Government is pushing growth and development of every individual and the country: PM Modi
Both the eastern and western dedicated freight corridors are being seen as a game changer for 21st century India: PM Modi
Dedicated Freight Corridors will help in the development of new growth centres in different parts of the country: PM

নমস্কাৰ,

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, হৰিয়ানাৰ ৰাজ্যপাল শ্ৰী সত্যদেৱ নাৰায়ণ আৰ্য জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, হৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌতালা জী, আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সহযোগী শ্ৰী পীযূষ গোৱেল জী, ৰাজস্থানৰেই শ্ৰী গজেন্দ্ৰ সিং শেখাৱত জী, শ্ৰী অৰ্জুন ৰাম মেঘৱাল জী, শ্ৰী কৈলাশ চৌধুৰী জী, হৰিয়ানাৰ শ্ৰী ৰাও ইন্দ্ৰজীং সিং-জী, শ্ৰী ৰতনলাল কাটাৰিয়া জী, শ্ৰী শ্ৰীকৃষ্ণ পাল জী, সংসদৰ আমাৰ অন্যান্য সহযোগীবৃন্দ, বিধায়কসকল, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত মহামান্য শ্ৰী ছাতোছি ছুজুকি জী তথা এই কাৰ্যসূচী উপলক্ষে ইয়াত উপস্থিত থকা সকলো লোক, মোৰ আদৰৰ ভাই-ভনীসকল,

বন্ধু বান্ধবীসকল,

আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা ২০২১ নৱবৰ্ষৰ শুভকামনা জনাইছো। দেশৰ আন্তঃগাঁথনিক আধুনিক কৰি তোলাৰ বাবে যি মহাযজ্ঞ চলিছে সেয়াই আজি এক নতুন গতি অৰ্জন কৰিলে। মাত্ৰ বিগত ১০-১২ দিন পূৰ্বে আধুনিক ডিজিটেল আন্তঃগাঁথনিৰ সহায়ত কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ১৮ হাজাৰ কোটিতকৈও অধিক ধন ট্ৰান্সফাৰ কৰা হৈছে, দিল্লী মেট্ৰ’ৰ এয়াৰপোৰ্ট এক্সপ্ৰেছ লাইনত নেশ্যনেল কমন ম’বিলিটি কাৰ্ডৰ শুভউদ্বোধন হৈছে। ঠিক তেকনেদৰে চালকবিহীন মেট্ৰ’ও আৰম্ভ হৈছে। গুজৰাটৰ ৰাজকোটত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ হাস্পতাল আৰু ওড়িশাৰ চম্বলপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ স্থায়ী চৌহদৰ কাম আৰম্ভ হৈছে। বিশ্বৰ উন্নততম প্ৰযুক্তিৰ মাধ্যমেৰে দেশৰ ছখন চহৰত ৬ হাজাৰ গৃহ নিৰ্মাণৰ কামো আৰম্ভ হৈছে, নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী দেশৰ প্ৰতি সমৰ্পন কৰা হৈছে। দেশৰ প্ৰথমটো নেশ্যনেল এনভিৰনমেণ্টেল ষ্টেণ্ডাৰ্ডছ লেবৰেটৰীৰ আধাৰশিলাও স্থাপন কৰা হৈছে, ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোচি-মাঙ্গালুৰু গেছ পাইপলাইন উদ্বোধন হৈছে, মহাৰাষ্ট্ৰৰ ছাঙ্গোলাৰ পৰা পশ্চিমবঙ্গৰ ছালিমাৰৰ বাবে ১০০ তম কিষাণ ৰেল আৰম্ভ কৰা হৈছে। আৰু ইয়াৰ মাজতেই ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ভাওপুৰ-নিউ খুৰজা ফ্ৰেইট কৰিডৰ ৰুটত প্ৰথম মালগাড়ীৰ যাত্ৰা আৰম্ভ কৰা হৈছে। আৰু আজি ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰত ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ দেশক সমৰ্পণ কৰা হ’ল। চিন্তা কৰকচোন, মাত্ৰ ১০-১২ দিনতে ইমানবোৰ কাম! যেতিয়া নতুন বছৰত দেশৰ শুভাৰম্ভণি ইমান ভাল হয়, তেন্তে নিশ্চয়কৈ বাকী সময়বোৰো ভালে,ৰেই যাব। ইমানবোৰ উদ্বোধন, ইমানোবোৰ আধাৰশিলা স্থাপন এইবাবেই অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ভাৰতে এই আটাইবোৰ কামেই ক’ৰোনাৰ সংকটকালতে সম্পন্ন কৰিছে। কিছুদিন পূৰ্বে ভাৰতে ক’ৰোনাৰ দুটাকৈ 'মেড ইন ইণ্ডিয়া' টীকা মঞ্জুৰ কৰিছে। ভাৰতৰ নিজস্ব টীকাই দেশবাসীৰ মনত নতুন আত্মবিশ্বাস সৃষ্টি কৰিছে। ২০২১ ৰ শুভাৰম্ভণিৰ লগে লগে ভাৰতৰ এই ক্ষীপ্ৰতা, আত্মনিৰ্ভৰতাৰ বাবে আৰম্ভ কৰা এই গতি ইত্যাদি দেখি শুনি কোন ভাৰতীয়ই, কোন ভাৰতমাতাৰ সন্তানে, কোন ভাৰতপ্ৰেমীৰ শিৰ গৰ্বত উন্নত নহ’ব? প্ৰতিগৰাকী ভাৰতীয়ৰ আহ্বান হ’ল – আমি ক্ষান্ত নহও, ক্লান্ত নহও, আমি সমগ্ৰ ভাৰতীয় একত্ৰিত হৈ আৰু ক্ষীপ্ৰতাৰে আগুৱাই যাম।

