কাৰ্যসূচীত জনজাতীয় সংস্কৃতি, শিল্পকলা, খাদ্য, বাণিজ্য আৰু পৰম্পৰাগত কলা প্ৰদৰ্শন কৰা হ’ব
জনজাতি লোকসকলে খেতি কৰা শ্ৰী অন্নক প্ৰদৰ্শনত বিশেষ গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনজাতীয় জনসংখ্যাৰ কল্যাণৰ বাবে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দেশৰ বিকাশ আৰু উন্নয়নত তেওঁলোকৰ অৱদানৰ প্ৰতিও উপযুক্ত সন্মান জনাই আহিছে। জনজাতীয় সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ প্ৰয়াসেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত "আদি মহোৎসৱ" শীৰ্ষক বিশাল ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ উদ্বোধন কৰিব।

জনজাতীয় সংস্কৃতি, শিল্পকলা, খাদ্য, বাণিজ্য আৰু পৰম্পৰাগত উদ্যোগৰ মনোভাৱক উদযাপন কৰিবলৈ আয়োজন কৰা আদি মহোৎসৱ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ জনজাতি সমবায় বিপণন উন্নয়ন ফেডাৰেচন লিমিটেড(ট্ৰাইফেড)ৰ বাৰ্ষিক পদক্ষেপ। এইবাৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতিসকলৰ চহকী আৰু বৈচিত্ৰময় ঐতিহ্যক ২০০ৰো অধিক বিপনীত প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱত প্ৰায় ১০০০ জনজাতীয় শিপিনীয়ে অংশগ্ৰহণ কৰিব। যিহেতু ২০২৩ চনটো আন্তৰ্জাতিক বাজৰাৰ বছৰ হিচাপে পালন কৰা হৈছে, সেয়েহে মহোৎসৱত হস্তশিল্প, হস্ততাঁত, মৃৎশিল্প, গহনা আদি সাধাৰণ আকৰ্ষণৰ লগতে আদিবাসীসকলে খেতি কৰা শ্ৰী অন্ন প্ৰদৰ্শনত বিশেষ গুৰুত্ব দিয়া হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India