Our pledge to make lives of Indians simple and comfortable has become stronger in last 3 years: PM Modi
We are bound to build a system for future generations, where life will be based on 5 Es: Ease of Living, Education, Employment, Economy and Entertainment: PM
By 2022 we want to ensure that everyone has a house of their own: PM Modi
PM Modi takes a jibe at Congress president's 'chowkidar-bhagidar remark, says “I am proud to be a 'bhagidar' of the pain suffered by the poor”
Through Smart city mission, we want to prepare our cities to deal with the new challenges of new India: PM Modi
Previous governments in Uttar Pradesh prioritised own bungalows over homes for poor: PM Modi

দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা মোৰ প্রিয় ভাই-ভনীসকল,

মই উত্তৰ প্ৰদেশৰ পৰা নির্বাচিত সাংসদ, সেইবাবে সৰ্বপ্ৰথমে উত্তৰপ্ৰদেশৰ জনপ্রতিনিধি হিচাপে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। আপোনালোক দেশৰ বিভিন্ন প্রান্তৰ পৰা আহিছে। মই নিশ্চিত যে আপোনালোকে এই ঐতিহাসিক নগৰী লক্ষ্ণৌৰ আতিথ্য উপভোগ কৰিছে। বন্ধুসকল, আপোনালোক সকলোৱে এই পৰিৱর্তনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, উন্নয়নৰ সপোন বাস্তৱত ৰূপায়ণকাৰী ব্যক্তি। কোনোবাজন মেয়ৰ, কোনোবাজন আয়ুক্ত, আকৌ কোনোবাজন চিইঅ’; আপোনালোক দেশৰ সেই চহৰসমূহৰ প্রতিনিধি, যিবো নতুন শতিকা, নতুন ভাৰত আৰু নতুন প্রজন্মৰ আশা-আকাংক্ষাৰ প্রতীক। বিগত তিনি বছৰ ধৰি আপোনালোক আমাৰ সৈতে কান্ধে কান্ধ মিলাই কোটি কোটি লোকৰ সপোনক বাস্তবায়িত কৰিছে।

কিছুসময়ৰ আগতে ইয়াত প্ৰদৰ্শিত এক প্রদর্শনী চোৱাৰ মোৰ সৌভাগ্য হয়। ইয়াত সমগ্ৰ দেশ চলি থকা প্রকল্পসমূহৰ সম্পর্কে বিস্তৃত তথ্য প্রদান কৰা হৈছে। স্মার্ট চিটী মিচনৰ জৰিয়তে উন্নতমানৰ কামত সফল কেইবাখনো চহৰক পুৰস্কৃত কৰা হৈছে। তদুপৰি, একাংশ ভাই-ভনী আৰু ছোৱালীক তেওঁলোকৰ নিজা ঘৰৰ চাবি অৰ্পণ কৰা হৈছে। সেই চাবি হাতত লৈ তেওঁলোকৰ মুখত যি আনন্দ আমি দেখিবলৈ পাইছো, উজ্জ্বল ভৱিষ্যতৰ বাবে আত্মবিশ্বাস তেওঁলোকৰ চকুত দেখিছো, সেয়া আমাৰ সকলোৰে বাবে প্রেৰণাৰ বিষয়।

এই মঞ্চত আহি এনেধৰণ বহু হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰাৰৰ সুযোগ পাইছো। দেশৰ দৰিদ্ৰ, গৃহহীন ভাই-ভনীসকলৰ জীৱন সলনি কৰাৰ এই সুযোগ আৰু পৰিৱর্তনক প্রত্যক্ষ কৰা, প্রকৃতার্থত মোৰ জীৱনত আটাইতকৈ সন্তোষ প্রদানকাৰী অভিজ্ঞতা। যিসমূহ চহৰে পাইছে, সেই চহৰসমূহৰ প্রত্যেকগৰাকী নাগৰিকে আৰু যিসকলে নিজৰ ঘৰ পাইছে, তেওঁলোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো।

আপোনালোক হয়তো লক্ষ্য কৰিছে, যেতিয়া মই পুৰস্কাৰ দিছিলো, এজন এজন কৰি সকলো আহিছিল, তেওঁলোকৰ মাজত কেৱল দুগৰাকী মেয়ৰ পুৰুষৰ বিপৰীতে বাকীসকল মহিলা আছিল। আমাৰ ভনীসকলে যি আন্তৰিকতাৰে এই কাম সম্পন্ন কৰিছে, তেওঁলোকৰ বাবে সকলোৱে হাততালি দিয়ক।

