প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত আস্থা ভোটত জয়ী হৈ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা শ্ৰীযুত শ্বেৰ বাহাদুৰ দেউবাক টেলিফোনযোগে অভিনন্দন আৰু শুভেচ্ছা জনায়৷
ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক স্বীকৃতি জনাই দুয়োখন দেশৰ জনগণৰ যোগসুত্রবোৰৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে উভয় দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ প্রতি গুৰু আৰোপ কৰে৷
তেওঁলোকে বর্তমান ক’ৰোনাজনিত মহামাৰী পৰিস্থিতিত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পর্ক কিদৰে সুদৃঢ় কৰিব পৰা যায়, তাক লৈও আলোচনা কৰে৷