Whichever duty Venkaiah Ji had, he performed with utmost diligence and adapted into that role with ease: PM Modi
Shri Venkaiah Naidu has the ability to endear himself to people across all sections. He is also a disciplinarian: PM Modi
Venkaiah Ji always provides visionary leadership whenever he gets a responsibility. He gets the best experts to ensure justice is done to the work assigned: PM
Venkaiah Ji is a farmer at heart. He is passionate about the welfare of farmers and agriculture: PM Modi
The Pradhan Mantri Gram Sadak Yojana came into being due to the efforts of Venkaiah Naidu Ji: PM Modi

বহুতে ভেংকায়া ডাঙৰীয়াক যি কাৰণত শুভেচ্ছা জনাইছে, মই শুভেচ্ছা জনাইছো তেওঁৰ দীর্ঘদিনীয়া স্বভাৱৰ বিপৰীতে গৈ নতুন কামত লাভ কৰা সাফল্যৰ বাবে। মই যেতিয়া সংসদ ভৱনত তেওঁক দেখো, বিভিন্ন সময়ত তেওঁ কিমান ধৈর্য আৰু সংযম কৰে–মই ভাবো সেই ভূমিকা সফলতাৰে পালন কৰি তেওঁ বহুত ডাঙৰ কাম কৰিছে। অধিৱেশন সঠিকভাৱে চলিলে সভাপতিৰ আসনত কোন বহি আছে, তালৈ কাৰো দৃষ্টি নাথাকে। তেওঁৰ ক্ষমতা কিমান, বৈশিষ্ট্য কি–সেয়া গুৰুত্বপূর্ণ নহয়, সাংসদসকলৰ সামর্থ্য আৰু চিন্তা-ভাৱনাইহে গুৰুত্ব লাভ কৰে। কিন্তু যেতিয়া অভিৱেশন বন্ধ থাকে, তেতিয়া সকলোৰে দৃষ্টি সেই সভাপতিৰ আসনত কোন বহি আছে, তালে যায়। তেওঁ কেনে নিয়মানুৱর্তিতা আৰু শৃঙ্খলা-পৰায়ণতা পালন কৰি কিদৰে সকলোকে নিয়ন্ত্রণ কৰে, সেয়া গুৰুত্বপূর্ণ হৈ পৰে। বিগত এবছৰত তেওঁক এই সভাপতিৰ আসনত দেখাৰ সুযোগ হৈছে দেশবাসীৰ। আৰু আমি এনে এক ৰাজনৈতিক সংস্কৃতিত লালিত-পালিত হৈছো, যেনেকৈ–মই যেতিয়া ৰাষ্ট্রীয় সচিব আছিলো, তেতিয়া তেওঁ অন্ধ্রপ্রদেশৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল, যেতিয়া ৰাষ্ট্রীয় সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল, তেতিয়া মই ভেংকায়াজীৰ এজন সহকাৰী ৰাষ্ট্ৰীয় সম্পাদক ৰূপে কাম কৰিছিলো, ইয়াৰ দায়িত্ব বহুত। পদৰ গুৰুত্বৰ পৰা কার্যভাৰ অধিক আছিল আৰু তাক লৈয়েই ভেংকায়াজীয়ে সফলতাৰে কাম কৰি আহিছে।

জানিব পৰা মতে ভেংকায়া ডাঙৰীয়াই বিগত এবছৰত দেশৰ এখনৰ বাদে সকলো ৰাজ্য ভ্ৰমণ কৰিছে। যিখন ৰাজ্যলৈ যোৱা নাই, সেয়া এনে নহয় যে সেই ৰাজ্যত কোনো কার্যসূচী নাছিল। নির্ধাৰিত সময়ত পৰিস্থিতি বেয়া আছিল, সেয়েহে তালৈ হেলিকপ্টাৰ যাব পৰা নাছিল। নহ’লে তেওঁ সেইখন ৰাজ্যলৈও গ’লহেতেন। আমি সদনত কাম কৰিছিলো, কেতিয়াবা সভা কৰিয়ে বাহিৰ হৈছিলো। তেতিয়াই ভাবো তেওঁৰ সৈতে যোগাযোগ কৰি কথা হম। কিন্তু অধিকাংশ সময়তে শুনো, তেওঁ সেইসময়ত কেৰালা, তামিলনাডু অথবা অন্ধ্রপ্রদেশ পাইছেগৈ। অর্থাৎ যিদিনাৰ পৰা দায়িত্ব পাইছে, সেই দিনাৰ পৰাই সেই দায়িত্ব পালনৰ বাবে নিজকে যোগ্য কৰি তুলিবলৈ প্রয়োজনীয় পৰিশ্রমৰ জৰিয়তে নিজকে সেই পদৰ উপযোগী হিচাপে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। ফলস্বৰূপে, য’তে হাত দিছে, তাতে সাফল্য অৰ্জন কৰিছে। ৫০ বছৰীয়া ৰাজনৈতিক জীৱন কম নহয়। প্রথম ১০ বছৰৰ ৰাজনৈতিক জীৱন ছাত্র হিচাপে সংঘ সেৱক ৰূপে আৰু প্ৰায় ৪০ বছৰ কাল ৰাজনৈতিক জীৱন। এই দীঘলীয়া কার্যকালত তেওঁ নিজে বহু কথা শিকিছে, সতীৰ্থসকলকো বহু কথা শিকাইছে। মই বহু সময় ধৰি তেওঁৰ সৈতে কাম কৰিছো, কেতিয়াবা কাৰোবাৰ সৈতে ঘনিষ্ঠভাবে কাম কৰিলে তেওঁক চিনি পোৱাত সমস্যা হৈ হৈ পৰে। কিন্তু যেতিয়া সকলোৰ মুখত শুনো, আমাৰ চিনাকী বন্ধুৰ ইমান সামর্থ্য আৰু অমুক গুণ আছে, তেতিয়া ইমান গর্ব আৰু আনন্দ হয় যে ইমান দিন এই মহাপুৰুষৰ সৈতে কাম কৰিছিলো।

ভেংকায়া ডাঙৰীয়া অতি নিয়মানুৱৰ্তী ব্যক্তি। আৰু আমাৰ দেশত এতিয়া এনে পৰিস্থিতি হৈ যে নিয়মানুৱৰ্তী অগণতান্ত্রিক বুলি কোৱাটো অতি সহজ। কোনোবাই অলপ নিয়মানুৱৰ্তিতা দেখালেই তেৱেই সমস্যাত পৰি যায়। তেওঁক স্বৈৰতান্ত্রিক বুলি কোৱাৰ লগতে আৰু এনে বহুত শব্দ তেওঁলোকৰ অভিধানত ওলাই যাব। কিন্তু ভেংকায়া ডাঙৰীয়া যে নিয়মানৱৰ্তিতাৰ প্ৰতি আগ্রহী, সেই নিয়মসমূহ তেওঁ নিজৰ ক্ষেত্রতো নিষ্ঠা সহকাৰে পালন কৰে। তেওঁৰ সৈতে ক’ৰবালৈ ভ্ৰমণত গ’লে সকলো সময়তে সতর্ক থাকিব লগা হয়। তেওঁৰ ওচৰত কেতিয়াও ঘড়ী, কলম এইবোৰ সামগ্ৰী নাথাকে। অধিকাংশ সময়ত তেওঁৰ পকেটত এটকাও নাথাকে। তাৰ মানে হ’ল আপুনি তেওঁৰ সৈতে গ’লে এইবোৰ সামগ্ৰ আপোনাৰ মনত পেলাই নিজে ৰাখিব লাগিব। অথচ, তেওঁ ইমানেই নিয়মানুৱৰ্তী আৰু সময়ানুৱর্তী যে ক’তোৱেই পলমকৈ নাযায়, কোনো কাম পলমকৈ কৰাটো পছন্দ নকৰে। কেতিয়াবা কোনো অনুষ্ঠানত পলম হৈ গ’লে তেওঁ মঞ্চত বহি পৰৱর্তী অনুষ্ঠানত যোৱাৰ বাবে এনেকৈ ছটফটাই থাকে যে বাধ্য হৈ আনৰ ভাষণ সংক্ষিপ্ত কৰিব লগা হয়। অর্থাৎ নিয়মানুৱর্তিতা তেওঁৰ স্বভাৱতগত। সেইবাবে যেতিয়া যি দায়িত্ব পাইছে, সকলো দূৰদৃষ্টিৰে ৰোডমেপ, কর্মপদ্ধতি আৰু কৌশল ঠিক কৰি সেই অনুসৰি প্রয়োজনীয় সম্পদ যোগাৰ কৰি যোগ্য ব্যক্তিসকলৰ দায়িত্ব দি কামটো সফল কৰি তোলে।

প্রথমবাৰ যেতিয়া তেওঁ কেন্দ্রীয় মন্ত্রী হৈছিল, অটলজীয়ে তেওঁক এটি বিশেষ বিভাগৰ দায়িত্ব দিব বিচাৰিছিল। দক্ষিণ ভাৰতৰ জনপ্রতিনিধি হিচাপে ভেংকায়া ডাঙৰীয়াৰ ইংৰাজী ভাষাত দক্ষ, সুবক্তা; সেইবাবে তেওঁ এই দায়িত্ব দিয়া হৈছিল। কিন্তু ভেংকায়া ডাঙৰীয়াই জানিব পাৰি মোৰ ওচৰলৈ আহিল। মই তেতিয়া ৰাষ্ট্ৰীয় সম্পাদক আছিলো। তেওঁ আহি ক’লে, ভাই, মোক কিয় এনেকৈ ফছাইছে? এয়া মোৰ কাম নহয়। মই সুধিলো কৰি, আপুনি কি কৰিব বিচাৰে? তেওঁ ক’লে, ‘মোক এই ডাঙৰ বিভাগ নালাগে দিব। মোক গ্রামোন্নয়ণ বিভাগ দিয়ক, মই তাত দেহে-কেহে লাগিম। মই ক’লো, যাওঁক অটলজীক গৈ কৈ দিয়ক। আপোনালোকে শুনিলে আচৰিত হ’ব, তেওঁ পোনচাতেই অটলজীক গৈ ক’লেগৈ, মই স্বভাৱ, বৃত্তি আৰু প্রবৃত্তিত কৃষক। কৃষকসকলৰ বাবে কিবা এটা কৰিব পাৰিলে মই নিজকে ধন্য মানিম। সেইবাবে মন্ত্রীত্ব যদি দিয়ে, তেতিয়া হ’লে মোক গ্রামোন্নয়ণ বিভাগৰ মন্ত্ৰী দিয়ক। ফলস্বৰূপে, তেওঁ এক ইতিহাস ৰচনা কৰিলে। কিছু সময়ৰ আগতে যেনেকৈ অৰুণ জেটলী ডাঙৰীয়াই কৈছিল, ভেংকায়া ডাঙৰীয়াই প্রধানমন্ত্রী গ্রাম চড়ক যোজনাক সর্বাধিক ফলপ্ৰসূ প্রকল্পত পৰিণত কৰিছিল। তাৰপাছৰ পৰা সকলো সাংসদ সদস্যই চৰকাৰৰ ওচৰত সকলোৰে ওচৰত যি দাবি জনাই, সেয়া হ’ল তেওঁৰ এলেকাত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ কাম আবণ্টন কৰক। এটা সময় আছিল, যেতিয়া সকলোৱেই তেওঁৰ সংসদীয় অঞ্চলত ৰে’ল ষ্টেচন স্থাপনৰ বাবে দাবী কৰিছিল। তেতিয়াৰে পৰা সাংসদসকলৰ অগ্রাধিকাৰ পৰিৱর্তন কৰি প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ প্ৰতি আগ্রহী কৰি তোলাৰ কৃতিত্ব যদি কাৰোবাক দিব লগা হয়, তেতিয়া হ’লে ভেংকায়া ডাঙৰীয়াকে দিব লাগিব। একেদৰে গাঁৱে-গাঁৱে খোৱা পানীৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে তেওঁ যি পৰিশ্রম কৰিছিল, তাৰ তুলনা নাই। আজিও যেতিয়া সংসদৰ অধিৱেশনত এইধৰণৰ গুৰুত্বপূর্ণ বিষয়ক লৈ আলোচনা অথলে য়ায়, তেতিয়া তেওঁ আটাইতকৈ অধিক বিৰক্ত হয়, তেওঁৰ মনত এনে লাগে যে বিদেশ নীতি সম্পর্কে আলোচনা এক-আধা দিন নহ’ল চলে, কিন্তু যেতিয়া গাওঁ আৰু কৃষকসকলক লৈ আলোচনা হয়, তেতিয়া কিয় সংসদ অচল কৰি তোলে? তেওঁৰ ভিতৰত এই অস্থিৰতা দেশৰ সাধাৰণ লোকসকলৰ উন্নয়নৰ বাবে তেওঁৰ মনৰ তীব্র আকাংক্ষাকে প্ৰতিপন্ন কৰে।

