Democracy and freedom are a part of India’s civilizations ethos: PM Modi
PM Modi calls for collective action on climate change, says the planet's atmosphere, biodiversity and oceans can not be protected by countries acting in silos

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, জি৭ শীর্ষ সন্মিলনত আউটৰিচ অধিবেশনৰ দ্বিতীয় দিনা – “মুক্ত সমাজ আৰু অর্থনীতি আকৌ একেলগে গঢ়ি তুলিম” আৰু “জলবায়ু আৰু প্রকৃতিৰ সবুজায়ন কৰিম” শীর্ষক দুটা আলোচনাত যোগ দিয়ে।

মুক্ত সমাজ শীর্ষক আলোচনাত শ্রী মোদীয়ে প্রধান বক্তা হিচাপে জনায় যে ভাৰতীয় সভ্যতাত গণতন্ত্র আৰু স্বাধীনতা অবিচ্ছেদ্য অঙ্গ। মুক্ত সমাজৰ বিষয়ে বিভিন্ন নেতৃবৃন্দৰ সৈতে তেৱোঁ চাইবাৰ জগতৰ নিৰাপত্তাহীনতা আৰু ভুল তথ্য প্রচাৰৰ প্রসঙ্গত উদ্বেগ প্রকাশ কৰিছে। চাইবাৰ জগতৰ মাধ্যমক গণতান্ত্রিক মূল্যবোধক আগবঢ়াই লৈ যোৱাৰ কামত ব্যবহাৰ কৰাৰ ওপৰত গুৰুত্ব দি তেওঁ কয় যে ইয়াৰ অপব্যবহাৰ কৰিলে নহ'ব। বিশ্বৰ কোনো কোনো প্রতিষ্ঠানৰ অগণতান্ত্রিক আৰু অসাম্য নীতি অনুসৰণ কৰি পৰিচালনাৰ দিশটোৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে মুক্ত সমাজত বহুপাক্ষিক ব্যবস্থাপনাৰ সংস্কাৰক সবাতোকৈ ভাল অঙ্গীকাৰ বুলি মন্তব্য কৰিছে। বৈঠকৰ শেষত নেতৃবৃন্দই এটা মুক্ত সামাজিক ব্যবস্থা গ্রহণৰ কথা কৈছে।

জলবায়ু পৰিবর্তন শীর্ষক আলোচনাত প্রধানমন্ত্রীয়ে কৈছে, এই গ্রহৰ জলবায়ু, জীববৈচিত্ৰ্য আৰু মহাসাগৰ ৰক্ষা কৰিবলৈ হ'লে দেশসমূহৰ একক উদ্যোগত সেইটো সম্ভব নহয়। তেওঁ জলবায়ু পৰিবর্তন সংক্রান্ত সমস্যাৰ সমাধানৰ বাবে সমষ্টিগত উদ্যোগৰ আহ্বান জনাইছে। জলবায়ু পৰিবর্তন ৰোধত ভাৰতৰ দৃঢ় অঙ্গীকাৰৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতীয় ৰে'লেৰ কার্বন নিঃসৰণ সম্পূর্ণ বন্ধ কৰাৰ প্রতিশ্রুতিৰ কথা জনাইছে। পেৰিছ চুক্তিৰ বাস্তবায়নত যি অঙ্গীকাৰ কৰা হৈছে, জি২০ গোষ্ঠীভুক্ত দেশসমূহৰ ভিতৰত ভাৰতেই একমাত্র সঠিক পথত আগুৱাইছে। তেওঁ দুটা বৃহৎ আন্তর্জাতিক উদ্যোগত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰিছে। এইবিলাক হ'ল – চিডিআৰআই আৰু আন্তর্জাতিক সৌৰ জোট। জলবায়ুৰ পৰিবর্তন ৰোধত আৰু অধিক আর্থিক সহায়তাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি প্রধানমন্ত্রীয়ে উন্নয়নশীল দেশসমূহৰ বাবে এটা সমষ্টিগত উদ্যোগৰ ওপৰত গুৰুত্ব দিয়ে। জলবায়ু পৰিবর্তন সমস্যাৰ সমাধানৰ বাবে এটা সর্বাঙ্গীন উদ্যোগ গ্রহণ কৰিব লাগিব। যাৰ সহায়ত এই সমস্যাসমূহৰ প্রশমন, ইয়াৰ বাবে প্রয়োজনীয় ব্যবস্থা গ্রহণ, প্রযুক্তি হস্তান্তৰ, সাম্য আৰু জীবনযাত্রাৰ পৰিবর্তন ঘটাব লাগিব।

মুক্ত আৰু গণতান্ত্রিক সমাজ তথা অর্থনীতিত স্বাস্থ্য, জলবায়ু পৰিবর্তন আৰু অর্থনীতিৰ পুনৰুদ্ধাৰৰ দৰে আন্তর্জাতিক সমস্যাসমূহৰ মোকাবিলা কৰিবলৈ সহমর্মিতা আৰু ঐক্যৰ ওপৰত গুৰুত্ব দি প্রধানমন্ত্রীয়ে যি বক্তব্য দাঙি ধৰে, সেয়া সন্মিলনত অংশগ্রহণকাৰী নেতৃবৃন্দৰ দ্বাৰা সমাদৃত হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”