঁথনি আৰু চৰকাৰী প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণৰ৷ কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে লগ হৈ এই ব্যৱধান হ্ৰাস কৰিবলৈ পূৰ্ণ চেষ্টা কৰিছে৷ যেতিয়াৰে পৰা ইয়াত জয়ৰামজীৰ দলে সুবিধা লাভ কৰিছে তেতিয়াৰে পৰা এই প্ৰক্ৰিয়া দ্ৰুত হৈছে৷

আজি হিমাচলত আন্তঃগাঁথনি আৰু যোগাযোগৰ সৈতে জড়িত অনেক পৰিযোজনা আগবঢ়োৱা হৈছে৷ হাইড্ৰ’পাৱাৰৰ সৈতে পুনৰ নৱীকৰণ শক্তিৰ আনটো স্ৰোতেই হওক অথবা পথ, ৰে’ল অথবা বায়ুপথ, যোগাযোগৰ প্ৰতিটো পৰ্যায়তে দ্ৰুত গতিত কাম হ’বলৈ ধৰিছে৷ মোক কোৱা হৈছে যে উড়ান যোজনাৰ অধীনত হিমাচল প্ৰদেশে হেলী-টেক্সিৰ সেৱা আৰম্ভ কৰিছে৷ ছিমলা, ধৰ্মশালা, কুল্লু, চণ্ডীগড় এই সুবিধাৰ সৈতে সংযোজিত হৈছে৷

ইয়াৰোপৰি হাজাৰ কোটি টকাৰ বিনিয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰো বিস্তাৰণ কৰা হৈছে৷ ৰোহতাং সুৰংগৰ কাম পূৰ্ণ হোৱাৰ দ্বাৰা লাহোল-স্পীতি আৰু লাডাখ লাভান্বিত হ’ব৷ সেইদৰে ‘নাংগল বান্ধ-তালৱাড়া’ ৰে’ল লাইন, ‘চণ্ডীগড়-বদ্ৰী’ ৰে’ল লাইন, ‘উনা-হমীৰপুৰ’ ৰে’ল লাইন আৰু ‘ভালুপল্লী-বিলাসপুৰ-বেৰী’ ৰে’ল লাইে এই সমগ্ৰ অঞ্চলটোক যোগাযোগৰ এক নতুন আন্তঃগাঁথনি প্ৰদান কৰিব৷ আগন্তুক কেইটামান বৰ্ষত দেশ আন্তঃগাঁথনিত ১০০ লাখ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে হিমাচলো উপকৃত হ’ব৷

বন্ধুসকল, আজি সঁচা অৰ্থত হিমাচলে ভাৰতৰ উন্নতিৰ গাঁথাক নতুন আলোক প্ৰদান কৰাৰ বাবে সাজু হৈছে৷ হিমাচলে ব্যৱসায়ৰ বাবে সকলো প্ৰয়োজনীয় চৰ্ত পূৰণ কৰে৷ ব্যৱসায়ৰ বাবে শান্তিৰ প্ৰয়োজন, সেয়া হিমাচলত সৰ্বদা মজুত আছে৷ বৈচিত্ৰতাক স্বীকাৰ কৰিব পৰা সমাজৰ প্ৰয়োজন, সেয়া হিমাচলত সৰ্বদা মজুত আছে৷ ইয়াত ভৌগোলিক আৰু ভাষাগত বৈচিত্ৰতাও অধিক৷ এজনে আনজনৰ ভাষা বুজি নাপায় কিন্তু পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত৷

তাৰোপৰি হিমাচল সেই ৰাজ্যসমূহৰ ভিতৰত অন্যতম য’ত সাক্ষৰতাৰ হাৰ অধিক৷ হিমাচলৰ প্ৰান্তে প্ৰান্তে আপোনালোকে ব্যৱসায়, ব্যৱসায়ৰ সৈতে জড়িত লোক দেখা পাব৷ তেওঁলোকে চৰকাৰলৈ অপেক্ষা কৰি নাথাকে৷ যি সংসাধন তেওঁলোকৰ ওচৰত আছে তাৰেই আৰম্ভ কৰি দিয়ে৷ ইয়াৰ জনসাধাৰণৰ মাজত এক স্বাভাৱিক উদ্যম আছে যাৰ দ্বাৰা বিনিয়োগকাৰীসকল লাভান্বিত হ’ব৷

এয়াই নহয়, হিমাচল প্ৰদেশ দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰো এক অতিশয় শক্তিৰ উৎস৷ ইয়াত এনে কোনো পৰিয়াল নাই যি সৈন্যবাহিনীৰ সৈতে জড়িত নহয়৷ আৰু দ্বিতীয়তে আপোনালোকে হিমাচলৰ যিকোনো গাঁৱলৈ গ’লেও তাত এখন ক্ষুদ্ৰ ভাৰতৰ উপস্থিতি অনুভৱ কৰিব৷ আমাৰ অৱসৰপ্ৰাপ্ত সৈনিকসকলে তেওঁলোকৰ অভিজ্ঞতাৰ দ্বাৰা প্ৰতিৰক্ষা উদ্যোগলৈ অৱদান আগবঢ়াব পাৰে৷

বন্ধুসকল, হিমাচলৰ সমাজ আৰু ইয়াৰ সম্ভাৱনীয়তা, আপোনালোকৰ মূলধন আৰু ইয়াৰ নীতিৰ স্বচ্ছতাই পৰিৱৰ্তন বৃহৎ মাধ্যম হিচাপে বিবেচিত হ’ব৷ আৰু যেতিয়া আপোনালোকে ইয়াৰ যুৱসমাজক অধিক সুযোগ প্ৰদান কৰিব, তেওঁলোকৰ প্ৰতিভা ব্যৱহাৰ কৰিব তেতিয়া এই লাভ বহু গুণলৈ বৃদ্ধি হ’ব৷

