প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ প্ৰদানেৰে কয় যে চৰকাৰে কৃষকলৈ ইউৰিয়া ৰাজসাহায্য হিচাপে ১০ লাখ কোটি টকা আবন্টন জনাইছে। তেখেতে কয়, “বৈশ্বিকভাৱে প্ৰতি বেগত ৩,০০০ টকা ব্যয় হোৱা ইউৰিয়া কৃষকসকলক প্ৰতি বেগত ৩০০ টকাত প্ৰদানৰ অৰ্থে চৰকাৰে ইউৰিয়া ৰাজসাহায্য হিচাপে ১০ লাখ কোটি টকা আবন্টন জনাইছে।”
লালকিল্লাৰপৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক অৱগত কৰে যে ইউৰিয়াৰ বেগ যিসমূহ বিশ্বৰ একাংশ বজাৰত ৩,০০০ টকাকৈ কৃষকক বিক্ৰী কৰা হৈছিল, সেইসমূহ ৩০০ টকাৰো কম মূল্যত আগবঢ়োৱা হৈছে।


