'Minimum Government, Maximum Governance' and 'Sabka Saath, Sabka Vikas' form the basis of New India: PM Modi
Our Government is keen to fulfil the aspirations of the people: PM Modi
A combination of technology and human sensitivities is ensuring greater 'ease of living': PM Modi

ইয়াত উপস্থিত সকলো বিশিষ্ট ব্যক্তি আৰু অতিথিসকল৷

সৰ্বপ্ৰথমে মই দৈনিক জাগৰণৰ প্ৰতিগৰাকী পাঠক, প্ৰকাশক, সম্পাদক মণ্ডলী আৰু কাকতখন পাঠকৰ ওচৰলৈ লৈ যোৱা হকাৰ বন্ধুসকলক হীৰক জয়ন্তীৰ বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷

বিগত ৭৫ বছৰ ধৰি আপোনালোক দেশৰ লাখ লাখ লোকৰ সৈতে সংযুক্ত হৈ আছে৷ দেশৰ পুনৰ নিৰ্মাণত দৈনিক জাগৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ দেশক সজাগ কৰাৰ ক্ষেত্ৰত আপোনালোকে মূল্যৱান ভূমিকা লৈ আছে৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত আপোনালোকে আৰম্ভ কৰা কামে আজি নতুন ভাৰতৰ নতুন আশা–আকাংক্ষা, নতুন সংকল্প আৰু নতুন সংস্কাৰক আগুৱাই নিয়াত সহায় কৰিছে৷ মই দৈনিক জাগৰণ পঢ়া পাঠকসকলৰ ভিতৰত অন্যতম এজন৷ হয়তো দিনটোৰ আৰম্ভণি ইয়াৰ পৰাই হয়৷ নিজৰ ব্যক্তিগত অনুভৱৰ ভিত্তিত মই ক’ব পাৰো যে বিগত দশকসমূহত দৈনিক জাগৰণে দেশ আৰু সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই অনাত শক্তিশালী ভূমিকা পালন কৰিছে৷

বিগত চাৰি বছৰত দেশৰ সকলো সংবাদ গোষ্ঠীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ মজবুত স্তম্ভ হিচাপে নিজৰ দায়িত্ব পালন কৰিছে৷ লাগিলে সেয়া বেটী বচাও–বেটী পঢ়াও অভিযানেই হওক অথবা স্বচ্ছ ভাৰত অভিযানেই হওক৷ এই সকলো অভিযান গণ–আন্দোলনত পৰিণত হোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ এক ইতিবাচক ভূমিকা আছে৷

সতীৰ্থসকল, সমাজত সংবাদ মাধ্যমৰ এই ভূমিকা অনাগত সময়ত অধিক গুৰুত্বপূৰ্ণ হ’ব৷ এতিয়া ডিজিটেল বিপ্লৱে সংবাদ মাধ্যম, বাতৰি কাকতক আৰু অধিক বিস্তাৰিত কৰিছে৷ মই অনুভৱ কৰো যে সংবাদ মাধ্যমৰ এই নতুন ধাৰণাই নতুন ভাৰতৰ পৃষ্ঠভূমিক অধিক শক্তি যোগাব৷

সতীৰ্থসকল, নতুন ভাৰতৰ কথা যেতিয়াই উত্থাপন হয়, তেতিয়াই নূন্যতম চৰকাৰসৰ্বাধিক প্ৰশাসন আৰু সবকা সাথ সবকা বিকাশ মূলমন্ত্ৰৰ কথা মনলৈ আহে৷ এই চিন্তাৰে আমি যোৱা চাৰিটা বছৰ আগুৱাই আছো৷ কেন্দ্ৰীয় চৰকাৰৰ অনেক আঁচনিক জনতাই নিজৰ দায়িত্ব জ্ঞান কৰিয়ে আগবাঢ়ি আছে৷

দেশৰ যুৱ প্ৰজন্মই আজি বিকাশৰ গতিত নিজকে অংশীদাৰ হিচাপে গণ্য কৰে৷ চৰকাৰী আঁচনিসমূহক নিজৰ বুলি ভাবিবলৈ লৈছে৷ তেওঁলোকে অনুভৱ কৰিবলৈ লৈছে যে যুৱ প্ৰজন্মৰ কণ্ঠ  চৰকাৰে শুনিবলৈ আৰম্ভ কৰিছে আৰু এইবাবে চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত বিশ্বাস অভুতপূৰ্ব স্তৰত বৃদ্ধি পাইছে৷ এই বিশ্বাস তেতিয়া জাগি উঠে, যেতিয়া চৰকাৰে নতুন লক্ষ্যত উপনীত হোৱা দেখিবলৈ পোৱা যায় অথবা পাৰদৰ্শিতাৰ সৈতে কাম কৰা পৰিলক্ষিত হয়৷

