হৰ হৰ মহাদেৱ! হৰ হৰ মহাদেৱ! হৰ হৰ মহাদেৱ!

কাশী কোটৱাল কী জয়! মাতা অন্নপূৰ্ণা কী জয়! মা গংগা কী জয়!

জ’ বোলে চ’ নিহাল, শত শ্ৰী অকাল! নমো বুদ্ধায়!

সমগ্ৰ কাশীবাসী, সমগ্ৰ দেশবাসীক কাৰ্তিক পূৰ্ণিমা দেৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জনালো৷ সকলোকে গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ বহুত বহুত শুভেচ্ছা জনালো৷

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ সতীৰ্থ সাংসদ শ্ৰীমান ৰাধামোহন সিং জী, উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী ভাই আশুতোষ জী, ৰবিন্দ্ৰ জয়ছোৱাল, নিলকণ্ঠী তিৱাৰী জী, বিজেপিৰ ৰাজ্যিক সভাপতি ভাই স্বতন্ত্ৰদেৱ সিং জী, বিধায়ক সৌৰভ শ্ৰীবাস্তৱ জী, বিধান পৰিষদৰ সদস্য ভাই অশোক ধৱন জী, স্থানীয় বিজেপিৰ মহেশ চন্দ্ৰ শ্ৰীবাস্তৱ জী, বিদ্যাসাগৰ ৰায় জী, অন্য বিশিষ্ট ব্যক্তিসকলৰ লগতে মোৰ প্ৰিয় ভাই–ভনীসকল৷

নাৰায়ণৰ বিশেষ মাহ হিচাপে গন্য কৰা পূণ্য কাৰ্তিক মাহৰ আমাৰ কাশীৰ জনসাধাৰণে কতিকি পুনবাসী বুলি কয়৷ আৰু ই পুনবাসীত অনাদি কালৰ পৰা গংগাত স্নান কৰে, দান–পূণ্য অৰ্জন কৰে৷ বছৰ বছৰৰ পৰা শ্ৰদ্ধালু লোকসকলৰ কোনোৱে পঞ্চগংগা ঘাটত, কোনোৱে দশাশ্ৰমেধ, শীতলা ঘাটত স্নান কৰি আহিছে৷ সম্পূৰ্ণ গংগাৰ পাৰ গোদোলিয়াৰ প্ৰতিগৰাকী সুন্দৰী, জ্ঞানবাপীয়ে ধৰ্মশালা ভৰি পৰে৷ পণ্ডিত ৰামকিংকৰ মহাৰাজে সম্পূৰ্ণ কাৰ্তিক মাহ বাবা বিশ্বনাথৰ ৰাম কথা শুনাই থাকে৷ দেশৰ সকলো স্থানৰ লোকসকলে তেওঁৰ কথা শুনি আহিছে৷

ক’ৰোনাই বহু পৰিৱৰ্তন আনি দিলেও কিন্তু কাশীৰ এই শক্তি, কাশীৰ এই ভক্তি, এই শক্তিক জানো সলনি কৰিব পাৰিলে৷ পুৱাৰে পৰা কাশীবাসীয়ে স্নান, ধ্যান আৰু দান কাৰ্যত লাগি আছে৷ কাশী প্ৰকৃতাৰ্থত জীৱন্ত৷ কাশীৰ প্ৰতিটো চুবুৰী শক্তিৰে ভৰপূৰ৷ কাশীৰ ঘাটসমূহ দিব্যমান৷ এয়াই মোৰ অবিনাশী কাশী৷

বন্ধুসকল,

গংগাৰ সান্নিধ্যত কাশীয়ে পোহৰৰ উৎসৱ পালন কৰিছে আৰু মোৰো মহাদেৱৰ আশীৰ্বাদৰ এই প্ৰকাশ গংগাত স্নান কৰাৰ সৌভাগ্য হৈছে৷ আজি দিনৰ ভাগত কাশীৰ ৬লেনযুক্ত ঘাইপথৰ উদ্বোধন কাৰ্যসূচীত উপস্থিত থকাৰ সৌভাগ্য হয়৷ সন্ধিয়া দেৱ দীপাৱলীৰ দৰ্শন কৰিছো৷ ইয়ালৈ অহাৰ পূৰ্বে কাশী বিশ্বনাথ কৰিড’ৰলৈও যোৱাৰ সুযোগ মই লাভ কৰিলো আৰু এতিয়া ৰাতি সাৰনাথত লেজাৰ শ্ব’ও প্ৰত্যক্ষ কৰিম৷ মই ইয়াক মহাদেৱৰ আশীৰ্বাদ আৰু আপোনালোক সকলো কাশীবাসীৰ আশীৰ্বাদৰ বিশেষ স্নেহ বুলি গন্য কৰিছো৷