বন্ধুসকল, চহৰৰ দুখীয়া, গৃহহীনসকলৰ পকা ঘৰ বনাই দিয়া অভিযানৰ পৰা আৰম্ভ কৰি ১০০খন স্মার্ট চিটী নির্মাণৰ কাম, ৫০০খন আমৰুট নগৰ; কোটি কোটি দেশবাসীৰ জীৱনক সৰল, সুগম আৰু নিৰাপদ কৰি তোলাৰ আমাৰ সম্পর্ক বিগত তিনি বছৰত আৰু অধিক শক্তিশালী হৈছে। আজিও ইয়াত উত্তৰপ্ৰদেশৰ চহৰসমূহক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বহু প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। মোক জনোৱা মতে স্মাৰ্ট চিটী অভিযানৰ জৰিয়তে সমগ্ৰ দেশত প্রায় ৭ হাজাৰ কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষ প্রকল্পৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। তদুপৰি, ৫২ হাজাৰ কোটি টকাকৈও অধিক প্রকল্পৰ কাম বৰ্তমান দ্ৰুগতিত আগবাঢ়ি আছে। এই প্রকল্পৰ লক্ষ্য হ’ল চহৰত বসবাস কৰা দুখীয়া, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকক উন্নত মানৰ নাগৰিক হিচাপে সেৱা প্রদান কৰা। স্মাৰ্ট চিটীত এই সেৱাসমূহ প্রদানৰ বাবে ইণ্টিগ্রেটেড কমাণ্ড চেণ্টাৰ গঢ়ি তোলা হৈছে, যি আত্মাৰ দৰে সমগ্ৰ চহৰৰ ব্যৱস্থাসমূহ সঞ্চালন কৰিব, চহৰৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিব।

বন্ধুসকল, এই মিচনৰ জৰিয়তে নির্বাচিত ১০০খন চহৰৰ মাজত ১১খনত ইণ্টিগ্রেটেড কমাণ্ড এণ্ড কন্ট্রল চেন্টাৰসমূহে ইতিমধ্যে কাম আৰম্ভ কৰিছে। অহা কেইটামান মাহৰ ভিতৰতে আৰু ৫০খন চহৰত এই কাম সম্পন্ন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। এই প্রচেষ্টাৰ ফলস্বৰূপে গুজৰাটৰ ৰাজকোটত কিছু পৰিমাণে পৰিৱেশ সলনি হৈছে। বিগত ছমাহত অপৰাধৰ হাৰ বহু পৰিমাণে হ্ৰাস পাইছে। চিচিটিভিৰ তদাৰকত আৱৰ্জনা পেলোৱা আৰু ৰাজহুৱা স্থানত আৱর্জনা পেলোৱাৰ দৰে কিছু প্রবৃত্তি কমিছে।

ভূপালত বৰ্তমান কৰ সংগ্রহ বৃদ্ধি পাইছে, আমেদাবাদত বিআৰডিএছ কৰিড’ৰত বিনামূলীয়া ৱাইফাই বাছ আৰম্ভ হোৱাৰ ফলত বাছৰ যাত্রীৰ সংখ্যা বৃদ্ধি পাইছে। বিশাখাপট্টনমত চিচিটিভি আৰু জিপিএছৰ জৰিয়তে বাছসমূহ অনলাইনৰ জৰিয়তে ট্ৰেক কৰা হৈছে। পুনেত প্রায় ১২৫টা স্থানত জৰুৰীকালীন কলিং বেল লগোৱা হৈছে, য’ত এটি বুটাম টিপিলেই সমীপৱর্তী আৰক্ষী থানাত জনাব পাৰিব। এইধৰণে বিভিন্ন চহৰত নতুন নতুন ব্যৱস্থাৰ কাম সফলতাৰে সম্পন্ন কৰা হৈছে। কিছুদিনৰ ভিতৰতে উত্তৰপ্ৰদেশৰ আগ্রা, কানপুৰ, এলাহাবাদ, আলিগড়, বাৰানসী, ঝান্সি, বেৰেলি, ছাহৰানপুৰ, মুৰাৰাবাদ আৰু আমাৰ লক্ষ্ণৌতো এই ধৰণৰ বহুত সেৱা আৰম্ভ হ’ব আৰু আপোনালোকো উপকৃত হ’ব।

ভাই-ভনীসকল, আমাৰ এই ‘ভাৰতৰ পৰিৱৰ্তনশীল নগৰৰ দৃশ্যপট অভিযান’ৰ সৈতে লক্ষ্ণৌৰ ঘনিষ্ঠ সম্পর্ক আছে। লক্ষ্ণৌ দেশৰ নাগৰিকসকলৰ জীৱনক নতুন পথ প্ৰদৰ্শন কৰা মহাপুৰুষ শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ীৰ কর্মভূমি আছিল। এক দীর্ঘ সময়ধৰি তেওঁৰ নির্বাচনী কেন্দ্র আছিল। এতিয়া অটলজিৰ স্বাস্থ্য ভাল নহয়, সমগ্ৰ দেশে তেওঁৰ দ্রুত আৰোগ্য কামনা কৰিছে। কিন্তু তেওঁ যি প্ৰচেষ্টা হাতত লৈছিল, তাক এক নতুন উচ্চতা প্রদানৰ বাবে আমাৰ চৰকাৰ আৰু কোটি কোটি ভাৰতীয়ই তীব্রগতিত তেওঁৰ সৈতে যুক্ত হৈ ওলাই আহিছে।