সতীৰ্থসকল, জাগৰণ ফ’ৰামত আপোনালোকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব৷ বহুতো প্ৰশ্ন উত্থাপন কৰিব, বহুতো উত্তৰৰ সন্ধান কৰিব৷ ময়ো আপোনালোকৰ সন্মুখত এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰো৷ প্ৰশ্নটো মই উত্থাপন কৰিলেও এয়া দেশবাসীৰ আবেগৰ সৈতে জড়িত৷ আপোনালোকেও হয়তো কেতিয়াবা ভাৱে অথবা আঁচৰিত হৈ যায় যে প্ৰকৃতাৰ্থত আমাৰ দেশ কিয় এতিয়াও পিছ পৰি আছে? স্বাধীনতাৰ ইমান দশকৰ পাছতো কিয় উন্নয়ন সম্ভৱ হোৱা নাই? আমাৰ সৈতে বিশাল উৰ্বৰ ভূমি আছে, তৰুণ প্ৰতিভাশালী–পৰিশ্ৰমী যুৱ–প্ৰজন্ম আছে, প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে—তথাপি আমাৰ দেশ কিয় আগবাঢ়িব পৰা নাই?

এয়া আমাৰ দেশবাসীৰ সক্ষমতা যে আমাৰ চন্দ্ৰযান চন্দ্ৰ গৈ পাইছে আৰু আমাৰ মংগল মিছন সম্পূৰ্ণ হৈ উঠিছে৷ কিন্তু এইখন দেশৰে কোটি কোটি লোকৰ গাঁওলৈ কিয় এতিয়াও ৰাস্তা গৈ পোৱা নাই?

সতীৰ্থসকল, ভাৰতবাসীৰ নতুন উদ্ভাৱনে বিশ্বক জিলিকাই তুলিছে৷ কিন্তু কি কাৰণত কোটি কোটি ভাৰতীয়ই বিদ্যুৎ নোপোৱাকৈ দিন কটাবলগীয়া হ’ল? প্ৰকৃতাৰ্থত আমাৰ দেশে ছয় দশকৰো অধিক সময় ধৰি বুনিয়াদী সা-সুবিধাৰ বাবে হাবাথুৰি খাই আছিল৷ ডাঙৰ ডাঙৰ লোক শাসনলৈ আহিল আৰু গ’ল৷ কিন্তু দশক দশক ধৰি জনসাধাৰণে সৰু সৰু সমস্যাৰ সৈতে যুঁজি থাকিবলগীয়া হৈছিল৷

সতীৰ্থসকল, পূৰ্বে দেশ কেনেকুৱা গতিত চলিছিল আৰু আজি কিমান দ্ৰুত গতিৰে চলিছে, সেয়া আপোনালোকে নিশ্চয় অনুভৱ কৰিছে৷ আপোনালোকে চিন্তা কৰক স্বাধীনতাৰ ৬৭ বছৰলৈ মাত্ৰ ৩৮ শতাংশ গ্ৰামীন আৱাসগৃহত শৌচালয় নিৰ্মাণ হৈছিল আৰু যোৱা চাৰি বছৰত ৯৫% ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে৷ স্বাধীনতাৰ ৬৭বছৰ পাছতো মাত্ৰ ৫৫% বস্তি অঞ্চল আৰু গাওঁক পকীপথে সাঙুৰি লৈছিল, কিন্তু মাত্ৰ চাৰি বছৰৰ ভিতৰত কিদৰে ই ৯০%লৈ বৃদ্ধি পালে, সেয়া চিন্তা কৰা উচিত৷ স্বাধীনতাৰ ৬৭বছৰ পাছতো মাত্ৰ ৫৫% ঘৰতহে গেছ সংযোগৰ সুবিধা আছিল আৰু এতিয়া মাত্ৰ চাৰি বছৰত কিদৰে ৯০% লোকক গেছ সংযোগে সাঙুৰি লোৱা হৈছে৷ চিন্তা কৰক…প্ৰকৃতাৰ্থত স্বাধীনতাৰ ৬৭বছৰ পাছতো কিয় মাত্ৰ ৭০% গ্ৰামীন পৰিয়ালে বিজুলীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল? আৰু এতিয়া কিদৰে ৪ বছৰৰ ভিতৰতে ৯৫% পৰিয়ালত বিজুলী সংযোগ সম্ভৱ হ’ল? সতীৰ্থসকল, এইদৰে প্ৰশ্ন সুধি কেইবাঘণ্টা অতিক্ৰম কৰিব পাৰি৷