বন্ধুসকল,

কাশীৰ বাবে আৰু এটা বিশেষ সুযোগ আছে৷ আপোনালোকে নিশ্চয় শুনিছে, কালি মন কী বাতত মই এই কথা উনুকিয়াইছো আৰু এতিয়া যোগীজীয়ে অতি উদাত্ত কণ্ঠেৰে সেই কথা পুনৰ দোঁহাৰিলে৷ ১০০ বছৰৰ পূৰ্বে অন্নপূৰ্ণাৰ যি প্ৰতিমা কাশীৰ পৰা চুৰি হৈছিল, সেয়া এতিয়া ঘূৰি আহিছে৷ মাতা অন্নপূৰ্ণা পুনৰবাৰ ঘৰলৈ ঘূৰি আহিছে৷ কাশীৰ বাবে এয়া এক ডাঙৰ সৌভাগ্যৰ কথা৷ আমাৰ দেৱ–দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমা, আমাৰ আস্থাৰ প্ৰতীক তথা আমাৰ অমূল্য ঐতিহ্য৷ এই কথাও সত্য যে এই প্ৰচেষ্টা যদি পূৰ্বতে কৰা হ’লহেতেন, তেতিয়াহ’লে এনে কিমান প্ৰতিমা দেশে ঘূৰাই পালেহেতেন৷ কিন্তু একাংশ লোকৰ ধাৰণা বেলেগ ধৰণৰ৷ আমাৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হৈছে দেশৰ ঐতিহ্য৷ আনহাতে একাংশ লোকৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হৈছে, নিজৰ পৰিয়াল আৰু নিজৰ পৰিয়ালৰ নাম৷ আমাৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হৈছে আমাৰ সংস্কৃতি, আমাৰ আস্থা, আমাৰ মুল্য৷ তেওঁলোকৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হৈছে নিজৰ প্ৰতিমূৰ্তি, নিজৰ পৰিয়ালৰ ছবি৷ ইয়াৰ বাবে তেওঁলোকৰ ধ্যান পৰিয়ালৰ উত্তৰাধিকাৰ ৰক্ষাৰ থাকে, আমাৰ ধ্যান দেশৰ উত্তৰাধিকাৰ ৰক্ষা কৰা, সেইবোৰক সংৰক্ষিত কৰা৷ চাওক, আপোনালোকৰ আশীৰ্বাদতে সকলো হৈ আছে৷ আজি যেতিয়া কাশীৰ উত্তৰাধিকাৰ ঘূৰি আহিছে, তেনে সময়তে কাশীবাসীয়ে মাতা অন্নপূৰ্ণাৰ আগমনৰ খবৰ শুনি ভাল লাগি আছে৷

বন্ধুসকল,

লাখ লাখ প্ৰদীপেৰে কাশীৰ চৌৰাশীটা ঘাট পোহৰাই তোলাটো অদ্ভূত কথা৷ গংগাৰ ঢৌৱে এই জ্যোতিক আৰু অধিক অলৌকিক কৰি তুলিছে আৰু ইয়াৰ সাক্ষী কোন লক্ষ্য কৰক৷ এনে লাগিছে যেন আজি পূৰ্ণিমাত দেৱ দীপাৱলী পালনে কাশী মহাদেৱৰ মগজুত বিৰাজমান চন্দ্ৰমাৰ দৰে উজ্বলি উঠিছে৷

