পৰক্ৰম দিৱসৰূপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত আজি নতুন দিল্লীৰ সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ বন্ধু-বান্ধৱীৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি বুলি সোধা প্ৰশ্নত এজন ছাত্ৰই আত্মবিশ্বাসেৰে উত্তৰ দিয়ে যে ভাৰতক উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰতহে কিয় বুলি সোধাত আন এজন ছাত্ৰই উত্তৰ দিলে যে “যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়ালৈকে আমাৰ বৰ্তমানৰ প্ৰজন্মই জাতিটোৰ সেৱা কaৰিবলৈ সাজু হ’ব”।

 

ইয়াৰ পাছত শ্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দিনটোৰ গুৰুত্বৰ বিষয়ে সোধাত তেওঁলোকে কয় যে ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্ম বাৰ্ষিকী। শ্ৰী মোদীয়ে কয় যে নেতাজী বসুৰ জয়ন্তী উদযাপনৰ বাবে কটকত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তাৰ পিছত তেওঁ আন এগৰাকী শিক্ষাৰ্থীক সুধিলে যে নেতাজীৰ কোনটো কথাই তেওঁক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে, ইয়াৰ উত্তৰত তেওঁ কয়, "মোক তেজ দিয়ক আৰু মই আপোনাক স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিছো"। শিক্ষাৰ্থীগৰাকীয়ে লগতে কয় যে নেতাজী বসুৱে নিজৰ দেশক সকলোতকৈ ওপৰত ৰাখি প্ৰকৃত নেতৃত্ব প্ৰদৰ্শন কৰিলে আৰু এই সমৰ্পিত মনোভাবে আমাক বহুত অনুপ্ৰাণিত কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই প্ৰেৰণাৰে তুমি কি কাম কৰিবা বুলি সোধাত ছাত্ৰীগৰাকীয়ে উত্তৰ দিলে যে তেওঁ দেশত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিবলৈ অনুপ্ৰাণিত হৈছে, যিটো বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) এটা অংশ। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰশ্ন কৰে যে ভাৰতত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, ইয়াৰ উত্তৰত তেওঁ কয় যে বৈদ্যুতিক বাহন আৰু বাছৰ প্ৰৱৰ্তন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১২০০ৰো অধিক বৈদ্যুতিক বাছ দিল্লীত চলি আছে আৰু অধিক এনে বাছ প্ৰৱৰ্তন কৰা হ’ব।

 

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ এবিধ সঁজুলিৰূপে লোৱা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে, যিয়ে সৌৰশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব, যাৰ ফলত বিদ্যুতৰ বিল পৰিশোধৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। তেওঁ লগতে কয় যে উৎপাদিত বিদ্যুতৰ সহায়ত ই-বাহন চাৰ্জ কৰিব পৰা যাব, যাৰ ফলত জীৱাশ্ম ইন্ধনৰ ব্যয় হ্ৰাস পাব আৰু প্ৰদূষণ ৰোধ হ’ব। শ্ৰী মোদীয়ে লগতে শিক্ষাৰ্থীসকলক অৱগত কৰায় যে ব্যক্তিগত ব্যৱহাৰৰ পিছত ঘৰত উৎপাদিত অতিৰিক্ত বিদ্যুৎ চৰকাৰক বিক্ৰী কৰিব পাৰি, এয়া তোমালোকৰ পৰা ক্ৰয় কৰা হব আৰু আৰ্থিক ক্ষতিপূৰণ দিব। তেওঁ কয় যে ইয়াৰ অৰ্থ হ’ল তোমালোকে ঘৰতে বিদ্যুৎ উৎপাদন কৰিব পাৰিবা আৰু লাভৰ বাবে ইয়াক বিক্ৰীও কৰিব পাৰিবা।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India is a significant player in Asia Pacific air traffic growth: IATA

Media Coverage

India is a significant player in Asia Pacific air traffic growth: IATA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the welfare of all living beings and harmony with nature
June 08, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that achieving the welfare of all living beings by striking a balance with nature has been the core spirit of our culture.

The Prime Minister noted that with this comprehensive vision, India is continuously moving forward on the path of progress and prosperity today.

The Prime Minister wrote on X:

"प्रकृति के साथ संतुलन बिठाकर समस्त जीवों का कल्याण हो, यही हमारी संस्कृति की मूल भावना रही है। इसी व्यापक दृष्टि से आज भारतवर्ष प्रगति और समृद्धि के पथ पर निरंतर आगे बढ़ रहा है।

यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते।
तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्॥"

May we attain such prosperity that is endowed with the vast expanse of all four directions and the alert awareness of the eyes' vision - where, living in complete harmony with nature, the environment is preserved and the sustainable well-being of all life is ensured.