 

বন্ধু বান্ধবীসকল,

ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ এই প্ৰকল্পক একবিংশ শতিকাৰ ভাৰতৰ বাবে 'গেম চেঞ্জাৰ' ৰূপে বিবেচনা কৰা হৈছে। বিগত ৫-৬ বছৰৰ কঠিন পৰিশ্ৰমৰ পিছত আজি ইয়াৰ এক বৃহৎ অংশ বাস্তৱায়িত হৈছে। কিছুদিন পূৰ্বে যি নিউ ভাওপুৰ-নিউ খুৰজা ছেকশ্যনৰ কাম আৰম্ভ হৈছিল, ইয়াত এতিয়া মালগাড়ীৰ গতি ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈও অধিক পৰিলক্ষিত হৈছে। যি পথেৰে ইমান দিনে মালগাড়ীৰ গড় গতি ঘণ্টাত মাত্ৰ ২৫ কিলোমিটাৰ আছিল, তাতেই এতিয়া পূৰ্বতকৈ তিনগুণতকৈও অধিক গতিত মালগাড়ীবোৰ চলিছে। ভাৰতত পূৰ্বৰ তুলনাত উন্নয়নৰ এই গতিলৈ চাই, দেশৰ এই গতিতে যে প্ৰগতি নিহিত হৈ আছে সেয়া নিশ্চিত।

বন্ধু বান্ধবীসকল,

আজি হৰিয়ানাৰ নিউ অটেলীৰ পৰা ৰাজস্থানৰ নিউ কিষাণগড়ৰ বাবে প্ৰথম ডবল ষ্টেক কণ্টেনাৰ মালগাড়ী ৰাওনা হৈছে। অৰ্থাৎ, দুমহলীয়া মালগাড়ী, যাৰ দৈৰ্ঘ্য ১.৫ কিলোমিটাৰতকৈও বেছি। ই নিজেই যি কোনো দৰ্শকৰ মনত নতুন সাফল্যৰ প্ৰতীক হৈ উঠিছে। ইয়াৰ মাধ্যমেৰে ভাৰতে এই ধৰণৰ সামৰ্থ্যসম্পন্ন বিশ্বৰ আঙুলিৰ মূৰত লেখিব পৰা মাত্ৰ কেইখনমান দেশৰ ভিতৰত অন্যতম হৈ উঠিছে। ইয়াৰ আঁৰত আছে আমাৰ ইঞ্জিনীয়াৰসকলৰ, টেকনিছিয়ানসকলৰ আৰু শ্ৰমিকসকলৰ দীৰ্ঘ শ্ৰমৰ ইতিহাস। দেশে এনেদৰে গৰ্ব কৰাৰ দৰে সাফল্য আনি দিয়াৰ বাবে আমি তেওঁলোক সকলোকে অভিনন্দন জনাইছো।

বন্ধু বান্ধবীসকল,

আজিৰ দিনটোৱে দেশৰ ৰাজধানী অঞ্চল দিল্লী, হৰিয়ানা আৰু ৰাজস্থানৰ কৃষক, উদ্যোগপতি, ব্যৱসায়ী - প্ৰত্যেকৰে বাবে নতুন আশা, নতুন সুযোগ কঢ়িয়াই আনিছে। ডেডিকেটেড ফ্ৰেইট কৰিডৰ, সেয়া লাগিলে ইষ্টাৰ্ণ হওঁক অথবা ৱেষ্টাৰ্ণ, এইবোৰ কেৱল আধুনিক মালগাড়ীবোৰৰ যাতায়াতৰ বাবেই আধুনিক সেৱা হিচাপে পৰিগণিত নহ’ব। এই ডেডিকেটেড ফ্ৰেইট কৰিডৰে দেশৰ দ্ৰুত উন্নয়নৰ কৰিডৰ হিচাপে পৰিগণিত হ’ব। এই কৰিডৰে দেশৰ ভিন ভিন চহৰবোৰত নতুন নতুন 'গ্ৰোথ চেণ্টাৰ' আৰু 'গ্ৰোথ পইণ্ট'ৰ উন্নয়নৰ ভিত্তি হৈ উঠিব।

বন্ধু বান্ধবীসকল,

দেশৰ ভিন ভিন অংশৰ সামৰ্থ্যক এই কৰিডৰে কিদৰে বিকাশ প্ৰদান কৰিছে সেয়া ইতিমধ্যেই ইষ্টাৰ্ণ ফ্ৰেইট কৰিডৰে প্ৰমাণ কৰা আৰম্ভ কৰি দিছে। নিউ ভাওপুৰ-নিউ খুৰজা ছেকশ্যনৰ এফালেৰে পঞ্জাৱৰ পৰা হাজাৰ হাজাৰ টন খাদ্যশস্য আৰু অন্যান্য ফচল লৈ গাড়ীবোৰ ৰাওনা হৈছে। আনফালে, ঝাড়খণ্ড আৰু মধ্যপ্ৰদেশৰ ছিঙ্গৰৌলীৰ পৰা হাজাৰ হাজাৰ টন কয়লা কঢ়িয়াই মালগাড়ীবোৰ দেশৰ ৰাজধানী অঞ্চল দিল্লী, পঞ্জাৱ আৰু হৰিয়ানাত উপস্থিত হৈছে। ৱেষ্টাৰ্ণ ফ্ৰেইট কৰিডৰেও এই কামত হৰিয়ানাকৰ পৰা আৰম্ভ কৰি ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজেৰে দ্ৰুত আদান প্ৰদানৰ কাম কৰিব। হৰিয়ানা আৰু ৰাজস্থানৰ কৃষিজাত ফচল আৰু কৃষিজাত পণ্যৰ ব্যৱসায়ক এই কৰিডৰে সহজ কৰি তুলিব। তাৰ সমান্তৰালকৈ, মহেন্দ্ৰগড়, জয়পুৰ, আজমীৰ, ছিকৰেৰ দৰে অনেক জিলাৰ শিল্পোদ্যোগবোৰক নতুন প্ৰাণশক্তি যোগাব। এই ৰাজ্যবোৰৰ নিৰ্মাণ উদ্যোগ কাৰখানাবোৰ আৰু উদ্যোগপতিসকলৰ বাবে অনেক কম বিনিয়োগতে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বজাৰলৈ ক্ষীপ্ৰতাৰে যোৱাৰ বাবে পথ খোল খাব। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সমূদ্ৰ বন্দৰবোৰ পৰ্যন্ত দ্ৰুত আৰু সুলভ যোগাযোগ ব্যৱস্থা পোৱাৰ ফলত এই অঞ্চলবোৰত বিনিয়োগৰ সম্ভাৱনা আৰু জোৰদাৰ হ’ব।

 