কাশীৰ মহিমাই এনেধৰণৰ৷ আমাৰ শাস্ত্ৰত কৈছে–“ काश्यां हि काशते काशी सर्वप्रकाशिका৷” অৰ্থাৎ কাশী আত্মজ্ঞানেৰে প্ৰকাশিত হয়, সেইবাবে কাশীয়ে সকলোকে সমগ্ৰ বিশ্বৰ জ্যোতি প্ৰদান কৰিব, পথ প্ৰদৰ্শন কৰিব৷ প্ৰতিটো যুগতে কাশীৰ এই জ্যোতিৰ দ্বাৰা কোনো এগৰাকী মহাপুৰুষৰ তপস্যাৰ সৈতে জড়িত হৈ আহিছে আৰু কাশীয়ে বিশ্বক পথ প্ৰদৰ্শন কৰি আহিছে৷ আজি আমি যি দেৱ দীপাৱলীৰ দৰ্শন কৰিছো, ইয়াৰ প্ৰেৰণা প্ৰথমে পঞ্চগংগা ঘাটত স্বয়ং আদিশংকাৰাচাৰ্যয়ে প্ৰদান কৰিছিল৷ পাছত অহিল্যাবাই হোল্কৰ জীয়ে এই পৰম্পৰাক আগুৱাই নিয়ে৷ পঞ্চগংগা ঘাটত অহিল্যাবাই হোল্কৰ জীৰ দ্বাৰা স্থাপিত ১,০০০ বন্তিৰ প্ৰকাশ স্তম্ভ আজিও এই পৰম্পৰাৰ সাক্ষী হৈ আছে৷

বন্ধুসকল,

কোৱা হয় যে যেতিয়া ত্ৰিপুৰাসুৰ নামৰ এটা দৈত্যই সমগ্ৰ সংসাৰত আতংকৰ সৃষ্টি কৰিছিল, ভগৱান শিৱই কাৰ্তিক পূৰ্ণিমাৰ দিনা, তাক বধ কৰিছিল৷ আতংক, অত্যাচাৰ আৰু অন্ধকাৰৰ অন্ত পৰাত দেৱতাই মহাদেৱৰ নগৰীলৈ আহি বন্তি প্ৰজ্বলন কৰে, দীপাৱলী পালন কৰিছিস. দেৱতাসকলৰ সেই দীপাৱলীয়েই দেৱ দীপাৱলী৷ কিন্তু এই দেৱতাগৰাকী কোন আছিল? এইগৰাকী দেৱতা আজিও আছে, আজিও বাৰাণসীত দীপাৱলী পালন কৰা হৈছে৷ আমাৰ মহাপুৰুষসকলে, সন্তসকলে লিখিছে–“लोक बेदह बिदित बारानसी की बड़ाई, बासी नर-नारि ईस-अंबिका-स्वरूप हैं৷” অৰ্থাৎ কাশীৰ লোকসকলেই দেৱতাৰ স্বৰূপ৷ কাশীৰ নৰ–নাৰীসকল দেৱী আৰু শিৱৰ স্বৰূপ, সেইবাৰে এই চৌৰাশী ঘাটত ইমান লাখ লাখ বন্তি আজি দেৱতাসকলেই প্ৰজ্বলন কৰিছে, দেৱতাসকলেই জ্যোতি বিয়পাই দিছে৷ আজি এই বন্তি সেইসকলক আৰাধ্যৰ বাবেই জ্বলি আছে, যিসকলে দেশৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে৷ যিসকলে জন্মভূমিৰ বাবে আত্মবলিদান দিলে, কাশীৰ এই ভাৱনাই দেৱ দীপাৱলীৰ পৰম্পৰাৰ সেইসকলক আৱেগিক কৰি তুলিছে৷ এই উপলক্ষে মই দেশৰ প্ৰতিৰক্ষাত নিজক উচৰ্গা কৰা, নিজৰ যৌৱন উচৰ্গা কৰা, নিজৰ সপোন মা–ধৰিত্ৰীৰ চৰণত অৰ্পণ কৰা আমাৰ সুপুত্ৰসকলক প্ৰণিপাত জনাইছো৷

বন্ধুসকল,

সীমান্তত অনুপ্ৰৱেশকাৰীৰ প্ৰচেষ্টাই হওক, সম্প্ৰসাৰণবাদী শক্তিৰ দু–সাহসেই হওক বা দেশৰ ভিতৰত দেশক খণ্ডিত কৰা ষড়যন্ত্ৰকাৰীসকলেই হওক, সকলোকে উপযুক্ত প্ৰত্যুত্তৰ দি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে দেশে এতিয়া দুখীয়া, অন্যান আৰু ভেদভাৱৰ অন্ধকাৰৰ বিৰুদ্ধেও পৰিৱৰ্তনৰ বাবে বন্তি প্ৰজ্বলন কৰি আহিছে৷ এতিয়া দুখীয়া লোকসকলে তেওঁলোকৰ জিলা, তেওঁলোকৰ গাঁৱতে সংস্থাপন দিয়াৰ বাবে প্ৰধানমন্ত্ৰী ৰোজগাৰ অভিযান হাতত লোৱা হৈছে৷ এতিয়া গাঁৱত স্বামিত্ব যোজনাৰ জৰিয়তে সাধাৰণ জনতাক তেওঁলোকৰ ঘৰ–দুৱাৰৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে৷ এতিয়া কৃষকসকলক মধ্যভোগী আৰু শোষণ কৰাসকলৰ পৰা মুক্ত কৰা হৈছে৷ আজি পদপথৰ দোকানী, ঠেলাৱলাসকলকো সহায় কৰা লগতে পুঁজিৰ যোগান ধৰাৰ বাবে বেংকসমূহ আগুৱাই আহিছে৷ কেইদিনমানৰ পূৰ্বে মই ‘স্বনিধি’ যোজনাৰ হিতাধিকাৰীৰ সৈতে কাশীত মত বিনিময় কৰিছিলো৷ ইয়াৰ সমান্তৰালভাৱে এতিয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সৈতে আগুৱাই ভোকেল ফৰ লোকেলৰ দিশত কাম চলি আছে৷ আছে নে নাই? মত আছেনে মই যোৱাৰ পাছত পাহৰি যায়৷ এইবাৰৰ পৰ্ব, এইবাৰৰ দীপাৱলী যিদৰে পালন কৰা হৈছে, যেনেকৈ দেশৰ জনসাধাৰণে স্থানীয় সামগ্ৰী, স্থানীয় উপহাৰেৰে উৎসৱ পালন কৰাটো অতি প্ৰেৰণাদায়ক কথা৷ কিন্তু এয়া কেৱল উৎসৱৰ বাবেই নহয়, এয়া আমাৰ জীৱনৰ অংশ হ’ব লাগিব৷ আমাৰ প্ৰয়াসৰ লগতে আমাৰ পৰ্বও পুনৰবাৰ দুখীয়া লোকসকলৰ সেৱাৰ মাধ্যম হৈ পৰিছে৷

বন্ধুসকল,

গুৰুনানক দেৱ জীয়ে নিজৰ জীৱন দুখীয়া, শোষিত, বঞ্চিতসকলৰ সেৱাত সমৰ্পিত কৰিছিল৷ কাশীৰ সৈতে গুৰুনানক দেৱ জীৰ আত্মিক সম্বন্ধ আছিল৷ তেওঁ দীৰ্ঘসময় ধৰি কাশীত অতিবাহিত কৰিছিল৷ কাশীৰ গুৰুবাগ গুৰুদ্বাৰা সেই ঐতিহাসিক ভ্ৰমণৰ সাক্ষী আছিল, যেতিয়া গুৰুনানক দেৱ জী ইয়ালৈ আহিছিল আৰু কাশীবাসীক নতুন পথ দেখুৱাইছিল৷ আজি আমি সংস্কাৰৰ কথা কৈছে, কিন্তু সমাজ আৰু ব্যৱস্থাত সংস্কাৰৰ বহু ডাঙৰ প্ৰতীক গুৰুনানক দেৱ জী আছিল৷ আমি এইটোও দেখিছো যে যেতিয়া সমাজৰ হিতৰ বাবে, ৰাষ্ট্ৰহিতৰ বাবে পৰিৱৰ্তন আহে, তেতিয়া জ্ঞাত–অজ্ঞাতভাৱে বিৰোধিতা হয়৷ কিন্তু যেতিয়া সেই সংস্কাৰৰ সাৰ্থকতা পৰিলক্ষিত হয়, তেতিয়া সকলো ঠিক হৈ যায়৷ এই শিক্ষা আমি গুৰুনানক দেৱজীৰ পৰা পাইছো৷

বন্ধুসকল,

কাশীৰ বাবে যেতিয়া বিকাশৰ কাম আৰম্ভ হৈছিল, বিৰোধিতা কৰাসকলে কেৱৰ বিৰোধিতা কৰিব লাগে বাবেই বিৰোধিতা কৰিছিল, কৰিছিল নে? আপোনালোকৰ মনত আছে, যেতিয়া কাশীয়ে সিদ্ধান্ত লৈছিল যে বাবাৰ দৰবাৰলৈকে বিশ্বনাথৰ কৰিড’ৰ নিৰ্মাণ হ’ব, ভব্যতা, দিব্যতাৰে শ্ৰদ্ধাবান ব্যক্তিসকলৰ সুবিধাকো বৃদ্ধি কৰি, বিৰোধিতা কৰাসকলে তেতিয়া ইয়াক লৈ বহুত কিবা–কিবি কৈছিল৷ বহুত কিবা–কিবি কৰিছিল৷ কিন্তু আজি বাবাৰ কৃপাত কাশীৰ গৌৰৱ পুনৰুজ্জীৱিত হৈছে৷ শতিকা বৰ্ষৰ পূৰ্বে বাবাৰ দৰবাৰৰ মা গংগালৈকে যি প্ৰত্যক্ষ সম্পৰ্ক আছিল, সেয়া পুনৰ স্থাপিত হ’ল৷

বন্ধুসকল,

শুদ্ধ অন্তৰে যেতিয়া ভাল কাম কৰে, যেতিয়া বিৰোধিকাৰ পাছতো বহু সিদ্ধি লাভ কৰে৷ অযোধ্যাত শ্ৰীৰাম মন্দিৰতকৈ ইয়াৰ উৎকৃষ্ট উদাহৰণ আন কি হ’ব পাৰে৷ দশক দশক ধৰি এই পবিত্ৰ কাম পেলাই থৈছিল, কি কি কৰা নাছিল? কেনেধৰণৰ ভয় সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল৷ কিন্তু যেতিয়া ৰাম জীয়ে বিচাৰিলে, তেতিয়া মন্দিৰো নিৰ্মাণ হ’ল৷

বন্ধুসকল,

অযোধ্যা, কাশী আৰু প্ৰয়াগৰ এই অঞ্চল আজু আধ্যাত্মিকতাৰ লগতে পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰ বাবে সজাই তোলা হৈছে৷ অযোধ্যাত যি তীব্ৰ গতিৰে বিকাশ হৈ আছে, প্ৰয়াগৰাজে যিধৰণৰ কুম্ভৰ আয়োজন দেখিলে আৰু কাশী আজি যিদৰে বিকাশৰ পথত অগ্ৰসৰ হৈছে, তাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ পৰ্যটক আজি এই অঞ্চলৰ ফালে দৃষ্টি নিৱদ্ধ কৰিছে৷ বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ অঞ্চলৰ লগতে দুৰ্গাকুণ্ডৰ দৰে সনাতন মহত্বৰ স্থানসমূহৰো বিকাশ সাধন কৰা হৈছে৷ দ্বিতীয়তে মন্দিৰ আৰু পৰিক্ৰমাৰ পথৰো সংস্কাৰ সাধন কৰা হৈছে৷ ঘাটসমূহৰ ছবি দ্ৰুতগতিত সলনি হৈছে, এইবোৰে বাৰাণসীক অলৌকিক আভা প্ৰদান কৰিছে৷ মা–গংগাৰ পানীও নিৰ্মল হৈ আছে৷ এয়াই প্ৰাচীন কাশীৰ আধুনিক সনাতন অৱতাৰ, এয়াই বাৰাণসীৰ সদা বিৰাজমান ৰস৷

বন্ধুসকল,

এতিয়া ইয়াৰ পৰা মই ভগৱান বুদ্ধৰ স্থান সাৰনাথলৈ যাম৷ সাৰনাথত সন্ধিয়াৰ সময়ত পৰ্যটনক উৎসাহ যোগোৱাৰ বাবে আৰু লোক শিক্ষাৰ বাবে আপোলোক সকলোৰে যি দীৰ্ঘদিনীয়া দাবী আছিল, সেয়া এতিয়া পুৰণ কৰা হৈছে৷ লেজাৰ শ্বত এতিয়া ভগৱান বুদ্ধৰ কৰুণা, দয়া আৰু অহিংসাৰ বাৰ্তা বাস্তৱায়িত কৰা হ’ব৷ এই বাৰ্তা আজি আৰু অধিক প্ৰাসংগিক হৈছে, যেতিয়া বিশ্বত হিংসা, অশান্তি আৰু আতংকৰ বিপদ দেখি চিন্তিত হয়৷ ভগৱান বুদ্ধই কৈছিল–“ न हि वेरेन वेरानि सम्मन्ती ध कुदाचन अवेरेन हि सम्मन्ति एस धम्मो सनन्तनो৷” অৰ্থাৎ ঘৃণাৰে ঘৃণা কেতিয়া শান্ত নহয়৷ ঘৃণাহীনতাৰ পৰা ঘৃণা শান্ত হৈ যায়৷ দেৱ দীপাৱলীৰ জৰিয়তে দেৱত্বৰ পৰিচয় কৰোৱা কাশীৰ দ্বাৰাও এই বাৰ্তাকে দিয়ে যে আমাৰ মন এই বন্তিৰ দৰে আলোকিত হৈ উঠে৷ সকলোতে ইতিবাচক ভাৱ জাগ্ৰত হওক৷ বিকাশৰ পথৰ প্ৰশস্ত হওক৷ সমগ্ৰ বিশ্বৰ কৰুণা, দয়াৰ ভাৱত নিজকে সংপৃক্ত কৰক৷ মোৰ বিশ্বাস এই যে কাশীৰ পৰা ওলোৱা প্ৰসাৰিত এই বাৰ্তা, জ্যোতিৰ শক্তিয়ে সমগ্ৰ দেশৰ সংকল্পক সিদ্ধি কৰিব৷ দেশে আত্মনিৰ্ভৰ ভাৰতৰ যি যাত্ৰা আৰম্ভ কৰিব, ১৩০ কোটি ভাৰতীয়ৰ শক্তিৰ জৰিয়তে আমি সেই লক্ষ্যত উপনীত হ’ম৷

মোৰ প্ৰিয় দেশবাসী, এই শুভকামনাৰে, আপোনালোক সকলোকে পুনৰবাৰ দেৱ দীপাৱলীৰ আৰু প্ৰকাশ পৰ্বৰ বহুত বহুত শুভেচ্ছা জনালো৷ ক’ৰোনাৰ বাবে সকলোৰে বাবে যি নিয়ম নিৰ্ধাৰণ কৰিছে, তাৰবাৰে মই আগতে বাৰে বাৰে আপোনালোকৰ মাজলৈ আহিছিলো৷ কিন্ত, এইবাৰ মোৰ কিছু পলম হ’ল৷ যেতিয়া ইমান সময় অতিবাহিত হ’ল, তেতিয়া মই নিজেই অনুভৱ কৰিলো যে, মই বহুত কিবা–কিবি হেৰুৱাইছো৷ এনে লাগিছিল যে আপোনালোকক দেখা নাই, দৰ্শন হোৱা নাই৷ আজি যেতিয়া আহিলো, মন বহুত প্ৰফুল্লিত হ’ল৷ আপোনালোকক দেখি মন শক্তিৰে ভৰি পৰিল৷ কিন্তু মই এই ক’ৰোনাৰ কালছোৱাত এদিনো আপোনালোকৰ পৰা দুৰৈত থকা নাই৷ ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা কিদৰে বৃদ্ধি পাইছে, হাস্পতালৰ কি ব্যৱস্থা আছে, সামাজিক সংস্থাসমূহে কিদৰে কাম কৰি আছে, কোনো দুখীয়া লোক যাতে ভোকাতুৰে নাথাকে ইত্যাদি প্ৰতিটো বিষয়ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আহিছো৷ ইমান সুদীৰ্ঘ সময়, সম্পূৰ্ণ আঠ মাহ দুখীয়া লোকসকলৰ সেৱা কৰা, দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ সেৱা কৰাৰ কামত জড়িত হোৱাৰ বাবে দেশবাসীৰ লগতে কাশীবাসীক মই প্ৰণিপাত জনাইছো৷ আপোনালোকে দুখীয়া লোকসকলৰ বাবে কৰা কামে অন্তৰ চুই গৈছে৷ মই যিমান আপোনালোকক সেৱা কৰো, সিমানে কম হৈ ৰ’ব৷ মই আপোনালোকক বিশ্বাস দিছো যে মোৰ ফালৰ পৰা আপোনালোকক সেৱা কৰাৰ কোনো ত্ৰুটি নাৰাখো৷

মোৰ বাবে আজি গৌৰৱৰ পৰ্ব এই যে আজি মই এনে জাকজমক পৰিৱেশত আপোনালোকৰ মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিলো৷ ক’ৰোনাক পৰাজিত কৰি আমি বিকাশৰ পথত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হ’ম, মা গংগাৰ ধাৰা যিদৰে বৈ আছে৷ সংকটৰ পাছতো গংগা বৈ আছে, শ শ বছৰ ধৰি বৈ আছে৷ কেতিয়াও থমকি ৰোৱা নাই৷ বিকাশৰ ধাৰাও সেইদৰে বৈ থাকিব৷ এই বিশ্বাসেৰে মইও ইয়াৰ পৰা দিল্লীলৈ যাম৷ মই পুনৰবাৰ আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলো৷

জয় কাশী৷ জয় মা ভাৰতী৷

হৰ হৰ মহাদেৱ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address at 12th International Day of Yoga celebrations in Kolkata, West Bengal
June 21, 2026
Yoga connects us all and brings us together: PM
When yoga becomes a way of life, it becomes the foundation of human unity: PM
Yoga helps us tune our bodies to be flexible; It keeps our energy levels high: PM
Yoga teaches us the art of living a balanced life: PM
Yoga shows the path from mental well-being to physical well-being: PM

मंच पर विराजमान राज्यपाल श्री आर एन रवि जी, ऊर्जावान मुख्यमंत्री शुभेंदु अधिकारी जी, केंद्र में मेरे सहयोगी प्रतापराव जाधव जी, अन्य सभी महानुभाव, यहां कोलकाता में जुटे सभी प्रतिभागी, देश-विदेश में योग से जुड़ रहे सभी साथी, और मेरे प्यारे देशवासियों!

21 जून का ये दिन, पृथ्वी के कुछ भूभाग पर साल में सबसे लंबी अवधि का दिन होता है। और अंतर्राष्ट्रीय योग दिवस के कारण 21 जून का ये दिन विश्व के सबसे बड़े सामूहिक उत्सव का दिन भी बन गया है। विश्व के अलग-अलग हिस्सों से योग की एक से एक अद्भुत तस्वीरें आ रहीं हैं। भारत में हिमालय से लेकर हिन्द महासागर तक, पूर्वोत्तर और पूरब में बंगाल से लेकर पश्चिम में सौराष्ट्र तक, पूरा देश योग की ऊर्जा से चैतन्य से भरा हुआ नज़र आ रहा है। पूरा देश, पूरा विश्व एक दूसरे से जुड़ा हुआ नज़र आ रहा है और यही तो योग की ताकत है। योग सबको जोड़ता है, योग सबको साथ लाता है। मैं इस अवसर पर पूरे विश्व को, संपूर्ण मानव समुदाय को अंतर्राष्ट्रीय योग दिवस की बहुत-बहुत शुभकामनाएं देता हूँ।

साथियों,

आज योग दिवस पर मैं खासकर के पूरे बंगाल में, कोलकाता में, यहां बने स्वच्छता के योग के लिए भी कोलकाता वासियों की सराहना करूंगा। ये अद्भुत पहल है- स्वच्छता से स्वागत पहल के लिए जिस तरह यहां लगातार श्रम किया गया है, नागरिक कर्तव्य निभाया गया है, वो सभी देशवासियों के लिए आज एक बहुत बड़ी प्रेरणा बन गया है।

साथियों,

योग दिवस के अवसर पर आज बंगाल में होना बहुत ही विशेष है। बंगाल की ये पवित्र भूमि, जहां भगवान रामकृष्ण परमहंस जैसे सिद्ध संतों ने अवतार लिया, जहां से निकलकर स्वामी विवेकानंद ने पूरे विश्व को योग से परिचय कराया, जहां महर्षि अरविंद जैसे महान योगी ने जन्म लिया, लाहिड़ी महाशय जैसे महान योगियों ने जहां योग परंपरा को नई ऊंचाइयों तक पहुंचाया, आज उसी धरती पर सामूहिक योग का अनुभव, एक अलग आध्यात्मिक अनुभूति दे रहा है। इसी बंगाल की धरती पर जन्मे गुरुदेव रवीन्द्रनाथ ठाकुर का मानना था कि मनुष्य की पहचान अलग-अलग रहने में नहीं, बल्कि अपने आसपास की दुनिया से जुड़ने में है। यही जुड़ाव योग का मूल भाव है। महर्षि अरविंद भी कहते थे- हमारा पूरा जीवन योग है, चाहे हमें इसका बोध हो या ना हो। योग जब स्वभाव में आता है तो वो मानवीय एकता का आधार बन जाता है।