বক্তা হিচাপে যিসকলে তেওঁৰ তেলেগু বক্তৃতা শুনিছে, তেওঁলোকে জানে যে তেওঁৰ কথনভংগীৰ দৰে কোনেও ক’ব নোৱাৰে। আপোনালোকৰ এনে লাগিব যে লোকেল ট্রেইনত বহি আছো, কিন্তু তেওঁ ছুপাৰফাষ্ট এক্সপ্রেছ চলাই গৈছে। ইমান দ্রুতগতিত কোৱা বাবে চিন্তাশক্তি ক’ৰ পৰা পায়, সেয়া ভাবিলে আচৰিত হ’বলগা হয়! আৰু অতি সাৱলীলভাবে তেওঁ অন্তঃমিল দি এটা ছন্দত কথা ক’লে ভাল লাগে। ৰাজনৈতিক ভাষণত ইমান নকয়। কিন্তু যেতিয়া আমাৰ সাংগঠনিক বৈঠক হয়, তাত বেছিভাগ সময়ত তেওঁ ছন্দত কথা কয়। ইয়াৰ প্রভাৱ আপোনালোকে সংসদ ভৱনতো দেখিবলৈ পাইছে। মই তেওঁৰ এবছৰীয়া কার্যকালৰ সকলো হিচাপ দেশৰ সন্মুখত তুলি ধৰাৰ বাবে যিটো টিমে কাম কৰিছে, তেওঁলোক সকলোকে শুভেচ্ছা জনাইছো। মই স্বীকাৰ কৰো যে এই তথ্য সংকলনে এনে এক উচ্চ পদক কিদৰে সমাজৰ উপকাৰত লগাব পৰা যায়, ইয়াৰ কিমান নতুনত্ব আনিব পৰা যায়, কিমান গতি প্রদান কৰা যায় আৰু এইবোৰৰ জৰিয়তে এটি প্রতিষ্ঠান হিচাপে নিজৰ মর্যাদা বৃদ্ধিৰ জৰিয়তে দেশৰ উন্নয়নক কিদৰে সহায় কৰিব পৰা যায়, তাৰ প্রমাণ এই গ্রন্থখনিত সন্নৱিষ্ট কৰা হৈছে।

এয়া একপ্ৰকাৰ উপ-ৰাষ্ট্রপতি মহোদয়ৰ এক বছৰৰ কার্যকালৰ বর্ণনা। কিন্তু, যেতিয়া বালদৰে চোৱা যায় এয়া এটা পৰিয়ালৰ এলবামৰ দৰে লাগে, য’ত আমি সকলোৱে ক’ৰবাত নহয়, ক’ৰবাত আছো, সাংসদসকল আছে, ৰাজ্যপাল আৰু মুখ্যমন্ত্রীসকল আছে, আকৌ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচার্যৰাসকলো আছে। দেশৰ দূৰ-দুৰণিৰ ৰাজ্যসমূহ আছে, যাৰ সৈতে কেন্দ্রৰ সম্পর্কত ভাৰসাম্য বজাই ৰখাৰ এক সজাগতামুলক প্রচেষ্টা আছে। ইয়াৰ জৰিয়তেও এক দর্শন স্পষ্ট হৈ উঠে। মই ভেংকায়া ডাঙৰীয়াক বহুত বহুত শুভেচ্ছা জনাইছো। তেওঁৰ মনত ইচ্ছা আছে যে সংসদ খুব ভালকৈ চলক, সংসদৰ প্রতিটো আলোচনা অর্থবহ আৰু ফলপ্ৰসূ হওঁক আৰু দেশৰ কামত লাগক। তেওঁৰ এই সপোন আছে; মোৰ দৃঢ় বিশ্বাস তেওঁৰ নিৰৱচ্ছিন্ন প্রচেষ্টাত এই সপোন পুৰণ হ’ব। মই ভেংকায়া ডাঙৰীয়াক বহুত বহুত শুভাকামনা আৰু ধন্যবাদ জনালো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse

Media Coverage

How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Trustees of Indira Gandhi National Centre for the Arts
March 19, 2026

Prime Minister Shri Narendra Modi met with the Trustees of the Indira Gandhi National Centre for the Arts (IGNCA) today to discuss various aspects relating to further popularising India’s diverse culture.

The Prime Minister met Trustees of the Indira Gandhi National Centre for the Arts and explored ways to bring more people into the journey of cultural promotion. During the interaction, the Prime Minister and the Trustees discussed strengthening outreach through digital and grassroots initiatives, and emphasized the importance of supporting artists and scholars in preserving and promoting India's rich heritage.

The Prime Minister wrote on X:

"Met Trustees of IGNCA and discussed various aspects relating to further popularising India’s diverse culture. We also explored ways to bring more people into this journey, strengthen outreach through digital and grassroots initiatives and support artists and scholars in preserving and promoting our rich heritage."