সতীৰ্থসকল, স্বাধীনতাৰ ৬৭বছৰ পাছতো দেশৰ মাত্ৰ ৫০% পৰিয়ালে বেংক একাউণ্ট মুকলি কৰিছিল৷ কিন্তু এতিয়া দেশৰ প্ৰায় প্ৰতিঘৰ পৰিয়ালতে বেংক একাউণ্টৰ সুবিধা উপলব্ধ হৈছে৷ চিন্তা কৰক…স্বাধীনতাৰ ৬৭বছৰ পৰ্যন্ত অতি কষ্টৰে দেশৰ মুঠ চাৰি কোটি নাগৰিকেহে আয়কৰ পৰিশোধ কৰি আছিল৷ যেতিয়ালৈকে জিএছটি বলবৎ হোৱা নাছিল, তেতিয়ালৈকে আমাৰ দেশত পৰোক্ষ কৰৰ সৈতে ৬৬লাখ উদ্যোগীহে পঞ্জীভুক্ত হৈছিল, কিন্তু এতিয়া জিএছটি বলবৎ হোৱাৰ পাছত ৫৪লাখ নতুন উদ্যোগীয়ে নাম পঞ্জীভুক্ত কৰিছে৷

সতীৰ্থসকল, এই কথাই প্ৰমাণ কৰে যে দেশ সলনি হৈ আছে৷ আপুনি কল্পনা কৰক আমাৰ দেশৰ নাগৰিকক যদি দশক পূৰ্বেই প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰা হ’লহেতেন, তেন্তে দেশ ক’ৰ পৰা ক’ত উপনীত হ’লহেতেন৷ দেশৰ নাগৰিকৰ বাবে এই কাম কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয়৷ কিন্তু ই অতি দুৰ্ভাগ্যজনক যে দেশে ইয়াৰ বাবে ইমান বছৰ অপেক্ষা কৰিব লগা হ’ল৷

সতীৰ্থসকল, যেতিয়া আমাৰ দেশৰ দৰিদ্ৰ, শোষিত আৰু বঞ্চিতসকলে শৌচালয়, বেংক একাউণ্ট, গেছ সংযোগ, শিক্ষা, চিকিৎসাৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ লাভ কৰিব, তেতিয়া তেওঁলোকে নিজৰ দৰিদ্ৰতা নিজেই দূৰ কৰিব পৰা হ’ব৷ এয়া মোৰ বিশ্বাস৷ তেওঁলোক দৰিদ্ৰতাৰ পৰা মুক্ত হ’লে দেশো এই ব্যাধিৰ পৰা মুক্ত হ’ব৷ বিগত চাৰি বছৰত আপোনালোকে এই পৰিৱৰ্তন নিশ্চয়কৈ দেখিবলৈ পাইছে৷ পৰিসংখ্যাই ইয়াৰ প্ৰমাণ দাঙি ধৰে৷ কিন্তু পূৰ্বে এয়া হোৱা নাছিল৷ কিয়নো দৰিদ্ৰতা নিৰ্মূল হ’লে দৰিদ্ৰতা হটাও ধ্বনি কিদৰে আওৰাব৷ দৰ্দ্ৰতাই সকলো সুবিধা লাভ কৰিলে, ভোট বেংকৰ ৰাজনীতি কিদৰে চলাব৷ তুষ্টিকৰণ কিদৰে হ’ব৷

ভাই–ভনীসকল, আজি আমি দেশবাসীৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ তৎপৰ হৈ আছো৷ নিউ ইণ্ডিয়াৰ সপোন পূৰণ কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ এই যাত্ৰাত ভাৰতে যিধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আছে, সেয়া বিশ্বৰ বিকাশশীল আৰু পিছপৰা দেশসমূহৰ বাবে এক আৰ্হি হৈ পৰিছে৷

সতীৰ্থসকল, আজি ভাৰতত connectivity ৰ পৰা আৰম্ভ কৰি communicationলৈ, competitionৰ পৰা convenienceলৈ— জীৱনৰ প্ৰতিটো স্তৰতে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ প্ৰযুক্তি আৰু মানৱীয় সংবেদনশীলতাৰ শক্তিৰে জীৱনধাৰণৰ মান উন্নত কৰা হৈছে৷ আমাৰ ব্যৱস্থা দ্ৰুতগতিৰে নতুন বিশ্বৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সাজু হৈ আছে৷ সৌৰ শক্তি, জৈৱ ইন্ধন আদিক আধুনিক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে৷

দেশত এতিয়া ২১ শতিকাৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাথনি তৈয়াৰ কৰি থকা হৈছে৷ স্থলপথেই হওক, ৰেলৱেই হওক, বিমানসেৱাই হওক অথবা জল পৰিবহণ ব্যৱস্থাই হওক—সকলো দিশৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে৷ শেহতীয়াকৈ আপোনালোকে দেখিছে কিদৰে বাৰাণসী আৰু কলকাতাৰ মাজত জলপথৰ নতুন সুবিধা আৰম্ভ কৰা হৈছে৷ এইদৰে দেশত নিৰ্মিত ইঞ্জিনবিহীন ৰে’লৰ পৰীক্ষণ আপোনালোকৰ কাকতত সবিস্তাৰে প্ৰকাশ পাইছিল৷ নতুন বিমানবন্দৰ আৰু আকাশী পথ বিকশিত কৰি থকা হৈছে৷ ৰন্ধন গেছৰ ৰিফিলৰ বাবে পূৰ্বে কেইবাদিনো লাগিছিল, কিন্তু এতিয়া এদিনতে লাভ কৰিব পৰা হৈছে৷ পূৰ্বে আয়কৰ ৰিটাৰ্ণৰ বাবে কেইবামাহো লাগিছিল৷ এতিয়া সপ্তাহৰ ভিতৰতে এয়া সম্ভৱ হৈ উঠিছে৷ পাছপ’ৰ্ট বনোৱাৰ ক্ষেত্ৰত আপোনালোকে পূৰ্বে মাহধৰি লাগি থাকিব লগা হৈছিল, এতিয়া কেইটামান সপ্তাহৰ ভিতৰতে পাছপ’ৰ্ট তৈয়াৰ হয়৷ বিজুলী, পানীৰ সংযোগ আজিকালি সহজতে উপলব্ধ হৈছে৷ চৰকাৰৰ অধিকসংখ্যক সেৱা এতিয়া অনলাইনত উপলব্ধ৷ মোবাইলো আপোনালোকে বহুত সেৱা লাভ কৰিছে৷

সতীৰ্থসকল, চৰকাৰে কেৱল সেৱাসমূহ পদূলিমুখলৈ লৈ যোৱাৰ প্ৰয়াস কৰা নাই, বৰং আঁচনিসমূহৰদ্বাৰা যাতে প্ৰকৃত লোকসকল উপকৃত হয়, সেয়াও নিশ্চিত কৰিব বিচাৰে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্জলা যোজনা, সৌভাগ্য যোজনা আদিৰ সুবিধাসমূহ চৰকাৰে জনসাধাৰণৰ কাষলৈ লৈ গৈছে আৰু তেওঁলোকক এই সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে৷ আয়ুস্মান ভাৰত আঁচনি  দেশৰ দৰিদ্ৰ জনসাধাৰণৰ সুৰক্ষা কবচ হিচাপে পৰিগণিত হৈছে৷ আঁচনিখন মুকলিৰ ১০০ দিনে সম্পূৰ্ণ হোৱা নাই, কিন্তু এতিয়ালৈ দেশৰ ৪.৫০লাখ দৰিদ্ৰ জনসাধাৰণে ইয়াৰ লাভ গ্ৰহণ কৰিছে, অৰ্থাৎ তেওঁলোকে এই আঁচনিৰ অধীনত চিকিৎসা চলাই আছে৷ গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰৰ পৰা আৰম্ভ কৰি কৰ্কটৰ দৰে জটিল ৰোগৰ চিকিৎসা আয়ুস্মান ভাৰত আঁচনিৰ বাবে সম্ভৱ হৈ উঠিছে৷

সতীৰ্থসকল, দেশৰ দৰিদ্ৰ জলসাধাৰণৰ সৱলীকৰণৰ বাবে এয়াই যথেষ্ট নহয়৷ অনাগত সময়তো এই কাম অব্যাহত থাকিব৷ আমাৰ প্ৰচেষ্টা হ’ল মধ্যভোগীক সমাজৰ পৰা দূৰ কৰা৷ উৎপাদক আৰু উপভোক্তাক যিমান দূৰ সম্ভৱ ওচৰ চপাই আনিব লাগে৷ যিকোনো স্তৰৰ ভ্ৰষ্টাচাৰক নিৰ্মূল কৰাই আমাৰ লক্ষ্য৷ এই দিশত কৰি থকা আমাৰ প্ৰয়াসক সমগ্ৰ বিশ্বয়ো প্ৰত্যক্ষ কৰি আছে৷ আৰু এইবাবে ভাৰত সম্ভাৱনাৰ দেশ হিচাপে চিহ্নিত হৈছে৷

সতীৰ্থসকল, আপোনালোকে জানে যে কিছুদিন পূৰ্বে আৰ্জেণ্টিনাত জি–২০ সন্মিলন সম্পন্ন হৈছে৷ তাত বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে মোৰ বাৰ্তালাপ হৈছে৷ আমিও আমাৰ দেশৰ কথা বিশ্বৰ আগশাৰীৰ অৰ্থব্যৱস্থাৰ দেশসমূহৰ সন্মুখত দাঙি ধৰিছো৷ আৰ্থিক অপৰাধী, পলাতক অভিযুক্তই যাতে বিশ্বৰ কোনো স্থানতে সুৰক্ষিত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰে, ইয়াৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমূদায়ৰ সন্মুখত কিছুমান পৰামৰ্শ দাঙি ধৰিছে৷ মোৰ বিশ্বাস আছে যে আজি নহলেও কাইলৈ আমাৰ এই প্ৰয়াস ফলপ্ৰসু বিবেচিত হ’ব৷ 

সতীৰ্থসকল, এই বিশ্বাসৰ আঁৰত এটি ডাঙৰ কাৰণ আছে৷ সেয়া হ’ল—ভাৰতৰ কন্ঠ আজি সমগ্ৰ বিশ্বই শুনি আছে, বুজি পোৱাৰ চেষ্টা কৰি আছে, বিশ্বৰ প্ৰায় সকলো দেশৰ সৈতে আমাৰ সম্পৰ্ক মধুৰ হৈছে৷ ইয়াৰ ফলাফল আপোনালোকৰ লগতে সমগ্ৰ দেশে দেখি আছে, অনুভৱ কৰি আছে৷

সতীৰ্থসকল, আজি ভাৰতে এক ডাঙৰ লক্ষ্য, ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ সাহস যে গোটাইছে ইয়াৰ আঁৰত এখন শক্তিশালী চৰকাৰ আছে৷ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নিৰ্বাচিত এখন সুস্থিৰ চৰকাৰ৷ নিউ ইণ্ডিয়াৰ বাবে চৰকাৰৰ দৃষ্টিত থকা বিষয়সমূহ হ’ল—সক্ষমতা, সম্পদ, সংস্কাৰ, পৰম্পৰা, সংস্কৃতি আৰু সুৰক্ষা৷ বিকাশৰ পঞ্চধাৰাই উন্নয়নৰ প্ৰবাহমান গংগাক আগুৱাই নিব৷ বিকাশৰ এই পঞ্চধাৰা হ’ল—শিশুৰ শিক্ষা, যুৱ প্ৰজন্মৰ উপাৰ্জন, জেষ্ঠজনৰ চিকিৎসা, কৃষকৰ সঞ্চয় আৰু জনসাধাৰণৰ শুনানি৷

নতুন ভাৰতৰ নতুন স্বপ্ন পূৰণৰ ক্ষেত্ৰত দৈনিক জাগৰণকে সমগ্ৰ সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাৰ দায়িত্ব আপোনালোকৰ আছে আৰু এয়া আপোনালোকৰ অধিকাৰো৷ সংবাদমাধ্যমৰ পৰামৰ্শ আৰু আপোনালোকৰ আলোচনাক মই সদায় স্বাগতম জনাও৷ নিজৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা অক্ষুন্ন ৰাখি দৈনিক জাগৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰহৰী হিচাপে নিৰন্তৰ কাম কৰি থাকিব৷ এই আশাৰে মই ভাষণৰ সামৰণি মাৰিব বিচাৰিছো৷ আপোনালোক সকলোকে ৭৫ বৰ্ষপূৰ্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু উজ্জল ভৱিষ্যত কামনা কৰিলো৷ বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Param pragya: India’s parivartan

Media Coverage

Param pragya: India’s parivartan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights India’s strong conservation efforts on World Elephant Day
August 12, 2026

Prime Minister Shri Narendra Modi today stated that on World Elephant Day, we celebrate the majestic elephant, which has remained an integral part of India’s ecological heritage. He expressed gladness that India is home to over 60% of the world’s wild Asian elephants.

The Prime Minister noted that our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. Shri Modi also expressed pride in all forest personnel, scientists, veterinarians, mahouts, and the local communities who are integral to all such efforts.

In a post on X, the Prime Minister shared:

"On World Elephant Day, we celebrate the majestic elephant which has remained an integral part of India’s ecological heritage. It is gladdening that India is home to over 60% of the world’s wild Asian elephants. Our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. We are also proud of all forest personnel, scientists, veterinarians, mahouts and the local communities who are integral to all such efforts."