साथियों,

योग केवल शारीरिक श्रम का साधन नहीं है। योग किसी एक आयु वर्ग के लिए सीमित भी नहीं है। भारत में हम जानते हैं और देखते आए हैं, योग मानव के जीवन का चेतना के साथ, ऊर्जा के साथ एक प्रकाश भी है। इसीलिए, इस वर्ष अंतर्राष्ट्रीय योग दिवस की थीम रखी गई है- Yoga for Healthy Ageing है। उम्र बढ़ने पर भी हम स्वस्थ रह सकते हैं, हम ऊर्जावान और सक्रिय रह सकते हैं, योग हमें इसके लिए मार्ग दिखाता है। Friends, When we speak of "Yoga for Healthy Aging," It means that we can work to ensure that age does not reduce human potential. Yoga can help human life to aspire for constant growth. Our target must be to be more flexible at 40 than we were at 20. Our target must be to be more energetic at 50 than we were at 30. Our target must be to be more resistant to lifestyle diseases at 70 than we were at 50. This is where Yoga can help us. It helps us tune our bodies to be flexible. It keeps our energy levels high, it also helps us maintain a calm stress-free life and helps keep lifestyle diseases away. Moreover, with regular practice, Yoga teaches us to remain lifelong learners of our own bodies and minds. The more we know about ourselves, the better we can manage ourselves. That is why, Yoga for Healthy Aging. This theme must be seen as one for people of all ages, not just for the elderly.

साथियों,

गीता में भगवान कृष्ण ने योग के विषय में कहा है-

युक्त आहार विहारस्य, युक्त चेष्टस्य कर्मसु।

युक्त स्वप्न अव-बोधस्य, योगो भवति दुःखहा॥

अर्थात्, संतुलित आहार विहार से, संतुलित क्रियाओं और कर्मों से संतुलित नींद और जागने से, योग दुःखों का नाश करने वाला हो जाता है। ये संतुलन ही योग का आधार है। यही संतुलन हमारे जीवन का आधार भी है। लेकिन ज्यादातर लोग आज इस आधुनिक समय में जीवन के असंतुलन से ही जूझ रहे हैं, बहुत मशक्कत करनी पड़ रही है उनको, योग हमें जीवन को balanced way में जीने की कला सिखाता है। योग हमें do’s और don’ts सिखाता है। और जब हम हमारे शरीर को सही ढंग से चलाना सीख लेते हैं, तो स्वास्थ्य हमारा स्वभाव बन जाता है।

साथियों,

योग केवल हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता, योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है। इसीलिए, योग के विषय में “युक्त चेष्टस्य कर्मसु” कहा गया है। यानी, हमें क्या करना चाहिए, क्या नहीं करना चाहिए, इसका बोध! ये बोध हमारे जीवन में शांति का स्रोत तो बनता ही है, इससे विश्व शांति का मार्ग भी खुलता है। इसीलिए, योग आज केवल हमारी पर्सनल लाइफ़-स्टाइल के लिए जरूरी नहीं है इतना ही नहीं है, योग दुनिया के बेहतर भविष्य के लिए एक आवश्यकता भी है।

साथियों,

अंतर्राष्ट्रीय योग दिवस के अवसर पर करोड़ों लोग योग से जुड़ते हैं। लेकिन आज का ये दिन हमें अपने साझा संकल्प को फिर दोहराने का अवसर देता है। आइए, हम संकल्प लें, योग को केवल एक दिवस तक सीमित नहीं रखेंगे, योग को केवल एक कार्यक्रम तक सीमित नहीं रखेंगे। हम योग को अपने जीवन का हिस्सा बनाएंगे। अपने परिवार का हिस्सा बनाएंगे। अपनी आने वाली पीढ़ियों का हिस्सा बनाएंगे।

साथियों,

इसी दिशा में, इस वर्ष "योग 365" की पहल को भी आगे बढ़ाया गया है। इसके तहत 100 दिन के ऑनलाइन योग कार्यक्रम का आयोजन किया गया, जिसमें अभूतपूर्व जनभागीदारी देखी गई है। 130 देशों के 30 लाख से अधिक लोगों ने इसमें भाग लिया है।

साथियों,

जब समाज स्वस्थ होगा, तब राष्ट्र भी अधिक सक्षम, अधिक समृद्ध और आत्मविश्वासी बनेगा। मैं आप सबके लिए कामना करता हूं, "सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।" इसी के साथ आप सभी को एक बार फिर अंतर्राष्ट्रीय योग दिवस की बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद!