পঞ্জাৱৰ গুৰদাসপুৰস্থিত ‘ডেৰা বাবা নানক’ত ৯ নৱেম্বৰত কাৰ্তাৰপুৰ কৰিড’ৰৰ সংহত পৰীক্ষণ চকীটো আনুষ্ঠানিক ভাবে উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বে প্ৰধনমন্ত্ৰীগৰাকীয়ে চুলতানপুৰ লোধীত থকা ‘বেৰ চাহিব গুৰুদ্বাৰা’ত প্ৰণিপাত জনাই শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। ইয়াৰ পিচতে তেওঁ ‘ডেৰা বাবা নানক’লৈ যাব আৰু তাত এক ৰাজহুৱা সমাৰোহত অংশ গ্ৰহণ কৰিব। নতুনকৈ স্থাপন কৰা আৰু কাইলৈ উন্মোচিত হ’ব লগা সংহত পৰীক্ষণ চকীটোৱে পাকিস্তানস্থিত কাৰ্তাৰপুৰৰ গুৰুদ্বাৰা চাহিব দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াব।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ডেৰা বাবা নানকৰ পৰা কাৰ্তাৰপুৰ কৰিড’ৰেদি তীৰ্থযাত্ৰীসকলৰ অহা-যোৱা সম্ভৱ কৰি যুগতোৱা এক দ্বিপাক্ষিক চুক্তি পাকিস্তানৰে সৈতে চূড়ান্ত ৰূপ দিয়া হৈছিল ২০১৯ৰ ২৪অক্টোবৰ তাৰিখে। প্ৰণিধান যোগ্য যে, গুৰু নানকদেৱজীৰ ৫৫০সংখ্যক জয়ন্তী বিস্তৃত কাৰ্যসূচীৰে দেশৰ লগতে সমগ্ৰ পৃথিৱীতে উলহ-মালহৰে উদযাপন কৰাৰ বাবে ২০১৮চনৰ ২২নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱ গৃহীত কৰিছিল। আনহাতে বছৰৰ সকলো সময়তে যাতে তীৰ্থযাত্ৰীসকলে কোনো অসুবিধা নোপোৱাকৈ কাৰ্তাৰপুৰৰ গুৰুদ্বাৰা চাহিব দৰ্শন কৰিব পাৰে সেয়া সম্ভৱ কৰিব পৰাকৈ ‘ডেৰা বাবা নানক’ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈকে পথচোৱা সুন্দৰকৈ নিৰ্মাণ কৰি তোলাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

তীৰ্থযাত্ৰীসকললৈ আগবঢ়াব খোজা সা-সুবিধাসমূহঃ

অমৃতসৰ-গুৰদাসপুৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ডেৰা বাবা নানকক সংযোগ কৰা ৪.২কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ৪-লেনযুক্ত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ বাবদ ব্যয় কৰা হৈছে ১২০কোটি টকা।

১৫ একৰ ভূমিত যাত্ৰীসকলৰ বাবে নিৰ্মাণ কৰা হৈছে জিৰণিগৃহ। প্ৰতিদিনে প্ৰায় ৫০০০ তীৰ্থযাত্ৰীলৈ সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা সম্পূৰ্ণ ভাবে শীত-তাপ নিয়ন্ত্ৰিত আস্থানটোত ৫০টা ইমিগ্ৰেশ্যন কাউণ্টাৰৰো ব্যৱস্থা কৰা হৈছে।

আস্থানটোৰ মূল ভৱনৰ সংলগ্ন কৰি স্নানাগাৰ, শিশুকল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ, প্ৰাৰ্থনা গৃহ আৰু জলপানগৃহৰ দৰে সকলো প্ৰকাৰৰ সা-সুবিধাৰ ব্যৱস্থা ৰখা হৈছে।

নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা ৰখাৰ লগতে সমগ্ৰ চৌহদটো চিচিটিভি-ৰ নীৰিক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ৩০০ফুট আকাৰৰ বিশাল ৰাষ্ট্ৰীয় পতাকা এখনো স্মাৰকৰ ৰূপত উন্মোচনৰ দিহা কৰা হৈছে।