বন্ধু বান্ধবীসকল,

আমি সকলোৱেই খুব ভালদৰেই জানো যে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ জীৱনৰ বাবে যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন বাণিজ্যৰ বাবেও। আৰু প্ৰতিটো নতুন ব্যৱস্থাক আগুৱাই লৈ যোৱাৰ বাবে পৰিকাঠামোই নতুন নতুন শিল্পৰ জন্মৰ পৰিৱেশ তৈয়াৰ কৰে আৰু সামৰ্থ্য সৃষ্টি কৰে। এইবোৰৰ লগতে সংশ্লিষ্ট সমস্ত কাম-কাজ আৰু অৰ্থনীতিৰ অনেক সমলত গতি সঞ্চাৰ কৰে। ইয়াৰ ফলত কেৱল নিৰ্দিষ্ট ক্ষেত্ৰত কৰ্ম সংস্থানৰ সুযোগ গঢ়ি নুঠে, অন্যান্য পাৰ্শ্বৱৰ্তী শিল্প যেনে চিমেণ্ট, তীখা, পৰিবহণৰ দৰে অনেক ক্ষেত্ৰত নতুন কৰ্ম সংস্থানৰ সুযোগ গঢ়ি উঠে। এই ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ মাধ্যমেৰে নখনকৈ ৰাজ্যৰ ১৩৩ টা ৰেল ষ্টেশ্যন সামৰি লোৱা হৈছে। এই ষ্টেশ্যনবোৰত এই ফ্ৰেইট কৰিডৰৰ সমান্তৰালকৈ ন ন মাল্টি-মডেল লজিষ্টিক পাৰ্ক, ফ্ৰেইট টাৰ্মিনেল, কণ্টেনাৰ ডিপো, কণ্টেনাৰ টাৰ্মিনেল, পাৰ্ছেল হাবৰ দৰে অনেক ব্যৱস্থা গঢ়ি উঠিব। এইবোৰৰ মাধ্যমে আমাৰ কৃষকসকল যথেষ্ট লাভৱান হ’ব, ক্ষুদ্ৰ শিল্পোদ্যোগবোৰো লাভৱান হ’ব, কুটীৰ শিল্পবোৰো লাভৱান হ’ব। কেৱল সেয়াই নহয়, বৃহৎ নিৰ্মাণ উদ্যোগবোৰো ইয়াৰ দ্বাৰা উপকৃত হ’ব।

বন্ধু বান্ধবীসকল,

আজি এয়া ৰে’লৱেৰ এক বিশেষ কাৰ্যসূচী। যিহেতু ৰে’লৰ কাৰ্যসূচী, ইয়াত ৰে’ললাইনক লৈয়েই কথা কোৱাটো বেছি প্ৰাসঙ্গিক হ’ব। আৰু সেইবাবে মই ৰে’ল লাইনৰ ভিত্তিতেই আৰু এটা উদাহৰণ দিম। আজি ভাৰতত আন্তঃগাঁথনিৰ কাম একেলগে দুটা সমান্তৰাল লাইনেৰে আগুৱাইছে। এটা লাইনে ব্যক্তিৰ বিকাশক আগুৱাই নিছে, আৰু আনটোৱে দেশৰ 'গ্ৰোথ ইঞ্জিন'বোৰক নতুন প্ৰাণশক্তি যোগাইছে। ব্যক্তিৰ উন্নয়নৰ প্ৰসঙ্গত যদি কওঁ, আজি দেশত সাধাৰণ মানুহৰ বাবে গৃহ নিৰ্মাণ, শৌচালয়, পানীয় জল, বিদ্যুৎ সংযোগ, ৰন্ধন গেছৰ সংযোগ, বাট-পথ, ইণ্টাৰনেটৰ দৰে প্ৰত্যেক প্ৰতিটো সেৱা গঢ়ি তোলাৰ অভিযান চলোৱা হৈছে। পিএম আবাস যোজনা, স্বচ্ছ ভাৰত অভিযান, সৌভাগ্য যোজনা, উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা - এনেধৰণৰ অসংখ্য প্ৰকল্পৰ মাধ্যমেৰে কোটি কোটি ভাৰতীয়ৰ জীৱন সৰল, সহজ, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আৰু সম্ভ্ৰমে জীয়াই থকাৰ সুযোগ গঢ়ি তুলিবলৈ এই কল্যাণমূলক কামবোৰ দ্ৰুতগতিত আগুৱাই নিয়া হৈছে। ঠিক তেনেদৰে আন্তঃগাঁথনিৰ দ্বিতীয় লাইনেৰে দেশৰ 'গ্ৰোথ ইঞ্জিন'বোৰ, আমাৰ উদ্যোগবোৰৰ উন্নয়নৰ কাম চলিছে। আজি বাট-পথ, ৰেলপথ, আকাশীপথ, জলপথৰ যোগাযোগ ব্যৱস্থা সমগ্ৰ দেশতে উপলব্ধ কৰোৱা হৈছে আৰু সেয়া দ্ৰুতগতিত প্ৰেৰণ কৰা হৈছে। আমাৰ সমূদ্ৰ বন্দৰবোৰক, নদী বন্দৰবোৰক, যানবাহনৰ বিভিন্ন মাধ্যমেৰে সংযুক্ত কৰা হৈছে। মাল্টি-মডেল যোগাযোগ ব্যৱস্থাৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়া হৈছে।