বন্ধুসকল, শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ী লক্ষ্ণৌক দেশৰ নগৰ উন্নয়নৰ প্রয়োগশালা হিচাপে গঢ়ি তুলিছিল। আজি আপোনালোকে লক্ষ্ণৌত যি উড়ালপুল, জৈৱ প্ৰযুক্তি উদ্যান আৰু বৈজ্ঞানিক সন্মিলন কেন্দ্ৰ দেখিছে, লক্ষ্ণৌৰ চাৰিওফালে প্রায় ১ হাজাৰখন গাঁৱক লক্ষ্ণৌৰ সৈতে যুক্ত কৰা পথ দেখিছে, এই সকলো কাম লক্ষ্ণৌৰ সাংসদ হিচাপে তেওঁৰ দূৰদৃষ্টিৰ ফল। আজি দেশৰ ১২খন চহৰত মেট্রো ৰে’ল চলfছে অথবা আৰম্ভ হ’বলৈ গৈ আছে, লক্ষ্ণৌতো মেট্রো ৰে’ল সম্প্রসাৰণৰ কাম আৰম্ভ হৈছে। নাগৰিক পৰিবহণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন অনা এই প্রকল্পৰ বাস্তবায়িত হোৱা তেওঁ দিল্লীৰ পৰা আৰম্ভ কৰিছিল। সেই দিল্লী মেট্রোৰ সাফল্যই আজি সমগ্ৰ দেশত নাগৰিক পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্রত পথপ্রদর্শকৰ কাম কৰিছে।

বন্ধুসকল, শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে পুৰণিক সংস্কাৰ নকৰিলে নতুনৰ সংস্কাৰ অসম্ভৱ। এইকথা তেওঁ পুৰণি আৰু নতুন লক্ষ্ণৌৰ পৰিপ্রেক্ষিতত কৈছিল। সেইবাবে আমি আমৰুট আঁচনিৰ দ্বাৰা তেওঁৰ সপোন বাস্তৱ কৰা প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছো। আমৰুট মানে ‘অটল মিচন ফৰ ৰিজুভিনেচন এণ্ড আৰবান ট্রেন্সফৰমেচন’–স্মাৰ্ট চিটী মিচনৰ ক্ষেত্ৰত এয়াই আমাৰ প্রেৰণা।

এই ভাৱনা লৈ বহুকেইখন চহৰত কেইবা দশক পুৰণি ব্যৱস্থাক সংস্কাৰ কৰা হৈছে। অনাময়, পানীয় জল, ষ্ট্ৰীট লাইট, পুখুৰী, পার্কসমূহৰ সৌন্দর্য বৰ্ধনত গুৰুত্ব দিয়া হৈছে।

বন্ধুসকল, চহৰৰ বস্তিসমূহত বসবাস কৰা দুখীয়া, গৃহহীন ভাই-ভনীসকলক নিজাকৈ ঘৰ প্রদানৰ এই প্রকল্পও শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ীয়ে আৰম্ভ কৰিছিল। কেৱল লক্ষ্ণৌত এই প্রকল্পৰ জৰিয়তে তেতিয়া প্রায় ১০ হাজাৰ ভাই-ভনীক নিজাকৈ একোটি পকা ঘৰ লাভ কৰিছিল। বৰ্তমানৰ প্রকল্পসমূহৰ মূল ভাৱনা একেই, কিন্তু আমি এইবোৰ নির্মাণৰ গতি, পৰিমাণ আৰু জীৱনযাত্রাৰ মানদণ্ডক আন এক স্তৰলৈ নিয়াৰ চেষ্টা চলাইছো। চৰকাৰে ২০২২ চনৰ ভিতৰত প্রত্যেক গৃহহীনক গৃহ প্রদানৰ প্ৰচেষ্টা হাতত লৈছে, যাতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তিৰ সময়ত ভাৰতত কোনো গৃহহীন পৰিয়াল নাথাকে।

এই লক্ষ্য আগত ৰাখি বিগত তিনি বছৰত চহৰাঞ্চলত ৫৪ লাখ গৃহনির্মাণৰ আবেদন মঞ্জুৰ কৰা হৈছে। কেৱল চহৰতে নহয়, গাওঁসমূহতো ইতিমধ্যে ১ কোটিত কৈ অধিক পকা ঘৰ নির্মাণ কৰি জনসাধাৰণৰ হাতত চাবি তুলি দিয়া হৈছে। সেই ঘৰসমূহত শৌচালয়, সৌভাগ্য যোজনাৰ জৰিয়তে বিদ্যুৎ, উজ্জ্বালা যোজনাৰ জৰিয়তে এলইডি বাল্ব প্রদান কৰা হৈছে আৰু এইবোৰৰ বাবে চৰকাৰে গৃহ ঋণৰ সুদৰ হাৰ হ্রাস কৰিছে। পূৰ্বৰ তুলনাত এতিয়া নির্মীয়মান গৃহৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

বন্ধুসকল,

এই যে ঘৰৰ চাবি তুলি দিয়া হ’ল, সেয়া কেৱল গৃহহীনকে গৃহ প্রদান নহয়, ই মহিলাসকলৰ সবলীকৰণৰো জলন্ত উদাহৰণ। প্রধানমন্ত্রী আৱাস যোজনাৰ জৰিয়তে যি গৃহ নির্মাণ কৰা হৈছে, সেইবোৰ মাতৃ-ভগ্নীসকলৰ নামত হস্তান্তৰ কৰা হৈছে। এই প্রকল্পৰ জৰিয়তে মহিলাসকলৰ নামত বা তেওঁলোকৰ অংশীদাৰিত্বত প্রায় ৮৭ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে। অন্যথা আমাৰ সামাজিক ব্যৱস্থা কেনে আছিল, যিকোনো পৰিয়াললৈ যাওক, ঠাই, ভূমি আৰু ঘৰ পিতা, স্বামী অথবা ল’ৰাৰ নামত থাকে, কিন্তু কন্যাসকলৰ নামত একো নাথাকে।

আমি পৰিস্থিতি সলনি কৰিছো। এই প্রকল্পৰ জৰিয়তে যিসকলে ঘৰ পাইছে, তাত আহি কোনোবাজনে আৰু প্ৰশ্ন নকৰে যে অমুক ঘৰৰ মালিক কোন? প্ৰশ্ন কৰিব লাগিব গৃহিনী কোন? সমাজৰ চিন্তা-ভাৱনাত আমি এই পৰিৱর্তন আনিব পাৰিছো।

মই যোগী আদিত্যনাথ আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰক ধন্যবাদ জনাও যে তেওঁলোকে দুখীয়া লোকসকলৰ জীৱনযাত্রাৰ মানদণ্ড উন্নত কৰাৰ বাবে এই প্রকল্পৰ বাস্তবায়িত কৰাৰ কাম তীব্রগতিৰে আগুৱাই নিবলৈ সক্ষম হৈছে। পূর্বৰ ৰাজ্য চৰকাৰ সৈতেও কাম কৰাৰ অভিজ্ঞতা মোৰ আছে। ২০১৪ চনৰ পাছৰ পৰা যোগী আদিত্যনাথে দায়িত্ব লোৱাৰ আগলৈকে যিকোনো প্রকল্প ৰূপায়ণৰ বাবে মই বহু ক’বলগীয়া হৈছিল। ৰাজ্য চৰকাৰক বাৰম্বাৰ চিঠি লিখিছিলো, মুখামুখি হ’লে অনুৰোধ জনাইছিলো–কিবা কৰক, আমি পইচা দিবলৈ সাজু। কিন্তু তেওঁলোকে একেই নিজৰ লেহেমীয়া কর্মপদ্ধতি এৰি আহিব নুখুজিলে। তেওঁলোকৰ কেৱল ৱান পইন্ট প্রগ্রেম আছিল, নিজৰ ঘৰ সজোৱা। তাৰ পৰা সময় উলিয়াব নোৱাৰাৰ বাবে দুখীয়া লোকসকলৰ ঘৰ নহৈছিল।

উত্তৰপ্ৰদেশৰ মোৰ ভাই-ভনীসকল, আপোনালোক হয়তো শুনিছে, সম্প্রতি মোৰ বিৰুদ্ধে অভিযোগ আনিছে যে মই চকিদাৰ নহয়, অংশীদাৰহে। মই এই অভিযোগক পুৰস্কাৰ বুলি ধৰি আৰু গর্ব কৰো যে মই দেশৰ দুখীয়া লোকসকলৰ অংশীদাৰ, দুখৰ অংশীদাৰ, শ্রমজীৱি শ্ৰমিকসকলৰ অংশীদাৰ, প্রত্যেকগৰাকী শোকাকূল মাতৃৰ যন্ত্রণাৰ অংশীদাৰ। যিসকলে কাঠ-কয়লা পুৰি অথবা গোৱৰ শুকুৱাই চৌকাৰ জুই জ্বলাই ধোঁৱাত নিজৰ চকু ৰঙা কৰি ৰন্ধা-বঢ়া কৰিছিল, মই সেই মাতৃসকলৰ চৌকা সলনি কৰাৰ চেষ্টা কৰিছো।

মই খৰাং অথবা বানপানীত কৃষকৰ ফচল নষ্ট হ’লে তেওঁলোকৰ যন্ত্রণা বা হতাশাৰ অংশীদাৰ। মই সেই কৃষকক নিৰাপত্তা প্রদানৰ অংশীদাৰ।

যিসকল সাহসী সৈনিকে ছিয়াছেন অথবা কার্গিল সীমান্তত হাড় কঁপোৱা ঠাণ্ডাত অতন্দ্র প্রহৰী হৈ আছে অথবা জয়ছালমেৰ বা কচ্ছৰ তীব্র গৰমত আমাৰ মৰু প্ৰদেশৰ সীমান্তত পহৰা দিছে, প্রচুৰ প্রতিকূল অৱস্থাত তেওঁলোকে যি কোনো মুহূর্ততে শত্রুৰে মোকাবিলা কৰিবলৈ আৰু আত্মবলিদানত পিছলে খোজ দিয়া নাই– মই তেওঁলোকৰ অংশীদাৰ।

দেশৰ প্রত্যেকটো দুখীয়া পৰিয়ালৰ কোনোবাজন অসুস্থ হ’লে চিকিৎসাৰ বাবে ভূমি বিক্রী কৰি দিবলগীয়া হয়, মই তেওঁলোকৰ কাষত থিয় হৈ কষ্ট লাঘৱ কৰিব বিচাৰো–মই তেওঁলোকৰ অংশীদাৰ।

মই গৃহহীন সকলৰ বাবে গৃহ প্ৰদানৰ ব্যৱস্থা কৰিছো, য’ত ঘৰৰ ভিতৰতে শৌচালয়, স্বচ্ছ খোৱাপানী, বিদ্যুৎ সংযোগৰ ব্যৱস্থা থাকিব। অসুস্থ হ’লে কম দামতে ঔষধ আৰু চিকিৎসা পোৱাৰ লগতে শিশুসকলৰ শিক্ষা প্রদানৰ অংশীদাৰ।

মই অংশীদাৰ সেই প্রচেষ্টাৰ, যাৰ জৰিয়তে দেশৰ যুৱ সমাজৰ দক্ষতা বিকাশ আৰু কর্মসংস্থাপন হয়, স্ব-নির্ভৰশীলতাৰ জৰিয়তে তেওঁলোকেও আনক সংস্থাপন দিব পাৰে। আমাৰ হাৱাই চপ্পল পিন্ধা সাধাৰণ নাগৰিকেও বিমানযোগে ভ্ৰমণ কৰিব পাৰিব।

মই গৌৰৱ কৰো যে মইও এক দুখীয়া মাতৃৰ সন্তান, দৰিদ্ৰতাই মোক সততা আৰু সাহস যোগাইছে। দাৰিদ্ৰতাৰ পৰা মোক উদ্ধাৰ হ’বলৈতে শিকাইছে। দৰিদ্ৰতাৰ দুৰ্ভোগ সহ্য কৰিছো বুলিয়েই দুখীয়া লোকসলকৰ দুঃখ-যন্ত্রণা বুজিব পাৰিছো। এক প্রবাদ আছে ‘জিছকে পাও না ফটি বিৱাই, সো কেয়া জানে পীৰ পৰাই’ অর্থাৎ যিসকলৰ ভৰি নাফাটে, সি আনৰ যন্ত্রণা কি দৰে বুজি পাব। ভুক্তভোগীয়েহে যন্ত্রণাক অনুভৱ কৰিব পাৰে আৰু তেওঁৰ মাটিৰ সৈতে জড়িত সমাধান বিচাৰি উলিয়াব পাৰে।

ইয়াৰ পূৰ্বে আৰোপ লগোৱা হৈছিল যে এও চাওৱালা হৈ দেশৰ প্রধান সেৱক কিদৰে হ’ব পাৰিলে! কিন্তু এই সিদ্ধান্ততো দেশৰ ১২৫ কোটি জনগণে লৈছে। অংশীদাৰিত্বক যিসকলে অপমান কৰিব বিচাৰে, আমাৰ আজিৰ সমস্যাসমূহৰ জৰিয়তে সেই ভাৱনাৰ প্রতিফলন, সেই ভাৱনাৰ গোন্ধ ভাঁহি আহে।

স্মাৰ্ট চিটীৰ বাবে মোৰ চিন্তাত প্রেৰণা যোগাইছিল আৰ বাস্তবায়িত কৰাৰ বাবে সামর্থ্য আছিল। প্রত্নতাত্ত্বিক খননৰ জৰিয়তে জাগ্ৰত পুৰণি চহৰসমূহে প্রমাণ কৰে যে কিদৰে আমাৰ পূর্বপূৰুষসকলে চহৰ নির্মাণ কৰিছিল। হাজাৰ হাজাৰ বছৰ আগতে তেতিয়াৰ দৰে স্মাৰ্ট চিটীৰ ৰূপকাৰ আছিল তেওঁলোক। আজি ৰাজনীতিৰ ইচ্ছাশক্তিৰ অভাৱ আৰ অদূৰদর্শিতাই দেশৰ বহুত ক্ষতি কৰিছে। 

স্বাধীনতাৰ পাছত নতুনকৈ ৰাষ্ট্র নিৰ্মাণৰ দায়িত্ব দেশৰ জনগণে যিসকলৰ ওপৰত ন্যস্ত কৰিছিল, বৰ্তমানৰ দৰে জনসংখ্যাৰ চাপ নথকা সত্ত্বেও ভৱিষ্যতৰ প্রয়োজন অনুসৰি চহৰৰ নক্সা প্ৰস্তুত কৰাৰ সু্যোগ তেওঁলোকৰ আছিল। তেওঁলোকে যদি পৰিকল্পনামাফিক কাম কৰাহ’লে আজি নগৰ সম্প্রসাৰণৰ ক্ষেত্ৰত ইমান সমস্যা নহ’লহেতেন। যেনেকৈ মন যায়, তেনেকৈয়ে পৰিকল্পনাবিহীনভাৱে চহৰ গঢ়ি উঠাৰ ফলত সমগ্ৰ দেশত কংক্রিটৰ জংঘল গঢ়ি উঠিছে। আজি ভাৰতৰ প্রতিখন চহৰে তাৰ ফল ভুগিছে।

বন্ধুসকল, সকলো প্রজন্মই অপৰিকল্পিত ব্যৱস্থাবোৰৰ বিৰুদ্ধে যুঁজ দিছে। ক’ৰবাততো ২-৩ প্রজন্ম এই তিক্ত অভিজ্ঞতাৰ বোজা কান্ধত লৈ আগুৱাই গৈছে। আজি যেতিয়া দেশ ৭.৫ শতাংশ বিকাশৰ হাৰ লৈ আগুৱাই গৈছে, তেতিয়া দেশৰ আভ্যন্তৰীণ গড় উৎপাদনৰ ৬৫ শতাংশতকৈও হৈছে।

চহৰৰ পথসমূহত ওলমি থকা বিদ্যুতৰ তাঁৰৰ বিশৃংখল অৱস্থা, পুঁতি গন্ধময় অনাময় ব্যৱস্থা, দীর্ঘ যানজঁট–এই সকলো সমস্যাই একবিংশ শতিকাৰ ভাৰতক বুজাব পৰা নাযায়। এই কথা ভাবিয়েই তিনি বছৰৰ আগতে এই অভিযানৰ সূচনা কৰা হৈছিল। দেশৰ ১০০খন চহৰক বাছি লৈ ঠিক কৰা হৈছিল যে ২ লাখ কোটিতকৈও অধিক টকা বিনিয়োগৰ জৰিয়তে এইবোৰৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰা হ’ব। শৰীৰ নতুন হ’ব, কিন্তু আত্মা একেই থাকিব। সংস্কৃতিক তুলি ধৰা হ’ব–কিন্তু জীৱনযাত্রা স্মার্ট হ’ব। আমি এনেকৈয়ে গতিশীল চহৰ উন্নয়নৰ পথত দ্রুতগতিত আগুৱাই গৈছো।

বন্ধুসকল, আমাৰ চৰকাৰৰ বাবে স্মাৰ্ট চিটী কেৱল এক প্রকল্প নহয়, ই আমাৰ বাবে এক অভিযান। দেশক পৰিৱৰ্তন কৰা অভিযান। এই অভিযানে আমাৰ চহৰসমূহক নতুন ভাৰতৰ নতুন নতুন সমস্যাৰ সমাধান কৰিবলৈ প্রস্তুত কৰিব। একবিংশ শতিকাৰ ভাৰতত বিশ্বমানৰ উন্নত নগৰোন্নয়ন কেন্দ্র গড়ি তোলা হ’ব। এই দেশৰ নবীন প্রজন্মই আকাংক্ষা পূৰণৰ দায়িত্ব পালন কৰিব, ভৱিষ্যতৰ ব্যৱস্থাসমূহ গঢ়ি তুলিব। য’ত জীৱন ৫টা ‘E’ ভিত্তিক হ’ব। সেইবোৰ হ’ল– Ease of living, Education, Employment, Economy and Entertainment.

যেতিয়াই মই আপোনালোকৰ দৰে কর্মবীৰ লোকৰ সৈতে মিলিত হওঁ, আপোনালোকৰ দৰে মেয়ৰ, পৌৰ নিগমৰ আয়ুক্ত অথবা চিইঅ’ৰ সৈতে কথা পাতো, তেতিয়া এক নতুন আশাৰ কিৰণ দেখিবলৈ পাও। স্মাৰ্ট চিটী অভিযানৰ এই প্রক্রিয়াৰ আন্তঃগাঁথনি জন অংশীদাৰিত্ব, জন আকাংক্ষা আৰু জনদায়িত্ব–এই তিনিটা ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। নিজৰ চহৰত এই ধৰণৰ প্রকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত সেই চহৰৰ নাগৰিকে গ্ৰহণ কৰিছে। তেওঁলোকৰ ভাৱনাৰ ৰূপায়ণত চহৰসমূহক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ আধাৰ নির্মিত হৈছে। আৰু আজি দ্রুতগতিত সেই কাম আগুৱাই নিয়া হৈছে।

মই অতিশয় আনন্দিত যে কেৱল নতুন ব্যৱস্থা গঢ়ি তোলা নহয়, বিকল্প অর্থ ব্যৱস্থাৰ সন্ধান কৰা হৈছে। পুনে, হায়দৰাবাদ আৰু ইন্দোৰ মিউনিচিপাল বণ্ড বিক্রীৰ জৰিয়তে প্রায় ৫৫০ কোটি টকা সংগ্ৰহ কৰা হৈছে। এতিয়া লক্ষ্ণৌ আৰু গাজিয়াবাদতো এই প্রক্রিয়া আৰম্ভ হোৱাৰ দিশে ধাৱিত হৈছে। এই মিউনিচিপাল বণ্ড উন্নয়নকার্যই চৰকাৰৰ ওপৰত নির্ভৰতা হ্রাস কৰিব। মই অন্যান্য চহৰসমূহকো এই ধৰণৰ প্ৰচেষ্টা লৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো।

বন্ধুসকল, চহৰসমূহ স্মার্ট কৰা, পদ্ধতিসমূহক প্রযুক্তিৰ সৈতে যুক্ত কৰা, জীৱনযাত্রাৰ মান সহজ কৰা হৈছে। আজি আপোনালোকে অনুভৱ কৰিব পাৰিছে যে কিদৰে সকলো সেৱা অনলাইন হোৱাৰ ফলত সাধাৰণ লোকে আৰু দীঘলীয়া শাৰী পাতি থিয় হৈ থাকিবলীয়া হোৱা নাই। এই দীঘলীয়া শাৰীয়েই দুর্নীতিৰ কাৰণ আছিল। আজি আপোনালোকে যিকোনো বিলৰ টকা জমা কৰিবলৈ কোনো সেৱা যেনে–প্ৰশংসাপত্র, ছাত্রবৃত্তি, পেন্সন, ভৱিষ্যনিধি পুঁজি ইত্যাদিৰ বাবে আবেদন অনলাইনতেই কৰিব পাৰিছে। শাসন ব্যৱস্থা স্মার্ট হোৱাৰ ফলত স্বচ্ছতাও সুনিশ্চিত হৈছে আৰু ইয়াৰ ফলত দুর্নীতিও হ্রাস পাইছে।

বন্ধুসকল, স্মার্ট, নিৰাপদ, সুদূৰপ্রসাৰী আৰু স্বচ্ছ ব্যৱস্থাসমূহে দেশৰ কোটি কোটি লোকৰ জীৱনত পৰিৱর্তন আনিছে, ইয়াত উচ্চ-নীচ্চ, ধর্ম-সম্প্রদায়, সৰু-ডাঙৰ কোনো ব্যৱধান নাই। ইয়াৰ আধাৰ হ’ল উন্নয়ন, উন্নয়ন আৰু উন্নয়ন। কোনো বিভেদ নাই, ভেদভাবো নাই। বৰ্তমান জনঅংশীদাৰিত্ব, ৰাজ্যসমূহৰ অংশীদাৰিত্ব, স্থানীয় প্রশাসনৰ অংশীদাৰিত্ব এই সকলোবোৰ সম্ভৱ। ‘সবকা সাথ, সবকা বিকাশ’ আৰু ‘টীম ইণ্ডিয়া’ৰ ভাৱনাই নতুন ভাৰতৰ সংকল্পক সিদ্ধ কৰিব।

মই আজি যেতিয়া যোগী আদিত্যনাথৰ সৈতে কথা পাতিছিলো, তেতিয়া তেওঁ মোক এটা ভাল খবৰ শুনালে। চাওক, দেশৰ লোকসকলে ভৰসা কৰিলে, কিমান অদ্ভুত কাম কৰিব পৰা যায়। দুর্ভাগ্যজনকভাবে আগতে ভোট দিয়াৰ আগতে নেতাসকলৰ মনত পৰিছিল। আমি যদি সচাকৈয়ে নাগৰিকসকলৰ শক্তি আৰু সদ্ভাৱনাক প্ৰত্যক্ষ কৰো, তেতিয়াহ’লে কিমান ফল পোৱা যায়, যোগী আদিত্যনাথজীৰ বক্তব্য তাৰেই প্রমাণ। আপোনালোকে জানে যে মই এবাৰ ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা দেশৰ লোকসকলক ৰন্ধন গেছৰ ৰাজসাহায্য ত্যাগ কৰাৰ বাবে অনুৰোধ জনাইছিলো। এই দেশত ৰাজসাহায্য ৰাজনীতিক সকলৰ সৈতে যুক্ত থকাৰ ফলত আগতে কোনেও এইধৰণৰ আহ্বান জনোৱাৰ সাহস কৰা নাছিল। কিন্তু মই আহ্বান কৰাৰ পাছতে দেশৰ প্রায় ১.২৫ কোটি পৰিয়ালে স্বইচ্ছাৰে ৰন্ধন গেছৰ ৰাজসাহায্য ত্যাগ কৰিছিল।

লালকিল্লাৰ প্রাচীৰৰ পৰা জনোৱাৰ পৰিণাম দেখিবলৈ পাইছো। কিন্তু এইবাৰ এনে একো নহয়। ৰে’ল বিভাগে কেইমাহমানৰ আগতে তেওঁলোকৰ সংৰক্ষণ প্ৰ-পত্ৰত দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত যিসকল সক্ষম, তেওঁলোকৰ বাবে ৰে’ল যাত্রাৰ ৰাজসাহায্য ত্যাগৰ আহ্বান জনাইছিল কিন্তু ইয়াৰ বাবে তেওঁলোকে বিশেষ কোনো বিজ্ঞাপন দিয়া নাই, মই শুনি আচৰিত হৈছো যে দেশৰ ৪০ লাখতকৈও অধিক জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ ৰে’লযাত্রাৰ ক্ষেত্ৰত ৰাজসাহায্য ত্যাগ কৰিছে। এই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে দেশে গৌৰৱবোধ কৰা উচিত।

আজি মোক যোগী ডাঙৰীয়াই কৈছে যে উত্তৰপ্ৰদেশৰ গাওঁসমূহত যিসকলে চৰকাৰী আৱাস পাইছিলে, তেওঁলোকৰ ভিতৰত যিসকলৰ আর্থিক উন্নতি হৈছে, ল’ৰা-ছোৱালী চহৰত গৈ সংস্থাপন লাভ কৰি স্বচ্ছল হৈছে, তেনে লোকসকলে উত্তৰপ্রদেশ চৰকাৰ আবেদন জনাইছিল যে আপোনালোকে পুৰণি ঘৰ চৰকাৰক ঘুৰাই দিব, তেতিয়া সেয়া আমি কোনো দুখীয়া লোকক থাকিবলৈ দিম। আপোনালোকে শুনিলে আনন্দিত হ’ব যে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রীয়ে মোক কৈছে ল’ৰা-ছোৱালীৰ স্বচ্ছলতাৰ কাৰণে চহৰলৈ অহা এনেধৰণৰ ৪৬ হাজাৰ লোকে স্ব-ইচ্ছাৰে তেওঁলোকৰ আৱাস ঘুৰাই দিছে।

আমাৰ দেশত এনেকৈয়ে মানসিকতাৰ পৰিৱর্তন হৈছে, সকলো চোৰ নহয়, দেশৰ জনগণৰ ওপৰত ভৰসা ৰাখক, দেশ পৰিচালনাৰ বাবে আমাতকৈ অধিক শক্তি জনগণৰ আছে। পৰিৱর্তনৰ অনুকূলে এতিয়া এক সততাৰ পৰিৱেশ সৃষ্টি হৈছে। পূৰ্বৰ তুলনাত বহুত সংখ্যক লোকে কৰ প্রদানৰ বাবে আগুৱাই আহিছে। ভাল সেৱা পালে মানুহে কৰ কিয় নিদিয়াকে থাকিব? যেতিয়া মনত ভৰসা জাগে যে আমি দিয়া কৰৰ প্রতিটো পইচা সঠিক পথত খৰচ হয়, তেতিয়াই মানুহে দ্বিধাবোধ নকৰাকৈয়ে কৰ প্রদানৰ বাবে আগুৱাই আহিব।

আপোনালোক সকলোকে পুনৰবাৰ এই অভিযানৰ বাবে অভিনন্দন জনাইছো। মোৰ বিশ্বাস পৰৱৰ্তী সময়ত আৰু বহুত চহৰ আগবাঢ়ি আহিব। যিসকলে আগুনাই গৈছে, তেওঁলোকে পথ প্ৰদৰ্শন কৰিব। নতুন চহৰসমূহতো বহুত সম্ভাৱনা আছে। সঠিক নেতৃত্ব প্রদান কৰক, সংশ্লিষ্ট আয়ুক্ত, মেয়ৰ, চিইঅ’সকলে আপ্রাণ চেষ্টা কৰি নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰক। মই আপোনালোককো এনেকৈয়ে সন্মানীত কৰাৰ বাবে অপেক্ষা কৰি আছো, মোক সুযোগ দিয় মই ভাৰতৰ সকলো চহৰক আমন্ত্রণ জনাইছো, আপোনালোকে মোক সুযোগ দিয়ক, মই আপোনালোকক সন্মানীত কৰিব বিচাৰো। ভাল কাম কৰি আগুৱাই আহক।

মই পুনৰবাৰ সফল নেতৃত্ব প্রদানকাৰী মাননীয় মেয়ৰ, আয়ুক্ত আৰু চিইঅ’সকলক শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."