প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৩ অক্টোবৰ ২০২০ৰ দিনা পুৱা ১০ বজাত ৰোহটাঙত ‘অটল সুৰংগ’ৰ শুভাৰম্ভ ঘোষণা কৰিব।

নৱনিৰ্মিত ‘অটল সুৰংগ’ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দীঘল সুৰংগ হ’ব। ৯.০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৱে বছৰৰ সকলো সময়তে মনালী আৰু লাহৌল-স্পিতি উপত্যককাক সংযুক্ত কৰিব। এই পথচোৱাত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত এই পৰ্যন্ত বছৰৰ ছমাহেই যাতায়াত বন্ধ ৰাখিবলগীয়া হৈছিল।

হিমালয়ৰ পীৰ পাঞ্জল পৰ্বতমালাৰ সাগৰপৃষ্ঠৰ পৰা ৩০০০মিটাৰ(১০,০০০ফুট) উচ্চতাত অত্যাধুনিক প্ৰযুক্তিৰে সুৰংগটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে।

সুৰংগটোৱে মানালী আৰু লেহৰ মাজৰ পথচোৱাৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰাৰ লগতে সময়ৰ জোখৰে ৪ৰ পৰা ৫ ঘণ্টা সময় ৰাহি কৰিব।

‘অটল সুৰংগ’ৰ দক্ষিণ প্ৰান্তটো মানালীৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ৩০৬০ মিটাৰ উচ্চতাত থকাৰ বিপৰীতে উত্তৰ মূৰটো লাহৌল উপত্যকাৰ সিচ্ছুৰ তেলিং গাঁৱৰ সাগৰ পৃষ্ঠৰ পৰা ৩০৭১ উচ্চতাত আছে।

ঘোঁৰাৰ খুড়াৰ আকৃতিৰ সুৰংগটোত এটা নলিকাৰ দুটা লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে। এই পথচোৱাৰ প্ৰস্থ ৮ মিটাৰ। মূৰৰ ওপৰত ইয়াৰ উচ্চতা হল ৫.৫২৫ মিটাৰ।

১০.৫ মিটাৰ বহল মূল সুৰংগটোত ৩.৬X২.২৫ মিটাৰ জোখৰ এটা জৰুৰীকালীন নিৰ্গমণ সুৰংগও সলগ্ন কৰা হৈছে।

‘অটল সুৰংগ’ৰ মাজেৰে প্ৰতি দিনে গড়ে ৩০০০খন কাৰ আৰু ১৫০০খন মালবাহী ট্ৰাক প্ৰতিঘণ্টাত সৰ্বাধিক ৮০ কিলোমিটাৰ গতিবেগেৰে পাৰ হৈ যাব পৰা আৰ্হিৰে নিৰ্মাণ কৰা হৈছে।

সুৰংগটোত আধুনিক প্ৰযুক্তিৰ কলাসন্মত ‘ছেমি ট্ৰেন্সভাৰ্ছ ভেণ্টিলেশ্যন ছীষ্টেম’কে ধৰি ‘ইলেক্ট্ৰোমেকানিকেল ছীষ্টেম’, ‘এছচিএডিএ’ নিয়ন্ত্ৰিত অগ্নিনিৰ্বাপণ ব্যৱস্থা, পোহৰ আৰু নিৰীক্ষণ ব্যৱ্স্থা সংস্থাপিত কৰা হৈছে।

নিৰাপত্তাৰ বিভিন্ন উপকৰণৰে সুসজ্জিত কৰি সুৰংগটো নিৰ্মাণ কৰা হৈছে। ইয়াৰে কেতবোৰ সুৰক্ষা উপকৰণ হ’ল :

ক) সুৰংগটোৰ দুয়োটা মূৰতে ‘টানেল এণ্ট্ৰী বেৰিয়াৰ’ সংলগ্ন কৰা হৈছে।

খ) জৰুৰী কালীন যোগাযোগৰ বাবে প্ৰতি ১৫০ মিটাৰৰ মূৰে মূৰে টেলিফোনৰ ব্যৱস্থা কৰা হৈছে।

গ) প্ৰতি ৬০ মিটাৰৰ মূৰে মূৰে অগ্নিনিৰ্বাপক উপকৰণৰ দিহা কৰা হৈছে।

ঘ) প্ৰতি ২৫০মিটাৰৰ মূৰে মূৰে চিচিটিভি কেমেৰাসহ দুৰ্ঘটনা চিনাক্ত কৰিব পৰা স্বয়ংকিয় যতনৰ ব্যৱস্থা কৰা হৈছে।

ঙ) প্ৰতি এককিলোমিটাৰৰ মূৰে মূৰে বায়ুৰ মান নিৰীক্ষণৰ উপকৰণৰ ব্যৱস্থা কৰা হৈছে।

চ) ২৫ মিটাৰৰ মূৰে মূৰে নিৰ্গমণ দিশদৰ্শক লাইট আৰু নিৰ্গমণ পথ নিৰ্দেশক সংকেত চিহ্ন।

ছ) সমগ্ৰ সুৰংগটোতে সম্পৰচাৰণ উপকৰণৰ ব্যৱস্থা।

জ) প্ৰতি ৫০ মিটাৰত অগ্নি নিৰ্বাপক উপকৰণ।

ঝ) প্ৰতি ৬০ মিটাৰত কেমেৰাৰ দিহা কৰা হৈছে।

অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ২০০০ চনৰ ৩ জুন তাৰিখে ৰোহটাং গিৰিপথত ৰণকৌশলগত ভাবে গুৰুত্বপূৰ্ণ এই সুৰংগটো নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সুৰংগটোৰ দক্ষিণমূৰত নিৰ্মাণ কৰা প্ৰৱেশ পথৰ আধাৰ শিলা স্থাপন কৰা হৈছিল ২৬ মে’ ২০০২ত।

বিভিন্ন প্ৰত্যহ্বানকো নেওচি ‘সীমা পথ সংস্থা’ই অহৰ্নিশে কৰা প্ৰয়াসৰ সুবাদত ৫৮৭মিটাৰ ‘ছেৰি নলা ফ’ল্ট জ’ন’ৰ দৰে আটাইতকৈ দুৰূঢ় অঞ্চলকে ধৰি সমগ্ৰ প্ৰকল্পটোৰ কাম সুকলমে সম্পন্ন কৰিব পৰা গ’ল। সুৰংগটোৰ দুয়োটা মূৰ খান্দি উলিওৱাৰ কাম সম্পন্ন হৈছিল ২০১৭ চনৰ ১৫ অক্টোবৰ তাৰিখে।

২০১৯ চনৰ ২৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেবিনেট সভাই ৰোহটাং সুৰংগৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ‘অটল সুৰংগ’ হিচাপে নামাংকিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অটল সুৰংগৰ দক্ষিণ প্ৰান্তত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ পিচত প্ৰধান মন্ত্ৰী শ্ৰী মোডীয়ে লাহৌল-স্পিতি আৰু ছলাংগ উপত্যকাৰ সিচ্ছুত এক ৰাজহুৱা সন্মিলনতো ভাগ ল’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%

Media Coverage

India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.