আজি সমগ্ৰ দেশতে ফ্ৰেইট কৰিডৰবোৰৰ দৰেই ইকনমিক কৰিডৰ, ডিফেন্স কৰিডৰ, টেক-ক্লাষ্টাৰ – ইণ্ডাষ্ট্ৰিৰ বাবে এইধৰণৰ বিশেষ ব্যৱস্থাবোৰ সৃষ্টি কৰা হৈছে। আৰু বন্ধুসকল, যিসময়ত বিশ্ববাসীয়ে দেখিছে যে ব্যক্তি আৰু উদ্যোগৰ বাবে ভাৰতত কিমান উন্নত আন্তঃগাঁথনি গঢ়ি উঠিছে, তেনেসময়তে মনত অনেক ইতিবাচক প্ৰভাৱ পৰে। এই প্ৰভাৱৰ ফল হ’ল ভাৰতত অভিলেখ সংখ্যক প্ৰত্যক্ষ বিদেশী বিনিয়োগ, এই প্ৰভাৱৰেই ফল হ’ল ভাৰতত ক্ৰমবৰ্ধমান বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ, এই প্ৰভাৱৰেই ফল হ’ল ভাৰতৰ প্ৰতি বিশ্ববাসীৰ ক্ৰমবৰ্ধমান আস্থা আৰু ভৰসা। এই অনুষ্ঠানলৈ জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী ছুজুকি জী আহিছে। জাপান আৰু জাপানৰ জনগণ ভাৰতৰ উন্নয়ন যাত্ৰাত এক বিশ্বস্ত বন্ধুৰ দৰে সদায়েই কাষত আছে। ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ নিৰ্মাণৰ ক্ষেত্ৰতো জাপানে অৰ্থনৈতিক সহযোগিতাৰ সমান্তৰালকৈ, অনেক প্ৰযুক্তিগত সহযোগিতাও আগবঢ়াই আহিছে। মই জাপান চৰকাৰ আৰু জাপানৰ জনগণক অভিনন্দন জনাইছো, অশেষ ধন্যবাদ জনাইছো।

বন্ধু বান্ধবীসকল,

ব্যক্তি, উদ্যোগ আৰু বিনিয়োগৰ এই মিলন আৰু ভাৰসাম্যই ভাৰতীয় ৰে’লকো ধাৰাবাহিকভাৱে আধুনিক কৰি তুলিছে। কোনে পাহৰিব পাৰে সেইবোৰ দিনৰ কথা, আমাৰ দেশৰ ৰে’লযাত্ৰীসকলৰ অভিজ্ঞতা কেনে আছিল? আমিও সেইবোৰ কঠিন দিনৰ সাক্ষী। বুকিংৰ পৰা আৰম্ভ কৰি গন্তব্য স্থানত উপস্থিত হোৱা পৰ্যন্ত প্ৰতিটো স্তৰতে যাত্ৰীসকলৰ পৰা অসংখ্য অভিযোগ আহিছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আৰম্ভ কৰি সঠিক সময়ত ট্ৰেনৰ যাতায়াত, অন্যান্য পৰিসেৱা, নিৰাপত্তা - এইবোৰ দিশ যথেষ্ট সুনিশ্চিত হৈছে। অধিকাংশ মানৱবিহীন লেভেল ক্ৰছিং আঁতৰ কৰা হৈছএ। প্ৰতিটো স্তৰতে ৰে’লত পৰিবৰ্তন অনাৰ দীৰ্ঘকালীন দাবীবোৰ মানি লোৱা হৈছে। এই পৰিৱৰ্তনৰ কামত বিগত বছৰবোৰত নতুন গতি লক্ষ্য কৰা গৈছে। ষ্টেশনবোৰৰ পৰা আৰম্ভ কৰি ৰে’লৰ দবাৰ আভ্যন্তৰীণ পৰিচ্ছন্নতা আৰু বায়’-ডিগ্ৰেডেবেল টয়লেটৰ ব্যৱস্থা, খোৱা-লোৱা সংশ্লিষ্ট সমস্ত ব্যৱস্থাতে সংস্কাৰ, টিকট বুকিংৰ বাবে অত্যাধুনিক ব্যৱস্থা, তেজস এক্সপ্ৰেছ, বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে দ্ৰুতগতিৰ ট্ৰেন আৰম্ভ কৰা, ভিস্তা-ডোম কোচ নিৰ্মাণ – এই সমগ্ৰ সাফল্যৰ মাধ্যমেৰে ভাৰতীয় ৰে’ল এতিয়া আধুনিক হৈছে, দ্ৰুতগতিসম্পন্ন হৈছে আৰু ভাৰতক দ্ৰুতগতিৰে আগুৱাই লৈ যোৱাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বন্ধু বান্ধবীসকল,

