"কৌশল দীক্ষান্ত সমাৰোহে আজিৰ ভাৰতৰ অগ্ৰাধিকাৰকে প্ৰতিফলিত কৰে"
"শক্তিশালী যুৱ শক্তিৰ সৈতে দেশ অধিক বিকাশ হয় যাৰ দ্বাৰা দেশৰ সম্পদৰ প্ৰতি ন্যায় প্ৰদান কৰা হয়"
"আজি সমগ্ৰ বিশ্বই বিশ্বাস কৰে যে এই শতিকাটো ভাৰতৰ শতিকা"
"আমাৰ চৰকাৰে দক্ষতাৰ গুৰুত্ব বুজি পাইছিল আৰু ইয়াৰ বাবে এটা পৃথক মন্ত্ৰালয় সৃষ্টি কৰিছিল, পৃথক বাজেট আৱণ্টন দিছিল"
"উদ্যোগ, গৱেষণা আৰু দক্ষতা বিকাশৰ প্ৰতিষ্ঠানবোৰ বৰ্তমান সময়ৰ সৈতে খাপ খোৱাটো গুৰুত্বপূৰ্ণ"
"ভাৰতত দক্ষতা বিকাশৰ সুবিধা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। আমি কেৱল যান্ত্ৰিকতা, অভিযন্তা, প্ৰযুক্তি বা আন কোনো সেৱাতে সীমাবদ্ধ নহয়"
"ভাৰতত নিবনুৱাৰ হাৰ ৬ বছৰত ভিতৰত সৰ্বনিম্ন স্তৰত আছে"
"অহা ৩-৪ বছৰত ভাৰত বিশ্বৰ তিনিটা শীৰ্ষ অৰ্থনীতিৰ এটা হোৱাক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি নিশ্চিত"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে কৌশল দীক্ষান্ত সমাৰোহক সম্বোধন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা বিকাশৰ এই উৎসৱটো নিজেই অনন্য আৰু আজিৰ সমগ্ৰ দেশৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ যৌথ সমাৱৰ্তনৰ অনুষ্ঠানটো অতি প্ৰশংসনীয় পদক্ষেপ। তেওঁ কয় যে কৌশল দীক্ষান্ত সমাৰোহে আজিৰ ভাৰতৰ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰে। প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে জড়িত হাজাৰ হাজাৰ যুৱক-যুৱতীৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তৰুণ প্ৰজন্মলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে যিকোনো দেশৰ তৰুণসকলক সঠিকভাৱে ব্যৱহাৰ কৰাৰ সক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যেনেদৰে ইয়াৰ প্ৰাকৃতিক বা খনিজ সম্পদ বা ইয়াৰ দীঘলীয়া উপকূলীয় অঞ্চল ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী তৰুণ ক্ষমতাৰ দ্বাৰা দেশৰ অধিক উন্নতি হয় আৰু ইয়াৰ জৰিয়তে দেশৰ সম্পদক ন্যায় প্ৰদান কৰা হয়। আজি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে একেধৰণৰ চিন্তাধাৰাই ভাৰতৰ তৰুণসকলৰ সবলীকৰণ কৰিছে, যিয়ে সমগ্ৰ পৰিবেশতন্ত্ৰৰ অভূতপূৰ্ব উন্নতি সাধন কৰিছে। "ইয়াত দেশৰ দৃষ্টিভংগী দ্বিমুখী", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ব্যাখ্যা কৰে যে ভাৰতে ইয়াৰ তৰুণসকলক দক্ষতা আৰু শিক্ষাৰ জৰিয়তে নতুন সুযোগৰ সুবিধা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি আছে। তেওঁ এইক্ষেত্ৰত প্ৰায় ৪ দশক পিছত প্ৰতিষ্ঠা কৰা নতুন শিক্ষা নীতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাটো গুৰুত্ব আৰোপ কৰে যে চৰকাৰে বৃহৎসংখ্যক নতুন চিকিৎসা মহাবিদ্যালয় আৰু আই আই টি, আই আই এম বা আই টি আইৰ দৰে দক্ষতা বৃদ্ধিৰ প্ৰতিষ্ঠান স্থাপন কৰিছে। তেওঁ কয় যে কোটি কোটি তৰুণক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আনহাতে প্ৰধানমন্ত্ৰীয়ে কয় যে নিয়োগৰ সুবিধা প্ৰদান কৰা পৰম্পৰাগত খণ্ডবোৰকো শক্তিশালী কৰা হৈছে, লগতে নিয়োগ আৰু উদ্যমিতাৰ সুবিধা প্ৰদান কৰা নতুন খণ্ডসমূহকো উৎসাহিত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতে সামগ্ৰী ৰপ্তানি, মোবাইল ৰপ্তানি, ইলেক্ট্ৰনিক সামগ্ৰী ৰপ্তানি, সেৱা ৰপ্তানি, প্ৰতিৰক্ষা ৰপ্তানি আৰু নিৰ্মাণত নতুন অভিলেখ স্থাপন কৰিছে আৰু একে সময়তে তেওঁ তৰুণসকলৰ বাবে বিভিন্ন খণ্ড যেনে- মহাকাশ, ষ্টাৰ্টআপ, ড্ৰোন, এনিমেচন, বিদ্যুৎচালিত বাহন, ছেমি কণ্ডাক্টৰ ইত্যাদি বহু খণ্ডত তৰুণসকলৰ বাবে বৃহৎসংখ্যক নতুন সুযোগৰ সৃষ্টিৰ কথাও উল্লেখ কৰে।

