প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷   

এক যুৱ মানসিকতা আৰু উদ্যম গঢ়ি তুলিবলৈ দেশবাসীক আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জম্মু আৰু কাশ্মীৰৰ সমস্যা দশক দশক ধৰি জীয়াই ৰখা হৈছিল৷

“দেশে স্বাধীনতা লাভৰ সময়ৰ পৰা জম্মু আৰু কাশ্মীৰৰ সমস্যা জীয়াই ৰখা হৈছিল৷ সমস্যা সমাধানৰ বাবে কি কৰা হৈছিল?”—প্ৰধানমন্ত্ৰীয়ে কয়৷

তেওঁ পুনৰ কয়, “প্ৰায় ৩/৪টা পৰিয়াল আৰু ৰাজনৈতিক দলে জম্মু আৰু কাশ্মীৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগ্ৰহী নাছিল আৰু সমস্যাসমূহ জীয়াই ৰাখিব বিচাৰিছিল৷ ইয়াৰ ফলত অবিৰত সন্ত্ৰাসবাদৰদ্বাৰা কাশ্মীৰ ধ্বংস হৈ যায়, য’ত হাজাৰ হাজাৰ নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷”

 “ৰাজ্যখনত লাখ লাখ লোকক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰাৰ সময়ত চৰকাৰে নীৰৱ দৰ্শক হৈ চাই থাকে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া প্ৰকৃতাৰ্থত এক অস্থায়ী ব্যৱস্থাহে আছিল, কিন্তু একাংশ ৰাজনৈতিক দলৰ ভোট বেংক ৰাজনীতিৰ বাবে এয়া যোৱা ৭ দশক ধৰি অব্যাহত থাকিল৷

“কাশ্মীৰ হ’ল দেশৰ মুকুট আৰু ইয়াৰ পৰা অস্থিৰতা, অশান্তি দূৰ কৰাটো আমাৰ কৰ্তব্য৷”,—তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৩৭০নং অনুচ্ছেদ বিলুপ্ত কৰাৰ মূল লক্ষ্য হ’ল জম্মু আৰু কাশ্মীৰৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰা৷

ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পৰা সন্ত্ৰাসবাদ প্ৰতিৰোধঃ

প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰই ৩বাৰ আমাৰ সৈতে যুদ্ধ কৰিছে কিন্তু আমাৰ সৈন্যবাহিনীয়ে আটাইকেইখন যুদ্ধতে শত্ৰুক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ এতিয়া তেওঁলোকে আমাৰ সৈতে ছায়া যুদ্ধ কৰি আছে আৰু আমাৰ হাজাৰ হাজাৰ নাগৰিক নিহত হৈ আছে৷’

“কিন্তু এই বিষয়টো ইমান বছৰে কিভাৱে লোৱা হৈছিল৷ ইয়াক আইন-শৃংখলাজনিত সমস্যা হিচাপে গণ্য কৰা হৈছিল৷”,—তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সমস্যাটো জীয়াই ৰখা হৈছিল আৰু আমাৰ সুৰক্ষা বাহিনীক ব্যৱস্থা ল’বলৈ কেতিয়াও সুযোগ দিয়া হোৱা নাছিল৷

“ভাৰতবৰ্ষ আজি যুৱ চিন্তা আৰু মানসিকতাৰে প্ৰগতিৰ দিশত আগবাঢ়িছে আৰু সেয়ে দেশে ছাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু সন্ত্ৰাসবাদীৰ শিবিৰত প্ৰত্যক্ষ আক্ৰমণ কৰিবলৈ সক্ষম হৈছে৷”

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহৰ ফলত সমগ্ৰ দেশৰ চৌদিশে আজি শান্তি বিৰাজ কৰিছে আৰু সন্ত্ৰাসবাদ ক্ৰমান্বয়ে হ্ৰাস পাইছে৷

 

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমানে দেশৰ বীৰ শ্বহীদসকলৰ বাবে এক স্মাৰক স্থাপন হোৱাটো বিচৰা নাছিল৷

“সুৰক্ষা বাহিনীৰ মনোবল বৃদ্ধিৰ পৰিৱৰ্তে একাংশই তেওঁলোকৰ গৌৰৱত আঘাত হনাৰ প্ৰয়াস অব্যাহত ৰাখিছিল৷”,—তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ ভাৰতৰ ইচ্ছা অনুসৰি আজি দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক নিৰ্মাণ কৰা হৈছে৷

প্ৰতিৰক্ষা বাহিনীৰ মূৰব্বীঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বত সশস্ত্ৰ বাহিনীসমূহৰ সংস্কাৰ অব্যাহত আছে আৰু স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বহু দশক ধৰি ভাৰতত এগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ(চিডিএছ)ৰ দাবী উত্থাপন হৈ আছিল, কিন্তু কিন্তু দুৰ্ভাগ্যজনকভাৱে এয়া সম্ভৱ হৈ উঠা নাছিল৷

তেওঁ কয় যে দেশৰ যুৱ চিন্তা আৰু মানসিকতাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি চৰকাৰে শেহতীয়াকৈ চিডিএছ নিযুক্ত কৰিছে৷

“চিডিএছ পদৰ সৃষ্টি আৰু নতুন চিডিএছৰ নিযুক্তি আমাৰ চৰকাৰৰদ্বাৰা সম্ভৱ হ’ল৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

অত্যাধুনিক প্ৰযুক্তিৰ যুদ্ধ বিমান ৰাফেলৰ আগমনঃ

সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ আৰু কাৰিকৰীভাৱে উন্নতৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশক ভালপোৱা সকলো লোকে আমাৰ সুৰক্ষা বাহিনী আধুনিক আৰু উন্নত হোৱাটো বিচাৰে৷ কিন্তু ৩০বছৰ ধৰি ভাৰতীয় বায়ুসেনাই এখনো উন্নত প্ৰযুক্তিৰ পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ বিমান লাভ কৰা নাছিল৷

“আমাৰ বিমানসমূহ পুৰণি আৰু দূৰ্ঘটনা-প্ৰৱণ আছিল৷ ইয়াৰ ফলত আমাৰ যুঁজাৰু পাইলটসকল শ্বহীদ হ’বলগীয়া হৈছিল৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

“৩ দশক ধৰি অৱহেলিত হৈ থকা কামসমূহ আমি সম্পূৰ্ণ কৰিলো৷ আজি মই সুখী যে তিনি দশক অপেক্ষা কৰাৰ অন্তত ভাৰতীয় বায়ুসেনা বাহিনীয়ে পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ বিমান—ৰাফেল লাভ কৰিবলৈ সক্ষম হ’ল৷”,—তেওঁ কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates

Media Coverage

India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima
July 29, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt greetings to the people of the country on the occasion of Guru Purnima. He said that, along with imparting knowledge, teachers infuse their students with positive energy and shape them through noble thoughts and values. The Prime Minister called upon everyone to make the ideals of their gurus a guiding force in their lives.

The Prime Minister shared a Sanskrit Subhashitam-

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

The Subhashitam conveys that one who provides the right direction, imparts knowledge and truth, shows the righteous path, offers education and awakens an understanding of truth in life, paving the way for self-development. These are regarded as the six forms of a Guru.

The Prime Minister wrote on X;

“गुरु पूर्णिमा की सभी देशवासियों को बहुत-बहुत बधाई। गुरु ज्ञान के साथ ही अपने शिष्यों में सकारात्मक ऊर्जा का संचार कर उन्हें सुविचार और सुसंस्कारों से सुशिक्षित करते हैं। आइए, उनके आदर्शों को अपने जीवन का संबल बनाएं।

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”