যোৱা ২৪ অক্টোবৰত পাকিস্তানৰ সৈতে সম্পাদিত হোৱা চুক্তিয়ে কাৰ্তাৰপুৰ চাহিব কৰিড’ৰ ব্যৱহাৰৰ আনুষ্ঠানিকতা প্ৰদান কৰিলে।

চুক্তিখনৰ উল্লেখনীয় দফাসমূহঃ

ভাৰতীয় মূলৰ সকলো ধৰ্মাৱলম্বী তীৰ্থাযাত্ৰীয়েই এই কৰিড’ৰ ব্যৱহাৰ কৰিব পাৰিব।

ভিছা নোহোৱাকৈয়ে এই ভ্ৰমণ কৰিব পাৰিব।

তীৰ্থযাত্ৰীসকলে লগত কেৱল পাৰপত্ৰ নিব লাগিব।

ভাৰতীয় মূলৰ ব্যক্তিসকলে তেওঁলোকৰ দেশৰ পাৰপত্ৰৰ সৈতে অ’চিআই পত্ৰ নিয়াতো বাধ্যতামূলক।

পুৱাৰ পৰা সন্ধিয়ালৈকে পথচোৱা মুকলি থাকিব। ৰাতিপুৱা য়োৱা তীৰ্থযাত্ৰীসকল একেদিনাই উভতি আহিব লাগিব।

অধিসূচিত দিনদিয়েকৰ বাহিৰে বছৰৰ সকলো দিনতে পথচোৱা মুকলি থাকিব। বন্ধ সম্পৰ্কে আগতীয়াকৈ অধিসূচনা জাৰি কৰা হ’ব।

তীৰ্থাযাত্ৰীসকলে অকলে কিম্বা দলীয় ভাৱে এইচোৱা পথৰে ভ্ৰমণ কৰিব পাৰিব। খোজ কাঢ়ি যাব খোজাসকলেও পথচোৱা ব্যৱহাৰ কৰিব পাৰিব।

তীৰ্থযাত্ৰীসকলৰ তালিকা ১০দিনৰ আগতে ভাৰতে প্ৰেৰণ কৰিব আৰু ভ্ৰমণৰ নিৰ্দ্ধাৰিত দিনৰ ৪দিন আগতে পাকিস্তানৰ ফালৰ পৰা অনুমোদন জনোৱা হ’ব।

যথোপযুক্ত ‘লংগৰ’ আৰু ‘প্ৰসাদ বিতৰণ’ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পাকিস্তানে।

পঞ্জীয়নৰ বাবে পৰ্টেলৰ ব্যৱস্থাঃ

তীৰ্থযাত্ৰীসকলে prakashpurb550.mha.gov.in পৰ্টেলত অনলাইন যোগে নাম পঞ্জীয়ন কৰাব লাগিব আৰু নিজৰ সুবিধা অনুসৰি যিকোনো দিনত ভ্ৰমণৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। নিৰ্দ্ধাৰিত দিনৰ ৩-৪দিন পূৰ্বে পঞ্জীয়ন সংক্ৰান্তীয় তথ্য তীৰ্থযাত্ৰীসকললৈ এছএমএছ যোগে প্ৰেণৰ ব্যৱস্থা কৰা হ’ব। এক ‘ইলেক্ট্ৰনিক ট্ৰেভেল অথ’ৰাইজেশ্যন’ ব্যৱস্থাও গঢ়ি তোলা হ’ব। তীৰ্থযাত্ৰীসকলে তেওঁলোকৰ পাৰপত্ৰৰ সৈতে ‘ইলেক্ট্ৰনিক অথৰাইজেশ্যন পত্ৰ’ও লগত লৈ যাব লাগিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Housing ministry raises EWS housing target under PMAY 2.0 by 350%

Media Coverage

Housing ministry raises EWS housing target under PMAY 2.0 by 350%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap in East Jaintia Hills, Meghalaya
February 05, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today condoled the loss of lives the mishap in East Jaintia Hills, Meghalaya. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Pained by the mishap in East Jaintia Hills, Meghalaya. Condolences to those who lost their loved ones. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”