শেষত মই আপোনালোক সকলোকে পুনৰবাৰ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে অশেষ ধন্যবাদ প্ৰদান কৰিছো আৰু আজি মই অতিথি নহয়, মইও একপ্ৰকাৰে এজন হিমাচলীয়েই হয়৷ আৰু সেইবাবে আপোনালোক মোৰ ইয়ালৈ আহিছে, আপোনালোক মোৰ অতিথি আৰু মই আপোনালোকক বিশ্বাস প্ৰদান কৰিব বিচাৰিছো যে আপোনালোকে হিমাচলৰ ভূমিত নিজৰ ভাগ্য পৰীক্ষা কৰক, হিমাচলে আপোনালোকক আশীৰ্বাদ বৰষিব৷ এই বিশ্বাসৰ সৈতে পুনৰবাৰ আপোনালোক সকলোকে, জয়ৰাম মহোদয় আৰু তেওঁৰ দললৈ অশেষ শুভকামনা প্ৰদান কৰিলো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's electronics exports cross $47 billion in 2025 on iPhone push

Media Coverage

India's electronics exports cross $47 billion in 2025 on iPhone push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Visit of His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of UAE to India
January 19, 2026
S.NoAgreements / MoUs / LoIsObjectives

1

Letter of Intent on Investment Cooperation between the Government of Gujarat, Republic of India and the Ministry of Investment of the United Arab Emirates for Development of Dholera Special Investment region

To pursue investment cooperation for UAE partnership in development of the Special Investment Region in Dholera, Gujarat. The envisioned partnership would include the development of key strategic infrastructure, including an international airport, a pilot training school, a maintenance, repair and overhaul (MRO) facility, a greenfield port, a smart urban township, railway connectivity, and energy infrastructure.

2

Letter of Intent between the Indian National Space Promotion and Authorisation Centre (IN-SPACe) of India and the Space Agency of the United Arab Emirates for a Joint Initiative to Enable Space Industry Development and Commercial Collaboration

To pursue India-UAE partnership in developing joint infrastructure for space and commercialization, including launch complexes, manufacturing and technology zones, incubation centre and accelerator for space start-ups, training institute and exchange programmes.

3

Letter of Intent between the Republic of India and the United Arab Emirates on the Strategic Defence Partnership

Work together to establish Strategic Defence Partnership Framework Agreement and expand defence cooperation across a number of areas, including defence industrial collaboration, defence innovation and advanced technology, training, education and doctrine, special operations and interoperability, cyber space, counter terrorism.

4

Sales & Purchase Agreement (SPA) between Hindustan Petroleum Corporation Limited, (HPCL) and the Abu Dhabi National Oil Company Gas (ADNOC Gas)

The long-term Agreement provides for purchase of 0.5 MMPTA LNG by HPCL from ADNOC Gas over a period of 10 years starting from 2028.

5

MoU on Food Safety and Technical requirements between Agricultural and Processed Food Products Export Development Authority (APEDA), Ministry of Commerce and Industry of India, and the Ministry of Climate Change and Environment of the United Arab Emirates.

The MoU provides for sanitary and quality parameters to facilitate the trade, exchange, promotion of cooperation in the food sector, and to encourage rice, food products and other agricultural products exports from India to UAE. It will benefit the farmers from India and contribute to food security of the UAE.

S.NoAnnouncementsObjective

6

Establishment of a supercomputing cluster in India.

It has been agreed in principle that C-DAC India and G-42 company of the UAE will collaborate to set up a supercomputing cluster in India. The initiative will be part of the AI India Mission and once established the facility be available to private and public sector for research, application development and commercial use.

7

Double bilateral Trade to US$ 200 billion by 2032

The two sides agreed to double bilateral trade to over US$ 200 billion by 2032. The focus will also be on linking MSME industries on both sides and promote new markets through initiatives like Bharat Mart, Virtual Trade Corridor and Bharat-Africa Setu.

8

Promote bilateral Civil Nuclear Cooperation

To capitalise on the new opportunities created by the Sustainable Harnessing and Advancement of Nuclear Energy for Transforming India (SHANTI) Act 2025, it was agreed to develop a partnership in advance nuclear technologies, including development and deployment of large nuclear reactors and Small Modular Reactors (SMRs) and cooperation in advance reactor systems, nuclear power plant operations and maintenance, and Nuclear Safety.

9

Setting up of offices and operations of UAE companies –First Abu Dhabi Bank (FAB) and DP World in the GIFT City in Gujarat

The First Abu Dhabi Bank will have a branch in GIFT that will promote trade and investment ties. DP World will have operations from the GIFT City, including for leasing of ships for its global operations.

10

Explore Establishment of ‘Digital/ Data Embassies’

It has been agreed that both sides would explore the possibility of setting up Digital Embassies under mutually recognised sovereignty arrangements.

11

Establishment of a ‘House of India’ in Abu Dhabi

It has been agreed in Principle that India and UAE will cooperate on a flagship project to establish a cultural space consisting of, among others, a museum of Indian art, heritage and archaeology in Abu Dhabi.

12

Promotion of Youth Exchanges

It has been agreed in principle to work towards arranging visits of a group of youth delegates from either country to foster deeper understanding, academic and research collaboration, and cultural bonds between the future generations.