 

বিগত ছয় বছৰত নতুন নতুন ৰে’ললাইন, পুৰণি ৰে’ললাইনবোৰৰ প্ৰশস্তিকৰণ আৰু বিদ্যুৎ সংযোগৰ বাবে যিমান ধন বিনিয়োগ কৰা হৈছে, সেয়া পূৰ্বে কেতিয়াও হোৱা নাছিল। ৰে’ল নেটৱৰ্কক অগ্ৰাধিকাৰ দিয়াৰ ফলত ভাৰতীয় ৰে’লৰ গতিও বৃদ্ধি পাইছে, তাৰ পৰিধিও বাঢ়িছে। সেইদিনবোৰ আৰু বেছি দূৰৈত নাই, যেতিয়া উত্তৰ-পূৱ ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ ৰাজধানী ৰে’লপথৰ যোগেদি পৰস্পৰৰ সৈতে আৰু দেশৰ ৰাজধানীৰ সৈতে সংযুক্ত হ’ব। আজি ভাৰতত ছেমি-হাইস্পীড ট্ৰেন চলিছে। হাইস্পীড ট্ৰেনৰ বাবে ৰে’লপথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি উন্নত প্ৰযুক্তিৰ মাধ্যমেৰে দ্ৰুতগতিত সমগ্ৰ ব্যৱস্থা গঢ়ি তোলাৰ কাম আগুৱাই নিয়া হৈছে। ভাৰতীয় ৰে’লে আজি 'মেক ইন ইণ্ডিয়া'ৰ পৰা আৰম্ভ কৰি উন্নত ইঞ্জীনিয়াৰিংৰো উদাহৰণ হৈ উঠিছে। আমাৰ দৃঢ় বিশ্বাস যে ৰে’লৰ এই গতিয়ে ভাৰতৰ প্ৰগতিক নতুন উচ্চতা প্ৰদান কৰিব পাৰিব। ভাৰতীয় ৰে’লে এনেদৰে দেশৰ সেৱা কৰি থাকিব। সেইবাবে আমি ভাৰতীয় ৰে’ল আৰু তাৰ সকলো বিষয়া আৰু কৰ্মচাৰীসকলক অশেষ শুভকামনা জনাইছো। ক’ৰোনাকালত ৰে’লৰ বন্ধুসকলে যিদৰে কাম কৰিছে, শ্ৰমিকসকলক তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে, তেওঁলোকে আপোনালোকক অশেষ আশীৰ্বাদ দিছে। দেশৰ সাধাৰণ মানুহে এনেদৰেই ৰে’লৰ প্ৰত্যেক কৰ্মচাৰীক স্নেহ আৰু আশীৰ্বাদ দি যাব। তেওঁলোকৰ প্ৰতি এই ভালপোৱা আৰু আশীৰ্বাদ দিনে দিনে বাঢ়ি থাকক, এয়েই মই কামনা কৰিছো।

পুনৰ এবাৰ দেশৰ জনগণক ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ বাবে অশেষ অভিনন্দন জনাইছোঁ।

বহু বহু ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From ISM 1.0 to 2.0: How India plans to scale its semiconductor ecosystem

Media Coverage

From ISM 1.0 to 2.0: How India plans to scale its semiconductor ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights values of harmony and compassion on Good Friday
April 03, 2026

The Prime Minister, Shri Narendra Modi, said that Good Friday reminds us of the sacrifice of Jesus Christ.

Shri Modi expressed hope that the day deepens the values of harmony, compassion and forgiveness.

He said that brotherhood and hope should guide everyone.

In a X post, Shri Modi said;

“Good Friday reminds us of Jesus Christ’s sacrifice. May this day further deepen the values of harmony, compassion and forgiveness. May brotherhood and hope guide us all.”