প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুৱাই ইউক্রেইনৰ ৰাষ্ট্রপতি শ্ৰীযুত ভ’ল’দিমিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰে৷
ৰাষ্ট্রপতি জেলেনস্কিয়ে ইউক্রেইনত বর্তমানৰ সংঘাতময় পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাবে প্রধানমন্ত্রীক অৱগত কৰে। সংঘাতৰ বাবে হোৱা প্রাণহানি আৰু সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে প্রধানমন্ত্রীয়ে অতি মর্মাহত বুলি সদৰি কৰে৷ তেওঁ পুনৰ সংঘাত পৰিহাৰ কৰি আলোচনাত বহাৰ আহ্বান জনায়৷ শান্তি প্রক্রিয়াত কোনোধৰণ সহায়ৰ প্রয়োজন হ’লে, তাৰ বাবে ভাৰত সাজু থকা বলি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিক সদৰি কৰে৷
ইউক্রেইনত বসবাস কৰা ভাৰতীয়সকল, বিশেষকৈ ছাত্র-ছাত্রীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্রধানমন্ত্রী উদ্বিগ্ন হৈ থকা বুলি ৰাষ্ট্ৰপতিক অৱগত কৰে৷ দেশখনৰ পৰা ভাৰতীয় নাগৰিকসকলক ক্ষিপ্ৰতাৰে ঘুৰাই অনাৰ বাবে তেওঁ ইউক্রেইন চৰকাৰৰ সহযোগিতা বিচাৰে৷