"আজি সমগ্ৰ বিশ্বই এই কথা বিশ্বাস কৰে যে বৰ্তমানৰ শতিকাটো ভাৰতৰ শতিকা হ'বলৈ গৈ আছে"- এনেদৰে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে তৰুণসকলকে কৃতিত্ব প্ৰদান কৰে। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব দিয়ে যে যি সময়ত বিশ্বৰ বিভিন্ন দেশত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে, সেই সময়ত পাৰ হোৱা প্ৰতিটো দিনতে ভাৰত তৰুণ হৈ গৈ আছে। "ভাৰতৰ বাবে এইটো এটা বৃহৎ সুবিধা", এনেদৰে উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বই ইয়াৰ দক্ষ তৰুণসকলৰ বাবে ভাৰতৰ ফালে চাই আছে। তেওঁ জনায় যে গোলকীয় দক্ষতা মেপিং সন্দৰ্ভত ভাৰতৰ প্ৰস্তাৱ শেহতীয়াকৈ জি-২০ সন্মিলনত গৃহীত হৈছে। ইয়ে অনাগত সময়ত তৰুণসকলৰ বাবে উন্নত সুযোগ-সুবিধা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কোনো সুযোগ সৃষ্টিৰ সুবিধা নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়ে আৰু আশ্বাস দিয়ে যে চৰকাৰে এইক্ষেত্ৰত সহায় কৰিবলৈ সাজু। পূৰ্বৰ চৰকাৰবোৰৰ কাৰ্যকালত দক্ষতা বৃদ্ধিৰ প্ৰতি অৱহেলাৰ বিষয়ে আঙুলিয়াই দি শ্ৰী মোদীয়ে কয়, "আমাৰ চৰকাৰে দক্ষতাৰ গুৰুত্ব বুজি পাইছিল আৰু এখন পৃথক মন্ত্ৰালয় ইয়াৰ বাবে গঠন কৰিছিল তথা পৃথক বাজেট আবণ্টন দিছিল।" তেওঁ উল্লেখ কৰে যে ভাৰতে ইয়াৰ তৰুণসকলৰ দক্ষতাত পূৰ্বৰ তুলনাত অধিক বিনিয়োগ কৰিছে। এইক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ উদাহৰণ দাঙি ধৰে, যিয়ে তৰুণসকলক একেবাৰে প্ৰাথমিক পৰ্যায়ত শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে জনায় যে এই আঁচনিৰ অধীনত এতিয়ালৈকে প্ৰায় ১.৫ কোটি তৰুণক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেওঁ লগতে এই কথাও যোগ দিয়ে যে ঔদ্যোগিক খণ্ডবোৰৰ ওচৰত নতুন দক্ষতা কেন্দ্ৰবোৰ প্ৰতিষ্ঠা কৰা হৈছে, যিয়ে উদ্যোগ এটাক ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কত দক্ষতা উন্নয়ন প্ৰতিষ্ঠানসমূহৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব। ইয়াৰ জৰিয়তে তৰুণসকলৰ মাজত উন্নত নিয়োগৰ সুবিধাৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশ হ'ব।

দক্ষকৰণ আৰু পুনৰ দক্ষকৰণত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দ্ৰুতগতিত পৰিবৰ্তন হোৱা চাহিদা আৰু কামৰ প্ৰকৃতিৰ বিষেয় উল্লেখ কৰে আৰু সেই অনুসৰি দক্ষতা উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যোগ, গৱেষণা আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহে বৰ্তমান সময়ৰ সৈতে খাপ খোৱাটো অতি গুৰুত্বপূৰ্ণ। দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে দেশত বিগত ৯ বছৰত দেশত প্ৰায় ৫ হাজাৰ নতুন আই টি আই স্থাপন কৰা হৈছে, যাৰ দ্বাৰা ৪ লাখতকৈও অধিক নতুন আই টি আই আসন যোগ দিয়া হৈছে। তেওঁ এই কথাও উল্লেখ কৰে যে প্ৰতিষ্ঠানসমূহক আদৰ্শ আই টি আই হিচাপে উন্নীত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে শ্ৰেষ্ঠ অনুশীলনৰ সৈতে সক্ষম আৰু উচ্চ মানৰ প্ৰশিক্ষণ প্ৰদান।

"ভাৰতত দক্ষতা বৃদ্ধিৰ সুবিধা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। আমি কেৱল যান্ত্ৰিকতা, অভিযন্তা, প্ৰযুক্তি বা আন কোনো সেৱাতে সীমাবদ্ধ নহয়", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে যে মহিলাৰ আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰযুক্তিৰ বাবে সাজু কৰা হৈছে। আমাৰ দৈনন্দিন জীৱনত বিশ্বকৰ্মাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ কথা উল্লেখ কৰে, যিয়ে বিশ্বকৰ্মাসকলক তেওঁলোকৰ পৰম্পৰাগত দক্ষতাক আধুনিক প্ৰযুক্তি আৰু সঁজুলিৰ লগত সংযোগ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি সম্প্ৰসাৰিত হোৱাৰ লগে লগে যুৱসকলৰ বাবে নতুন সম্ভাৱনা সৃষ্টি হৈছে। তেওঁ কয় যে ভাৰতত নিয়োগ সৃষ্টি এক নতুন উচ্চতাত উপনীত হৈছে আৰু শেহতীয়া জৰীপ অনুসৰি ভাৰতত নিবনুৱাৰ হাৰ ৬ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত আছে। ভাৰতৰ গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলতে নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত জোৰ দিয়ে যে উন্নয়নৰ সুবিধা গাওঁ আৰু চহৰ অঞ্চল উভয়তে সমানে উপনীত হৈছে আৰু ইয়াৰ ফলত গাওঁ আৰু চহৰ অঞ্চলত নতুন সুযোগ সমানে বৃদ্ধি হৈছে। তেওঁ লগতে ভাৰতৰ কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ অভূতপূৰ্ব বৃদ্ধিৰ কথা উল্লেখ কৰে আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিগত বছৰবোৰত আৰম্ভ কৰা আঁচনি আৰু প্ৰচাৰৰ প্ৰভাৱক ইয়াৰ বাবে কৃতিত্ব দিয়ে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আহি থকা বছৰবোৰত ভাৰত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা অন্যতম অৰ্থনীতি হৈ থাকিব। তেওঁ লগতে ভাৰতক বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত স্থান দিয়াৰ সংকল্পৰ কথা স্মৰণ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিও অহা ৩-৪ বছৰত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ এটা হোৱাৰ ক্ষেত্ৰত নিশ্চিত। তেওঁ উল্লেখ কৰে যে ইয়ে দেশত নিয়োগ আৰু স্ব-নিয়োজনৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। 

সামৰণিত প্ৰধানমন্ত্ৰীয়ে দক্ষ মানৱ শক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ বৃহত্তম কেন্দ্ৰ হিচাপে গঢ়াৰ জোৰ দিয়ে যাতে বুদ্ধিমান আৰু দক্ষ মানৱ সম্পদৰ সৃষ্টি কৰিব পাৰি। "শিকা, শিকোৱা আৰু আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে। আপোনালোকে জীৱনৰ প্ৰতিটো পদক্ষেপতে সফল হওঁক"-প্ৰধানমন্ত্ৰীয়ে সামৰণিত এনেদৰে কয়।  

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength