প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ  নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে সমসাময়িক বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া  প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত একে গোট হৈ কাম কৰাৰ ক্ৰমবৰ্ধমান তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব পৰিৱেশত মূল নিৰাপত্তাজনিত বিষয়ত সহযোগিতা গভীৰ কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ সন্ত্ৰাসবাদ, চাইবাৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তিকে ধৰি ভাগ-বাটোৱাৰা  কৰা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সদস্য দেশসমূহৰ মাজত অধিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ অধ্যক্ষতাৰ পদত থাকি  ভাৰতে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত  সহযোগিতা আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰিব । তেওঁ গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰৰ বিষয়সমূহৰ  প্ৰসাৰৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথা  পুনৰ উল্লেখ কৰে আৰু অধিক সুৰক্ষিত, অধিক নিৰাপদ আৰু সৰ্বাংগীন ক্ষেত্ৰত  এখন অন্তৰ্ভুক্ত বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে অৰিহণা যোগাব বুলি কয়।

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে ;

 

ব্ৰিকছ দেশসমূহৰ  ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ  নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰি আনন্দিত হৈছো।

পৰিৱৰ্তিত বিশ্ব পৰিৱেশত সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি উদীয়মান প্ৰযুক্তিলৈকে নিৰাপত্তা সহযোগিতা গভীৰ কৰা আৰু ভাগ-বাটোৱাৰা  কৰা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত ব্ৰিকছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ভাৰতে ইয়াৰ  অধ্যক্ষতাত  সহযোগিতা আগবঢ়াই নিবলৈ চেষ্টা কৰিব, গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰিব আৰু এখন সুৰক্ষিত, অধিক নিৰাপদ আৰু সৰ্বাংগীনভাবে অন্তৰ্ভুক্ত  বিশ্বৰ বাবে  অৰিহণা যোগাব।

@BricsIndia2026

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch