বাংলাদেশৰ প্রধানমন্ত্রীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্রাপ্ত) তাৰিক আহমেদ ছিদ্দিকিয়ে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷

প্রধানমন্ত্রীয়ে ২০২১ চনৰ মার্চ মাহত তেওঁৰ বাংলাদেশ ভ্ৰমণৰ কথা স্মৰণ কৰাৰ লগতে প্রধানমন্ত্রী শ্বেইখ হাছিনাক শুভেচ্ছা জ্ঞাপন কৰে৷

শ্রীযুত ছিদ্দিকিয়ে ভাৰত-বাংলাদেশৰ বন্ধুত্বপূর্ণ সম্পর্ক আৰু অধিক সুদৃঢ় কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীকে ধৰি সংকটৰ সময়ত বাংলাদেশৰ কাষত দৃঢ়তাৰে ঠিয় দিয়াৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়৷

প্রধানমন্ত্রীয়ে বাংলাদেশৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে দেশখনৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ নেতৃত্বৰ প্রশংসা কৰাৰ লগতে ভাৰত-বাংলাদেশৰ সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ কথা অৱগত কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India emerges as world’s 2nd-largest solar market, green energy momentum accelerates: Experts

Media Coverage

India emerges as world’s 2nd-largest solar market, green energy momentum accelerates: Experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
উৎসাহ আৰু ইতিবাচক শক্তিয়ে কেনেদৰে সফলতা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 30, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কামত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায়, যিবোৰ এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী দেশবাসীসকল হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, যাৰ কঠোৰ পৰিশ্ৰমে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰে। তেওঁলোকৰ প্ৰচেষ্টাত দেশখনে সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ শিখৰ স্পৰ্শ কৰে।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"

উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কৰ্মত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায় যাক এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।