প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় পণ্যৰাজিৰ প্ৰোৎসাহনৰ (PTP-NER) বাবে বিপণন আৰু লজিষ্টিক উন্নয়ন এক বিশেষ আঁচনি, ইয়াৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰা। শ্ৰী মোদীয়ে লগতে কয় যে এই আঁচনিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত পণ্যৰাজিৰ ক্ষেত্ৰত অধিক দৃশ্যমানতা নিশ্চিত কৰিব।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই এক টুইট থ্ৰেডৰ জৰিয়তে অৱগত কৰে যে পিটিপি-এনইআৰ আঁচনিৰ উদ্দেশ্য হৈছে সামগ্ৰী ক্ৰয়, লজিষ্টিক আৰু বিপণনত বৰ্ধিত দক্ষতাৰ জৰিয়তে জনজাতীয় শিল্পীসকলৰ জীৱিকাৰ সুযোগ সুদৃঢ় কৰা।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ টুইট থ্ৰেডলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে পিটিপি-এনইআৰ এক বিশেষ আঁচনি। এই আঁচনিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত পণ্যৰাজিৰ ক্ষেত্ৰত অধিক দৃশ্যমানতা নিশ্চিত কৰিব। ইয়াৰ জৰিয়তে জনজাতীয় সমাজসমূহ বিশেষভাৱে উপকৃত হ’ব।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's exports hit record USD 863 bn despite global turmoil; on track for USD 2 trillion target by 2030: Piyush Goyal

Media Coverage

India's exports hit record USD 863 bn despite global turmoil; on track for USD 2 trillion target by 2030: Piyush Goyal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance