Plans of Megawatts to Gigawatts are Becoming Reality: PM
India’s Installed Renewable Energy Capacity Increased by Two and Half Times in Last six Years: PM
India has Demonstrated that Sound Environmental Policies Can also be Sound Economics: PM

ইজৰাইলৰ মাননীয় প্ৰধানমন্ত্ৰী, নেদাৰলেণ্ডৰ মাননীয় প্ৰধানমন্ত্ৰী, পৃথিৱীৰ বিভিন্ন দেশৰ মাননীয় মন্ত্ৰীগণ, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, মুখ্য মন্ত্ৰীসকল, উপ ৰাজ্যপালসকল আৰু বিশিষ্ট অতিথিসকল, জয়জয়তে কৰা নেদাৰলেণ্ডৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ তেওঁৰ বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

‘আৰ–ইইনভেষ্ট’-ৰ তৃতীয় তাঙৰণত আপোনালোক আটাইকে সমবেত হোৱা দেখি নিতান্তই আনন্দিত হৈছো। বিগত দুটা তাঙৰণত আমিবোৰে নৱীকৰণযোগ্য শক্তিৰ উত্পাদনক লৈ মেগাৱাটৰ পৰা গীগাৱাটলৈ আগবঢ়াৰ যাত্ৰাটোৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰিছিলো। সৌৰ শক্তিৰ লাভ আহৰণৰ ক্ষেত্ৰত ‘এটা সূৰ্য, এখন পৃথিৱী এক গ্ৰীড’-ৰ প্ৰসংগত কথা-বতৰা পাতিছিলো। অতি কম সময়ৰ ভিতৰতে এনে বহুবোৰ পৰিকল্পনাই এতিয়া বাস্তৱত পৰিণত হোৱা দেখিবলৈ পাইছো।

বন্ধুসকল,

বিগত ছটা বছৰত ভাৰতে অনন্য যাত্ৰাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে তেওঁলোকৰ সামৰ্থ্য সম্পূৰ্ণ ৰূপে উদ্ভাষিত কৰিব পৰাকৈ যাতে বিদ্যুত্ শক্তি উপলব্ধ কৰিব পাৰে সেয়া নিশ্চিত কৰৰিব পৰাকৈ আমি আমাৰ উত্পাদনী সামৰ্থ্য আৰু নেটৱৰ্কৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছো। একে সময়তে, আমি নৱীকৰণযোগ্য উত্সৰ জৰিয়তে দ্ৰুত গতিত শক্তি উত্পাদনতো মনোনিৱেশ কৰি আহিছো। এই প্ৰসংগত মই আপোনালোকৰ সন্মুখত কেইটামান তথ্য দাঙি ধৰিব খুজিছো।

আজিৰ তাৰিখত ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ সামৰ্থ্য পৃথিৱীৰ ভিতৰতে ‘চতুৰ্থ সৰ্ববৃহত্’ বুলি পৰিগণিত হৈছে। গুৰুত্বপূৰ্ণ দেশসমূহৰ মাজত ভাৰতৰ সম্প্ৰসাৰণৰ গতি সবাতোকৈ দ্ৰুত বুলিও চিহ্নিত হৈছে। অতি সম্প্ৰতি ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্য ১৩৬ গীগাৱাট; এয়া আমাৰ মুঠ উত্পাদনী সামৰ্থ্যৰ ৩৬শতাংশ। ২০২২ চনৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্য ২২০ গীগাৱাটৰো অধিক হ’বগৈ বুলি আশা কৰিছো।

আপোনালোকে শুনি সন্তোষ পাব যে, ২০১৭ চনৰ পৰা আমাৰ নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্যৰ সংযোজনে কয়লা ভিত্তিক তাপ বিদ্যুতৰ পৰিমাণক অতিক্ৰম কৰি আহিছে। বিগত ছটা বছৰত আমি আমাৰ সংস্থাপিত নৱীকৰণযোগ্য শক্তি সামৰ্থ্য আঢ়ৈ গুণে বৃদ্ধি কৰিছো। সেইদৰে, বিগত ছটা বছৰত সংস্থাপিত সৌৰ শক্তিৰ সামৰ্থ্যও ১৩ গুণে বৃদ্ধি পাইছে।

বন্ধুসকল,

নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ মূলতে হ’ল জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে চলা যুঁজখনৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু দৃঢ়তাৰ পৰিণতি। আনকি, একো আশা কৰিব নোৱাৰো অৱস্থাতো আমি এই ক্ষেত্ৰত বিনিয়োগ কৰাত হাত ধৰা নাছিলো। এতিয়া আমাৰ বিনিয়োগ আৰু মাত্ৰাই ব্যয় সংকোচিত কৰিবলৈ লৈছে। পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সুন্দৰ নীতিবোৰেৰেযে সুন্দৰ অৰ্থনীতিকো সম্ভৱ কৰিব পাৰি সেই কথা আমি পৃথিৱীক প্ৰদৰ্শিত কৰিছো। আজি ভাৰতে ২ ডিগ্ৰী অনুপালনীয় লক্ষ্যত উপনীত হোৱাৰ দিশে আগবঢ়া তেনেই কেইখনমান দেশৰ মাজত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

অধিক নিকা উত্সৰ পৰা শক্তি আহৰণৰ দিশত হোৱা আমাৰ স্থানন্তৰণ প্ৰৱেশ, পাৰদৰ্শিতা আৰু বিৱৰ্তনৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। মই য়েতিয়া বিদ্যুতৰ যোগানৰ কথা কও, আপোনালোকে ইয়াক সংখ্যাৰে ধাৰণা কৰিব পাৰিব। বিগত বছৰচেৰকত ২.৫ কোটি অথবা ২৫ মিলিয়ন পৰিয়ালক বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছে। মই যেতিয়া পাৰদৰ্শিতাৰ কথা কও, আমি এই অভিযানক এটা মন্ত্ৰালয় অথবা বিভাগৰ মাজতে সীমাবদ্ধ ৰখা নাই। ইয়াক আমি সম্পূৰ্ণ চৰকাৰখনৰে লক্ষ্যলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰিছো। আমি গ্ৰহণ কৰা সকলোবোৰ নীতিৰ নেপথ্যত শক্তি-পাৰদৰ্শিতা সম্ভৱ কৰাৰ লক্ষ্য বিজড়িত হৈ আছে। ইয়াৰ ভিতৰত ‘এলইডি বাল্ব’, ‘এলইডি ষ্ট্ৰীট লাইট’, ‘স্মাৰ্ট-মিটাৰ’, ‘বিদ্যুত্-সঞ্চালিত যান-বাহনৰ ব্যৱহাৰৰ পদক্ষেপ’লৈ উত্সাহ দান আৰু সংপ্ৰেৰণত হোৱা ক্ষতিৰ পৰিমাণ হ্ৰাস দৰে পদক্ষেপসমূহ অন্তৰ্ভুক্ত হৈ আছে। মই যেতিয়া শক্তি-বিৱৰ্তনৰ কথা কও, তেতিয়া সৌৰ-শক্তি সঞ্চালিত ‘পিএম-কুসুম’ আঁচনিৰ জৰিয়তে জল-সিঞ্চনৰ ব্যৱস্থা কৰি আমি কৃষিখণ্ডক শক্তি যোগানৰ বাবে গ্ৰহণ কৰা লক্ষ্যৰ কথাকে ক’ব বিচাৰিছো।

বন্ধুসকল,

নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ বাবে ভাৰত এক উত্তম দেশ হিচাপে পৰিগণিত হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। শেহতীয়া ছটা বছৰত ভাৰতৰ নৱীকৰণযোগ্য শক্তিখণ্ডত প্ৰায় ৫ লাখ কোটি অথবা ৬৪ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ ধনৰ বিনিয়োগ হৈছে। আমি ভাৰতক নৱীকৰণযোগ্য শক্তি উত্পাদনৰ এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছো।

ভাৰতৰ নৱীকৰণযোগ্য শক্তিখণ্ডতনো কিয় বিনিয়োগ কৰা উচিত সেই প্ৰসংগত মই আপোনাসৱৰ সন্মুখত বহুকেইটা কাৰণ দৰ্শাব খুজিছো। নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিদেশী বিনিয়োগৰ বাবে ভাৰতে এক অতিকে উদাৰ নীতি গ্ৰহণ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে নিজাববীয়াকৈ অথবা কোনো ভাৰতীয় প্ৰতিষ্ঠানৰে জোঁট বান্ধিও নৱীকৰণযোগ্য শক্তি উত্পাদনী প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। নৱীকৰণযোগ্য উত্সৰ পৰা উত্পাদিত বিদ্যুতৰ ২৪x৭ যোগানৰ বাবে উদ্ভাৱনী বিধি-ব্যৱস্থা নিশ্চিত কৰাৰ বাবে ভাৰতে গুৰুত্ব প্ৰদান কৰি আহিছে। সৌৰ-বায়ুৰ দৰে বৰ্ণ-সংকৰ শক্তি প্ৰকল্পৰ সম্ভাৱনীয়তা সফলতাৰে অনুধাৱন কৰা হৈছে।

আগন্তুক তিনিটা বছৰত ঘৰুৱা ভাৱে নিৰ্মাণ কৰা সৌৰ-কোষসমূহৰ লগতে উপকৰণসমূহৰ চাহিদা প্ৰায় ৩৬ গীগাৱাট হ’বগৈ। প্ৰযুক্তি-বিপ্লৱৰ সৈতে সংগতি ৰাখি আমি নীতি নিৰ্দ্ধাৰণত গুৰুত্ব আৰোপ কৰিছো। আমি এক বিস্তৃত পৰিসৰৰ ‘ৰাষ্ট্ৰীয় হাইড্ৰোজেন শক্তি মিছন’ আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছো। ইলেক্ট্ৰনিক্স উত্পাদনৰ ক্ষেত্ৰত ‘পিএলআই’-ৰ সাফল্যৰ পিচত আমি উচ্চ পাৰদৰ্শী সৌৰ-প্ৰভাগসমূহৰ ক্ষেত্ৰতো একে ধৰণৰ উত্সাহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ‘স্বস্তিৰে বাণিজ্য কৰাৰ পৰিৱেশ’ নিশ্চিত কৰাটোক আমি সবোতোকৈ অধিক প্ৰথমিকতা দিব খুজিছো। ইতিমধ্যে আমি বিনিয়োগকাৰীসকলক সুবিধা দান কৰিব পৰাকৈ সকলো মন্ত্ৰালয়তে ‘প্ৰকল্প বিকাশ কোষ’ আৰু ‘বিদেশী প্ৰত্যক্ষ বিনিয়োগ কোষ’ স্থাপন কৰিছো।

আজিৰ তাৰিখত ভাৰতৰ প্ৰতিখন গাঁৱে আৰু প্ৰায় প্ৰতিটো পৰিয়ালেই বিদ্যুতৰ সংযোগ লাভ কৰিছে। কাইলৈ নিশ্চয় তেওঁলোকৰ শক্তি চাহিদা বৃদ্ধি পাব। সেয়ে, ভাৰতত শক্তিৰ চাহিদা ক্ৰমাগত হাৰত বৃদ্ধি পাবই। আগন্তুক দশকটোত নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনাই বিশাল ৰূপ ধাৰণ কৰিব। এই পৰিস্থিতিত আগন্তুক সময়ছোৱাত প্ৰতি বছৰে ১.৫ লাখ কোটি অথবা ২০ বিলিয়ন ডলাৰ পৰিমাণৰ বাণিজ্যিক সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। এই মুহূৰ্তত ভাৰতত বিনিয়োগৰ সুন্দৰ সুযোগ সমাগত হৈছে। সেয়ে, মই নৱীকৰণয়োগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতে আৰম্ভ কৰা অন্বেষণ-যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে বিনিয়োগকাৰী, বিকাশক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক আহ্বান জনাইছো।

বন্ধুসকল,

এই সমাৰোহে নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কৰ্মৰত ভাৰতৰ সংশ্লিষ্ট পক্ষসমূহক পৃথিৱীৰ বিশিষ্ট প্ৰতিষ্ঠান, নীতি-নিৰ্দ্ধাৰক আৰু বৌদ্ধিক পৰিমণ্ডলৰে সংযুক্ত হোৱাৰ সুযোগ প্ৰদান কৰিছে। ভাৰতক এক নতুন শক্তি ভৱিষ্যতৰ দিশে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পৰাকৈ এই সমাৰোহতযে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হ’ব সেই কথাত মই নিশ্চিত।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”